Skip to content

Skip to table of contents

বৰ্তমান সময়ত কোনসকলে ঈশ্বৰৰ মহিমা কৰিছে?

বৰ্তমান সময়ত কোনসকলে ঈশ্বৰৰ মহিমা কৰিছে?

বৰ্তমান সময়ত কোনসকলে ঈশ্বৰৰ মহিমা কৰিছে?

“হে আমাৰ প্ৰভু ঈশ্বৰ, তুমিয়েই প্ৰশংসা, সমাদৰ আৰু পৰাক্ৰম পোৱাৰ যোগ্য।”—প্ৰকাশিত বাক্য ৪:১১.

১, ২. (ক) কেনে উদাহৰণসমূহে বায়ʼমিমেটিক্‌ৰ বিষয়ে প্ৰমাণ দাঙি ধৰিছে? (খ) কেনে এক প্ৰশ্ন উত্থাপন হৈছে আৰু তাৰ উত্তৰ কি?

 জৰ্জ ডে মেচট্ৰাল নামৰ এজন ছুইজাৰলেণ্ডৰ অভিযন্তাই ১৯৪০ চনৰ এটা ৰাতিপূৱা নিজৰ কুকুৰটোৰ সৈতে খোজ কাঢ়িবলৈ ওলাই গৈছিল। ঘৰলৈ উভটি অহাৰ সময়ত তেওঁ কুকুৰটোৰ গাত আৰু নিজৰ বস্ত্ৰত আচৰিত ধৰণে কিছুমান সৰু সৰু কাঁইটীয়া গুটি লাগি থকা মন কৰিলে। তেওঁ কৌতূহল হৈ এই কাঁইটীয়া গুটিবোৰৰ বিষয়ে জানিবলৈ অতি আগ্ৰহী হʼল। অণুবীক্ষণ যন্ত্ৰৰ সহায়েৰে তেওঁ ইয়াৰ জটিলতাৰ বিষয়ে গৱেষণা কৰিবলৈ আৰম্ভ কৰিলে। গৱেষণাৰ শেষত তেওঁ এনে এক কৃত্ৰিম বস্তুৰ আবিষ্কাৰ কৰিলে, যাৰ নাম আছিল ভেলক্ৰ। প্ৰকৃতিৰ আৰ্হিক অনুকৰণ কৰি কৃত্ৰিম বস্তু তৈয়াৰ কৰা তেৱেঁই একমাত্ৰ ব্যক্তি নাছিল। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাইট ভাতৃদ্বয়ে আকাশত উৰি ফুৰা ডাঙৰ চৰাইবোৰক অধ্যয়ন কৰি উৰাজাহাজ নিৰ্ম্মাণ কৰিছিল। আলেকজেন্দ্ৰে গুস্তাভ ইফেল নামৰ এজন ফ্ৰান্সৰ অভিযন্তাই মানুহৰ উৰুৰ অস্থিয়ে কেনেকৈ গোটেই শৰীৰৰ ভৰ বহন কৰি আছে সেই সম্বন্ধে অধ্যয়ন কৰি ইফেল টাৱাৰ নিৰ্ম্মাণ কৰিছিল।

এনে ধৰণৰ উদাহৰণবোৰে বায়ʼমিমেটিক্‌ অৰ্থাৎ প্ৰকৃতিৰ জৈৱিক বস্তু বা পদাৰ্থক অনুকৰণ কৰি মানুহে যি আবিষ্কাৰ কৰিছে, সেই বিষয়ে প্ৰমাণ দিছে। * গতিকে আমি সকলোৱে এই প্ৰশ্নটো বিবেচনা কৰা উচিত হʼব: আৱিষ্কাৰকসকলে ক্ষুদ্ৰ কাঁইটীয়া গুটি, মানুহৰ উৰুৰ অস্থি, বৃহৎ পক্ষী আৰু অন্যান্য অত্যুত্তম বস্তুবোৰৰ সৃষ্টিকৰ্ত্তাজনৰ মহিমা বা প্ৰশংসা কৰিছেনে? অতি দুখৰ বিষয় এই যে সৃষ্টিকৰ্ত্তাজনৰ মহিমা কৰিবলৈ নিচেই কম লোকেহে আগবাঢ়ি আহিছে।

৩, ৪. হীব্ৰু ভাষাত “মহিমা” শব্দটোৱে কেনে অৰ্থ প্ৰকাশ কৰে আৰু যিহোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা এই শব্দটো কি অৰ্থত বুজা উচিত?

কিছুমানে হয়তো এইদৰে ভাবিব পাৰে: ‘কিয় ঈশ্বৰক মহিমা কৰা আৱশ্যক? তেওঁ ইতিমধ্যেই এজন মহিমান্বিত ঈশ্বৰ নহয়নে?’ এইটো সঁচা যে তেওঁৰ দৰে আন কোনো মহিমান্বিত ঈশ্বৰ এই বিশ্ব-ব্ৰহ্মাণ্ডত নাই। তথাপিও ইয়াৰ অৰ্থ এইটো নহয় যে আজি সকলোৱে তেওঁৰ মহিমা কৰিছে। বাইবেলত উল্লেখ কৰা “মহিমা” শব্দটো হীব্ৰু ভাষাত “গুৰুত্বৰ ভাৱ” প্ৰকাশ কৰিছে। ই এনে কোনো বিষয় বা বস্তুক বুজাই যিয়ে এজন ব্যক্তিক আনতকৈ গাম্ভীৰ্য্যপূৰ্ণ বা গুৰুত্বপূৰ্ণ বুলি দাঙি ধৰে। কিন্তু ঈশ্বৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা এই শব্দটোৱে তেওঁক সকলো মানৱতকৈ সম্ভ্ৰমজনক বুলি বুজাইছে।

ঈশ্বৰক কিহে সম্ভ্ৰমজনক কৰে, এই বিষয়ে বৰ্তমান সময়ত নিচেই কম লোকেহে লক্ষ্য কৰিছে। (গীত ১০:৪; ১৪:১) আনকি ঈশ্বৰক বিশ্বাস কৰা বুলি দাবী কৰা সমাজৰ প্ৰমুখ ব্যক্তিসকলেও ঈশ্বৰক অনাদৰ কৰিবলৈহে আনক শিক্ষা দিয়ে। তেওঁলোকে কেনে ধৰণে ঈশ্বৰক অনাদৰ কৰিবলৈ শিক্ষাদান কৰিলে?

