Skip to content

Skip to table of contents

প্ৰকৃত আনন্দ লাভৰ বাবে কিহৰ আৱশ্যক

প্ৰকৃত আনন্দ লাভৰ বাবে কিহৰ আৱশ্যক

প্ৰকৃত আনন্দ লাভৰ বাবে কিহৰ আৱশ্যক

 যিহোৱা হৈছে এজন ‘আনন্দিত’ ঈশ্বৰ আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্ট ‘আনন্দিত আৰু পৰাক্ৰমী’ হোৱাৰ বাবে প্ৰকৃত আনন্দ লাভ কৰিবলৈ কিহৰ আৱশ্যক সেই বিষয়ে তেওঁ উত্তমভাৱে জানে। (১ তীমথিয় ১:১১; ৬:১৫) সেইবাবে এইটো কোনো আচৰিত হোৱাৰ বিষয় নহয় যে প্ৰকৃত আনন্দ লাভ কৰাৰ মাপকাঠি ঈশ্বৰৰ বাক্য বাইবেলত পাব পাৰি।—প্ৰকাশিত বাক্য ১:৩; ২২:৭.

প্ৰকৃত আনন্দ লাভ কৰিবলৈ কিহৰ আৱশ্যক এই বিষয়ে যীচুৱে নিজৰ প্ৰসিদ্ধ পৰ্ব্বতীয় উপদেশত বৰ্ণনা কৰিছিল। তেওঁ এইদৰে কৈছিল: (১) আধ্যাত্মিকতাত দৰিদ্ৰ, (২) শোক কৰা, (৩) নম্ৰবিলাক; (৪) ধাৰ্ম্মিকতালৈ ভোক আৰু পিয়াহ লগা, (৫) দয়ালু, (৬) নিৰ্ম্মল চিত্ত, (৭) মিলনকাৰী, (৮) ধাৰ্ম্মিকতাৰ কাৰণে তাড়না পোৱা আৰু (৯) তেওঁৰ কাৰণে নিন্দিত হোৱাবিলাক “আনন্দিত।”—মথি ৫:৩-১১. *

যীচুৰ উক্তিবোৰ নিৰ্ভুল আছিলনে?

যীচুৱে কোৱা বাক্যশাৰীৰ সত্যতা বুজিবলৈ অলপ পৰিমানে বৰ্ণনা কৰা আৱশ্যক। এজন খঙাল, হিংসাপ্ৰিয়, দয়াহীন ব্যক্তিৰ তুলনাত নম্ৰ, দয়াশীল আৰু নিৰ্ম্মল হৃদয়েৰে পৰিচালিত হৈ শান্তিপ্ৰিয় হোৱা ব্যক্তিয়ে আনন্দিত হʼব পাৰে বুলি কোনে মান্তি নহʼব?

আমি হয়তো এই বুলি ভাবি আচৰিত হʼব পাৰোঁ যে, ধৰ্ম্মিকতাৰ প্ৰতি ভোক আৰু পিয়াহ লগা বা শোক কৰা এজন ব্যক্তিয়ে কেনেকৈ আনন্দিত হʼব পাৰে। কিয়নো জগতৰ প্ৰতি তেনে ব্যক্তিসকলে এক যথাৰ্থ দৃষ্টিভঙ্গী ৰাখে। তেওঁলোকে বৰ্তমান সময়ত থকা ‘সকলো ঘিণলগীয়া কাৰ্য্যৰ নিমিত্তে হুমুনিয়াহ পেলাই চিঞৰি কান্দে।’ (যিহিষ্কেল ৯:৪) তেনে কৰাৰ দ্বাৰা অৱশ্যে তেওঁলোকে আনন্দিত নহয়। যিহেতু যিহোৱা ঈশ্বৰে এই পৃথিৱীখনত এক ধাৰ্ম্মিক অৱস্থা আনিব আৰু সকলো পীড়িত লোকক তেওঁলোকৰ প্ৰাপ্য ন্যায় প্ৰদান কৰিব বুলি জানি তেওঁলোকে আনন্দত উল্লাসিত হয়।—যিচয়া ১১:৪.

