Skip to content

Skip to table of contents

“এক মুখেৰে” ঈশ্বৰক গৌৰৱান্বিত কৰক

“এক মুখেৰে” ঈশ্বৰক গৌৰৱান্বিত কৰক

“এক মুখেৰে” ঈশ্বৰক গৌৰৱান্বিত কৰক

“এক মুখেৰে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰক গৌৰৱান্বিত কৰিবা।”—ৰোমীয়া ১৫:৫.

১. ভিন্ন বিচাৰধাৰা আৰু মনোবৃত্তি বিষয়ে পাঁচনি পৌলে তেওঁৰ বিশ্বাসী ভাই-ভনীসকলক কেনে পৰামৰ্শ দিছিল?

 সকলো খ্ৰীষ্টান ব্যক্তিৰ ভিন্ন বিচাৰধাৰা আৰু মনোবৃত্তি থাকিব পাৰে। তথাপিও জীৱনৰ পথত সকলো খ্ৰীষ্টানে একেলগ হৈ কাৰ্য্য কৰা উচিত। তেনে কৰাটো সম্ভৱনে? নিশ্চয়ে সম্ভৱ, যদি আমি সৰু সৰু বিষয়ত কোনো বিবাদ নকৰোঁ। এই বিষয়ে পাঁচনি পৌলে প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলকো তেনেদৰে কৰিবলৈ উৎসাহিত কৰিছিল। এই গুৰুত্বপূৰ্ণ বিষয়টোৰ সম্পৰ্কে তেওঁ কেনেকৈ বৰ্ণনা কৰিছিল? আজি আমি এই প্ৰেৰিত পৰামৰ্শটো কেনেকৈ পালন কৰিব পাৰোঁ?

প্ৰকৃত খ্ৰীষ্টানসকলে বজাই ৰাখা ঐক্যতাৰ গুৰুত্বতা

২. পাঁচনি পৌলে ঐক্যতাৰ গুৰুত্বতাৰ বিষয়ে কেনেকৈ জোৰ দি উল্লেখ কৰিছিল?

পাঁচনি পৌলে প্ৰকৃত খ্ৰীষ্টানসকলে বজাই ৰাখা ঐক্যতাৰ গুৰুত্বতাৰ বিষয়ে ভালকৈ জানিছিল আৰু সেইবাবে তেওঁ খ্ৰীষ্টানসকলক পৰস্পৰে প্ৰেম কৰিবলৈ পৰামৰ্শ দিছিল। (ইফিচীয়া ৪:১-৩; কলচীয়া ৩:১২-১৪) তথাপিও ঠায়ে ঠায়ে মণ্ডলী স্থাপন কৰি আৰু ২০ বছৰতকৈ অধিক সময় ভাই-ভনীসকলক সাক্ষাৎ কৰাৰ পিছতো ঐক্যতা বজাই ৰাখাটো যে সহজ নহয়, সেই বিষয়ে তেওঁ ভালদৰে বুজি পাইছিল। (১ কৰিন্থীয়া ১:১১-১৩; গালাতীয়া ২:১১-১৪) গতিকে তেওঁ ৰোম চহৰত থকা সঙ্গী খ্ৰীষ্টানসকলক এইদৰে উৎসাহিত কৰিছিল: “যাতে তোমালোকে . . . এক মুখেৰে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰক গৌৰৱান্বিত কৰিবা, তাৰ নিমিত্তে ধৈৰ্য্য আৰু শান্ত্বনাৰ ঈশ্বৰে তোমালোকৰ পৰস্পৰ ভাব খ্ৰীষ্ট যীচুৰ দৰে একে হবলৈ দিয়ক।” (ৰোমীয়া ১৫:৫, ৬) ঠিক সেইদৰে আজি আমিও “এক মুখেৰে” যিহোৱাক গৌৰৱান্বিত কৰা উচিত। আমি “এক মুখেৰে” কিমান বিস্তৃতভাৱে যিহোৱাৰ গৌৰৱান্বিত কৰিব পাৰোঁ?

৩, ৪. (ক) ৰোম চহৰত বাস কৰা খ্ৰীষ্টানসকলে কেনে ভিন্ন পটভূমিৰ আছিল? (খ) তেওঁলোকে কেনেকৈ “এক মুখেৰে” যিহোৱাৰ গৌৰৱান্বিত কৰিব পাৰিলে?

ৰোম চহৰত থকা বহুতো খ্ৰীষ্টান ভাই-ভনী পাঁচনি পৌলৰ অতি প্ৰিয় আছিল। (ৰোমীয়া ১৬:৩-১৬) তেওঁলোকৰ ভিন্ন পটভূমি হোৱা স্বত্ত্বেও পাঁচনি পৌলে তেওঁলোকক নিজ ভাই-ভনী আৰু “ঈশ্বৰৰ প্ৰিয়” বুলি দৃষ্টি কৰিছিল। তদুপৰি তেওঁ এইদৰে কৈছিল: “গোটেই জগতত তোমালোকৰ বিশ্বাস প্ৰচাৰিত হোৱাত, মই তোমালোক সকলোৰে বিষয়ে, যীচু খ্ৰীষ্টৰ দ্বাৰাই মোৰ ঈশ্বৰৰ ধন্যবাদ কৰিছোঁ।” প্ৰকৃততে, তেওঁলোকে বহুতো ক্ষেত্ৰত এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে। (ৰোমীয়া ১:৭, ৮; ১৫:১৪) কিন্তু সেই একেই সময়ত মণ্ডলীৰ কিছুমানে কোনো কোনো বিষয়ত ভিন্ন বিচাৰধাৰা বিকশিত কৰিছিল। বৰ্তমান সময়তো আমাৰ মাজত ভিন্ন পটভূমিৰ পৰা অহা বহুতো ভাই-ভনী আছে, যিসকলে পাঁচনি পৌলৰ পৰামৰ্শ পালন কৰি “এক মুখেৰে” ঈশ্বৰৰ গৌৰৱান্বিত কৰিব পাৰে।

ৰোম চহৰত সত্যত থকা ইহুদী আৰু অন্যজাতিৰ ভাই-ভনীসকল বাস কৰিছিল। (ৰোমীয়া ৪:১; ১১:১৩) কিছুমান ইহুদী খ্ৰীষ্টানে পৰিত্ৰাণৰ বাবে মোচিৰ ব্যৱস্থাৰ আৱশ্যক নাই বুলি জনাৰ স্বত্ত্বেও, সেই ব্যৱস্থাৰ কিছুমান নীতি-নিয়ম পালন কৰিবলৈ এৰি দিয়া নাছিল। আনহাতে অধিক সংখ্যক ইহুদী খ্ৰীষ্টানে মোচিৰ সকলো নিয়মৰ পৰা স্বাধীন হৈ খ্ৰীষ্টৰ ব্যৱস্থাৰ অনুসৰি জীৱন-যাপন কৰিবলৈ আৰম্ভ কৰিলে। ফলস্বৰূপে, তেওঁলোকে নিজৰ ব্যক্তিগত জীৱনত পালন কৰা বহুতো অভ্যাস সলনি কৰিলে। (গালাতীয়া ৪:৮-১১) তথাপিও পাঁচনি পৌলে কোৱা অনুসাৰে সকলো খ্ৰীষ্টানে ‘ঈশ্বৰৰ প্ৰিয়’ আছিল। সেয়েহে তেওঁলোকে পৰস্পৰে ইজনে সিজনৰ প্ৰতি একেই মনোবৃত্তি ৰাখি “এক মুখেৰে” ঈশ্বৰৰ গৌৰৱান্বিত কৰিব পাৰিলে। একেইদৰে আজি আমাৰ বহুতে ভিন্ন পটভূমিৰ পৰা অহাৰ বাবে বিশেষ কোনো বিষয়ত ভিন্ন মনোবৃত্তি নাৰাখি পাঁচনি পৌলে দিয়া পৰামৰ্শক ভালদৰে বিবেচনা কৰা আৱশ্যক যে কেনেকৈ তেওঁ সেই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো বৰ্ণনা কৰিলে।—ৰোমীয়া ১৫:৪.

“ইজনে সিজনক গ্ৰহণ কৰা”

৫, ৬. ৰোম চহৰত থকা খ্ৰীষ্টানসকলৰ মাজত কিয় ভিন্ন বিচাৰধাৰা দেখা গৈছিল?

ৰোম চহৰত থকা খ্ৰীষ্টানসকললৈ লিখা পত্ৰখনত পাঁচনি পৌলে ভিন্ন বিচাৰধাৰাৰ বাবে উৎপন্ন হোৱা এটা সমস্যাৰ বিষয়ে উল্লেখ কৰিছিল। এই সম্পৰ্কে তেওঁ এইদৰে লিখিছিল: “কোনো জনৰ সকলো বস্তু খাবলৈ বিশ্বাস আছে; কিন্তু যি জনে দুৰ্ব্বল, তেওঁ শাকহে খায়।” তেনে ধৰণৰ ভিন্ন মতামত কিয় দেখিবলৈ পোৱা গৈছিল? কিয়নো মোচিৰ নিয়মৰ অনুসৰি গাহৰি মাংস আহাৰ হিচাবে গ্ৰহণ কৰাটো নিষেধ আছিল। (ৰোমীয়া ১৪:২; লেবীয়া পুস্তক ১১:৭) কিন্তু যীচুৰ মৃত্যুৰ পিছত এই নিয়ম আৰু কাৰ্য্যকাৰী হৈ নাথাকিল। (ইফিচীয়া ২:১৫) তদুপৰি যীচুৰ মৃত্যুৰ তিনি বছৰৰ পিছত এজন স্বৰ্গদূতে পাঁচনি পিতৰক সকলো আহাৰৰ প্ৰতি থকা ঈশ্বৰীয় দৃষ্টিভঙ্গীৰ বিষয়ে জনাইছিল। (পাঁচনিৰ কৰ্ম্ম ১১:৭-১২) এই কাৰণসমূহ মনত ৰাখি কিছুমান ইহুদী খ্ৰীষ্টানে মোচিৰ ব্যৱস্থাত নিষিদ্ধ কৰা গাহৰি বা আন জন্তুবোৰৰ মাংস আহাৰ হিচাবে গ্ৰহণ কৰিব পাৰে বুলি ভাবিছিল।

