Skip to content

Skip to table of contents

পাঠকসকলৰ প্ৰশ্ন

পাঠকসকলৰ প্ৰশ্ন

পাঠকসকলৰ প্ৰশ্ন

 মোচিৰ ব্যৱস্থাত প্ৰদেশী যুৱতীবিলাকক বিবাহ নকৰিবলৈ আজ্ঞা দিয়া হৈছিল। কিন্তু যুদ্ধত বন্দী কৰা বিশেষ বিদেশী যুৱতীবিলাকক বিবাহ কৰাবলৈ ইস্ৰায়েলৰ ডেকা ব্যক্তিবিলাকক কিয় অনুমতি দিয়া হʼল?—দ্বিতীয় বিবৰণ ৭:১-৩; ২১:১০, ১১.

এক বিশেষ পৰিস্থিতিত তেনে বিবাহ কৰিবলৈ অনুমতি দিয়া হৈছিল। যিহোৱা ঈশ্বৰে কানান দেশত থকা সাতোটা জাতি আৰু তেওঁলোকৰ নগৰবোৰক সমূলিকৈ ধ্বংস কৰিবলৈ ইস্ৰায়েলসকলক আজ্ঞা দিছিল। (দ্বিতীয় বিবৰণ ২০:১৫-১৮) কিন্তু যুদ্ধত বন্দী কৰা আন জাতিবিলাকৰ ক্ষেত্ৰত বয়সীয়া, সম্ভৱতঃ অবিবাহিত যুৱতীসকল আছিল। (গণনা পুস্তক ৩১:১৭, ১৮; দ্বিতীয় বিবৰণ ২০:১৪) তেনে এগৰাকী যুৱতীয়ে কেৱল বিশেষ পদক্ষেপ লোৱাৰ পিছতহে এজন ইস্ৰায়েলী যুৱকে বিয়া কৰিব পাৰে।

সেই বিদেশী যুৱতীগৰাকীয়ে লোৱা পদক্ষেপত অন্তৰ্ভুক্ত থকা আৱশ্যকতাৰ বিষয়ে বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “তাই নিজৰ মূৰ খুৰাই নখ কাটি, বন্দী-অৱস্থাৰ কাপোৰ সোলোকাই থৈ, তোমাৰ ঘৰত থাকি তাইৰ বাপেক-মাকৰ নিমিত্তে পূৰা এমাহ বিলাপ কৰিব; তাৰ পাছত তুমি তাইত গমন কৰিব পাৰিবা, তুমি তাইৰ স্বামী হবা, আৰু তাই তোমাৰ ভাৰ্য্যা হব।”—দ্বিতীয় বিবৰণ ২১:১২, ১৩.

ইস্ৰায়েলৰ এজন যুৱকে বিবাহ কৰিব বিচৰা যুদ্ধবন্দী এগৰাকী কুমাৰী যুৱতীয়ে নিজৰ মূৰৰ চুলি খুৰাব লাগিছিল। চুলি খুৰোৱাৰ অৰ্থ হৈছে যুৱতীগৰাকীয়ে শোক বা সন্তাপ কৰা। (যিচয়া ৩:২৪) উদাহৰণস্বৰূপে, ইয়োবে নিজৰ সম্পত্তি আৰু লʼৰা-ছোৱালী হেৰুৱাৰ শোক কৰাৰ চিহ্ন হিচাবে নিজৰ মূৰৰ চুলি খুৰাইছিল। (ইয়োব ১:২০) বিদেশী যুৱতীগৰাকীয়ে নিজৰ ‘নখ কাটিব’ লাগিছিল, তেনে কৰাৰ দ্বাৰা নখত যদিও আলতা লগোৱা হয়, তথাপিও হাত কেইখন সুৱনি নেদেখিব। (দ্বিতীয় বিবৰণ ২১:১২) বন্দী যুৱতীয়গৰাকীয়ে পৰিধান কৰা “বন্দী-অৱস্থাৰ কাপোৰ” কি? এইয়া হৈছে পৰাজয় হʼবলগীয়া কানান চহৰবোৰত থকা যুৱতীবিলাকে পৰিধান কৰা তেওঁলোকৰ উত্তম বস্ত্ৰ। তেওঁলোকে তেনে বস্ত্ৰ বন্দীকাৰকসকলক আকৰ্ষণ কৰিবলৈ পৰিধান কৰাইছিল। বন্দী যুৱতীগৰাকীয়ে শোক কৰাৰ সময়ত তেনে বস্ত্ৰ সোলোকাই থব লাগিছিল।

