Skip to content

Skip to table of contents

সুৰাপান কৰাৰ প্ৰতি ভাৰসাম্যতা বজাই ৰাখক

সুৰাপান কৰাৰ প্ৰতি ভাৰসাম্যতা বজাই ৰাখক

সুৰাপান কৰাৰ প্ৰতি ভাৰসাম্যতা বজাই ৰাখক

“দ্ৰাক্ষাৰস নিন্দক, আৰু সুৰা দ্বন্দ্ব-কাজিয়া কৰোঁতা; যি কোনোৱে তাৰে মতলীয়া হয়, তেওঁ জ্ঞানৱান নহয়।”—হিতোপদেশ ২০:১.

১. ঈশ্বৰে দিয়া কিছুমান উত্তম দানৰ বিষয়ে গীতমালা ৰচোঁতাজনে কেনেকৈ কৃতজ্ঞতা প্ৰকাশ কৰিছিল?

 পাঁচনি যাকোবে কৈছিল যে, “সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ পৰাহে হয়, অৰ্থাৎ  . . জ্যোতিঃবিলাকৰ সেই পিতৃৰ পৰাহে নামি আহে।” (যাকোব ১:১৭) সেয়েহে ঈশ্বৰৰ পৰা অহা সকলো উত্তম দানৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি গীতমালা ৰচোঁতাজনে এইদৰে কৈছিল: “তেওঁ পৃথিবীৰ পৰা আহাৰ উলিয়াবলৈ, পশুবোৰৰ নিমিত্তে ঘাঁহ, মানুহৰ ব্যৱহাৰৰ নিমিত্তে শস্য গজায়; মানুহৰ মন আনন্দিত কৰোঁতা দ্ৰাক্ষাৰস, মুখ উজ্জ্বল কৰোঁতা তেল, আৰু চিত্ত সবল কৰোঁতা আহাৰ তেওঁ উৎপন্ন কৰে।” (গীত ১০৪:১৪, ১৫) শস্য, আহাৰ, তেল আদিৰ দৰে দ্ৰাক্ষাৰস আৰু অন্য সুৰা জাতীয় পানীয় হৈছে ঈশ্বৰে দিয়া উত্তম দান। এই দানবোৰ আমি কিদৰে ব্যৱহাৰ কৰা উচিত?

২. আমি সুৰাপানৰ সম্বন্ধে কেনে প্ৰশ্নবোৰৰ বিবেচনা কৰিম?

উত্তম দানৰ পৰা প্ৰকৃত আনন্দ লাভ কৰিবলৈ ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰা আৱশ্যক। উদাহৰণস্বৰূপে, বাইবেলে কৈছে যে, যদিও ‘মৌ সুস্বাদু’ কিন্তু “অধিককৈ খোৱা ভাল নহয়।” (হিতোপদেশ ২৪:১৩; ২৫:২৭) “কিছু কিছু দ্ৰাক্ষাৰস ব্যৱহাৰ কৰা” যদিও ভাল, কিন্তু ইয়াৰ দুৰ্ব্যৱহাৰে গভীৰ অনিষ্টতালৈ পৰিচালিত কৰে। (১ তীমথিয় ৫:২৩) সেইবাবে বাইবেলে সতৰ্ক কৰি কৈছে যে, “দ্ৰাক্ষাৰস নিন্দক, আৰু সুৰা দ্বন্দ্ব-কাজিয়া কৰোঁতা; যি কোনোৱে তাৰে মতলীয়া হয়, তেওঁ জ্ঞানৱান নহয়।” (হিতোপদেশ ২০:১) এজন ব্যক্তিয়ে সুৰাপান * কৰাৰ দ্বাৰা মতলীয়া হৈছে নে নাই, তাক কেনেকৈ জানিব পাৰে? কিমান পৰিমাণৰ সুৰাপান কৰা অত্যধিক বুলি কʼব পাৰি? এই সম্বন্ধে কেনে ভাৰসাম্যতা বজাই ৰাখিব পাৰি?

সুৰাপানে কেনেকৈ “মতলীয়া” কৰে?

৩, ৪. (ক) কিহে দেখুৱাইছে যে মতলীয়া হোৱালৈকে সুৰাপান কৰাটো বাইবেলে নিষেধ কৰিছে? (খ) মতলীয়া হোৱাৰ কিছুমান লক্ষণ কি?

প্ৰাচীন কালত কোনো ইস্ৰায়েল পৰিয়ালৰ সন্তান অপব্যয়ী বা অতিলোভী আৰু মদপী হোৱাত তেওঁক শিল দলিয়াই বধ কৰা হৈছিল। (দ্বিতীয় বিবৰণ ২১:১৮-২১) এই বিষয়ে থকা গম্ভীৰতাৰ বিষয়ে পাঁচনি পৌলে খ্ৰীষ্টানসকলক এইদৰে পৰামৰ্শ দি কৈছিল: “ভাই বুলি খ্যাত হোৱা কোনো মানুহ যদি ব্যভিচাৰী, লুভীয়া, দেৱপূজক, নিন্দক, মতলীয়া, বা অপহাৰক হয়, তেন্তে তেওঁৰে সৈতে আলাপ-ব্যৱহাৰ, এনে কি, খোৱা বোৱাও নকৰিবা।” গতিকে অত্যধিক পান কৰি মতলীয়া হোৱাক বাইবেলে নিষেধ কৰিছে।—১ কৰিন্থীয়া ৫:১১; ৬:৯, ১০.

মতলীয়া হোৱাৰ লক্ষণবোৰৰ বিষয়ে বাইবেলে এইদৰে কৈছে: “যেতিয়া দ্ৰাক্ষাৰস ৰঙা হয়, আৰু পাত্ৰত দগ্‌মগায়, আৰু সহজে পেটলৈ যায়, তেতিয়া তালৈ দৃষ্টি নকৰিবা; শেষতে সেয়ে সাপৰ নিচিনাকৈ কামুৰিব, আৰু বিষধৰৰ দৰে দংশন কৰিব। তোমাৰ চকুৱে আচৰিত বস্তু দেখিব, আৰু তোমাৰ মনে মন্দ কথা কব।” (হিতোপদেশ ২৩:৩১-৩৩) অপৰিমিতৰূপে কৰা সুৰাপানে বিষাক্ত সাপৰ দৰে দংশন কৰে। তদুপৰি এজন ব্যক্তিক দুৰ্ব্বল, বিভ্ৰান্ত আৰু মনঃঅৱচেতনা কৰি তুলে। এজন মতলীয়া ব্যক্তিয়ে চকুৰে “আচৰিত বস্তু” দেখে, অৰ্থাৎ সপোনৰ সাগৰত ডুব যোৱা যেন অনুভৱ কৰিব পাৰে। আনকি তেওঁ নিজৰ ভাৱনা আৰু ইচ্ছাৰ ওপৰত নিয়ন্ত্ৰণ কৰাতো অক্ষম হʼব পাৰে।

৫. কি অৰ্থত অপৰিমিতৰূপে কৰা সুৰাপান হানিকাৰক?

যদি এজন ব্যক্তিয়ে আনৰ চকুত স্পষ্টকৈ মতলীয়া হোৱাৰ বিষয়ে ধৰা নপৰাকৈ সাৱধানে সুৰাপান কৰাটো অহানিকাৰকনে? কিছুমান ব্যক্তিয়ে কেইবা বাৰো পান কৰাৰ পিছত মতলীয়া হোৱাৰ অলপহে লক্ষণ দেখিবলৈ পোৱা যায়। দৰাচলতে, তেনে ব্যক্তিসকলে আত্মপ্ৰতাৰণাৰ ফান্দত পৰে। (যিৰিমিয়া ১৭:৯) তেওঁলোকে ক্ৰমান্বয়ে “দ্ৰাক্ষাৰসৰ দাসী” হৈ পৰে। (তীত ২:৩) সুৰাসক্ত হোৱাৰ বিষয়ে কেৰʼলীন নেপ নামৰ এগৰাকী লিখিকাই এইদৰে কয়: “সুৰাসক্ত হৈছে লাহে লাহে আৰু ক্ৰমান্বয়ে হোৱা পদ্ধতি।” প্ৰকৃততে অপৰিমিতৰূপে সুৰাপান কৰাটো কিমান যে মাৰাত্মক ফান্দ!

৬. এজন খ্ৰীষ্টানে কিয় অপৰিমিতৰূপে সুৰাপান আৰু আহাৰ খোৱাৰ পৰা সাৱধানে থকা উচিত?

তদুপৰি যীচুৱে দিয়া এই সতৰ্কবাণীটোৰ বিষয়ে বিবেচনা কৰক, যʼত তেওঁ এইদৰে কৈছিল: “জীৱিকাৰ চিন্তা, মত্ততা, আৰু অপৰিমিত ভোজনৰ দ্বাৰাই তোমালোকৰ হৃদয় যেন ভাৰগ্ৰস্ত নহয়, আৰু ফান্দৰ নিচিনা সেই দিন তোমালোকলৈ যেন অকস্মাতে নাহে, এই কাৰণে তোমালোকে নিজলৈ সাৱধানে থাকিবা। কিয়নো সেই দিন গোটেই পৃথিবীত বসতি কৰা সকলোবিলাকৰ ওপৰলৈ আহিব।” (লূক ২১:৩৪, ৩৫) এজন ব্যক্তিয়ে শাৰীৰিভাৱে এলেহুৱা আৰু আধ্যাত্মিক মন্থৰ অৱস্থা হোৱালৈকে সুৰাপান কৰা উচিত নহয়। যদি তেনে অৱস্থাত যিহোৱাৰ দিন আহে, তেন্তে তেওঁ কেনে অৱস্থাৰ সম্মুখীন হʼব?

সুৰাসক্তই কেনে অৱস্থালৈ পৰিচালিত কৰিব পাৰে?

৭. সুৰাসক্ত হোৱাটো কিয় ২ কৰিন্থীয়া ৭:১ পদত উল্লেখ কৰা পৰামৰ্শৰ সামঞ্জস্যত নহয়?

এজন সুৰাসক্ত ব্যক্তিয়ে, তেওঁৰ জীৱনত শাৰীৰিক আৰু আধ্যাত্মিকভাৱে বহুতো বিপদৰ সম্মুখীন হʼব পাৰে। তেওঁ হয়তো যকৃত ছিৰʼছিছ, এলকহলিক হেপাটাইটিছ, স্নায়বিক বিজুতি অৰ্থাৎ মদাতঙ্ক আদি ৰোগৰ দ্বাৰা পীড়িত হʼব পাৰে। তদুপৰি বহু সময় ধৰি অপৰিমিতৰূপে সুৰাপান কৰাৰ পৰিণাম কেন্সাৰ, বহুমূত্ৰ আৰু হৃদয় বা পেটৰ ৰোগতো ভূগীবলগীয়া হয়। গতিকে সুৰাসক্ত হোৱাটো বাইবেল পৰামৰ্শৰ সামঞ্জস্যত নহয়, যʼত এইদৰে কোৱা হৈছে: “আহাঁ, আমি শৰীৰ আৰু আত্মাৰ সকলো মলৰ পৰা নিজক শুচি কৰি, ঈশ্বৰলৈ ভয় ৰাখি, পবিত্ৰতা সিদ্ধ কৰোঁহক।”—২ কৰিন্থীয়া ৭:১.

৮. হিতোপদেশ ২৩:২০, ২১ পদৰ অনুসাৰে সুৰাসক্তৰ কেনে বেয়া পৰিণাম হʼব পাৰে?

সুৰাসক্ত হোৱাৰ ফলস্বৰূপে উপাৰ্জ্জনৰ ধন অপব্যয়ীভাৱে খৰচ আৰু আনকি চাকৰিও হেৰুৱাবলগীয়া হʼব পাৰে। সেইবাবে ৰজা চলোমনে এইদৰে সতৰ্ক কৰি কৈছিল: “যিবোৰে অপৰিমিতৰূপে দ্ৰাক্ষাৰস পান কৰে আৰু মাংস ভোজন কৰে, সিহঁতৰ সঙ্গী নহবা।” কিয় তেনে লোকৰ সঙ্গী হোৱা উচিত নহয়? এই বিষয়ে তেওঁ আগলৈ এইদৰে কৈছিল: “মতলীয়া আৰু খকুৱা লোকৰ দৰিদ্ৰতা ঘটে, নিদ্ৰালুতাই মানুহক ফটাকানি পিন্ধায়।”—হিতোপদেশ ২৩:২০, ২১.

৯. সুৰা পান কৰি গাড়ী চলোৱাৰ পৰা আঁতৰি থকাটো কিয় এজন ব্যক্তিৰ বাবে বুদ্ধিমানৰ কাৰ্য্য?

আন এটা বিপদৰ বিষয়ে দ্য এনচাইক্লোপিডিয়া অৱ এলকহলিজিমে এইদৰে কৈছে: “অনুসন্ধান কৰি জানিব পৰা গৈছে যে সুৰাসক্ত হোৱাৰ পৰিণামস্বৰূপে, যান-বাহন চলোৱা দক্ষতাৰ হ্ৰাস, আন চালকৰ সৈতে সহযোগ আৰু একাগ্ৰতা বজাই ৰাখাত বিফল, দৃশ্যমান শক্তি দুৰ্ব্বল আৰু সঠিক নিৰ্ণয়ত উপনীত হোৱাৰ পৰা বঞ্চিত হয়।” তদুপৰি ই আন বহুতো বিপদ চপাই আনে। উদাহৰণস্বৰূপে, সুৰা পান কৰি গাড়ী চলোৱাৰ বাবে প্ৰত্যেক বছৰে সংযুক্ত ৰাষ্ট্ৰৰ পথ দুৰ্ঘটনাত হাজাৰতকৈ অধিক লোকৰ মৃত্যু আৰু লাখতকৈ অধিক জন ব্যক্তিয়ে আহত হয়। বিশেষকৈ কম অভিজ্ঞতা থকা আৰু সুৰাসক্ত হৈ যান-বাহন চলোৱা যুৱক-যুৱতীসকলে এনে বিপদৰ সম্মুখীন হোৱাৰ সম্ভাৱনা অধিক। কোনোবাই অপৰিমতৰূপে সুৰাপান কৰি ঈশ্বৰৰ পৰা উপহাৰস্বৰূপে পোৱা জীৱনটোৰ প্ৰতি সন্মান দেখুৱাইছে বুলি কʼব পাৰেনে? (গীত ৩৬:৯) গতিকে জীৱনৰ পবিত্ৰতাৰ বিষয়ে মনত ৰাখি এজন ব্যক্তিয়ে সুৰাসক্ত হৈ গাড়ী চলোৱাৰ পৰা বিৰত থকা উচিত।

১০. সুৰা পান কৰাৰ ফলত কেনেকৈ মানসিকভাৱে প্ৰভাৱিত হʼব পাৰে আৰু ই কিয় এক বিপদজনক বিষয়?

১০ অপৰিমিতৰূপে সুৰাপান কৰা ব্যক্তিসকলৰ শাৰীৰিক আৰু আধ্যাত্মিকৰূপে ক্ষতি সাধন হয়। এই সম্পৰ্কে বাইবেলে কৈছে যে, “দ্ৰাক্ষাৰস, আৰু নতুন দ্ৰাক্ষাৰসে বুদ্ধিহীন কৰে।” (হোচেয়া ৪:১১) দৰাচলতে সুৰা পান কৰাৰ ফলত এজন ব্যক্তিৰ মানসিক শক্তি গভীৰভাৱে প্ৰভাৱিত হয়। এই সম্পৰ্কে, সংযুক্ত ৰাষ্ট্ৰৰ কেন্দ্ৰীয় প্ৰতিষ্ঠানে ড্ৰাগছৰ অপব্যৱহাৰ কৰাৰ বিষয়ে প্ৰকাশিত হোৱা এখন আলোচনীত কৈছে যে, “যেতিয়া কোনোবাই সুৰাপান কৰে তেতিয়া সুৰাখিনি প্ৰথমতে তেওঁৰ জীৰ্ণন তন্ত্ৰলৈ যায় আৰু তাৰ পিছত তেজৰ সৈতে সন্মিলিত হৈ তীব্ৰ গতিৰে মগজুত প্ৰৱেশ কৰে। তাৰ পিছত ই মগজুৰ বিচাৰ-শক্তি আৰু অনুভূতিক দুৰ্ব্বল কৰে, যাৰ ফলত ব্যক্তিজনৰ আত্মনিয়ন্ত্ৰণ কৰা ক্ষমতা হ্ৰাস হৈ পৰে। তেনে অৱস্থাত ব্যক্তিজনে নিজকে কম বাধ্যবাধকতা অনুভৱ কৰিব পাৰে।” আনকি ব্যক্তিজনে “মতলীয়া” হৈ আনৰ সৈতে দুৰ্ব্যৱহাৰ বা কেতিয়াবা যৌন অত্যাচাৰ কৰে আৰু আনকি বহুতো প্ৰলোভনৰ সম্মুখীন হʼব পাৰে।—হিতোপদেশ ২০:১.

১১, ১২. অপৰিমিতৰূপে সুৰাপান কৰাই কেনে ধৰণে আধ্যাত্মিক ক্ষতি সাধন কৰিব পাৰে?

১১ আনহাতে বাইবেলে এইদৰে পৰামৰ্শ দিছে: “তোমালোকে ভোজন-পান আদি যি যি কৰ্ম্ম কৰা, সকলোকে ঈশ্বৰৰ গৌৰৱৰ অৰ্থে কৰিবা।” (১ কৰিন্থীয়া ১০:৩১) অপৰিমিতৰূপে সুৰাপান কৰা অভ্যাসে ঈশ্বৰৰ মহিমা কৰিব পাৰেনে? এজন খ্ৰীষ্টানে নিশ্চয়ে লোকসকলে তেওঁক মদাহী বুলি অপযশ দিয়াৰ পৰা বিৰত থাকিব বিচাৰিব। কিয়নো তেনে অপযশে যিহোৱা ঈশ্বৰৰ মহিমা নহয় কিন্তু তেওঁৰ নামহে বদনাম কৰে।

১২ এজন খ্ৰীষ্টান ব্যক্তিয়ে অপৰিমিতৰূপে সুৰাপান কৰাৰ বাবে যদি নতুনকৈ হোৱা শিষ্যজনৰ বাবে বাধাগ্ৰস্ত হৈছে, তেন্তে সেই বিষয়ে কি কʼব পাৰি? (ৰোমীয়া ১৪:২১) এই বিষয়ে যীচুৱে এইদৰে সতৰ্ক কৰি কৈছিল: “যি কোনোৱে মোত বিশ্বাস কৰা এই সৰুবিলাকৰ মাজৰ এজনৰ বিঘিনি জন্মায়, তাতকৈ, তেওঁৰ ডিঙিত ডাঙৰ জাঁত আৰি, অগাধ সমুদ্ৰত তাক ডুবাই দিয়াই তালৈ ভাল।” (মথি ১৮:৬) অপৰিমিতৰূপে সুৰাপান কৰাৰ পৰিণামস্বৰূপে মণ্ডলীত থকা বিশেষাধিকাৰৰ দায়িত্ব হেৰুৱাও সন্মিলিত আছে। (১ তীমথিয় ৩:১-৩, ৮) তদুপৰি পৰিয়ালটো ইয়াৰ বেয়া পৰিণামৰ প্ৰভাৱ পৰিব পাৰে।

বিপদসমূহৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি?

১৩. অত্যধিক সুৰাপান কৰাৰ পৰা আঁতৰি থকাত কেনে এক জটিল বিষয় সন্মিলিত আছে?

১৩ অপৰিমিতৰূপে সুৰাপান কৰাৰ ফলত যি বিপদবোৰ উৎপন্ন হʼব পাৰে, সেইবোৰৰ পৰা হাত হাৰিবলৈ পৰিমিত আৰু অপৰিমিতৰ মাজত থকা ভিন্নতা কি, সেই বিষয়ে বুজি পোৱা উচিত। আপুনি কিমান পৰিমাণে সুৰা পান কৰা আৱশ্যক এই বিষয়ে কিহে নিৰ্ণয় কৰিব? যিহেতু ইয়াত বহুতো বিষয় সন্মিলিত থকাৰ বাবে এজন ব্যক্তিয়ে কিমান পৰিমাণৰ সুৰাপান কৰা উচিত, তাৰ বাবে কোনো ধাৰা-বন্ধা নিয়ম দিয়াটো সম্ভৱ নহয়। গতিকে প্ৰত্যেক জনে কিমান পৰিমাণে সুৰাপান কৰিব, তাৰ নিৰ্ণয় নিজে লোৱা উচিত। কিন্তু কিহে আপোনাৰ বাবে এক নিৰ্দ্ধাৰিত সীমা বন্ধাত সহায় কৰিব? এই সম্বন্ধে কোনো মাৰ্গদৰ্শক সিদ্ধান্ত উল্লেখ আছেনে?

১৪. পৰিমিত আৰু অপৰিমিতৰ মাজত থকা ভিন্নতাৰ বিষয়ে বুজি পাবলৈ কেনে নিৰ্দ্দেশনাই আপোনাক সহায় কৰিব?

১৪ এই বিষয়ে বাইবেলে এইদৰে কৈছে: “তুমি বুদ্ধি-কৌশল আৰু বহুদৰ্শিতাক যত্নেৰে ৰাখা। তাতে সেইবোৰ তোমাৰ প্ৰাণৰ জীৱন, আৰু তোমাৰ ডিঙিৰ শোভাস্বৰূপ হব।” (হিতোপদেশ ৩:২১, ২২) এতেকে সুৰাপান কৰাৰ সম্বন্ধে মাৰ্গদৰ্শক সিদ্ধান্তটো হৈছে: আপোনাৰ বিচাৰ-শক্তি আৰু অনুভূতিৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ থকালৈকে আপুনি সুৰাপান কৰা উচিত। কিন্তু মনত ৰাখক যে এই বিষয়ে নিৰ্ণয় কৰোঁতে আপুনি সত্যনিষ্ঠ বজাই ৰাখা উচিত!

১৫. কেনে পৰিস্থিতিত একেবাৰে সুৰাপান নকৰাটো উত্তম হʼব পাৰে?

১৫ কোনো কোনো পৰিস্থিতিত হয়তো সম্পূৰ্ণকৈ সুৰাপান কৰাৰ পৰা আঁতৰি থকাটোৱেই উত্তম। অজন্মা সন্তানৰ বিপদৰ বিষয়ে মনত ৰাখি এগৰাকী গৰ্ভৱতী মহিলাই হয়তো একেবাৰে সুৰাপান নকৰিবলৈ নিৰ্ণয় লʼব পাৰে। আনহাতে সুৰাসক্ত সমস্যাৰ পৰা মুক্ত পাবলৈ চেষ্টা কৰা বা কোনো এজনৰ বিবেকে অনুমতি নিদিয়া ব্যক্তিৰ উপস্থিতিত সুৰা পান কৰাৰ পৰা আঁতৰি থকাটো প্ৰেমময় কাৰ্য্য নহʼবনে? এই সম্পৰ্কে আবাস-তম্বুত পুