সাহসী হৈ ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰক
সাহসী হৈ ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰক
“তুমি গৈ মোৰ প্ৰজা . . . আগত ভাববাণী প্ৰচাৰ কৰাগৈ।”—আমোচ ৭:১৫.
১, ২. আমোচ কোন আছিল আৰু বাইবেলে তেওঁৰ বিষয়ে কেনে পৰিচয় দাঙি ধৰিছে?
প্ৰচাৰ কৰি থকাৰ সময়ত এজন যাজকে যিহোৱাৰ এজন উপাসকক আগভেটি ধৰি এইদৰে কয়: ‘এই এলেকাৰ পৰা শীঘ্ৰেই ওলাই যাওক। ইয়াত প্ৰচাৰ কৰাৰ কোনো প্ৰয়োজন নাই!’ সেই উপাসকজনে যাজকজনৰ কথা শুনি প্ৰচাৰ কৰিবলৈ বন্ধ কৰি দিবনে বা তেওঁক আওকাণ কৰি প্ৰচাৰ কৰি থাকিব? এই বিষয়ে আপুনি বাইবেলৰ আমোচ নামৰ যিহোৱাৰ উপাসকজনে নিজৰ নামেৰে লিখা কিতাপখনত নিজ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰিছে। এতিয়া আঁহক আমি সেই আমোচ নামৰ উপাসকজনৰ পৃষ্ঠভূমি আৰু তেওঁৰ সৈতে কি ঘটিল সেই বিষয়ে আলোচনা কৰোঁহঁক।
২ আমোচ কোন আছিল? তেওঁ কʼত আৰু কোন সময়ত বাস কৰিছিল? এই প্ৰশ্নবোৰৰ উত্তৰ আমি আমোচ ১:১ পদত এইদৰে পঢ়িবলৈ পাওঁ: “যিহূদাৰ উজ্জিয়া ৰজাৰ ৰাজত্বৰ কালত আৰু যোৱাচৰ পুত্ৰ ইস্ৰায়েলৰ ৰজা যাৰবিয়ামৰ ৰাজত্বৰ কালত, . . . তকোৱাৰ মেৰ-ৰখীয়াবিলাকৰ মাজত থকা আমোচৰ বাক্য।” তেওঁ যিহূদাৰ তকোৱা নামৰ চহৰত বাস কৰিছিল। সেই চহৰখন যিৰূচালেমৰ পৰা দক্ষিণে ১৬ কিলোমিটাৰ আঁতৰত অৱস্থিত আছিল। তেওঁ সা.যু.পূ. নৱম শতিকাৰ শেষভাগত যিহূদাৰ ৰজা উজ্জিয়া আৰু যিৰূচালেমৰ ৰজা যাৰবিয়ামৰ ৰাজত্ব কালত বাস কৰিছিল। তেওঁ এজন সাধাৰণ মেৰ ৰখীয়া আছিল। দৰাচলতে আমোচ ৭:১৪ পদৰ অনুসাৰে তেওঁ কেৱল “পশু-ৰখীয়া” অথবা মেৰ ৰখীয়াই নহয় কিন্তু “ডিমৰু আপডাল” কৰোঁতাও আছিল। তেওঁ বছেৰেকীয়া শস্য চপোৱা কামতো ভাগ লৈছিল। ইয়াৰ উপৰিও ডিমৰুৰ ফলবোৰ সোনকালে পকিবলৈ তেওঁ সেইবোৰত বিন্ধা কৰিছিল যি এক কষ্টসাধক কাৰ্য্য আছিল।
“ভাববাণী প্ৰচাৰ কৰাগৈ”
৩. যদি আমি নিজকে প্ৰচাৰ কাৰ্য্যৰ বাবে অযোগ্য বুলি ভাবিছোঁ, তেন্তে আমোচে ৰাখা আৰ্হিয়ে আমাক কেনেকৈ সহায় কৰিব পাৰে?