ইস্ৰায়েল যুৱকৰ সৈতে বিবাহ হʼবলগীয়া বন্দী যুৱতীগৰাকীয়ে তাইৰ প্ৰিয়সকলৰ মৃত্যুৰ বাবে এমাহ বিলাপ কৰিছিল। কানান দেশ সম্পূৰ্ণকৈ ধ্বংস কৰা হৈছিল যাতে বন্দী যুৱতীগৰাকীৰ কোনো এজন পৰিয়ালৰ সদস্য আৰু সামাজিক বন্ধন অস্তিত্বত নাথাকে। যিহেতু ইস্ৰায়েল সৈনিকে সম্পূৰ্ণকৈ তেওঁলোকে উপাসনা কৰা সকলো দেৱ-দেৱীৰ মূৰ্ত্তি ধ্বংস কৰিছিল, সেইবাবে যুৱতীগৰাকীৰ উপাসনা অন্ত পৰিছিল। তদুপৰি বিলাপ কৰা এমাহৰ সময়ছোৱা বন্দী যুৱতীগৰাকীৰ বাবে তাইৰ সকলো পূৰ্বৱৰ্তী ধৰ্ম্মীয় উপাসনা আৰু ভক্তিৰ পৰা শুদ্ধ হোৱাৰো সময় আছিল।

সাধাৰণতে বিদেশী যুৱতীসকলৰ ক্ষেত্ৰত পৰিস্থিতি ভিন্ন আছিল। যিহোৱা ঈশ্বৰে এই সম্পৰ্কে এইদৰে আজ্ঞা দিছিল: “সিহঁতেৰে সৈতে বিবাহৰ সম্বন্ধ নকৰিবা; তুমি তাৰ পুতেকলৈ নিজৰ জীয়াৰী নিদিবা, আৰু নিজ পুতেৰালৈ তাৰ জীয়াৰী নানিবা।” (দ্বিতীয় বিবৰণ ৭:৩) এনে নিষেধাজ্ঞাৰ কি কাৰণ আছিল? এই বিষয়ে দ্বিতীয় বিবৰণ ৭:৪ পদত কৈছে: “কিয়নো সি তোমাৰ পুতেৰাক মোৰ পাছৰ পৰা অঁতৰাই নি ইতৰ দেৱতাক সেৱাপূজা কৰাব।” ইস্ৰায়েলসকলক এনে নিষেধাজ্ঞা মিছা ধৰ্ম্মৰ দ্বাৰা দূষিত হোৱাৰ পৰা ৰক্ষা কৰিবলৈহে দিয়া হৈছিল। যিহেতু বন্দী কৰা বিদেশী যুৱতীসকলৰ ক্ষেত্ৰত দ্বিতীয় বিবৰণ ২১:১০-১৩ পদত বৰ্ণনা কৰা অৱস্থাৰ অনুসাৰে তেনে কোনো বিপদ নাছিল। কিয়নো যুৱতীগৰাকীৰ সকলো আত্মীয় লোকক বধ আৰু তাইৰ মিছা দেৱ-দেৱীবিলাকৰ মূৰ্ত্তি সম্পূৰ্ণকৈ ধ্বংস কৰা হৈছিল। মিছা উপাসনা কৰাৰ সৈতে বিদেশী যুৱতীগৰাকীৰ কোনো সম্পৰ্ক নাথাকিল। এনে পৰিস্থিতিৰ অন্তৰ্গত এজন ইস্ৰায়েল যুৱকক তেনে বিদেশী যুৱতীৰ সৈতে বিবাহ কৰিবলৈ অনুমতি দিয়া হৈছিল। (w04 9/15)

