Skip to content

Skip to table of contents

“প্ৰভুত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হোৱা”

“প্ৰভুত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হোৱা”

“প্ৰভুত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হোৱা”

“প্ৰভুত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হোৱা।”—ইফিচীয়া ৬:১০.

১. (ক) আজিৰ পৰা প্ৰায় ৩০০০ বছৰৰ পূৰ্ব্বে কেনে এক অসাধাৰণ ঘটনা ঘটিছিল? (খ) এই যুদ্ধত দায়ূদে কিয় বিজয়ী হʼব পাৰিলে?

 আজিৰ পৰা প্ৰায় ৩০০০ বছৰৰ পূৰ্ব্বে যুদ্ধ ক্ষেত্ৰত দুজন যুদ্ধা ইজনে সিজনৰ বিৰুদ্ধে দুই বিৰোধী পক্ষৰ সৈন্যৰ মাজত থিয় দি আছিল। তেওঁলোকৰ এজনৰ নাম দায়ূদ, যি কমবয়সীয়া আৰু এজন সাধাৰণ মেৰৰখীয়া আছিল। আনজনৰ নাম গোলিয়াথ, যি পলেষ্টীয়াৰ পক্ষৰ বাহুবলী, বৃহৎ শাৰীৰিক আকৃতি আৰু এজন পাকৈত যুদ্ধা আছিল। গোলিয়াথে পৰিধান কৰা কবচৰ ওজন প্ৰায় ৫৭ কিলোগ্ৰাম আৰু তেওঁৰ এখন অতিশয় দীঘল গধুৰ তৰোৱাল আৰু যাঠী আছিল। আনহাতে দায়ূদে কোনো কবচ নিপিন্ধাকৈ কেৱল ফিঙ্গা অৰ্থাৎ শ্লিং লৈ যুদ্ধ কৰিবলৈ আহিছিল। পলেষ্টীয়াৰ এই দানৱ আকৃতিৰ গোলিয়াথে এজন সৰু লʼৰাক তেওঁৰ বিৰোদ্ধে যুদ্ধ কৰিবলৈ অহা দেখি অপমান অনুভৱ কৰিলে। (১ চমূৱেল ১৭:৪২-৪৪) দুয়োফালৰ নিৰপেক্ষ দৰ্শকসকলৰ বাবে কোনে যুদ্ধত জয়ী হʼব, সেই বিষয়ে নিৰ্ণয় লʼবলৈ বেছি সময় নালাগিল। কিন্তু সদায়ে যে পৰাক্ৰমী শক্তিশালী জনে যুদ্ধত জয়ী হয়, এনে নহয়। (উপদেশক ৯:১১) দৰাচলতে যিহোৱাৰ শক্তিৰে যুঁজিবলৈ অহা দায়ূদেহে বিজয়ী হʼল। এই সফলতাৰ বিষয়ে তেওঁ এইদৰে কৈছিল: “যুদ্ধ যিহোৱাৰেই।” আগলৈ বাইবেলৰ বৃত্তান্তই কৈছে যে, “দায়ূদে এগছ ফিঙ্গা [শ্লিং] আৰু এটা শিলেৰে সেই পলেষ্টীয়াটোক জয় কৰিলে, আৰু তাক আঘাত কৰি বধ কৰিলে।”—১ চমূৱেল ১৭:৪৭, ৫০.

২. প্ৰকৃত খ্ৰীষ্টানসকলে কেনে ধৰণৰ যুদ্ধত জড়িত হৈছে?

প্ৰকৃত খ্ৰীষ্টানসকলে শাৰীৰিকভাৱে হোৱা কোনো ধৰণৰ যুদ্ধত ভাগ নলয়। তেওঁবিলাক যদিও শান্তিপ্ৰিয় লোক, তথাপিও তেওঁলোকে শক্তিশালী বিৰোধীসকলৰ সৈতে আধ্যাত্মিকভাৱে যুদ্ধ কৰে। (ৰোমীয়া ১২:১৮) ইফিচীয়াসকললৈ লিখা শেষ চিঠিখনত পাঁচনি পৌলে সকলো প্ৰকৃত খ্ৰীষ্টানে জড়িত থকা এখন যুদ্ধৰ বিষয়ে উল্লেখ কৰিছিল। যাৰ বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “তেজ আৰু মাংসেৰে সৈতে আমাৰ মালযুদ্ধ হোৱা নাই; কিন্তু আধিপত্য, ক্ষমতা, এই অন্ধকাৰৰ জগতপতি, আৰু স্বৰ্গীয় ঠাইবোৰত দুষ্টতাৰ আত্মিক দলবোৰে সৈতে হৈছে।”—ইফিচীয়া ৬:১২.