“সিহঁতে যেন উত্তৰ দিবলৈ ঠাই নাপায়”

৫. বহুতো বৈজ্ঞানিকে ঈশ্বৰৰ আচৰিত সৃষ্টিৰ সম্পৰ্কে কি কৈছে?

বহুতো বৈজ্ঞানিকে ঈশ্বৰ নাই বুলি দাবী কৰে। তেতিয়াহʼলে তেওঁলোকে কেনেকৈ আন বস্তুবোৰৰ সৃষ্টি আৰু মানৱজাতিৰ সৃষ্টিৰ বিষয়ে বৰ্ণনা কৰে? তেওঁলোকে এই সকলোবোৰ ক্ৰমবিকাশ অৰ্থাৎ এক ব্যক্তিত্বশূন্য শক্তিৰ দ্বাৰা দুৰ্ঘটনাক্ৰমে সৃষ্টি হʼল বুলি কয়। উদাহৰণস্বৰূপে, ক্ৰমবিকাশবিদ স্তিফান জেই গুড নামৰ ব্যক্তিজনে এইদৰে লিখিছিল: “কিছুমান আচহুৱা প্ৰকাৰৰ মাছত থকা অদ্ভুদ ফানৰ আভ্যন্তৰীণ অঙ্গই বগাই ফুৰা ঠেং থকা স্থলচৰ প্ৰাণীলৈ ৰূপান্তৰিত হয়, . . . আমি এনে এক সম্ভাৱনা থকা ‘শক্তিশালী’ প্ৰমাণ বিচাৰিছোঁ, কিন্তু এতিয়ালৈকে পোৱা নাই।” ঠিক তেনেদৰে ৰিচাৰ্ড ই লিকেই আৰু ৰোজাৰ লিউইনে এইদৰে লিখিছিল: “সম্ভৱতঃ মানুহৰ উৎপত্তি সাংঘাটিকভাৱে হোৱা জৈৱিক দুৰ্ঘটনাৰ ফলত হʼল।” আনকি প্ৰকৃতিৰ সৌন্দৰ্য্যতা আৰু ৰচনা দেখি প্ৰশংসা কৰা কিছুমান বৈজ্ঞানিকেও ঈশ্বৰৰ মহিমা কৰিবলৈ বিফল হৈছে।

৬. কিহে বহুতকে ঈশ্বৰক সৃষ্টিকৰ্ত্তা হিচাবে মহিমা কৰাৰ পৰা বিৰত ৰাখিছে?

এই শিক্ষিত ব্যক্তিসকলে দাবী কৰি কয় যে ক্ৰমবিকাশ হৈছে এক বাস্তৱিক শিক্ষা আৰু তেওঁলোকৰ মতে, কেৱল জ্ঞানহীনবিলাকেহে এই শিক্ষাক অস্বীকাৰ কৰে। তেওঁলোকে কৰা এনে দাবীৰ প্ৰতি বহুতে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছে? কিছুবছৰৰ আগেয়ে ক্ৰমবিকাশৰ সম্পৰ্কে সুদক্ষ জ্ঞান থকা এজন ব্যক্তিয়ে এই তথ্যক স্বীকাৰ কৰা লোকসকলৰ সাক্ষাৎকাৰ গ্ৰহণ কৰে। তেওঁ এইদৰে কৈছিল: “ক্ৰমবিকাশৰ বিষয়ে বিশ্বাস কৰা অধিকাংশ লোকে কয় যে, যিহেতু সকলো জ্ঞানৱান ব্যক্তিয়ে এই তথ্যক বিশ্বাস কৰাৰ বাবে তেওঁলোকেও বিশ্বাস কৰে।” যিহেতু শিক্ষিত লোকৰ কিছুমানে নাস্তিক্যবাদী মনোবৃত্তি প্ৰকাশ কৰে আৰু আন লোকসকলে ঈশ্বৰক সৃষ্টিকৰ্ত্তা হিচাবে মহিমা কৰাৰ পৰা বিৰত থাকে।—হিতোপদেশ ১৪:১৫, ১৮.

৭. ৰোমীয়া ১:২০ পদত উল্লেখ কৰা ঈশ্বৰৰ নানা কাৰ্য্যত কিহৰ বিষয়ে স্পষ্টকৈ দেখিব পাৰি আৰু কিয়?

ক্ৰমবিকাশৰ দ্বাৰা সকলোবোৰ সৃষ্টি হৈছে বুলি বৈজ্ঞানিকসকলে এক শক্তিশালী প্ৰমাণ দাঙি ধৰিব পাৰিছেনে? অৱশ্যেই পৰা নাই! কিয়নো আমাৰ চাৰিওফালে থকা সৃষ্টিয়ে এজন সৃষ্টিকৰ্ত্তাৰ অস্তিত্বৰ বিষয়ে প্ৰমাণ দিছে। যাৰ বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “সিহঁতে [নিৰীশ্বৰবাদীসকলে] যেন উত্তৰ দিবলৈ ঠাই নাপায়, এই কাৰণে তেওঁৰ অনাদি অনন্ত পৰাক্ৰম আৰু ঐশ্বৰিক স্বভাৱ আদি কৰি অদৃশ্য গুণবোৰ, জগতৰ [মানৱজাতিৰ] সৃষ্টিকালৰে পৰা তেওঁৰ নানা কাৰ্য্যত বোধগম্য হৈ, স্পষ্টকৈ দেখা গৈছে।” (ৰোমীয়া ১:২০) দৰাচলতে সৃষ্টিকৰ্ত্তাজনে নিজৰ সম্পৰ্কে তেওঁৰ সৃষ্টিৰ যোগেদি স্পষ্টকৈ প্ৰকাশ কৰিলে। সেইবাবে পাঁচনি পৌলে কৈছিল যে মানৱজাতি সৃষ্টি হোৱাৰ আৰম্ভণিৰে পৰা ঈশ্বৰৰ অস্তিত্বৰ বিষয়ে তেওঁৰ সৃষ্টিত দেখিবলৈ পোৱা গৈছে। গতিকে সকলো লোকৰ বাবে সৃষ্টিৰ যোগেদি ঈশ্বৰৰ বিষয়ে “বোধগম্য” হোৱাটো কোনো অসম্ভৱ নহয়। তেওঁৰ অস্তিত্বৰ বিষয়ে কেনে প্ৰমাণবোৰ দেখিবলৈ পোৱা যায়?