তথাপিও অন্য ইহুদী খ্ৰীষ্টানসকলৰ বাবে পূৰ্ব্বতে অশুচি বুলি উল্লেখ কৰা জন্তুৰ মাংস খাদ্য হিচাবে গ্ৰহণ কৰাটো এক নিন্দনীয় বিষয় আছিল। তেওঁলোকে হয়তো আন ইহুদী খ্ৰীষ্টান ভাইসকলে তেনে আহাৰ খাদ্য হিচাবে গ্ৰহণ কৰাটো দেখি অসন্তুষ্ট হৈছিল। তদুপৰি কিছুমান অন্যজাতিৰ খ্ৰীষ্টানে আহাৰ খোৱাৰ সম্বন্ধে তেনে ভিন্ন বিচাৰধাৰা দেখি হয়তো বিভ্ৰান্ত হৈছিল। কিয়নো তেওঁলোকৰ বাবে তেনে জন্তুৰ মাংস খাদ্য হিচাবে গ্ৰহণ কৰাটো কোনো নিষিদ্ধ নাছিল। তদুপৰি কিছুমানৰ বাবে যেতিয়ালৈকে এজনে পৰিত্ৰাণৰ বাবে তেনে কৰাটো আৱশ্যক বুলি দৃঢ়তাৰে সঙ্কল্প নলয়, তেতিয়ালৈকে তেনে ধৰণৰ খাদ্য খোৱা বা নোখোৱাটো কোনো আপত্তিজনক বিষয় নহয়। তথাপিও তেনে ভিন্ন বিচাৰধাৰাই হয়তো মণ্ডলীত সহজে বিশৃঙ্খলতা সৃষ্টি কৰিব পাৰিলেহেঁতেন। সেইবাবে ৰোম চহৰত থকা খ্ৰীষ্টানসকলে এনে ভিন্ন বিচাৰধাৰাৰ পৰা সতৰ্ক হৈ থাকিব লাগিছিল, যাতে তেওঁলোকক “এক মুখেৰে” যিহোৱাক গৌৰৱান্বিত কৰাত বাধা নিদিয়ে।

৭. প্ৰত্যেক সপ্তাহত এক বিশেষ দিন পালন কৰাৰ সম্বন্ধে কেনে ভিন্ন বিচাৰধাৰা দেখা গৈছিল?

পাঁচনি পৌলে আন এটা উদাহৰণ দি এইদৰে কৈছিল: “কোনো জনে এদিনক আন দিনতকৈ অধিক মান্য কৰে; আন কোনোৱে সকলো দিনকে সমানে মান্য কৰে।” (ৰোমীয়া ১৪:৫) মোচিৰ নিয়মৰ অনুসৰি বিশ্ৰাম-দিনা সকলো ধৰণৰ কাৰ্য্যৰ পৰা বিৰত থাকিব লাগিছিল। আনকি সেই দিনটোত কোনেও কʼলৈকো যাব নোৱাৰিছিল। (যাত্ৰাপুস্তক ২০:৮-১০; মথি ২৪:২০; পাঁচনিৰ কৰ্ম্ম ১:১২) কিন্তু মোচিৰ নিয়মৰ অন্ত পৰাত সেইবোৰ আৰু কাৰ্য্যকাৰী হৈ নাথাকিল। তথাপিও কিছুমান ইহুদী খ্ৰীষ্টানে পুৰণি অভ্যাসক মানি চলিছিল। যেনে, তেওঁলোকে সপ্তাহৰ শেষৰ দিনটোত কেৱল আধ্যাত্মিক কাৰ্য্যকলাপতহে ভাগ লৈছিল। তেওঁলোকে ৰাখা তেনে ধৰণৰ বিচাৰধাৰা ভুল আছিল নে? অৱশ্যেই নাছিল, কিয়নো তেওঁলোকে সেই দিনটোক ঈশ্বৰৰ আৱশ্যকীয় বিশ্ৰাম-দিন হিচাবে পালন কৰা নাছিল। তেওঁলোকৰ বিবেকৰ প্ৰতি মূল্যাঙ্কন দেখুৱাই পাঁচনি পৌলে এইদৰে কৈছিল: “প্ৰতিজনে নিজ নিজ মন নিসংশয় কৰি ৰাখক।”—ৰোমীয়া ১৪:৬.