৩. যদি আমি বিজয়ী হʼব বিচাৰিছোঁ তেন্তে ইফিচীয়া ৬:১০ পদৰ অনুসাৰে কি কৰা উচিত?

সেই “দুষ্টতাৰ আত্মিক দলবোৰ” হৈছে চয়তান আৰু তাৰ দূতবিলাক যি যিহোৱাৰ সৈতে থকা আমাৰ সম্বন্ধক চিঙি পেলাবলৈ নেৰানেপেৰা চেষ্টা কৰে। যিহেতু সিহঁত অতি শক্তিশালী হোৱাৰ বাবে আমিও দায়ূদৰ দৰে কেৱল যিহোৱাৰ শক্তিৰেহে সিহঁতক পৰাস্ত কৰিব পাৰিম। সেইবাবে পাঁচনি পৌলে আমাক “প্ৰভুত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত” হʼবলৈ প্ৰেৰিত কৰিছে। (ইফিচীয়া ৬:১০) এই পৰামৰ্শ দিয়াৰ পিছত তেওঁ কিছুমান আধ্যাত্মিক সাহায্য আৰু খ্ৰীষ্টীয় গুণৰ বিষয়েও কৈছে যি আমাক বিজয়ী হোৱাত সহায় কৰিব পাৰে।—ইফিচীয়া ৬:১১-১৭.

৪. এই লেখটোত আমি কেনে দুটা মুখ্য বিষয়ৰ সম্পৰ্কে আলোচনা কৰিম?

এতিয়া আঁহক আমি আমাৰ শত্ৰুজনৰ শক্তি আৰু সি ব্যৱহাৰ কৰা কৌশলসমূহৰ বিষয়ে শাস্ত্ৰীয় পদবোৰে কি কৈছে, সেই বিষয়ে আলোচনা কৰোঁহঁক। তাৰ পিছত সুৰক্ষাৰ সম্বন্ধে থকা ৰক্ষাত্মক পদক্ষেপবোৰৰ সম্বন্ধে বিবেচনা কৰিম। যদি আমি যিহোৱাৰ নিৰ্দ্দেশনাবোৰ মানি চলোঁ, তেন্তে নিশ্চয়ে বিজয়ী হʼব পাৰিম।

দুষ্ট আত্মিক ব্যক্তিবোৰৰ বিৰোদ্ধে মালযুদ্ধ

৫. ইফিচীয়া ৬:১২ পদত উল্লেখ কৰা “মালযুদ্ধ” শব্দটোৱে কেনে ছবি দাঙি ধৰিছে আৰু ই আমাক চয়তানে ব্যৱহাৰ কৰা কৌশলক কেনেকৈ জানিবলৈ সহায় কৰে?

পাঁচনি পৌলে কৈছে যে, “আমাৰ মালযুদ্ধ . . . কিন্তু আধিপত্য, ক্ষমতা, এই অন্ধকাৰৰ জগতপতি, আৰু স্বৰ্গীয় ঠাইবোৰত দুষ্টতাৰ আত্মিক দলবোৰে সৈতে হৈছে।” এই দুষ্ট আত্মিক দলবোৰৰ প্ৰমুখ অধিপতিজন হৈছে চয়তান অৰ্থাৎ “ভূতবোৰৰ ৰজা।” (মথি ১২:২৪-২৬) আমি জড়িত হোৱা এই যুদ্ধখনৰ তুলনা বাইবেলে “মালযুদ্ধ” বা বাহুৱে বাহুৱে হোৱা যুঁজৰ সৈতে কৰিছে। প্ৰাচীন সময়ৰ গ্ৰীচ দেশত হোৱা মালযুদ্ধত ভাগ লোৱা প্ৰতিদ্বন্দীসকলে ইজনে সিজনক ভাৰসাম্যহীন কৰি মাটিত বগৰাই পেলাবলৈ চেষ্টা কৰিছিল। ঠিক সেইদৰে চয়তানেও আমাক আধ্যাত্মিক ভাৰসাম্যহীন কৰিবলৈ বিচাৰে। সি কেনেকৈ আমাক আধ্যাত্মিক ভাৰসাম্যহীন কৰিব বিচাৰে?

