Skip to content

Skip to table of contents

সঙ্কটৰ কালত যিহোৱাই হৈছে আমাৰ “দৃঢ় আশ্ৰয়”

সঙ্কটৰ কালত যিহোৱাই হৈছে আমাৰ “দৃঢ় আশ্ৰয়”

সঙ্কটৰ কালত যিহোৱাই হৈছে আমাৰ “দৃঢ় আশ্ৰয়”

ধাৰ্ম্মিকবিলাকৰ পৰিত্ৰাণ যিহোৱাৰ পৰাই; সঙ্কটৰ কালত তেওঁ তেওঁবিলাকৰ দৃঢ় আশ্ৰয়।”—গীত ৩৭:৩৯.

১, ২. (ক) যীচুৱে তেওঁৰ শিষ্যবিলাকৰ বাবে কেনে প্ৰাৰ্থনা কৰিছিল? (খ) নিজৰ লোকসকলৰ বাবে ঈশ্বৰৰ ইচ্ছা কি?

 যিহোৱা হৈছে এজন সৰ্ব্বশক্তিমান ঈশ্বৰ। সকলো সময়তে নিজৰ বিশ্বাসী উপাসকসকলক ৰক্ষা কৰাৰ তেওঁৰ ক্ষমতা আছে। আনকি তেওঁ নিজৰ লোকসকলক এই জগতৰ পৰা পৃথকে এখন সুৰক্ষিত আৰু শান্তিময় পৰিৱেশৰ স্থানতো ৰাখিব পাৰে। শিষ্যবিলাকৰ সম্পৰ্কে যীচুৱে এইদৰে প্ৰাৰ্থনা কৰিছিল: “মই নিবেদন নকৰোঁ যে, তুমি তেওঁবিলাকক জগতৰ পৰা নিয়া, কিন্তু তেওঁবিলাকক পাপ-আত্মাৰ পৰা ৰক্ষা কৰা।”—যোহন ১৭:১৫.

যিহোৱাই আমাক এই “জগতৰ পৰা” নিবলৈ বাছি লোৱা নাই। তাৰ পৰিৱৰ্তে এই জগতত থাকি আমি যেন তেওঁৰ বাৰ্ত্তাৰ বিষয়ে প্ৰচাৰ কৰোঁ, এইয়ে হৈছে তেওঁৰ ইচ্ছা। (ৰোমীয়া ১০:১৩-১৫) কিন্তু যীচুৰ প্ৰাৰ্থনাৰ অনুসাৰে, আমি এই জগতৰ “পাপ-আত্মাৰ” সৈতে সম্মুখীন হৈছোঁ। ইয়াৰ অৰ্থ হৈছে আমি দুষ্ট লোক, চয়তান আৰু তাৰ পিশাচবোৰৰ দ্বাৰা পীড়িত আৰু দুখ ভুগীবলগা হৈছে।—১ পিতৰ ৫:৯.

৩. বিশ্বাসী খ্ৰীষ্টানসকলে কেনে বাস্তৱিকতাৰ সৈতে সম্মুখীন হোৱা উচিত, কিন্তু আমি ঈশ্বৰৰ বাক্যৰ পৰা কেনে ধৰণৰ শান্ত্বনা লাভ কৰিব পাৰোঁ?

তেনে পৰীক্ষাবোৰ সম্মুখীন হৈ নিৰুৎসাহিত হোৱাটো এটা স্বাভাৱিক বিষয়। (হিতোপদেশ ২৪:১০) এনে নিৰুৎসাহিতৰ সৈতে সম্মুখীন হোৱা বহুতো বিশ্বাসী ব্যক্তিৰ বিষয়ে বাইবেলত লিপিবদ্ধ কৰা আছে। এই সন্দৰ্ভত গীতমালা ৰচোঁতাজনে কৈছিল যে, “ধাৰ্ম্মিক লোকৰ বিপদ অনেক, কিন্তু যিহোৱাই সেই জনক সেই সকলোৰ পৰা উদ্ধাৰ কৰে।” (গীত ৩৪:১৯) বাস্তৱতে “ধাৰ্ম্মিক লোকৰ” জীৱনতো অন্যায় হোৱা দেখা যায়। আমি হয়তো দায়ূদৰ নিচিনা “নিচেইকৈ দুৰ্ব্বল আৰু ভগ্ন” হোৱা অনুভৱ কৰিব পাৰোঁ। (গীত ৩৮:৮) তথাপিও “যিহোৱা ভগ্ন-চিত্তীয়াবিলাকৰ ওচৰ; খেদিত মন হোৱাবিলাকক তেওঁ পৰিত্ৰাণ কৰে” বুলি জনাটো এক শান্ত্বনাদায়ক বিষয়।—গীত ৩৪:১৮; ৯৪:১৯.

৪, ৫, (ক) হিতোপদেশ ১৮:১০ পদৰ অনুসাৰে আমি যিহোৱাৰ আশ্ৰয় লʼবলৈ কি কৰা উচিত? (খ) যিহোৱাৰ পৰা সহায় পাবলৈ আমি কেনেবোৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰা আৱশ্যক?

যীচুৱে কৰা প্ৰাৰ্থনাৰ অনুসাৰে, যিহোৱা ঈশ্বৰে নিশ্চয়ে আমাৰ প্ৰতি দৃষ্টি কৰে। কিয়নো তেওঁ হৈছে ‘সঙ্কটৰ কালত আমাৰ দৃঢ় আশ্ৰয়’ দিওঁতা। (গীত ৩৭:৩৯) সেই একেই উক্তিটোৰ বিষয়ে হিতোপদেশ কিতাপখনত এইদৰে কৈছে: “যিহোৱাৰ নাম দৃঢ় দুৰ্গস্বৰূপ; ধাৰ্ম্মিক লোক তালৈ পলাই গৈ ৰক্ষা পায়।” (হিতোপদেশ ১৮:১০) এই পদত যিহোৱাই নিজৰ লোকসকলৰ প্ৰতি লোৱা যত্নৰ বিষয়ে উল্লেখ কৰিছে। ঈশ্বৰে এনে ধাৰ্ম্মিক ব্যক্তিসকলক সুৰক্ষা প্ৰদান কৰে, যিসকলে অৰ্থাৎ যেনেকৈ আমি দৃঢ় দূৰ্গস্বৰূপে তেওঁত আশ্ৰয় লওঁ।

আমি কেনেকৈ সঙ্কটৰ সময়ত যিহোৱাত আশ্ৰয় লʼব পাৰোঁ? এই বিষয়ে আঁহক আমি এনে তিনিটা মূখ্য কাৰণক বিবেচনা কৰোঁহঁক যি আমাক যিহোৱাৰ সহায় প্ৰদান কৰিব পাৰে। ইয়াৰ প্ৰথমটো হৈছে, প্ৰাৰ্থনাৰ দ্বাৰা ঈশ্বৰৰ কাষ চপা। দ্বিতীয়টো, তেওঁৰ পবিত্ৰ আত্মাৰ সামঞ্জস্যত কাৰ্য্য আৰু তৃতীয়টো, সঙ্গী ভাই-ভনীসকলৰ সৈতে সঙ্গতি কৰিবলৈ তেওঁ কৰা প্ৰবন্ধক সমৰ্থন কৰা।

প্ৰাৰ্থনাৰ দ্বাৰা পোৱা শক্তি

৬. প্ৰাৰ্থনাৰ প্ৰতি প্ৰকৃত খ্ৰীষ্টানসকলে কেনে দৃষ্টিভঙ্গী ৰাখে?

কিছুমান স্বাস্থ্য বিশেষজ্ঞৰ অনুসাৰে, মানসিক বিষণ্ণতা আৰু হেঁচাৰ পৰা মুক্তি পাবলৈ প্ৰাৰ্থনা হৈছে এক সাধন। এইটো সঁচা যে কিছুসময় হয়তো মৌন হৈ থাকি, প্ৰকৃতিৰ বিশেষ কোনো শব্দবোৰ শুনি বা পিঠি মালিচ কৰাৰ দ্বাৰা মানসিক বিষণ্ণতা আৰু হেঁচাৰ পৰা মুক্তি পাব পাৰি। কিন্তু প্ৰকৃত খ্ৰীষ্টানসকলৰ বাবে প্ৰাৰ্থনা মানসিক বিষণ্ণতা আৰু হেঁচাৰ পৰা মুক্তি পোৱাৰ কোনো সাধন নহয়। আমি জানো যে প্ৰাৰ্থনা হৈছে সৃষ্টিকৰ্ত্তাৰ সৈতে হোৱা এক শ্ৰদ্ধাপূৰ্ণ কথোপকথন। প্ৰাৰ্থনাৰ সৈতে ঈশ্বৰৰ প্ৰতি থকা আমাৰ ভক্তি আৰু ভাৰসা সন্মিলিত আছে। বাস্তৱতে প্ৰাৰ্থনা হৈছে আমাৰ উপাসনাৰ এক ভাগ।

৭. বিশ্বাসেৰে প্ৰাৰ্থনা কৰাৰ অৰ্থ কি আৰু তেনে ধৰণৰ প্ৰাৰ্থনাই কেনেকৈ আমাক সঙ্কটৰ সময়ত সহায় কৰে?

