অকাৰণত ঘৃণাৰ পাত্ৰ হোৱা
অকাৰণত ঘৃণাৰ পাত্ৰ হোৱা
“তেওঁবিলাকে অকাৰণতে মোক ঘিণালে।”—যোহন ১৫:২৫.
১, ২. (ক) প্ৰকৃত খ্ৰীষ্টানসকলৰ বিৰোদ্ধে দিয়া মিছা অভিযোগৰ বাবে কিছুমানে কিয় বিমোৰত পৰে, কিন্তু তেনে ধৰণৰ অভিযোগ শুনি আমি কিয় আচৰিত নহওঁ? (খ) এই লেখটোত কেনে ধৰণৰ ‘ঘৃণাৰ পাত্ৰ’ হোৱাৰ বিষয়ে বিবেচনা কৰা হʼব। (ফুটনোটতো চাওক।)
যিহোৱাৰ সাক্ষীসকলে ঈশ্বৰৰ বাক্যৰ সিদ্ধান্তসমূহৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ নিৰন্তৰে চেষ্টা কৰে। যাৰ ফলস্বৰূপে, বহুতো দেশত তেওঁলোকক আদৰণীয় লোক হিচাবে গ্ৰহণ কৰা হয়। কিন্তু কোনো কোনো সময়ত লোকবিলাকে তেওঁলোকৰ বিষয়ে বিকৃতভাৱে বৰ্ণনা কৰে। উদাহৰণস্বৰূপে, ৰুছ দেশৰ ছেন্ট পিটাৰ্ছবাৰ্গৰ এগৰাকী চৰকাৰী উচ্চ বিষয়াই এইদৰে কৈছিল: “আমি পোৱা ৰিপোৰ্টৰ অনুসাৰে, যিহোৱাৰ সাক্ষীসকল হৈছে এক প্ৰকাৰৰ গোপন পন্থা যি লুক্কায়িতভাৱে প্ৰতিষ্ঠিত হৈছে আৰু নিজকে আৰু নিজৰ লʼৰা-ছোৱালীক হত্যা কৰে।” কিন্তু যিহোৱাৰ সাক্ষীসকলৰ অন্তৰাষ্ট্ৰীয় অধিৱেশনৰ সংক্ৰান্তত তেওঁলোকৰ সৈতে কৰা কাৰ্য্যৰ পিছত সেই একেই বিষয়াগৰাকীয়ে এইদৰে কয়: “এতিয়া মই জানিব পাৰিলোঁ যে বাস্তৱতে তেওঁলোক হৈছে সাধাৰণ আৰু হাঁহিমুখীয়া লোক . . . , শান্তিপূৰ্ণ স্বভাৱৰ আৰু পৰস্পৰে ইজনে সিজনক প্ৰেম কৰে।” আগলৈ তেওঁ এইদৰে কয়: “মই এতিয়াও বুজি পোৱা নাই যে লোকসকলে তেওঁলোকৰ অহিতে কিয় মিছা অভিযোগ দিয়ে।”—১ পিতৰ ৩:১৬.
২ যিহোৱাৰ উপাসকবিলাকক দ্বেষকাৰী বুলি মিছা অভিযোগ দিয়া হয়, সেয়েহে আনে যেতিয়া তেওঁলোকৰ অহিতে কয় তেতিয়া তেওঁলোকে কোনো আচৰিত নহয়। কিয়নো তেওঁলোকে বহু সময়ৰ পূৰ্ব্বেই যীচুৱে তেওঁৰ শিষ্যবিলাকক কোৱা এই কথাষাৰ মনত ৰাখে: “জগতে যদি তোমালোকক ঘিণায়, তেন্তে জানিব লাগে যে, তোমালোকৰ আগেয়ে মোকেই ঘিণালে। . . . কিন্তু, তেওঁবিলাকে অকাৰণতে মোক ঘিণালে, এই যি বচন তেওঁবিলাকৰ বিধান-শাস্ত্ৰত লিখা আছে, সেয়ে সিদ্ধ হবলৈ এনে হল।” * (যোহন ১৫:১৮-২০, ২৫; গীত ৩৫:১৯; ৬৯:৪) কিছু সময়ৰ পূৰ্ব্বেই যীচুৱে শিষ্যবিলাকক এইদৰে কৈছিল: “তেওঁবিলাকে যদি ঘৰৰ গৰাকীকে বেল্চবূব বুলিলে, তেন্তে তেওঁৰ পৰিয়ালক কিমান অধিক বুলিব!” (মথি ১০:২৫) গতিকে প্ৰকৃত খ্ৰীষ্টানসকলে ভালদৰে জানে যে তেনে অপমান সহন কৰাটো হৈছে ‘যাতনা স্তম্ভৰ’ এক ভাগ, যাক তেওঁলোকে যীচুৰ শিষ্য হোৱাৰ সময়ত আগ্ৰহকতাৰে গ্ৰহণ কৰিলে।—মথি ১৬:২৪.
৩. সত্য উপাসকবিলাকে কেতিয়াৰ পৰা উৎপীড়নৰ সম্মুখীন হৈ আহিছে?
৩ সত্য উপাসকবিলাকে তেনে ধৰণৰ উৎপীড়ন “ধাৰ্ম্মিক হেবলৰ” সময়ৰ পৰাই সম্মুখীন হৈ আহিছে। (মথি ২৩:৩৪, ৩৫) তেওঁলোকে যে কোনো কোনো সময়তহে উৎপীড়নৰ সম্মুখীন হʼবলগীয়া হৈছে, এনে নহয়। কিয়নো যীচুৱে শিষ্যবিলাকক কৈছিল যে তেওঁলোকে তেওঁৰ নামৰ কাৰণে “সকলোৰে ঘৃণাৰ পাত্ৰ হব।” (মথি ১০:২২) ইয়াৰ উপৰিও পাঁচনি পৌলে কৈছিল যে আমি প্ৰত্যেকজনে উৎপীড়নৰ সম্মুখীন হোৱাতো অপেক্ষা কৰিব লাগে। (২ তীমথিয় ৩:১২) আমি কিহৰ বাবে উৎপীড়নৰ সম্মুখীন হʼব পাৰোঁ?