৩ আমোচে নিজৰ পৃষ্ঠভূমিৰ বিষয়ে এইদৰে কৈছিল: “মই ভাববাদী, নাইবা শিষ্য-ভাববাদী নাছিলোঁ।” (আমোচ ৭:১৪) তেওঁৰ জন্ম কোনো ভাববাদী পৰিয়ালত হৈছিল নতুবা এই কাৰ্য্যৰ বাবে তেওঁ কোনো বিশেষ প্ৰশিক্ষণ লাভ কৰিছিল। তথাপিও যিহোৱাই এই কাৰ্য্যৰ বাবে পৰাক্ৰমী ৰজা, প্ৰশিক্ষিত পুৰোহিত, ধনৱান অধ্যক্ষ আদি সকলোকে বাদ দি তেওঁকহে বাছি লৈছিল। এই কথাষাৰে আমাক এক আশ্বাসযুক্ত উপদেশ প্ৰদান কৰে। উদাহৰণস্বৰূপে, আমি হয়তো আনৰ তুলনাত নিজকে অধিক সুশিক্ষিত বা প্ৰতিভাশালী নহওঁ বুলি ভাবিব পাৰোঁ। তেনেহʼলে আমি নিজকে প্ৰচাৰ কাৰ্য্যৰ বাবে অযোগ্য বুলি ভবাটো উচিত হʼবনে? নিশ্চয়ে নহʼব! কিয়নো যিদৰে যিহোৱাই আমোচক সুসজ্জিত কৰিলে, ঠিক সেইদৰে তেওঁ আমাকো প্ৰত্যাহ্বানজনক এলেকাবোৰত গৈ প্ৰচাৰ কাৰ্য্য কৰিবলৈ সুসজ্জিত কৰিব। গতিকে সাহিয়াল হৈ প্ৰচাৰ কৰিবলৈ দৃঢ় সঙ্কল্প লোৱা সকলোৱে আমোচে ৰাখা আৰ্হিক অনুকৰণ কৰাটো বিবেচনাশীল কাৰ্য্য হʼব।
৪. আমোচৰ বাবে ইস্ৰায়েলৰ আগত গৈ ভাববাণী প্ৰচাৰ কৰাটো কিয় এক প্ৰত্যাহ্বানজনক বিষয় আছিল?
৪ যিহোৱাই আমোচক এইদৰে আজ্ঞা দিছিল: “তুমি গৈ মোৰ প্ৰজা ইস্ৰায়েলৰ আগত ভাববাণী প্ৰচাৰ কৰাগৈ।” (আমোচ ৭:১৫) আমোচৰ বাবে এই দায়িত্ব গ্ৰহণ কৰাটো এক প্ৰত্যাহ্বানজনক বিষয় আছিল। কিয়নো তেওঁৰ সময়ত ইস্ৰায়েলসকলে ভৌতিক সমৃদ্ধিশীল, শান্তি আৰু সুৰক্ষাৰে জীৱন-যাপন কৰিছিল। তেওঁলোকৰ বহুতে কটা-শিলেৰে নিৰ্ম্মাণ কৰা ‘জাৰকাল’ আৰু ‘ঘামকালৰ’ ঘৰবোৰত বাস কৰিছিল। আনকি কিছুমানৰ ঘৰবোৰ হাতী দাঁতৰ আচবাবেৰে সজোৱা হৈছিল আৰু তেওঁলোকে নিজৰ “মনোহৰ দ্ৰাক্ষাবাৰীৰ” পৰা উৎপন্ন হোৱা দ্ৰাক্ষাৰস পান কৰিছিল। (আমোচ ৩:১৫; ৫:১১) এনে আৰামদায়ক জীৱন-নিৰ্বাহ কৰাৰ বাবে তেওঁলোকে আত্মতৃপ্ত হৈছিল। ঠিক সেইদৰে আজি আমাৰ সময়তো প্ৰচাৰ কৰিবলৈ নিযুক্ত কৰা কিছুমান এলেকাত তেনে সাদৃশ্যতা দেখিবলৈ পোৱা যায়।
৫. কিছুমান ইস্ৰায়েলে কেনে ধৰণৰ অন্যায়পূৰ্ণ কাৰ্য্যত লিপ্ত আছিল?
৫ ভৌতিক সা-সম্পত্তি থকাটো কোনো অনুচিত নাছিল। কিন্তু ইস্ৰায়েলৰ কিছুমান লোকে সমৃদ্ধিশীল হʼবলৈ যি কুপথৰ বাছনি কৰিছিল, সেয়েহে ঈশ্বৰৰ দৃষ্টিত অনুচিত আছিল। কিয়নো তেওঁলোকে “দুখীয়াক অত্যাচাৰ” আৰু “দীনহীনক চূৰ্ণ” কৰি নিজৰ ভঁৰালত ধন জমা কৰিছিল। (আমোচ ৪:১) পৰাক্ৰমী ব্যৱসায়ী, বিচাৰকৰ্তা আৰু পুৰোহিতসকলে ছলেৰে দুখীয়াবোৰৰ ধন-সম্পত্তি কাঢ়ি লৈছিল। তেওঁলোকে কেনে ধৰণৰ আন ঘৃণিত কাৰ্য্যবোৰত লিপ্ত আছিল, তাক জানিবলৈ আঁহক আমি সেই সময়ৰ বিষয়ে বিবেচনা কৰোঁহঁক।
ঈশ্বৰৰ নিয়ম উলঙ্ঘন কৰা
৬. ইস্ৰায়েলৰ ব্যৱসায়ীসকলে কেনেকৈ আনক শোষণ কৰিছিল?
