‘পৰস্পৰ স্নেহশীল হওক’
‘পৰস্পৰ স্নেহশীল হওক’
“ভ্ৰাতৃ-প্ৰেমত পৰস্পৰ স্নেহশীল হোৱা।”—ৰোমীয়া ১২:১০.
১, ২. আধুনিক সময়ৰ এজন মিছনাৰী ভাই আৰু পাঁচনি পৌলে নিজৰ আধ্যাত্মিক ভাই-ভনীৰ সৈতে কেনে সম্বন্ধৰ আনন্দ লৈছিল?
সুদূৰ পূব দিশৰ এখন দেশত ৪৩ বছৰ ধৰি মিছনাৰী সেৱা কৰা ডান নামৰ ভাইজনক তেওঁৰ স্নেহশীল স্বভাৱৰ বাবে সকলোৱে ভাল পাইছিল। মৃত্যুশৰ্য্যাত থকাৰ সময়ত এই ভাইজনক সাক্ষাৎ কৰিবলৈ দূৰ-দূৰণিৰ পৰা অহা তেওঁৰ কিছুমান পূৰ্বৰ বাইবেল বিদ্যাৰ্থীয়ে কোৰীয়া ভাষাত এইদৰে কৈছিল, “কামছামিদা, কামছামিদা!” যাৰ অৰ্থ হৈছে “আপোনাক অনেক ধন্যবাদ!” ভাই ডানে দেখুৱা স্নেহশীলতাই তেওঁলোকৰ হৃদয় স্পৰ্ষ কৰিছিল।
২ ডানে দেখুৱা এনে ধৰণৰ আৰ্হি যে কেতিয়াবাহে দেখিবলৈ পোৱা যায়, এনে নহয়। প্ৰথম শতাব্দীতো পাঁচনি পৌলে সঙ্গী ভাই-ভনীসকলৰ প্ৰতি গভীৰ স্নেহ দেখুৱাইছিল। আনকি তেওঁ নিঃস্বাৰ্থৰে তেওঁলোকৰ সেৱা-শুশ্ৰুষাও কৰিছিল। তেওঁ এজন দৃঢ় বিশ্বাসী ব্যক্তি হোৱাৰ উপৰিও “নিজ সন্তানৰ লালন-পালন” কৰোঁতা মাতৃৰ নিচিনা কোমল-স্বভাৱ আৰু তত্বাৱধান লোৱা ব্যক্তি আছিল। এই বিষয়ে তেওঁ থিচলনীকীয়াসকললৈ এইদৰে লিখিছিল: “তোমালোকক অতি স্নেহ কৰাত, কেৱল ঈশ্বৰৰ শুভবাৰ্ত্তা নহয়, তোমালোক আমাৰ প্ৰিয়-পাত্ৰ হোৱাত, আমি নিজ নিজ প্ৰাণো তোমালোকক দিবলৈ সন্তুষ্ট আছিলোঁ।” (১ থিচলনীকীয়া ২:৭, ৮) পিছলৈ তেওঁ যেতিয়া ইফিচীয়াত থকা ভাই-ভনীসকলক পুনৰাই আৰু দেখা নহʼব বুলি কৈছিল তেতিয়া তেওঁলোক ‘সকলোৱে বৰ ক্ৰন্দন কৰিলে আৰু পৌলৰ ডিঙিত ধৰি চুমা খাইছিল।’ (পাঁচনিৰ কৰ্ম্ম ২০:২৫, ৩৭) দৰাচলতে তেওঁলোকৰ মাজত দেখা দিয়া এই নিবিড় সম্বন্ধ কেৱল একে ধৰ্ম্মৰ হোৱাৰ বাবে নহয়, কিন্তু পৰস্পৰ মাজত থকা স্নেহশীলতাৰ বাবেহে তেনে হৈছিল।
স্নেহশীল আৰু প্ৰেম
৩. বাইবেলত উল্লেখ কৰা স্নেহ আৰু প্ৰেমৰ মাজত কেনে সম্পৰ্ক আছে?
৩ প্ৰেম গুণটোৰ সৈতে বাইবেলত উল্লেখ কৰা স্নেহ, পৰস্পৰ অনুভূতি, কৰুণা আদি গুণবোৰৰ এক নিবিড় সম্পৰ্ক আছে। (১ থিচলনীকীয়া ২:৮; ২ পিতৰ ১:৭) এই ঈশ্বৰীয় গুণবোৰ পৰস্পৰে একেলগ হৈ বহুমূলীয়া হীৰাত থকা সৌন্দৰ্য্যতাৰ দৰে আভা প্ৰকাশ কৰে। তদুপৰি এই গুণবোৰে প্ৰকৃত খ্ৰীষ্টানসকলক ইজনে সিজনৰ কাষ চাপাত সহায়ে নহয়, কিন্তু ঈশ্বৰৰ কাষ চাপিবলৈও সহায় কৰে। সেইবাবে পাঁচনি পৌলে তেওঁৰ সঙ্গী খ্ৰীষ্টানসকলক এইদৰে কৈছিল: “প্ৰেম অকল্পিত হওক। . . ভ্ৰাতৃ-প্ৰেমত পৰস্পৰ স্নেহশীল হোৱা।”—ৰোমীয়া ১২:৯, ১০.
৪. “স্নেহশীল” শব্দটোৰ অৰ্থ কি?