অকাৰণতে অন্যায়ৰূপে ঘিণাওঁতা জনা
৪. বাইবেলে কেনেকৈ যিহোৱাৰ উপাসকবিলাকে অকাৰণতে ঘৃণাৰ পাত্ৰ হোৱাৰ বিষয়ে উল্লেখ কৰিছে?
৪ এই বিষয়ে ঈশ্বৰৰ বাক্যই প্ৰকাশ কৰিছে যে সেই অদৃশ্য প্ৰবোচকজন কোন, যি আৰম্ভণিৰে পৰা তেনে পৰিৱেশ সৃষ্টি কৰিছে। অতি নিষ্ঠুৰভাৱে হত্যা কৰা ধাৰ্ম্মিক হেবলৰ বিষয়ে বিবেচনা কৰক। বাইবেলে কৈছে যে কয়িনে “পাপ-আত্মা” অৰ্থাৎ চয়তানৰ মনোবৃত্তিৰে পৰিচালিত হৈ তেওঁৰ ভায়েক হেবলক হত্যা কৰিলে। (১ যোহন ৩:১২) চয়তানৰ মনোবৃত্তিক দৰ্শোৱাৰ বাবে সি কয়িনক তেনে অপৰাধ কৰিবলৈ প্ৰেৰিত কৰিলে। বাইবেলে ইয়াকো কৈছে যে এই প্ৰবোচককাৰী চয়তানে ইয়োব আৰু যীচুৰ ওপৰতো আক্ৰোহভাৱে আক্ৰমণ কৰিছিল। (ইয়োব ১:১২; ২:৬, ৭; যোহন ৮:৩৭, ৪৪; ১৩:২৭) বাইবেলৰ প্ৰকাশিত বাক্য নামৰ কিতাপখনে যীচুৰ শিষ্যবিলাকৰ ওপৰত অহা উৎপীড়নৰ মূল কাৰণটোৰ বিষয়ে বৰ্ণনা কৰি এইদৰে কৈছিল: “তোমালোকৰ পৰীক্ষাৰ অৰ্থে চয়তানে তোমালোকৰ কোনো কোনোক বন্দীশালত পেলাবলৈ উদ্যত আছে।” (প্ৰকাশিত বাক্য ২:১০) নিঃসন্দেহ, অকাৰণতে ঈশ্বৰৰ উপাসকবিলাকক ঘৃণা কৰাৰ মূল উৎস হৈছে চয়তান।
৫. ঈশ্বৰৰ প্ৰকৃত উপাসকবিলাকক চয়তানে অকাৰণতে ঘৃণা কৰাৰ উদ্দেশ্য কি?
৫ ঈশ্বৰৰ প্ৰকৃত উপাসকবিলাকক চয়তানে অকাৰণতে কিয় ঘৃণা কৰিছে? কিয়নো চয়তানে অহঙ্কাৰী হৈ কুকল্পনাৰে ‘চিৰস্থায়ী ৰজা’ যি যিহোৱা ঈশ্বৰৰ বিৰোদ্ধে থিয় হʼল। (১ তীমথিয় ১:১৭; ৩:৬) সি অভিযোগ দি কৈছিল যে মানৱজাতিৰ প্ৰতি থকা যিহোৱাৰ শাসন-প্ৰণালী অত্যধিক নিয়ন্ত্ৰণমূলক আৰু কোনেও নিস্বাৰ্থতাৰে নহয় কিন্তু স্বাৰ্থপৰ হৈ তেওঁক উপাসনা কৰে। ইয়াৰ উপৰিও সি দাবী কৰি কʼলে যে যদি মানৱক পৰীক্ষা কৰা হয়, তেন্তে সকলোৱে যিহোৱাক ত্যাগ দিব। (আদিপুস্তক ৩:১-৬; ইয়োব ১:৬-১২; ২:১-৭) তদুপৰি সি যিহোৱাক দমনকাৰী, মিছলীয়া আৰু অক্ষমতাশীল ঈশ্বৰ বুলি মিছা অভিযোগ দি নিজকে যোগ্য প্ৰতিষ্ঠিত কৰিব বিচাৰিলে। সেইবাবে সি ক্ৰোধিত হৈ অকাৰণতে ঈশ্বৰৰ প্ৰকৃত উপাসকবিলাকক ঘৃণা কৰি বিপথে পৰিচালিত কৰিবলৈ উপায় বিচাৰি ফুৰিছে।—মথি ৪:৮, ৯.