৬ সৰ্ব্বপ্ৰথমে, আঁহক আমি ব্যৱসায় স্থানবোৰলৈ লক্ষ্য কৰোঁহঁক। তাৰ ব্যৱসায়ীসকলে “ঐফাক সৰু” আৰু “চেকলক ডাঙৰ” কৰি প্ৰবঞ্চনাৰে শস্য বেচিছিল। (আমোচ ৮:৫, ৬) তেওঁলোকে প্ৰায়ে কম পৰিমাণ আৰু নিম্নমানৰ বস্তুবোৰ অধিক দামত বিক্ৰী কৰিছিল। আনকি দুখীয়াবোৰে নিজকে দাস হিচাপে নেবেচালৈকে তেওঁলোকে ধন সংগ্ৰহ কৰিছিল। দ্বিতীয়তে, ব্যৱসায়ীসকলে দুখীয়াবিলাকক “এজোৰ জোতাৰ” মূল্যত কিনিছিল। (আমোচ ৮:৬) কল্পনা কৰক যে, এনে আক্ৰোহী ব্যৱসায়ীসকলে সঙ্গী ইস্ৰায়েল ব্যক্তিবিলাকক এজোৰ জোতাৰ মূল্য হিচাপে গণ্য কৰিছিল! এনেদৰে ঈশ্বৰৰ ব্যৱস্থা ভঙ্গ কৰি দৰিদ্ৰবিলাকৰ প্ৰতি কৰা অন্যায়ৰ কাৰ্য্য কিযে এক অপমানজনক বিষয় আছিল! তথাপিও সেই একেই ব্যৱসায়ীসকলে ‘বিশ্ৰাম-বাৰ’ পালন কৰিছিল। (আমোচ ৮:৫) দৰাচলতে তেওঁলোকে কেৱল নামতহে ঈশ্বৰৰ উপাসনা কৰিছিল।
৭. ইস্ৰায়েলৰ ব্যৱসায়ীসকলে ঈশ্বৰৰ নিয়ম উলঙ্ঘন কৰাৰ স্বত্বেও কিয় শাস্তি পোৱা নাছিল?
৭ “নিজ ওচৰ-চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা” বুলি দিয়া আজ্ঞাক উলঙ্ঘন কৰা স্বত্বেও ব্যৱসায়ীসকলে কিয় শাস্তি পোৱা নাছিল? (লেবীয়া পুস্তক ১৯:১৮) কিয়নো তাৰ বিচাৰকৰ্ত্তাবিলাকে তেওঁলোকৰ সপক্ষে ৰায় দিছিল। নগৰৰ দুৱাৰত বিচাৰৰ চকীত বহা এই বিচাৰকৰ্ত্তাবিলাকে দৰিদ্ৰবিলাকৰ পক্ষ লোৱাৰ পৰিৱৰ্তে ‘উৎকোচ লৈ তেওঁলোকৰ প্ৰতি অন্যায় কৰিছিল।’ (আমোচ ৫:১০, ১২) গতিকে বিচাৰকৰ্ত্তাসকলেও ঈশ্বৰৰ নিয়ম উলঙ্ঘন কৰি জগৰীয়া হৈছিল।
৮. দুষ্ট পুৰোহিতবিলাকে কেনে ধৰণৰ কাৰ্য্যক সমৰ্থন কৰিছিল?
৮ আনহাতে, ইস্ৰায়েলৰ পুৰোহিতবিলাকৰ বিষয়ে কি কʼব পাৰি? এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ আমি আন এটা দিশৰ বিষয়ে বিবেচনা কৰা উচিত। পুৰোহিতবিলাকে ‘তেওঁবিলাকৰ ঈশ্বৰৰ গৃহত’ অতি ঘৃণনীয় পাপ কাৰ্য্য কৰিবলৈ অনুমতি দিছিল! তেওঁলোকৰ এনে ঘৃণনীয় কাৰ্য্যৰ বাবে যিহোৱাই আমোচৰ দ্বাৰা এইদৰে কৈছিল: “মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিবৰ নিমিত্তে বাপেক আৰু পুতেকে একে যুৱতীতে গমন কৰে।” (আমোচ ২:৭, ৮) বিবেচনা কৰক যে বাপেক আৰু পুতেকে উভয়ে একেই মন্দিৰত গৈ যৌন অনৈতিক কাৰ্য্যত লিপ্ত হৈছিল। তাৰ দুষ্ট পুৰোহিতবিলাকে তেনে ঘৃণনীয় কাৰ্য্যক সমৰ্থন কৰিছিল।—লেবীয়া পুস্তক ১৯:২৯; দ্বিতীয় বিবৰণ ৫:১৮; ২৩:১৭.
৯, ১০. ইস্ৰায়েলসকলে ঈশ্বৰৰ কেনে আজ্ঞাক উলঙ্ঘন কৰি জগৰীয়া হৈছিল আৰু আমাৰ সময়তো কেনে সাদৃশ্যতা দেখিবলৈ পোৱা যায়?
