Skip to content

Skip to table of contents

যিহোৱা ঈশ্বৰৰ আনন্দিত উপাসকসকল

যিহোৱা ঈশ্বৰৰ আনন্দিত উপাসকসকল

যিহোৱা ঈশ্বৰৰ আনন্দিত উপাসকসকল

“আত্মাত দৰিদ্ৰবিলাক ধন্য।”—মথি ৫:৩.

১. প্ৰকৃত আনন্দ কি আৰু ই কিহৰ বিষয়ে প্ৰকাশ কৰে?

 যিহোৱাৰ সাক্ষীসকলে তেওঁলোকৰ আনন্দিত অৱস্থাক অতিশয়ৰূপে মূল্যাঙ্কন কৰে। এই সন্দৰ্ভত গীতমালা ৰচোঁতা দায়ূদে উচ্চস্বৰে এইদৰে কৈছিল: “যি জাতিৰ ঈশ্বৰ যিহোৱা, সেই জাতি ধন্য।” (গীত ১৪৪:১৫) আনন্দিত হৈছে এক লোকহিত অনুভূতি। এই আনন্দ যিহোৱাৰ আশীৰ্ব্বাদৰ দ্বাৰা লাভ কৰিব পাৰি। (হিতোপদেশ ১০:২২) তেনে ধৰণৰ আনন্দই স্বৰ্গীয় পিতৃ যিহোৱা ঈশ্বৰৰ সৈতে থকা আমাৰ নিবিড় সম্পৰ্ক আৰু তেওঁৰ ইচ্ছাৰ অনুসাৰে চলা বিষয়ে প্ৰকাশ কৰে। (গীত ১১২:১; ১১৯:১, ২) মনকৰিবলগীয়া বিষয় এই যে যীচুৱে আনন্দিত হোৱা নটা কাৰণৰ বিষয়ে উল্লেখ কৰিছিল। এই লেখত আৰু পৰৱৰ্তী লেখটোত সেই কাৰণবোৰৰ বিষয়ে নিৰীক্ষণ কৰি আমি জানিব পাৰিম যে কেনেকৈ নিষ্ঠাৰে “পৰম-ধন্য” অৰ্থাৎ পৰম-আনন্দিত যিহোৱা ঈশ্বৰৰ উপাসনা কৰি আনন্দিত হʼব পাৰি।—১ তীমথিয় ১:১১.

আধ্যাত্মিক আৱশ্যকতাৰ প্ৰতি সজাগে থকা

২. কেনে উপলক্ষ্যত যীচুৱে আনন্দ হোৱাৰ বিষয়ে কৈছিল আৰু তেওঁ কেনেদৰে নিজৰ বাক্য আৰম্ভ কৰিছিল?

সা.যু. ৩১ চনত যীচুৱে দিয়া সকলোতকৈ সুপৰিচিত ভাষণটো আছিল, তেওঁৰ পৰ্ব্বতীয় উপদেশ। যিহেতু এই উপদেশ তেওঁ গালীল সাগৰৰ কাষত থকা পৰ্ব্বতৰ নামনিত দিয়াৰ বাবে ইয়াক পৰ্ব্বতীয় উপদেশ হিচাবে জনা যায়। এই সন্দৰ্ভত শুভবাৰ্ত্তাৰ কিতাপ লিখা মথিয়ে এইদৰে কৈছিল: “তেওঁ সেই লোকসমূহক দেখি পৰ্ব্বতৰ ওপৰলৈ গল; পাছে তেওঁ বহিলত, তেওঁৰ শিষ্যবিলাক তেওঁৰ ওচৰলৈ আহিল। তাতে তেওঁ মাত লগাই তেওঁবিলাকক এই কথা কৈ উপদেশ দিবলৈ ধৰিলে, আত্মাত দৰিদ্ৰবিলাক ধন্য; কিয়নো স্বৰ্গৰাজ্য তেওঁবিলাকৰ।”—মথি ৫:১-৩. *

৩. নম্ৰতা গুণটোৱে কেনেকৈ আমাক আনন্দিত হʼবলৈ সহায় কৰে?