৮. (ক) আকাশ-মণ্ডলে কেনেকৈ ঈশ্বৰৰ শক্তি আৰু বুদ্ধিৰ বিষয়ে প্ৰমাণ দিছে? (খ) কিহে নিৰ্দ্দেশিত কৰিছে যে এই বিশ্বব্ৰহ্মাণ্ডখনক প্ৰথমে সৃষ্টি কৰা হʼল?

আমি আনকি তৰাসমষ্টিয়ে জিলিকি থকা আকাশখনলৈ দৃষ্টি কৰিও তেওঁৰ বিষয়ে জানিব পাৰোঁ। গীত ১৯:১ পদত এইদৰে কৈছে: “গগণ-মণ্ডলে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰে; আকাশ-মণ্ডলে তেওঁৰ হাতৰ কৰ্ম্ম দেখুৱায়।” সূৰ্য্য, চন্দ্ৰ আৰু তৰাসমষ্টিয়ে ভৰি থকা “আকাশ-মণ্ডলে” ঈশ্বৰৰ বুদ্ধি আৰু শক্তিৰ পৰিচয় দিছে। আকাশ-মণ্ডলত থকা অনেক তৰাবোৰে আমাৰ মনত এক সম্ভ্ৰম ভয় উৎপন্ন কৰে। আকাশ-মণ্ডলত থকা এই সকলোবোৰ গ্ৰহ-নক্ষত্ৰ লক্ষ্যভ্ৰষ্ট হৈ ঘূৰি ফুৰা নাই, কিন্তু প্ৰাকৃতিক নিয়মৰ পৰিসীমাত থাকি নিজ নিজ কক্ষপথত পৰিভ্ৰমণ কৰিছে। * (যিচয়া ৪০:২৬) গতিকে এনে সুব্যৱস্থিত অনুক্ৰমক অপ্ৰত্যাশিতভাৱে সৃষ্টি হʼব বুলি কোৱাটো যুক্তিসঙ্গত হʼবনে? বহুতো বৈজ্ঞানিকে কয় যে এই বিশ্বমণ্ডলখনৰ সৃষ্টি আকস্মিকভাৱে হৈছিল। এই বিষয়ে বৰ্ণনা কৰি এজন প্ৰফেচাৰে এইদৰে কৈছিল: “যেনেকৈ এজন নাস্তিক্যবাদৰ বাবে তেনে ধৰণৰ কথাত বিশ্বাস কৰাটো অতি সহজ, ঠিক তেনেকৈ কোনো কাৰণ নোহোৱাকৈ এই বিশ্বমণ্ডলখন আকস্মিকভাৱে সৃষ্টি হʼল বুলি কোৱা কথাষাৰ কোনোবাই সহজে মানি লʼবনে?”

৯. জীৱ-জন্তুৰ সৃষ্টিত কেনেকৈ যিহোৱাৰ বুদ্ধি দেখিবলৈ পোৱা যায়?

আমাৰ পৃথিৱীখনেও ঈশ্বৰৰ অস্তিত্বৰ বিষয়ে স্পষ্টকৈ প্ৰমাণ দিয়ে। গীতমালা ৰচোঁতাজনে এইদৰে কৈছিল: “হে যিহোৱা, তোমাৰ কাৰ্য্য কিমান বহুবিধ! জ্ঞানেৰে তুমি সেই সকলোকে নিৰ্ম্মাণ কৰিলা; তোমাৰ ঐশ্বৰ্য্যেৰে পৃথিবীখন পৰিপূৰ্ণ।” (গীত ১০৪:২৪) জীৱ-জন্তুৰৰ সৃষ্টিতো যিহোৱাৰ ‘ঐশ্বৰ্য্য’ দেখিবলৈ পোৱা যায়। আৰম্ভণিতে আমি লক্ষ্য কৰিলোঁ যে বৈজ্ঞানিকসকলে কেনেকৈ প্ৰকৃতিক জৈৱিক বস্তুৰ অনুকৰণ কৰি কৃত্ৰিম বস্তুবোৰ তৈয়াৰ কৰিছে। এতিয়া আন কিছুমান উদাহৰণৰ বিষয়ে বিবেচনা কৰক। অন্বেষণকাৰীসকলে মজবুত হেলমেট বনাবলৈ পশুৰ শিং; শ্ৰৱণ সহায়ক যন্ত্ৰৰ বাবে এক বিশেষ শ্ৰেণীৰ মাখি আৰু ৰাৰ্ডাৰত ধৰা নপৰা উৰাজাহাজ নিৰ্ম্মাণ কৰিবলৈ ফেঁচা চৰাইৰ পাখিবোৰৰ ওপৰত গৱেষণা চলাইছে। কিন্তু এইটো নিশ্চিত যে মানুহে কেতিয়াও প্ৰকৃতিৰ জৈৱিক বস্তুবোৰৰ হুবহু নকল কৰিব নোৱাৰে। বায়ʼমিমীক্ৰি—ইনভেনশ্বন ইনস্পাইৰড্‌ বাই নেইচ্যাৰ নামৰ কিতাপখনত এইদৰে কৈছে: “কোনো প্ৰদূষণ বা বিপদাপন্ন অৱস্থা সৃষ্টি নকৰাকৈ আৰু অত্যধিক খনিজ ইন্ধনৰ অৱিহনে জীৱিত বস্তুৱে মানুহে কৰিব বিচৰা সকলোখিনি কৰিলে।” ইয়াত অৱশ্যেই ঈশ্বৰৰ বুদ্ধিৰ এক অগম্য পৰিচয় দেখিবলৈ পোৱা যায়!