৮. বিবেকৰ সম্বন্ধে ৰোম চহৰত থকা খ্ৰীষ্টানসকলে ইজনে সিজনক সন্মান দেখুৱাৰ উপৰিও তেওঁলোকে কিহৰ পৰা আঁতৰি থাকিবলৈ কোৱা হৈছিল?

পাঁচনি পৌলে বিবেকৰ সম্বন্ধে দুৰ্ব্বল হোৱা সকলক ধৈৰ্য্যৰে উৎসাহিত কৰাৰ বিষয়ে কোৱাৰ উপৰিও উদ্ধাৰৰ বাবে নিজ সঙ্গী ভাই-ভনীসকলৰ ওপৰত বলপূৰ্বকভাৱে মোচিৰ নিয়ম প্ৰযোজ্য কৰা ভাইসকলক তেনে নকৰিবলৈ দৃঢ়ৰূপে আজ্ঞা দিছিল। উদাহৰণস্বৰূপে, সা.যু. ৬১ চনত তেওঁ হীব্ৰু খ্ৰীষ্টানসকললৈ লিখা পত্ৰখনত স্পষ্টকৈ উল্লেখ কৰিছিল যে পৰিত্ৰাণৰ অৰ্থে যীচুৰ মুক্তিপণ বলিদানৰ দ্বাৰা লাভ কৰা অত্যুত্তম আশাৰ তুলনাত মোচিৰ নিয়মৰ কোনো সমানতা নাই।—গালাতীয়া ৫:১-১২; তীত ১:১০, ১১; ইব্ৰী ১০:১-১৭.

৯, ১০. খ্ৰীষ্টানসকলে কেনে মনোবৃত্তিৰ পৰা আঁতৰি থকা উচিত? বৰ্ণনা কৰক।

মণ্ডলীৰ সদস্যসকলৰ পছন্দ বা অপছন্দ মনোবৃত্তিয়ে যেন ঐক্যতাপূৰ্ণ পৰিৱেশত কোনো ব্যাঘাত নজন্মাই, সেই সম্পৰ্কে পাঁচনি পৌলে দাঙি ধৰা যুক্তিৰ বিষয়ে আমি ইতিমধ্যে জানিব পাৰিলোঁ। এই বিষয়ে পাঁচনি পৌলে দুৰ্ব্বলচিত্ত থকা খ্ৰীষ্টানসকলক এইদৰে সুধিছিল: “তুমি কিয় নিজৰ ভায়েৰাৰ সোধ-বিচাৰ কৰা?” তাৰ পিছত তেওঁ দৃঢ়চিত্ত (সম্ভৱতঃ মোচিৰ নিয়মত নিষেধ কৰা কিছুমান জন্তুৰ মাংস খাদ্য হিচাবে গ্ৰহণ বা বিশ্ৰাম-দিনত কাৰ্য্য কৰা) ভাইবিলাকক এইদৰে সুধিছিল: “তোমাৰ ভায়েৰাক নো কিয় হেয়জ্ঞান কৰা?” (ৰোমীয়া ১৪:১০) ইয়াত পাঁচনি পৌলে দুৰ্ব্বলচিত্তৰ খ্ৰীষ্টানসকলক আনক নিন্দা কৰাৰ পৰা আঁতৰি থাকিবলৈ কৈছিল। ঠিক সেইদৰে দৃঢ়চিত্ত খ্ৰীষ্টানসকলকো কিছুমান ক্ষেত্ৰত বিবেচনা শক্তি দুৰ্ব্বল হোৱা ব্যক্তিসকলক হেয়জ্ঞান নকৰিবলৈ আদেশ দিছিল। তেওঁলোক সকলোৱে পৰস্পৰে ইজনে সিজনৰ বিচাৰধাৰাক সন্মান আৰু “উপযুক্ত বিবেচনাতকৈ কোনেও নিজকে বৰ বুলি বিবেচনা” কৰাৰ পৰা আঁতৰি থাকিব লাগিছিল।—ৰোমীয়া ১২:৩, ১৮.