৬. (ক) যিহোৱাৰ সাৰ্ব্বভৌমত্বৰ ওপৰত উত্থাপিত হোৱা বাদ-বিষয়টোৰ সৈতে আমি কেনেকৈ ব্যক্তিগতভাৱে জড়িত আছোঁ? (খ) এই বিষয়ে থকা অন্তৰ্দৃষ্টিয়ে আমাক আনুগত্য বজাই ৰাখিবলৈ কেনেকৈ সহায় কৰিব? (১২ পৃষ্ঠাত থকা বক্সটো চাওক।)
৬ আপুনি এতিয়া বুজিব পাৰিছেনে যে সেই বাদ-বিষয়টোৱে আমাৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলাইছে? এজন যিহোৱাৰ উপাসক হোৱাৰ বাবে আপুনি হয়তো বুজিব পাৰিছে যে ঈশ্বৰৰ ইচ্ছাৰ অনুসৰি চলিবলৈ কিমান পৰিশ্ৰম কৰিবলগীয়া হয়, কিন্তু তেনে পৰিশ্ৰম কৰাৰ ফলত পোৱা আশীৰ্ব্বাদসমূহ অসাধাৰণ। যদি আপোনাৰ পৰিস্থিতিয়ে আপোনাক ঈশ্বৰৰ বিধি আৰু তেওঁৰ সিধান্তবোৰ পালন কৰাত অসুবিধাজনক আৰু কঠিন কৰি তুলিছে, তেন্তে কি কৰিব? তদুপৰি এইবোৰ পালন কৰাৰ উপৰিও যদি কোনো ভাল পৰিণাম পোৱা নাযায়, তেন্তে কি কৰিব? এনে পৰিস্থিতিত আপুনি ঈশ্বৰৰ সেৱা নকৰাটোৱেই উত্তম বুলি ভাবিবনে? অথবা আপুনি যিহোৱাৰ মহান গুণবোৰ দেখি তেওঁৰ প্ৰতি প্ৰেম আৰু কৃতজ্ঞ হৈ একেৰাহে তেওঁৰ পথত চলি থাকিব বিচাৰিবনে? (দ্বিতীয় বিবৰণ ১০:১২, ১৩) যিহোৱাই আমাৰ ওপৰত অনেক পৰীক্ষা আহিবলৈ অনুমতি দি আমাক ব্যক্তিগতভাৱে চয়তানক মিছলীয়া প্ৰমাণিত কৰিবলৈ সুযোগ দিছে।—হিতোপদেশ ২৭:১১.
‘যেতিয়া মানুহবিলাকে মোৰ কাৰণে তোমালোকক নিন্দা কৰিব’
৭. চয়তানে আমাক যিহোৱা ঈশ্বৰৰ বিপথে নিবলৈ কেনে ধৰণৰ এটা কুকল্পনা প্ৰয়োগ কৰে?
৭ এতিয়া আঁহক আমি চয়তানৰ এনে এটা কুকল্পনাৰ বিষয়ে বিবেচনা কৰোঁহঁক, যাৰ যোগেদি সি নিজকে নিৰ্দ্দোষী অৰ্থাৎ তাৰ মিছা অভিযোগক সঁচা বুলি প্ৰমাণিত কৰিবলৈ চেষ্টা কৰিছে। সেয়েহে যীচুৱে তাক “মিছলীয়া আৰু তাৰ বাপেক” বুলি কৈছিল। (যোহন ৮:৪৪) চয়তানক দিয়াবল বুলি কোৱাৰ অৰ্থ হৈছে ‘প্ৰবঞ্চক’ অৰ্থাৎ মিছা অপবাদ দিওঁতা, যিজনে ঈশ্বৰৰ পবিত্ৰ নাম আৰু তেওঁৰ বাক্যক নিন্দা কৰাত প্ৰমুখ ভূমিকা আদায় কৰিছে। তদুপৰি সি যিহোৱাৰ সাৰ্ব্বভৌমত্বৰ ওপৰত মিছা অভিযোগ দিছে আৰু সেই একেইদৰে তেওঁৰ প্ৰকৃত উপাসকবিলাকৰ সৈতেও কৰিছে। এই উপাসকবিলাকক নিন্দা কৰাৰ দ্বাৰা সি তেওঁলোকৰ ওপৰত অসহনীয় উৎপীড়ন আনিব বিচাৰিছে।
৮. চয়তানে কি উপায়েৰে ইয়োবক নিন্দা কৰিলে আৰু তাৰ কেনে প্ৰভাৱ পৰিল?
৮ ইয়োবৰ সৈতে কি ঘটিছিল সেই বিষয়ে বিবেচনা কৰক। প্ৰকৃততে ইয়োব নামৰ অৰ্থ হৈছে, “বিৰোধীৰ পাত্ৰ হোৱা।” তেওঁ জীৱিকা, লʼৰা-ছোৱালী, সা-সম্পত্তি আৰু উত্তম স্বাস্থ্য হেৰুৱাৰ উপৰিও গুপুতে কৰা পাপৰ বাবে ঈশ্বৰে শাস্তি দিছে বুলি চয়তানে অভিযোগ দিছিল। আনকি এসময়ত সন্মান কৰা তেওঁৰ বন্ধু-বান্ধৱ আৰু সম্বন্ধীয়া লোকসকলেও তেওঁক নিন্দা কৰিছিল। (ইয়োব ১৯:১৩-১৯; ২৯:১, ২,৭-১১) তদুপৰি চয়তানে প্ৰথমতে মিছা পৰামৰ্শদাতাসকলৰ ‘বাক্যেৰে ইয়োবৰ মনোবল ভাঙি’ গুপুতে কৰা কোনো পাপৰ ফলত তেওঁ তেনে পৰিণাম ভুগীবলগীয়া হৈছে বুলি বিশ্বাস জন্মাই পাপী হিচাবে দোষাৰোপ কৰিলে। (ইয়োব ৪:৬-৯; ১৯:২; ২২:৫-১০) এনে পৰিস্থিতিৰ সম্মুখীন হোৱাৰ বাবে ইয়োবে কিমান যে নিৰুৎসাহিত হৈ পৰিছিল!
৯. যীচুক কেনেকৈ পাপী হিচাবে সাব্যস্ত কৰা হৈছিল?
