Skip to content

Skip to table of contents

আধ্যাত্মিকতাক অনুকৰণ কৰি লাভৱান হোৱা

আধ্যাত্মিকতাক অনুকৰণ কৰি লাভৱান হোৱা

আধ্যাত্মিকতাক অনুকৰণ কৰি লাভৱান হোৱা

“যি মানুহে ৰূপ ভাল পায়, তেওঁ ৰূপত তৃপ্ত নহয়; নাইবা যি মানুহে অধিক ধন-সম্পত্তি ভাল পায়, সি আয়ত তৃপ্ত নহয়।”উপদেশক ৫:১০.

 অতিৰিক্ত কামৰ বোজাই মানসিক চাপ বৃদ্ধি কৰিব পাৰে। তেনে মানসিক চাপে শাৰীৰিক সমস্যা আৰু কেতিয়াবা মৃত্যুলৈ পৰিচালিত কৰিব পাৰে। বহুতো দেশত বিবাহ বিচ্ছেদৰ বাবে পৰিয়াল ভাঙি চিন্ন-বিচিন্ন হৈছে। ইয়াৰ কাৰণ হৈছে বেছি ভাগ লোকে অত্যধিক ভৌতিক বস্তু সংগ্ৰহ কৰিবলৈ গৈ তেনে দুৰ্দশা ভুগীবলগীয়া হয়। এজন ব্যক্তিৰ ওচৰত যি আছে তাত সন্তুষ্ট হোৱাৰ পৰিৱৰ্তে অধিক সা-সম্পত্তি সংগ্ৰহ কৰাৰ জালত পৰি কোনো বস্তুৰ বাবে যিমানেই মূল্য দিবলগীয়া নহওঁক কিয় তাক লোৱাৰ স্বত্ত্বেও তেওঁলোকৰ হাবিয়াহ অন্ত পৰা নাই। আত্মনিৰ্ভৰশীল হোৱা নামৰ এখন কিতাপত এইদৰে বৰ্ণনা কৰিছে: “এজন ব্যক্তিয়ে দেশৰ অধিক সংখ্যক লোকক অনুকৰণ কৰি নিজৰ চুবুৰীয়াৰ দৰে সা-সম্পত্তি বা সমাজত নিজৰ স্থান লাভ কৰিবৰ আশাৰে দিনে ৰাতিয়ে অত্যধিকভাৱে পৰিশ্ৰম কৰি কম বয়সতে হৃদয় ৰোগৰ দ্বাৰা আক্ৰান্ত হৈছে।”

ভৌতিক সা-সম্পত্তিৰ প্ৰতি থকা হাবিয়াহ অধিক হোৱাৰ বাবে, এজন ব্যক্তিয়ে অনুভৱ কৰা আনন্দ লুপ্ত হৈছে। এই সম্পৰ্কে থকা আমাৰ মানৱ দুৰ্ব্বলতাক প্ৰায়ে এক শক্তি অৰ্থাৎ বিজ্ঞাপনবোৰে শোষণ কৰি আহিছে! টেলিভিছন আৰু ৰেডিঅ’ কাৰ্য্যক্ৰমবোৰে আপোনাক হয়তো আৱশ্যক নোহোৱা আৰু সাধ্য নথকা বস্তুবোৰ কিনিবলৈ উৎসাহিত কৰে। এই সকলোবোৰে আপোনাক কেৱল গুৰুত্বৰভাৱে হানি কৰিব পাৰে।

