Skip to content

Skip to table of contents

‘অচিনাকী ব্যক্তিসকলৰ কথাত’ পতিয়ন যোৱাৰ পৰা সাৱধান হওক

‘অচিনাকী ব্যক্তিসকলৰ কথাত’ পতিয়ন যোৱাৰ পৰা সাৱধান হওক

‘অচিনাকী ব্যক্তিসকলৰ কথাত’ পতিয়ন যোৱাৰ পৰা সাৱধান হওক

“আন মানুহৰ পাছত কোনোমতেও নাযাব, তেওঁৰ পৰা পলাবহে; কিয়নো আন মানুহবিলাকৰ মাত নুবুজে।”—যোহন ১০:৫.

১, ২. (ক) যীচুৱে মৰিয়মক নাম ধৰি মতাত তাই কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল আৰু এই ঘটনাই যীচুৱে পূৰ্ব্বেই কোৱা কোনটো দৃষ্টান্তক দাঙি ধৰিছে? (খ) যীচুৰ কাষত থাকিবলৈ কিহে আমাক সহায় কৰে?

 যীচৱে মৃত্যুৰ পৰা পুনুৰুত্থান হোৱাৰ পিছত তেওঁৰ খালী কবৰৰ কাষত থিয় হৈ থকা এগৰাকী স্ত্ৰীক দেখিবলৈ পালে। যীচুৱে সেই স্ত্ৰীগৰাকীক ভালকৈ চিনি পাইছিল। কিয়নো সেই স্ত্ৰীৰ নাম মৰিয়ম মগ্দলীনী আছিল আৰু প্ৰায় দুই বছৰৰ আগেয়ে যীচুৱে সেই স্ত্ৰী গৰাকীক পিশাচৰ পৰা মুক্ত কৰিছিল। তেতিয়াৰ পৰা সেই স্ত্ৰী গৰাকীয়ে যীচু আৰু তেওঁৰ শিষ্যসকলৰ সেৱা-শুশ্ৰূষা কৰি আহিছে। (লূক ৮:১-৩) কিন্তু এতিয়া, তাই যীচুৰ মৃত্যু আৰু আনকি তেওঁৰ মৃত শৰীৰ অন্তৰ্দ্ধান হোৱা দেখি অতিশয় ক্ৰন্দন কৰিছে! এনেতে যীচুৱে মাত লগাই স্ত্ৰীগৰাকীক এইদৰে সুধিলে: “হে নাৰি, কিয় কান্দিছা? কাক নো বিচাৰিছে?” স্ত্ৰীগৰাকীয়ে যীচুক বাগিছাৰ চোৱা-চিতা কৰা মালী বুলি ভাবি এইদৰে কʼলে: “হে মহাশয়, আপুনি যদি তেওঁক এই ঠাইৰ পৰা নিলে, তেন্তে কʼত থলে, মোক কওক; মই তাৰ পৰা তেওঁক লৈ যাম।” তাতে যীচুৱে তাইক কʼলে: “অ’ মৰিয়ম।” এইষাৰ কথা শুনি তাই যীচুক চিনিব পাৰি “হে গুৰু” বুলি কৈ, আনন্দত উল্লাসিত হৈ তেওঁৰ কাষ চাপে।—যোহন ২০:১১-১৮.

কিছু সময়ৰ পূৰ্ব্বেই যীচুৱে এই সম্পৰ্কে দিয়া দৃষ্টান্তটো সকলোৰে হৃদয় স্পৰ্শ কৰিছিল। সেই দৃষ্টান্তৰ অনুসাৰে তেওঁ নিজকে মেৰৰখীয়া আৰু তেওঁৰ শিষ্যবিলাকক মেৰ হিচাবে সম্বোন্ধিত কৰি কৈছিল যে ৰখীয়াজনে মেৰবোৰক নাম ধৰি ধৰি মাতে আৰু তেওঁলোকে তেওঁৰ মাত বুজি পায়। (যোহন ১০:৩, ৪, ১৪, ২৭, ২৮) যিদৰে এটি মেৰে নিজৰ ৰখীয়াৰ মাত বুজি পাই, ঠিক সেইদৰে মৰিয়মেও যীচুৰ মাত শুনি তেওঁক চিনি পাইছিল। এইষাৰ কথা বৰ্তমান সময়ৰ যীচুৰ শিষ্যবিলাকৰ বাবেও সঁচা। (যোহন ১০:১৬) ৰখীয়াজনৰ মাত শুনি কাষ চাপি অহা মেৰটোৰ দৰে আমিও আধ্যাত্মিক বুজশক্তি ব্যৱহাৰ কৰি যীচুৰ পদচিহ্নক অনুকৰণ কৰাত সক্ষম হʼব পাৰিম।—যোহন ১৩:১৫; ১ যোহন ২:৬; ৫:২০.

৩. মেৰৰ গঁৰালৰ সম্বন্ধে দিয়া যীচুৰ দৃষ্টান্তই আমাৰ মনত কেনে প্ৰশ্নবোৰ দাঙি ধৰিছে?

সেই দৃষ্টান্তৰ অনুসৰি এটা মেৰে নিজৰ গৰাকীক চিনি পোৱাৰ উপৰিও তাৰ শত্ৰুকো চিনি পোৱাৰ ক্ষমতা আছে। এই কথাষাৰ আমাৰ বাবেও সিমানেই গুৰুত্বপূৰ্ণ, কিয়নো আমাৰ শত্ৰুবোৰতো তেনে ধৰণৰ লক্ষণ দেখা যায়। আমাৰ শত্ৰুবোৰ কোন? তেওঁবিলাকে কেনে ধৰণে কাৰ্য্য কৰে? তেওঁবিলাকৰ পৰা আমি নিজকে কেনেকৈ ৰক্ষা কৰিব পাৰোঁ? আঁহক আমি এই প্ৰশ্নবোৰৰ উত্তৰ পাবলৈ যীচুৱে মেৰৰ গঁৰালৰ সম্পৰ্কে দিয়া দৃষ্টান্তটোত আৰু কি কৈছিল, সেই বিষয়ে আলোচনা কৰোঁহঁক।

‘যিজনে দুৱাৰেদি নোসোমায়’

৪. মেৰৰখীয়াৰ দৃষ্টান্তৰ অনুসৰি মেৰৰ জাকটোৱে কোনজনৰ পাছে পাছে যায় আৰু কোনজনৰ পৰা আঁতৰি থাকে?

যীচুৱে এইদৰে কৈছে: “যি জন দুৱাৰেদি সোমায়, তেওঁ মেৰৰ ৰখীয়া। দুৱৰীয়ে তেওঁলৈ দুৱাৰ মেলি দিয়ে, আৰু মেৰবিলাকেও তেওঁৰ মাত শুনে; তেৱোঁ নিজৰ মেৰবিলাকক নাম ধৰি ধৰি মাতি বাহিৰলৈ লৈ যায়। যেতিয়া নিজৰ সকলোকে বাহিৰ কৰা হয়, তেতিয়া তেওঁ সেইবিলাকৰ আগে আগে যায়; আৰু মেৰবিলাক তেওঁৰ পাছে পাছে চলে; কিয়নো তেওঁৰ মাত বুজি পায়। কিন্তু আন মানুহৰ পাছত কোনোমতেও নাযাব, তেওঁৰ পৰা পলাবহে; কিয়নো আন মানুহবিলাকৰ মাত নুবুজে।” (যোহন ১০:২-৫) লক্ষ্য কৰক যে যীচুৱে তিনিবাৰকৈ “মাত” বুলি শব্দটো উল্লেখ কৰিছে। দুবাৰ তেওঁ মেৰৰখীয়াজনে দিয়া মাত আৰু তৃতীয়বাৰত ‘অচিনাকী ব্যক্তিবিলাকৰ মাত’ বুলি কৈছে। ইয়াত তেওঁ কেনে ধৰণৰ অচিনাকী ব্যক্তিৰ বিষয়ে কৈছে?

৫. যোহন ১০ অধ্যায়ত উল্লেখ কৰা অচিনাকী ব্যক্তিজনৰ প্ৰতি আমি কিয় অতিথিপৰায়ণতা দেখুৱা উচিত নহয়?

যীচুৱে সেই অচিনাকী ব্যক্তিজনলৈ আগবঢ়োৱা অতিথিপৰায়ণতাৰ বিষয়ে কোৱা নাই, যাৰ সম্বন্ধে বাইবেলৰ মূল ভাষাত “অচিনাকীবিলাকৰ প্ৰতি প্ৰেম” দেখুৱা বুলি উল্লেখ কৰিছে। (ইব্ৰী ১৩:১) যীচুৱে দৃষ্টান্তত উল্লেখ কৰা অচিনাকী ব্যক্তিজন হৈছে অনিমন্ত্ৰিত অতিথি। কিয়নো তেওঁ “দুৱাৰেদি নোসোমাই, আন কোনো ফালে উঠি মেৰৰ গঁৰাললৈ সোমায়।” দৰাচলতে সেই ব্যক্তিজন হৈছে এজন “চোৰ আৰু ডকাইত।” (যোহন ১০:১) বাইবেলত উল্লেখ কৰা সেই প্ৰথম অচিনাকী ব্যক্তিজন কোন যি পিছলৈ গৈ নিজকে চোৰ আৰু ডকাইত হিচাবে পৰিচয় দিছিল? সেই ব্যক্তিজন হৈছে চয়তান। এই বিষয়ে থকা সঠিক প্ৰমাণ আমি আদিপুস্তক নামৰ কিতাপখনত পঢ়িবলৈ পাওঁ।

প্ৰথমবাৰ যেতিয়া অচিনাকী ব্যক্তিজনৰ মাত শুনা

৬, ৭. চয়তানক অচিনাকী ব্যক্তি আৰু চুৰ বুলি কোৱাটো কিয় উপযুক্ত?

আদিপুস্তক ৩:১-৫ পদত বৰ্ণনা কৰিছে যে প্ৰথমবাৰ কেতিয়া অচিনাকী ব্যক্তিজনৰ মাত শুনা গৈছিল। সেই বৃত্তান্তত কৈছে যে চয়তানে কেনেকৈ এটা সাপৰ সহায়েৰে হৱাক প্ৰবঞ্চিত কৰিছিল। যদিও এই বৃত্তান্তত তাক “এজন অচিনাকী ব্যক্তি” হিচাবে পৰিচয় দিয়া নাই, তথাপিও যোহন ১০ অধ্যায়ত উল্লেখ কৰা যীচুৰ দৃষ্টান্তৰ অচিনাকী ব্যক্তিজনৰ কিছুমান সাদৃশ্যতা তাৰ ব্যক্তিত্বত দেখিবলৈ পোৱা গʼল। সাদৃশ্যতা থকা তেনে কিছুমান গুণৰ বিষয়ে বিবেচনা কৰক।

যীচুৰ দৃষ্টান্তৰ অনুসৰি এই অচিনাকী ব্যক্তিজন অসৎ পথেৰে মেৰৰ গঁৰালত প্ৰৱেশ কৰিছিল। ঠিক সেইদৰে এদন বাগিছাত চয়তানে পোনপটীয়াকৈ নহয়, কিন্তু সাপৰ সহায়েৰে হৱাৰ কাষ চাপিছিল। এই ধৰণৰ চতুৰতাৰে কাৰ্য্য কৰাৰ বাবে চয়তানৰ প্ৰকৃত পৰিচয় দাঙি ধৰি দেখুৱাইছে যে সি এজন ধূৰ্ত্ত প্ৰবোচক। লক্ষ্য কৰক যে গঁৰালত সোমোৱা অচিনাকী ব্যক্তিজনে অবৈধভাৱে গৰাকীজনৰ স্থান লʼব বিচাৰে আৰু সি চোৰতকৈও অধমতাৰে মেৰৰ জাকটিক “বধ আৰু বিনাশ” কৰাটোৱেই হৈছে তাৰ লক্ষ্য। (যোহন ১০:১০) ঠিক সেইদৰে চয়তান হৈছে তেনে প্ৰকাৰৰ চোৰ, যি হৱাক প্ৰবঞ্চিত কৰি ঈশ্বৰৰ প্ৰতি থকা তাইৰ আনুগত্যকো কাঢ়ি নিলে। তদুপৰি সি নৰবধী হোৱাৰ বাবে সমুদায় মানৱজাতিলৈ মৃত্যু কঢ়িয়াই আনিলে।

৮. চয়তানে কেনেকৈ ঈশ্বৰৰ বাক্য আৰু উদ্দেশ্যৰ অৰ্থক বিকৃত কৰি প্ৰস্তুত কৰিলে?

চয়তানে যি ধৰণে যিহোৱাৰ বাক্য আৰু তেওঁৰ উদ্দেশ্যৰ অৰ্থ বিকৃত কৰি প্ৰস্তুত কৰিলে, ইয়াৰ দ্বাৰা তাৰ কপট আচৰণো প্ৰকাশ পালে। সি হৱাক এইদৰে সুধিছিল: “বাৰীৰ কোনো গছৰ ফল তোমালোকে নেখাবা বুলি ঈশ্বৰে বাস্তৱিকে কলে নে?” আচলতে সি বিচুৰ্তি খোৱা যেন আচৰণ কৰি এইদৰে কৈছিল: ‘ঈশ্বৰে কেনেকৈ ইমান অযুক্তিসঙ্গত হʼব পাৰে?’ আগলৈ সি ইয়াকো কৈছিল: “যি দিনা তোমালোকে তাৰ ফল খাবা, সেই দিনাই যে তোমালোকৰ চকু মুকলি হৈ তোমালোক ঈশ্বৰৰ নিচিনা ভাল বেয়া জানোতা হবা, তাক ঈশ্বৰে জানে।” লক্ষ্য কৰক সি “ঈশ্বৰে জানে” বুলি কৈছিল। প্ৰকৃততে সি এইদৰে কʼব বিচাৰিছিল: ‘ঈশ্বৰে যি জানে ময়ো জানো। মই তেওঁৰ বেয়া বিচাৰধাৰাবোৰৰ বিষয়ে জানো।’ (আদিপুস্তক ২:১৬, ১৭; ৩:১, ৫) দুখৰ বিষয় যে আদম আৰু হৱাই অচিনাকী ব্যক্তিজনৰ কথাত পতিয়ন গল। তেওঁলোকে তাৰ কথা শুনি নিজৰ সৈতে তেওঁলোকৰ সন্তান-সন্ততিবিলাকৰ ওপৰতো ঈশ্বৰৰ অভিশাপ কঢ়িয়াই আনিলে।—ৰোমীয়া ৫:১২, ১৪.

৯. বৰ্তমান আমি অচিনাকী ব্যক্তিবিলাকৰ মাত শুনিবলৈ পোৱাটো কিয় অপেক্ষা কৰিব পাৰোঁ?

আজিও সি ঈশ্বৰৰ লোকসকলক প্ৰবঞ্চিত কৰিবলৈ তেনে পদ্ধতিবোৰ প্ৰয়োগ কৰে। (প্ৰকাশিত বাক্য ১২:৯) সি হৈছে “মিছলীয়া আৰু তাৰ বাপেক।” যিসকলে ঈশ্বৰৰ লোকক প্ৰবঞ্চিত কৰিবলৈ চেষ্টা কৰে, তেওঁবিলাক হৈছে চয়তানৰ সন্তান। (যোহন ৮:৪৪) এতেকে আঁহক আমি এনেবোৰ পথ বা পদ্ধতিৰ বিষয়ে বিবেচনা কৰোঁহঁক, যিবোৰৰ দ্বাৰা অচিনাকী ব্যক্তিসকলৰ মাত শুনিবলৈ পোৱা যায়।

বৰ্তমান কেনেকৈ অচিনাকী ব্যক্তিবিলাকৰ মাত শুনা যায়

১০. বৰ্তমান সময়ত কেনে এক প্ৰকাৰে অচিনাকী ব্যক্তিবিলাকৰ মাত শুনিবলৈ পোৱা গৈছে?

১০ প্ৰতাৰণাপূৰ্ণ যুক্তিধাৰা। পাঁচনি পৌলে এইদৰে কৈছে: “তোমালোক নানাবিধ নতুন শিক্ষাৰ দ্বাৰাই বিপথে চালিত নহবা।” (ইব্ৰী ১৩:৯) তেওঁ ইয়াত কেনে ধৰণৰ শিক্ষাৰ বিষয়ে কৈছে? স্পষ্টৰূপে তেওঁ ‘বিপথে পৰিচালিত কৰা’ এনেবোৰ শিক্ষাৰ বিষয়ে কৈছে যি আমাৰ আধ্যাত্মিক ভাৰসাম্যতাক দুৰ্ব্বল কৰে। কোনে তেনে ধৰণৰ অজ্ঞাত শিক্ষা দিয়ে? এই সন্দৰ্ভত পাঁচনি পৌলে প্ৰথম শতাব্দীৰ এক খ্ৰীষ্টান অধক্ষ্যসমূহক এইদৰে কৈছিল: “তোমালোকৰ মাজৰ পৰাও কোনো কোনো মানুহ ওলাই, সিহঁতৰ পাছে পাছে শিষ্যবিলাকক আকৰ্ষণ কৰি নিবলৈ বিপৰীত কথা কব।” (পাঁচনিৰ কৰ্ম্ম ২০:৩০) প্ৰথম শতাব্দীৰ দৰে আজিও খ্ৰীষ্টান মণ্ডলীৰ পৰা বহিষ্কাৰ কৰা কিছুমান লোকে “বিপৰীত কথা,” অৰ্থাৎ ভুল শিক্ষা আৰু অসত্য কথাৰ দ্বাৰা মেৰৰ জাকটিক প্ৰবঞ্চিত কৰিবলৈ চেষ্টা কৰিছে। পাঁচনি পৌলে কোৱাৰ অনুসাৰে তেওঁবিলাকে ‘কল্পিত বাক্য’ অৰ্থাৎ দেখাত সত্য যেন লগা মূল্যহীন বিষয়বোৰ ব্যৱহাৰ কৰে।—২ পিতৰ ২:৩.

১১. ধৰ্ম্মত্যাগীসকলৰ পদ্ধতি আৰু উদ্দেশ্যৰ বিষয়ে ২ পিতৰ ২:১, ৩ পদত উল্লেখ কৰা বাক্যবোৰে কেনেকৈ প্ৰকাশ কৰিছে?

১১ এনে ধৰ্ম্মত্যাগীসকলে ব্যৱহাৰ কৰা পদ্ধতিৰ বিষয়ে পাঁচনি পিতৰে কৈছে যে তেওঁবিলাকে “গুপুতে বিনাশৰূপ বিধৰ্ম্ম প্ৰচলিত কৰিব।” (২ পিতৰ ২:১, ৩) যিদৰে যীচুৱে উল্লেখ কৰা দৃষ্টান্তত চোৰজনে “দুৱাৰেদি নোসোমাই, আন কোনো ফালে উঠি মেৰৰ গঁৰাললৈ সোমায়,” ঠিক সেইদৰে ধৰ্ম্মত্যাগীসকলে ধূৰ্তালিপূৰ্ণ বিষয়বোৰৰ দ্বাৰা আমাৰ কাষ চাপে। (গালাতীয়া ২:৪; যিহূদা ৪) আচলতে তেওঁলোকৰ লক্ষ্য কি? এই সন্দৰ্ভত পাঁচনি পিতৰে এইদৰে কৈছে: “তোমালোকক ধন-লাভৰ উপায় কৰিব।” যিয়েই নহওঁক তেওঁলোকৰ মূল লক্ষ্য হৈছে “চুৰ, বধ আৰু বিনাশ” কৰা। (যোহন ১০:১০) এনে ধৰণৰ অচিনাকী ব্যক্তিবিলাকৰ পৰা সাৱধানে থাকক!

১২. (ক) আমাৰ সঙ্গীবোৰৰ দ্বাৰা কেনেকৈ অচিনাকী মাত শুনিবলৈ পোৱা যায়? (খ) চয়তান আৰু বৰ্তমান অচিনাকী ব্যক্তিবিলাকে কৰা কুকল্পনাৰ মাজত কেনে সাদৃশ্যতা দেখিবলৈ পোৱা যায়?