৪ পাঁচনি পৌলে ব্যৱহাৰ কৰা গ্ৰীক ভাষাৰ “স্নেহশীল” শব্দটো দুটা অৰ্থত প্ৰকাশ পাইছে। প্ৰথমটো হৈছে বন্ধুত্ব আৰু দ্বিতীয়টো স্বাভাৱিক স্নেহ। এজন বাইবেল বিদ্ধানৰ মতে, খ্ৰীষ্টানসকলৰ মাজত “প্ৰেম, নিবিড় সম্পৰ্ক আৰু পৰস্পৰ সমবেদনাশীল হোৱা উচিত।” আপুনিও খ্ৰীষ্টান মণ্ডলীত থকা নিজৰ ভাই-ভনীসকলৰ প্ৰতি তেনে অনুভৱ কৰেনে? খ্ৰীষ্টান মণ্ডলীত এক আনন্দ আৰু আত্মীয় পৰিৱেশ হোৱা উচিত। (গালাতীয়া ৬:১০) জে. বি. ফিলিপে লিখা দ্য নিউ টেষ্টামেন্ট ইন মডাৰ্ন ইংলিছ বাইবেলৰ ৰোমীয়া ১২:১০ পদটোত এইদৰে লিখিছিল: “আঁহক আমি পৰস্পৰে ইজনে সিজনক প্ৰকৃত মৰম-চেনেহৰ অনুভূতি প্ৰকাশ কৰোঁহঁক।” দ্য যিৰূচালেম বাইবেলৰ অনুসাৰে, “পৰস্পৰে ইজনে সিজনক অধিককৈ প্ৰেম কৰোঁহঁক।” বাস্তৱতে খ্ৰীষ্টানসকলৰ মাজত থকা প্ৰেম আনুসঙ্গিক আৰু বাধ্যবাধকতাৰ বাবে প্ৰকাশ পাই, এনে নহয়। ঠিক সেইদৰে আমিও ইজনে সিজনক ‘ভ্ৰাতৃ-প্ৰেম আৰু হৃদয়ৰ সহিত পৰস্পৰে আগ্ৰহেৰে প্ৰেম কৰা উচিত।’—১ পিতৰ ১:২২.
“পৰস্পৰ প্ৰেম কৰিবলৈ ঈশ্বৰৰ শিক্ষিত লোক”
৫, ৬. (ক) যিহোৱা ঈশ্বৰে আতঃৰাষ্ট্ৰীয় অধিৱেশনবোৰৰ যোগেদি নিজৰ লোকসকলক কেনেকৈ প্ৰেম কৰিবলৈ শিক্ষাদান কৰিছে? (খ) সময় অতিবাহিত হোৱাৰ লগে লগে ভাই-ভনীসকলৰ সৈতে থকা সম্বন্ধ কেনেকৈ অধিক দৃঢ় হয়?
৫ বৰ্তমান সময়ত যদিও “অনেকৰ প্ৰেম চেঁচা হৈ” পৰিছে, তথাপিও যিহোৱাই নিজৰ লোকসকলক “পৰস্পৰ প্ৰেম কৰিবলৈ” শিক্ষাদান কৰিছে। (মথি ২৪:১২; ১ থিচলনীকীয়া ৪:৯) এই বাক্যশাৰীৰ সত্যতা যিহোৱাৰ সাক্ষীসকলৰ আতঃৰাষ্ট্ৰীয় অধিৱেশনবোৰত দেখিবলৈ পোৱা যায়। এনে ধৰণৰ অধিৱেশনবোৰত স্থানীয় সাক্ষীসকলে বিদেশৰ পৰা অহা ভাই-ভনীসকলক আগ্ৰহেৰে সম্ভাষণ জনাই আৰু তেওঁলোকৰ থকামেলাৰ বাবে তেওঁলোকে নিজৰ ঘৰত ব্যৱস্থা কৰে। অলপতে হোৱা এখন অধিৱেশনত উপস্থিতত থকা এনে কিছুমান দেশৰ সাক্ষী ভাই-ভনীয়ে নিজৰ অনুভূতি প্ৰকাশ কৰাত সংকোচবোধ কৰিছিল। তেওঁলোকৰ থকামেলা ব্যৱস্থা কৰা এজন খ্ৰীষ্টান ভায়ে এইদৰে কয়: “প্ৰথমদিনা লগ পোৱা এই ভাই-ভনীসকল অতি লাজকুৰীয়া আৰু নিৰ্জ্জু প্ৰকৃতিৰ আছিল। কিন্তু শেষৰ দিনা বিদায় লোৱাৰ সময়ত তেওঁলোকে থাকিবলৈ দিয়া ভাই-ভনীসকলক আঁকোৱালি লৈ কান্দিছিল। তেওঁলোকে তেনে অনুভূতিশীল প্ৰেমক কেতিয়াও পাহৰিব নোৱাৰে।” ভিন্ন পটভূমিৰ পৰা অহা ভাই-ভনীসকলক দেখুৱা অতিথিপৰায়ণতাই উভয়ৰে বাবে আশীৰ্ব্বাদ কঢ়িয়াই আনে।—ৰোমীয়া ১২:১৩.