অনিয়ন্ত্ৰিত আত্মপ্ৰশ্ৰয়শীলতাক সহজে চিনিব পৰা নাযায়, কিন্তু ই আমাক শাৰীৰিক আৰু নৈতিকভাৱে বিধ্বস্ত কৰিব পাৰে। উদাহৰণস্বৰূপে, জ্ঞানী ৰজা চলোমনে এইদৰে লিখিছিল: “শান্ত মন শৰীৰৰ জীৱনস্বৰূপ।” (হিতোপদেশ ১৪:৩০) আনহাতে, অত্যধিক পৰিশ্ৰম, ভৌতিক সা-সম্পত্তি সংগ্ৰহ কৰা হেঁচাই আমাৰ স্বাস্থ্য হানি আৰু ব্যক্তিগত আনন্দ কাঢ়ি নিব পাৰে। তদুপৰি ভৌতিকবস্তু সংগ্ৰহ কৰা লক্ষ্যক জীৱনত প্ৰাধান্য দিয়াৰ বাবে আনৰ সৈতে থকা আমাৰ সম্বন্ধও বিপদপন্ন হʼব পাৰে। যেতিয়া এজন ব্যক্তিৰ পৰিয়াল আৰু সামাজিক জীৱনধাৰাৰ অৱনতি হয় তেতিয়া স্বাভাৱিকৰূপে তেওঁৰ সাধাৰণ জীৱনতো বেয়াকৈ ক্ষতি সাধন হয়।

আধ্যাত্মিকতাৰ মূল্য সকলোতকৈ শ্ৰেষ্ঠ

বহু শতিকাৰ পূৰ্বে পাঁচনী পৌলে উপদেশ দি এইদৰে কৈছিল যে, “তোমালোকে জগতৰ অনুৰূপ নহবা।” (ৰোমীয়া ১২:২) জগতে, ইয়াৰ ব্যৱস্থা আৰু ৰীতি-নীতিক অনুকৰণ কৰা সকলক প্ৰেম কৰে। (যোহন ১৫:১৯) কিয়নো জগতে ইয়াৰ ভৌতিকবাদ জীৱনধাৰা গ্ৰহণ কৰাবলৈ আপোনাৰ বোধশক্তি, স্পৰ্শতা, আস্বাদ, আভাস আৰু শ্ৰৱণ শক্তিক আকৰ্ষিত কৰে। ইয়াত ‘চকুৰ অভিলাষক’ জোৰ দি উল্লেখ কৰিব পাৰি, কিয়নো ইয়ে আপোনাক আৰু আনক ভৌতিকবাদৰ পিছত যাবলৈ পৰিচালিত কৰে।—১ যোহন ২:১৫-১৭.

কিন্তু এনে এক মূল্য আছে যি টকা-পইছা, বৈশিষ্ট্যতা আৰু ভৌতিক সা-সম্পত্তিতকৈ অধিক মূল্যৱান। বহু শতিকাৰ পূৰ্বে ৰজা চলোমনে সেই সময়ৰ জগতত থকা সকলো ভৌতিক বস্তু সংগ্ৰহ কৰিছিল। তেওঁ ঘৰ-দুৱাৰ নিৰ্ম্মাণ, ফল-মূলৰ গছ ৰূপন, আনকি তেওঁৰ মনোৰম উদ্যান, লগুৱা-লিকচৌ, ঘৰচীয়া জীৱ-জন্তু, গায়ক-গায়িকা, অনেক সোণ আৰু ৰূপ জমা কৰিছিল। ৰজা চলোমনে তেওঁৰ পিছত অহা লোকসকলতকৈ অধিক সা-সম্পত্তি বৃদ্ধি কৰিলে। কʼবলৈ গলে তেওঁ অধিক ধনৱান আছিল। বাস্তৱতে ৰজা চলোমনৰ ওচৰত তেওঁ ইচ্ছা কৰা সকলোখিনি আছিল। সেয়েহে তেওঁ সম্পন্ন কৰা সকলোবোৰৰ ওপৰত দৃষ্টি কৰি এইদৰে কৈছিল: “সেই সকলো অসাৰ, আৰু বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ।”—উপদেশক ২:১-১১.

যিহোৱা ঈশ্বৰৰ পৰা উচ্চতম জ্ঞান আৰু বুদ্ধি লাভ কৰা ৰজা চলোমনে জানিছিল যে কেৱল আধ্যাত্মিকতাৰ অনুসাৰে জীৱন-যাপন কৰিহে অধিক সম্পন্ন কৰিব পাৰি। সেয়েহে তেওঁ এইদৰে লিখিছিল: “আমি সকলোৰে সাৰ কথা শুনো। ঈশ্বৰলৈ ভয় ৰাখা, আৰু তেওঁৰ আজ্ঞাবিলাক পালন কৰা; কিয়নো এয়েই মানুহৰ সকলো কৰ্তব্য কৰ্ম্ম।”—উপদেশক ১২:১৩.