১২ অহিতকৰ সঙ্গতি। আমি সঙ্গতি কৰা লোকসকলৰ দ্বাৰা হয়তো অচিনাকী মাত শুনিবলৈ পোৱা যায়। বিশেষকৈ অহিতকৰ সঙ্গতিয়ে চেমনীয়া আৰু ডেকাবিলাকৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। (১ কৰিন্থীয়া ১৫:৩৩) মন কৰিবলগীয়া এই যে চয়তানে কেৱল হৱাক নিজৰ লক্ষ্য হিচাবে বাছি লৈছিল, যি গৰাকী প্ৰথম মানৱ দম্পতীৰ অভিজ্ঞতাহীন স্ত্ৰী আছিল। সি হৱাক প্ৰত্যয় জন্মাই কৈছিল যে ঈশ্বৰে তাইৰ স্বাধীন ইচ্ছাক অত্যন্তভাৱে নিয়ন্ত্ৰণ কৰি ৰাখিছে। বাস্তৱতে সি তাইৰ আগত মিছা মাতিছিল। কিয়নো যিহোৱাই প্ৰথম মানৱ দম্পতী আৰু তেওঁলোকৰ হিতৰ প্ৰতি অতি আগ্ৰহী আছিল। (যিচয়া ৪৮:১৭) সেইদৰে অচিনাকী ব্যক্তিসকলেও প্ৰত্যেয় জন্মাই কʼব বিচাৰে যে পিতৃ-মাতৃসকলে আপোনালোকৰ স্বাধীন ইচ্ছাক অত্যন্তভাৱে নিয়ন্ত্ৰণ কৰি ৰাখিছে। এই অচিনাকী ব্যক্তিবিলাকে কেনেকৈ আপোনাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে? এই বিষয়ে এগৰাকী খ্ৰীষ্টান কিশোৰীয়ে এইদৰে কৈছে: “সহপাঠীসকলৰ পৰা অহা হেঁচাৰ বাবে মোৰ বিশ্বাস দুৰ্ব্বল হোৱা যেন অনুভৱ কৰিছিলোঁ। তেওঁলোকে সঘনাই মই পালন কৰা ধৰ্ম্মক নিয়ন্ত্ৰণমূলক আৰু অযুক্তিকৰ বুলি কয়।” প্ৰকৃততে, আপোনাৰ পিতৃ-মাতৃয়ে আপোনাক অধিক প্ৰেম কৰে। গতিকে যেতিয়া সহপাঠীসকলে তেনে ধৰণৰ কথাৰ দ্বাৰা আপোনাক প্ৰত্যয় জন্মাব বিচাৰে তেতিয়া হৱাৰ দৰে বিপথে যোৱাৰ পৰা আঁতৰি থকা উচিত।

১৩. দায়ূদে কেনে এক সুবিবেচক পদক্ষেপ লৈছিল আৰু আমি তেওঁক অনুকৰণ কৰিব পৰা এটা পদ্ধতি কি?

১৩ এনে অহিতকৰ সঙ্গতিৰ বিষয়ে গীতমালা ৰচোঁতাজনে এইদৰে কৈছে: “অসাৰ লোকবিলাকৰ লগত মই বহা নাই, আৰু কপটীয়াবোৰে সৈতে নোসোমাওঁ।” (গীত ২৬:৪) তদুপৰি আপুনি অচিনাকী ব্যক্তিসকলত বিশেষ কোনো লক্ষণ মন কৰিছেনে? তেওঁলোকে চয়তানৰ দৰে নিজৰ আচল পৰিচয় লুকাই ৰাখে। বৰ্তমান সময়তো কিছুমান চৰিত্ৰহীন ব্যক্তিয়ে ইন্টাৰনেটৰ সহায়েৰে নিজৰ পৰিচয় আৰু বেয়া অভিপ্ৰায়বোৰ অপ্ৰকাশ্যভাৱে ৰাখে। আলাপ কোঠাত (চাট ৰোম) দুশ্চৰিত্ৰ প্ৰাপ্তবয়স্ক ব্যক্তিসকলে নিজকে চেমনীয়া ডেকা বুলি কৈ ফান্দত পেলাব পাৰে। সেয়েহে অনুগ্ৰহ কৰি চেমনীয়াসকল, আপোনালোকে আধ্যাত্মিক বিপদত নপৰিবলৈ অত্যধিকভাৱে সাৱধানতা অৱলম্বন কৰা আৱশ্যক।—গীত ১১৯:১০১; হিতোপদেশ ২২:৩.

১৪. মাজে সময়ে মিডিয়াৰ দ্বাৰা কেনেকৈ অচিনাকী ব্যক্তিবিলাকৰ মাত শুনিবলৈ পোৱা যায়?

১৪ মিছা অভিযোগ। যদিও কিছুমান বাতৰিকাকতত যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে উত্তম ৰিপোৰ্ট পঢ়িবলৈ পোৱা যায়, তথাপিও মিডিয়াই মাজে সময়ে অচিনাকী ব্যক্তিবিলাকৰ কথাত বিশ্বাস কৰি তেওঁলোকৰ বিষয়ে ভুল বাতৰি প্ৰচাৰ কৰে। উদাহৰণস্বৰূপে, এখন দেশত প্ৰকাশ পোৱা বাতৰিকাকতত যিহোৱাৰ সাক্ষীবিলাকৰ বিষয়ে বৰ্ণনা কৰি কৈছিল যে, তেওঁলোকে দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত হিটলাৰৰ সেনাবাহিনীক সমৰ্থন কৰিছিল বুলি মিছা ৰিপোৰ্ট দিছিল। আন এখন বাতৰিকাকতত যিহোৱাৰ সাক্ষীসকলে গীৰ্জা ঘৰবোৰ ধ্বংস কৰা বুলি মিছা অভিযোগ দিছিল। আন দেশবোৰত যিহোৱাৰ সাক্ষীসকলে নিজৰ লʼৰা-ছোৱালীক উত্তম চিকিৎসাৰ পৰা বঞ্চিত আৰু ইচ্ছাপূৰ্বকভাৱে সঙ্গী সদস্যবিলাকে কৰা গভীৰ পাপবোৰ লুকুৱাই ৰাখে বুলি অভিযুক্ত কৰিছে। (মথি ১০:২২) তথাপিও যিহোৱাৰ সাক্ষীসকলক ব্যক্তিগতভাৱে চিনি পোৱা নিষ্কপট ব্যক্তিসকলে জানে যে এই অভিযোগবোৰ সঁচা নহয়।

১৫. মিডিয়াই প্ৰচাৰ কৰা প্ৰত্যেকটো বিষয় বিশ্বাস কৰাটো কিয় এক অবিবেচকৰ কাৰ্য্য?