তেওঁ পৰ্ব্বতীয় উপদেশত কোৱা আত্মাত দৰিদ্ৰবিলাক অৰ্থাৎ আধ্যাত্মিক আৱশ্যকতাৰ প্ৰতি সজাগে থকা ব্যক্তিজন সকলোতকৈ আনন্দিত বুলি উল্লেখ কৰিছিল। সেইবাবে নম্ৰ মনৰ প্ৰকৃত খ্ৰীষ্টানসকলে নিজৰ পাপময় অৱস্থাক স্বীকাৰ কৰি যীচুৰ মুক্তিপণ বলিদানৰ আধাৰিত তেওঁলোকৰ পাপবোৰ ক্ষমা কৰিবলৈ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰে। (১ যোহন ১:৯) ফলস্বৰূপে, তেওঁলোকে আন্তৰিক শান্তি আৰু প্ৰকৃত আনন্দ উপভোগ কৰিবলৈ সক্ষম হয়। সেয়েহে বাইবেলত এইদৰে কৈছে: “যাৰ অপৰাধ ক্ষমা কৰা হয়, যাৰ পাপ ঢকা হয়, সেই জন ধন্য।”—গীত ৩২:১; ১১৯:১৬৫.

৪. (ক) আমি নিজৰ আৰু আনৰ আধ্যাত্মিক আৱশ্যকতাৰ প্ৰতি সজাগে থকাটো কেনেকৈ প্ৰকাশ কৰিব পাৰোঁ? (খ) যেতিয়া আমি আধ্যাত্মিক আৱশ্যকতাৰ প্ৰতি সজাগ হওঁ তেতিয়া কিহে আমাৰ আনন্দ শ্ৰীবৃদ্ধি কৰে?

আধ্যাত্মিক আৱশ্যকতাৰ প্ৰতি থকা সজাগতাই আমাক নিতৌ বাইবেল পঢ়া, ‘বিশ্বাসী বুদ্ধিমান দাসবৰ্গই উচিত সময়ত’ প্ৰবন্ধ কৰা আধ্যাত্মিক আহাৰ লোৱা আৰু নিয়মিতৰূপে সভাত উপস্থিত থাকিবলৈ অনুপ্ৰেৰিত কৰে। (মথি ২৪:৪৫; গীত ১:১, ২; ১১৯:১১১; ইব্ৰী ১০:২৫) চুবুৰীয়াৰ প্ৰতি থকা প্ৰেমে আমাক তেওঁলোকৰ আধ্যাত্মিক আৱশ্যকতা আৰু শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যত উৎসাহেৰে ভাগ লʼবলৈ প্ৰেৰিত কৰে। (মাৰ্ক ১৩:১০; ৰোমীয়া ১:১৪-১৬) আনক বাইবেলৰ জ্ঞান বিতৰণ কৰি আমি আনন্দিত হওঁ। (পাঁচনিৰ কৰ্ম্ম ২০:২০, ৩৫) তদুপৰি আমি মচীহ ৰাজ্য আৰু ইয়াৰ দ্বাৰা আহিবলগীয়া আশীৰ্ব্বাদসমূহৰ ওপৰত ধ্যান কৰিও অত্যধিক আনন্দিত হওঁ। উদাহৰণস্বৰূপে, “তাকৰ জাকটি” অৰ্থাৎ অভিষিক্ত বৰ্গৰ বাবে স্বৰ্গত অবিনাশী জীৱন আৰু যীচুৰ সৈতে সহশাসক হিচাবে কাৰ্য্য কৰাৰ আশা আছে। (লূক ১২:৩২; ১ কৰিন্থীয়া ১৫:৫০, ৫৪) আনহাতে, সেই ৰাজ্যৰ অধীনত থকা ‘অন্য মেৰৰ’ বাবে এই পৃথিৱীত অনন্ত জীৱনৰ আনন্দ উপভোগ কৰাৰ আশীৰ্ব্বাদ আছে।—যোহন ১০:১৬; গীত ৩৭:১১; মথি ২৫:৩৪, ৪৬.

শোক কৰাবিলাক কেনেকৈ আনন্দিত হʼব পাৰে

৫. (ক) “শোক কৰাবিলাক ধন্য” বুলি কোৱা উক্তিটোৰ অৰ্থ কি? (খ) তেওঁলোকে কেনেকৈ শান্ত্বনা লাভ কৰিছে?

ইয়াৰ পিছত যীচুৱে কোৱা বাক্যশাৰী বিসঙ্গতিপূৰ্ণ যেন বোধ হʼব পাৰে। যাৰ বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “শোক কৰাবিলাক ধন্য; কিয়নো তেওঁবিলাকে শান্ত্বনা পাব।” (মথি ৫:৪) দৰাচলতে এজন ব্যক্তিয়ে একে সময়তে কেনেকৈ শোকগ্ৰস্ত আৰু আনন্দিত হʼব পাৰে? যীচুৱে কোৱা সেই বাক্যশাৰীক বুজিলৈ হʼলে আমি সৰ্ব্বপ্ৰথমে তেওঁ কেনে ধৰণৰ শোকগ্ৰস্ততাৰ বিষয়ে কৈছে, তাক বুজি পোৱা আৱশ্যক। এই বিষয়ে পাঁচনি যাকোবে বৰ্ণনা কৰি কৈছিল যে স্বয়ং আমাৰ পাপময় অৱস্থাই হৈছে শোকগ্ৰস্ত হোৱাৰ এটা কাৰণ। সেইবাবে তেওঁ এইদৰে লিখিছিল: “হে পাপী মানুহ, তোমালোকৰ হাত শুচি কৰা; হে দুই মনৰ মানুহ, তোমালোকৰ হৃদয় শুদ্ধ কৰা। ব্যাকুল হৈ, শোক আৰু ক্ৰন্দন কৰা; তোমালোকৰ হাঁহি শোক হৈ যাওক, আৰু তোমালোকৰ আনন্দ বিষাদ হৈ যাওক। প্ৰভুৰ আগত তোমালোকে নিজক নত কৰা, তাতে তেওঁ তোমালোকক উন্নত কৰিব।” (যাকোব ৪:৮-১০) নিজৰ পাপময় অৱস্থাৰ বাবে যীচুৰ মুক্তিপণ বলিদানৰ ওপৰত বিশ্বাস আৰু যিহোৱাৰ ইচ্ছাৰ অনুসাৰে চলি মনপালটন কৰা ব্যক্তিসকলে পাপ ক্ষমা পাব বুলি জানি শান্ত্বনা অনুভৱ কৰে। (যোহন ৩:১৬; ২ কৰিন্থীয়া ৭:৯, ১০) এইদৰে তেওঁলোকে যিহোৱাৰ সৈতে এক নিবিড় সম্পৰ্ক বজাই ৰাখাৰ দ্বাৰা চিৰকাল জীয়াই থাকি তেওঁৰ মহিমা কৰাৰ আশা লাভ কৰিছে। তদুপৰি এই আশাই তেওঁলোকৰ বাবে আন্তৰিক আনন্দ কঢ়িয়াই আনে।—ৰোমীয়া ৪:৭, ৮.

৬. কি অৰ্থত কিছুমানে শোক প্ৰকাশ কৰে আৰু তেওঁলোকে কেনেকৈ শান্ত্বনা লাভ কৰিছে?

যীচুৰ সেই বাক্যশাৰীত এনে ব্যক্তিসকলো সন্মিলিত আছে যিসকলে এই পৃথিৱীত থকা ঘৃণনীয় কাৰ্য্যবোৰ দেখি শোকগ্ৰস্ত বা দুখিত হয়। যীচুৱে যিচয়া ৬১:১, ২, ৩ পদত কোৱা বাক্যশাৰীক নিজকে প্ৰয়োগ কৰি এইদৰে কৈছিল: “প্ৰভু যিহোৱাৰ আত্মা মোত স্থিতি হৈছে; কিয়নো নম্ৰ লোকবিলাকৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ যিহোৱাই মোক অভিষেক কৰিলে; ভগ্নচিত্তীয়াবিলাকৰ ঘা বান্ধিবলৈ, . . . আটাই শোকাতুৰ লোকক শান্ত্বনা কৰিবলৈ . . . তেওঁ মোক পঠালে।” এই আজ্ঞাটো পৃথিৱীত থকা অভিষিক্ত বৰ্গৰ সদস্যসকলৰ বাবেও প্ৰযোজ্য, যিসকলে ‘অন্য মেৰৰ’ সৈতে একলগ হৈ প্ৰচাৰ কাৰ্য্য সম্পন্ন কৰিছে। এই কাৰ্য্যত ভাগ লোৱা সকলোৱে “[ধৰ্ম্মত্যাগী যিৰূচালেম নগৰ অৰ্থাৎ খ্ৰীষ্টীয়জগতৰ] মাজেদি গৈ, তাৰ মাজত কৰা সকলো ঘিণলগীয়া কাৰ্য্যৰ নিমিত্তে হুমুনিয়াহ পেলোৱা আৰু চিঞৰি কন্দা মানুহৰ কপালত চিন” দিছে। (যিহিষ্কেল ৯:৪) এনে ধৰণৰ শোকগ্ৰস্ত লোকসকলে “ৰাজ্যৰ এই শুভবাৰ্ত্তা” শুনি শান্ত্বনা লাভ কৰিছে। (মথি ২৪:১৪) অতি শীঘ্ৰেই চয়তানৰ এই ৰীতি-ব্যৱস্থাৰ ধ্বংস হৈ গোটেই পৃথিৱীখন পৰমদেশলৈ পৰিণত হʼব বুলি জানিব পাৰি তেওঁলোকে আনন্দ মনেৰে বাইবেলৰ শিক্ষা গ্ৰহণ কৰিছে।

নম্ৰবিলাক আনন্দিত

৭. “নম্ৰ” বুলি কোৱা শব্দটোৰ অৰ্থ কি নহয়?

যীচুৱে কৈ থকা নিজৰ পৰ্ব্বতীয় উপদেশত এইদৰে কৈছিল: “নম্ৰবিলাক ধন্য; কিয়নো তেওঁবিলাকে দেশখন অধিকাৰ কৰিব।” (মথি ৫:৫) নম্ৰ গুণটোক কেতিয়া দুৰ্ব্বলতাৰ এক বৈশিষ্ট্য বুলি কোৱা হয়। প্ৰকৃততে এই গুণটো প্ৰকাশ কৰা কোনো দুৰ্ব্বলতাৰ পৰিচয় নহয়। এজন বাইবেল বিদ্ধানে “নম্ৰ” গুণটোৰ অৰ্থ এইদৰে ভাঙণি কৰে: “ই হৈছে এজন নম্ৰ ব্যক্তিৰ মুখ্য চৰিত্ৰগত বৈশিষ্ট্য যি তেওঁক আত্মনিয়ন্ত্ৰিত হʼবলৈ সহায় কৰে। ই কোনো মানসিক দৃঢ়তা হ্ৰাস হোৱা বা অনুভূতিপূৰ্ণতাক নুবুজায়। বৰঞ্চ ই এক নিয়ন্ত্ৰিত শক্তিহে।” সেইবাবে যীচুৱে নিজৰ বিষয়ে এইদৰে কʼব পাৰিলে: “মই নম্ৰ আৰু কোমল চিত্তৰ মানুহ।” (মথি ১১:২৯) তথাপিও তেওঁ ঈশ্বৰৰ ধাৰ্ম্মিক স্তৰবোৰ প্ৰতিহত কৰাত এজন সাহসী ব্যক্তি হিচাবে নিজকে পৰিচয় দিলে।—মথি ২১:১২, ১৩; ২৩:১৩-৩৩.

৮. নম্ৰ গুণটোৱে কিহৰ সৈতে এক নিবিড় সম্পৰ্ক ৰাখে আৰু আনৰ সৈতে সম্বন্ধ বজাই ৰাখিবলৈ আমাক কিয় ইয়াৰ আৱশ্যক?

এইটো কʼব পৰা যায় যে নম্ৰ গুণটো আৰু আত্মনিয়ন্ত্ৰণৰ মাজত এক নিবিড় সৰ্ম্পক আছে। আনকি “আত্মাৰ ফলৰ” বিষয়ে উল্লেখ কৰাৰ সময়ত পাঁচনি পৌলে এই দুয়োটা গুণক একেলগে তালিকাভুক্ত কৰিছিল। (গালাতীয়া ৫:২২, ২৩) গতিকে এই নম্ৰ গুণটো পবিত্ৰ আত্মাৰ সহায়েৰে বিকশিত কৰা অতি আৱশ্যক। কিয়নো ই এজন খ্ৰীষ্টান ব্যক্তিক মণ্ডলীৰ ভিতৰে আৰু বাহিৰে শান্তিময় পৰিৱেশ বজাই ৰাখিবলৈ সহায় কৰে। এইহেতুকে পাঁচনি পৌলে এইদৰে কৈছিল: “কৰুণাময় স্নেহ, মধুৰ ভাব, নম্ৰতা, মৃদুতা, আৰু চিৰসহিষ্ণুতা, এই সকলোকে পিন্ধা; তোমালোক পৰস্পৰ সহনীয় হোৱা; আৰু যদি কোনো জনৰ বিৰুদ্ধে কোন জনৰ দোষ দিবৰ কাৰণ থাকে, তেন্তে পৰস্পৰে ক্ষমা কৰা; প্ৰভুৱে যেনেকৈ তোমালোকক ক্ষমা কৰিলে, তোমালোকেও তেনেকৈ কৰা; আৰু এই সকলোৰ ওপৰত প্ৰেমক পিন্ধা।”—কলচীয়া ৩:১২, ১৩.

৯. (ক) নম্ৰ গুণটো কিয় আনৰ সৈতে ৰাখা সম্বন্ধতেই সীমাবদ্ধ নহয়? (খ) নম্ৰ ব্যক্তিবিলাক কেনেকৈ “পৃথিবীৰ অধিকাৰী হব।”

এই গুণটো কেৱল আনৰ সৈতে ৰাখা সম্বন্ধতেই সীমাবদ্ধ নহয়। তদুপৰি স্বইচ্ছাৰে যিহোৱাৰ সাৰ্ব্বভৌমত্বৰ অধীন হোৱাৰ দ্বাৰাও আমি নম্ৰতা গুণটো প্ৰকাশ কৰিব পাৰোঁ। এই সন্দৰ্ভত যীচুৱে এক অত্যুত্তম আৰ্হি প্ৰস্তুত কৰিলে। তেওঁ পৃথিৱীত থকাৰ সময়ছোৱাত যিহোৱাৰ অধীন হৈ নম্ৰতা গুণটো প্ৰকাশ কৰিছিল। (যোহন ৫:১৯, ৩০) যিহেতু মচীহ ৰাজ্যৰ নিযুক্ত ৰজা হোৱাৰ বাবে সৰ্ব্বপ্ৰথমে তেওঁৱেই এই পৃথিৱীৰ উত্তৰাধিকাৰী হʼব। (গীত ২:৬-৮; দানিয়েল ৭:১৩, ১৪) তেওঁৰ এই উত্তৰাধিকাৰীৰ সৈতে ভাগ লʼবলৈ “জাতিবিলাকৰ মাজৰ” পৰা ১,৪৪,০০০ জনক বাছি লোৱা হৈছে, যিসকলে “পৃথিবীৰ ওপৰত ৰাজত্ব কৰিব।” (ৰোমীয়া ৮:১৭; প্ৰকাশিত বাক্য ৫:৯, ১০; ১৪:১, ৩,৪; দানিয়েল ৭:২৭) যীচু আৰু তেওঁৰ সহশাসকসকলে লাখ সংখ্যক মেৰৰূপী লোকৰ ওপৰত শাসন কৰিব, যিসকলৰ ওপৰত এই ভৱিষ্যতবাণীৰ পূৰ্ণ হʼব: “নম্ৰবিলাক পৃথিবীৰ অধিকাৰী হব, আৰু প্ৰচুৰ শান্তিত হৰ্ষিত হব।”—গীত ৩৭:১১; মথি ২৫:৩৩, ৩৪, ৪৬.

ধাৰ্ম্মিকতালৈ ভোক লগাবিলাক আনন্দিত

১০. ‘ধাৰ্ম্মিকতালৈ ভোক আৰু পিয়াহ লগাসকলে’ তৃপ্ত হোৱাৰ এটা পদ্ধতি কি?

১০ যীচুৱে তেওঁ পৰ্ব্বতীয় উপদেশত আনন্দিত হোৱা তৃতীয় কাৰণটোৰ বিষয়ে এইদৰে কৈছিল: “ধাৰ্ম্মিকতালৈ ভোক আৰু পিয়াহ লগাবিলাক ধন্য; কিয়নো তেওঁবিলাক তৃপ্ত হব।” (মথি ৫:৬) যিহোৱাই খ্ৰীষ্টানসকলক ধাৰ্ম্মিকতাৰ অনুসাৰে চলিবলৈ এক নিৰ্দ্দিষ্ট স্তৰ বান্ধি দিছে। দৰাচলতে ধাৰ্ম্মিকতালৈ ভোক আৰু পিয়াহ লগাবিলাকে নিজৰ অসিদ্ধতা আৰু যিহোৱাৰ গ্ৰহণযোগ্য হʼবলৈ সদায়ে সজাগে থাকে। তদুপৰি মনপালটন কৰি তেওঁবিলাকৰ পাপ যীচুৰ মুক্তিপণ বলিদান আধাৰত ক্ষমা আৰু ঈশ্বৰৰ সম্মুখত নিষ্কলঙ্কভাৱে থিয় হʼব পাৰিব বুলি জানি তেওঁলোকে কিমান যে আনন্দিত হয়!—পাঁচনিৰ কৰ্ম্ম ২:৩৮; ১০:৪৩; ১৩:৩৮, ৩৯; ৰোমীয়া ৫:১৯.

১১, ১২. (ক) অভিষিক্ত ব্যক্তিসকলে কেনেকৈ ধাৰ্ম্মিক বুলি গণিত হৈছে? (খ) তেওঁলোকৰ সঙ্গী অৰ্থাৎ ধাৰ্ম্মিকতালৈ পিয়াহ লগাবিলাকে কেনেকৈ তৃপ্ত হʼব?

১১ যীচুৱে, তেনে লোকসকল “তৃপ্ত” হোৱাৰ বাবে আনন্দিত হʼব বুলি কৈছিল। (মথি ৫:৬) ইয়াৰ উপৰিও যীচুৰ সৈতে “ৰাজত্ব” পোৱা অভিষিক্ত ব্যক্তিসকল “ধাৰ্ম্মিক বুলি গণিত” হৈছে। (ৰোমীয়া ৫:১, ৯, ১৬-১৮) তদুপৰি যিহোৱাই তেওঁলোকক আধ্যাত্মিক সন্তান হিচাবে তুলি লৈছে। ফলস্বৰূপে, তেওঁলোক স্বৰ্গীয় ৰাজ্যৰ ৰজা আৰু পুৰোহিত হিচাবে যীচুৰ সহভাগী হৈছে।—যোহন ৩:৩; ১ পিতৰ ২:৯.

১২ এতিয়ালৈকে অভিষিক্ত বৰ্গৰ সঙ্গীসকল ধাৰ্ম্মিক বুলি গণিত হোৱা নাই। তথাপিও তেওঁলোকে যীচুৰ মুক্তিপণ বলিদানৰ ওপৰত বিশ্বাস ৰাখাৰ দ্বাৰা কিছু পৰিমাণে ধাৰ্ম্মিক হৈছে বুলি কʼব পৰি। (যাকোব ২:২২-২৫; প্ৰকাশিত বাক্য ৭:৯, ১০) আহিবলগীয়া “মহা-ক্লেশৰ” পৰা উদ্ধাৰ পোৱাৰ সম্বন্ধে তেওঁলোক ঈশ্বৰৰ বন্ধু হিচাবে গণিত হৈছে। (প্ৰকাশিত বাক্য ৭:১৪) তদুপৰি ধাৰ্ম্মিকতালৈ থকা তেওঁলোকৰ পিয়াহ তেতিয়াহে তৃপ্ত হʼব যেতিয়া তেওঁলোকে “নতুন আকাশ-মণ্ডলৰ” অধীনত “ধাৰ্ম্মিকতা নিবাস” কৰা পৃথিৱীখনৰ অধিকাৰী হʼব।—২ পিতৰ ৩:১৩; গীত ৩৭:২৯.

দয়ালুবিলাক আনন্দিত

১৩, ১৪. আমি কি প্ৰকাৰৰ ব্যৱহাৰিক কাৰ্য্য কৰি দয়ালু হোৱাৰ প্ৰমাণ দিয়া উচিত আৰু ইয়াৰ দ্বাৰা কেনেদৰে লাভৱান হʼব পাৰি?

১৩ আনন্দিত হোৱা পঞ্চম কাৰণটোৰ বিষয়ে যীচুৱে পৰ্ব্বতীয় উপদেশত এইদৰে কৈছিল: “দয়ালুবিলাক ধন্য; কিয়নো তেওঁবিলাকে দয়া পাব।” (মথি ৫:৭) বিধিসঙ্গতভাৱে দয়া শব্দটোৰ অৰ্থ হৈছে ন্যায়াধীশজনে দুষ্ট ব্যক্তিজনৰ ওপৰত ন্যায়দণ্ডৰ ঘোষণা কৰি পীড়িত জনৰ পক্ষ লোৱা। কিন্তু বাইবেলত উল্লেখ কৰা “দয়া” শব্দটোৰ মূল অৰ্থ হৈছে দৰিদ্ৰসকললৈ সহানুভূতিৰে কাৰ্য্য কৰা বা কৰুণা দেখুৱা। এতেকে দয়ালু ব্যক্তিসকলে সদায়ে সহানুভূতিৰে কাৰ্য্য কৰে। এই বিষয়ে যীচুৱে দিয়া এজন দয়ালু চমৰীয়াৰ দৃষ্টান্তত দেখিবলৈ পোৱা যায়, যʼত চমৰীয়া ব্যক্তিজনে মৃতপ্ৰায় অৱস্থাত থকা মানুহজনৰ প্ৰতি “মৰম লাগি” পদক্ষেপ লৈছিল।—লূক ১০:২৯-৩৭.

১৪ দয়ালু হোৱাৰ ফলত উৎপন্ন হোৱা আনন্দৰ উপভোগ কৰিবলৈ হʼলে আমি দৰিদ্ৰবিলাকৰ প্ৰতি সহানুভূতিৰে কাৰ্য্য কৰা উচিত। (গালাতীয়া ৬:১০) বাইবেলত কৈছে যে, “তেওঁবিলাকলৈ তেওঁৰ মৰম লাগিল; কিয়নো তেওঁবিলাক ৰখীয়া নোহোৱা মেৰৰ নিচিনা আছিল; আৰু তেওঁ তেওঁবিলাকক অনেক উপদেশ দিবলৈ ধৰিলে।” (মাৰ্ক ৬:৩৪) যীচুৱে ভালদৰে জানিছিল যে আধ্যাত্মিক আৱশ্যকতাই হৈছে মানুহৰ সকলোতকৈ মুখ্য বিষয়। সেইদৰে আমিও সকলোৰে আগত “ৰাজ্যৰ এই শুভবাৰ্ত্তা” প্ৰচাৰ কৰি দয়ালু আৰু সহানুভূতিশীল হোৱাৰ প্ৰমাণ দিব পাৰোঁ। (মথি ২৪:১৪) একেইদৰে আমিও বৃদ্ধ, বিধৱা, অনাথ খ্ৰীষ্টান ব্যক্তিসকললৈ ব্যৱহাৰিক সাহায্য আগবঢ়াই “অল্প সাহসীবিলাকক আশ্বাস” দিব পাৰোঁ। (১ থিচলনীকীয়া ৫:১৪; হিতোপদেশ ১২:২৫; যাকোব ১:২৭) এনে কৰাৰ দ্বাৰা আমি কেৱল আনন্দিতেই নহয় কিন্তু যিহোৱাৰ কৃপাদৃষ্টিৰো পাত্ৰ হʼম।—পাঁচনিৰ কৰ্ম্ম ২০:৩৫; যাকোব ২:১৩.

নিৰ্ম্মল চিত্ত আৰু শান্তিপ্ৰিয় লোকসকল আনন্দিত

১৫. আমি কেনেকৈ নিৰ্ম্মল চিত্ত আৰু শান্তিপ্ৰিয় লোক হʼব পাৰোঁ?

১৫ পৰ্ব্বতীয় উপদেশত যীচুৱে আনন্দিত হোৱা ষষ্ঠ আৰু সপ্তম কাৰণটো উল্লেখ কৰি এইদৰে কৈছিল: “নিৰ্ম্মল চিত্তৰ মানুহবিলাক ধন্য; কিয়নো তেওঁবিলাকে ঈশ্বৰৰ দৰ্শন পাব। মিলন্‌কাৰীবিলাক ধন্য; কিয়নো তেওঁবিলাক ঈশ্বৰৰ সন্তান বুলি প্ৰখ্যাত হব।” (মথি ৫:৮, ৯) নিৰ্ম্মল চিত্ত হোৱা মানে কেৱল নৈতিকভাৱে শুদ্ধতাই নহয় কিন্তু সন্তুষ্টতাৰে যিহোৱাৰ আৰাধনা কৰাকো বুজায়। (১ বংশাৱলি ২৮:৯; গীত ৮৬:১১) মূল গ্ৰীক ভাষাত “মিলনকাৰী” শব্দটোৰ অৰ্থ হৈছে “শান্তিপ্ৰিয়।” তেনে শান্তিপ্ৰিয় ব্যক্তিয়ে খ্ৰীষ্টান ভাই-ভনী আৰু চুবুৰীয়াৰ সৈতে শান্তিৰে জীৱন-যাপন কৰে। (ৰোমীয়া ১২:১৭-২১) তেওঁলোকে “শান্তি বিচাৰি, তাক খেদি” যায়।—১ পিতৰ ৩:১১.

১৬, ১৭. (ক) অভিষিক্ত বৰ্গৰ ব্যক্তিসকলক কিয় “ঈশ্বৰৰ সন্তান” বুলি কোৱা হৈছে আৰু তেওঁলোকে কেনেকৈ “ঈশ্বৰৰ দৰ্শন” পাইছে? (খ) ‘অন্য মেৰৰ’ সদস্যসকলে কেনেকৈ “ঈশ্বৰৰ দৰ্শন” পাইছে? (গ) ‘অন্য মেৰৰ’ সদস্যসকলে কেতিয়া আৰু কেনেকৈ “ঈশ্বৰৰ সন্তান” হৈ পৰিব?

১৬ নিৰ্ম্মল চিত্তৰ লোকসকলে “ঈশ্বৰৰ সন্তান” হʼব আৰু ‘ঈশ্বৰক দেখা’ পাব বুলি প্ৰতিজ্ঞা কৰা হৈছে। পৃথিৱীত থকা সময়ছোৱাৰে পৰা অভিষিক্ত ব্যক্তিসকলে ঈশ্বৰৰ “সন্তান” হিচাবে স্বীকৃতি পাইছে। (ৰোমীয়া ৮:১৪-১৭) যীচুৰ সহভাগী হʼবলৈ পুনৰুত্থান হোৱাৰ পিছত তেওঁলোকে বাস্তৱিকতে যিহোৱাৰ সম্মুখত থাকি আৰাধনা কৰে।—১ যোহন ৩:১, ২; প্ৰকাশিত বাক্য ৪:৯-১১.

১৭ ‘অন্য মেৰৰ’ শান্তিপ্ৰিয় সদস্যসকলে উত্তম ৰখীয়া আৰু “অনন্তকালস্থায়ী পিতৃ” যীচুৰ অধীন হৈ যিহোৱালৈ সেৱা অৰ্পণ কৰিছে। (যোহন ১০:১৪, ১৬; যিচয়া ৯:৬) মহা-ক্লেশৰ পৰা ওলাই অহা এই লোকসকলে যীচুৰ হাজাৰ বছৰ ৰাজত্বকালৰ পিছত যিহোৱাৰ পাৰ্থিৱ সন্তান হʼব আৰু “প্ৰতাপমূলক মুক্তি পাব।” (ৰোমীয়া ৮:২১; প্ৰকাশিত বাক্য ২০:৭, ৯) কিন্তু বৰ্তমান তেওঁলোকে নিজৰ জীৱন যিহোৱালৈ অৰ্পিত কৰি তেওঁক জীৱনদাতা আৰু পিতৃ হিচাবে দৃষ্টি কৰে। (যিচয়া ৬৪:৮) তেওঁলোকে বিশ্বাসৰ চকুৰে প্ৰাচীন সময়ৰ দৰে মোচি আৰু ইয়োবৰ নিচিনাকৈ “ঈশ্বৰৰ দৰ্শন” পাব। (ইয়োব ৪২:৫; ইব্ৰী ১১:২৭) তেওঁলোকে ‘চিত্ত-চকুৰে’ আৰু ঈশ্বৰৰ যথাৰ্থ জ্ঞানেৰে যিহোৱাৰ গুণবোৰ অনুকৰণ আৰু তেওঁৰ ইচ্ছাৰ অনুসাৰে চলিবলৈ সক্ষম হৈছে।—ইফিচীয়া ১:১৮; ৰোমীয়া ১:১৯, ২০; ৩ যোহন ১১.

১৮. আনন্দিত হোৱা সাতোটা কাৰণৰ বিষয়ে যীচুৱে উল্লেখ কৰাৰ মতে, বৰ্তমান কোনসকলে প্ৰকৃত আনন্দ উপভোগ কৰিছে?

১৮ আমি এইটো স্পষ্টকৈ জানিব পাৰিলোঁ যে আধ্যাত্মিক আৱশ্যকতাৰ প্ৰতি সজাগ, শোক, নম্ৰ, ধাৰ্ম্মিকতালৈ ভোক আৰু পিয়াহ, নিৰ্ম্মল চিত্ত আৰু শান্তিপ্ৰিয় লোকবিলাকে যিহোৱাৰ উপাসনা কৰি প্ৰকৃত আনন্দৰ উপভোগ কৰে। তথাপিও তেনে লোকসকলে সদায়ে বিৰোধীতা আৰু উৎপীড়নৰ সম্মুখীন হয়। তেনেহʼলে এইবোৰে আনন্দত বিঘিনি জন্মাই তেওঁলোকক নিৰুৎসাহিত নকৰেনে? এই প্ৰশ্নটোৰ উত্তৰ পৰৱৰ্তী লেখত আলোচনা কৰা হʼব। (w04 11/1)

[ফুটনোট]

^ ইয়াত উল্লেখ কৰা “ধন্য” শব্দটোৰ পৰিৱৰ্তে নিউ ৱৰ্ল্ড ট্ৰান্‌চলেশ্ব্যান্‌ আৰু আন বাইবেলবোৰ যেনে, দ্য যিৰূচালেম বাইবেল, টুডেইছ্‌ ইংলিছ ভাৰচনʼত সঠিককৈ “আনন্দিত” বুলি অনুবাদ কৰা হৈছে। গতিকে এই লেখ আৰু পৰৱৰ্তী লেখটোত আলোচনা কৰিবলগীয়া “আনন্দিত” শব্দতো হৈছে “ধন্য” শব্দৰ সমাৰ্থক শব্দ।

আপুনি কি দৰে উত্তৰ দিব?

• আধ্যাত্মিকতাৰ প্ৰতি সজাগে থকা লোকসকলে কেনে ধৰণৰ আনন্দ উপভোগ কৰে?

• শোকাগ্ৰস্তসকলে কেনে ধৰণে শান্ত্বনা লাভ কৰিছে?

• আমি কেনেকৈ নম্ৰ হোৱা প্ৰকাশ কৰিব পাৰোঁ?

• আমি কিয় দয়ালু, নিৰ্ম্মল চিত্ত আৰু শান্তিপ্ৰিয় হোৱা উচিত?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]