তদুপৰি ধাৰ্ম্মিকতাক প্ৰেম কৰা ব্যক্তিসকলে যি সঠিক, তাক কৰাত বিফল হোৱাৰ বাবে শোক কৰে। এইদৰে তেওঁলোকে নিজৰ আধ্যাত্মিক আৱশ্যকতাৰ প্ৰতি জাগ্ৰত হৈ থাকে। তেনে লোকবিলাকে আগ্ৰহেৰে ঈশ্বৰৰ নিৰ্দ্দেশনালৈ বাট চাই, কিয়নো তেওঁলোকে জানিব পাৰিছে যে কেৱল সৰ্ব্বশক্তিমান জনাইহে তেওঁলোকৰ দুৰ্ব্বলতাত জয়ী হʼবলৈ সহায় কৰিব পাৰে।—হিতোপদেশ ১৬:৩, ৯; ২০:২৪.

যিসকল লোক শোকগ্ৰস্ত, ধাৰ্ম্মিকতাৰ বাবে ভোকাতুৰ আৰু তৃষ্ণাতুৰ আৰু তেওঁলোকৰ আধ্যাত্মিক আৱশ্যকতাৰ প্ৰতি সচেতন, তেওঁলোকে সৃষ্টিকৰ্ত্তাৰ সৈতে বজাই ৰাখা নিবিড় সম্পৰ্কৰ গুৰুত্বতাৰ বিষয়ে ভালকৈ বুজি পায়। এইটো সঁচা যে আন মানুহৰ সৈতে বজাই ৰাখা ভাল সম্বন্ধই এজন ব্যক্তিক আনন্দিত কৰে, কিন্তু ঈশ্বৰৰ সৈতে বজাই ৰাখা উত্তম সম্পৰ্কই তাতকৈ অধিক আনন্দিত কৰিব পাৰে। দৰাচলতে গম্ভীৰ মনৰ লোকে যি সত্য, তাক প্ৰেম কৰে আৰু তেওঁলোকে ঈশ্বৰৰ নিৰ্দ্দেশনা গ্ৰহণ কৰিবলৈ আগ্ৰহী। সেয়েহে তেওঁলোকক প্ৰকৃত আনন্দিত লোক বুলি কʼব পাৰি।

তথাপিও, আপুনি হয়তো পীড়িত আৰু নিন্দিত হোৱা সকলে আনন্দিত হোৱা বুলি শুনি বিশ্বাস নকৰিব পাৰে। বাস্তৱতে এইটো একেবাৰে সঁচা, কিয়নো এই বিষয়ে যীচুৱে স্বয়ং কৈছিল। তেনেহʼলে যীচুৰ বাক্যশাৰীক কি অৰ্থত বুজি পোৱা উচিত?

পীড়িত কিন্তু আনন্দিত—সেইটো কেনেকৈ সম্ভৱ?

লক্ষ্য কৰক, যীচুৱে এইদৰে কোৱা নাছিল যে তাড়না আৰু নিন্দাই আপোনা-আপুনিকৈ আনন্দিত হোৱালৈ পৰিচালিত কৰিব। তেওঁ প্ৰতিশ্ৰুতি দি এইদৰে কৈছিল: “ধাৰ্ম্মিকতাৰ কাৰণে তাড়না পোৱাবিলাক . . . যেতিয়া মানুহবিলাকে মোৰ কাৰণে তোমালোকক নিন্দা আৰু তাড়না কৰিব, . . . তেতিয়া তোমালোক [আনন্দিত, NW]।” (মথি ৫:১০, ১১) যদি এজন ব্যক্তিয়ে খ্ৰীষ্টৰ অনুগামী আৰু তেওঁ শিকোৱা ধাৰ্ম্মিক স্তৰৰ অনুসাৰে জীৱন-যাপন কৰি নিন্দিত আৰু পীড়িত হয় তেতিয়াহে কেৱল আনন্দিত হʼব পাৰে।