৬. চয়তানে কেনেকৈ নিজৰ নানা কৌশলেৰে আমাৰ বিশ্বাস ধ্বংস কৰিবলৈ চেষ্টা কৰে, তাক শাস্ত্ৰীয় পদবোৰৰ দ্বাৰা বৰ্ণনা কৰক।

সি হয়তো এটা সাপ, গুজৰি থকা সিংহ আৰু দীপ্তিময় দূতৰো বেশ ধাৰণ কৰিব পাৰে। (২ কৰিন্থীয়া ১১:৩, ১৪; ১ পিতৰ ৫:৮) তদুপৰি সি আমাক নিৰুৎসাহিত বা তাড়নাৰ দ্বাৰা পীড়িত কৰিবলৈ মানৱ প্ৰতিনিধিবিলাকৰো সহায় লʼব পাৰে। (প্ৰকাশিত বাক্য ২:১০) যিহেতু গোটেই জগতখন চয়তানৰ অধীনত থকাৰ বাবে সি ইয়াৰ অভিলাষ আৰু মোহিত বস্তুবোৰ ব্যৱহাৰ কৰি আমাক ফান্দত পেলাবলৈ চেষ্টা কৰিব পাৰে। (২ তীমথিয় ২:২৬; ১ যোহন ২:১৬; ৫:১৯) আনকি প্ৰথম মানৱ নাৰী হৱাৰ দৰে সি আমাকো বিপথে পৰিচালিত কৰিবলৈ এই জগত অৰ্থাৎ ধৰ্ম্মচুত্য বিচাৰধাৰাবোৰ ব্যৱহাৰ কৰিব পাৰে।—১ তীমথিয় ২:১৪.

৭. পিশাচবোৰৰ কেনে নিৰ্দ্ধাৰিত সীমা আছে আৰু আমি কেনে উপকাৰ লাভ কৰিছোঁ?

চয়তান আৰু তাৰ দূত অৰ্থাৎ পিশাচবোৰে ব্যৱহাৰ কৰা কৌশলবোৰ যদিও অতি শক্তিশালী যেন বোধ হʼব পাৰে, তথাপিও তেওঁবিলাক সীমাবদ্ধ। উদাহৰণস্বৰূপে, সিহঁতে আমাক যিহোৱাৰ বিৰোদ্ধে কাৰ্য্য কৰিবলৈ বাধ্য কৰিব নোৱাৰে। কিয়নো নিজৰ বিচাৰধাৰা আৰু পদক্ষেপবোৰ নিয়ন্ত্ৰণ কৰিব পৰা আমাৰো নিজা ক্ষমতা আছে। তদুপৰি এই আধ্যাত্মিক যুদ্ধত আমি যে অকলেই ভাগ লৈছোঁ, এনে নহয়। ভৱিষ্যতবক্তা ইলিচাৰ সময়ত যি দৰে সত্য প্ৰমাণিত হৈছিল, তেনেদৰে আমাৰ সময়তো এই ভাৰসাযুক্ত বাক্যশাৰী সত্য প্ৰমাণিত হৈছে। সেই ভাৰসাযুক্ত বাক্যশাৰীত এইদৰে কোৱা হৈছে: “সিহঁতৰ সঙ্গীবোৰতকৈ আমাৰ সঙ্গী অধিক।” (২ ৰাজাৱলি ৬:১৬) গতিকে বাইবেলে আমাক আশ্বাস দি কৈছে যে যদি আমি ঈশ্বৰৰ অধীন হৈ চয়তানৰ বিৰোধ কৰোঁ, তেন্তে সি আমাৰ পৰা পলাই যাব।—যাকোব ৪:৭.

চয়তানৰ পৰিকল্পনাবোৰ চিনাক্ত কৰা

৮, ৯. ইয়োবৰ অখণ্ডতাক ধ্বংস কৰিবলৈ চয়তানে কেনে পৰীক্ষাবোৰ আনিছিল আৰু আজি আমি কেনে ধৰণৰ আধ্যাত্মিক বিপদৰ সম্মুখীন হৈছোঁ?

আমি চয়তানৰ পৰিকল্পনাবোৰৰ বিষয়ে ভালদৰে জানো, কিয়নো বাইবেলে সেইবোৰৰ বিষয়ে স্পষ্টকৈ প্ৰকাশ কৰিছে। (২ কৰিন্থীয়া ২:১১) উদাহৰণস্বৰূপে, ধাৰ্ম্মিক ইয়োবৰ ওপৰত সি আৰ্থিক সমস্যা, সন্তান-সন্ততিৰ মৃত্যু, পৰিয়ালৰ পৰা অহা বিৰোধ, শাৰীৰিক ক্লেশ অনাৰ উপৰিও বন্ধুবিলাকৰ দ্বাৰা মিছা অভিযোগ দিছিল। এনেদৰে অকাৰণতে হোৱা সমস্যাবোৰৰ বাবে ইয়োবে নিৰুৎসাহিত হৈ ঈশ্বৰে তেওঁক ত্যাগ দিলে বুলি ভাবিছিল। (ইয়োব ১০:১, ২) আজি চয়তানে তেনে ধৰণৰ সমস্যাবোৰৰ দ্বাৰা যদিও পোনপটীয়াকৈ আক্ৰমণ নকৰে, তথাপিও ইয়াৰ দ্বাৰা বহুতো খ্ৰীষ্টানে পীড়িত হৈছে আৰু চয়তানেও নিজৰ লাভৰ অৰ্থে তেনে পৰিস্থিতিবোৰক ব্যৱহাৰ কৰিব পাৰে।

