‘নম্ৰবিলাক পৃথিৱীৰ উত্তৰাধিকাৰী হ’ব’ কিন্তু কেনেকৈ?
‘নম্ৰবিলাক পৃথিৱীৰ উত্তৰাধিকাৰী হʼব’ কিন্তু কেনেকৈ?
“আপুনি হয়তো যীচুৱে ‘নম্ৰবিলাক পৃথিৱীৰ উত্তৰাধিকাৰী হʼব’ বুলি কোৱা হৃদয়স্পৰ্ষী বাক্যশাৰীৰ সৈতে ভালদৰে পৰিচিত। কিন্তু বৰ্তমান সময়ত পৃথিৱীত লোকসকলৰ এজনে আনজনলৈ যি কৰিছে, সেই বিষয়ে দৃষ্টি কৰি আপুনি ভাবেনে যে নম্ৰবিলাকে উত্তৰাধিকাৰী হʼবলৈ কিবা অৱশিষ্ট থাকিব?”—মথি ৫:৫; গীত ৩৭:১১, কিং জেমচ্ ভাৰচন।
মিৰিয়াম নামৰ এগৰাকী যিহোৱাৰ সাক্ষী ভনীয়ে ওপৰত উল্লেখ কৰা প্ৰশ্নটো ব্যৱহাৰ কৰি এজন ব্যক্তিৰ সৈতে এটা বাইবেল আলোচনা আৰম্ভ কৰে। ব্যক্তিজনে সেই প্ৰশ্নটোৰ উত্তৰত কয় যে, যদি যীচুৱে এই প্ৰতিজ্ঞা কৰিছে, তেনেহʼলে নিশ্চয়ে এই পৃথিৱীখন জৰাজীৰ্ণ বা ধ্বংপ্ৰাপ্ত নহয় কিন্তু উত্তৰাধিকাৰীৰ বাবে উপযোগী হʼব।
বাস্তৱতে সেইটো এক আশাবাদী উত্তৰ। কিন্তু আমাৰ ওচৰত তেনে আশাবাদী হোৱাৰ কোনো কাৰণ আছেনে? অৱশ্যেই আছে, কিয়নো বাইবেলে আমি সেই বাস্তৱিকতাত পৰিণত হʼবলগীয়া প্ৰতিজ্ঞাক বিশ্বাস কৰিবলৈ এক শক্তিশালী কাৰণ দাঙি ধৰিছে। আচলতে সেই প্ৰতিজ্ঞাৰ পূৰ্ণতা পৃথিৱীত মানৱজাতিৰ প্ৰতি থকা ঈশ্বৰৰ উদ্দেশ্যৰ সৈতে নিবিড়ভাৱে খাপ খাই আছে। গতিকে আমি নিশ্চিত হʼব পাৰোঁ যে ঈশ্বৰে তেওঁৰ উদ্দেশ্যক অৱশ্যেই পূৰ্ণ কৰিব। (যিচয়া ৫৫:১১) তেনেহʼলে মানৱজাতিৰ প্ৰতি ঈশ্বৰৰ আচল উদ্দেশ্য কি আছিল আৰু এই সকলো কাৰ্য্য কেনেকৈ পূৰ্ণ হʼব?
পৃথিৱীখনৰ প্ৰতি থকা ঈশ্বৰৰ চিৰস্থায়ী উদ্দেশ্য
যিহোৱা ঈশ্বৰে এক বিশেষ উদ্দেশ্যৰে পৃথিৱীখন সৃষ্টি কৰিলে। “যি জনা ঈশ্বৰ, যি জনা পৃথিবীৰ গঠনকৰ্ত্তা আৰু নিৰ্ম্মাণকৰ্ত্তা, যি জনাই তাক স্থাপন কৰিলে, যি জনাই অনৰ্থকৰূপে সৃষ্টি নকৰি বাসস্থানৰ নিমিত্তেহে তাক নিৰ্ম্মাণ কৰিলে, আকাশ-মণ্ডলৰ সৃষ্টিকৰ্ত্তা সেই যিহোৱাই এই কথা কৈছে, ময়েই যিহোৱা, আন কোনো নাই।” (যিচয়া ৪৫:১৮) পৃথিৱীখন বিশেষকৈ মানৱজাতিয়ে বসতি কৰিবলৈহে সৃষ্টি কৰা হʼল। তদুপৰি পৃথিৱীখন চিৰকালৰ বাবে মানৱজাতিৰ ঘৰ হোৱাটোৱে হৈছে ঈশ্বৰৰ উদ্দেশ্য। “কেতিয়াও লৰচৰ নোহোৱাকৈ তেওঁ পৃথিবীৰ মূল স্থাপন কৰিলে।”—গীত ১০৪:৫; ১১৯:৯০.
তদুপৰি পৃথিৱীৰ প্ৰতি থকা ঈশ্বৰৰ উদ্দেশ্য প্ৰথম মানৱ দম্পতীক দিয়া আজ্ঞাতো স্পষ্টকৈ প্ৰকাশ কৰিলে। আদম আৰু হৱাক উদ্দেশ্য কৰি যিহোৱা ঈশ্বৰে এইদৰে কৈছিল: “তোমালোক বহুবংশ হোৱা, আৰু বাঢ়ি বাঢ়ি পৃথিবীখন পৰিপূৰ্ণ কৰা, আৰু তাক বশীভূত কৰা; আৰু সমুদ্ৰৰ মাছ, আকাশৰ চৰাই, আৰু পৃথিবীত বগাই ফুৰা সকলো জীৱজন্তুৰ ওপৰত অধিকাৰ চলোৱা।” (আদিপুস্তক ১:২৮) আদম আৰু হৱাক ঈশ্বৰে পৃথিৱীখনৰ দায়িত্ব অৰ্থাৎ তেওঁলোক আৰু তেওঁলোকৰ লʼৰা-ছোৱালীয়ে থাকিবলৈ এক চিৰস্থায়ী ঘৰৰূপে প্ৰদান কৰিলে। স্বৰ্গৰ সম্পৰ্কে বহু শতাব্দীৰ পিছত গীতমালা ৰচোঁতাই এইদৰে কৈছিল “স্বৰ্গ যিহোৱাৰেই স্বৰ্গ; কিন্তু পৃথিবীখন হলে, তেওঁ মনুষ্য-সন্তানবিলাকক দান কৰিলে।”—গীত ১১৫:১৬.
আদিপুস্তক ২:১৬, ১৭) আদম আৰু হৱাই এদন বাগিছাত একেৰাহে জীয়াই থাকিবলৈ ঈশ্বৰে দিয়া সেই সহজ আৰু স্পষ্ট আজ্ঞাটো পালন কৰা আৱশ্যক আছিল। তদুপৰি তেনে কৰাৰ দ্বাৰা তেওঁলোকৰ স্বৰ্গীয় পিতৃ যিহোৱাই তেওঁলোকলৈ যি কৰিলে তাৰ প্ৰতি মূল্যাঙ্কন আৰু কৃতজ্ঞতা দেখুৱাব পাৰিলেহেঁতেন।
সেই আশ্চৰ্য্যজনক আশাৰ বিষয়ে জানিব পাৰি আদম, হৱা, তদুপৰি তেওঁলোকৰ লʼৰা-ছোৱালীয়ে যিহোৱা ঈশ্বৰক তেওঁলোকৰ সৃষ্টিকৰ্ত্তা আৰু জীৱনদাতাৰূপে গ্ৰহণ কৰি তেওঁৰ আজ্ঞা পালন কৰিবলৈ আগ্ৰহী হʼব লাগিছিল। যিহোৱা ঈশ্বৰে মানুহক এটা আজ্ঞা দিয়াৰ সময়ত সেই সম্পৰ্কে কোনো সন্দেহ নাৰাখিলে। তেওঁ মানুহক এইদৰে আজ্ঞা দিছিল: “তুমি বাৰীৰ সকলো বৃক্ষৰ ফল স্বচ্ছন্দে খাব পাৰা; কিন্তু ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষৰ ফল হলে নেখাবা কিয়নো, যি দিনা তাক খাবা, সেই দিনাই তুমি অৱশ্যে মৰিবা।” (যেতিয়া আদম আৰু হৱাই তেওঁলোকক ঈশ্বৰে দিয়া আজ্ঞাক ইচ্ছাকৃতভাৱে উলঙ্ঘন কৰিলে তেতিয়া তেওঁলোকে বাস্তৱিকতে ঈশ্বৰে তেওঁলোকলৈ দিয়া সকলো কাৰ্য্যক প্ৰত্যাখ্যান কৰিলে। (আদিপুস্তক ৩:৬) তেনে কৰাৰ দ্বাৰা তেওঁলোকে কেৱল নিজৰ নহয়, কিন্তু তেওঁলোকৰ লʼৰা-ছোৱালীবিলাকৰ বাবেও ঘৰৰূপী সুন্দৰ পৰমদেশ হেৰুৱালে। (ৰোমীয়া ৫:১২) প্ৰথম মানৱ দম্পতীয়ে অৱজ্ঞাকাৰী হোৱাৰ বাবে পৃথিৱীৰ প্ৰতি থকা ঈশ্বৰৰ উদ্দেশ্যত ব্যাঘাত পৰিলনে?
এজন পৰিৱৰ্ত্তন নোহোৱা ঈশ্বৰ
ঈশ্বৰে তেওঁৰ ভৱিষ্যতবক্তা মলাখীৰ দ্বাৰা এইদৰে কৈছে: “মই যি যিহোৱা, মোৰ পৰিবৰ্ত্তন নাই।” (মলাখী ৩:৬) এই পদটোৰ ওপৰত মন্তব্য দি লুইচ ফিলেয়ন নামৰ এজন ফ্ৰান্স দেশৰ বাইবেল বিদ্বানে কয় যে, এই উল্লেখ কৰা কথাফাঁকি নিবিড়ভাৱে ঈশ্বৰীয় প্ৰতিজ্ঞা পূৰ্ণ কৰাৰ সৈতে জড়িত আছে। ফিলেয়নে এইদৰে লিখিছিল: “যিহোৱা ঈশ্বৰে তেতিয়াই বিৰোধী লোকসকলক ধ্বংস কৰিব পাৰিলেহেঁতেন, কিন্তু নিজৰ প্ৰতিজ্ঞাত অটল হোৱাৰ বাবে এই সকলোবোৰ ঘটাৰ স্বত্ত্বেও তেওঁ পূৰ্ব্বতে কৰা প্ৰতিজ্ঞাৰ প্ৰতি বিশ্বাসী হৈ থাকিব।” ঈশ্বৰে এজন ব্যক্তি, এক জাতি বা সকলো মানৱজাতিলৈ কৰা প্ৰতিজ্ঞা তেওঁৰ নিজ সময়ত পূৰ্ণ কৰিবলৈ কেতিয়াও পাহৰি নাযায়। কিয়নো “তেওঁ নিজ নিয়মটি চিৰকাললৈকে সোঁৱৰণ কৰে; তেওঁ হাজাৰ পুৰুষলৈকে আদেশ কৰা বাক্যটি পালন কৰে।”—গীত ১০৫:৮.
কিন্তু আমি কেনেকৈ নিশ্চিত হʼব পাৰোঁ যে পৃথিৱীখনৰ প্ৰতি থকা যিহোৱা ঈশ্বৰৰ নিজ উদ্দেশ্যত কোনো সলনি হোৱা নাই? অৱশ্যেই নিশ্চিত হʼব পাৰোঁ, কিয়নো আজ্ঞাকাৰী মানৱজাতিক এই পৃথিৱীখন দিবলৈ বুলি কৰা ঈশ্বৰীয় প্ৰতিজ্ঞা আমি ঈশ্বৰৰ প্ৰেৰিত বাক্য সম্পূৰ্ণ বাইবেলখনত উল্লেখ থকা দেখিবলৈ পাওঁ। (গীত ২৫:১৩; ৩৭:৯, ২২, ২৯, ৩৪) তদুপৰি বাইবেলে এইদৰে বৰ্ণনা কৰিছে যে যিহোৱাৰ দ্বাৰা আশীৰ্ব্বাদ পোৱা লোকসকলৰ প্ৰত্যেকজনে “নিজ নিজ দ্ৰাক্ষালতাৰ আৰু ডিমৰু গছৰ তলত বহিব, আৰু কোনেও সিহঁতক ভয় নলগাব।” (মীখা ৪:৪; যিহিষ্কেল ৩৪:২৮) যিহোৱা ঈশ্বৰে নিৰ্বাচিত কৰা লোকসকলে “ঘৰ সাজি তাৰ ভিতৰত বাস কৰিব, আৰু দ্ৰাক্ষাবাৰী পাতি তাৰ ফল ভোগ কৰিব।” আনকি তেওঁলোকে বনৰীয়া জীৱ-জন্তুৰ সৈতেও শান্তি উপভোগ কৰিব পাৰিব।—যিচয়া ১১:৬-৯; ৬৫:২১, ২৫.