উদাহৰণস্বৰূপে, প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলৰ বিষয়ে বিবেচনা কৰক। ইহুদী মহাসভা অৰ্থাৎ উচ্চ ন্যায়ালয়ৰ সদস্যসকলে, “পাঁচনিবিলাকক মাতি আনি কোবাই, যীচুৰ নামেৰে কোনো কথা কবলৈ হাক দি এৰি দিলে।” তেতিয়া পাঁচনিবিলাকে কেনে প্ৰতিক্ৰিয়া দেখুৱালে? “তেওঁলোক তেওঁৰ নামৰ নিমিত্তে অপমান পাবৰ যোগ্য বুলি গণিত হোৱাত, আনন্দিত হৈ সেই মহা-সভাৰ সম্মুখৰ পৰা গুচি গল। আৰু তেওঁলোকে নিতৌ নিতৌ ধৰ্ম্মধামত আৰু ঘৰে ঘৰে উপদেশ দিবলৈ, আৰু যীচুৱেই সেই খ্ৰীষ্ট বুলি প্ৰচাৰ কৰিবলৈ নেৰিলে।”—পাঁচনিৰ কৰ্ম্ম ৫:৪০-৪২; ১৩:৫০-৫২.

নিন্দা আৰু আনন্দিত হোৱাৰ সম্পৰ্কে পাঁচনি পিতৰে অতিৰিক্তভাৱে উল্লেখ কৰি এইদৰে লিখিছিল: “যদি খ্ৰীষ্টৰ নামৰ নিমিত্তে নিন্দিত হোৱা, তেন্তে তোমালোক ধন্য; কিয়নো গৌৰৱৰ আত্মা, অৰ্থাৎ ঈশ্বৰৰ আত্মা তোমালোকৰ ওপৰত আছে।” (১ পিতৰ ৪:১৪) প্ৰকৃত খ্ৰীষ্টান হৈ যি সঠিক তেনে কাৰ্য্য কৰাৰ বাবে যাতনা ভুগীবলগীয়া হোৱাটো যদিও অপ্ৰীতিকৰ, তথাপিও যাতনা ভুগা ব্যক্তিজনে ঈশ্বৰৰ পবিত্ৰ আত্মা লাভ কৰে বুলি জানি আনন্দিত হয়। আনন্দিত হোৱাৰ সৈতে ঈশ্বৰৰ পবিত্ৰ আত্মাৰ কেনে সম্পৰ্ক আছে?

শাৰীৰিক কাৰ্য্য বা পবিত্ৰ আত্মাৰ ফলসমূহ

যিসকলে ঈশ্বৰক এজন শাসক হিচাবে আজ্ঞাকাৰী হয়, কেৱল তেওঁলোকেহে তেওঁৰ পবিত্ৰ আত্মা লাভ কৰে। (পাঁচনিৰ কৰ্ম্ম ৫:৩২) কিন্তু যিসকলে “মাংসৰ কাৰ্য্যবোৰ” কৰে তেওঁলোকে যিহোৱা ঈশ্বৰৰ পবিত্ৰ আত্মা লাভ কৰিব নোৱাৰে। কিয়নো সেই মাংসৰ অৰ্থাৎ শাৰীৰিক কাৰ্য্যবোৰত “ব্যভিচাৰ, অশুচি কাৰ্য্য, লম্পট-আচৰণ, দেৱপূজা, মায়াকৰ্ম্ম, নানাবিধ শত্ৰুতা, বিবাদ, ঈৰ্ষা, খং-ৰাগ, বিৰোধ, বিভেদ, নানা মত, অসূয়া, মত্ততা, ৰঙ্গৰস, আৰু এইবোৰৰে নিচিনা আন আন কাৰ্য্য” সন্মিলিত আছে। (গালাতীয়া ৫:১৯-২১) প্ৰকৃততে বৰ্তমান সময়ৰ জগতৰ বেছিভাগেই ‘মাংসৰ কাৰ্য্যবোৰত’ জড়িত থকাৰ স্পষ্ট প্ৰমাণ দিছে। তথাপিও যিসকলে তেনে অভ্যাসবোৰত জড়িত আছে তেওঁলোকে প্ৰকৃত আৰু স্থায়ী আনন্দ লাভ কৰিব নোৱাৰে। কিয়নো তেনে কাৰ্য্যৰ পৰিণামস্বৰূপে অভিযোগী ব্যক্তিজনে নিজৰ আত্মীয় লোক, বন্ধু-বান্ধৱ আৰু পৰিচিত লোকৰ সৈতে থকা ভাল সম্পৰ্ক হেৰুৱাবলগীয়া হয়। তদুপৰি ঈশ্বৰৰ বাক্য বাইবেলে বৰ্ণনা কৰিছে যে তেনে কাৰ্য্যৰ অভ্যাস কৰা সকলে “ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব।”