১০ এই সম্পৰ্কে বজাই ৰাখিব লগা ভাৰসাম্য মনোবৃত্তিৰ বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “যি জনে খায়, তেওঁ নোখোৱা জনক হেয়জ্ঞান নকৰক; যি জনে নাখায় তেওঁ খোৱা জনৰ সোধ-বিচাৰ নকৰক; কিয়নো ঈশ্বৰে তেওঁক গ্ৰহণ কৰিলে।” আগলৈ তেওঁ এইদৰে কৈছিল: “ঈশ্বৰৰ গৌৰৱৰ অৰ্থে, . . . খ্ৰীষ্টে তোমালোকক গ্ৰহণ কৰিলে।” দুৰ্ব্বলচিত্ত আৰু দৃঢ়চিত্ত লোকক উভয়ে যিহোৱা আৰু খ্ৰীষ্টই গ্ৰহণ কৰা হেতুকে আমিও সেই একেই মনোবৃত্তি ৰাখি “ইজনে সিজনক গ্ৰহণ কৰা” উচিত। (ৰোমীয়া ১৪:৩; ১৫:৭) এই কথাষাৰ অযুক্তিসঙ্গত বুলি ভাবি কোনে অস্বীকাৰ কৰিব পাৰিব?

বৰ্তমান সময়ত ভাতৃত্ব প্ৰেমে ঐক্যতা বৃদ্ধি কৰে

১১. পাঁচনি পৌলৰ দিনত কেনে এক উল্লেখনীয় পৰিস্থতিৰ বিদ্যমান হৈছিল?

১১ ৰোম চহৰত থকা খ্ৰীষ্টানসকললৈ লিখা পত্ৰখনত পাঁচনি পৌলে এক উল্লেখনীয় পৰিস্থিতিৰ বিষয়ে দাঙি ধৰিছিল। কেৱল অলপ সময়ৰ পূৰ্ব্বে যিহোৱা ঈশ্বৰে মোচিৰ নিয়ম বাতিল কৰি এক নতুন ব্যৱস্থা স্থাপন কৰিলে। কিছুমানে নতুনকৈ স্থাপিত হোৱা এই ব্যৱস্থাৰ অনুসাৰে জীৱন-যাপন কৰাত অসুবিধা পাইছিল। যদিও আজি সেই ধৰণৰ নিৰ্দ্দিষ্ট সমস্যা দেখা নাযায়, তথাপিও সময়ত তেনে ধৰণৰ সমস্যা সৃষ্টি হʼব পাৰে।

১২, ১৩. বৰ্তমান খ্ৰীষ্টানসকলে কেনে বিষয়বোৰত ইজনে সিজনৰ বিবেকৰ প্ৰতি সন্মান দেখুৱাব পাৰে?

১২ উদাহৰণস্বৰূপে, সত্যত অহাৰ পূৰ্ব্বে এগৰাকী ভনীয়ে হয়তো বেশ-ভূষা বা সাজ-পোছাকৰ সম্বন্ধে ভিন্ন মনোবৃত্তি ৰাখিছিল। কিন্তু সত্যত অহাৰ পিছত সেই ভনীগৰাকীৰ বাবে হয়তো তেনে মনোবৃত্তি সলনি কৰাটো অলপ কঠিন হʼব পাৰে, যেনে, উপযুক্ত উপলক্ষ্যত শালীন আৰু সঠিক ৰং-বিৰঙৰ সাজ-পোছাক পৰিধান কৰা। যিহেতু এই বিষয়ে বাইবেলৰ কোনো ধৰা-বন্ধা নিয়ম দিয়া নাই, সেয়েহে কোনেও তাইৰ বিবেকক আঘাত দিয়া উচিত নহয়। সেইদৰে ভনীগৰাকেও এই কথা মনত ৰাখা আৱশ্যক যে তাইয়ো যেন আন ভনীসকলে সাজ-পোছাক বা বেশ-ভূষাৰ প্ৰতি ৰাখা ভিন্ন মনোবৃত্তিক তুচ্ছ জ্ঞান নকৰে।

১৩ আন এটা উদাহৰণৰ বিষয়ে বিবেচনা কৰক। এজন খ্ৰীষ্টান ভায়ে হয়তো সত্যত অহাৰ পূৰ্ব্বে এনে এক পৰিয়ালত ডাঙৰ-দীঘল হৈছিল যʼত মদ্যপান কৰা নিষেধ আছিল। কিন্তু সত্যত অহাৰ পিছত তেওঁ দ্ৰাক্ষাৰস যে ঈশ্বৰৰ পৰা পোৱা দান আৰু তাক পৰিমিতভাৱে ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে জানিব পাৰিলে। (গীত ১০৪:১৫) তথাপিও তেওঁ হয়তো মদিৰা পান কৰাৰ পৰা আঁতৰি থাকিব পাৰে। কিন্তু সেই সম্পৰ্কে আনে পৰিমিতভাৱে ব্যৱহাৰ কৰিব পাৰে বুলি ৰাখা দৃষ্টিভঙ্গীক তুচ্ছ জ্ঞান কৰা উচিত নহয়। এনে কৰাৰ দ্বাৰা আচলতে তেওঁ পাঁচনি পৌলে কোৱা এই বাক্যশাৰীৰ সমৰ্থন কৰিছে, যʼত এইদৰে কৈছে: “শান্তিজনক, আৰু পৰস্পৰ উন্নতিসাধক যি যি আছে, সেইবোৰেই যত্ন কৰোঁহঁক।”—ৰোমীয়া ১৪:১৯.