বাস্তৱতে ঈশ্বৰৰ বাক্য বাইবেলত পোৱা বিষয়বোৰ সোণ বা ৰূপতকৈ অধিক মূল্যৱান। (হিতোপদেশ ১৬:১৬) সেয়েহে বহুমূলীয়া পাথৰৰ দৰে আপুনি বাইবেলৰ সত্যতাক অনুসন্ধান কৰা আৱশ্যক। আপুনি সত্যতাক অনুসন্ধান কৰি বিচাৰি উলিয়াবনে? (হিতোপদেশ ২:১-৬) বাস্তৱিক মূল্যৰ উৎস অৰ্থাৎ আমাৰ সৃষ্টিকৰ্ত্তাই আপোনাক তেনে কৰিবলৈ উৎসাহিত কৰিছে আৰু তেওঁ সহায়ও কৰিব। কিন্তু কেনেকৈ?

যিহোৱা ঈশ্বৰে সত্যতাৰ সেই বহুমূলীয়া ৰত্নমণি তেওঁৰ বাক্য, পবিত্ৰ আত্মা আৰু সংগঠনৰ দ্বাৰা প্ৰদান কৰিছে। (গীত ১:১-৩; যিচয়া ৪৮:১৭, ১৮; মথি ২৪:৪৫-৪৭; ১ কৰিন্থীয়া ২:১০) এই বহুমূলীয়া ৰত্নমণিবোৰক পৰীক্ষা কৰাৰ দ্বাৰা আপুনি বুদ্ধিমানেৰে জীৱনত সকলোতকৈ উত্তম আৰু আশীৰ্ব্বাদজনক পথ বাছনি কৰাৰ সুযোগ লাভ কৰিব। সেই পথ বাছি উলিওৱাতো কঠিন নহʼব, কিয়নো আমাৰ সৃষ্টিকৰ্ত্তা যিহোৱাই স্বয়ং আমি বাস্তৱতে আনন্দিত হোৱা আৱশ্যকতাৰ বিষয়ে জানে।

বাইবেলে আটাইতকৈ মূল্যৱান বস্তুক লাভ কৰিবলৈ উৎসাহিত কৰিছে

বাইবেলত পোৱা পৰামৰ্শ বা উপদেশবোৰ কাৰ্য্যকাৰী আৰু অতুলনীয়। ইয়াৰ নৈতিক স্তৰসমূহ শ্ৰেষ্ঠতম। ইয়াত পোৱা পৰামৰ্শবোৰ সদায়ে লাভদায়ক। সময় অতিক্ৰম কৰাৰ লগে লগে ইয়াৰ সত্যতা আৰু ব্যৱহাৰিকতা বাস্তৱিক প্ৰমাণিত হʼল। উদাহৰণস্বৰূপে, বাইবেলে পৰিশ্ৰমী, সত্যবাদী, বুদ্ধিমানেৰে ধন ব্যয় আৰু এলেহুৱা হোৱাৰ পৰা আঁতৰি থাকিবলৈ ব্যৱহাৰিক পৰামৰ্শ আগবঢ়াইছে।—হিতোপদেশ ৬:৬-৮; ২০:২৩; ৩১:১৬.

সেই সামঞ্জস্যত যীচুৱে এইদৰে কৈছিল: “যি ঠাইত পোকে আৰু মামৰে ক্ষয় কৰে, আৰু চোৰেও সিন্ধি দি চুৰ কৰে, এনে পৃথিবীত নিজলৈ ধন নাসাঁচিবা; কিন্তু যʼতে পোক আৰু মামৰে ক্ষয় নকৰে, চোৰেও সিন্ধি দি নিনিয়ে, এনে স্বৰ্গত নিজলৈ ধন সাঁচা।”—মথি ৬:১৯, ২০.

