আপুনি ভাৰসা কৰিব পৰা এক উত্তৰাধিকাৰ
আপুনি ভাৰসা কৰিব পৰা এক উত্তৰাধিকাৰ
“আপোনাক হয়তো এজন অতি চতুৰ প্ৰবঞ্চক ব্যক্তিয়ে এনে এখন জাননী পত্ৰ দি প্ৰবঞ্চিত কৰিব পাৰে, যʼত কোৱা হয় যে গৰাকী নোহোৱা এক উত্তৰাধিকাৰ আপোনালৈ অপেক্ষা কৰি আছে।”
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ডাক নিৰীক্ষক সেৱা বিভাগে ৱেবচাইটৰ দ্বাৰা এই সাৱধানবাণী দিছিল। কিয় তেনে সাৱধানবাণী দিছিল? কিয়নো হাজাৰ হাজাৰ লোকে জাননী পত্ৰ পাই, যʼত কোৱা হয় যে ‘আপোনাৰ এজন আত্মীয় লোকৰ মৃত্যু হৈছে আৰু আপোনালৈ এক বাপতীয়া সম্পত্তি এৰি থৈ গৈছে।’ ফলস্বৰূপে, ৩০ ডলাৰ বা প্ৰবঞ্চকজনে কোৱা অনুসৰি তাতকৈ অধিক ধন পঠিয়াই, যাতে সেই উত্তৰাধিকাৰী সম্পত্তি কʼত আছে আৰু কেনেকৈ লাভ কৰিব পাৰে সেই বিষয়ে সংবাদ দিয়ে। দুখৰ বিষয় এই যে লোকসকলে হতাশ হʼবলগীয়া হয়। আচলতে আপীল কৰা সকলোৱে কোনো উত্তৰাধিকাৰী সম্পত্তি লাভ নকৰে।
এনে ধৰণৰ অভিসন্ধিয়ে তেনে লোকসকলক সহজে প্ৰবঞ্চিত কৰে যিসকলে স্বাভাৱিকভাৱে উত্তৰাধিকাৰী সম্পত্তি লাভ কৰিবলৈ আশা ৰাখে। কিন্তু বাইবেলে উত্তৰাধিকাৰ এৰি যোৱা সকলৰ বিষয়ে এইদৰে কৈছে: “সৎলোকে নিজৰ পো নাতি আদিক উত্তৰাধিকাৰ দি যায়।” (হিতোপদেশ ১৩:২২) দৰাচলতে যীচুৱে স্বয়ং তেওঁৰ পৰ্ব্বতীয়া উপদেশত দিয়া এক প্ৰেমপূৰ্ব্বক আৰু জনা-পৰিচিত প্ৰতিজ্ঞাত এইদৰে কৈছিল: “নম্ৰবিলাক ধন্য; কিয়নো তেওঁবিলাকে দেশখনৰ উত্তৰাধিকাৰী হʼব।”—মথি ৫:৫. কিং জেমচ্ ভাৰচন।
যীচুৰ এই বাক্যশাৰীয়ে আমাক প্ৰাচীন ইস্ৰায়েল সময়ৰ ৰজা দায়ূদে লিখা প্ৰেৰিত বাক্যক সোঁৱৰাই দিয়ে যʼত এইদৰে কোৱা হৈছিল: “নম্ৰবিলাক পৃথিৱীৰ উত্তৰাধিকাৰী হব, আৰু প্ৰচুৰ শান্তিত হৰ্ষিত হব।”—গীত ৩৭:১১, KJ
“পৃথিৱীৰ উত্তৰাধিকাৰী” হোৱাটো বাস্তৱতে এক ৰোমাঞ্চকৰ আশা নহয়নে বাৰু! কিন্তু আমি নিশ্চিত হʼব পাৰোঁনে যে এইটো এনে এক চতুৰতাপূৰ্ণ অভিসন্ধি নহয়, যʼত লোকসকলে প্ৰবঞ্চিত হয়? অৱশ্যেই তেনে নহয় বুলি নিশ্চিত হʼব পাৰোঁ। যিহেতু পৃথিৱীখন হৈছে যিহোৱা ঈশ্বৰৰ এক অত্যুত্তম সৃষ্টিৰ এক ভাগ। তদুপৰি তেওঁ ইয়াৰ সৃষ্টিকৰ্তা আৰু গৰাকী হোৱাৰ বাবে তেওঁ যিসকলক বাছনি কৰে তেওঁলোকক দিবলৈ আইনগত অধিকাৰ আছে। ৰজা দায়ূদৰ দ্বাৰা যিহোৱা ঈশ্বৰে তেওঁৰ একমাত্ৰ প্ৰিয় পুত্ৰ যীচু খ্ৰীষ্টক প্ৰতিজ্ঞা কৰি এইদৰে ভৱিষ্যতবাণী কৰিছিল: “মোত খোজা, মই তোমাক অধিকাৰৰ অৰ্থে জাতিবোৰ দিম, আৰু পৃথিবীৰ সকলো সীমাত তোমাৰ আধিপত্য পাতিম।” (গীত ২:৮) সেইবাবে পাঁচনি পৌলেও যীচুক সেইজনা বুলি বৰ্ণনা কৰিছে, যিজনক “[ঈশ্বৰে] সকলোৰে অধিকাৰী নিযুক্ত কৰিলে।” (ইব্ৰী ১:২) সেয়েহে আমি যীচুৱে নম্ৰ লোকবিলাকক “পৃথিৱীৰ উত্তৰাধিকাৰী হʼব” বুলি কোৱা কথাশাৰীত সম্পূৰ্ণ বিশ্বাস আৰু নিজৰ প্ৰতিজ্ঞা অৱশ্যেই পূৰ্ণ কৰাৰ উপযুক্ত অধিকাৰ আছে বুলি আশ্বাস ৰাখিব পাৰোঁ।—মথি ২৮:১৮.
কিন্তু এতিয়া সকলোতকৈ কঠিন প্ৰশ্নটো হৈছে, সেই প্ৰতিজ্ঞা কেনেকৈ বাস্তৱিকতাত পৰিণত হʼব? আজি আমাৰ চাৰিওফালে দৃষ্টি কৰি দেখিবলৈ পোৱা গৈছে যে কলহপ্ৰিয় আৰু উচ্চমনা লোকসকলে অধিক সফলতা লাভ কৰিছে। তদুপৰি তেওঁলোকে বিচাৰা সকলোখিনি হস্তগত কৰি লৈছে। তেনেহʼলে নম্ৰলোকবিলাকৰ উত্তাৰাধিকাৰীৰ বাবে কি অৱশিষ্ট
থাকিল? ইয়াৰ উপৰিও অতিশয় প্ৰদূষণৰ বাবে পৃথিৱীখন জৰাজীৰ্ণ অৱস্থালৈ পৰিণত, লুভীয়া আৰু অদূৰদৰ্শীসকলে ইয়াৰ সকলো শক্তি শোষণ কৰিছে। তেনেহʼলে উত্তৰাধিকাৰী হʼবলৈ পৃথিৱীখন যোগ্য হৈ থাকিবনে? এই বিষয়ে আৰু আন গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি পাবলৈ আমি আপোনাক পিছৰ লেখটো পঢ়িবলৈ অনুৰোধ কৰিছোঁ। (w04 10/1)[৩ পৃষ্ঠাৰ ছবি]
আপুনি এক বাস্তৱিক উত্তৰাধিকাৰী লাভ কৰাৰ বাবে উপযোগীনে?