১৪. প্ৰকৃত খ্ৰীষ্টানসকলে কেনে বিষয়বোৰত ৰোমানসকললৈ দিয়া পাঁচনি পৌলৰ পৰামৰ্শৰ অনুসাৰে চলিব পাৰে?

১৪ অন্য বিষয়বোৰতো পাঁচনি পৌলে ৰোমানসকলক দিয়া পৰামৰ্শৰ অনুসাৰে চলা উচিত। যিহেতু আমাৰ খ্ৰীষ্টান মণ্ডলীখন বিভিন্ন পটভূমিৰ পৰা অহা সদস্যসকলৰ দ্বাৰা গঠিত। গতিকে সাজ-পোছাক আৰু বেশ-ভূষাৰ সম্বন্ধে তেওঁলোকৰ ভিন্ন মনোবৃত্তি থাকিব পাৰে। কিন্তু জাগতিক লোকবিলাকে কৰা অমাৰ্জিত বেশ-ভূষা আৰু সাজ-পোছাকৰ পৰিধান নকৰিবলৈ খ্ৰীষ্টানসকলক বাইবেলে যি স্পষ্ট সিদ্ধান্তবোৰ দাঙি ধৰিছে, তাক কোনেও হেয়জ্ঞান কৰা উচিত নহয়। (১ যোহন ২:১৫-১৭) প্ৰকৃত খ্ৰীষ্টানসকলে সদায়ে মনত ৰাখা উচিত যে তেওঁলোকে সকলো সময়তে পৰিচাৰক আৰু এই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্ত্তাজনক প্ৰতিনিধিত্ব কৰিছে। (যিচয়া ৪৩:১০; যোহন ১৭:১৬; ১ তীমথিয় ২:৯, ১০) তথাপিও বহুতো ক্ষেত্ৰত সাজ-পোছাক আৰু বেশ-ভূষাৰ বাছনি কৰাৰ সম্বন্ধে খ্ৰীষ্টানসকলৰ বহুল মনোবৃত্তি দেখিবলৈ পোৱা যায়। *

আনক বিঘিনি জন্মোৱাৰ পৰা আঁতৰি থাকক

১৫. কেনে অৱস্থাত এজন খ্ৰীষ্টানে আনৰ হিতৰ বাবে নিজৰ অধিকাৰ পূৰ্ণ নকৰাৰ পৰা আঁতৰি থাকিব পাৰে?

১৫ ৰোম চহৰত থকা খ্ৰীষ্টানসকলক পাঁচনি পৌলে দিয়া শেষ গুৰুত্বপূৰ্ণ পৰামৰ্শটোৰ বিষয়ে আমাকো মনোযোগ দিবলৈ কৈছে। কেতিয়াবা এজন খ্ৰীষ্টানৰ প্ৰশিক্ষণপ্ৰাপ্ত বিবেকে হয়তো এনে নিৰ্ণয় লোৱাৰ পৰা আঁতৰি থাকিব পাৰে যি বাইবেলৰ সিদ্ধান্ত উলঙ্ঘন নকৰে। তেওঁ কিয় আঁতৰি থাকে? কিয়নো তেওঁ আনক বিঘিনি জন্মোৱাৰ পৰা বিৰত থাকিব বিচাৰে। এনে পৰিস্থিতিত আমি কেনে ধৰণৰ মনোবৃত্তি ৰাখা উচিত? এই সন্দৰ্ভত পাঁচনি পৌলে এইদৰে কৈছে: “মঙস খোৱা, বা দ্ৰাক্ষাৰস পান কৰা, বা আন যি কাৰ্য্যৰ দ্বাৰাই তোমাৰ ভায়েৰাই উজটি খায়, তাক নকৰাই ভাল।” (ৰোমীয়া ১৪:১৪, ২০, ২১) সেইবাবে “বলৱন্ত যি আমি, আমি নিজক সন্তুষ্ট নকৰি, দুৰ্ব্বলবিলাকৰ দুৰ্ব্বলতাৰূপ ভাৰ বোৱা উচিত। আমাৰ প্ৰতিজনে নিজ চুবুৰীয়াক ধৰ্ম্মত বৃদ্ধি কৰিবলৈ, তেওঁৰ হিতলৈ চাই, তেওঁক সন্তুষ্ট কৰক।” (ৰোমীয়া ১৫:১, ২) ভাতৃত্ব প্ৰেমে আমাক এনে কাৰ্য্য কৰাৰ পৰা বিৰত ৰাখিব যাৰ দ্বাৰা আমাৰ সঙ্গী বিশ্বাসী খ্ৰীষ্টান ভাইৰ বিবেক আঘাগ্ৰস্ত হʼব পাৰে। উদাহৰণস্বৰূপে, মদ্যপান কৰাৰ সম্বন্ধে হʼব পাৰে। এজন খ্ৰীষ্টানে হয়তো পৰিমিতভাৱে মদ্যপান কৰিব পাৰে। কিন্তু তেওঁৰ এনে কাৰ্য্যৰ দ্বাৰা যদি কোনোবাই আঘাত পাইছে, তেন্তে তেওঁ অৱশ্যেই সেই বিষয়ে নেৰানেপেৰাকৈ নিজৰ অধিকাৰ দৰ্শাই পান কৰিব পাৰে বুলি জোৰ নকৰিব।