১৫ যদি আমি অচিনাকী ব্যক্তিবিলাকে প্ৰচাৰ কৰা এনে মিছা অভিযোগৰ সম্মুখীন হৈছোঁ তেন্তে কি কৰা উচিত? আমি হিতোপদেশ ১৪:১৫ পদত কোৱা এই পৰামৰ্শটো মনত ৰাখোঁহঁক, যʼত এইদৰে কৈছে: “নিৰ্ব্বোধ লোকে সকলো কথা পতিয়ায়; কিন্তু বুদ্ধিমান লোকে নিজ ভৰিৰ খোজ বিবেচনা কৰে।” যদিও মিডিয়াই প্ৰচাৰ কৰা প্ৰত্যেকটো বিষয় বিশ্বাস কৰাটো এক অবিবেচক কাৰ্য্য, তথাপিও ইয়াৰ অৰ্থ এইটো নহয় যে আমি সকলোকে সত্য বুলি মানি লʼবলৈ অস্বীকাৰ কৰোঁ। তদুপৰি আমি ইয়াকো বিশ্বাস কৰোঁ যে “গোটেই জগত পাপ-আত্মাৰ অধীনত” আছে।—১ যোহন ৫:১৯.

‘সকলোবোৰ ঈশ্বৰৰ বাক্য হয় নে নহয়, তাৰ পৰীক্ষা কৰক’

১৬. (ক) যোহন ১০:৪ পদত উল্লেখ কৰা যীচুৰ বাক্যৰ সত্যতা আক্ষৰিকৰূপে কেনেকৈ মেৰৰ আচৰণত দেখিবলৈ পোৱা যায়? (খ) বাইবেলে আমাক কি কৰিবলৈ উৎসাহিত কৰিছে?

১৬ আমি বন্ধু নে শত্ৰুৰ সৈতে সঙ্গতি কৰিছোঁ, তাক পৰীক্ষা কৰি কেনেকৈ নিশ্চিত হʼব পাৰোঁ? পুনৰাই যীচুৰ দৃষ্টান্তটো বিবেচনা কৰক। তেওঁ কৈছে যে মেৰৰ জাকটিয়ে ৰখীয়াজনৰ “মাত বুজি” পাই তেওঁৰ পাছে পাছে চলে। (যোহন ১০:৪) মেৰৰ জাকটিয়ে ৰখীয়াজনক দেখা পোৱাৰ বাবেহে যে আগবাঢ়ি আহিছে, এনে নহয়, কিন্তু সিহঁতে তেওঁৰ মাত শুনিহে আগবাঢ়ি আহিছে। বাইবেলৰ সময়ত উল্লেখ থকা ঠাইবোৰৰ সম্বন্ধে লিখা এখন পুস্তকত কৈছে যে এজন দৰ্শনাৰ্থীয়ে দাবী কৰিছিল যে মেৰৰ জাকটি ৰখীয়াজনৰ মাত শুনি নহয়, কিন্তু তেওঁ পৰিধান কৰা বস্ত্ৰক দেখিহে আগবাঢ়ি আহে। কিন্তু মেৰৰখীয়াৰ অনুসাৰে, কেৱল মাত শুনিহে মেৰৰ জাকটিয়ে আগবাঢ়ি আহে। ইয়াক প্ৰমাণ কৰিবলৈ তেওঁলোকে পৰস্পৰে নিজৰ বস্ত্ৰ সলানি কৰিলে। প্ৰথমতে, ৰখীয়াজনৰ বস্ত্ৰ পৰিধান কৰা দৰ্শনাৰ্থীজনে মেৰৰ জাকটিক মাতিবলৈ ধৰিলে, কিন্তু সিহঁতে কোনো প্ৰতিক্ৰিয়া নেদেখুৱালে। দ্বিতীয়তে, ৰখীয়াজনৰ মাত শুনি মেৰৰ জাকটিয়ে তেওঁৰ ফালে লৰ মাৰি আহিল। গতিকে মেৰবোৰে বস্ত্ৰ পৰিধান কৰাৰ ওপৰত নহয় কিন্তু দুয়োজনৰ মাত শুনি পৰীক্ষা কৰে যে সিহঁতৰ প্ৰকৃত ৰখীয়াজন কোন। সেইদৰে ঈশ্বৰৰ বাক্যয়েও আমাক “সেইবিলাক ঈশ্বৰৰ হয় নে নহয়, তাক জানিবৰ কাৰণে” পৰীক্ষা কৰিবলৈ আগ্ৰহ কৰিছে। (১ যোহন ৪:১; ২ তীমথিয় ১:১৩) তেনেদৰে কৰিবলৈ আমাক কিহে সহায় কৰিব?

১৭. (ক) আমি যিহোৱাৰ মাতৰ সৈতে কেনেকৈ পৰিচিত হʼব পাৰোঁ? (খ) ঈশ্বৰীয় জ্ঞানে আমাক কি কৰিবলৈ সহায় কৰে?