এই শেষকালত আধ্যাত্মিক বিপদবোৰ অধিককৈ বৃদ্ধি পাইছে। বৰ্তমান আমি বাস কৰা জগতখন সম্পূৰ্ণ ভৌতিক অভিলাষেৰে পূৰ্ণ হৈ আছে, যি আমাৰ আধ্যাত্মিক লক্ষ্যক ধ্বংস কৰিব পাৰে। মিডিয়াৰ দ্বাৰা সদায়ে প্ৰচাৰ কৰা হৈছে যে অবৈধভাৱে হোৱা যৌন-সঙ্গম আচলতে কোনো পাপকাৰ্য্য নহয়, কিন্তু প্ৰকৃত সুখলৈ পৰিচালিত কৰা এক উত্তম পথ। অধিকাংশ লোকে আজি “ঈশ্বৰ-প্ৰিয়তকৈ বৰং সুখ-প্ৰিয়” হোৱাৰ প্ৰমাণ দিছে। (২ তীমথিয় ৩:১-৫) যদি আমি “বিশ্বাসৰ পক্ষে প্ৰাণপণ” যুদ্ধ নকৰোঁ, তেন্তে এনে ধৰণৰ বিচাৰধাৰাই আমাৰ আধ্যাত্মিক ভাৰসাম্যতাক ধ্বংস কৰিব পাৰে।—যিহূদা ৩.

১০-১২. (ক) যীচুৱে কঠীয়া সিঁচা খেতিয়কৰ দৃষ্টান্তত কেনে এক সতৰ্কতা দাঙি ধৰিছিল? (খ) আধ্যাত্মিক লক্ষ্যবোৰ কেনেকৈ সীমাবদ্ধ হʼব পাৰে, তাক বৰ্ণনা কৰক।

১০ চয়তানৰ এক কাৰ্য্যকাৰী কৌশল হৈছে, আমাক এই জগতৰ ভৌতিক অভিলাষৰ দ্বাৰা আৱদ্ধ কৰি ৰাখা। যীচুৱে কঠীয়া সিঁচা খেতিয়কৰ দৃষ্টান্তত সতৰ্ক কৰি কৈছিল যে, “সংসাৰৰ চিন্তা আৰু ধনৰ মায়াই [ঈশ্বৰৰ ৰাজ্যৰ] বাক্য হেঁচি ধৰে।” (মথি ১৩:১৮, ২২) ইয়াত উল্লেখিত “হেঁচি ধৰা” শব্দটো গ্ৰীক ভাষাত “সম্পূৰ্ণকৈ স্বাসৰোধ কৰাৰ” অৰ্থত বুজাইছে।

১১ উদাহৰণস্বৰূপে, ক্ৰান্তীয় অঞ্চলৰ অৰণ্যবোৰত থকা এক প্ৰকাৰৰ ডিমৰু গছৰ বিষয়ে বিবেচনা কৰক। ই ওচৰে-পাজৰে থকা গছজোপাৰ সহায়ত ডাঙৰ-দীঘল হʼবলৈ আৰম্ভ কৰে। ক্ৰমান্বয়ে ই শক্তিশালীৰূপে সেই গছজোপাক মেৰিয়াই ধৰে। গছাজোপাৰ আধাৰত ডিমৰু গছৰ শিপাবোৰে কালক্ৰমে মাটিৰ পৰা সকলো পোষকতা শোষণ কৰি লয়। তদুপৰি বাঢ়ি অহা ডিমৰু গছাৰ পাতবোৰে সেই গছজোপাক সম্পূৰ্ণকৈ আবৰি ধৰাৰ বাবে গছজোপাই সূৰ্য্যৰ পোহৰৰ পৰা বঞ্চিত হয় আৰু অৱশেষত শুকাই মৰি যায়।

১২ ঠিক সেইদৰে, এই জগতৰ ধন-সম্পত্তি আৰু আৰামদায়ক জীৱন-প্ৰণালীয়ে ক্ৰমান্বয়ে আমাৰ পৰা অধিক শক্তি আৰু সময় কাঢ়ি নিব পাৰে। তদুপৰি আমি লক্ষ্যভ্ৰষ্ট হৈ ব্যক্তিগত বাইবেল অধ্যয়ন আৰু নিয়মীয়াকৈ সভাত উপস্থিত থকাৰ পৰা বিৰত থাকি আধ্যাত্মিকভাৱে ক্ষতিগ্ৰস্ত হʼব পাৰোঁ। পৰিণামস্বৰূপে, আমি আধ্যাত্মিক বিষয়ৰ পৰা আঁতৰি ভৌতিকবাদৰ পিছত গৈ অতি সহজে চয়তানে পাতি ৰাখা ফান্দত পৰিম।

আমি বিশ্বাসত থিৰে থকা আৱশ্যক

১৩, ১৪. চয়তানৰ বিৰোদ্ধে বিশ্বাসত থিৰে থাকিবলৈ আমি কেনে পদক্ষেপ লোৱা উচিত?

১৩ পাঁচনি পৌলে তেওঁৰ সঙ্গী ভাই-ভনীসকলক “চয়তানৰ নানাবিধ কুকল্পনাৰ সম্মুখত থিৰে থাকিবলৈ” উৎসাহিত কৰিছিল। (ইফিচীয়া ৬:১১) দৰাচলতে, আমাৰ ওচৰত চয়তান আৰু তাৰ পিশাচবোৰক পৰাস্ত কৰিব পৰা ক্ষমতা নাই। সেই ক্ষমতা যিহোৱাই কেৱল যীচুকহে প্ৰদান কৰিছে। (প্ৰকাশিত বাক্য ২০:১, ২) গতিকে চয়তানক ধ্বংস নকৰালৈকে আমি তাৰ বিৰোদ্ধে বিশ্বাসত থিৰে থকা উচিত যাতে সি তাৰ আক্ৰমণেৰে আমাক পৰাস্ত কৰিব নোৱাৰে।

১৪ চয়তানৰ বিৰোদ্ধে বিশ্বাসত থিৰে থকাৰ সম্বন্ধে পাঁচনি পিতৰেও জোৰ দি এইদৰে কৈছিল: “গুজৰি থকা সিংহৰ দৰে তোমালোকৰ শত্ৰু চয়তানে কাক কেনেকৈ গ্ৰাস কৰিব পাৰিব, তাৰ উপায় বিচাৰি ফুৰিছে। সেই একে দুখভোগ, জগতত থকা তোমালোকৰ ভাই মাত্ৰতেই সিদ্ধ হৈছে বুলি জানি, তোমালোকে বিশ্বাসত দৃঢ় হৈ, তাক প্ৰতিৰোধ কৰা।” (১ পিতৰ ৫:৮, ৯) গতিকে চয়তানৰ বিৰোদ্ধে বিশ্বাসত থিৰে থাকিবলৈ আমাক সঙ্গী ভাই-ভনীসকলৰ সাহায্যৰ অতি আৱশ্যক।

১৫, ১৬. আমি কেনেকৈ সঙ্গী খ্ৰীষ্টানসকলে কৰা সহায়ৰ দ্বাৰা বিশ্বাসত থিৰে থাকিব পাৰোঁ, সেই বিষয়ে এটা শাস্ত্ৰীয় উদাহৰণেৰে বৰ্ণনা কৰক।

১৫ লক্ষ্য কৰক যে আফ্ৰিকাৰ উপক্ৰান্তীয় অঞ্চলত থকা মৃগ পহুবোৰে বিপদৰ উমান পাই কেনে প্ৰতিক্ৰিয়া দেখুৱায়। সিহঁতে সিংহৰ গুজৰণি শুনি বিপদগ্ৰস্ত এলেকাৰ পৰা আঁতৰি নোযোৱালৈকে দ্ৰুতগতিৰে দৌৰি থাকে। আনহাতে অৰণ্যৰ গজৰাজ অৰ্থাৎ হাতীবোৰে পৰস্পৰে ইজনে সিজনৰ সহায় কৰা দেখিবলৈ পোৱা যায়। এই বিষয়ে এলিফেন্টচ্‌—জেন্টেল জাইয়ন্টচ্‌ অৱ আফ্ৰিকা এন্ড এছিয়া নামৰ কিতাপখনে এইদৰে কৈছে: “এক বৈশিষ্টযুক্ত হাতীৰ জাকে সাধাৰণতে নিজৰ পোৱালীবিলাকক মাজত ৰাখি চাৰিওফালে ঘেৰি থিয় হয়, যাতে কোনেও সিহঁতক আক্ৰমণ কৰিব নোৱাৰে।” তেনে শক্তিশালী সমৰ্থন দেখি সিংহবোৰে সিহঁতৰ পোৱালীবিলাকৰ ওপৰত আক্ৰমণ কৰিবলৈ সাহ নকৰে।

১৬ সেই একেইদৰে আমিও পৰস্পৰে একত্ৰিত হৈ ইজনে সিজনৰ সৈতে যিহোৱাৰ সেৱা কৰা উচিত যাতে চয়তান আৰু তাৰ পিশাচবোৰে সহজে আমাৰ ওপৰত আক্ৰমণ কৰিব নোৱাৰে। ৰোম চহৰত বন্দী হৈ থকাৰ সময়ত কিছুমান খ্ৰীষ্টান সঙ্গী ভায়ে কেনেকৈ তেওঁৰ বাবে ‘দৃঢ়তাস্বৰূপ’ প্ৰমাণিত হৈছিল সেই বিষয়ে পাঁচনি পৌলে সোঁৱৰণ কৰিছিল। (কলচীয়া ৪:১০, ১১) এই ‘দৃঢ়তাস্বৰূপ’ শব্দটো খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰীয় পদত কেৱল এবাৰহে উল্লেখ থকা দেখিবলৈ পোৱা যায়। ৱাইনচ্‌ এক্সপজিটেৰী ডিকশ্বন্‌ৰী অৱ নিউ টেষ্টামেন্ট ৱৰ্ডচ অনুসাৰে, “কথিতভাৱে ব্যৱহাৰ কৰা এই শব্দটো এনে ঔষধৰ ক্ষেত্ৰত উল্লেখ কৰা হয় যি শৰীৰত হোৱা বেদনাক উপশম কৰে।” শৰীৰত হোৱা কোনো আঘাতৰ ওপৰত মলম লগোৱাৰ দৰে পৰিপক্ক খ্ৰীষ্টানসকলে আগবঢ়োৱা সহায়ে শাৰীৰিক বা মানসিক আঘাতক উপশম কৰিব পাৰে।

১৭. যিহোৱাৰ প্ৰতি আনুগত্য বজাই ৰাখিবলৈ আমাক কিহে সহায় কৰিব পাৰে?

১৭ বৰ্তমান সময়ৰ সঙ্গী খ্ৰীষ্টানসকলে আগবঢ়োৱা উৎসাহে আমাক নিষ্ঠাৰে ঈশ্বৰৰ সেৱা কৰিবলৈ সহায় কৰে। বিশেষকৈ খ্ৰীষ্টান প্ৰাচীনসকলে আমাক আধ্যাত্মিকভাৱে সহায় কৰাত পদক্ষেপ লয়। (যাকোব ৫:১৩-১৫) এনে সহায়ৰ পৰা লাভৱান হʼবলৈ নিতৌ বাইবেল অধ্যয়ন, সভা, সন্মিলন আৰু অধিৱেশনত উপস্থিত থকাটো সন্মিলিত আছে। তদুপৰি ঈশ্বৰৰ সৈতে থকা আমাৰ নিবিড় সম্পৰ্কই আমাক আনুগত্য বজাই ৰাখাত সহায় কৰে। বাস্তৱতে আমি খোৱা-বোৱা বা যিয়ে নকৰোঁ কিয়, সকলোবোৰ ঈশ্বৰৰ মহিমাৰ অৰ্থে কৰা উচিত। (১ কৰিন্থীয়া ১০:৩১) অৱশ্যে আমি নিৰন্তৰে যিহোৱাৰ মন আনন্দিত কৰিবলৈ প্ৰাৰ্থনা আৰু তেওঁৰ ওপৰত ভাৰসা ৰাখা অতি আৱশ্যক।—গীত ৩৭:৫.

১৮. আমি অত্যধিক উৎপীড়নৰ সম্মুখীন হোৱাৰ সময়তো নিজকে কিয় দুৰ্ব্বল হোৱা বুলি ভাবিব নালাগে?