৬ অধিৱেশনবোৰত দেখিবলৈ পোৱা আনন্দিত পৰিৱেশতকৈ পৰস্পৰৰ সম্পৰ্ক অধিক নিবিড়ভাৱে তেতিয়া গঢ়ি উঠে যেতিয়া সকলো প্ৰকৃত খ্ৰীষ্টানে মিলিজুলি যিহোৱাৰ সেৱা কৰিবলৈ আগবাঢ়ি আহে। আমি নিজৰ আধ্যাত্মিক ভাই-ভনীসকলৰ বিষয়ে যিমান ভালকৈ জানিবলৈ চেষ্টা কৰোঁ, তেওঁলোকৰ সত্যপৰায়ণ, বিশ্বস্ত, দয়া, উদাৰতা, বিবেচনাশীল আৰু সহানুভূতিৰ প্ৰতি আমি অধিককৈ শলাগ লʼব পাৰিম। (গীত ১৫:৩-৫; হিতোপদেশ ১৯:২২) পূব আফ্ৰিকাৰ দেশত মিছনাৰী হিচাবে কাৰ্য্য কৰা মাৰ্ক নামৰ ভাইজনে এইদৰে কৈছিল: “ভাই-ভনীসকলৰ সৈতে মিলিজুলি কৰা সেৱাই এক নিবিড় সম্পৰ্ক স্থাপিত কৰে।”
৭. মণ্ডলীত খ্ৰীষ্টান স্নেহপূৰ্ণ সঙ্গতিৰ পৰা আনন্দিত হʼবলৈ আমি কি কৰা উচিত?
৭ মণ্ডলীত এনে নিবিড় সম্পৰ্ক বজাই ৰাখিবলৈ হʼলে, ইয়াৰ সদস্যসকলে পৰস্পৰে ইজনে সিজনৰ কাষ চপা উচিত। তদুপৰি সভাত নিয়মিত উপস্থিত হোৱাৰ দ্বাৰা আমি এই স্নেহৰ সম্পৰ্কক অধিক দৃঢ় কৰিব পাৰোঁ। আনকি সভা আৰম্ভ হোৱাৰ কিছু সময়ৰ আগেয়ে আহি আৰু সমাপ্তি হোৱাৰ পিছতো অলপ পলমকৈ থাকি ইজনে সিজনক “সৎকৰ্ম্মত উত্তেজিত” কৰিব পাৰোঁ। (ইব্ৰী ১০:২৪, ২৫) সংযুক্ত ৰাষ্ট্ৰৰ এজন প্ৰাচীনে এইদৰে কৈছে: “আজিও মনত আছে যে মোৰ বাল্যকালত আমাৰ পৰিয়ালে সভাৰ শেষত পলমকৈ থাকি মণ্ডলীৰ ভাই-ভনীসকলৰ সৈতে অৰ্থপূৰ্ণতাৰে কথোপকথন কৰিছিল।”
আপুনি নিজৰ হৃদয় “বহল” কৰা আৱশ্যকনে?
৮. (ক) পাঁচনি পৌলে কৰিন্থীয়া মণ্ডলীলৈ লিখা পত্ৰখনত হৃদয় “বহল” কৰা বুলি দিয়া পৰামৰ্শৰ অৰ্থ কি আছিল? (খ) মণ্ডলীত পৰস্পৰ মাজত স্নেহ বৃদ্ধি কৰিবলৈ আমি কি কৰিব পাৰোঁ?
৮ এনে ধৰণৰ স্নেহৰ আনন্দ লʼবলৈ আমি নিজ হৃদয় “বহল” কৰা আৱশ্যক। এই সম্বন্ধে পাঁচনি পৌলে কৰিন্থীয়া মণ্ডলীক এইদৰে কৈছিল: “আমাৰ হৃদয়ো বহল। তোমালোক আমাত সঙ্কুচিত নোহোৱা।” প্ৰকৃততে পৌলে তেওঁলোকক নিজ নিজ হৃদয় “বহল” কৰিবলৈ উৎসাহিত কৰিছিল। (২ কৰিন্থীয়া ৬:১১-১৩) ঠিক সেইদৰে আপুনিও নিজ হৃদয় “বহল” কৰিব পাৰেনে? ইয়াৰ বাবে আপুনি আনে আগভাগ লোৱালৈকে অপেক্ষা কৰিব নালাগে। এই বিষয়ে ৰোম চহৰত থকা ভাইসকললৈ লিখা পত্ৰখনত পাঁচনি পৌলে জোৰ দি এইদৰে পৰামৰ্শ দিছিল: “সমাদৰ কৰা কথাত, ইজনে সিজনতকৈ আগ হোৱা।” (ৰোমীয়া ১২:১০) আনক সমাদৰ দেখুৱালৈ হʼলে আপুনি খ্ৰীষ্টান সভাবোৰত আগভাগ লৈ সম্ভাষণ জনোৱা উচিত। তদুপৰি আপোনাৰ সৈতে প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ বা সভাত উত্তৰ দিবলৈ প্ৰস্তুত কৰাৰ সময়ত তেওঁলোকক আমন্ত্ৰণ জনাব পাৰে। এনে কৰাৰ দ্বাৰা পৰস্পৰৰ মাজত স্নেহ বৃদ্ধি হয়।