আমি প্ৰাৰ্থনাৰ দ্বাৰা নিশ্চয়ে যিহোৱাত ভাৰসা ৰাখাৰ প্ৰমাণ দিয়া উচিত। এই সন্দৰ্ভত পাঁচনি যোহনে এইদৰে কৈছিল: “তেওঁৰ উদ্দেশে আমি পোৱা সাহ এই যে, আমি যদি তেওঁৰ ইচ্ছাৰ দৰে কিবা যাচ্‌না কৰোঁ, তেন্তে তেওঁ আমাৰ সেই যাচ্‌না শুনে।” (১ যোহন ৫:১৪) কেৱল সৰ্ব্বশক্তিমান আৰু সত্য ঈশ্বৰ যিহোৱাইহে তেওঁৰ উপাসকবিলাকে কৰা প্ৰাৰ্থনাৰ প্ৰতি বিশেষ মনোযোগেৰে শুনে। এতেকে প্ৰেমময় ঈশ্বৰ যিহোৱাই প্ৰাৰ্থনা শুনি আমাৰ দুচিন্তা আৰু সমস্যাবোৰৰ প্ৰতি মনোযোগ দিয়ে বুলি জানি আমি বাস্তৱতে শান্ত্বনা লাভ কৰোঁ।—ফিলিপীয়া ৪:৬.

৮. বিশ্বাসী খ্ৰীষ্টানসকলে কিয় ভয়ভীত হৈ বা অযোগ্য বুলি ভাবি যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত নহয়?

বিশ্বাসী খ্ৰীষ্টানসকলে কেতিয়াও ভয়ভীত হৈ, অযোগ্য বুলি ভাবি বা অল্প বিশ্বাস ৰাখি যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত নহয়। এইটো সঁচা যে কেতিয়াবা আমি হয়তো নিৰুৎসাহিত হৈ পৰা বা অধিক চিন্তাগ্ৰস্ত হোৱাৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আগ্ৰহী নহʼব পাৰোঁ। তেনে সময়ত আমি যিহোৱাই ‘দুখিতবিলাকক দয়া’ আৰু ‘নম্ৰবিলাকক শান্ত্বনা দিয়াৰ’ বিষয়ে সোঁৱৰিব পাৰোঁ। (যিচয়া ৪৯:১৩; ২ কৰিন্থীয়া ৭:৬) বিশেষকৈ আমি মানসিক বেদনা আৰু সঙ্কটৰ সময়ত বিশ্বাসেৰে তেওঁলৈ প্ৰাৰ্থনা কৰা উচিত।

৯. যিহোৱালৈ প্ৰাৰ্থনা কৰাৰ সময়ত আমাৰ বিশ্বাসে কেনে ভূমিকা আদায় কৰে?

যদি আমি প্ৰাৰ্থনাৰ দ্বাৰা লাভৱান হʼব বিচাৰিছোঁ, তেন্তে সম্পূৰ্ণ বিশ্বাস ৰাখা অতি আৱশ্যক। বাইবেলে কৈছে, “ঈশ্বৰ যে আছে, আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াকে তেওঁৰ ওচৰলৈ চপা মানুহে বিশ্বাস কৰিব লাগে।” (ইব্ৰী ১১:৬) কেৱল “ঈশ্বৰ যে আছে” বুলি বিশ্বাস কৰাটোৱেই যথেষ্ট নহয়। বৰঞ্চ ঈশ্বৰৰ ক্ষমতা আৰু তেওঁৰ আজ্ঞাকাৰী হোৱাও সন্মিলিত আছে। কিয়নো “[যিহোৱাৰ, NW] চকু ধাৰ্ম্মিকবিলাকৰ আৰু তেওঁৰ কাণ তেওঁবিলাকৰ প্ৰাৰ্থনালৈ।” (১ পিতৰ ৩:১২) যিহোৱা ঈশ্বৰে দেখুৱা প্ৰেমময় আগ্ৰহকতাৰ প্ৰতি যদি আমি সদায়ে মনোযোগ দিওঁ, তেন্তে তেওঁলৈ কৰা আমাৰ প্ৰাৰ্থনা অৰ্থপূৰ্ণ হৈ পৰিব।

১০. যদি আমি যিহোৱাৰ পৰা আধ্যাত্মিকভাৱে প্ৰতিপালিত হʼব বিচাৰিছোঁ তেন্তে আমাৰ প্ৰাৰ্থনা কেনে হোৱা উচিত?