১০. সৃষ্টিকৰ্ত্তাজনৰ অস্তিত্বৰ বিষয়ে অস্বীকাৰ কৰাটো কিয় এক যুক্তিহীনতাৰ পৰিচয়? বৰ্ণনা কৰক।

১০ আকাশ বা পৃথিৱী, এই উভয়তে দৃষ্টি কৰি আপুনি সৃষ্টিকৰ্ত্তাজনৰ অস্তিত্বৰ বিষয়ে স্পষ্ট প্ৰমাণ পাব। (যিৰিমিয়া ১০:১২) গতিকে আমি স্বৰ্গৰ আত্মিক প্ৰাণীবিলাকে উচ্চ স্বৰে কোৱা কথাষাৰৰ সৈতে একমত হৈ এইদৰে কোৱা উচিত: “হে আমাৰ প্ৰভু ঈশ্বৰ, তুমিয়েই প্ৰশংসা, সমাদৰ আৰু পৰাক্ৰম পোৱাৰ যোগ্য; কিয়নো তুমিয়েই সকলোকে স্ৰজিলা; তোমাৰ ইচ্ছাৰ কাৰণেই সেই সকলো হল; সকলো সৃষ্ট হল।” (প্ৰকাশিত বাক্য ৪:১১) যদিও বহুতো বৈজ্ঞানিকে ঈশ্বৰৰ সৃষ্টিক দেখি বিস্ময় মানে, তথাপিও তেওঁলোকে ‘চিত্ত-চকুৰে’ সৃষ্টিকৰ্ত্তাজনৰ বিষয়ে জানিবলৈ বিফল হয়। (ইফিচীয়া ১:১৯) এই কথাষাৰ আমি এইদৰে ব্যাখ্যা কৰিব পাৰোঁ: যিদৰে এখন মনোৰম চিত্ৰক দেখি ইয়াৰ চিত্ৰকাৰজনৰ হাতৰ কৰ্ম্মক অস্বীকাৰ কৰাটো যুক্তহীনতাৰ পৰিচয়, ঠিক তেনেদৰে প্ৰকৃতিৰ সৌন্দৰ্য্যতা আৰু ৰূপ-ৰেখা দেখি সৃষ্টিকৰ্ত্তাজনক স্বীকাৰ নকৰাটো অযুক্তিকৰ কাৰ্য্য। সেয়েহে ঈশ্বৰক বিশ্বাস নকৰাসকলে “উত্তৰ দিবলৈ ঠাই” নাপাব বুলি কোৱাটো কোনো আচৰিত বিষয় নহয়।

“অন্ধ পথপদৰ্শকবিলাকে” বহুতকে বিপথে পৰিচালিত কৰে

১১, ১২. ভাগ্য নিৰ্ণয়ৰ শিক্ষা কিহৰ ওপৰত আধাৰিত আৰু কিহে দেখুৱাইছে যে এনে মূলনীতিয়ে ঈশ্বৰৰ মহিমা নকৰে?

১১ বহুতো ধৰ্ম্মপৰায়ণ ব্যক্তিয়ে বিশ্বাস কৰে যে তেওঁলোকৰ উপাসনাই ঈশ্বৰৰ মহিমা কঢ়িয়াই আনে। (ৰোমীয়া ১০:২, ৩) আচলতে, সমূহীয়াকৈ বহুতো ধৰ্ম্মই আজি কোটি কোটি লোকক ঈশ্বৰৰ মহিমা কৰাৰ পৰা বঞ্চিতহে কৰিছে। কিয় তেনেদৰে কʼব পাৰি? আঁহক আমি ইয়াৰ দুটা কাৰণ বিবেচনা কৰোঁহঁক।

১২ প্ৰথমটো কাৰণ হৈছে, ভুল শিক্ষাবোৰে ঈশ্বৰক মহিমা কৰাৰ পৰা বিৰত ৰাখে। উদাহৰণস্বৰূপে, ভাগ্য নিৰ্ণয় কৰাৰ সম্পৰ্কে থকা শিক্ষাক বিবেচনা কৰক। এই শিক্ষাৰ অনুসাৰে ঈশ্বৰে ভৱিষ্যতে ঘটিবলগীয়া সকলোবোৰ ঘটনাৰ বিষয়ে জানে, কিয়নো তেওঁৰ ওচৰত ভৱিষ্যতৰ সম্পৰ্কে জনাৰ ক্ষমতা আছে। তদুপৰি তেওঁক ভাগ্যৰ বিধাতা অৰ্থাৎ এজন ব্যক্তিৰ ওপৰত ঘটিবলগীয়া ভাল-বেয়াৰ বিষয়ে আগতীয়াকৈ সকলোবোৰ লিখি থোৱা বুলি কোৱা হয়। এই ধাৰণাৰ অনুসাৰে বৰ্তমানে হোৱা সকলো ধৰণৰ দুখ-কষ্ট আৰু দুষ্টতাৰ বাবে ঈশ্বৰে দায়ী। দৰাচলতে এই আটাই বেয়া পৰিস্থিতিৰ বাবে ঈশ্বৰ নহয় কিন্তু তেওঁৰ প্ৰমুখ শত্ৰু আৰু “জগতৰ অধিপতি” চয়তানেহে দায়ী।। গতিকে তেনে ধৰণৰ শিক্ষাই কেতিয়াও ঈশ্বৰৰ মহিমা কৰিব নোৱাৰে।—যোহন ১৪:৩০; ১ যোহন ৫:১৯.