সাময়িকভাৱে দিয়া সেই উপদেশ ২০০০ বছৰৰ পূৰ্বেই প্ৰযোজ্য হোৱাৰ দৰে আজিও ব্যৱহাৰিক। আমি ভৌতিকবাদৰ পিছত পৰিচালিত হোৱাৰ পৰিৱৰ্তে জীৱনৰ উত্তম পথত চলি লাভৱান হʼব পাৰোঁ। আধ্যাত্মিক ধন সাঁচাটোৱে হৈছে বাস্তৱিক আনন্দ আৰু সন্তুষ্টি হোৱাৰ প্ৰমুখ কাৰণ। আমি কেনেকৈ আধ্যাত্মিক ধন সাঁচিব পাৰোঁ? ঈশ্বৰৰ বাক্য বাইবেল অধ্যয়ন আৰু তাৰ পৰামৰ্শসমূহৰ অনুসাৰে জীৱন-যাপন কৰি সেই আধ্যাত্মিক ধন সাঁচিব পাৰোঁ।

আধ্যাত্মিকতাই আশীৰ্ব্বাদ কঢ়িয়াই আনে

যেতিয়া আধ্যাত্মিক মূল্যবোৰ উপযুক্তৰূপে প্ৰযোজ্য কৰা হয় তেতিয়া শাৰীৰিক, মানসিক আৰু আধ্যাত্মিকৰূপে লাভ পোৱা যায়। যিদৰে পৃথিৱীৰ উপৰিভাগত থকা অজʼন তৰপটোৱে সূৰ্য্যৰ পৰা অহা হানিকাৰক ৰশ্মিৰ পৰা পৃথিৱীখনক ৰক্ষা কৰে, তেনেদৰে নৈতিক সিদ্ধান্তসমূহে আমাক ভৌতিকবাদৰ পৰা অহা বিপদৰ পৰা ৰক্ষা কৰে। সেয়েহে পাঁচনি পৌলে এইদৰে লিখিছিল: “যি বিলাকে ধনৱন্ত হবলৈ ইচ্ছা কৰে, তেওঁবিলাক পৰীক্ষা আৰু ফান্দত, আৰু অজ্ঞান আৰু হানিজনক অভিলাষত পৰে; সেইবোৰ এনেকুৱা যে, মানুহবিলাকক সংহাৰত আৰু সৰ্ব্বনাশত মগ্ন কৰে। ধন-লোভেই সকলো মন্দৰ মূল; তালৈ আকাঙ্ক্ষা কৰি, কোনো কোনো মানুহে বিশ্বাসৰ পৰা ভ্ৰান্ত হৈ, যাতনাৰূপ শলাৰে নিজকেই শালিলে।”—১ তীমথিয় ৬:৯, ১০.

ধনৰ প্ৰতি থকা প্ৰেমে লোকসকলক অধিক সা-সম্পত্তি সংগ্ৰহ, উচ্চ স্থান আৰু সামৰ্থ লাভ কৰিবলৈ প্ৰলোভিত কৰে। বেছিভাগ সময়ত তেওঁলোকে তেনে লক্ষ্যত উপনীত হʼবলৈ প্ৰায়ে আওপকীয়া আৰু অসৎ পথ অৱলম্বন কৰে। ভৌতিকবাদৰ পিছত গৈ সময়, সামৰ্থ আৰু সক্ষমতা সকলোবোৰ হেৰুৱাবলগীয়া হয়। আনকি ই এজন ব্যক্তিৰ নিশাৰ টোপনিও কাঢ়ি নিয়ে। (উপদেশক ৫:১২) অধিক ভৌতিকবস্তু সংগ্ৰহ কৰাৰ অভিলাষে আধ্যাত্মিক উন্নতিত বাধা জন্মায়। সেয়েহে সৰ্বশ্ৰেষ্ঠ মানৱ যীচুৱে স্পষ্টকৈ এইদৰে এক পথ দেখুৱাইছিল: “আধ্যাত্মিকতাত দৰিদ্ৰসকল আনন্দিত।” (মথি ৫:৩, NW) কিয়নো তেওঁ জানিছিল যে আধ্যাত্মিক ধনৱানেহে কেৱল চিৰস্থায়ী জীৱন প্ৰদান কৰিব পাৰে, যিটো সকলো ভৌতিকবাদতকৈও অধিক গুৰুত্বপূৰ্ণ।—লূক ১২:১৩-৩১.