১০ সম্পূৰ্ণ মনেৰে সৈতে কৰা প্ৰাৰ্থনাৰ প্ৰতি যিহোৱাই অৱশ্যেই মনোযোগ দিয়ে। এই সন্দৰ্ভত গীতমালা ৰচোঁতাজনে এইদৰে কৈছিল: “মই সমস্ত মনেৰে প্ৰাৰ্থনা কৰিলোঁ, হে যিহোৱা, মোক উত্তৰ দিয়া, মই তোমাৰ বিধিবোৰ পালন কৰিম।” (গীত ১১৯:১৪৫) বহুতো ধৰ্ম্মৰ লোকে কৰা গুৰুত্বহীন প্ৰাৰ্থনাৰ তুলনাত আমাৰ প্ৰাৰ্থনা সম্পূৰ্ণ বেলেগ। উদাহৰণস্বৰূপে, যেতিয়া আমি “সমস্ত মনেৰে” যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তেতিয়া আমাৰ প্ৰাৰ্থনা উদ্দেশ্য আৰু অৰ্থপূৰ্ণ হৈ পৰে। তেনে ধৰণৰ আগ্ৰহপূৰ্ণ প্ৰাৰ্থনা কৰাৰ পিছত আমি উপশমৰ অভিজ্ঞতা হম, কিয়নো ‘যিহোৱাত আমাৰ ভাৰ সমৰ্পণ’ কৰোঁ। তদুপৰি বাইবেলত কোৱা অনুসাৰে ‘তেওঁ আমাক প্ৰতিপালনো কৰিব।’—গীত ৫৫:২২; ১ পিতৰ ৫:৬, ৭.

ঈশ্বৰৰ পবিত্ৰ আত্মা হৈছে আমাৰ সহায়ক

১১. যেতিয়া আমি নিৰন্তৰে যিহোৱাৰ সহায় “বিচাৰি” প্ৰাৰ্থনা কৰোঁ তেতিয়া তেওঁ কেনে মাধ্যমেৰে উত্তৰ দিয়ে?

১১ যিহোৱা কেৱল প্ৰাৰ্থনা শুনোতাই নহয় কিন্তু উত্তৰ দিওঁতা ঈশ্বৰ। (গীত ৬৫:২) এই সন্দৰ্ভত দায়ূদে এইদৰে লিখিছিল: “সঙ্কটৰ কালত মই তোমাৰ আগত প্ৰাৰ্থনা কৰিম; কিয়নো তুমি মোক উত্তৰ দিবা।” (গীত ৮৬:৭) সেইবাবে যীচুৱে তেওঁৰ শিষ্যবিলাকক যিহোৱাৰ পৰা নিৰন্তৰে সহায় “বিচাৰি” থাকিবলৈ উৎসাহিত আৰু আশ্বাস দি কৈছিল যে, “স্বৰ্গত থকা পিতৃয়ে, তেওঁত খোজাবিলাকক পবিত্ৰ আত্মা” নিশ্চয়ে প্ৰদান কৰিব। (লূক ১১:৯-১৩) নিঃসন্দেহ, ঈশ্বৰৰ লোকসকলৰ বাবে তেওঁৰ পবিত্ৰ আত্মাই সহায়ক আৰু শান্ত্বনাদাতা স্বৰূপে কাৰ্য্য কৰে।—যোহন ১৪:১৬.

১২. অত্যধিক হেঁচাই আবৰি ধৰাৰ সময়ত ঈশ্বৰৰ পবিত্ৰ আত্মাই আমাক কেনেকৈ সহায় কৰে?