৯ ইস্ৰায়েলসকলৰ আন এক দুশ্চৰিত্ৰৰ বিষয়ে যিহোৱাই এইদৰে কৈছিল: “সিবিলাকে প্ৰত্যেক যজ্ঞ-বেদিৰ কাষত বন্ধক লোৱা কাপোৰৰ ওপৰত দীঘল দিয়ে, আৰু সিবিলাকে জৰিমনা কৰি লোৱা দ্ৰাক্ষাৰস সিবিলাকৰ ঈশ্বৰৰ গৃহত পান কৰে।” (আমোচ ২:৮) কাপোৰ বন্ধক লোৱাৰ সম্বন্ধে যাত্ৰাপুস্তক ২২:২৬, ২৭ পদত দিয়া আজ্ঞাক পালন কৰাত পুৰোহিত আৰু লোকসকল উভয়ে বিফল হৈছিল। এই আজ্ঞাৰ অনুসাৰে এজন ব্যক্তিয়ে কাৰোবাৰ পৰা বন্ধক হিচাপে লোৱা কাপোৰখন বেলি মাৰ যোৱাৰ আগেয়ে ঘূৰাই দিব লাগিছিল। কিন্তু তাৰ পৰিৱৰ্তে ইস্ৰায়েলসকলে মিছা দেৱতাবোৰৰ আগত আয়োজিত কৰা ভোজন সমাৰোহত সেই কাপোৰখন মজিয়াত পাৰি বিশ্ৰাম কৰিবলৈহে ব্যৱহাৰ কৰিছিল। তদুপৰি দৰিদ্ৰবিলাকৰ পৰা লোৱা জৰিমনাৰ ধনবোৰেৰে দ্ৰাক্ষাৰস কিনি মিছা ধৰ্ম্মীয় দেৱতাবোৰৰ আগত পান কৰিছিল। প্ৰকৃততে তেওঁলোকে সত্য উপাসনাৰ পৰা বহু দূৰ আঁতৰি গৈছিল!
১০ ইস্ৰায়েলসকলে নিৰ্লজ্জভাৱে ঈশ্বৰ আৰু চুবুৰীয়াক প্ৰেম কৰাৰ প্ৰতি থকা মূল আজ্ঞাবোৰক উলঙ্ঘন কৰিছিল। গতিকে তেওঁলোকে এনে বিশ্বাসঘাতকতাৰে কৰা কাৰ্য্যৰ বাবে যিহোৱাই তেওঁবিলাকক দোষী সাব্যস্ত কৰিলে বুলি সতৰ্ক কৰিবলৈ আমোচক পঠিয়াইছিল। ঠিক সেইদৰে বৰ্তমান সময়তো জাতিবোৰ আৰু খ্ৰীষ্টীয়জগতৰ লোকে প্ৰাচীন সময়ৰ ইস্ৰায়েলৰ দৰে বিশ্বাসঘাতকতাৰে কাৰ্য্য কৰাৰ প্ৰমাণ দিছে। যদিও কিছুমানে অধিক সমৃদ্ধিশালী হৈছে, কিন্তু বেছি সংখ্যকেই ব্যৱসায়ী লোক, ভ্ৰষ্টাচাৰী ৰাজনৈতিক নেতা আৰু ধৰ্ম্মগুৰুসকলে কৰা অসৎ কাৰ্য্যবোৰৰ দ্বাৰা আৱেগীক আৰু আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। এনেদৰে পীড়িত হোৱা আৰু যিহোৱা ঈশ্বৰক অন্বেষণ কৰা লোকসকলৰ প্ৰতি তেওঁ চিন্তা কৰে। সেইবাবে যিহোৱাই তেনে ব্যক্তিসকললৈ সহায় আগবঢ়ালৈ বৰ্তমান সময়ৰ তেওঁৰ উপাসকসকলক আমোচৰ দৰে সাহসী হৈ প্ৰচাৰ কৰিবলৈ নিযুক্ত কৰিছে।
১১. আমোচে ৰাখা আৰ্হিৰ পৰা আমি কি শিকিব পাৰোঁ?
১১ আমোচ আৰু আমাৰ সময়ৰ পৰিস্থিতিৰ মাজত একেই সাদৃশ্যতা থকাৰ বাবে আমি তেওঁ ৰাখা আৰ্হিক বিবেচনা কৰি অধিককৈ লাভৱান হʼব পাৰিম। তদুপৰি তেওঁ আমাক (১) কিহৰ বিষয়ে, (২) কেনেকৈ প্ৰচাৰ কৰিব লাগে আৰু (৩) আমাৰ বিৰোধীসকলে কিয় প্ৰচাৰ কাৰ্য্য বন্ধ কৰিব নোৱাৰিব, সেই বিষয়ে জানিবলৈ সহায় কৰিছে। এতেকে আঁহক আমি এতিয়া সেই বিষয়বোৰৰ সম্পৰ্কে এটা এটাকৈ আলোচনা কৰোঁহঁক।
আমি কেনেকৈ আমোচৰ আৰ্হিক অনুকৰণ কৰিব পাৰোঁ
১২, ১৩. যিহোৱাই যে ইস্ৰায়েলসকলৰ প্ৰতি অসন্তুষ্ট হৈছিল তাক কেনেকৈ প্ৰকাশ কৰিলে আৰু এই বিষয়ে লোকসকলে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল?