১৭ যুক্তিসঙ্গতভাৱে আমি যিমানেই যিহোৱাৰ মাত অৰ্থাৎ তেওঁৰ বাৰ্ত্তাৰ সৈতে পৰিচিত হʼম সিমানেই অচিনাকী ব্যক্তিৰ মাত চিনি পোৱাত নিপুণ হৈ পৰিম। তেনে ধৰণৰ জ্ঞান কেনেকৈ বিকশিত কৰিব পৰা যায়, এই বিষয়ে বাইবেলে এইদৰে কৈছে: “তোমালোকৰ কাণে পাছৰ পৰা এই বাক্য শুনিবলৈ পাব, এয়ে পথ, এয়েদি চলা।” (যিচয়া ৩০:২১) আমি পিছ ফালৰ পৰা শুনিবলৈ পোৱা “বাক্য” হৈছে আমাৰ ৰক্ষক অৰ্থাৎ মহান মেৰৰখীয়া যিহোৱা ঈশ্বৰৰ বাক্য। (গীত ২৩:১) আমি যিমানেই ঈশ্বৰৰ বাক্য অধ্যয়ন কৰোঁ সিমানেই তেওঁৰ মাত স্পষ্টকৈ শুনিবলৈ পাওঁ। এই সুপৰিচিত জ্ঞানে আমাক অচিনাকী ব্যক্তিবিলাকৰ মাত বুজি পাবলৈ সহায় কৰে।—গালাতীয়া ১:৮.

১৮. (ক) যিহোৱাৰ মাতৰ সৈতে পৰিচিত হোৱাত কি সন্মিলিত আছে? (খ) মথি ১৭:৫ পদৰ অনুসাৰে আমি কিয় যীচুৰ মাত শুনা আৱশ্যক?

১৮ যিহোৱাৰ মাতৰ সৈতে পৰিচিত হোৱাত কি সন্মিলিত আছে? তেওঁৰ মাত শুনাৰ উপৰি আজ্ঞা পালন কৰাও সন্মিলিত আছে। তদুপৰি যিচয়া ৩০:২১ পদত কি কৈছে, তাক পুনৰাই লক্ষ্য কৰক। ইয়াত এইদৰে কৈছে: “এয়ে পথ।” অৱশ্যে আমি বাইবেল অধ্যয়ন কৰিহে তেওঁৰ নিৰ্দ্দেশনাৰ বিষয়ে জানিব পাৰোঁ। তাৰ পিছত তেওঁ এইদৰে আজ্ঞা দিছে: “এয়েদি চলা।” আমি সেই আজ্ঞাক কেৱল কাণেৰে শুনিছোঁ এনে নহয়, কিন্তু যিহোৱাৰ বাক্যবোৰ যত্নেৰে পালন কৰি আমি যে তাৰ অনুসাৰে জীৱন-যাপনো কৰিবলৈ চেষ্টা কৰিছোঁ, সেই বিষয়ে প্ৰমাণ দিছোঁ। (দ্বিতীয় বিবৰণ ২৮:১) তদুপৰি যিহোৱাৰ মাত শুনাৰ অৰ্থ যীচুৰ মাতৰ প্ৰতি মনোযোগ দিয়াকো বুজাইছে। (মথি ১৭:৫) উত্তম মেৰৰখীয়া যীচুৱে আমাক কি কৰিবলৈ কৈছে? তেওঁ আমাক শিষ্য বনোৱা কাৰ্য্যত ভাগ লʼবলৈ আৰু ‘বিশ্বাসী বুদ্ধিমান দাসবৰ্গৰ’ ওপৰত ভাৰসা কৰিবলৈ শিক্ষা প্ৰদান কৰিছে। (মথি ২৪:৪৫; ২৮:১৮-২০) আমাৰ অনন্তকলীয়া জীৱন তেওঁৰ মাত শুনি কাৰ্য্য কৰাৰ ওপৰত নিৰ্ভৰ কৰে।—পাঁচনিৰ কৰ্ম্ম ৩:২৩.

‘মেৰবোৰে তেওঁৰ পৰা পলাব’

১৯. অচিনাকী ব্যক্তিবিলাকৰ মাত শুনি আমি কেনে প্ৰতিক্ৰিয়া দেখুৱা উচিত?

১৯ আমি অচিনাকী ব্যক্তিবিলাকৰ মাত শুনি কেনে প্ৰতিক্ৰিয়া দেখুৱা উচিত? মেৰবোৰে অচিনাকী মাত শুনি যিদৰে প্ৰতিক্ৰিয়া দেখুৱাই, ঠিক আমিও সেইদৰে কৰা উচিত। এই বিষয়ে যীচুৱে এইদৰে কৈছিল: “আন মানুহৰ পাছত কোনোমতেও নাযাব, তেওঁৰ পৰা পলাবহে।” (যোহন ১০:৫) আমি দুই ধৰণে প্ৰতিক্ৰিয়া দেখুৱা উচিত। প্ৰথমতে, আমি “কোনোমতে” অচিনাকী ব্যক্তিজনৰ মাত শুনি তেওঁক অনুকৰণ কৰাৰ পৰা আঁতৰি থাকিব পাৰোঁ। এই বিষয়ে বাইবেলৰ মূল গ্ৰীক ভাষাত “কোনোমতে” বুলি কোৱা শব্দটোক এক দৃঢ়ভাৱে কৰা তিৰষ্কাৰ অৰ্থত অনুবাদ কৰিছে। (মথি ২৪:৩৫; ইব্ৰী ১৩:৫) দ্বিতীয়তে, আমি ‘তেওঁৰ পৰা পলাই’ থকা উচিত। এইয়া হৈছে তেনে অচিনাকী ব্যক্তিবিলাকৰ শিক্ষাবোৰৰ পৰা আঁতৰি থকা এক উচিত পদক্ষেপ।

২০. (ক) প্ৰতাৰণাপূৰ্ণ ধৰ্ম্মত্যাগী, (খ) ক্ষতিকাৰক সঙ্গী আৰু (গ) মিডিয়াৰ মিছা অভিযোগবোৰৰ সম্মুখীন হোৱাত আমি কেনে প্ৰতিক্ৰিয়া দেখুৱা উচিত?