১২ পৰীক্ষাৰ সম্মুখীন হোৱাৰ সময়তো ঈশ্বৰৰ পবিত্ৰ আত্মাই আমাক “শক্তিৰ বাহুল্যতা” প্ৰদান কৰিব। (২ কৰিন্থীয়া ৪:৭) সফলতাৰে অনেক হেঁচাৰ সম্মুখীন হোৱা পাঁচনি পৌলে এইদৰে কৈছিল: “মোক শক্তি দিয়া জনাত থাকি, মই সকলো বিষয়ত বলৱান হৈছোঁ।” (ফিলিপীয়া ৪:১৩) ঠিক সেইদৰে বহুতো প্ৰকৃত খ্ৰীষ্টানে প্ৰাৰ্থনাৰ প্ৰত্যুত্তৰত আধ্যাত্মিক আৰু আৱেগীকভাৱে দৃঢ় হোৱা অনুভৱ কৰিছে। আমি প্ৰায়ে ঈশ্বৰৰ পবিত্ৰ আত্মাৰ দ্বাৰা দৃঢ় হৈ উপশম হোৱা অনুভৱ কৰোঁ। কিয়নো আমি পাঁচনি পৌলৰ দৰে এই ঈশ্বৰীয় শক্তিৰ বিষয়ে এইদৰে কʼব পাৰোঁ: “আমি সকোলোতে ক্লেশ ভোগ কৰিও, ঠেকত পৰা নহওঁ; উদ্বিগ্ন হৈয়ো, নিৰাশ নহওঁ; তাড়না পায়ো, অনাথ নহওঁ; পেলোৱা হৈয়ো, বিনষ্ট নহওঁ।”—২ কৰিন্থীয়া ৪:৮, ৯.

১৩, ১৪. (ক) যিহোৱাই কেনেকৈ তেওঁৰ বাক্যৰ দ্বাৰা আমাৰ দৃঢ় আশ্ৰয়স্বৰূপে প্ৰমাণিত হৈছে? (খ) আপুনি কেনেকৈ বাইবেলৰ সিদ্ধান্তবোৰ প্ৰয়োগ কৰি ব্যক্তিগতভাৱে লাভৱান হৈছে?

১৩ ঈশ্বৰৰ পবিত্ৰ আত্মাই আমাৰ লাভৰ নিমিত্তে বাইবেলখন লিখিবলৈ প্ৰেৰিত কৰিলে আৰু সংৰক্ষিত কৰি ৰাখিলে। সঙ্কটৰ কালত যিহোৱাই কেনেকৈ তেওঁৰ বাক্যৰ দ্বাৰা আমাৰ দৃঢ় আশ্ৰয়স্বৰূপে প্ৰমাণিত হৈছে? তেওঁ ব্যৱহাৰিক বুদ্ধি আৰু বিচাৰ-শক্তি প্ৰদান কৰাৰ দ্বাৰা দৃঢ় আশ্ৰয়স্বৰূপে প্ৰমাণিত হৈছে। (হিতোপদেশ ৩:২১-২৪) বাইবেলে আমাৰ মানসিক দক্ষতা আৰু বিবেচনা শক্তিক উন্নত কৰে। (ৰোমীয়া ১২:১) নিয়মীয়াকৈ বাইবেল পাঠ, ধ্যান আৰু সেইবোৰৰ অনুসৰি জীৱন-যাপন কৰাৰ দ্বাৰা আমাৰ “জ্ঞানেন্দ্ৰিয়বোৰ ভাল-বেয়া বিষয় নিৰ্ণয় কৰাত নিপুণ” হʼব পাৰে। (ইব্ৰী ৫:১৪) কোনো কঠিন পৰিস্থিতিৰ সময়ত আপুনি বুদ্ধিমানপূৰ্বক নিৰ্ণয় লোৱাত বাইবেলৰ সিদ্ধান্তসমূহে কেনেকৈ সহায় কৰিলে, তাক নিশ্চয়ে আপুনি অনুভৱ কৰিছে। গম্ভীৰ সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰি, তাৰ বাবে বাইবেলে আমাক পাৰদৰ্শীতা প্ৰদান কৰে।—হিতোপদেশ ১:৪-৬.

১৪ ঈশ্বৰৰ বাক্য বাইবেলে আমাক বিশ্বাসত দৃঢ় কৰি তুলাৰ আন এক কাৰণ প্ৰদান কৰে আৰু সেইয়া হৈছে পৰিত্ৰাণৰ আশা। (ৰোমীয়া ১৫:৪) বাইবেলে আমাক কৈছে যে বেয়া পৰিস্থিতিবোৰ চিৰকাললৈকে নাথাকিব। আমি সম্মুখীন হোৱা ক্লেশবোৰ হৈছে অস্থায়ী। (২ কৰিন্থীয়া ৪:১৬-১৮) আমাৰ ওচৰত ‘অনন্ত জীৱন মিছা নোকোৱা ঈশ্বৰে অনাদি কালৰ পূৰ্ব্বে দিবলৈ কৰা প্ৰতিজ্ঞাৰ’ আশা আছে। (তীত ১:২) যদি আমি ঈশ্বৰে প্ৰতিজ্ঞা কৰা উজ্জ্বল ভৱিষ্যতৰ আশাত আনন্দিত হওঁ, তেন্তে সকলো ধৰণৰ ক্লেশ সহন কৰিবলৈ সক্ষম হʼম।—ৰোমীয়া ১২:১২; ১ থিচলনীকীয়া ১:৩.