৯ চয়তানৰ প্ৰমুখ শত্ৰু ঈশ্বৰৰ পুত্ৰ স্বয়ং যীচু আছিল, যিজনে যিহোৱাৰ সাৰ্ব্বভৌমত্ব বজাই ৰাখাত এক অত্যুত্তম আৰ্হি প্ৰস্তুত কৰিলে। পৃথিৱীত থকাৰ সময়ছোৱাত চয়তানে যীচুৰ আধ্যাত্মিকতা ধ্বংস আৰু ইয়োবৰ দৰে তেওঁক পাপী হিচাবে সাব্যস্ত কৰিব বিচাৰিলে। (যিচয়া ৫৩:২-৪; যোহন ৯:২৪) লোকসকলে তেওঁক খাৱৈচ, মদপী আৰু ‘ভূতে পোৱা’ বুলি কৈছিল। (মথি ১১:১৮, ১৯; যোহন ৭:২০; ৮:৪৮; ১০:২০) আনকি তেওঁক ঈশ্বৰ-নিন্দক বুলি কৈ মিছা অভিযোগ দিলে। (মথি ৯:২, ৩; ২৬:৬৩-৬৬; যোহন ১০:৩৩-৩৬) এনেদৰে শোক পোৱা যীচুৱে জানিছিল যে এইবোৰে অন্যায়ভাৱে তেওঁৰ পিতৃক নিন্দা কৰিছে। (লূক ২২:৪১-৪৪) অৱশেষত, তেওঁক অপৰাধী বুলি কৈ যাতনা স্তম্ভত গজালেৰে বিন্ধি হত্যা কৰা হʼল। (মথি ২৭:৩৮-৪৪) সম্পূৰ্ণ আনুগত্য বজাই ৰাখাৰ সময়ত যীচুক ‘পাপীবিলাকৰ অনেক প্ৰতিবাদো’ সহন কৰিবলগীয়া হৈছিল।—ইব্ৰী ১২:২, ৩.
১০. বৰ্তমান সময়ত থকা অভিষিক্ত ব্যক্তিসকলে কেনেকৈ চয়তানৰ প্ৰমুখ শত্ৰু হৈছে?
১০ বৰ্তমান সময়ত থকা যীচুৰ অভিষিক্ত অনুগামীসকলেও একেইদৰে চয়তানৰ বিৰোধিতাৰ লক্ষ্য হৈছে। সেয়েহে চয়তানক “ভাইবিলাকৰ যি অপবাদকে দিনে-ৰাতিয়ে আমাৰ ঈশ্বৰৰ আগত তেওঁবিলাকৰ অপবাদ দিয়ে” বুলি কোৱা হৈছে। (প্ৰকাশিত বাক্য ১২:৯, ১০) তাক স্বৰ্গৰ পৰা পৃথিৱীত পেলোৱাৰ বাবে সি খ্ৰীষ্টান ভাই-ভনীসকলক ঘৃণনীয় সমাজচ্যুত লোক বুলি প্ৰমাণ কৰিবলৈ উঠি-পৰি লাগিছে। (১ কৰিন্থীয়া ৪:১৩) আনকি কিছুমান দেশত তেওঁলোকক প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ নিচিনাকৈ বিদ্ৰোহী বুলি আখ্যা দিয়া হৈছে। (পাঁচনিৰ কৰ্ম্ম ২৪:৫, ১৪; ২৮:২২) এই অনুচ্ছেদৰ আৰম্ভণিতে কোৱা অনুসাৰে তেওঁলোকৰ বিষয়ে ভুল প্ৰচাৰ কৰি অপকাৰ কৰিছে। কিন্তু ‘অন্য মেৰবৰ্গৰ’ সদস্যসকলৰ দ্বাৰা সমৰ্থন পোৱা এই অভিষিক্তসকলে “মৰ্য্যাদা আৰু অমৰ্য্যাদা, কুযশ আৰু সুযশ” সম্মুখীন হৈও নম্ৰতাৰে ‘ঈশ্বৰৰ আজ্ঞা পালন কৰিবলৈ আৰু যীচুৰ সাক্ষ্য দিবলৈ ত্যাগ কৰা নাই।’—২ কৰিন্থীয়া ৬:৭; যোহন ১০:১৬; প্ৰকাশিত বাক্য ১২:১৭.
১১, ১২. (ক)প্ৰকৃত খ্ৰীষ্টানসকলে সম্মুখীন হোৱা কিছুমান নিন্দাৰ কাৰণ কি? (খ) বিশ্বাসৰ বাবে এজন প্ৰকৃত খ্ৰীষ্টানে কেনে ধৰণৰ অন্যায়ৰ সম্মুখীন হʼব পাৰে?
১১ যিহোৱাৰ উপাসনা কৰা লোকসকলে যে সকলো প্ৰকাৰৰ সমস্যা কেৱল “ধাৰ্ম্মিকতাৰ কাৰণে” সহন কৰিবলগীয়া হৈছে, এনে নহয়। (মথি ৫:১০) তাৰে কিছুমান সমস্যা হয়তো আমাৰ অসিদ্ধতাৰ বাবে সহন কৰিবলগীয়া হৈছে। কোনো বিশেষ যোগ্যতা থকাৰ বাবে আমি যে ‘পাপ কৰি ভুকু খাই সহন কৰিব পাৰিছোঁ’, এনে নহয়। তথাপিও এজন প্ৰকৃত খ্ৰীষ্টানে যদি “ঈশ্বৰোদ্দেশ্য বিবেকৰ কাৰণে অন্যায় ভোগ কৰি দুখ সহন কৰে, তেন্তে সেয়েই গ্ৰহণীয়।” (১ পিতৰ ২:১৯, ২০) কিন্তু এজন প্ৰকৃত খ্ৰীষ্টানে কেনে পৰিস্থিতিত এনে ধৰণৰ দুখভোগ কৰিবলগীয়া হʼব পাৰে?