১২ আমি যিহোৱাৰ সাক্ষী হোৱা হেতুকে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ আৰু শিষ্য বনোৱা কাৰ্য্যৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰোঁ। (মথি ২৮:১৯, ২০; মাৰ্ক ১৩:১০) তদুপৰি আমি আমোচৰ দৰে লোকসকলক যিহোৱাৰ আহিবলগীয়া সেই মহান ন্যায়-বিচাৰৰ দিনৰ প্ৰতিও মনোযোগ দিবলৈ সহায় কৰোঁ। উদাহৰণস্বৰূপে, আমোচ ৪:৬-১১ পদত যিহোৱাই কিয় ইস্ৰায়েলসকলৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰিছিল, সেই বিষয়ে সঘনাই স্পষ্টকৈ উল্লেখ কৰিছে। তেওঁ লোকসকলক “অন্নৰ অভাৱ, “বৰষুণো আটক,” “ককৰ্ত্তনীয়া আৰু ৰঙামূৰীয়া পেৱাই” আৰু ‘মহামাৰীৰে’ পীড়িত কৰিবলৈ সিদ্ধান্ত লৈছিল। এনে ধৰণৰ যান্ত্ৰণাই তেওঁলোকক বিপথৰ পৰা ঘূৰি আহিবলৈ সহায় কৰিলেনে? এই বিষয়ে যিহোৱাই স্বয়ং এইদৰে কৈছে: “তোমালোকে মোলৈ ঘূৰা নাই।” দৰাচলতে ইস্ৰায়েলসকলে বাৰে বাৰে যিহোৱাক তিৰষ্কাৰ কৰিলে।
১৩ সেইবাবে যিহোৱাই অনুতপ্তহীন ইস্ৰায়েলসকলক শাস্তি বিহিলে। কিন্তু তেওঁলোকক শাস্তি দিয়াৰ পূৰ্বেই ঈশ্বৰে এইদৰে সতৰ্কবাণী দিছিল: “অৱশ্যে প্ৰভু যিহোৱাই নিজ দাস ভাববাদীবিলাকৰ গুৰিত নিজৰ নিগূঢ় মন্ত্ৰণা প্ৰকাশ নকৰাকৈ একোকে নকৰে।” (আমোচ ৩:৭) সেই অনুসৰি যিহোৱাই নুহক জল-প্লাৱনৰ বিষয়ে কৈছিল আৰু তাৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি, এই বিষয়েও নিৰ্দ্দেশনা দিছিল। ঠিক সেইদৰে তেওঁ আমোচকো লোকসকলৰ আগত সতৰ্কবাণী জনাবলৈ আগতীয়াকৈ নিযুক্ত কৰিছিল। কিন্তু দুখৰ বিষয় এই যে ইস্ৰায়েলসকলে ইয়াৰ প্ৰতি অলপো মনোযোগ নিদিলে।
১৪. আমোচৰ দিন আৰু আমাৰ সময়ৰ মাজত কেনে সাদৃশ্যতা দেখিবলৈ পোৱা যায়?
১৪ অৱশ্যে আজিৰ সময়তো আপুনি আমোচৰ দিনৰ দৰে পৰিস্থিতিবোৰ দেখিবলৈ পাইছে। আনকি যীচুৱেও এই শেষকালত বহুতো প্ৰকাৰৰ বিপত্তি দেখা দিব বুলি কৈছিল। তদুপৰি এই শেষকালত গোটেই জগতত হোৱা প্ৰচাৰ কাৰ্য্যৰ বিষয়েও তেওঁ উল্লেখ কৰিছিল। (মথি ২৪:৩-১৪) আমোচৰ দিনৰ দৰে আজি বহুতো লোকে এই জগতৰ শেষ চিহ্নবোৰ আৰু ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰ কাৰ্য্যৰ প্ৰতি আওকাণ কৰে। এনেদৰে আওকাণ কৰা ব্যক্তিসকলেও সেই একেই পৰিণামৰ সম্মুখীন হʼব, যিদৰে অনুতপ্তহীন ইস্ৰায়েলসকলৰ সৈতে ঘটিছিল। যিহোৱাই সেই ইস্ৰায়েলসকলক সতৰ্ক কৰি এইদৰে কৈছিল: “তুমি তোমাৰ ঈশ্বৰৰ লগত সাক্ষাৎ কৰিবলৈ যুগুত হোৱা।” (আমোচ ৪:১২) এই কথাষাৰৰ সত্যতা কেৱল তেতিয়াহে তেওঁলোকে জানিব পাৰিলে যেতিয়া অচূৰৰ সৈন্য-বাহিনী আহি তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিলে। ঠিক সেইদৰে বৰ্তমান সময়ৰ ভক্তিহীন লোকসকলেও সেই কথাষাৰৰ সত্যতা আৰমাগিদোনৰ সময়ত অনুভৱ কৰিব। (প্ৰকাশিত বাক্য ১৬:১৪, ১৬) সেইবাবে যিহোৱাৰ ধৈৰ্য্য অন্ত নোহোৱালৈকে আমি সকলোকে এইদৰে উৎসাহিত কৰিছোঁ: “যিহোৱাক বিচাৰি জীয়াই থাকা।”—আমোচ ৫:৬.