আধ্যাত্মিকত ধনৱান হোৱাটো বাস্তৱতে লাভদায়কনে?

গ্ৰেগ নামৰ এজন ব্যক্তিয়ে এইদৰে কয়: “মোৰ পিতৃ-মাতৃয়ে মোক বিশ্বাস কৰাবলৈ অনেক চেষ্টা কৰিলে যে আধ্যাত্মিকত ধনী হোৱাটো ব্যৱহাৰিক নহয়। তথাপিও মই আধ্যাত্মিকভাৱে ধনৱান হʼবলৈ চেষ্টা কৰি অধিককৈ মানসিক শান্তি লাভ কৰিছোঁ আৰু ফলস্বৰূপে মই ক্ষতিকৰ দুঃচিন্তাবোৰৰ পৰা আঁতৰি থাকিব পাৰিছোঁ।”

বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰিবলৈ আপোনাৰ ওচৰত যথেষ্ট সময় আছেনে? প্ৰকৃত বন্ধু-বান্ধৱে আপোনাৰ ওচৰত যি আছে তাৰ বাবে নহয় কিন্তু আপোনাৰ ব্যক্তিত্বৰ সৈতে বন্ধুত্ব কৰে। এই বিষয়ে বাইবেলে এইদৰে কৈছে: “তুমি জ্ঞানীবিলাকৰ লগত আলাপ কৰা, তাতে তুমি জ্ঞানী হবা।” (হিতোপদেশ ১৩:২০) তদুপৰি এটা সফল পৰিয়াল গঢ়ি তুলিবলৈ ভৌতিকবস্তুৰ নহয়, কিন্তু জ্ঞান আৰু প্ৰেমৰ আৱশ্যক।—ইফিচীয়া ৫:২২-৬:৪.

আমাৰ কোনেও এনে মূল্যৱান সিদ্ধান্তৰ সৈতে জন্ম গ্ৰহণ কৰা নাই। সেয়েহে আমি আমাৰ সঙ্গী বা ঈশ্বৰৰ বাক্যৰ পৰা শিকা উচিত। বাইবেল আধাৰিত প্ৰকাশনসমূহে ভৌতিকবাদৰ সম্পৰ্কে থকা আমাৰ সম্পূৰ্ণ মানসিক দৃষ্টিভঙ্গী সলনি কৰিব পাৰে। এই সম্পৰ্কে ডান নামৰ এজন প্ৰাক্তন জুৱাৰ আড্ডাৰ ধন ভঁৰালীয়ে এইদৰে কৈছে: “নিজৰ ভৌতিকবাদ মনোবৃত্তিক সলনি আৰু জীৱনৰ আৱশ্যকীয় হোৱাখিনিতে সন্তুষ্ট হʼবলৈ মই সহায় লাভ কৰিলোঁ।”

আধ্যাত্মিকৰূপে ধনৱান হোৱাৰ দ্বাৰা চিৰস্থায়ী লাভপ্ৰাপ্ত কৰা

আধ্যাত্মিকতাই খন্তেকীয়া সন্তুষ্টি নহয়, কিন্তু চিৰস্থায়ী আশীৰ্ব্বাদ প্ৰদান কৰে। এই সম্পৰ্কে পাঁচনি পৌলে এইদৰে লিখিছিল: “দৃশ্য বস্তু [ভৌতিকবস্তু] অলপদিনীয়া; কিন্তু অদৃশ্য বস্তু অনন্ত-কলীয়া।” (২ কৰিন্থীয়া ৪:১৭) এইটো সঁচা যে ভৌতিকবাদে অল্পকলীয়া সুখ প্ৰদান কৰিব পাৰে, কিন্তু এজন লুভীয়া ব্যক্তিয়ে চিৰস্থায়ীভাৱে লাভপ্ৰাপ্ত নহʼব। ইয়াৰ বিপৰীতে আধ্যাত্মিকতাই চিৰকলীয়া আশীৰ্ব্বাদ প্ৰদান কৰে।—হিতোপদেশ ১১:৪; ১ কৰিন্থীয়া ৬:৯, ১০.