৯. কিছুমান প্ৰকৃত খ্ৰীষ্টান ভাই-ভনীয়ে অন্তৰঙ্গ বন্ধু গঢ়ি তুলিবলৈ কেনে পদক্ষেপ লৈছে? (স্থানীয় উদাহৰণবোৰো সন্মিলিত কৰক।)
৯ মণ্ডলীত থকা আন পৰিয়াল বা সদস্যসকলৰ ইজনে সিজনক হয়তো এসাজ খাবলৈ বা হিতজনক কাৰ্য্যক্ৰমত ভাগ লʼবলৈ আমন্ত্ৰণ জনোৱাৰ দ্বাৰা নিজৰ হৃদয় “বহল” কৰিব পাৰে। (লূক ১০:৪২; ১৪:১২-১৪) হাকʼপ নামৰ ভাইজনে মাজে সময়ে সৰু সমূহ গঠিত কৰি বনভোজ আয়োজিত কৰে। সেই সৰু সমূহ কেনে লোকেৰে গঠিত তাৰ বিষয়ে তেওঁ এইদৰে কৈছে: “এই সমূহত সকলো বয়সৰ লোকৰ সৈতে একজনক পিতৃ-মাতৃও সন্মিলিত আছে। এনে উপলক্ষ্যত তেওঁলোক সকলোৱে পৰস্পৰে অধিককৈ ইজনে সিজনৰ কাষ চপা অনুভৱ কৰে আৰু আনন্দ মনেৰে ঘৰলৈ উভটি যায়।” প্ৰকৃত খ্ৰীষ্টান হোৱাৰ নিমিত্তে আমি কেৱল ইজনে সিজনৰ সঙ্গী বিশ্বাসীয়ে নহয়, কিন্তু প্ৰকৃত বন্ধু হʼবলৈও চেষ্টা কৰা উচিত।—৩ যোহন ১৪.
১০. যদি আমাৰ সম্বন্ধত কোনো বাধা উৎপন্ন হৈছে তেন্তে কি কৰা উচিত?
১০ কেতিয়াবা হয়তো অসিদ্ধতাৰ বাবে আমি বন্ধুত্ব আৰু স্নেহপূৰ্ণতা গুণটোক বিকশিত কৰিবলৈ প্ৰত্যাহ্বানজনক বুলি ভাবিব পাৰোঁ। তেনে সময়ত আমি কি কৰা উচিত? প্ৰথমতে, আমি ভাই-ভনীসকলৰ সৈতে এক উত্তম সম্বন্ধ বজাই ৰাখিবলৈ যিহোৱা ঈশ্বৰলৈ প্ৰাৰ্থনা কৰা উচিত। কিয়নো ঈশ্বৰৰ ইচ্ছা এইয়ে যে তেওঁৰ উপাসকসকলে পৰস্পৰে ইজনে সিজনৰ সৈতে যেন শান্তিৰে থাকে আৰু তেতিয়াহে তেওঁ তেওঁলোকৰ প্ৰাৰ্থনাৰ উত্তৰ দিব। (১ যোহন ৪:২০, ২১; ৫:১৪, ১৫) ঠিক সেইদৰে আমিও প্ৰাৰ্থনা কৰাৰ অনুসাৰে কাৰ্য্য কৰা উচিত। পূব আফ্ৰিকাত ৰিক্ নামৰ ট্ৰেভেলিং অধ্যক্ষ ভাইজনে সংবেদনাহীন স্বভাৱৰ এজন ভাইৰ সৈতে আচৰণ কৰোঁতে সদায়ে অসুবিধা পাইছিল। তথাপিও তেওঁ যি পদক্ষেপ ললে, তাৰ বিষয়ে এইদৰে কয়: “মই ভাইজনৰ পৰা আঁতৰি থকাৰ পৰিৱৰ্তে তেওঁৰ বিষয়ে অধিক জানিবলৈ সঙ্কল্প লʼলোঁ। মই জানিব পাৰিলোঁ যে ভাইজনৰ পিতৃ এজন অনুশাসনমূলক ব্যক্তি আছিল আৰু এক নিয়মানুবৰ্তিতা পৰিৱেশত ডাঙৰ-দীঘল হোৱাৰ বাবে তেওঁ তেনেদৰে আচৰণ কৰে। কিন্তু বৰ্তমান তেওঁ নিজকে সলনি কৰিবলৈ অনেক চেষ্টা চলাইছে বুলি জানি মই তেওঁৰ শলাগ লʼলোঁ আৰু ক্ৰমান্বয়ে আমি দুয়ো ভাল বন্ধু হৈ পৰিলোঁ।”—১ পিতৰ ৪:৮.
নিজৰ হৃদয় বহল কৰক!
১১. (ক) মণ্ডলীৰ সদস্যসকলৰ মাজত পৰস্পৰ স্নেহ বৃদ্ধি হʼবলৈ কি কৰা উচিত? (খ) যদি মণ্ডলীত সঙ্গতি কৰাৰ পৰা এজন ব্যক্তিয়ে পৃথকে থাকে তেন্তে তেওঁ কেনেকৈ আধ্যাত্মিকভাৱে ক্ষতিগ্ৰস্ত হʼব পাৰে?
১১ আজি বহুতো লোকে কাৰো সৈতে ঘনিষ্ঠ সম্পৰ্ক নৰখাকৈ জীৱন অতিবাহিত কৰিছে। বাস্তৱতে এইটো এক দুখৰ বিষয়! কিন্তু প্ৰকৃত খ্ৰীষ্টান মণ্ডলীৰ সদস্যসকলৰ মাজত কেতিয়াও তেনে পৰিৱেশ সৃষ্টি হোৱাটো উচিত নহয়। প্ৰকৃত ভাতৃত্ব প্ৰেম, শিষ্টতাপূৰ্ণতাৰে কথোপকথন আৰু আচৰণ কৰা বা অত্যধিক আৱেগপ্ৰৱণতা হোৱাক নুবুজায়। বৰঞ্চ, পাঁচনি পৌলে কৰিন্থীয়া মণ্ডলীৰ ভাই-ভনীৰ সৈতে কৰাৰ দৰে আমিও নিজৰ হৃদয় বহল কৰা আৰু সঙ্গী ভাই-ভনীসকলৰ প্ৰতি বিবেচনাশীল হোৱা উচিত। যদিও মণ্ডলীৰ সকলো ব্যক্তিৰ স্বভাৱ বন্ধুত্বপূৰ্ণ নহʼব পাৰে, তথাপিও তেওঁলোকে সদায়ে নিসঙ্গে থকাটো হিতজনক নহয়। কিয়নো বাইবেলে সতৰ্ক কৰি এইদৰে কৈছে: “যি মানুহে নিজকে পৃথক ৰাখে, তেওঁ কেৱল নিজৰ বাঞ্ছাসিদ্ধিৰ চেষ্টা কৰে, আৰু সকলো সুপৰামৰ্শৰ বিৰুদ্ধে খং দেখুৱায়।”—হিতোপদেশ ১৮:১.
১২. মণ্ডলীত প্ৰকৃত বন্ধুত্ব বজাই ৰাখিবলৈ কিয় আন্তৰিকতাৰে কথোপকথন হোৱা উচিত?
১২ প্ৰকৃত বন্ধুত্ব বজাই ৰাখিবলৈ আন্তৰিকতাৰে কথোপকথন হোৱা উচিত। (যোহন ১৫:১৫) আমি সকলোৱে এনে এজন ব্যক্তিৰ সৈতে বন্ধুত্ব গঢ়ি তুলিব বিচাৰোঁ যিজনক বিশ্বাস আৰু ভাৰসা কৰিব পাৰি। তদুপৰি ইজনে সিজনৰ সৈতে ভালদৰে পৰিচিত হোৱাৰ দ্বাৰা আমি পৰস্পৰৰ আৱশ্যকতাবোৰৰ প্ৰতি ধ্যান দিব পাৰিম। আনকি এনে ধৰণে দেখুৱা আগ্ৰহকতাই আমাৰ পৰস্পৰ মাজত স্নেহ বৃদ্ধি কৰে আৰু যীচুৱে কোৱা এই বাক্যশাৰী সত্যৰূপে প্ৰমাণিত হোৱা দেখিবলৈ পাওঁ, যʼত তেওঁ এইদৰে কৈছিল: “গ্ৰহণ কৰাতকৈ দান কৰা ধন্য।”—পাঁচনিৰ কৰ্ম্ম ২০:৩৫; ফিলিপীয়া ২:১-৪.
১৩. আমি নিজৰ আধ্যাত্মিক ভাই-ভনীসকলৰ প্ৰতি প্ৰকৃত স্নেহ দেখুৱালৈ কি কৰিব পাৰোঁ?
১৩ পৰস্পৰ মাজত থকা স্নেহৰ দ্বাৰা অধিক লাভৱান হʼবলৈ আমি ইয়াক অৱশ্যেই প্ৰকাশ কৰা উচিত। (হিতোপদেশ ২৭:৫) প্ৰকৃত স্নেহশীল গুণটো আমাৰ বাহ্যিকৰূপে প্ৰকাশ পাব আৰু ই আনকো তেনে কৰিবলৈ প্ৰেৰিত কৰিব। এই বিষয়ে এজন সুজ্ঞানী ব্যক্তিয়ে এইদৰে কৈছিল: “চকুৰ প্ৰসন্নতাই মনক আনন্দিত কৰে।” (হিতোপদেশ ১৫:৩০) বিবেচনাশীল হৈ কৰা কাৰ্য্যই পৰস্পৰ মাজত স্নেহ বৃদ্ধি কৰে। এনে ধৰণৰ প্ৰকৃত স্নেহশীল গুণটো কোনেও ধন দি কিনিব নোৱাৰে, কিন্তু ই হৈছে এটা অৰ্থপূৰ্ণ উপহাৰ যি হৃদয়ৰ পৰা উৎপন্ন হয়। তদুপৰি আমি এখন শুভেচ্ছা পত্ৰ বা চিঠি পঠিয়াই আৰু “উচিত সময়ত কোৱা বাক্য” দ্বাৰা গভীৰ স্নেহ প্ৰকাশ কৰিব পাৰোঁ। (হিতোপদেশ ২৫:১১; ২৭:৯) এজনৰ সৈতে এবাৰ বন্ধুত্ব গঢ়ি উঠাৰ পিছত ইয়াক বজাই ৰাখিবলৈ আমি অৱশ্যেই একেৰাহে স্নেহশীল গুণটো প্ৰকাশ কৰা আৱশ্যক। বিশেষকৈ এনে সম্পৰ্কই আমাক তেওঁলোকৰ আৱশ্যকতাৰ সময়ত সহায় কৰিবলৈ প্ৰেৰিত কৰিব। এই বিষয়ে বাইবেলে এইদৰে কৈছে: “বন্ধুৱে সকলো সময়তে ভাল পায়; কিন্তু ভায়েক দুৰ্দ্দশাৰ নিমিত্তে জন্ম পায়।”—হিতোপদেশ ১৭:১৭.
