Skip to content

Skip to table of contents

ভাগৰুৱা কিন্তু ক্লান্ত হৈ নপৰা

ভাগৰুৱা কিন্তু ক্লান্ত হৈ নপৰা

ভাগৰুৱা কিন্তু ক্লান্ত হৈ নপৰা

“যিহোৱাই, পৃথিবীৰ সীমাবোৰৰ সৃষ্টিকৰ্ত্তাই . . . ক্লান্ত হোৱা লোকক শক্তি দান কৰে, আৰু বল নোহোৱা লোকক অধিক বল দান কৰে।”—যিচয়া ৪০:২৮, ২৯.

১, ২. (ক) সত্য উপাসনা কৰিবলৈ বিচৰাসকলৰ বাবে কেনে এক আকৰ্ষণীয় আমন্ত্ৰণ দিয়া হৈছে? (খ) কিহে আমাৰ আধ্যাত্মিকতা বিপদপন্ন কৰি তুলিব পাৰে?

 যীচুৰ শিষ্য হোৱাৰ হেতুকে আমি সকলোৱে এই মৰ্ম্মস্পৰ্শী আমন্ত্ৰণৰ সৈতে ভালদৰে পৰিচিত, যʼত তেওঁ এইদৰে কৈছিল: “হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহাঁ; মই তোমালোকক জিৰণি দিম. . . . কিয়নো মোৰ যুৱলি সুসহ্য, আৰু ভাৰো লঘু।” (মথি ১১:২৮-৩০) তদুপৰি খ্ৰীষ্টানসকলক ‘যিহোৱাৰ সম্মুখৰ পৰা অহা শান্তিযুক্ত কাল’ প্ৰদান কৰা হৈছে। (পাঁচনিৰ কৰ্ম্ম ৩:১৯) নিশ্চয়ে আপুনি বাইবেলৰ সত্যতা শিকি, উজ্জ্বল ভৱিষ্যতৰ বিষয়ে জানি আৰু বাইবেলৰ সিদ্ধান্তবোৰৰ অনুসাৰে জীৱন-যাপন কৰি তেনে সতেজতাৰ অভিজ্ঞতা হৈছে।

তথাপিও কিছুমান যিহোৱাৰ উপাসকে আৱেগীকভাৱে ভাগৰি পৰিছে। কোনো কোনো সময়ত এনে নিৰুৎসাহ খন্তেকীয়া হʼব পাৰে। কিন্তু আন সময়ত একেৰাহে নিৰুৎসাহী বা দৈনিক কাৰ্য্যকলাপৰ বাবে তেওঁলোকে তেনে অনুভৱ কৰিব পাৰে। আন কিছুমানে হয়তো সময় অতিক্ৰম কৰাৰ লগে লগে নিজৰ খ্ৰীষ্টান দায়িত্ববোৰ যীচুৱে প্ৰতিজ্ঞা কৰাৰ দৰে সতেজ নহয়, কিন্তু বোজা বুলি অনুভৱ কৰিছে। এনে ধৰণৰ নেতিবাচক মনোবৃত্তিয়ে হয়তো যিহোৱাৰ সৈতে থকা এজন খ্ৰীষ্টানৰ সম্বন্ধত গম্ভীৰভাৱে প্ৰভাৱ পেলাব পাৰে।

৩. যীচুৱে কিয় যোহন ১৪:১ পদত উল্লেখ কৰা পৰামৰ্শটো দিছিল?

যীচুক গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ড দিয়াৰ কিছু সময়ৰ পূৰ্ব্বেই তেওঁ নিজৰ শিষ্যবিলাকক এইদৰে কৈছিল: “তোমালোকৰ হৃদয় ব্যাকুল নহওক; ঈশ্বৰত বিশ্বাস কৰা, আৰু মোতো বিশ্বাস কৰা।” (যোহন ১৪:১) যিহেতু শিষ্যবিলাকে অতি শীঘ্ৰেই সম্মুখীন হʼবলগীয়া তাড়না আৰু অত্যন্ত নিৰুৎসাহী হৈ ভাঙি পৰা অৱস্থাৰ বিষয়ে তেওঁ পূৰ্ব্বেই উমান পাইছিল। (যোহন ১৬:১) তদুপৰি তেওঁ ভালদৰে জানিছিল যে এনে নেতিবাচক মনোবৃত্তিয়ে তেওঁলোকৰ আধ্যাত্মিকতাৰ উপৰিও যিহোৱাৰ ওপৰত থকা ভাৰসাকো ক্ষতিগ্ৰস্ত কৰিব পাৰে। সেইবাবে তেওঁ তেনেদৰে আশ্বাস দি তেওঁলোকৰ বিশ্বাস দৃঢ় কৰিছিল। এই কথাষাৰ বৰ্তমান খ্ৰীষ্টানসকলৰ বাবেও সত্য। দীৰ্ঘ সময়লৈকে থকা নিৰুৎসাহী মনোবৃত্তিয়ে আমাৰ বেদনা বৃদ্ধি আৰু হৃদয় ভাৰগ্ৰস্ত কৰিব পাৰে। (যিৰিমিয়া ৮:১৮) হয়তো আমাৰ অন্তৰখন একেবাৰে দুৰ্ব্বল হৈ পৰিব আৰু পৰিণামস্বৰূপে আমি আৱেগপ্ৰৱণতা আৰু আধ্যাত্মিকভাৱে দুৰ্ব্বল হৈ যিহোৱাক উপাসনা কৰিবলৈ ত্যাগ দিব পাৰোঁ।

৪. কিহে আমাৰ লাক্ষণিক হৃদয়ক ক্লান্ত হৈ পৰাৰ পৰা ৰক্ষা কৰিবলৈ সহায় কৰিব পাৰে?

“ৰক্ষা কৰিব লগীয়া সকলো বস্তুৰ মাজত, সকলোতকৈ তোমাৰ হৃদয়ক অধিক যত্নেৰে ৰক্ষা কৰা; কিয়নো তাৰে পৰাই জীৱন উৎপন্ন হয়” বুলি কোৱা বাইবেলৰ এই পৰামৰ্শটো কিমান যে উপযুক্ত। (হিতোপদেশ ৪:২৩) সেয়েহে আধ্যাত্মিকভাৱে ক্লান্ত হৈ নপৰিবলৈ আমাৰ লাক্ষণিক হৃদয়ক ৰক্ষা কৰাৰ সম্পৰ্কে বাইবেলে ব্যৱহাৰিক পৰামৰ্শ আগবঢ়াইছে। ইয়াৰ বাবে সৰ্ব্বপ্ৰথমে আমি কিয় ক্লান্ত হৈ পৰোঁ, সেই কাৰণবোৰ স্পষ্টকৈ চিনাক্ত কৰা আৱশ্যক।

খ্ৰীষ্টান সিদ্ধান্তবোৰ ভাৰগ্ৰস্ত নহয়

৫. খ্ৰীষ্টান সিদ্ধান্তবোৰৰ ক্ষেত্ৰত কেনে বিসদৃশতা দেখা যায়?

এইটো সঁচা যে খ্ৰীষ্টান সিদ্ধান্তবোৰ পালন কৰিবলৈ প্ৰাণপণে চেষ্টা কৰা আৱশ্যক। (লূক ১৩:২৪) আনকি এই বিষয়ে যীচুৱেও স্বয়ং এইদৰে কৈছিল: “যি কোনোৱে নিজৰ [যাতনা স্তম্ভ, NW] লৈ মোৰ পাছত নাহে, তেওঁ মোৰ শিষ্য হব নোৱাৰে।” (লূক ১৪:২৭) এই বাক্যশাৰী আৰু আৰম্ভণিতে যীচুৱে তেওঁৰ যুৱলী সুসহ্য আৰু ভাৰো লঘু বুলি কোৱাৰ সৈতে বিসদৃশতা হʼব পাৰে। কিন্তু প্ৰকৃততে চাবলৈ গলে দুয়োটা বাক্যৰ মাজত কোনো বিভেদতা নাই।

৬, ৭. আমি কৰা উপাসনা কিয় ক্লান্তিজনক নহয় বুলি কʼব পাৰোঁ?

এজন ব্যক্তিয়ে হয়তো কঠোৰ পৰিশ্ৰম কৰি শাৰীৰিকভাৱে ভাগৰি পৰিব পাৰে। কিন্তু তেনে কাৰ্য্য যদি কাৰোবাৰ হিতৰ বাবে কৰা হৈছে, তেন্তে ইয়ে তেওঁক নিশ্চয়ে সন্তুষ্টি আৰু সতেজতা প্ৰদান কৰিব। (উপদেশক ৩:১৩, ২২) ঠিক সেইদৰে আমি আমাৰ চুবুৰীয়াক জনোৱা বাইবেল সত্যতাৰ বাহিৰে আন কোনো কাৰ্য্য উত্তম হʼব পাৰেনে? তদুপৰি ঈশ্বৰীয় স্তৰসমূহ বজাই ৰাখিবলৈ কৰা সংঘৰ্ষ আৰু বৰ্তমানে পোৱা লাভসমূহৰ মাজত তুলনা কৰিলে, আমি আনন্দত উল্লাসিত হওঁ। (হিতোপদেশ ২:১০-২০) আনকি ঈশ্বৰৰ ৰাজ্যৰ অৰ্থে উৎপীড়নৰ সম্মুখীন হোৱাটো আমাৰ বাবে এক সন্মানীয় বিষয় বুলি ভাবোঁ।—১ পিতৰ ৪:১৪.

আমি বিশেষকৈ যীচুৰ ভাৰ বোৱাৰ দ্বাৰা তেতিয়াহে সতেজতা অনুভৱ কৰিম যেতিয়া নিজৰ তুলনা আধ্যাত্মিক অন্ধকাৰময় জগতত থকা লোকসকলৰ সৈতে কৰোঁ। আমাৰ প্ৰতি ঈশ্বৰৰ গভীৰ প্ৰেম আছে আৰু সেয়েহে তেওঁ কেতিয়াও আমাৰ পৰা অযুক্তিকৰভাৱে দাবী নকৰে। প্ৰকৃততে যিহোৱা ঈশ্বৰৰ “আজ্ঞাবোৰ ববলৈ গধুৰ নহয়।” (১ যোহন ৫:৩) বাইবেলত উল্লেখ কৰা খ্ৰীষ্টান সিদ্ধান্তবোৰ পালন কৰি আমি কেতিয়াও ভাৰগ্ৰস্ত হোৱা বুলি নাভাবোঁ। তদুপৰি আমি কৰা উপাসনাই আমাক কোনো ধৰণৰ ভাৰগ্ৰস্ত বা নিৰুৎসাহী নকৰে।

‘আটাই বাধা দূৰ কৰক’

৮. বেছিভাগ সময়ত আধ্যাত্মিকভাৱে ক্লান্ত হৈ পৰাৰ কাৰণ কি?

আমি প্ৰায়ে এই দুষ্ট জগতখনৰ পৰা অতিৰিক্ত হেঁচা পাই আধ্যাত্মিকভাৱে ক্লান্ত হৈ পৰিছোঁ। তদুপৰি “গোটেই জগত পাপ-আত্মাৰ অধীনত” থকাৰ বাবে আমি সদায়ে এনে শক্তিবোৰৰ সম্মুখীন হৈছোঁ যি আমাৰ চিন্তা বৃদ্ধি আৰু খ্ৰীষ্টান ভাৰসাম্যতাক দূষিত কৰিব পাৰে। (১ যোহন ৫:১৯) অনাৱশ্যকীয় বিষয়বোৰে আমাৰ খ্ৰীষ্টান কাৰ্য্যবোৰত বাধা জন্মাব পাৰে। এনে অতিৰিক্ত বোজাবোৰে আমাক হয়তো নিৰুৎসাহী আৰু মানসিকভাৱে দুৰ্ব্বল কৰি তুলিব পাৰে। সেইবাবে বাইবেলে আমাক “আটাই বাধা” দূৰ কৰিবলৈ কৈছে।—ইব্ৰী ১২:১-৩.

৯. ভৌতিক অভিলাষে কেনেকৈ আমাৰ জীৱনটোক ভাৰগ্ৰস্ত কৰিব পাৰে?

উদাহৰণস্বৰূপে, এই জগতত থকা জাকজমকতা, ধন-সম্পত্তি আৰু আমোদ-প্ৰমোদে আমাৰ বিচাৰধাৰাক প্ৰভাৱিত কৰিব পাৰে। (১ যোহন ২:১৫-১৭) প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলেও এনে অভিলাষৰ দ্বাৰা পৰিচালিত হৈ নিজৰ জীৱনটোক বিপদত পেলাইছিল। সেইবাবে পাঁচনি পৌলে তেওঁলোকক এইদৰে কৈছিল: “যি বিলাকে ধনৱন্ত হবলৈ ইচ্ছা কৰে, তেওঁবিলাক পৰীক্ষা আৰু ফান্দত, আৰু অজ্ঞান আৰু হানিজনক অভিলাষত পৰে; সেইবোৰ এনেকুৱা যে, মানুহবিলাকক সংহাৰত আৰু সৰ্ব্বনাশত মগ্ন কৰে। ধন-লোভেই সকলো মন্দৰ মূল; তালৈ আকাঙ্ক্ষা কৰি, কোনো কোনো মানুহে বিশ্বাসৰ পৰা ভ্ৰান্ত হৈ, যাতনাৰূপ শলাৰে নিজকেই শালিলে।”—১ তীমথিয় ৬:৯, ১০.

১০. ধনৱানৰ বিষয়ে যীচুৱে দিয়া দৃষ্টান্তৰ পৰা আমি কি শিকিব পাৰোঁ?

১০ আমি ভৌতিক অভিলাষৰ দ্বাৰা পৰিচালিত হৈ আধ্যাত্মিকতাত শ্বাসৰোদ্ধ হোৱাৰ বাবে ঈশ্বৰৰ সেৱাত কেতিয়াবা ক্লান্ত আৰু নিৰুৎসাহী হোৱা অনুভৱ কৰিছোঁনে? এনে হোৱাৰ এটা কাৰণ আমি যীচুৱে দিয়া বীজ সিচোঁতাৰ দৃষ্টান্তটোৰ পৰা জানিব পাৰোঁ। তেওঁ “সংসাৰৰ চিন্তা, ধনৰ মায়া, আৰু আন আন বিষয়ৰ লোভৰ” তুলনা কাঁইটৰ সৈতে কৰিছিল যি আমাৰ হৃদয়ত ঈশ্বৰৰ বাক্যক হেঁচি ধৰে। (মাৰ্ক ৪:১৮,  ১৯) এইহেতুকে বাইবেলে আমাক পৰামৰ্শ দি এইদৰে কৈছে: “তোমালোকৰ স্বভাৱ নিৰ্ল্লোভ হওক; তোমালোকৰ যি আছে, তাতে সন্তুষ্ট হৈ থাকা; কিয়নো তেৱেঁ কৈছে, মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম।”—ইব্ৰী ১৩:৫.

১১. আমি কেনেকৈ ভাৰগ্ৰস্ত কৰা কাৰণবোৰক আঁতৰ কৰিব পাৰোঁ?

১১ কেতিয়াবা আমাৰ জীৱনটো হয়তো অধিক ভৌতিকবাদৰ পিছত যোৱাৰ বাবে নহয়, কিন্তু বৰ্তমানে থকা বস্তুবোৰ কেনেকৈ ব্যৱহাৰ কৰিব পাৰি, তাৰ বাবে জটিল হৈ পৰিব পাৰে। আমাৰ কিছুমানে হয়তো মৃত্যুত আপোনজনাক হেৰুৱা আৰু শাৰীৰিক সমস্যাৰ বাবে মানসিকভাৱে ভাঙি পৰিব পাৰোঁ। তেওঁলোকে সময়ে সময়ে সাল-সলনি কৰা আৱশ্যক। উদাহৰণস্বৰূপে, এহাল বৈবাহিক দম্পতীয়ে কিছুমান অনাৱশ্যকীয় মনোৰঞ্জক আৰু ব্যক্তিগত কাৰ্য্যক বাদ দিয়ে। তেনে কৰাৰ দ্বাৰা আচলতে তেওঁলোকে ব্যক্তিগত মনোৰঞ্জক কাৰ্য্যৰ সৈতে জড়িত থকা সকলো বিষয় আৰু পৰিকল্পনাক বাদ দিলে। ঠিক সেইদৰে আমিও সময়ে সময়ে নিজৰ অভিৰুচি আৰু সা-সম্পত্তিৰ বিষয়ে পুনৰ বিচাৰ কৰি অনাৱশ্যকীয় ভাৰবোৰ আঁতৰ কৰিব পাৰোঁ, যিয়ে আমাৰ চিন্তা বৃদ্ধি আৰু ক্লান্ত কৰিব পাৰে।

যুক্তিযুক্ততা আৰু আত্মসংযমী হোৱা আৱশ্যক

১২. আমি কিয় নিজৰ ভুলবোৰক উপলব্ধি কৰা উচিত?

১২ হয়তো সামান্য বিষয়বোৰত হোৱা ভুলবোৰে আমাৰ জীৱনটো জটিল কৰি তুলিব পাৰে। এই সন্দৰ্ভত দায়ূদে কোৱা এই বাক্যশাৰী কিমান যে সত্য, যʼত তেওঁ এইদৰে কৈছিল: “মোৰ অনেক প্ৰকাৰ অপৰাধ মোৰ মূৰৰ ওপৰলৈকে উঠিল; গধূৰ বোজাৰ নিচিনা সেইবোৰ মোৰ পক্ষে অতি ভাৰী।” (গীত ৩৮:৪) প্ৰায়ে ব্যৱহাৰিকভাৱে কৰা কিছুমান সাল-সলনিয়ে আমাৰ গধূৰ ভাৰৰূপী চিন্তা দূৰ কৰিব পাৰে।

১৩. পৰিচৰ্য্যা কাৰ্য্যৰ প্ৰতি ভাৰসাম্যতা বজাই ৰাখিবলৈ যুক্তিযুক্ততাই আমাক কেনেকৈ সহায় কৰিব পাৰে?

১৩ বাইবেলে আমাক “বুদ্ধি-কৌশল আৰু বহুদৰ্শিতাক যত্নেৰে” বিকশিত কৰিবলৈ উৎসাহিত কৰিছে। (হিতোপদেশ ৩:২১, ২২) কিয়নো ‘ওপৰৰ পৰা অহা জ্ঞান হৈছে ক্ষান্তস্বভাৱী।’ (যাকোব ৩:১৭) মণ্ডলীৰ আন ব্যক্তিসকলৰ সৈতে নিজৰ পৰিচৰ্য্যা কাৰ্য্যৰ তুলনা কৰি কিছুমানে ভাৰগ্ৰস্ত অনুভৱ কৰিছে। কিন্তু এই বিষয়ে বাইবেলে পৰামৰ্শ দি কৈছে: “প্ৰতিজনে নিজৰ কৰ্ম্মৰ পৰীক্ষা কৰক; তেহে তেওঁ, অন্যৰ কথাত নহয়, নিজৰ কথাতহে শ্লাঘাৰ কাৰণ পাব। কিয়নো প্ৰতিজনে নিজে নিজৰ ভাৰ বব।” (গালাতীয়া ৬:৪, ৫) এইটো সঁচা যে মণ্ডলীৰ ভাই-ভনীসকলে ৰাখা উদাহৰণে আমাক সম্পূৰ্ণ মনেৰে যিহোৱাৰ সেৱাত লাগি থাকিবলৈ সহায় কৰিব পাৰে, কিন্তু একেই সময়তে জ্ঞান আৰু যুক্তিযুক্ততাই পৰিস্থিতিৰ অনুসাৰে আমাক বাস্তৱিক লক্ষ্য ৰাখিবলৈ সহায় কৰিব।

১৪, ১৫. আমি শাৰীৰিক আৰু আৱেগপ্ৰৱণতাৰ আৱশ্যকতাক পূৰণ কৰিবলৈ কেনেকৈ ব্যৱহাৰিক বুদ্ধি প্ৰকাশ কৰিব পাৰোঁ?

১৪ দেখাত সামান্য যেন লগা বিষয়বোৰতো ক্লান্ত হৈ নপৰিবলৈ আমাক যুক্তিযুক্ততাই সহায় কৰিব পাৰে। উদাহৰণস্বৰূপে, আমি এনে কিছুমান ভাৰসাম্য অভ্যাস বিকশিত কৰোঁনে যি এক উত্তম স্বাস্থ্যৰ বাবে আৱশ্যক? এই বিষয়ে যিহোৱাৰ সাক্ষীসকলৰ এখন শাখা কাৰ্য্যালয়ত সেৱা কৰা এক বৈবাহিক দম্পতীৰ বিষয়ে বিবেচনা কৰক। তেওঁলোকে ক্লান্ত হৈ নপৰিবলৈ ব্যৱহাৰিক বুদ্ধিৰে কাৰ্য্য কৰে। এই বিষয়ে পত্নী গৰাকীয়ে এইদৰে কয়: “আমি দিনটোত যিমানেই কাম নকৰোঁ কিয়, কিন্তু প্ৰত্যেক দিনা প্ৰায় একে সময়তে নিশা শুবলৈ চেষ্টা কৰোঁ। তদুপৰি আমি নিয়মীয়াকৈ কচৰৎ কৰোঁ। তেনেদৰে কৰাৰ দ্বাৰা আমাৰ বাবে অনেক সহায়ক হʼল। যেনে, আমি আমাৰ সীমিত অৱস্থাৰ বিষয়ে বুজি তাৰ অনুসাৰে কাৰ্য্য কৰিবলৈ শিকিলোঁ। ইয়াৰ উপৰিও ইয়াকো বুজিব পাৰিলোঁ যে আমি এনে ব্যক্তিসকলৰ সৈতে নিজৰ তুলনা কৰিবলৈ চেষ্টা নকৰোঁ যিসকল আমাতকৈ অধিক সক্ৰিয়।” আমি নিয়মীয়াকৈ পুষ্টিকৰ আহাৰ কৰা আৰু ভালকৈ বিশ্ৰাম কৰোঁনে? কিয়নো স্বাস্থ্যৰ প্ৰতি থকা ভাৰসাম্য মনোবৃত্তিয়ে আমাৰ আৱেগিক অনুভূতি আৰু আধ্যাত্মিকভাৱে ক্লান্ত হোৱাৰ পৰা ৰক্ষা কৰে।

১৫ আমাৰ কিছুমানৰ আৱশ্যকতা অসাধাৰণ। উদাহৰণস্বৰূপে, প্ৰত্যাহ্বানজনক সমস্যাৰ সম্মুখীন হোৱাৰ স্বত্ত্বেও পূৰ্ণ সময়ৰ সেৱীকা হিচাবে কাৰ্য্য কৰা এগৰাকী ভনীৰ বিষয়ে বিবেচনা কৰক। ভনীগৰাকীয়ে গম্ভীৰ শাৰীৰিক সমস্যা থকাৰ উপৰিও কেন্সাৰ ৰোগৰ দ্বাৰা পীড়িত। কিহে ভনীগৰাকীক এনে কষ্টদায়ক পৰিস্থিতিসমূহৰ সৈতে যুঁজিবলৈ সহায় কৰিছে? এই বিষয়ে ভনীগৰাকীয়ে এইদৰে কয়: “কিছু পৰ একান্তভাৱে থাকিবলৈ মোক সময়ৰ আৱশ্যক। মই যিমানেই বিহ্বলতা আৰু ক্লান্ত হোৱা অনুভৱ কৰোঁ সিমান শীঘ্ৰেই নিৰ্জনতাৰ সময়খিনিক পঢ়িবলৈ বা বিশ্ৰাম লোৱাৰ বাবে ব্যৱহাৰ কৰোঁ।” ব্যৱহাৰিক বুদ্ধি আৰু বিবেচনাশীলতাই আমাৰ আধ্যাত্মিক ক্লান্তক আঁতৰ কৰি দুৰ্ব্বলতাবোৰক চিনি পাবলৈ আৰু পৰিতৃপ্ত হʼবলৈ সহায় কৰে।

যিহোৱাই আমাক শক্তি প্ৰদান কৰে

১৬, ১৭. (ক) আমি আধ্যাত্মিক আৱশ্যকতাৰ প্ৰতি কিয় যত্ন লোৱা উচিত? (খ) দৈনন্দিন কাৰ্য্যকলাপৰ সৈতে আমি কি সন্মিলিত কৰাটো অতি আৱশ্যক?

১৬ আধ্যাত্মিক আৱশ্যকতাৰ প্ৰতি আমি যত্ন লোৱাতো অতি আৱশ্যক। আমি হয়তো শাৰীৰিকভাৱে ক্লান্ত হৈ পৰিব পাৰোঁ, কিন্তু যদি যিহোৱাৰ সৈতে এক নিবিড় সম্পৰ্ক বজাই ৰাখোঁ, তেন্তে তেওঁক উপাসনা কৰি কেতিয়াও ক্লান্ত হৈ নপৰিম। কিয়নো তেওঁ “ক্লান্ত হোৱা লোকক শক্তি দান কৰে, আৰু বল নোহোৱা লোকক অধিক বল দান কৰে।” (যিচয়া ৪০:২৮, ২৯) এই বাক্যবোৰৰ সত্যতাক অনুভৱ কৰা পাঁচনি পৌলে এইদৰে কৈছিল: “আমি নিৰুৎসাহ নহওঁ; কিন্তু আমাৰ বাহ্যিক পুৰুষ যদিও নষ্ট হৈ গৈছে, তথাপি আমাৰ আন্তৰিক পুৰুষ দিনে দিনে নতুন হৈ গৈছে।”—২ কৰিন্থীয়া ৪:১৬.

১৭ পাঁচনি পৌলে “দিনে দিনে” বুলি উল্লেখ কৰা উক্তিটোৰ বিষয়ে লক্ষ্য কৰক। ইয়াৰ অৰ্থ হৈছে যিহোৱাই দৈনন্দিনভাৱে প্ৰবন্ধ কৰা ব্যৱস্থাৰ দ্বাৰা লাভৱান হোৱা। ৪৩ বছৰ ধৰি মিছনাৰী সেৱাত ভাগ লোৱা এগৰাকী ভনীৰ বিষয়ে বিবেচনা কৰক। যদিও ভনীগৰাকীয়ে বহুবাৰ নিৰুৎসাহী আৰু শাৰীৰিকৰূপে ভাগৰি পৰা অনুভৱ কৰিছিল, তথাপিও ক্লান্ত হোৱা নাছিল। ভনীগৰাকীয়ে এইদৰে কয়: “কোনো কাম আৰম্ভ কৰাৰ আগেয়ে মই ৰাতিপূৱা সোনকালে উঠি বাইবেলখন পঢ়িবলৈ আৰু যিহোৱালৈ প্ৰাৰ্থনা কৰিবলৈ সময় উলিয়াওঁ। এনে ধৰণে কৰা নিয়মীয়া অভ্যাসে মোক আজিলৈকে পৰীক্ষাৰ সৈতে সম্মুখীন হʼবলৈ সহায় আগবঢ়াই আহিছে।” যদি আমি “দিনে দিনে” অৰ্থাৎ নিতৌ প্ৰাৰ্থনা কৰোঁ, তেওঁৰ উল্লেখনীয় গুণ আৰু প্ৰতিজ্ঞাবোৰৰ ওপৰত ধ্যান দিওঁ, তেন্তে নিশ্চয়ে শক্তি লাভ কৰিম।

১৮. অসুস্থ শৰীৰ বা বৃদ্ধ বিশ্বাসীসকলৰ বাবে বাইবেলে কি আশ্বাস দিছে?

১৮ যিসকলে বৃদ্ধ হৈ আহিছে বা অসুস্থ শৰীৰৰ দ্বাৰা পীড়িত হোৱাৰ বাবে নিৰুৎসাহিত হৈছে, তেওঁলোকৰ বাবে ই বিশেষ সহায়ক প্ৰমাণিত হৈছে। তেওঁলোকে হয়তো আনৰ সৈতে নিজকে তুলনা কৰি নহয়, কিন্তু অতীততে কৰা কাৰ্য্যৰ সৈতে বৰ্তমানৰ কাৰ্য্যক তুলনা কৰি নিৰুৎসাহী হৈ পৰিছে। কিন্তু যিহোৱাই বৃদ্ধ ব্যক্তিসকলক সন্মানীয় দৃষ্টিৰে লক্ষ্য কৰে বুলি জনাটো বাস্তৱতে এক শান্ত্বনাদায়ক নহয়নে বাৰু! এই সন্দৰ্ভত বাইবেলে এইদৰে কৈছে: “ধাৰ্ম্মিকতাৰূপ পথত পোৱা পকা কেশ শোভাৰ কিৰীটিস্বৰূপ।” (হিতোপদেশ ১৬:৩১) যিহোৱাই আমাৰ পৰিস্থিতি আৰু দুৰ্ব্বলতাৰ বিষয়ে জানে আৰু সম্পূৰ্ণ মনেৰে কৰা সেৱাৰ প্ৰতি তেওঁ মূল্যাঙ্কন দেখুৱায়। তদুপৰি আমি কৰা উত্তম কাৰ্য্যবোৰ তেওঁ কেতিয়াও পাহৰি নাযায়। এই বিষয়ে বাইবেলে আমাক আশ্বাস দি এইদৰে কৈছে: “তোমালোকেও পবিত্ৰ লোকবিলাকৰ যি সেৱা-শুশ্ৰূষা কৰিলা, আৰু কৰিছা, তাৰেই ঈশ্বৰৰ নামলৈ তোমালোকে দেখুউৱা প্ৰেম আৰু তোমালোকৰ পৰিশ্ৰম যে ঈশ্বৰে পাহৰিব, তেওঁ এনে অধাৰ্ম্মিক নহয়।” (ইব্ৰী ৬:১০) গতিকে এনে বিশ্বাসী বৃদ্ধ ব্যক্তিসকল আমাৰ মাজত থকাটো প্ৰকৃততে এক আদৰণীয় বিষয়!

হতাশ হৈ নপৰা

১৯. আমি সৎকৰ্ম্ম কৰি থকাৰ দ্বাৰা কেনেকৈ লাভৱান হʼব পাৰোঁ?

১৯ বহুতে বিশ্বাস কৰে যে সদায়ে উদ্যমী হৈ কাম কৰিলে শাৰীৰক ভাগৰ আঁতৰ হয়। ঠিক সেইদৰে নিতৌ কৰা আধ্যাত্মিক কাৰ্য্যই সকলো প্ৰকাৰৰ আৱেগীক বা আধ্যাত্মিকভাৱে ক্লান্ত হৈ নপৰিবলৈ সহায় কৰে। এই বিষয়ে বাইবেলে এইদৰে কৈছে: “সৎকৰ্ম্ম কৰি কৰি আমি নিৰুৎসাহ নহওঁহঁক; কিয়নো আমি ক্লান্ত নহলে, উচিত সময়ত দাবলৈ পাম। এই হেতুকে আহাঁ, শুভক্ষণ পালে, সকলোলৈ, বিশেষকৈ পৰিয়ালস্বৰূপ বিশ্বাস কৰাবিলাকলৈ হিতজনক কৰ্ম্ম কৰোঁহঁক।” (গালাতীয়া ৬:৯, ১০) মন কৰক যে ইয়াত “সৎকৰ্ম্ম কৰি” থকা অৰ্থাৎ আনৰ প্ৰতি সৎকৰ্ম্ম কৰিবলৈ পদক্ষেপ লোৱাৰ বিষয়ে উল্লেখ কৰিছে, যি আমাক আধ্যাত্মিকভাৱে ক্লান্ত হৈ নপৰিবলৈ সহায় কৰে।

২০. নিৰুৎসাহী অনুভূতিৰ পৰা আঁতৰি থাকিবলৈ আমি কেনে ব্যক্তিসকলৰ সৈতে সঙ্গতি কৰা উচিত নহয়?

২০ কিন্তু ইয়াৰ বিপৰীতে আমি যদি অবজ্ঞাকাৰীসকলৰ সৈতে সঙ্গতি বা তেওঁলোকৰ কাৰ্য্যত ভাগ লওঁ, তেন্তে নিশ্চয়ে ক্লান্ত হৈ পৰিম। কিয়নো বাইবেলে আমাক সতৰ্ক কৰি এইদৰে কৈছে: “শিল হলে গধূৰ, আৰু বালিও গধূৰ; কিন্তু অজ্ঞানৰ বেজাৰ এই দুয়োটাতকৈও গধূৰ।” (হিতোপদেশ ২৭:৩) গতিকে নিৰুৎসাহী অনুভূতি আৰু ক্লান্ত হোৱাৰ পৰা আঁতৰি থাকিবলৈ, আমি আনৰ দোষ বিচৰি ফুৰা ব্যক্তিসকলৰ সৈতে সঙ্গতি কৰা উচিত নহয়।

২১. খ্ৰীষ্টান সভাবোৰত আমি কেনেকৈ আনৰ উৎসাহৰ কাৰণ হʼব পাৰোঁ?

২১ যিহোৱাই প্ৰবন্ধ কৰা খ্ৰীষ্টান সভাবোৰত আমি আধ্যাত্মিকভাৱে শক্তিশালী হওঁ। সেই সভাবোৰত আমি পৰস্পৰে ইজনে সিজনক উৎসাহিত আৰু সঙ্গতি কৰিবলৈ সুযোগ পাওঁ। (ইব্ৰী ১০:২৫) মণ্ডলীৰ প্ৰত্যেকজন সদস্যই আধ্যাত্মিকৰূপে গঢ়ি তুলা সভাবোৰত উদ্দেশ্যপূৰ্ণ উত্তৰ দিয়া বা মঞ্চৰ পৰা উদ্দেশ্যপূৰ্ণৰূপে নিজ ভাগ প্ৰস্তুত কৰা উচিত। বিশেষকৈ মণ্ডলীত অধ্যক্ষ হিচাবে থকা সকলে এই কাৰ্য্যত আগভাগ লোৱা উচিত। (যিচয়া ৩২:১, ২) আনকি তেওঁলোকে মৃদুস্বৰে আনক পৰামৰ্শ বা শুধৰণি কৰা আৱশ্যক। (গালাতীয়া ৬:১, ২) আনৰ প্ৰতি থকা আমাৰ প্ৰেমে ক্লান্ত হৈ নপৰাকৈ নিৰন্তৰে যিহোৱাৰ সেৱা কৰিবলৈ আমাক সহায় কৰিব।—গীত ১৩৩:১; যোহন ১৩:৩৫.

২২. আমি কিয় অসিদ্ধ হোৱা স্বত্ত্বেও সাহসী হোৱাৰ প্ৰমাণ দিব পাৰোঁ?

২২ এই শেষকালত যিহোৱাৰ উপাসনা কৰাৰ সৈতে কাৰ্য্য কৰাও সন্মিলিত আছে। ইয়াৰ উপৰিও খ্ৰীষ্টান হোৱাৰ বাবে আমি কঠিন পৰিস্থিতিৰ সম্মুখীন, আৱেগীক বেদনাগ্ৰস্ত আৰু ক্লান্ত হোৱাৰ পৰা ৰেহাই নাপাওঁ। তদুপৰি আমাৰ অসিদ্ধ শৰীৰ হৈছে মাটিৰ পাত্ৰৰ দৰে দুৰ্ব্বল। তথাপিও বাইবেলে এইদৰে কৈছে: “শক্তিৰ বাহুল্যতা যেন আমাৰ পৰা নহৈ ঈশ্বৰৰ হয়, এই কাৰণে মাটিৰ পাত্ৰ যি আমি, আমাত সেই দীপ্তিৰূপ ধন আছে।” (২ কৰিন্থীয়া ৪:৭) এতেকে আঁহক আমি যদিও ভাগৰি পৰোঁ, তথাপিও যেন ক্লান্ত হৈ নপৰোঁ। কিন্তু “আমি সাহেৰে কব পাৰোঁ যে, [যিহোৱা, NW] মোৰ সহায়কৰ্ত্তা।”—ইব্ৰী ১৩:৬. (w04 8/15)

এক চমু পুননিৰীক্ষণ

• আমি পৰিত্যাগ কৰিব পৰা কিছুমান গধূৰ বোজাবোৰ কি?

• আমি কেনেকৈ সঙ্গী ভাই-ভনীসকলৰ প্ৰতি “হিতজনক কৰ্ম্ম” কৰিব পাৰোঁ?

• আমি ক্লান্ত বা নিৰুৎসাহী হোৱাৰ সময়ত যিহোৱাই কেনেকৈ আমাক সহায় কৰে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২০ পৃষ্ঠাৰ ছবি]

কিছুমানে অনাৱশ্যকীয় অভিৰুচি আৰু ব্যক্তিগত কাৰ্য্যবোৰ ত্যাগ কৰিলে