বাইবেলে বৰ্তমান আমাক অধিককৈ প্ৰমুখ স্থান অধিকাৰ কৰা ভৌতিকবাদৰ ওপৰত মনোযোগ দিয়াৰ পৰা বিৰত থাকিবলৈ উৎসাহিত কৰিছে। ইয়াৰ উপৰিও ই আমাক কৈছে যে আমি নিজৰ চকু নিৰ্ম্মল ৰাখি কেনেকৈ স্বাৰ্থপৰ অভিৰুচি বিকশিত কৰাৰ পৰা আঁতৰি থাকিব পাৰোঁ। বাইবেলে আমাক অতি গুৰুত্বপূৰ্ণ বস্তু অৰ্থাৎ আধ্যাত্মিকভাৱে ধনৱান হোৱাত মনোযোগ দিবলৈ সহায় কৰে। (ফিলিপীয়া ১:১০) তদুপৰি বাইবেলে আমাক বাস্তৱতে লোভ অৰ্থাৎ নিজকে ভক্তি কৰা মনোবৃত্তি কি তাক বুজিবলৈ সহায় কৰে। আমি ঈশ্বৰৰ বাক্যৰ শিক্ষা লাভ কৰি অধিক আনন্দিত হʼব পাৰিম। আমাৰ গ্ৰহণ কৰাৰ পৰা দান কৰা মনোবৃত্তিলৈ সলনি হʼব। আধ্যাত্মিকতাৰে আত্মপ্ৰশ্ৰয়শীলতা মনোবৃত্তিক সলনি কৰাটো এটা শক্তিশালী হেতু নহয়নে বাৰু!

এইটো সঁচা যে টকা-পইচাই কিছু পৰিমাণে নিৰাপত্তা প্ৰদান কৰিব পাৰে। (উপদেশক ৭:১২) কিন্তু বাইবেলে যুক্তিসঙ্গতভাৱে এইদৰে বৰ্ণনা কৰিছে: “যি নাথাকে, এনে ধনলৈ তুমি চকু দিবা নে? কিয়নো সেয়ে নিশ্চয়ে নিজৰ নিমিত্তে ডেউকা লগাই, আকাশলৈ উৰি যোৱা কুৰৰ পক্ষীৰ দৰে উৰি যাব।” (হিতোপদেশ ২৩:৫) ভৌতিকবাদৰ বেদীত লোকসকলে নিজৰ স্বাস্থ্য, পৰিয়াল, আনকি নিজৰ উত্তম বিবেকৰো উৎসৰ্গ অৰ্থাৎ যাৰ পৰিণাম অতি শোচনীয়জনক হৈছে। আনহাতে আমাক সন্তুষ্টি প্ৰদান কৰা গুৰুত্বপূৰ্ণ আৱশ্যকতা হৈছে আধ্যাত্মিকতা যাৰ বাবে প্ৰেম আৰু উদ্দেশ্যৰ আৱশ্যক, আনকি প্ৰেমময় ঈশ্বৰ যিহোৱাক উপাসনা কৰা প্ৰয়োজন। ইয়ে মানৱজাতিক পৰমদেশীয় পৃথিৱীত সিদ্ধ আৰু অনন্তজীৱনলৈ পৰিচালনা কৰে। তদুপৰি ঈশ্বৰে মানৱজাতিৰ বাবে ভৱিষ্যতে এক উজ্জ্বল আশা সাঁচি ৰাখিছে।