ঈশ্বৰৰ প্ৰতিজ্ঞাৰ সম্পৰ্কে বাইবেলে আমাৰ আগত আন প্ৰকাৰে পূৰ্ব-প্ৰদৰ্শন কৰিছে। ৰজা চলোমনৰ শাসনৰ সময়ছোৱাত ইস্ৰায়েলজাতিয়ে শান্তি আৰু সমৃদ্ধিশীলতা উপভোগ কৰিছিল। তেওঁৰ শাসনৰ অধীনত, “যিহূদা আৰু ইস্ৰায়েলৰ প্ৰতিজনে নিজ নিজ দ্ৰাক্ষালতাৰ, আৰু নিজ নিজ ডিমৰু গছৰ তলত নিৰ্ভয়ে বাস কৰিছিল।” (১ ৰাজাৱলি ৪:২৫) বাইবেলে আমাক কৈছে যে যীচু খ্ৰীষ্টই “চলোমনতকৈয়ো” অধিক কৰিব আৰু তেওঁৰ শাসন কালৰ বিষয়ে গীতমালাৰ লিখকে লিখা ভৱিষ্যতবাণীমূলক বাক্যত এইদৰে কৈছিল: “তেওঁৰ কালত ধাৰ্ম্মিক জন জক্মকাব; চন্দ্ৰ থাকেমানে প্ৰচুৰ শান্তি থাকিব।” তদুপৰি সেই সময়ছোৱাত, “পৃথিবীত পৰ্ব্বতবোৰৰ টিঙত প্ৰচুৰ শস্য হব।”—লূক ১১:৩১; গীত ৭২:৭, ১৬.
যিহোৱা ঈশ্বৰে নিজৰ প্ৰতিজ্ঞাৰ অনুসাৰে মানৱজাতিয়ে কেৱল উত্তৰাধিকাৰ পোৱাটোৱে নিশ্চিত কৰিব এনে নহয়, কিন্তু তাত পূৰ্ব্বতে এদন বাগীছাত থকাৰ দৰে সকলো সুবিধাও পুনৰ স্থাপন কৰিব। প্ৰকাশিত বাক্য ২১:৪ পদত ঈশ্বৰৰ বাক্যই কৈছে যে প্ৰতিজ্ঞা কৰা সেই নতুন পৃথিৱীত ঈশ্বৰে “[লোকবিলাকৰ] চকুৰ পৰা আটাই চকু-লো মচি গুচাব; তাতে মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব।” বাস্তৱতে সেইখন এখন পৰমদেশ হʼব।—লূক ২৩:৪৩.
প্ৰতিজ্ঞাত উত্তৰাধিকাৰত কেনেকৈ ভাগী হʼব পাৰি
এখন স্বৰ্গীয় চৰকাৰ অৰ্থাৎ স্বৰ্গীয় ৰাজ্যৰ ৰজা যীচু খ্ৰীষ্টৰ অধীনত পৃথিৱীখন এখন সুন্দৰ পৰমদেশলৈ ৰূপান্তৰিত কৰা হʼব (মথি ৬:৯, ১০) সৰ্ব্বপ্ৰথমে সেই ৰাজ্যখনে “পৃথিবী নাশকবিলাকক নাশ” কৰিব। (প্ৰকাশিত বাক্য ১১:১৮; দানিয়েল ২:৪৪) তাৰ পিছত “শান্তিৰাজ” অৰ্থাৎ শান্তিৰ ৰাজকুমাৰ যীচু খ্ৰীষ্টই এই ভৱিষ্যতবাণীমূলক বাক্যশাৰী পূৰ্ণ কৰিব, যʼত এইদৰে কোৱা হৈছে: “তেওঁৰ ৰাজ্যশাসন আৰু শান্তিবৃদ্ধিৰ শেষ নহব।” (যিচয়া ৯:৬, ৭) সেই ৰাজ্যৰ অধীনত মৃত্যুৰ পৰা পুনৰুত্থান হোৱা লোকসকলৰ সৈতে কোটি কোটি সংখ্যক লোকে এই পৃথিৱীত উত্তৰাধিকাৰ হʼবলৈ সুবিধা পাব।—যোহন ৫:২৮, ২৯; পাঁচনিৰ কৰ্ম্ম ২৪:১৫.