আমোচৰ দৰে বিৰোধীতাৰ সম্মুখীন হোৱা
১৫-১৭. (ক) অমচিয়া কোন আছিল আৰু তেওঁ আমোচে কৰা ভৱিষ্যতবাণীৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল? (খ) অমচিয়াই আমোচৰ বিৰুদ্ধে কেনে অভিযোগবোৰ দিছিল?
১৫ আমি আমোচৰ দৰে কি প্ৰচাৰ কৰোঁ সেই বিষয়টোতেই নহয় কিন্তু কেনেকৈ প্ৰচাৰ কৰিছোঁ, তাৰ প্ৰতিও মনোযোগ দিব পাৰোঁ। এই বিষয়ে আমি আমোচ ৭ অধ্যায়ত পঢ়িবলৈ পাওঁ যʼত আৰম্ভণিতে এই লেখত উল্লেখ কৰা পুৰোহিতজনৰ বিষয়ে কোৱা হৈছে। সেই পুৰোহিতজন আছিল ‘বৈৎ-এলৰ পুৰোহিত অমচিয়া।’ (আমোচ ৭:১০) বৈৎ-এল নামৰ ঠাইডোখৰ স্বধৰ্মত্যাগী ইস্ৰায়েলসকলৰ প্ৰমুখ কেন্দ্ৰ আছিল। অমচিয়া সেই অঞ্চলটোৰ পুৰোহিত আছিল। তেওঁ আমোচে সাহসী হৈ কৰা প্ৰচাৰ কাৰ্য্যৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱালে?
১৬ তেওঁ আমোচক এইদৰে কৈছিল: “হে দৰ্শক, তুমি ইয়াৰ পৰা যিহূদা দেশলৈ পলাই গৈ তাতেই জীৱিকা, আৰু তাতেই ভাববাণী প্ৰচাৰ কৰা। কিন্তু বৈৎ-এলত হলে আৰু ভাববাণী প্ৰচাৰ নকৰিবা; কিয়নো এয়ে ৰজাৰ ধৰ্ম্মধাম আৰু এয়ে ৰাজপুৰী।” (আমোচ ৭:১২, ১৩) আচলতে তেওঁ কোৱাৰ অৰ্থ আছিল: ‘তুমি ঘৰলৈ উভটি যোৱা, আমাৰ সকলোৰে নিজ নিজ ধৰ্ম্ম আছে।’ তদুপৰি তেওঁ আমোচৰ প্ৰচাৰ কাৰ্য্যক বন্ধ কৰিবলৈ ৰজা যাৰবিয়ামক এইদৰে কৈছিল: “ইস্ৰায়েল বংশৰ মাজত তোমাৰ অহিতে আমোচে চক্ৰান্ত কৰিছে।” (আমোচ ৭:১০) দৰাচলতে তেওঁ আমোচক দেশদ্ৰোহী বুলি মিছা অভিযোগ দিছিল। লক্ষ্য কৰক যে তেওঁ ৰজাজনক কি কৈছিল। তেওঁ এইদৰে কৈছিল: “আমোচে এই কথা কৈছে, যাৰবিয়াম তৰোৱালৰ দ্বাৰাই মৰা পৰিব, আৰু ইস্ৰায়েলক নিশ্চয়ে নিজ দেশৰ পৰা দেশান্তৰ কৰা হব।”—আমোচ ৭:১১.