১৬. আমি কেনেকৈ আমাৰ এলেকাত থকা লোক সকলৰ প্ৰতি বিবেচনাশীল হʼব পাৰোঁ?

১৬ এই সিদ্ধান্তটো আমি খ্ৰীষ্টান মণ্ডলীৰ বাহিৰৰ মানুহৰ সৈতে আচৰণ কৰাৰ সময়তো প্ৰযোজ্য হয়। উদাহৰণস্বৰূপে, আমি হয়তো এনে এলেকাত বাস কৰি পাৰোঁ, যʼত লোকসকলে সপ্তাহৰ শেষৰ দিনটোক বিশ্ৰাম-দিন হিচাবে পালন কৰে। গতিকে সেই দিনটোত আমি কৰা প্ৰচাৰ কাৰ্য্যই যেন চুবুৰীয়াসকলক কোনো বিঘিনি নজন্মাই তাৰ প্ৰতি মনোযোগ দিয়া উচিত। আন এক উপলক্ষ্যত এজন ধনী খ্ৰীষ্টানে হয়তো দুখীয়া ভাই-ভনীসকলক আধ্যাত্মিকভাৱে সহায় কৰা উদ্দেশ্যৰে অন্য ঠাইত গৈ বাস কৰিছে। তেওঁ হয়তো এনে ধৰণে জীৱন-শৈলী বা সাজ-পোছাক পৰিধান কৰাৰ পৰা আঁতৰি থাকিব পাৰে যি তেওঁৰ চুবুৰীয়াসকলৰ মনত আঘাত দিব পাৰে।

১৭. আমি বাছনি কৰাৰ সময়ত আনৰ বিষয়ে কিয় বিবেচনাশীল হোৱা উচিত?

১৭ এনে ধৰণৰ সাল-সলনি ‘দৃঢ়চিত্ত’ লোকসকলৰ পৰা অপেক্ষা কৰাটো উপযুক্ত হʼবনে? এই সন্দৰ্ভত এটা দৃষ্টান্তৰ বিষয়ে বিবেচনা কৰক। যদি ঘাই পথৰ ওপৰেদি গাড়ী চলোৱাৰ সময়ত কিছুমান লʼৰা-ছোৱালীক পথৰ কাষত খেলি থকা দেখা পাওঁ, তেন্তে আমি একেই গতিৰে গাড়ী চলাই গৈ থাকিমনে? নিশ্চয়ে আমি গাড়ীৰ গতিবেগ কমাই দুৰ্ঘটনাৰ সম্মুখীন হোৱাৰ পৰা আঁতৰি থাকিম। ঠিক সেইদৰে আমি কেতিয়াবা হয়তো ভাই-ভনীসকলৰ সৈতে সম্বন্ধ বজাই ৰাখিবলৈ আমাৰ কাৰ্য্যত সাল-সলনি কৰা আৱশ্যক। হয়তো তেনে ধৰণৰ কাৰ্য্য কোনো বাইবেল সিদ্ধান্ত উলঙ্ঘন নকৰিব পাৰে। তথাপিও আমাৰ কাৰ্য্যৰ দ্বাৰা যদি কোনোবাই আঘাত পাইছে, তেন্তে প্ৰকৃত খ্ৰীষ্টান প্ৰেমে আমাক পুনৰাই তেনে কাৰ্য্য নকৰিবলৈ সতৰ্ক কৰিব পাৰে। (ৰোমীয়া ১৪:১৩, ১৫) ঐক্যতা বজাই ৰাখা আৰু ঈশ্বৰৰ ৰাজ্য হিতৰ তুলনাত আমাৰ ব্যক্তিগত অধিকাৰ আনতকৈ উচ্চ হোৱা উচিত নহয়।

১৮, ১৯. (ক) আনৰ প্ৰতি বিবেচনাশীল হোৱাৰ সম্বন্ধে যীচুৱে ৰাখা আৰ্হিক আমি কেনেকৈ অনুকৰণ কৰিব পাৰোঁ? (খ) আমি সম্পৰ্ণ ঐক্যতাৰে কেনে কাৰ্য্য কৰোঁ আৰু পৰৱৰ্ত্তী লেখত কিহৰ বিষয়ে আলোচনা কৰা হʼব।