১৩. ভৱিষ্যত নিয়ন্ত্ৰণ কৰিবলৈ ঈশ্বৰৰ ওচৰত কোনো শক্তি নাই বুলি কোৱাটো কিয় যুক্তিহীনতাৰ পৰিচয়? বৰ্ণনা কৰক।

১৩ ভাগ্য নিৰ্ণয়ৰ শিক্ষা বাইবেল আধাৰিত নহয়। প্ৰকৃততে এই শিক্ষাই ঈশ্বৰৰ নাম কলঙ্কিত কৰে। তদুপৰি এই শিক্ষাই ঈশ্বৰে কি কৰিব পাৰে আৰু প্ৰকৃততে কি কৰে, এই সম্বন্ধে সকলোকে বিমূঢ়ত পেলায়। দৰাচলতে ঈশ্বৰে ভৱিষ্যতে ঘটিবলগীয়া ঘটনাৰ বিষয়ে যে জানিব পাৰে, সেই সম্পৰ্কে বাইবেলে স্পষ্টকৈ দাঙি ধৰিছে। (যিচয়া ৪৬:৯, ১০) তথাপিও ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁৰ ওচৰত ভৱিষ্যতে ঘটিবলগীয়া ঘটনাক নিয়ন্ত্ৰণ কৰাৰ কোনো শক্তি নাই। এই বিষয়ে বুজিবলৈ এটা দৃষ্টান্তক লক্ষ্য কৰক: যদি আপুনি শাৰীৰিকভাৱে শক্তিশালী, তেন্তে ৰাস্তা-ঘাটত দেখা সকলো গধুৰ বস্তুক তুলি লʼবলৈ আগবাঢ়ি যাবনে? নিশ্চয়ে নাযাব। ঠিক তেনেদৰে ভৱিষ্যতৰ বিষয়ে জানিবলৈ থকা ক্ষমতাই ঈশ্বৰক কোনো ঘটনা আগৰে পৰা নিৰ্দ্ধাৰিত কৰিবলৈ কেতিয়াও বাধ্য নকৰে। তেওঁ নিজৰ পূৰ্ব্বজ্ঞান সদায়ে এক বিশেষ উদ্দেশ্য পূৰ্ণ কৰিবলৈহে ব্যৱহাৰ কৰে। * গতিকে এইটো স্পষ্ট যে ভাগ্য নিৰ্ণয় আৰু ভুল শিক্ষাবোৰে কেতিয়াও যিহোৱা ঈশ্বৰলৈ মহিমা কঢ়িয়াই নানে।

১৪. সংগঠিত ধৰ্ম্মই কি ধৰণে ঈশ্বৰৰ অনাদৰ কৰিছে?

১৪ সংগঠিত ধৰ্ম্মবোৰে ঈশ্বৰক অনাদৰ কৰা দ্বিতীয়টো কাৰণ হৈছে, সেই ধৰ্ম্মবোৰৰ অনুগামীসকলৰ আচাৰ-ব্যৱহাৰ। যিহেতু খ্ৰীষ্টানসকলক যীচুৰ শিক্ষা পালন কৰিবলৈ আগ্ৰহ কৰা হৈছে। তদুপৰি তেওঁলোকক “পৰস্পৰে প্ৰেম” কৰিবলৈ আৰু ‘জগতৰ পৰা পৃথকে’ থাকিবলৈও কোৱা হৈছে। (যোহন ১৫:১২; ১৭:১৪-১৬) এই সম্পৰ্কে খ্ৰীষ্টীয়জগতৰ যাজকসকলে উত্তম আৰ্হি ৰাখিছেনে? তেওঁলোকে বাস্তৱিকতে যীচুৰ শিক্ষাক অনুকৰণ কৰিছেনে?

১৫. (ক) জাতিগত সংঘৰ্ষৰ সম্পৰ্কে যাজকবিলাকে কেনে উদাহৰণ প্ৰস্তুত কৰিছে? (খ) তেওঁলোকৰ আচৰণে আজি বহু সংখ্যক লোকৰ ওপৰত কেনে প্ৰভাৱ পেলাইছে?

১৫ যুদ্ধৰ সম্পৰ্কে থকা যাজকসকলৰ উদাহৰণবোৰক বিবেচনা কৰক। তেওঁবিলাকে জাতিগত সংঘৰ্ষবোৰক সমৰ্থন কৰে আৰু আগভাগ লয়। আনকি তেওঁলোকে যুদ্ধলৈ যোৱা সৈন্য-বাহিনীক আশীৰ্ব্বাদ দিয়ে আৰু হত্যা কৰা সম্বন্ধে যুক্তি দাঙি ধৰে। আমি হয়তো এইদৰে ভাবিবলৈ বাধ্য হʼম যে, ‘যাজকবিলাকে কিয় এইটো ভবা নাই যে একে ধৰ্ম্মৰ বিৰোধী পক্ষৰ যাজকবিলাকেও তেওঁলোকৰ দৰে ঈশ্বৰৰ সমৰ্থন বিচাৰিছে?’ (“ঈশ্বৰে কাৰ পক্ষে আছে?” নামৰ বক্সটো চাওক) বাস্তৱতে এনে নৃশংস যুদ্ধবোৰৰ বাবে ঈশ্বৰৰ অনুমোদন বিচৰা যাজকসকলে কোনোপধ্যেই তেওঁৰ মহিমা কৰা নাই। তদুপৰি যাজকসকলে বাইবেলৰ স্তৰবোৰ পালন নকৰি আৰু সকলো প্ৰকাৰৰ অনৈতিক কাৰ্য্যক সমৰ্থন কৰিও ঈশ্বৰৰ অনাদৰ কৰিছে। তেওঁলোকৰ এনে কাৰ্য্যই আমাক যীচুৱে তেওঁৰ সময়ৰ ধৰ্ম্মগুৰুবিলাকক “অধৰ্ম্মচাৰী” আৰু “অন্ধ পথদৰ্শক” বুলি কোৱা কথাষাৰ সোঁৱৰাই দিয়ে। (মথি ৭:১৫-২৩; ১৫:১৪) তেওঁলোকৰ এনে আচৰণ দেখি আজি অধিক সংখ্যক লোকৰ ঈশ্বৰৰ প্ৰতি থকা প্ৰেম চেঁচা হৈ পৰিছে।—মথি ২৪:১২.