২০ আঁহক আমি ঈশ্বৰৰ বাক্যৰ বিপৰীতে থকা শিক্ষা আৰু বিচাৰধাৰাবোৰৰ প্ৰতি বাইবেলে কি কৈছে, তাক পালন কৰোঁহঁক। ইয়াত এইদৰে কৈছে: “যিবিলাকে বিচ্ছেদ আৰু বিঘিনি জন্মায়, তেওঁবিলাকক চিনি ৰাখি, তেওঁবিলাকৰ পৰা পৃথকে থাকিবা।” (ৰোমীয়া ১৬:১৭; তীত ৩:১০) সেইদৰে যিবিলাক খ্ৰীষ্টান কিশোৰ-কিশোৰীয়ে ক্ষতিকাৰক সঙ্গীবিলাকৰ সম্মুখীন হৈছে, তেওঁবিলাকে তীমথিয়ক দিয়া পাঁচনি পৌলৰ এই পৰামৰ্শটোক পালন কৰা উচিত, যʼত এইদৰে কৈছে: “তুমি যৌৱন-কালৰ অভিলাষৰ পৰা পলোৱা।” যদি আমি মিডিয়াই প্ৰচাৰ কৰা মিছা অভিযোগবোৰৰ সম্মুখীন হৈছোঁ, তেন্তে তেওঁ আগলৈ কোৱা এই কথাষাৰ মনত ৰাখোঁহঁক: “মানুহবিলাকে . . . [অচিনাকী ব্যক্তিবিলাকৰ মাত শুনাসকল] গল্প কথাৰ নিমিত্তে অপথে যাব। . . . কিন্তু তুমি সকলো বিষয়তে চেতানাযুক্ত হৈ থাকা।’ (২ তীমথিয় ২:২২; ৪:৩-৫) অচিনাকী ব্যক্তিবিলাকৰ মাত যিমানেই সন্তুষ্টিদায়ক নহওঁক কিয়, আমি এনে সকলোবোৰ বিষয়ৰ পৰা আঁতৰি থকা আৱশ্যক যি আমাৰ বিশ্বাস ধ্বংস কৰে।—গীত ২৬:৫; হিতোপদেশ ৭:৫, ২১; প্ৰকাশিত বাক্য ১৮:২, ৪.

২১. ‘অচিনাকী ব্যক্তিবিলাকৰ কথাত পতিয়ন’ যোৱাৰ পৰা আঁতৰি থকাসকলে কেনে আশীৰ্ব্বাদ লাভ কৰিব?

২১ অচিনাকী ব্যক্তিবিলাকৰ মাত শুনাৰ প্ৰতি মনোযোগ নিদি অভিষিক্ত খ্ৰীষ্টানসকলে লূক ১২:৩২ পদত উত্তম ৰখীয়াজনে কোৱা বাক্যবোৰৰ প্ৰতি মনোযোগ দিছে। যাৰ বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “হে তাকৰ জাকটি, ভয় নকৰিবা; কিয়নো তোমালোকক ৰাজ্য দিবলৈ তোমালোকৰ পিতৃ প্ৰসন্ন হৈছে।” সেই একেই দৰে ‘অন্য মেৰবৰ্গৰ’ সদস্যসকলেও যীচুৰ এই বাক্যক শুনিবলৈ আগ্ৰহেৰে বাট চাই আছে, যʼত তেওঁ এইদৰে কৈছে: “মোৰ পিতৃৰ আশীৰ্ব্বাদৰ পাত্ৰবিলাক, জগত স্থাপন কৰাৰে পৰা তোমালোকৰ নিমিত্তে যুগুত কৰি থোৱা ৰাজ্যৰ অধিকাৰী হোৱা।” (যোহন ১০:১৬; মথি ২৫:৩৪) আমি ‘অচিনাকী ব্যক্তিবিলাকৰ কথাত পতিয়ন’ যোৱাৰ পৰা আঁতৰি থাকি কিযে এক উত্তম পুৰষ্কাৰ লাভ কৰিব পাৰিম! (w04 9/1)

আপোনাৰ মনত আছেনে?

• যীচুৰ দৃষ্টান্তত উল্লেখ কৰা অচিনাকী ব্যক্তিজনৰ সৈতে চয়তানৰ তুলনা কৰাটো কিয় উপযুক্ত?

• বৰ্তমান সময়ত অচিনাকী ব্যক্তিসকলৰ মাত কেনেকৈ শুনা গৈছে?

• আমি কেনেকৈ অচিনাকী ব্যক্তিসকলৰ মাত চিনিব পাৰিম?

• অচিনাকী ব্যক্তিসকলৰ মাত শুনি আমি কেনে প্ৰতিক্ৰিয়া দেখুৱা উচিত?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[৩০ পৃষ্ঠাৰ ছবি]

অচিনাকী ব্যক্তিয়ে পোনপটীয়াকৈ মেৰৰ কাষ চাপি নাহে