১৮ এনে কৰাৰ দ্বাৰা আমি এক অত্যুত্তম আৰ্হিৰ অনুকৰণ কৰিছোঁ, যাৰ বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “খ্ৰীষ্টে নিজে নিজে সন্তুষ্ট নকৰিলে; কিন্তু যেনেকৈ লিখা আছে, বোলে তোমাক নিন্দা কৰাবিলাকৰ নিন্দাও মোৰ ওপৰত পৰিল, সেই দৰে হল।” আমাৰ নিমিত্তে যীচুৱে নিজৰ প্ৰাণ আহুতি দিবলৈ পিছ নুহুঁহকিলে। এতেকে আঁহক আমি ঐক্যতাৰে ঈশ্বৰক গৌৰৱান্বিত কৰিবলৈ আমাৰ এনে কিছুমান অধিকাৰক ত্যাগ দিওঁহঁক যি হয়তো ‘দুৰ্ব্বলচিত্ত’ সকলৰ বাবে বিঘিনিজনক হʼব পাৰে। বাস্তৱতে দুৰ্ব্বলচিত্ত থকা খ্ৰীষ্টানসকলৰ প্ৰতি দেখুৱা অমায়িক আৰু উদাৰশীল মনোবৃত্তি বা নিস্বাৰ্থৰে নিজৰ বাছনিবোৰক ত্যাগ কৰিলে আমাৰ ‘পৰস্পৰ ভাব খ্ৰীষ্ট যীচুৰ দৰে একে হব।’—ৰোমীয়া ১৫:১-৬.

১৯ উপাসনাৰ সম্বন্ধে থকা কিছুমান বিষয়ৰ প্ৰতি যদিও আমাৰ ভিন্ন মনোবৃত্তি থাকিব পাৰে, তথাপিও আমি সম্পূৰ্ণ ঐক্যতাৰে কাৰ্য্য কৰোঁ। (১ কৰিন্থীয়া ১:১০) তেনে ধৰণৰ ঐক্যতা সত্য উপাসনাৰ বিৰোধীসকলে কৰা উৎপীড়নৰ সময়তো স্পষ্টকৈ প্ৰকাশ পায়। ঈশ্বৰৰ বাক্যই তেনে বিৰোধীসকলক অচিনাকী মানুহ হিচাবে পৰিচয় দিছে আৰু ‘তেওঁবিলাকৰ মাত শুনাৰ পৰা’ আঁতৰি থাকিবলৈ সাৱধান কৰিছে। (যোহন ১০:৫) তেনে ব্যক্তিসকলক আমি কেনেকৈ চিনি পাব পাৰোঁ? তেওঁলোকৰ প্ৰতি আমি কেনে প্ৰতিক্ৰিয়া দেখুৱা উচিত? এই প্ৰশ্নবোৰ পৰৱৰ্ত্তী লেখত আলোচনা কৰা হʼব। (w04 9/1)

[ফুটনোট]

^ সাজ-পোছাক পৰিধান বা বেশ-ভূষাৰ সম্বন্ধে কিশোৰ-কিশোৰীসকলে কেনে বাছনি কৰিব, সেই বিষয়ে পিতৃ-মাতৃসকলে নিৰ্দ্দেশনা দিয়া উচিত।

আপুনি কেনেকৈ উত্তৰ দিব?

• ব্যক্তিগত বিষয়বোৰৰ প্ৰতি থকা ভিন্ন মনোবৃত্তিয়ে কিয় ঐক্যতাৰ বাবে বাধাজনক হোৱা উচিত নহয়?

• আমি খ্ৰীষ্টান হোৱা হেতুকে ইজনে সিজনৰ প্ৰতি কিয় বিবেচনাশীল হোৱা আৱশ্যক?

• পাঁচনি পৌলৰ পৰামৰ্শক অনুকৰণ কৰি আমি কেনেবোৰ ক্ষেত্ৰত ঐক্যতা বজাই ৰাখিব পাৰোঁ আৰু ই আমাক কি কৰিবলৈ প্ৰেৰিত কৰিব?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৩ পৃষ্ঠাৰ ছবি]

ঐক্যতাৰ সম্বন্ধে দিয়া পাঁচনি পৌলৰ পৰামৰ্শ মণ্ডলীৰ বাবে অধিক গুৰুত্বপূৰ্ণ আছিল

[২৪ পৃষ্ঠাৰ ছবি]

খ্ৰীষ্টানসকলে ভিন্ন পটভূমিৰ পৰা অহা স্বত্ত্বেও তেওঁলোকে ঐক্যতাবদ্ধ