১২ তেওঁলোকৰ কিছুমানে অশাস্ত্ৰীয় পৰম্পৰাগত মৃতদেহ সৎকাৰৰ ৰীতি-নীতিত ভাগ নোলোৱাৰ বাবে দুৰ্ব্যৱহাৰৰ সম্মুখীন হৈছে। (দ্বিতীয় বিবৰণ ১৪:১) যিহোৱাৰ সাক্ষীসকলৰ লʼৰা-ছোৱালীবিলাকে নৈতিকতাৰ ক্ষেত্ৰত যিহোৱাৰ স্তৰসমূহ পালন কৰাৰ বাবে কৌতুকৰ পাত্ৰ হৈছে। (১ পিতৰ ৪:৪) কিছুমান প্ৰকৃত খ্ৰীষ্টান পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীৰ বাবে ৰক্ত সঞ্চাৰণ নকৰাকৈ চিকিৎসা কৰা সিদ্ধান্ত লোৱাৰ কাৰণে তেওঁলোকক মিছাকৈ “অমনোযোগী” বা “অপমানজনক” বুলি আখ্যা দিয়ে। (পাঁচনিৰ কৰ্ম্ম ১৫:২৯) প্ৰকৃত খ্ৰীষ্টান ব্যক্তি যিহোৱাৰ উপাসক হোৱাৰ বাবে আত্মীয় লোক আৰু চুবুৰীয়াসকলে এঘৰীয়া কৰিছে। (মথি ১০:৩৪-৩৭) দৰাচলতে অন্যায়ভাৱে ভুগীবলগীয়া হোৱা এই প্ৰকৃত খ্ৰীষ্টানসকলে যীচু আৰু ভাববাদীসকলে ৰাখা আৰ্হিক অনুকৰণ কৰিছে।—মথি ৫:১১, ১২; যাকোব ৫:১০; ১ পিতৰ ২:২১.
নিন্দিত হোৱাৰ সময়ত ধৈৰ্য্যশীল হওক
১৩. অত্যধিক নিন্দাৰ সম্মুখীন হোৱাৰ সময়ত আধ্যাত্মিক ভাৰসাম্যতা বজাই ৰাখিবলৈ আমাক কিহে সহায় কৰিব?
১৩ যেতিয়া আমাৰ বিশ্বাসৰ বাবে নিন্দা কৰা হয় তেতিয়া হয়তো নিৰুৎসাহিত হৈ যিৰিমিয়া ভৱিষ্যতবক্তাৰ দৰে ভাবিব পাৰোঁ যে আমি আৰু যিহোৱাৰ উপাসনা কৰিব নোৱাৰিম। (যিৰিমিয়া ২০:৭-৯) এনে অৱস্থাত কিহে আমাৰ আধ্যাত্মিক ভাৰসাম্যতা বজাই ৰাখিবলৈ সহায় কৰিব? যিহোৱাৰ দৃষ্টিভঙ্গী বজাই ৰাখি পৰিস্থিতিবোৰৰ সম্মুখীন হওক। মনত ৰাখক যে পৰীক্ষাৰ সময়ত আনুগত্য বজাই ৰাখা উপাসকসকলক যিহোৱা ঈশ্বৰে পীড়িত হিচাবে নহয় কিন্তু বিজয়ী হিচাবে লক্ষ্য কৰে। (ৰোমীয়া ৮:৩৭) জীৱনৰ প্ৰত্যেকটো মুহূৰ্ত্ততে আনুগত্য বজাই ৰাখা আৰু যিহোৱাৰ সাৰ্ব্বভৌমত্বৰ সমৰ্থন কৰা পুৰুষ আৰু স্ত্ৰী, যেনে, হাবিল, ইয়োব, যীচুৰ পাৰ্থিৱ মাতৃ মৰিয়ম আৰু প্ৰাচীন কালৰ অন্য বিশ্বাসী ভাই-ভনী, একেইদৰে বৰ্তমান সময়ৰ সঙ্গী ভাই-ভনীসকলৰ বিষয়ে বিবেচনা কৰক। (ইব্ৰী ১১:৩৫-৩৭; ১২:১) তেওঁলোকে আনুগত্য বজাই ৰাখি জীৱন-যাপন কৰাৰ বিষয়ে মনোযোগ দিয়ক। আনুগত্য বজাই ৰাখা এই মেঘস্বৰূপ ব্যক্তিসকলে নিজৰ জীৱনকালত জগতক জয় কৰি যি পুৰষ্কাৰ লাভ কৰিলে, তাৰ ভাগীদাৰ হʼবলৈ আমাকো আমন্ত্ৰিত কৰিছে।—১ যোহন ৫:৪.
১৪. নিৰন্তৰে কৰা প্ৰাৰ্থনাই আমাক আনুগত্য বজাই ৰাখিবলৈ কেনেকৈ সহায় কৰিব?
১৪ যদি ‘আমাৰ আন্তৰিক চিন্তা অতিশয় বৃদ্ধি হৈছে,’ তেন্তে নিৰন্তৰে কৰা প্ৰাৰ্থনাৰ যোগেদি আমি যিহোৱাৰ কাষ চাপিব পাৰোঁ আৰু তেওঁ দিয়া শান্ত্বনাই আমাৰ মন আনন্দিত কৰিব। (গীত ৫০:১৫; ৯৪:১৯) তেওঁ আমাক সফলতাৰে পৰীক্ষাৰ সম্মুখীন হʼবলৈ জ্ঞান প্ৰদান আৰু যিহোৱা ঈশ্বৰৰ সাৰ্ব্বভৌমত্বৰ সৈতে জড়িত থকা বাদ-বিষয় অৰ্থাৎ অকাৰণতে তেওঁৰ উপাসকসকলে ঘৃণাৰ পাত্ৰ হʼবলগীয়া হোৱাৰ কাৰণবোৰৰ প্ৰতি ধ্যানকেন্দ্ৰিত কৰিবলৈ সহায় কৰিব। (যাকোব ১:৫) আনকি যিহোৱা ঈশ্বৰে আমাক “সকলো বুদ্ধিতকৈ উত্তম যি ঈশ্বৰৰ শান্তি” তাকো প্ৰদান কৰিব। (ফিলিপীয়া ৪:৬, ৭) ঈশ্বৰৰ এই শান্তিয়ে আমাক অত্যধিকভাৱে অহা হেঁচাৰ সম্মুখীন হোৱাৰ সময়ত মনটোক স্থিৰ কৰি সন্দেহ কৰাৰ পৰা আঁতৰি থাকিবলৈ সহায় কৰিব। তদুপৰি পবিত্ৰ আত্মাৰ দ্বাৰা তেওঁ আমাৰ ওপৰত অহা সকলো ধৰণৰ পৰীক্ষাত দৃঢ় হৈ থাকিবলৈ শক্তি প্ৰদান কৰিব।—১ কৰিন্থীয়া ১০:১৩.
১৫. তাড়ানাৰ সম্মুখীন হোৱাৰ সময়ত কিহে আমাৰ পৰিহাসমূলক ভাৱনা উৎপন্ন কৰাৰ পৰা বিৰত থকাত সহায় কৰিব?
১৫ অকাৰণতে ঘৃণা কৰোঁতাসকলৰ প্ৰতি পৰিহাসমূলক মনোবৃত্তি বিকশিত নকৰিবলৈ কিহে আমাক সহায় কৰিব? মনত ৰাখক যে আমাৰ প্ৰধান শত্ৰু হৈছে চয়তান আৰু তাৰ দূতবোৰ। (ইফিচীয়া ৬:১২) ইতিমধ্যেই কিছুমানে হয়তো জানিবুজি আমাৰ ওপৰত অত্যাচাৰ কৰিছে আৰু ইয়াৰ বেছিভাগ লোকে আনৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ তেনে কৰে। (দানিয়েল ৬:৪-১৬; ১ তীমথিয় ১:১২, ১৩) তথাপিও যিহোৱাৰ ইচ্ছা এই যে, “সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়।” (১ তীমথিয় ২:৪) কিয়নো বহুতো অত্যাচাৰীয়ে আমাৰ প্ৰকৃত খ্ৰীষ্টান ভাই-ভনীৰ উত্তম আচাৰ-ব্যৱহাৰ দেখি সত্যতাক গ্ৰহণ কৰি যিহোৱাৰ উপাসক হৈ পৰিছে। (১ পিতৰ ২:১২) ইয়াৰ উপৰিও আমি যাকোবৰ পুত্ৰ যোচেফৰ পৰা এক শিক্ষামূলক পাঠ শিকিব পাৰোঁ। যোচেফক নিজৰ ভাতৃসকলে অত্যাচাৰ কৰাৰ স্বত্বেও তেওঁ কেতিয়াও প্ৰতিশোধ লোৱা নাছিল। কিয় তেওঁ প্ৰতিশোধ নলʼলে? কিয়নো তেওঁ যিহোৱাৰ ওপৰত সম্পূৰ্ণ ভাৰসা ৰাখিছিল আৰু তেওঁৰ উদ্দেশ্য পূৰ হোৱালৈ বাট চাই আছিল। (আদিপুস্তক ৪৫:৪-৮) ঠিক সেইদৰে যিহোৱা ঈশ্বৰেও নিজ নামৰ মহিমাৰ অৰ্থে আমাক হয়তো অত্যাচাৰৰ সম্মুখীন হʼবলৈ অনুমতি দিব পাৰে।—১ পিতৰ ৪:১৬.
১৬, ১৭. প্ৰচাৰ কাৰ্য্যত বাধা উৎপন্ন কৰা বিৰোধীসকলৰ প্ৰচেষ্টাৰ প্ৰতি আমি কিয় অত্যধিক চিন্তিত হোৱা উচিত নহয়?
১৬ যদি শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যত বাধা দিয়াত বিৰোধীসকলে সফলতা পাইছে, তেন্তে আমি অত্যধিক চিন্তিত হোৱাৰ আৱশ্যক নাই। কিয়নো আমি জানো যে এই বিশ্বব্যাপী প্ৰচাৰ কাৰ্য্যৰ দ্বাৰা যিহোৱাই বৰ্তমান সময়ত গোটেই জাতিক কম্পিত কৰি বাঞ্ছনীয় বস্তুবোৰ একত্ৰিত কৰিছে। (হগ্গয় ২:৬, ৭) এই সন্দৰ্ভত মহান মেৰৰখীয়া যীচুৱে এইদৰে কৈছিল: “মোৰ মেৰবিলাকে হলে মোৰ মাত শুনে, ময়ো সেইবিলাকক জানো, আৰু সেইবিলাক মোৰ পাছে পাছে আহে; আৰু মই সেইবিলাকক অনন্ত জীৱন দিওঁ, . . . আৰু কোনেও মোৰ হাতৰ পৰা সেইবিলাকক কাঢ়ি নলব।” (যোহন ১০:২৭-২৯) এই প্ৰচাৰ কাৰ্য্য অৰ্থাৎ মহান আধ্যাত্মিক শস্য দোৱা কাৰ্য্য সম্পন্ন কৰিবলৈ স্বৰ্গদূতবিলাকো জড়িত আছে। (মথি ১৩:৩৯, ৪১; প্ৰকাশিত বাক্য ১৪:৬, ৭) গতিকে বিৰোধীবিলাকে যিমানেই চেষ্টা নকৰক কিয়, তেওঁলোকে কেতিয়াও যিহোৱাৰ উদ্দেশ্য পূৰ হোৱাত বাধা দিব নোৱাৰে।—যিচয়া ৫৪:১৭; পাঁচনিৰ কৰ্ম্ম ৫:৩৮, ৩৯.