মণ্ডলী হৈছে ঈশ্বৰৰ প্ৰেমৰ এক আভাস

১৫. খ্ৰীষ্টানসকলে কেনেকৈ পৰস্পৰে ইজনে সিজনৰ বাবে আশীৰ্ব্বাদৰ কাৰণ হʼব পাৰে?

১৫ সঙ্কটৰ কালত আমাক উৎসাহিত কৰা আন এটা প্ৰবন্ধ হৈছে খ্ৰীষ্টান মণ্ডলীত হোৱা সঙ্গতি। এই বিষয়ে বাইবেলে এইদৰে কৈছে: “বন্ধুৱে সকলো সময়তে ভাল পায়; কিন্তু ভায়েক দুৰ্দ্দশাৰ নিমিত্তে জন্ম পায়।” (হিতোপদেশ ১৭:১৭) বাইবেলে আমাক মণ্ডলীৰ সকলো সদস্যকে প্ৰেম আৰু সন্মান কৰিবলৈ উৎসাহিত কৰিছে। (ৰোমীয়া ১২:১০) পাঁচনি পৌলে কৈছিল যে, “প্ৰতিজনে নিজৰ হিত নিবিচাৰি, পৰৰ হিত বিচাৰক।” (১ কৰিন্থীয়া ১০:২৪) তেনে ধৰণে ৰাখা মনোবৃত্তিয়ে আমাক আনৰ আৱশ্যকতাসমূহৰ প্ৰতি ধ্যান দিবলৈ সহায় কৰিব। যেতিয়া আমি আনক সহায় কৰিবলৈ নিজকে প্ৰস্তুত কৰোঁ তেতিয়া ই আনন্দ আৰু সন্তুষ্টি কঢ়িয়াই অনাৰ উপৰিও আমাৰ চিন্তা হ্ৰাস কৰে।—পাঁচনিৰ কৰ্ম্ম ২০:৩৫.

১৬. সকলো খ্ৰীষ্টানে কেনেকৈ পৰস্পৰে ইজনে সিজনক উৎসাহিত কৰিব পাৰে?

১৬ মণ্ডলীৰ পৰিপক্ক ভাই-ভনীসকলে আনৰ বিশ্বাস গঢ়ি তুলাত এক প্ৰমুখ ভূমিকা আদায় কৰে। তেনে কৰিবলৈ তেওঁলোকে নিজকে নম্ৰ আৰু উপগম্য কৰে। (২ কৰিন্থীয়া ৬:১১-১৩) যেতিয়া মণ্ডলীৰ সকলো সদস্যই কিশোৰ-কিশোৰীসকলে কৰা কাৰ্য্যৰ প্ৰতি শলাগ লয়, নতুনকৈ সত্যত অহা সকলৰ বিশ্বাসক দৃঢ় কৰে আৰু নিৰুৎসাহিত লোকক উদগাই তেতিয়া মণ্ডলীখন আশীৰ্ব্বাদেৰে পৰিতৃপ্ত হয়। (ৰোমীয়া ১৫:৭) ভাতৃত্ব প্ৰেমে সকলোকে বিশ্বাস কৰিবলৈ সহায় কৰে। সময় অতিবাহিত হোৱাৰ লগে লগে আমি ব্যক্তিগত সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰা উচিত। কিয়নো এইবোৰ হৈছে আধ্যাত্মিক দুৰ্ব্বলতাৰ পৰিচয়। সেইবাবে পাঁচনি পৌলে সকলো খ্ৰীষ্টানক “অল্প-সাহসীবিলাকক আশ্বাস” দিবলৈ উৎসাহিত কৰিছিল। (১ থিচলনীকীয়া ৫:১৪) কেৱল অল্প-সাহসীবিলাকক যে আশ্বাসৰ প্ৰয়োজন, এনে নহয়, কিন্তু বিশ্বাসী খ্ৰীষ্টানসকলকো সময় অনুযায়ী আশ্বাসৰ প্ৰয়োজন হয় বুলি বাইবেলে কৈছে।—পাঁচনিৰ কৰ্ম্ম ১৪:১৫.

১৭. খ্ৰীষ্টান ভাতৃত্ব সমাজক দৃঢ় কৰিবলৈ আমাৰ ওচৰত কেনে সুযোগবোৰ আছে?

১৭ মণ্ডলীত হোৱা সভাবোৰে ইজনে সিজনক শান্ত্বনা আৰু দৃঢ় কৰিবলৈ এক অত্যুত্তম সুযোগ প্ৰদান কৰে। (ইব্ৰী ১০:২৪, ২৫) এনে ধৰণৰ পৰস্পৰে হোৱা প্ৰেম কেৱল মণ্ডলীতেই নহয়, কিন্তু মাজে সময়ে হোৱা স্ফুৰ্তিদায়ক সঙ্গতিবোৰতো দেখিবলৈ পোৱা যায়। আমাৰ মাজত ভাতৃত্ব প্ৰেমৰ এক শক্তিশালী বন্ধন হোৱা হেতুকে আমি সঙ্কটৰ সময়ত পৰস্পৰে সহায় কৰিবলৈ প্ৰস্তুত থাকোঁ। এই সম্পৰ্কে পাঁচনি পৌলে এইদৰে কৈছিল: “শৰীৰত যেন বিভেদ নহয়, বৰং অঙ্গ-প্ৰত্যঙ্গবোৰে পৰস্পৰে হিত চিন্তা কৰে, . . . তাতে এক অঙ্গে দুখ পালে, তাৰে সৈতে সকলো অঙ্গ-প্ৰত্যঙ্গে দুখ পায়; আৰু এক অঙ্গে মৰ্য্যাদা পালে, তাৰে সৈতে সকলো অঙ্গ-প্ৰত্যঙ্গে আনন্দ কৰে।”—১ কৰিন্থীয়া ১২:২৫, ২৬.

১৮. যদি আমি নিৰুদ্যম হোৱা অনুভৱ কৰিছোঁ, তেন্তে কেনে ধৰণৰ ভাৱনাৰ পৰা আঁতৰি থকা উচিত?

১৮ কেতিয়াবা হয়তো আমি সঙ্গী খ্ৰীষ্টানসকলৰ সৈতে সঙ্গতি কৰিবলৈ নিৰুদ্যম বুলি অনুভৱ কৰিব পাৰোঁ। এতেকে আঁহক আমি মনলৈ অহা তেনেবোৰ ভাৱনাৰ সৈতে সংগ্ৰাম কৰোঁহঁক, কিয়নো এনে ভাৱনাই আমাক সঙ্গী ভাই-ভনীসকলে দিয়া শান্ত্বনাৰ পৰা বঞ্চিত কৰিব পাৰে। বাইবেলে এই বিষয়ে সতৰ্ক কৰি এইদৰে কৈছে: “যি মানুহে নিজকে পৃথক ৰাখে, তেওঁ কেৱল নিজৰ বাঞ্ছাসিদ্ধিৰ চেষ্টা কৰে, আৰু সকলো সুপৰামৰ্শৰ বিৰুদ্ধে খং দেখুৱায়।” (হিতোপদেশ ১৮:১) যিহোৱাই যে আমাক প্ৰতিপালিত কৰে, তাৰ প্ৰমাণ আমাৰ ভাই-ভনীসকলে কৰা কাৰ্য্যৰ দ্বাৰা দেখিবলৈ পাওঁ। যদি আমি যিহোৱাৰ এই প্ৰেমময় প্ৰবন্ধৰ বিষয়ে উপলব্ধি কৰিব পাৰিছোঁ, তেন্তে সঙ্কটৰ সময়ত নিশ্চয়ে উপশম লাভ কৰিম।

উচিত মনোবৃত্তি বজাই ৰাখক

১৯, ২০. অনুচিত ভাৱনাৰ পৰা আঁতৰি থাকিবলৈ শাস্ত্ৰীয় পদবোৰে আমাক কেনেকৈ সহায় কৰে?

১৯ নিৰুৎসাহৰ কবলত পৰি আমাৰ মনত বহুতো অনুচিত ভাৱনা উৎপন্ন হয়। উদাহৰণস্বৰূপে, দুৰ্যোগৰ সম্মুখীন হোৱাৰ সময়ত হয়তো বহুতে নিজকে অযোগ্য বুলি ভাবি ঈশ্বৰৰ ওপৰত সন্দেহ কৰিব পাৰে। কিন্তু সদায়ে মনত ৰাখক যে যিহোৱাই কাৰো পৰীক্ষা “মন্দ বিষয়ৰ” সৈতে নকৰে। (যাকোব ১:১৩) কিয়নো বাইবেলে কৈছে যে, “তেওঁ ইচ্ছাৰে দুখ নিদিয়ে, বা মানুহৰ সন্তানবিলাকক বেজাৰ নিদিয়ে।” (বিলাপ ৩:৩৩) ইয়াৰ বিপৰীতে, যিহোৱাই তেওঁৰ উপাসকবিলাকৰ দুখত দুখি হয়।—যিচয়া ৬৩:৮, ৯; জখৰিয়া ২:৮.