পাঁচনী যোহনে “সিদ্ধ প্ৰেমে ভয়ক দূৰ কৰে” বুলি লিখিছিল। তেওঁ ‘সিদ্ধ প্ৰেম’ বুলি লিখা বাক্যশাৰীৰ অৰ্থ কি আছিল আৰু ই কেনে ধৰণৰ “ভয়” দূৰ কৰে?

দৰাচলতে পাঁচনী যোহনে এইদৰে লিখিছিল যে, “প্ৰেমত ভয় নাই; কিন্তু সিদ্ধ প্ৰেমে ভয়ক দূৰ কৰে; কিয়নো ভয় দণ্ডযুক্ত; আৰু যি জনে ভয় কৰে, তেওঁ প্ৰেমত সিদ্ধ নহয়।”—১ যোহন ৪:১৮.

ইয়াত উল্লেখ কৰা আনুষঙ্গিক কথাশাৰীত কথা কোৱাৰ স্বাধীনতা অৰ্থাৎ ঈশ্বৰৰ সৈতে থকা প্ৰেমময় নিবিড় সম্পৰ্ক আৰু তেওঁৰ সৈতে মুকলিকৈ হোৱা কথোপকথনৰ সম্পৰ্কে বিশেষকৈ আলোচনা কৰা হৈছে। এই বিষয়ে ১৭ পদটো পঢ়ি আমি জানিব পাৰোঁ, যʼত এইদৰে কোৱা হৈছে: “ইয়াতে, সোধ-বিচাৰৰ দিনা আমি সাহিয়াল হবলৈ প্ৰেম আমাৰে সৈতে সিদ্ধ হয়।” এজন প্ৰকৃত খ্ৰীষ্টান ব্যক্তিয়ে ঈশ্বৰৰ প্ৰতি ৰাখা প্ৰেম আৰু তেওঁৰ প্ৰতি থকা ঈশ্বৰৰ প্ৰেমে কথোপকথনৰ স্বাধীনতা অথবা প্ৰেম হ্ৰাস হোৱাই ঈশ্বৰলৈ প্ৰাৰ্থনা কৰা সময়ত পোনপটীয়াকৈ প্ৰভাৱিত কৰে।

ইয়াত ‘সিদ্ধ প্ৰেম’ বুলি উল্লেখ কৰা উক্তিটোত এক বিশেষ অৰ্থ আছে। বাইবেলত উল্লেখ কৰা “সিদ্ধ” শব্দটোৱে সকলো সময়ত সম্পূৰ্ণ শুদ্ধতা অৰ্থত নুবুজাই, কিন্তু প্ৰায়ে এক প্ৰাসঙ্গিক অৰ্থত বুজাই। উদাহৰণস্বৰূপে, যীচুৱে তেওঁৰ পৰ্ব্বতীয়া উপদেশত এইদৰে কৈছিল: “তোমালোকৰ স্বৰ্গীয় পিতৃ যেনে সিদ্ধ, তোমালোকো তেনে সিদ্ধ হবা।” দৰাচলতে যীচুৱে তেওঁৰ শিষ্যসকলক কৈছিল যে, যদি তেওঁলোকে কেৱল তেওঁলোকক প্ৰেম কৰা সকলক প্ৰেম কৰে তেন্তে তেওঁলোকৰ প্ৰেম অসম্পূৰ্ণ, নাটনি আৰু ত্ৰুটিপূৰ্ণ হʼব। সেয়েহে তেওঁলোকে আনকি তেওঁলোকৰ শত্ৰুবিলাককো সম্পূৰ্ণ বা সিদ্ধ প্ৰেম প্ৰকাশ কৰা উচিত। একেইদৰে, যোহনে ‘সিদ্ধ প্ৰেম’ বুলি উল্লেখ কৰা উক্তিটোৱে দৰাচলতে এজনে ঈশ্বৰৰ প্ৰেম সম্পূৰ্ণ হৃদয়েৰে উপচি পৰাকৈ নিজৰ জীৱনৰ সকলো ক্ষেত্ৰত প্ৰতিফলিত কৰা আৱশ্যকতাৰ ওপৰত জোৰ দিছিল।—মথি ৫:৪৬-৪৮; ১৯:২০, ২১.