অতি সোনকালে ঈশ্বৰৰ নতুন জগতত মানৱজাতিৰ সেই সপোন বাস্তৱিকতাত পৰিণত হʼব। (গীত ১৪৫:১৬) সেই সময়ত সমুদায় পৃথিৱীত “যিহোৱাৰ বিষয়ক জ্ঞানেৰে পৰিপূৰ্ণ হব।” (যিচয়া ১১:৯) আধ্যাত্মিকতাৰ শ্ৰীবৃদ্ধি ঘটিব। ভৌতিকবাদ আৰু ইয়াৰ হানিকাৰক প্ৰভাৱ সম্পূৰ্ণকৈ লোপ পাব। (২ পিতৰ ৩:১৩) তাৰ পিছত পূৰ্ণ হʼবলগীয়া আশা অৰ্থাৎ সিদ্ধ শৰীৰ, সন্তুষ্টিদায়ক কৰ্ম্ম, স্ফুৰ্তিদায়ক বিৰতি, পৰিয়ালত প্ৰেমময় সম্বন্ধ আৰু ঈশ্বৰৰ সৈতে চিৰস্থায়ী বন্ধুত্ব গঢ়ি তুলি চিৰজীৱন আনন্দ লাভ কৰিব। (w04 10/15)

[৬ পৃষ্ঠাৰ বক্স/ছবি]

বুদ্ধিমতাৰে ব্যয় কৰক!

আপোনাৰ আৱশ্যকতাসমূহ চিনাক্ত কৰক। যীচুৱে আমাক এইদৰে প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল: “আমাৰ প্ৰয়োজনীয় আহাৰ দিনে দিনে আমাক দিয়া।” (লূক ১১:৩) গতিকে আজিৰ অভিলাষক অহাকালিৰ আৱশ্যকতা হʼবলৈ দিয়া উচিত নহয়। সদায়ে মনত ৰাখক যে আপোনাৰ ওচৰত থকা সা-সম্পত্তিয়ে আপোনাক জীৱন দিব নোৱাৰে।—লূক ১২:১৬-২১.

এখন আয়-ব্যয়ৰ তালিকা তৈয়াৰ কৰক। অপৰিকল্পিতভাৱে কেতিয়াও বস্তু নিকিনিব। বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “পৰিশ্ৰমী লোকৰ চিন্তাই কেৱল লাভহে জন্মায়; কিন্তু খৰ কৰোঁতাই কেৱল দৰিদ্ৰতালৈহে খৰ কৰে।” (হিতোপদেশ ২১:৫) তদুপৰি যীচুৱেও তেওঁৰ শ্ৰোতাসকলক কোনো আৰ্থিক আঁচনি হাতত লোৱাৰ পূৰ্ব্বে কিমান খৰচ হʼব সেই বিষয়ে হিচাপ কৰিবলৈ কৈছিল।—লূক ১৪:২৮-৩০.

অনাৱশ্যকীয়ভাৱে ধাৰ লোৱাৰ পৰা বিৰত থাকক। যিমান সম্ভৱ বাকীকৈ কিনাৰ পৰিৱৰ্তে আপুনি নিজৰ ওচৰত থকা টকাৰ পৰিমাণৰ ভিতৰত বস্তু কিনক। এই বিষয়ে হিতোপদেশত এইদৰে কোৱা হৈছে: “ধৰুৱা ধাৰ দিওঁতাৰ দাস হয়।” (হিতোপদেশ ২২:৭) আত্মসংযমী আৰু নিজৰ নিৰ্ধাৰিত ধনৰ ভিতৰত থাকি আপুনি কোনো অত্যাৱশ্যকীয় বস্তু কিনাৰ সফল পৰিকল্পনা কৰিব পাৰিব।

অপব্যয় কৰাৰ পৰা বিৰত থাকক। আপোনাৰ ওচৰত যি আছে, সেইবোৰক যত্ন লোৱাৰ দ্বাৰা অপব্যয় কৰাটো হ্ৰাস কৰিব পাৰে। যত্নপূৰ্বক ব্যৱহাৰ কৰাৰ সম্পৰ্কে যীচুৱে সঠিককৈ দাঙি ধৰিলে।—যোহন ৬:১০-১৩.

অত্যাৱশ্যকীয়ক প্ৰথম স্থান দিয়ক। এজন বুদ্ধিমান ব্যক্তিয়ে “সুসময়ক কিনি” লৈ সকলোতকৈ অত্যাৱশ্যকীয়ৰ প্ৰতি লক্ষ্য ৰাখে।—ইফিচীয়া ৫:১৫, ১৬.