১৪. যদি কোনোবাই আমাৰ স্নেহৰ প্ৰতি আগ্ৰহী নহয় তেন্তে আমি কি কৰা আৱশ্যক?
১৪ দৰাচলতে আমি মণ্ডলীৰ সকলো সদস্যৰ সৈতে এক নিবিড় সম্পৰ্ক বনাই ৰাখাটো আশা কৰিব নোৱাৰোঁ। আমি হয়তো কিছুমানৰ আচাৰ-ব্যৱহাৰ দেখি আকৰ্ষিত হʼব পাৰোঁ। তথাপিও যিজনক দেখি আপুনি আকৰ্ষিত নহয়, তেওঁৰ বিষয়ে শীঘ্ৰেই কোনো ভুল নিৰ্ণয়ত উপনীত হোৱাৰ পৰা আঁতৰি থকা উচিত। আনকি তেওঁক আপোনাৰ সৈতে নিবিড় সম্পৰ্ক স্থাপিত কৰাবলৈও জোৰ নকৰিব। যদি আপুনি তেওঁ বিচৰা অনুসাৰে সম্বন্ধ ৰাখে, তেন্তে ভৱিষ্যতে হয়তো তেওঁৰ সৈতে এক নিবিড় সম্পৰ্ক স্থাপিত কৰিবলৈ সক্ষম হʼব।
“তোমাত মই পৰম সন্তুষ্ট”
১৫. শলাগ লোৱা বা নোলোৱা কাৰ্য্যই আনক কেনেকৈ প্ৰভাৱিত কৰিব পাৰে?
১৫ যীচুৱে বাপ্তিষ্মা লৈ পানীৰ পৰা উঠি অহাৰ সময়ত তেওঁৰ পিতৃ যিহোৱা ঈশ্বৰে “তোমাত মই পৰম সন্তুষ্ট” বুলি কোৱা এই আকাশী বাণী শুনি তেওঁ কিমান যে আনন্দিত হৈছিল! (মাৰ্ক ১:১১) এনে ধৰণৰ অভিব্যক্তি শুনি তেওঁ নিশ্চয়ে যিহোৱা ঈশ্বৰৰ স্নেহৰ আশ্বাস পাইছিল। (যোহন ৫:২০) দুখৰ বিষয়ে এই যে, কিছুমানে আনক সমাদৰ আৰু প্ৰেম কৰিও তেনে ধৰণৰ প্ৰশংসা শুনিবলৈ নাপায়। এই বিষয়ে এন নামৰ এগৰাকী ভনীয়ে এইদৰে কয়: “মোৰ দৰে আজি বহুতো কিশোৰ-কিশোৰীয়ে একেই ধৰ্ম্ম থকা খ্ৰীষ্টান পৰিয়ালত নাই। ঘৰত সদায়ে শুনিবলৈ পোৱা গালি-শপনিৰ বাবে আমি নিৰুৎসাহী হৈ পৰোঁ।” কিন্তু তেওঁলোকে খ্ৰীষ্টান মণ্ডলীৰ সদস্য হৈ আৱেগীক আৰু আধ্যাত্মিক পৰিয়াল অৰ্থাৎ পিতৃ-মাতৃ আৰু ভায়েক-ভনীয়েকে দেখুৱা প্ৰেমৰ অনুভৱ কৰিব পাৰিছে।—মাৰ্ক ১০:২৯, ৩০; গালাতীয়া ৬:১০.
১৬. কিয় আনৰ প্ৰতি সমালোচনামূলক মনোবৃত্তি ৰাখা উচিত নহয়?
১৬ কিছুমান পৰম্পৰাত পিতৃ-মাতৃ, বৃদ্ধ আৰু শিক্ষক-শিক্ষয়ত্ৰীয়ে কিশোৰ-কিশোৰীবিলাকে কৰা কাৰ্য্যৰ প্ৰতি প্ৰশংসা নকৰে। কিয়নো তেওঁলোকৰ মতে, তেনে ধৰণে কৰা প্ৰশংসাই হয়তো কিশোৰ-কিশোৰীবিলাকক আত্মাভিমানী কৰি তুলিব পাৰে। এনে ধৰণৰ বিচাৰধাৰাই খ্ৰীষ্টান পৰিয়াল আৰু মণ্ডলীতো বেয়া প্ৰভাৱ পেলাব পাৰে। হয়তো তেওঁলোকে কৰা কোনো কাৰ্য্য বা ভাষণৰ প্ৰতি বয়সীয়াসকলে এইদৰে কʼব পাৰে: “তোমালোকে ইয়াতকৈ অধিক ভালকৈ কৰিব পাৰিলাহেঁতেন!” বা আন কোনো প্ৰকাৰে তেওঁলোকৰ প্ৰতি অসন্তুষ্টতা প্ৰকাশ কৰিব পাৰে। বহুতে বিশ্বাস কৰে যে এনে দুৰ্ব্বলতাবোৰ দেখুৱাই তেওঁলোকে কিশোৰ-কিশোৰীবিলাকক অধিককৈ উন্নতি কৰাত সহায় আগবঢ়াব পাৰে। দৰাচলতে এনে ধৰণৰ বিচাৰধাৰাই সদায়ে বেয়া পৰিণাম কঢ়িয়াই আনে অথবা তেওঁলোকক নিৰুৎসাহী বা অনুপযুক্ত বুলি ভাবিবলৈ বাধ্য কৰিব পাৰে।
১৭. আমি কিয় আনক প্ৰশংসা কৰিবলৈ সুযোগ বিচৰা উচিত?