সেয়েহে এজন খ্ৰীষ্টান ব্যক্তিয়ে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰাৰ সময়ত সদায়ে নিজে অসিদ্ধ আৰু পাপী বুলি জ্ঞাত হোৱা আৱশ্যক। যেতিয়া তেওঁ ঈশ্বৰৰ প্ৰতি থকা প্ৰেম আৰু তেওঁলৈ থকা ঈশ্বৰৰ প্ৰেম নিজে সম্পূৰ্ণকৈ অনুভৱ কৰিব তেতিয়া তেওঁ কেতিয়াও অগ্ৰাহ্য বা তিৰস্কাৰ হোৱাৰ ভয়ত পিছ নুহুঁহকিব। ইয়াৰ পৰিৱৰ্তে তেওঁৰ হৃদয়ত থকা সকলোকে প্ৰকাশ কৰি যিহোৱা ঈশ্বৰে প্ৰেমপূৰ্ব্বকভাৱে প্ৰবন্ধ কৰা তেওঁৰ পুত্ৰ যীচুৰ মুক্তিপণ বলিদানৰ আধাৰিত ক্ষমা বিচাৰি কথোপথনৰ স্বাধীনতা লাভ কৰিব। তদুপৰি ঈশ্বৰে আগ্ৰহীভাৱে তেওঁৰ প্ৰাৰ্থনা শুনিলে বুলি জানি আশ্বাস অনুভৱ কৰে।

এজন ব্যক্তিয়ে কেনেকৈ ‘প্ৰেমত সিদ্ধ’ আৰু তাৰ দ্বাৰা তিৰস্কাৰ বা অগ্ৰাহ্য হোৱাৰ “ভয়ক দূৰ” কৰিব পাৰে? এই বিষয়ে বাইবেলে এইদৰে কৈছে: “যি জনে [ঈশ্বৰৰ] বাক্য পালন কৰে, তেওঁৰ অন্তৰত ঈশ্বৰৰ প্ৰেম স্বৰূপেই সিদ্ধ হল।” (১ যোহন ২:৫) এতেকে বিবেচনা কৰক: আমি পাপী হোৱাৰ স্বত্ত্বেও ঈশ্বৰে আমাক প্ৰেম কৰে। যদি আমি হৃদয় আৰু সম্পূৰ্ণ মনেৰে প্ৰায়শ্চিত্ত কৰি ‘ঈশ্বৰৰ বাক্য পালন’ কৰোঁ, তেনেহʼলে তেওঁ আমাক তাতকৈ অধিক প্ৰেম নকৰিবনে? (ৰোমীয়া ৫:৮; ১ যোহন ৪:১০) অৱশ্যে আমি যেতিয়ালৈকে ঈশ্বৰৰ প্ৰতি বিশ্বাসী হৈ থাকিম তেতিয়ালৈকে পাঁচনী পৌলৰ দৰে অনুভৱ কৰিব পাৰিম, যিজনে ঈশ্বৰৰ বিষয়ে এইদৰে কৈছে: “যি জনাই নিজৰ পুত্ৰকো মৰম নকৰি, আমাৰ আটাইৰে কাৰণে তেওঁক শোধাই দিলে, সেই জনাই আমাক অনুগ্ৰহ কৰি তেৱেঁ সৈতে সকলো নিদিব নে?”—ৰোমীয়া ৮:৩২. (w04 10/1)