[৭ পৃষ্ঠাৰ বক্স/ছবি]

অভিজ্ঞতাৰ পৰিৱৰ্তে শিকাৰ এক উত্তম পদ্ধতি

ভাল বা বেয়া ব্যক্তিগত অভিজ্ঞতাৰ পৰা আমি মূল্যৱান পাঠ শিকিব পাৰোঁ। প্ৰচলিত প্ৰবাদে কোৱাৰ দৰে অভিজ্ঞতাৰ পৰা শিক্ষা লাভ কৰাটো প্ৰকৃততে উত্তমনে? অৱশ্যেই নহয়, কিয়নো শিক্ষাদানত নিৰ্দ্দেশনা দিয়াৰ বাবে এক উচ্চ উৎসৰ ব্যৱস্থা আছে। এই বিষয়ে গীতমালা লিখকে এইদৰে প্ৰাৰ্থনা কৰিছিল: “তোমাৰ বাক্য মোৰ ভৰিৰ নিমিত্তে প্ৰদীপস্বৰূপ, আৰু মোৰ পথৰ দীপ্তিস্বৰূপ।”—গীত ১১৯:১০৫.

ব্যক্তিগত অভিজ্ঞতাৰ পৰা শিকাৰ পৰিৱৰ্তে ঈশ্বৰীয় নিৰ্দ্দেশনাৰ পৰা শিকাটো কিয় উত্তম? ইয়াৰ এটা কাৰণ হৈছে, ব্যক্তিগতভৱে সম্মুখীন হোৱা পৰীক্ষা আৰু ভুল অভিজ্ঞতা উভয়ে খৰচী আৰু যন্ত্ৰণাদায়ক হʼব পাৰে। তদুপৰি ই অনাৱশ্যক। প্ৰাচীন সময়ত ঈশ্বৰে ইস্ৰায়েলসকলক এইদৰে কৈছিল: “অহ, তুমি মোৰ আজ্ঞাত মন দিয়া হলে, কেনে ভাল আছিল! দিয়া তোমাৰ শান্তি নদীৰ নিচিনা, আৰু তোমাৰ ধাৰ্ম্মিকতা সমুদ্ৰৰ ঢৌৰ নিচিনা হলহেঁতেন।”—যিচয়া ৪৮:১৮.

দ্বিতীয়তে, ঈশ্বৰৰ বাক্যই হৈছে নিৰ্দ্দেশনাৰ প্ৰকৃত উৎস, কিয়নো ইয়াত লিপিবদ্ধ কৰা বিবৃতিসমূহ সকলোতকৈ পুৰণি আৰু একেবাৰে সঠিক। আপুনি সম্ভৱতঃ নিজৰ কোনো কষ্টদায়ক অৱস্থাৰ সম্মুখীন বা তেওঁলোকে কৰা ভুলবোৰ পুনৰাই আবৃতি নকৰাকৈ বিনা কষ্টেৰে শিকিব পাৰে। (১ কৰিন্থীয়া ১০:৬-১১) সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে বাইবেলৰ দ্বাৰা ঈশ্বৰে অত্যুত্তম ব্যৱস্থা আৰু নিৰ্দ্দেশনামূলক সিদ্ধান্ত আগবঢ়াইছে, যিবোৰ বাস্তৱিকতে ভাৰসাযোগ্য। কিয়নো “যিহোৱাৰ ব্যৱস্থা সিদ্ধ, . . . যিহোৱাৰ সাক্ষ্য বিশ্বাসযোগ্য, অজ্ঞানক জ্ঞান দিওঁতা।” (গীত ১৯:৭) গতিকে আমাৰ প্ৰেমময় সৃষ্টিকৰ্ত্তাৰ জ্ঞানৰ পৰা শিক্ষা লাভ কৰাটোৱে হৈছে সকলোতকৈ উত্তম পদ্ধতি।

[৪ পৃষ্ঠাৰ ছবিসমূহ]

আপুনি ভৌতিকবাদ জীৱনধাৰা বিকশিত কৰাটোৱে জগতে বিচাৰে

[৫ পৃষ্ঠাৰ ছবি]

ঈশ্বৰৰ বাক্য বাইবেলত পোৱা বিষয়বোৰ সোণ বা ৰূপতকৈ অধিক মূল্যৱান