১৭ প্ৰশংসা কেৱল উপদেশ দিয়াৰ পূৰ্বেই যে কৰা উচিত এনে নহয়, কিন্তু আন সময়তো কৰা প্ৰয়োজন। আন্তৰিকতাৰে কৰা প্ৰশংসাই পৰিয়াল আৰু মণ্ডলীত স্নেহ গুণটো উৎপন্ন আৰু কিশোৰ-কিশোৰীবিলাকক অভিজ্ঞতা থকা ভাই-ভনীসকলৰ পৰা পৰামৰ্শ লোৱাত আগবাঢ়ি আহিবলৈ সহায় কৰে। এতেকে আঁহক আমি পৰম্পৰাগত নিয়মসমূহৰ পৰিৱৰ্তে “সত্যতাৰ ধাৰ্ম্মিকতা আৰু পবিত্ৰতাত ঈশ্বৰৰ প্ৰতিমূৰ্ত্তিৰ দৰে সৃষ্ট হোৱা নতুন পুৰুষক” পৰিধান কৰি আনৰ সৈতে আচৰণ কৰোঁহঁক। তদুপৰি আনৰ প্ৰশংসা কৰিবলৈ যিহোৱাৰ দৰে মনোবৃত্তি বিকশিত কৰোঁহঁক।—ইফিচীয়া ৪:২৪.
১৮. (ক) কিশোৰ-কিশোৰীসকল, আপোনালোকে পৰিপক্ক ব্যক্তিসকলে দিয়া পৰামৰ্শৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱায়? (খ) পৰিপক্ক ব্যক্তিসকলে পৰামৰ্শ দিয়াৰ আগতে কিয় মনোযোগেৰে বিচাৰ-বিমৰ্শ কৰে?
১৮ আনহাতে কিশোৰ-কিশোৰীসকল, যদি পৰিপক্ক ব্যক্তিসকলে কোনো সংশোধন বা পৰামৰ্শ আগবঢ়াইছে, তেন্তে ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁলোকে আপোনালোকক প্ৰেম নকৰে। (উপদেশক ৭:৯) ইয়াৰ পৰিৱৰ্তে আপোনালোকৰ প্ৰতি থকা তেওঁলোকৰ স্নেহশীলতাই তেওঁলোকক তেনে কৰিবলৈ প্ৰেৰিত কৰিছে! অন্যথা, তেওঁলোকে আনক বিষয়টোৰ সম্পৰ্কে কʼবলৈ কিয় কষ্ট কৰিলেহেঁতেন? বিশেষকৈ মণ্ডলীৰ অধ্যক্ষসকলে কাৰোবাক পৰামৰ্শ দিয়াৰ আগেয়ে প্ৰাৰ্থনাপূৰ্ব্বক অনেক সময় ধৰি বিচাৰ-বিমৰ্শ কৰে। দৰাচলতে অধ্যক্ষসকলে আনৰ হিতৰ বিষয়ে চিন্তা কৰিহে তেনে সহায় আগবঢ়ায়।—১ পিতৰ ৫:৫.
‘যিহোৱা অতি স্নেহৱান ঈশ্বৰ’
১৯. জীৱনত বিৰক্তিকৰ অভিজ্ঞতাৰ সম্মুখীন হোৱাসকলে কিয় যিহোৱাৰ পৰা সহায় বিচৰা উচিত?
১৯ জীৱনত হয়তো বিৰক্তিকৰ অভিজ্ঞতা হোৱাৰ বাবে বহুতে স্নেহ দেখুৱাই কেৱল নিৰাশ হোৱা বুলি ভাবিব পাৰে। তেওঁলোকে আনলৈ পুনৰাই হৃদয় বহল কৰাৰ বাবে এক দৃঢ় বিশ্বাস আৰু সাহসী হোৱা আৱশ্যক। কিন্তু তেওঁলোকে সদায়ে মনত ৰাখা উচিত যে যিহোৱা “আমাৰ কাৰো পৰা দূৰ নহয়।” (পাঁচনিৰ কৰ্ম্ম ১৭:২৭; যাকোব ৪:৮) তদুপৰি তেওঁ আমি মানসিকভাৱে পোৱা আঘাতৰ প্ৰতি চিন্তিত আৰু সদায়ে আমাৰ সপক্ষে আছে বুলি আশ্বাস প্ৰদান কৰিছে। ইয়াৰ নিশ্চয়তাৰ বিষয়ে গীতমালা ৰচোঁতাজনে এইদৰে কৈছে: “যিহোৱা ভগ্ন-চিত্তীয়াবিলাকৰ ওচৰ; খেদিত মন হোৱাবিলাকক তেওঁ পৰিত্ৰাণ কৰে।”—গীত ৩৪:১৮.