প্ৰকৃততে কোনসকলে ঈশ্বৰৰ মহিমা কৰিছে?

১৬. প্ৰকৃততে কোনসকলে ঈশ্বৰৰ মহিমা কৰিছে বুলি সোধা প্ৰশ্নটোৰ উত্তৰ বিচাৰি পাবলৈ আমি কিয় বাইবেলৰ পৰা সহায় লোৱা উচিত?

১৬ যদি এই জগতৰ প্ৰসিদ্ধ লোকসকলে ঈশ্বৰক মহিমা কৰিবলৈ বিফল হৈছে, তেন্তে প্ৰকৃততে কোনসকলে ঈশ্বৰৰ মহিমা কৰিছে? এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি পাবলৈ আমি বাইবেলৰ সহায় লোৱা উচিত। কিয়নো ঈশ্বৰৰ বাক্যতেহে কেৱল তেওঁক কেনেদৰে মহিমা আৰু স্তৰসমূহ পালন কৰা উচিত, সেই বিষয়ে বৰ্ণনা কৰা হৈছে। (যিচয়া ৪২:৮) গতিকে আঁহক আমি ঈশ্বৰক মহিমা কৰা সম্বন্ধে থকা তিনটা কাৰণৰ বিষয়ে বিবেচনা কৰোঁহঁক, যʼত এই অনুচ্ছেদৰ আৰম্ভণিতে সোধা প্ৰশ্নটোৰ উত্তৰো সন্মিলিত আছে।

১৭. যিহোৱা ঈশ্বৰে স্বয়ং কেনেকৈ দেখুৱালে যে তেওঁৰ নাম মহিমা কৰাটো তেওঁৰ উদ্দেশ্যৰ এক গুৰুত্বপূৰ্ণ ভাগ আৰু বৰ্তমান কোনসকলে ঈশ্বৰৰ নাম সমুদায় পৃথিৱীত মহিমা কৰিছে?

১৭ প্ৰথমটো কাৰণ হৈছে, ঈশ্বৰৰ নাম ঘোষণা কৰি তেওঁৰ মহিমা কৰা। এনে কৰাটো যে ঈশ্বৰৰ উদ্দেশ্যৰ এক গুৰুত্বপূৰ্ণ অংশ, এই বিষয়ে ঈশ্বৰে তেওঁৰ পুত্ৰ যীচুক কোৱা কথাশাৰীত স্পষ্টকৈ প্ৰকাশ পাইছে। লক্ষ্য কৰক যে মৃত্যু হোৱাৰ কিছু দিনৰ পূৰ্বে যীচুৱে কৰা প্ৰাৰ্থনাত এইদৰে কৈছিল: “হে পিতৃ, তোমাৰ নাম মহিমান্বিত কৰা।” তেতিয়া এইদৰে আকাশী বাণী হʼল: “মই মহিমান্বিত কৰিলোঁ, আকৌ মহিমান্বিত কৰিম।” (যোহন ১২:২৭, ২৮) নিঃসন্দেহ, তেনেদৰে কওঁতাজন স্বয়ং যিহোৱা ঈশ্বৰ আছিল। গতিকে এনে ধৰণৰ আকাশী বাণীয়ে স্পষ্টকৈ দেখুৱাইছে যে ঈশ্বৰৰ বাবে তেওঁৰ নিজা নাম মহিমা কৰাটো এক গুৰুত্বপূৰ্ণ বিষয়। এতিয়া কোনসকলে ঈশ্বৰৰ নাম সমুদায় পৃথিৱীত ঘোষণা কৰি তেওঁৰ মহিমা কৰিছে? আজি যিহোৱাৰ সাক্ষীসকলে ২৩৫ খন দেশত তেওঁৰ নামৰ বিষয়ে ঘোষণা কৰিছে।—গীত ৮৬:১১, ১২.

১৮. আমি কেনেকৈ “সত্যেৰে” উপাসনা কৰাসকলক চিনাক্ত কৰিব পাৰোঁ আৰু এক শতাব্দীতকৈ অধিক সময় ধৰি কোন লোকসকলে বাইবেল সত্যতাৰ বিষয়ে প্ৰচাৰ কৰি আহিছে?