মথি ৫:৫) নম্ৰলোকসকলৰ বাবে এই বাক্যশাৰীয়ে কি অৰ্থ ৰাখে? সাধাৰণতে অভিধানবোৰত “নম্ৰ” শব্দটোৰ ভাঙনি বিনয়ী, বশ, নিৰ্জু আৰু নিৰীহ বুলি কৰিছে। কিন্তু আচল গ্ৰীক ভাষাৰ শব্দটোৰ ইয়াতকৈ অধিক গভীৰ অৰ্থ আছে। উইলিয়াম বাৰক্লেই লিখা নিউ টেষ্টামেন্ট ৱৰ্ডবুকত উল্লেখ কৰিছে যে, “সেই বাক্যটোত মৃদুতা সন্মিলিত আছে, কিন্তু সেই মৃদুতা শব্দটোৰ অৰ্থৰ নেপথ্যত লৌহৰ দৰে দৃঢ়তা লুকাই আছে।” ইয়ে মানসিকৰূপে ভাঙি পৰা এজন ব্যক্তিক অপকাৰ পৰিস্থিতিত অসন্তুষ্ট নোহোৱাকৈ সহন কৰিবলৈ শক্তি প্ৰদান বা প্ৰতিশোধৰ ভাৱনাৰ পৰা আঁতৰি থাকি ঈশ্বৰৰ সৈতে এক নিবিড় সম্পৰ্ক গঢ়ি তুলিবলৈ সহায় কৰে আৰু ফলস্বৰূপে সেই সম্পৰ্ক ব্যক্তিজনৰ বাবে এক দৃঢ়তাৰ উৎস হৈ পৰে।—যিচয়া ১২:২; ফিলিপীয়া ৪:১৩.
কোনসকলে সেই আশ্চৰ্য্যজনক উত্তৰাধিকাৰী হʼব পাৰিব? এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ যীচুৱে কোৱা এই কথাষাৰিক বিবেচনা কৰক, যʼত তেওঁ এইদৰে কৈছিল: ‘নম্ৰবিলাক সুখী; কিয়নো তেওঁবিলাকে দেশখন অধিকাৰ কৰিব।’ (এজন নম্ৰ ব্যক্তিয়ে তেওঁৰ বা আনৰ অভিমতৰ অনুসাৰে নহয়, কিন্তু বিনম্ৰভাৱে নিজৰ ব্যক্তিগত জীৱনৰ সকলো ক্ষেত্ৰতে ঈশ্বৰৰ স্তৰসমূহ পালন কৰে। তদুপৰি তেওঁ শিক্ষনীয় আৰু যিহোৱাৰ দ্বাৰা শিক্ষা লাভ কৰিবলৈ আগ্ৰহী। এই বিষয়ে গীত ৰচোঁতা ৰজা দায়ূদে এইদৰে লিখিছিল: “[যিহোৱাই] নম্ৰবিলাকক ন্যায় বিচাৰৰ পথত চলায়, নম্ৰবিলাকক নিজৰ পথৰ বিষয়ে শিক্ষা দিয়ে।”—গীত ২৫:৯; হিতোপদেশ ৩:৫, ৬.
আপুনি ‘নম্ৰবিলাকৰ’ এজন হৈ এই পৃথিৱীৰ উত্তৰাধিকাৰী হোৱাটো বিচাৰেনে? যিহোৱা ঈশ্বৰ আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে জানিবলৈ প্ৰেৰিত বাক্য বাইবেলক আপুনি মনোযোগেৰে অধ্যয়ন আৰু সেই অনুসাৰে জীৱন-যাপন কৰি এক পাৰ্থীৱ পৰমদেশৰ উত্তৰাধিকাৰী হʼবলৈ আশাৰে অপেক্ষা কৰিব পাৰে।—যোহন ১৭:৩. (w04 10/1)
[৫ পৃষ্ঠাৰ ছবি]
আদম আৰু হৱাক কৰা আজ্ঞাত পৃথিৱীৰ প্ৰতি থকা ঈশ্বৰ উদ্দেশ্য স্পষ্টকৈ প্ৰকাশ পালে
[৬ পৃষ্ঠাৰ ছবি]
ৰজা চলোমনৰ শাসন কালত দেখিবলৈ পোৱা শান্তি আৰু সুৰক্ষা প্ৰতিজ্ঞা কৰা উত্তৰাধিকাৰৰ এক পূৰ্ব্বাভাস আছিল
[৬ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]
ভেৰা আৰু পৃষ্ঠভূমিত থকা পাহাৰ: Pictorial Archive (Near Eastern History) Est.; আৰবীয় অৰীক্স: Hai-Bar, Yotvata, Israel; খেতিয়কে মাটি চহোৱা: Garo Nalbandian
[৭ পৃষ্ঠাৰ ছবি]
ভৱিষ্যতে ধাৰ্ম্মীকতাৰ এক নতুন জগত—আপুনি তাৰ উত্তৰাধিকাৰী হʼবনে?