১৭ বিৰোধীবিলাকে কৰা প্ৰচেষ্টাৰ সদায়ে বিফল হোৱা দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে, আফ্ৰিকা মহাদেশৰ এখন ঠাইত যিহোৱাৰ সাক্ষীসকলৰ অহিতে মিছা অভিযোগ প্ৰচাৰ কৰাৰ উপৰিও তেওঁলোকক চয়তানৰ উপাসক বুলি আখ্যা দিছিল। সেইবাবে গ্ৰেছ নামৰ এজনী ছোৱালীয়ে যিহোৱাৰ সাক্ষীসকলক দেখি তেওঁলোকে আঁতৰি নোযোৱালৈকে নিজৰ ঘৰৰ পিছফালে লুকাই আছিল। এদিন তাই গীৰ্জাত উপস্থিত থকাৰ সময়ত গীৰ্জাৰ যাজকজনে যিহোৱাৰ সাক্ষীসকলৰ এখন আলোচনী হাতত তুলি লৈ সকলোকে কʼলে যে তেওঁলোকে যেন সেই আলোচনীখন নপঢ়ে, কিয়নো পঢ়িলে ইয়ে তেওঁলোকক ভুল পথলৈ পৰিচালিত কৰিব। এই কথাষাৰ শুনি গ্ৰেছৰ মনত কৌতূহল জাগি উঠিল। তাৰ পিছত তাই যিহোৱাৰ সাক্ষীসকলক দেখি পলোৱাৰ পৰিৱৰ্ত্তে তেওঁলোকৰ সৈতে কথোপকথন কৰিবলৈ নিশ্চিত কৰিলে। পুনৰাই যেতিয়া যিহোৱাৰ সাক্ষীসকলে তাইৰ ঘৰলৈ প্ৰচাৰ কৰিবলৈ আহিল তেতিয়া তাই তেওঁলোকৰ কথা মনোযোগেৰে শুনিলে আৰু সেই আলোচনীখনৰ এখন কপিও ৰাখিলে। অতি সোনকালে তাই বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে আৰু ১৯৯৬ চনত নিজকে যিহোৱালৈ সমৰ্পিত কৰি বাপ্তিষ্মা লʼলে। এতিয়া তাই সেইসকল ব্যক্তিক বিচাৰি উলিয়াবলৈ সময় অতিবাহিত কৰিছে যিসকলক যিহোৱাৰ সাক্ষীসকলৰ সম্পৰ্কে ভুল সংবাদ দিয়া হৈছে।
আপোনাৰ বিশ্বাস দৃঢ় কৰক
১৮. কোনো কঠিন পৰীক্ষাৰ সম্মুখীন হোৱাৰ আগেয়ে আমি কিয় নিজৰ বিশ্বাস দৃঢ় কৰা আৱশ্যক আৰু ইয়াক আমি কেনেকৈ কৰিব পাৰোঁ?
১৮ চয়তানে কোন সময়ত আমাৰ ওপৰত অকাৰণতে ঘৃণা কৰি আক্ৰমণ কৰিব, তাক আমি নাজানো। সেইবাবে নিজৰ বিশ্বাস দৃঢ় কৰি ৰাখাটো অতি আৱশ্যক। ইয়াক আমি কেনেকৈ কৰিব পাৰোঁ? এখন দেশত যিহোৱাৰ সাক্ষীসকলৰ ওপৰত অত্যাচাৰ চলোৱাৰ বিষয়ে দিয়া এটা ৰিপোৰ্টত এইদৰে কোৱা হৈছিল: “এইটো নিশ্চিত যে, যিসকলে আধ্যাত্মিক আহাৰ লোৱাৰ উত্তম অভ্যাস বজাই ৰাখিছে আৰু বাইবেল সত্যতাৰ প্ৰতি গভীৰ মূল্যাঙ্কন দেখুৱাই, তেওঁলোকৰ বাবে পৰীক্ষাৰ সময়ত দৃঢ় বিশ্বাস ৰাখাটো কোনো কঠিন কাম নহয়। কিন্তু যিসকলে ‘অনুকূল পৰিস্থিতিত’ সভাত উপস্থিত নাথাকে আৰু প্ৰচাৰ কাৰ্য্যত অনিয়মিত, তেওঁলোকে কঠিন পৰীক্ষাৰ সম্মুখীন হোৱাত সৰু সৰু বিষয়ত অৱনতি ঘটে।” (২ তীমথিয় ৪:২) যদি আপোনাৰো এনে কোনো দুৰ্ব্বলতা আছে বুলি ভাবে, তেন্তে অনতিপলমে শুধৰাবলৈ চেষ্টা কৰক।—গীত ১১৯:৬০.
১৯. অকাৰণতে ঘৃণাৰ পাত্ৰ হোৱা আনুগত্য খ্ৰীষ্টানসকলে কি সম্পন্ন কৰিবলৈ সক্ষম হৈছে?