১৮ যিদৰে সিংহই দুৰ্ব্বল জন্তুক দেখি আক্ৰমণ কৰে, সেইদৰে চয়তানেও আধ্যাত্মিকতাত দুৰ্ব্বল হৈ পৰা দেখি আমাৰ ওপৰত আক্ৰমণ কৰে। হয়তো পৰিয়ালত অশান্তি পৰিৱেশ, আৰ্থিক সমস্যা আৰু বেমাৰৰ ফলত আমি আধ্যাত্মিকতাত দুৰ্ব্বল হৈ পৰিব পাৰোঁ। তথাপিও আমি যেন ঈশ্বৰৰ মন আনন্দিত কৰাত কেতিয়াও বিফল নহওঁ, তাৰ বাবে আঁহক আমি পাঁচনি পৌলে কোৱা এই কথাষাৰ মনত ৰাখোঁহঁক: “যেতিয়া মই দুৰ্ব্বল, তেতিয়াই বলৱান।” (২ কৰিন্থীয়া ১২:১০; গালাতীয়া ৬:৯; ২ থিচলনীকীয়া ৩:১৩) তেওঁ কোৱা বাক্যশাৰীৰ তাৎপৰ্য্যতা কি আছিল? তেওঁ এইটো কʼব বিচাৰিছিল যে যদি আমি যিহোৱাত ভাৰসা ৰাখোঁ, তেন্তে তেওঁৰ পৰা অহা শক্তিয়ে আমাক শক্তিশালী কৰি তুলিব। গোলিয়াথক পৰাস্ত কৰা দায়ূদৰ উদাহৰণে দেখুৱাইছে যে ঈশ্বৰে নিজৰ লোকসকলক শক্তি প্ৰদান কৰি সহায় কৰিব পাৰে। বৰ্তমান সময়ৰ যিহোৱাৰ সাক্ষীসকলেও অত্যধিক উৎপীড়নৰ সম্মুখীন হোৱাৰ সময়ত ঈশ্বৰৰ দ্বাৰা শক্তিশালী হোৱা অনুভৱ কৰিছে।—দানিয়েল ১০:১৯.

১৯. যিহোৱাই কেনেকৈ তেওঁৰ উপাসকবিলাকক শক্তি প্ৰদান কৰে, তাৰ এটা উদাহৰণ দিয়ক।

১৯ এহাল বৈবাহিক খ্ৰীষ্টান দম্পতীয়ে ঈশ্বৰৰ দ্বাৰা পোৱা শক্তিৰ বিষয়ে এইদৰে কৈছিল: “আমি স্বামী-স্ত্ৰী হৈ ভালেমান বছৰৰ পৰা যিহোৱাৰ সেৱা কৰি বহুতো আশীৰ্ব্বাদৰ ভাগী হৈছোঁ আৰু বহুতো নম্ৰ মনৰ লোকৰ সৈতে পৰিচিত হʼব পাৰিলোঁ। তদুপৰি কঠিন পৰিস্থিতিতো সফলতাৰে সম্মুখীন হʼবলৈ তেওঁৰ দ্বাৰা প্ৰশিক্ষিত আৰু শক্তিশালী হোৱা অনুভৱ কৰিছিলোঁ। আমি যদিও ইয়োবৰ দৰে অকাৰণতে হোৱা তেনে পৰিস্থিতিবোৰৰ বিষয়ে প্ৰায়ে বুজি পোৱা নাছিলোঁ, তথাপিও যিহোৱা যে আমাৰ সহায়কৰ্ত্তা তাক জানিব পাৰিছিলোঁ।”

২০. কেনে শাস্ত্ৰীয় উদাহৰণে দেখুৱাইছে যে যিহোৱা ঈশ্বৰে সদায়ে নিজৰ বিশ্বাসী লোকক সহায় কৰে?

২০ যিহোৱাই যে সদায় নিজৰ বিশ্বাসী লোকক সহায় কৰিব নোৱাৰে, এনে নহয়। (যিচয়া ৫৯:১) এই সন্দৰ্ভত গীতমালা ৰচোঁতাজনে এইদৰে কৈছিল: “যিহোৱাই পৰিব লগীয়া সকলোকে ধৰি ৰাখে; দুৰৱস্থাত থকাবিলাকক তেওঁ সু-অৱস্থালৈ আনে।” (গীত ১৪৫:১৪) আনকি তেওঁ “দিনে দিনে আমাৰ ভাৰ বহন কৰে” আৰু আমাৰ আৱশ্যকীয় বস্তুখিনিও দিয়ে।—গীত ৬৮:১৯.

আমি ‘ঈশ্বৰৰ আটাই কবচ’ পৰিধান কৰা আৱশ্যক

২১. পাঁচনি পৌলে কেনেকৈ আধ্যাত্মিক কবচৰ আৱশ্যকতাৰ বিষয়ে জোৰ দি উল্লেখ কৰিছিল?