২০ যিহোৱা হৈছে “কৰুণাময় পিতৃ, আৰু সকলো শান্ত্বনাৰ ঈশ্বৰ।” (২ কৰিন্থীয়া ১:৩) তেওঁ আমাৰ প্ৰতিপালন কৰে আৰু উচিত সময়ত উদ্ধাৰৰ পথো মুকলি কৰিব। (১ পিতৰ ৫:৬, ৭) আমাৰ প্ৰতি থকা ঈশ্বৰৰ প্ৰেমৰ বিষয়ে নিৰন্তৰে কৰা বিবেচনাই এক উচিত মনোবৃত্তি বজাই ৰাখিবলৈ আমাক সহায় কৰিব। এই বিষয়ে পাঁচনি যাকোবে এইদৰে লিখিছিল: “তোমালোকে যেতিয়া নানাবিধ পৰীক্ষাত পৰা, তেতিয়া তোমালোকৰ বিশ্বাসৰ পৰীক্ষাই যে ধৈৰ্য্য জন্মায়, ইয়াকে জানি, তাক অতি আনন্দৰ বিষয় যেন মানিবা।” (যাকোব ১:২) আমি কিয় আনন্দিত হোৱা উচিত? যাকোবে স্বয়ং উত্তৰ দি এইদৰে কৈছে: “কিয়নো পৰীক্ষাসিদ্ধ হলে, প্ৰভুক প্ৰেম কৰাবিলাকক জীৱনৰূপ যি কিৰীটি দিবলৈ প্ৰভুৱে প্ৰতিজ্ঞা কৰিলে, তাক তেওঁ পাব।”—যাকোব ১:১২.

২১. আমি যিয়েই দুখভোগৰ সম্মুখীন নহওঁ কিয়, যিহোৱাই তেওঁৰ বিশ্বাসী উপাসকবিলাকক কি প্ৰদান কৰিব বুলি নিশ্চয়তা দিছে?

২১ যীচুৱে কোৱা অনুসাৰে, এই জগতত আমি অৱশ্যেই ক্লেশৰ সম্মুখীন হʼম। (যোহন ১৬:৩৩) কিন্তু বাইবেলে আশ্বাস দি কৈছে যে, “ক্লেশ বা সঙ্কট, তাড়না বা আকাল, বস্ত্ৰহীনতা বা প্ৰাণসংশয়,” এইবোৰে আমাক যিহোৱা আৰু তেওঁৰ পুত্ৰৰ প্ৰেমৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে। (ৰোমীয়া ৮:৩৫, ৩৯) আমি সম্মুখীন হোৱা সকলো ক্লেশ চিৰকাললৈকে নাথাকে বুলি জনাটো বাস্তৱতে এক শান্ত্বনাদায়ক বিষয় নহয়নে বাৰু! তথাপিও এই দুখভোগ শেষ নোহোৱালৈকে ঈশ্বৰে আমাৰ ৰক্ষা কৰিব। যদি আমি তেওঁত আশ্ৰয় লওঁ তেন্তে তেওঁ আমাৰ “সঙ্কটৰ কালত উচ্চ দুৰ্গস্বৰূপে” প্ৰমাণিত হʼব।—গীত ৯:৯. (w04 8/15)

আমি কি শিকিব পাৰিলোঁ?

• এই দুষ্ট জগতত থকাৰ বাবে প্ৰকৃত খ্ৰীষ্টানসকলে কেনে পৰিস্থিতিৰ সম্মুখীন হোৱাটো অপেক্ষা কৰা উচিত?

• নিৰন্তৰে কৰা প্ৰাৰ্থনাই আমাক পৰীক্ষাৰ সময়ত কেনেকৈ শক্তিশালী কৰিব পাৰে?

• ঈশ্বৰৰ পবিত্ৰ আত্মাই কেনেকৈ সহায়ক হিচাবে কাৰ্য্য কৰে?

• আমি পৰস্পৰে ইজনে সিজনক সহায় কৰিবলৈ কি কৰিব পাৰোঁ?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৪ পৃষ্ঠাৰ ছবি]

আমি যিহোৱাক দৃঢ় গড়স্বৰূপে বিচৰা উচিত

[১৬ পৃষ্ঠাৰ ছবিসমূহ]

আধ্যাত্মিক পৰিপক্ক ব্যক্তিসকলে সকলো সুযোগতে আনৰ প্ৰতি শলাগ লয়