১৯ বিশ্বৰ ওপৰত শাসন কৰাৰ একমাত্ৰ অধিকাৰ আৰু যোগ্যতা যে কেৱল যিহোৱা ঈশ্বৰৰ আছে, সেই বিষয়ে তেওঁৰ প্ৰকৃত উপাসকসকলে চয়তানৰ তীব্ৰ বিৰোধীতাৰ সম্মুখীন হোৱাৰ স্বত্ত্বেও অখণ্ডতা বজাই ৰাখি এক জীৱন্ত প্ৰমাণ দাঙি ধৰিছে। তেওঁলোকে দেখুউৱা অটল বিশ্বাসে যিহোৱাৰ মন আনন্দিত কৰিছে। তেওঁলোকে যদিও মানুহৰ আগত কৌতুকৰ পাত্ৰ হৈছে, কিন্তু পৃথিৱী আৰু আকাশ-মণ্ডলৰ উচ্চ সৰ্ব্বোপৰিজনাই “তেওঁবিলাকৰ ঈশ্বৰ বুলি প্ৰখ্যাত হবলৈ” লজ্জিত হোৱা নাই। এই সকলো আনুগত্য ব্যক্তিৰ সাপেক্ষে কোৱা এই কথাষাৰ একেবাৰে উচিত হʼব, যʼত এইদৰে কৈছে: “এই জগত তেওঁবিলাকৰ যোগ্য নাছিল।”—ইব্ৰী ১১:১৬, ৩৮. (w04 8/15)
[ফুটনোট]
^ বাইবেলত “ঘৃণা” শব্দটো বিভিন্ন অৰ্থত প্ৰকাশ পাইছে। কিছুমান উপলক্ষ্যত ইয়াক সাধাৰণভাৱে ভাল নোপোৱা কাৰ্য্যক বুজাবলৈ ব্যৱহাৰ কৰা হৈছে। (দ্বিতীয় বিবৰণ ২১:১৫, ১৬) আনকি “ঘৃণা” শব্দটো বিৰক্ত হোৱা অৱস্থাকো বুজাইছে যʼত শাৰীৰিকভাৱে ক্ষতি কৰা সন্মিলিত নাথাকিব পাৰে। তদুপৰি এই শব্দটো অত্যধিক বিৰোধ কৰা আৰু আখেজ ভাৱনা ৰাখাৰ অৰ্থও প্ৰকাশ কৰিব পাৰে। এই লেখটোত এই অৰ্থত “ঘৃণা” শব্দটো ব্যৱহাৰ কৰা হৈছে।
আপুনি কেনেকৈ উত্তৰ দিব?
• যিহোৱাৰ উপাসকবিলাকক অকাৰণতে ঘৃণা কৰাৰ নেপথ্যত কোন আছে?
• চয়তানে কেনেকৈ ইয়োব আৰু যীচুৰ আনুগত্য ভাঙিবলৈ মিছা অভিযোগ দিছিল?
• চয়তানৰ তীব্ৰ বিৰোধীতাৰ সম্মুখীন হʼবলৈ যিহোৱাই কেনেকৈ আমাৰ বিশ্বাস দৃঢ় কৰে?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[১২ পৃষ্ঠাৰ বক্স/ছবি]
তেওঁলোকে প্ৰকৃততে বাদ-বিষয়টোৰ মূল কাৰণ বুজিব পাৰিলে
ইউক্ৰেইনত থকা যিহোৱাৰ সাক্ষীসকলৰ প্ৰচাৰ কাৰ্য্যত ৫০ বছৰতকৈ অধিক সময়ে প্ৰতিবন্ধ লগোৱাৰ বিষয়ে এজন সাক্ষী ভায়ে এইদৰে মন্তব্য দিছিল: “যিহোৱাৰ সাক্ষীসকলে আজি যি পৰিস্থিতিৰ সম্মুখীন হৈছে, এইয়া কেৱল মানুহে কৰা ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ নকৰে। . . . বেছিভাগ উচ্চ অধিকাৰীয়ে নামমাত্ৰত নিজৰ কৰ্তব্য পূৰণ কৰিছিল। যেতিয়া চৰকাৰ সলনি হʼল তেতিয়া তেওঁলোকৰ বিশ্বাসতো পৰিৱৰ্তন হোৱা দেখা গʼল, কিন্তু আমি হʼলে সদায়ে যিহোৱা ঈশ্বৰৰ প্ৰতি আনুগত্য বজাই ৰাখিলোঁ। এই সকলো সমস্যাৰ নেপথ্যত কোন আছে সেই বিষয়ে আমি বাইবেলৰ পৰা জানিব পাৰিলোঁ।”
“আমি নিজকে নিৰ্দ্দোষী বুলি ভাবি উৎপীড়নৰ সম্মুখীন হৈছিলোঁ, এনে নহয়। কিন্তু এদন বাগিছাত যিহোৱাৰ সাৰ্ব্বভৌমত্বৰ সম্বন্ধে উঠা বাদ-বিষয়টো স্পষ্টকৈ বুজি পাই ধৈৰ্য্যেৰে সকলোবোৰ সহন কৰিছিলোঁ। . . . আমি কোনো ব্যক্তিগত লাভৰ বাবে নহয়, কিন্তু যিহোৱাৰ সাৰ্ব্বভৌমত্বক মনত ৰাখি সেই বাদ-বিষয়টোৰ সপক্ষে থিয় হৈছিলোঁ। যিহেতু এই মূল বাদ-বিষয়টোৰ সম্বন্ধে নিগূঢ় জ্ঞান থকাৰ বাবে আমি তীব্ৰ বিৰোধীতাৰ সম্মুখীন হৈও দৃঢ় বিশ্বাস আৰু আনুগত্য বজাই ৰাখিব পাৰিলোঁ।”
[ছবি]
১৯৭০ চনত ভিক্টৰ পাপʼভিʼচ নামৰ ভাইজনক গ্ৰেপ্তাৰ কৰা হৈছিল
[৯ পৃষ্ঠাৰ ছবি]
যীচুক মিছা অভিযোগ দিয়াৰ নেপথ্যত কোন আছিল?
[১১ পৃষ্ঠাৰ ছবিসমূহ]
ইয়োব, মৰিয়ম আৰু বৰ্তমান সময়ৰ ঈশ্বৰৰ প্ৰকৃত উপাসকবিলাক, যেনে, ষ্টেইনলী যʼনচ্ৰ দৰে আন বহুতে যিহোৱাৰ সাৰ্ব্বভৌমত্ব বজাই ৰাখিলে