২১ আমি চয়তানে ব্যৱহাৰ কৰা কিছুমান কৌশল আৰু বিশ্বাসত থিৰে থকাৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া আঁহক আমি বিশ্বাসৰ প্ৰতিৰক্ষা সম্বন্ধে থকা আন এটা বিষয়ে বিবেচনা কৰোঁহঁক। পাঁচনি পৌলে চয়তানৰ কুকল্পনাৰ বিৰোদ্ধে বিশ্বাসত থিৰে আৰু সফলতাৰে তাৰ দূতবিলাকৰ সৈতে যুঁজ কৰা সম্বন্ধে থকা অন্য এটা বিষয়ে দুবাৰকৈ ইফিচীয়াসকললৈ লিখা পত্ৰখনত উল্লেখ কৰিছিল। যাৰ বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: ‘চয়তানৰ নানাবিধ কুকল্পনাৰ সম্মুখত থিৰে থাকিবলৈ সমৰ্থ হবৰ কাৰণে, ঈশ্বৰৰ আটাই কবচ পিন্ধা। . . . তোমালোকে মন্দ দিনত প্ৰতিৰোধ কৰিবলৈ, আৰু সকলোকে সিদ্ধ কৰি থিৰে থাকিবলৈ সমৰ্থ হবৰ কাৰণে, ঈশ্বৰৰ আটাই অস্ত্ৰ-শস্ত্ৰ লোৱা।’—ইফিচীয়া ৬:১১, ১৩.

২২, ২৩. (ক) আমাৰ আধ্যাত্মিক কবচৰ সৈতে আৰু কি সন্মিলিত আছে? (খ) পৰৱৰ্তী লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

২২ বাস্তৱতে আমি ‘ঈশ্বৰৰ আটাই কবচ পিন্ধা’ উচিত বুলি উল্লেখ কৰা চিঠিখন পাঁচনি পৌলে বন্দীশালত তেওঁক সম্পূৰ্ণ কবচ পৰিধান কৰা ৰোমান সৈনিকে চোকা পহৰা দি থকাৰ সময়ত লিখিছিল। যিহেতু ঈশ্বৰৰ পবিত্ৰ আত্মাৰ দ্বাৰা প্ৰেৰিত হৈ তেনে আধ্যাত্মিক কবচ পৰিধান কৰাটো যে যিহোৱাৰ সকলো উপাসকৰ বাবে আৱশ্যক, সেই বিষয়ে তেওঁ দাঙি ধৰিলে।

২৩ এজন প্ৰকৃত খ্ৰীষ্টানে ঈশ্বৰৰ এই কবচ পৰিধান কৰাৰ সৈতে এনে গুণবোৰো বিকশিত কৰা উচিত যি আধ্যাত্মিক সুৰক্ষাৰ বাবে অতি আৱশ্যক। পৰৱৰ্তী লেখত আমি এই কবচৰ প্ৰত্যেকটো অংশৰ বিষয়ে বিবেচনা কৰিম। এই লেখটোৰ দ্বাৰা আমি সম্পূৰ্ণকৈ আধ্যাত্মিক যুদ্ধৰ কাৰণে সাজু আছোঁ নে নাই, সেই বিষয়ে নিৰ্ণয় কৰিব পাৰিম। তদুপৰি সফলতাৰে চয়তানক বিৰোধ কৰিব পৰা যীচুৰ আৰ্হিয়ে আমাক কেনেকৈ সহায় কৰিব পাৰে, সেই বিষয়েও আলোচনা কৰিম। (w04 09/15)

আপুনি কেনেকৈ উত্তৰ দিব?

• সকলো প্ৰকৃত খ্ৰীষ্টানে কেনে ধৰণৰ যুদ্ধত ভাগ লʼবলগীয়া হৈছে?

• চয়তানে ব্যৱহাৰ কৰা কৌশলবোৰৰ বিষয়ে বৰ্ণনা কৰক।

• কেনেকৈ সঙ্গী ভাই-ভনীসকলে কৰা সমৰ্থনে আমাক বিশ্বাসত শক্তিশালী কৰি তুলিব পাৰে?

• আমি কাৰ শক্তিৰ ওপৰত ভাৰসা ৰাখা উচিত আৰু কিয়?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[৯ পৃষ্ঠাৰ ছবিসমূহ]

প্ৰকৃত খ্ৰীষ্টানসকলে ‘দুষ্ট আত্মিক দলবোৰৰ সৈতে মালযুদ্ধ কৰিবলগীয়া হৈছে’

[১০ পৃষ্ঠাৰ ছবি]

এই জগতৰ চিন্তাধাৰাই ঈশ্বৰৰ বাক্যক ব্যাহত কৰিব পাৰে

[১১ পৃষ্ঠাৰ ছবি]

আমাৰ বাবে সঙ্গী খ্ৰীষ্টানসকলে ‘দৃঢ়তাস্বৰূপ’ হʼব পাৰে

[১২ পৃষ্ঠাৰ ছবি]

আপুনি ঈশ্বৰৰ শক্তি বিচাৰি তেওঁলৈ প্ৰাৰ্থনা কৰেনে?