১৭ অমচিয়াই কোৱা সেই কথাশাৰীত বিপথে পৰিচালিত কৰা তিনটা অবৈধ কাৰণ জড়িত আছিল। তেওঁক লগোৱা প্ৰথমটো অভিযোগ আছিল: “আমোচে এই কথা কৈছে।” যিহেতু আমোচে কেতিয়াও কোৱা নাছিল যে এই ভৱিষ্যতবাণীৰ প্ৰবৰ্ত্তকজন হৈছে স্বয়ং তেওঁ নিজেই। তাৰ পৰিৱৰ্তে তেওঁ সদায়ে এইদৰে কৈছিল: “যিহোৱাই এই কথা কৈছে।” (আমোচ ১:৩) দ্বিতীয়টো অভিযোগ আছিল: “যাৰবিয়াম তৰোৱালৰ দ্বাৰাই মৰা পৰিব।” কিন্তু আমোচ ৭:৯ পদৰ অনুসাৰে তেওঁ এইদৰে ভৱিষ্যতবাণী কৰিছিল: “মই [যিহোৱা] তৰোৱাল লৈ যাৰবিয়ামৰ বংশৰ বিৰুদ্ধে উঠিম।” যাৰবিয়াম বংশৰ ওপৰত আহিবলগীয়া ধ্বংসৰ বিষয়ে যিহোৱায়েহে আমোচক কʼবলৈ পঠিয়াইছিল। তৃতীয়টো অভিযোগ আছিল: “ইস্ৰায়েলক নিশ্চয়ে নিজ দেশৰ পৰা দেশান্তৰ কৰা হব।” কিন্তু আমোচে ইয়াকো কৈছিল যে যদি কোনোবাই মনপালটন কৰে তেন্তে যিহোৱাই তেওঁক নিশ্চয়ে ৰক্ষা কৰিব। গতিকে এইটো স্পষ্টকৈ প্ৰকাশ পাইছে যে এনে মিছা অভিযোগবোৰ দি অমচিয়াই আমোচৰ প্ৰচাৰ কাৰ্য্যক বন্ধ কৰিবলৈ চেষ্টা কৰিছিল।
১৮. অমচিয়া আৰু বৰ্তমান যিহোৱাৰ সাক্ষীসকলক বিৰোধ কৰোঁতাসকলে ব্যৱহাৰ কৰা পদ্ধতিবোৰৰ মাজত কেনে অনুৰূপ দেখা যায়?
১৮ অমচিয়া আৰু বৰ্তমান সময়ত যিহোৱাৰ সাক্ষীসকলৰ বিৰোধ কৰোঁতাসকলে ব্যৱহাৰ কৰা পদ্ধতিবোৰৰ সাদৃশ্যতাৰ বিষয়ে আপুনি লক্ষ্য কৰিব পাৰিছেনে? যিদৰে অমচিয়াই আমোচৰ প্ৰচাৰ কাৰ্য্য বন্ধ কৰিবলৈ বিচাৰিছিল, ঠিক সেইদৰে বৰ্তমান সময়ত কিছুমান বিশেষ ধৰ্ম্মগুৰু আৰু যাজকে যিহোৱাৰ সাক্ষীসকলৰ কাৰ্য্যত বাধা উৎপন্ন কৰিবলৈ চেষ্টা কৰে। তদুপৰি কিছুমান খ্ৰীষ্ট ধৰ্মৰ যাজকে অমচিয়াৰ দৰে যিহোৱাৰ সাক্ষীসকলক দেশদ্ৰোহী বুলি মিছা অভিযোগ দিছে। আনকি অমচিয়াৰ দৰে তেওঁলোকে যিহোৱাৰ সাক্ষীসকলক তাড়না দিবলৈ ৰাজনৈতিক নেতাবোৰক সমৰ্থন কৰিছে।
বিৰোধকাৰীসকলে আমাৰ প্ৰচাৰ কাৰ্য্য বন্ধ কৰিব নোৱাৰে
১৯, ২০. অমচিয়াই কৰা বিৰোধীতাৰ প্ৰতি আমোচে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল?
১৯ আমোচে অমচিয়াই কৰা বিৰোধীতাৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল? প্ৰথমতে তেওঁ অমচিয়াক এইদৰে সুধিছিল: ‘তুমি ইস্ৰায়েলৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ নকৰিবলৈ কৈছানে?’ তাৰ পিছত আমোচে সাহসী হৈ ভাববাণী প্ৰচাৰ কৰিব ধৰিলে, যাৰ প্ৰতি অমচিয়াই অৱশ্যেই মনোযোগ দিয়া নাছিল। (আমোচ ৭:১৬, ১৭) আমোচে নিৰ্ভয়ে অমচিয়াই অনা বিৰোধীতাৰ সম্মুখীন হৈছিল। আমি অনুকৰণ কৰিবলগীয়া এইটো এক উত্তম আৰ্হি নহয়নে বাৰু! বৰ্তমান সময়ত অমচিয়াৰ দৰে লোকসকলে যদি আমাৰ বিৰুদ্ধে থিয় হৈছে, তেন্তে আমি প্ৰচাৰ কাৰ্য্য বন্ধ কৰাৰ কোনো আৱশ্যক নায়। এতেকে আঁহক আমি আমোচৰ দৰে এইদৰে প্ৰচাৰ কৰি থাকোঁহঁক: “যিহোৱাই এই কথা কৈছে।” যিহেতু ‘যিহোৱা হাত’ আমাৰ ওপৰত থকাৰ বাবে কোনো বিৰোধীয়ে আমাৰ প্ৰচাৰ কাৰ্য্য বন্ধ কৰিব নোৱাৰে।—পাঁচনিৰ কৰ্ম্ম ১১:১৯-২১.