১৮ দ্বিতীয়টো হৈছে, আনক তেওঁৰ বিষয়ে সত্য শিকোৱা। যীচুৱে কৈছিল যে প্ৰকৃত উপাসকবিলাকে ‘আত্মা আৰু সত্যেৰে ঈশ্বৰৰ ভজনা কৰা’ আৱশ্যক। (যোহন ৪:২৪) “সত্যেৰে” ঈশ্বৰক উপাসনা কৰাসকলক আমি কেনেকৈ চিনাক্ত কৰিব পাৰোঁ? তেওঁবিলাকে অশাস্ত্ৰীয় শিক্ষাবোৰ পালন কৰাৰ পৰা আঁতৰি থকা উচিত, যি ঈশ্বৰ আৰু তেওঁৰ ইচ্ছাক ভুলকৈ দাঙি ধৰে। তাৰ পৰিৱৰ্তে তেওঁবিলাকে ঈশ্বৰৰ বাক্যৰ সত্যতাক শিকোৱা আৰু সেইবোৰ পালন কৰা উচিত। সেই সত্যতা হৈছে: যিহোৱাই সমুদায় পৃথিৱীৰ ওপৰত সৰ্ব্বোপৰি জনা আৰু কেৱল তেওঁৱেই মহিমা পোৱাৰ যোগ্য (গীত ৮৩:১৮); যীচু হৈছে ঈশ্বৰৰ পুত্ৰ আৰু মচীহ ৰাজ্যৰ নিযুক্ত ৰজা (১ কৰিন্থীয়া ১৫:২৭, ২৮); ঈশ্বৰৰ ৰাজ্যই যিহোৱাৰ নাম মহিমা আৰু এই পৃথিৱীত মানৱজাতিৰ প্ৰতি থকা তেওঁৰ উদ্দেশ্যক পূৰ্ণ কৰিব (মথি ৬:৯, ১০); ঈশ্বৰৰ ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই পৃথিৱীতে প্ৰচাৰ কৰা আৱশ্যক। (মথি ২৪:১৪) আজি এক শতাব্দীতকৈ অধিক সময় ধৰি কেৱল যিহোৱাৰ সাক্ষীসকলেহে এই সত্যতাৰ বিষয়ে প্ৰচাৰ কৰি আহিছে।

১৯, ২০. (ক) এজন প্ৰকৃত খ্ৰীষ্টানৰ আচাৰ-ব্যৱহাৰে কেনেকৈ ঈশ্বৰৰ মহিমা কৰিব পাৰে? (খ) বৰ্তমান সময়ত উত্তম আচাৰ-ব্যৱহাৰৰ দ্বাৰা ঈশ্বৰৰ মহিমা কৰা লোকসকলক চিনাক্ত কৰিবলৈ কেনে প্ৰশ্নবোৰে আমাক সহায় কৰিব পাৰে?

১৯ তৃতীয়টো হৈছে, ঈশ্বৰৰ স্তৰসমূহৰ অনুসাৰে জীৱন-যাপন কৰা। এই বিষয়ে পাঁচনি পিতৰে এইদৰে কৈছিল: “পৰজাতিবিলাকে যি বিষয়ত দুষ্কৰ্ম্মকাৰী বুলি তোমালোকৰ বিৰুদ্ধে কথা কয়, সেই বিষয়ত তেওঁবিলাকে তোমালোকৰ সৎকৰ্ম্ম দেখি তাৰ কাৰণে কৃপাদৃষ্টিৰ দিনা যেন ঈশ্বৰৰ স্তুতি কৰে, এই কাৰণে তেওঁবিলাকৰ মাজত তোমালোকৰ আচাৰ-ব্যৱহাৰ উত্তম হওক।” (১ পিতৰ ২:১২) এজন খ্ৰীষ্টান ব্যক্তিৰ উত্তম আচাৰ-ব্যৱহাৰে তেওঁৰ বিশ্বাসৰ পৰিচয় দিয়ে। তদুপৰি তেওঁৰ এনে উত্তম আচাৰ-ব্যৱহাৰ দেখি আনে ঈশ্বৰক মহিমা কৰিবলৈ আগবাঢ়ি আহে।

২০ আজি কোনসকলে নিজৰ উত্তম আচাৰ-ব্যৱহাৰৰ দ্বাৰা ঈশ্বৰৰ মহিমা কৰিছে? আজিৰ সময়ত কেনে এক সমূহৰ সম্পৰ্কে অধিকাৰীসকলে প্ৰশংসা কৰি কয় যে তেওঁলোক শান্তিপ্ৰিয় আৰু সময়মতে কৰ দিয়া লোক? (ৰোমীয়া ১৩:১, ৩, ৬, ৭) কোনো জাতিভেদ বা পক্ষপাতী নেদেখুৱা কোনসকল লোকে ঐক্যতাৰ বাবে পৰিচিত হৈছে? (গীত ১৩৩:১; পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫) কেনে এক সমূহে বাইবেলীয় শিক্ষাদান কৰা কাৰ্য্যৰ বাবে জনাজাত হৈ পৰিছে, যʼত উচ্চ নৈতিকতা, পৰিয়ালৰ সদস্যৰ প্ৰতি কৃতজ্ঞ আৰু আইন-ব্যৱস্থাৰ প্ৰতি আদৰ দেখুৱা সন্মিলিত আছে? কেৱল এটা সমূহৰ লোকসকলেহে নিজৰ আচাৰ-ব্যৱহাৰৰ দ্বাৰা তেনে কৰাৰ প্ৰমাণ দিছে আৰু সেইয়া হৈছে যিহোৱাৰ সাক্ষীসকল!

আপুনি ঈশ্বৰৰ মহিমা কৰিছেনে?

২১. আমি ব্যক্তিগতভাৱে ঈশ্বৰৰ মহিমা কৰিছোঁ নে নাই, তাক কিয় বিবেচনা কৰা উচিত?

২১ আমি সকলোৱে নিজকে এইদৰে সোধা আৱশ্যক: ‘মই ব্যক্তিগতভাৱে ঈশ্বৰৰ মহিমা কৰিছোঁনে?’ গীত ১৪৫ অধ্যায়ৰ অনুসাৰে ঈশ্বৰৰ অধিকাংশ সৃষ্টিয়ে তেওঁৰ মহিমা কৰিছে। উদাহৰণস্বৰূপে, স্বৰ্গত থকা আত্মিক প্ৰাণী, আকাশমণ্ডল, পৃথিৱী আৰু ইয়াত থকা জীৱ-জন্তুবোৰে যিহোৱা ঈশ্বৰক মহিমা কৰিছে। (১-১০ পদলৈকে) আনহাতে, এইটো কিযে এক দুখৰ বিষয় যে আজি অধিকাংশ লোকে তেনে কৰা নাই! কিন্তু আপুনি ব্যক্তিগতভাৱে যিহোৱাৰ ইচ্ছাৰ অনুসাৰে জীৱন-যাপন কৰি আন সৃষ্টিবোৰৰ সৈতে তেওঁৰ মহিমা কৰিব পাৰে। (১১-১৩ পদ) আমি কেৱল ঈশ্বৰৰ পথত চলিহে উত্তম জীৱন-যাপন কৰিব পাৰোঁ।

২২. আপুনি কেনেকৈ যিহোৱাক মহিমা কৰাৰ দ্বাৰা আশীৰ্ব্বাদ লাভ কৰিব পাৰে আৰু আপোনাৰ কেনে দৃঢ়সঙ্কল্প হোৱা উচিত?

২২ যিহোৱাক মহিমা কৰাৰ দ্বাৰা আমি বহুতো প্ৰকাৰে আশীৰ্ব্বাদ লাভ কৰিব পাৰোঁ। আপুনি যীচুৰ মুক্তিপণ বলিদানৰ ওপৰত বিশ্বাস ৰাখাৰ দ্বাৰা ঈশ্বৰৰ সৈতে শান্তিপ্ৰিয় আৰু উত্তম সম্বন্ধ বজাই ৰাখিবলৈ সক্ষম হʼব। (ৰোমীয়া ৫:১০) আপুনি যিমানেই তেওঁক মহিমা কৰিবলৈ সুযোগবোৰ বিচাৰিব সিমানে তেওঁৰ প্ৰতি কৃতজ্ঞ হʼব। (যিৰিমিয়া ৩১:১২) তদুপৰি আপুনি আনকো সন্তুষ্টিদায়ক জীৱন-যাপন কৰাত সহায় আৰু নিজেও আত্মসন্তুষ্টি লাভ কৰিব পাৰিব। (পাঁচনিৰ কৰ্ম্ম ২০:৩৫) আপুনিও সেইসকল ব্যক্তিৰ সৈতে সন্মিলিত হওক, যিসকলে বৰ্তমান আৰু চিৰকাললৈকে ঈশ্বৰৰ মহিমা কৰিবলৈ দৃঢ়সঙ্কল্প লৈছে! (w04 10/1)

[ফুটনোটবোৰ]

^ “বায়ʼমিমেটিক্‌” উক্তিটো গ্ৰীক ভাষাৰ বায়চ্‌ শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে “জীৱ” আৰু মিমেচিচ্‌ শব্দৰ অৰ্থ হৈছে “অনুকৃতি।”

^ ঈশ্বৰৰ শক্তি আৰু বুদ্ধি দেখিবলৈ পোৱা এই আকাশ-মণ্ডলখনৰ বিষয়ে বিতংকৈ জানিবলৈ হʼলে যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা যিহোৱা ঈশ্বৰৰ কাষ চপা নামৰ কিতাপখনৰ ৫ আৰু ৭ অধ্যায়ত চাওক।

^ যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত ইনচাইট্‌ অন দ্য স্ক্ৰিপশ্বাৰ, খণ্ড ১, ৮৫৩ পৃষ্ঠাত চাওক।

আপোনাৰ মনত আছেনে?

• বৈজ্ঞানিকসকলে মানৱজাতিক ঈশ্বৰৰ মহিমা কৰিবলৈ কোনো সহায় আগবঢ়োৱা নাই বুলি আমি কিয় কʼব পাৰোঁ?

• কেনে দুই প্ৰকাৰে সংগঠিত ধৰ্ম্মবোৰে লোকসকলক ঈশ্বৰৰ মহিমা কৰাৰ পৰা বিৰত ৰাখিছে?

• আমি কেনে ধৰণে ঈশ্বৰৰ মহিমা কৰিব পাৰোঁ?

• আপুনি ব্যক্তিগতভাৱে যিহোৱা ঈশ্বৰৰ মহিমা কৰিছে নে নাই, তাৰ বিষয়ে কিয় বিবেচনা কৰা উচিত?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২২ পৃষ্ঠাৰ বক্স]

“ঈশ্বৰে কাৰ পক্ষে আছে?”

দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত জাৰ্মানীৰ বায়ু সেনা-বাহিনীত থকা এজন ব্যক্তিয়ে পিছলৈ যিহোৱাৰ সাক্ষীসকলৰ সদস্য হৈ পৰিল। তেওঁ এইদৰে কয়:

সেই সময়ত হোৱা যুদ্ধত . .  খ্ৰীষ্টীয়জগতৰ ৰোমান কেথলিক, লুথ্ৰেৰন, এপিস্কোপাল আদি যাজকবিলাকে যুদ্ধলৈ যোৱাৰ আগতে বায়ু সেনা-বাহিনীৰ ওপৰত ঈশ্বৰৰ আশীৰ্ব্বাদ বিচাৰি কৰা প্ৰাৰ্থনাক দেখি মই অতি দুখিত হৈছিলোঁ। মই সদায়ে ভাবিছিলোঁ যে, “ঈশ্বৰে কাৰ পক্ষে আছে?”

“জাৰ্মান সেনা-বাহিনীয়ে পিন্ধা বেল্টৰ ওপৰত থকা বক্‌লচত গট্‌ মিট ওনাচ অৰ্থাৎ (ঈশ্বৰ আমাৰ পক্ষে আছে) বুলি খোদিত আছিল। কিন্তু মই ইয়াকে ভাবি আচৰিত হৈছিলোঁ, ‘ঈশ্বৰে কিয় একেই ধৰ্ম্ম পালন আৰু একেই জনালৈ প্ৰাৰ্থনা কৰা শত্ৰুবিলাকৰ পক্ষে নাই?’”

[২০ পৃষ্ঠাৰ ছবি]

প্ৰকৃততে যিহোৱাৰ সাক্ষীসকলে গোটেই পৃথিৱীত ঈশ্বৰৰ নাম মহিমা কৰিছে