ইয়াৰ বিপৰীতে “আত্মাৰ ফল” বিকশিত কৰাসকলক যিহোৱা ঈশ্বৰে তেওঁৰ পবিত্ৰ আত্মা প্ৰদান কৰে। সেই পবিত্ৰ আত্মাৰ ফলৰ গুণবোৰ হৈছে, “প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মঙ্গলভাব, বিশ্বাস, মৃদু-ভাব, ইন্দ্ৰিয়-দমন।” (গালাতীয়া ৫:২২, ২৩) যেতিয়া আমি এই গুণবোৰ প্ৰতিফলিত কৰোঁ তেতিয়া আমি এনে অৱস্থাৰ সৃষ্টি কৰোঁ যাৰ বাবে আন ব্যক্তি আৰু ঈশ্বৰৰ সৈতে এক শান্তিময় সম্বন্ধ গঢ়ি উঠে আৰু ইয়ে প্ৰকৃত আনন্দ কঢ়িয়াই আনে। (তলত দিয়া বক্সটো চাওক।) সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে প্ৰেম, দয়া, মঙ্গলভাব আৰু এই গুণবোৰ প্ৰতিফলিত কৰাৰ দ্বাৰা আমি যিহোৱা ঈশ্বৰৰ মন আনন্দিত কৰিম আৰু তেওঁৰ ধাৰ্ম্মিকতাৰ নতুন জগতত চিৰকালে জীয়াই থকাৰ আশা লাভ কৰিম।

আনন্দিত হʼবলৈ কৰা এক বাছনি

জাৰ্মানিত বাস কৰা উল্ফগেঙ্গ আৰু ব্ৰিজিট নামৰ এহাল দম্পতীয়ে তেওঁলোকৰ ওচৰত অধিক ভৌতিকবস্তু থকাৰ সময়ত আগ্ৰহেৰে বাইবেল অধ্যয়ন আৰম্ভ কৰে। সাধাৰণতে লোকসকলে সেইবোৰ নিজৰ আনন্দৰ বাবে সংগ্ৰহ কৰিছিল। তেওঁলোক ডেকা আৰু স্বাস্থ্যৱান হোৱাৰ উপৰিও দামী বস্ত্ৰ পৰিধান কৰিছিল। তদুপৰি তেওঁলোকৰ সুন্দৰকৈ সজোৱা এটা ঘৰ আৰু এক সফল ব্যৱসায় আছিল। তেওঁলোকে বেছিভাগ সময় ভৌতিক বস্তুবোৰ সংগ্ৰহ কৰাত অতিবাহিত কৰিছিল, কিন্তু সেইবোৰে তেওঁলোকক প্ৰকৃত আনন্দ প্ৰদান কৰিব পৰা নাছিল। এটা সময়ত উল্ফগেঙ্গ আৰু ব্ৰিজিটে এক চূড়ান্ত নিৰ্ণয় লয়। তেওঁলোকে নিজৰ অধিক সময় আধ্যাত্মিক বিষয়ত অতিবাহিত কৰি যিহোৱা ঈশ্বৰৰ সৈতে এক নিবিড় সম্পৰ্ক স্থাপন কৰিবলৈ উপায় বিচাৰে। তেওঁলোকে কৰা তেনে বাছনিয়ে অতি শীঘ্ৰেই তেওঁলোকৰ মনোবৃত্তিকো পৰিৱৰ্তন কৰে, যিয়ে তেওঁলোকক সৰলভাৱে জীৱন-যাপন কৰি পূৰ্ণ সময়ৰ অগ্ৰগামী বা পূৰ্ণ সময়ে ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰক হিচাবে সেৱা কৰিবলৈ পৰিচালিত কৰে। বৰ্তমান সময়ত তেওঁলোকে জাৰ্মানিত থকা যিহোৱাৰ সাক্ষীসকলৰ শাখা কাৰ্য্যালয়ত স্বেচ্ছাকৰ্মী হিচাবে সেৱা কৰি আছে। তদুপৰি তেওঁলোকে বিদেশৰ পৰা অহা লোকবিলাকক ঈশ্বৰৰ বাক্যত পোৱা সত্যতা শিকাবলৈ এটা এচিয়া মহাদেশীয় ভাষা শিকিছে।

এই দম্পতীহালে প্ৰকৃত আনন্দ লাভ কৰিব পাৰিলেনে? এই বিষয়ে ভায় উল্ফগেঙ্গে এইদৰে কয়: “তেতিয়াৰ পৰা আমি আধ্যাত্মিক বিষয়সমূহত অধিককৈ জড়িত হৈ পৰিলোঁ আৰু আমি অধিক আনন্দিত আৰু সন্তুষ্ট হোৱাৰ অভিজ্ঞতা লাভ কৰিলোঁ। যিহোৱা ঈশ্বৰক সম্পূৰ্ণ হৃদয়েৰে সেৱা কৰাৰ বাবে আমাৰ বিবাহো অধিক শক্তিশালী হৈ উঠিল। পূৰ্বতে আমাৰ যদিও বৈবাহিক জীৱন সুখী আছিল, তথাপিও আমাৰ দুয়োৰে ভিন্ন লক্ষ্য আৰু আগ্ৰহকতা আছিল। কিন্তু এতিয়া আমি উভয়ে একেই লক্ষ্যত উপনীত হʼবলৈ একেলগে কাৰ্য্য কৰিছোঁ।”

প্ৰকৃত আনন্দ লাভ কৰিবলৈ কিহৰ আৱশ্যক?

ইয়াৰ উত্তৰ চমুকৈ এইদৰে কʼব পাৰি: ‘মাংসৰ কাৰ্য্যবোৰৰ’ পৰা আঁতৰি থাকি ‘ঈশ্বৰৰ পবিত্ৰ আত্মাৰ ফল’ বিকশিত কৰা।” প্ৰকৃত আনন্দ লাভ কৰিবলৈ এজন ব্যক্তিয়ে ঈশ্বৰৰ সৈতে এক নিবিড় সম্পৰ্ক স্থাপন কৰা আৱশ্যক। যিজন ব্যক্তিয়ে এনে লক্ষ্যত উপনীত হʼবলৈ পৰিশ্ৰম কৰে, যীচুৰ অনুসাৰে তেওঁ হৈছে এজন আনন্দিত ব্যক্তি।

এতেকে আপুনি প্ৰকৃত আনন্দ লাভ কৰাটো আপোনাৰ বাবে অসম্ভৱ বুলি ভাবি কেতিয়াও তেনে ভুল নকৰিব। বৰ্তমান সময়ত আপুনি হয়তো অসুখীয়া স্বাস্থ্য বা আপোনাৰ বৈবাহিক জীৱনত সমস্যাৰ সম্মুখীন হʼবলগীয়া হৈছে। সম্ভৱতঃ আপুনি পিতৃ-মাতৃৰ সুখৰ পৰা বঞ্চিত বা কোনো সফলপ্ৰাপ্ত চাকৰি বিচাৰি পোৱাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। আপোনাৰ জেপত হয়তো পূৰ্বৰ দৰে অধিক টকা-পইচা নাই। এনেবোৰ পৰিস্থিতিৰ সম্মুখীন হোৱাৰ স্বত্ত্বেও আপুনি নিৰুৎসাহিত হৈ পৰা উচিত নহয়! কিয়নো ঈশ্বৰৰ ৰাজ্যই ইয়াতকৈও অধিক সমস্যাবোৰৰ সমাধান কৰিব। বাস্তৱতে অতি শীঘ্ৰেই যিহোৱা ঈশ্বৰে তেওঁৰ প্ৰতিজ্ঞা পূৰ্ণ কৰিব, যাৰ বিষয়ে গীতমালা লিখকে এইদৰে কৈছে: “তোমাৰ ৰাজ্য অনন্তকলীয়া ৰাজ্য; তোমাৰ ৰাজশাসন . . . স্থায়ী। তুমি তোমাৰ হাত মেলি, সমুদায় প্ৰাণীৰে বাঞ্ছা পূৰ্ণ কৰি থাকা।” (গীত ১৪৫:১৩, ১৬) বিশ্বজুৰি লাখ লাখ যিহোৱা ঈশ্বৰৰ উপাসকসকলৰ দৰে ঈশ্বৰে বৰ্তমান সময়ত আপোনালৈ কৰা প্ৰতিজ্ঞাৰ বিষয়ে মনত ৰাখি আপুনিও তেওঁলোকৰ দৰে সেই একেই সত্যতা নিজেই উপলব্ধি কৰিব পাৰে।—প্ৰকাশিত বাক্য ২১:৩. (w04 9/1)

[ফুটনোট]

^ পৰ্ব্বতীয় উপদেশত উল্লেখ কৰা ৯ টা বিবৃতিৰ প্ৰত্যেকটো সাধাৰণতে গ্ৰীক ভাষাত মাকাৰীয়’ শব্দৰে আৰম্ভ কৰা হৈছে। এই শব্দটোক “ধন্য” বুলি অনুবাদ কৰাৰ পৰিৱৰ্তে নিউ ৱৰ্ল্ড ট্ৰান্‌চলেশ্ব্যান্‌, আন অনুবাদ যেনে, দ্য যিৰূচালেম বাইবেল, আৰু টু ডে ইংলিছ ভাৰৰ্চন্‌ বাইবেলত সঠিককৈ “আনন্দিত” বুলি অনুবাদ কৰা হৈছে।

[৬ পৃষ্ঠাৰ বক্স/ছবি]

আনন্দিত কৰি তুলাৰ কাৰণসমূহ

প্ৰেম গুণটোৰ বাবে আপুনি কৰাৰ দৰে আনেও আপোনাক প্ৰেম কৰিবলৈ পৰিচালিত হয়।

আনন্দ গুণটোৱে আপোনাক যি কোনো প্ৰত্যাহ্বানজনক সমস্যাৰ সৈতে সফলতাৰে সম্মুখীন হʼবলৈ সহায় কৰে।

শান্তি গুণটোৱে আপোনাৰ সম্বন্ধত কোনো ব্যাঘাত নপৰাকৈ নিবিড় সম্পৰ্ক বজাই ৰাখাত সহায় কৰে।

চিৰসহিষ্ণুতা গুণটোৱে যাতনাৰ সময়তো আপোনাক আনন্দিত হʼবলৈ সহায় কৰে।

মৰম গুণটোৱে আনক আপোনাৰ কাষলৈ আনে।

মঙ্গলভাব গুণটোৱে আপোনাৰ আৱশ্যকীয় সময়ত সহায় কৰিবলৈ আনক প্ৰেৰিত কৰে।

বিশ্বাসে আপোনাক ঈশ্বৰৰ প্ৰেমময় নিৰ্দ্দেশনাৰ আশ্বাস দিয়ে।

মৃদু-ভাব হোৱাৰ বাবে আপুনি নিজৰ হৃদয়, মন আৰু শৰীৰত সুস্থীৰতা বজাই ৰাখিব পাৰিব।

ইন্দ্ৰিয়-দমন কৰাৰ অৰ্থ হৈছে আপোনাৰ ভুল হ্ৰাস কৰা।

[৭ পৃষ্ঠাৰ ছবিসমূহ]

প্ৰকৃত আনন্দ লাভ কৰিবলৈ আপুনি আপোনাৰ আধ্যাত্মিক আৱশ্যকতাসমূহ পূৰণ কৰা আৱশ্যক