২০, ২১. (ক) আমি কেনেকৈ জানো যে যিহোৱাৰ সৈতে এক নিবিড় সম্পৰ্ক স্থাপন কৰাটো সম্ভৱ? (খ) এই সম্বন্ধৰ পৰা লাভৱান হʼবলৈ কি কৰা উচিত?
২০ জীৱনত যদি কিবা গুৰুত্বপূৰ্ণ বিষয় আছে, তেন্তে সেইয়া হৈছে যিহোৱাৰ সৈতে এক নিবিড় সম্পৰ্ক স্থাপন কৰা। কিন্তু তেনে ধৰণৰ সম্বন্ধ স্থাপন কৰাটো বাস্তৱতে সম্ভৱনে? নিশ্চয়ে সম্ভৱ। কিয়নো বাইবেলত কৈছে যে প্ৰাচীন সময়ৰ বহুতো বিশ্বাসী পুৰুষ আৰু স্ত্ৰীয়ে যিহোৱাৰ সৈতে তেনে সম্বন্ধ স্থাপন কৰিছিল। তদুপৰি আমাৰ ভাৰসাক বৃদ্ধি আৰু যিহোৱাৰ কাষ চাপি আহিবলৈ বাইবেলত তেওঁলোকৰ উদাহৰণবোৰ লিপিবদ্ধ কৰি থৈছে।—গীতমালা ২৩, ৩৪, ১৩৯; যোহন ১৬:২৭; ৰোমীয়া ১৫:৪.
২১ সকলোৱে যিহোৱাৰ সৈতে এক নিবিড় সম্পৰ্ক স্থাপন কৰিব পাৰে আৰু ইয়াৰ বাবে কিছুমান আৱশ্যকীয় বিষয় মনত ৰাখা উচিত। উদাহৰণস্বৰূপে, দায়ূদে দাঙি ধৰা এই প্ৰশ্নটো বিবেচনা কৰক: “হে যিহোৱা, তোমাৰ তম্বুত কোনে প্ৰবাস কৰিব? তেওঁ স্বয়ং এই প্ৰশ্নটোৰ উত্তৰ দি এইদৰে কৈছিল: “যি জনে যথাৰ্থ আচৰণ আৰু ধৰ্ম্মকৰ্ম্ম কৰে আৰু নিজৰ মনতে সঁচা কথা কয়।” (গীত ১৫:১, ২; ২৫:১৪) আমি যিহোৱাক সেৱা কৰাৰ দ্বাৰা যে কেৱল উত্তম ফল, তেওঁৰ নিৰ্দ্দেশনা আৰু সুৰক্ষা অনুভৱ কৰিম, এনে নহয় কিন্তু ‘তেওঁ যে এজন স্নেহৱান ঈশ্বৰ,’ সেই বিষয়েও জানিব পাৰিম।—যাকোব ৫:১১.
২২. যিহোৱা ঈশ্বৰে নিজ লোকসকলৰ মাজত কেনে ধৰণৰ সম্বন্ধ স্থাপিত হোৱাটো বিচাৰে?
২২ অসিদ্ধ মানৱে যে যিহোৱাৰ সৈতে এক নিবিড় সম্পৰ্ক স্থাপিত কৰিব পাৰে, তাক জনাটো আমাৰ বাবে কিযে এক আনন্দৰ বিষয়! তেন্তে আমি পৰস্পৰ মাজত ইজন সিজনৰ প্ৰতি স্নেহ প্ৰকাশ কৰাটো উচিত নহʼবনে? আমি প্ৰত্যেকে যিহোৱা ঈশ্বৰৰ সহায়েৰে খ্ৰীষ্টান ভাতৃত্ব সমাজত থকা এই স্নেহ গুণটো আদান-প্ৰদান কৰি লাভৱান হʼব পাৰোঁ। তদুপৰি ভৱিষ্যতে সকলো মানৱজাতিয়ে ঈশ্বৰৰ ৰাজ্যৰ অধীনত এই গুণটো বিস্তাৰিতভাৱে প্ৰকাশ কৰি আনন্দ লাভ কৰিব। (w04 10/1)
আপুনি বৰ্ণনা কৰিব পাৰিবনে?
• প্ৰকৃত খ্ৰীষ্টান মণ্ডলীত কেনে ধৰণৰ পৰিৱেশ হোৱা উচিত?
• আমি সকলোৱে মণ্ডলীত কেনেকৈ স্নেহ গুণটো প্ৰকাশ কৰিব পাৰোঁ?
• প্ৰশংসামূলক বাক্যই কেনেকৈ স্নেহ গুণটো বৃদ্ধি কৰে?
• যিহোৱা ঈশ্বৰৰ স্নেহশীলতাই কেনেকৈ আমাৰ প্ৰতিপালন কৰে?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[২৫ পৃষ্ঠাৰ ছবি]
প্ৰকৃত খ্ৰীষ্টানসকলে কেৱল কৰ্তব্য হিচাবে প্ৰেম প্ৰকাশ নকৰে
[২৬, ২৭ পৃষ্ঠাৰ ছবিসমূহ]
আপুনি সকলোলৈ স্নেহশীল হʼবলৈ নিজ হৃদয় “বহল” কৰিব পাৰেনে?
[২৮ পৃষ্ঠাৰ ছবি]
আপুনি আনৰ প্ৰতি সমালোচনামূলক নে প্ৰশংসনীয় মনোবৃত্তি ৰাখে?