২০ অমচিয়াই যে অনৰ্থকভাৱে চেষ্টা কৰিছিল সেই বিষয়ে তেওঁ বুজি পোৱা উচিত আছিল। কিয়নো আমোচে স্পষ্টকৈ বৰ্ণনা কৰিছিল যে কিয় তেওঁৰ কাৰ্য্যক কোনেও বন্ধ কৰিব নোৱাৰিব। এইয়া হৈছে আমি বিবেচনা কৰিবলগীয়া তৃতীয়টো বিষয়। আমোচ ৩:৩-৮ পদত ধাৰাবাহিকভাৱে কিছুমান প্ৰশ্ন আৰু দৃষ্টান্ত দাঙি ধৰিছে আৰু এইবোৰে দেখুৱাইছে যে ইয়াৰ প্ৰত্যেকটো পৰিণামৰ নেপথ্যত কিবা এটা কাৰণ জড়িত আছে। তাৰ পিছত তেওঁ এইদৰে যুক্তি দাঙি ধৰি কৈছে: “সিংহই গৰ্জ্জন কৰিলে কোনে ভয় নকৰিব? প্ৰভু যিহোৱাই বাক্য কলে কোনে ভাববাণী প্ৰচাৰ নকৰিব?” আনহাতে আমোচে এই কথা কʼবলৈ বিচাৰিছে যে, ‘যিদৰে তোমালোকে সিংহৰ গৰ্জ্জন শুনি ভয়াতুৰ হৈ উঠা, সেইদৰে মই যিহোৱাৰ বাক্য শুনি তাক প্ৰচাৰ নকৰাকৈ থাকিব নোৱাৰোঁ।’ ঈশ্বৰৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধাই আমোচক নিৰ্ভয়ে প্ৰচাৰ কৰিবলৈ প্ৰেৰিত কৰিলে।
২১. প্ৰচাৰ কাৰ্য্যৰ বাবে দিয়া ঈশ্বৰৰ আজ্ঞাৰ প্ৰতি আমি কেনে মনোবৃত্তি দেখুৱাওঁ
২১ যিহোৱা ঈশ্বৰে আমাকো প্ৰচাৰ কৰিবলৈ আজ্ঞা দিছে। এই আজ্ঞাৰ প্ৰতি আমি কেনে মনোবৃত্তি দেখুৱাওঁ? আমি আমোচ আৰু প্ৰথম শতিকাৰ যীচুৰ শিষ্যসকলৰ দৰে যিহোৱাৰ সহায়েৰে সাহসী হৈ তেওঁৰ বাক্য প্ৰচাৰ কৰোঁ। (পাঁচনিৰ কৰ্ম্ম ৪:২৩-৩১) কোনো প্ৰকাৰৰ তাড়না বা প্ৰচাৰ কাৰ্য্যত লগ পোৱা আত্মসন্তুষ্টি লোকসকলে আমাৰ কাৰ্য্যক বন্ধ কৰিব নোৱাৰে। আজিৰ গোটেই পৃথিৱীত যিহোৱাৰ সাক্ষীসকলে আমোচৰ দৰে উৎসাহী হৈ একেৰাহে নিৰ্ভয়ে প্ৰচাৰ কৰি আছে। যিহোৱাৰ আহিবলগীয়া সোধ-বিচাৰৰ দিনৰ বিষয়ে লোকসকলক সতৰ্ক কৰাতো হৈছে আমাৰ কৰ্তব্য। সেই সোধ-বিচাৰত কি সন্মিলিত আছে? এই প্ৰশ্নৰ উত্তৰ পৰৱৰ্তী লেখটোত আলোচনা কৰা হʼব। (w04 11/15)
আপুনি কেনেদৰে উত্তৰ দিব?
• আমোচে কেনে পৰিস্থিতিৰ মাজত ঈশ্বৰে দিয়া নিযুক্তিক সম্পন্ন কৰিলে?
• আমি আমোচৰ দৰে কিহৰ বিষয়ে প্ৰচাৰ কৰা উচিত?
• আমি কেনে মনোবৃত্তিৰে আমাৰ প্ৰচাৰ কাৰ্য্য কৰা উচিত?
• বিৰোধীসকলে কিয় আমাৰ সাক্ষী দিয়া কাৰ্য্যক বন্ধ কৰিব নোৱাৰে?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[৮ পৃষ্ঠাৰ ছবি]
ঈশ্বৰে ডিমৰু আপডাল কৰোঁতা আমোচক ভাববাণী প্ৰচাৰ কৰিবলৈ বাছি লʼলে