আমি প্ৰকৃত নিৰাপত্তা উপভোগ কৰিব পাৰিমনে?
আমি প্ৰকৃত নিৰাপত্তা উপভোগ কৰিব পাৰিমনে?
সন্তানে তেওঁলোকৰ মৰমীয়াল পিতৃ-মাতৃৰ সৈতে আনন্দেৰে উমলি থকাটো দেখিবলৈ পাই কোনে আনন্দিত নহʼব? পিতৃ-মাতৃৰ উপস্থিতিত সন্তানে সম্পূৰ্ণকৈ নিৰাপত্তা অনুভৱ কৰে। কিন্তু তথাপিও বহুতো সন্তানে তেনে ধৰণৰ আনন্দ কেতিয়াবাহে লাভ কৰে। ইয়াৰ বিপৰীতে কিছুমান লʼৰা-ছোৱালীয়ে প্ৰত্যেকদিনা নিশাটো কটাবলৈ কʼত স্থান পাব এই বিষয়ে চিন্তিত। ঘৰ-দুৱাৰ নথকা এনে লʼৰা-ছোৱালী আৰু নিৰাপত্তাহীন হোৱা আন লোকৰ বাবে কোনো আশা আছেনে?
তেওঁলোকৰ বাবে যদিও ভৱিষ্যত আশাহীন যেন লাগে, তথাপিও ঈশ্বৰৰ বাক্যই এক উজ্জ্বল আশা প্ৰদান কৰিছে। যিচয়া ভৱিষ্যতবক্তাই ভৱিষ্যতবাণী কৰিছিল যে এনে এটা দিন আহিব যʼত সকলো লোকে সম্পূৰ্ণকৈ নিৰাপত্তাৰে বাস কৰিব। তেওঁ এইদৰে লিখিছিল: “লোকবিলাকে ঘৰ সাজি তাৰ ভিতৰত বাস কৰিব, আৰু দ্ৰাক্ষাবাৰী পাতি তাৰ ফল ভোগ কৰিব। অন্যে বাস কৰিবলৈ তেওঁবিলাকে ঘৰ নাসাজিব, অন্যে ভোগ কৰিবলৈ তেওঁবিলাকে বাৰী নাপাতিব।”—যিচয়া ৬৫:২১, ২২.
কিন্তু এই আশা কোনো বাস্তৱিকতাৰ ওপৰত আধাৰিতনে? যিয়েই নহওক “আশা” শব্দটোৱে প্ৰায়ে অৱশ্যেই যে ঘটিব বুলি নিৰ্দ্দেশিত নকৰে। উদাহৰণস্বৰূপে, ব্ৰাজিলত প্ৰায়ে এই উক্তিটো শুনিবলৈ পোৱা যায়: “আ এচপাৰেনেচা ঈ আ আল্টীমা কী মৰে,” যাৰ আক্ষৰিক অৰ্থ হৈছে, “আশা হৈছে সকলোতকৈ শেষত মৃত্যু হোৱা বিষয়।” সেয়েহে লোকসকলে কৰা আশাৰ কোনো আধাৰ নহলেও, তেওঁলোকে আশাবাদী হৈ থাকে। কিন্তু আমাৰ জীৱন্ত ঈশ্বৰে প্ৰদান কৰা আশা হৈছে একেবাৰে ভিন্ন। এই বিষয়ে পাঁচনি পৌলে এইদৰে লিখিছিল: “যি কোনোৱে [ঈশ্বৰত] বিশ্বাস কৰে, তেওঁ লাজত নপৰিব।” (ৰোমীয়া ১০:১১) ইতিমধ্যেই পূৰ্ণ হোৱা বাইবেলৰ ভৱিষ্যতবাণীবোৰে আমাক নিশ্চয়তা দিছে যে যিহোৱা ঈশ্বৰে কৰা আন ভৱিষ্যতবাণীবোৰ অৱশ্যেই পূৰ্ণ হʼব। এই ভৱিষ্যবাণীবোৰ যেতিয়া বাস্তৱিকতাত পূৰ্ণ হʼব তেতিয়া লʼৰা-ছোৱালীবিলাকে নিজৰ জীৱন আৰু ৰাস্তা-ঘাটত কটাবলগীয়া নহʼব।
আনকি বৰ্তমান সময়ৰ বাবেও বাইবেলে ব্যৱহাৰিক পৰামৰ্শ আগবঢ়াইছে যিয়ে আশাহীন লোকক তেওঁলোকৰ জীৱনধাৰা উন্নত কৰি প্ৰকৃত নিৰাপত্তা লাভ কৰিবলৈ সহায় কৰে। সেইটো কেনেকৈ সম্ভৱ? আপোনাৰ এলেকাত থকা যিহোৱাৰ সাক্ষীসকলে এই প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱাত আপোনাক সহায় কৰিবলৈ পাই অতি আনন্দিত হʼব। (w04 11/1)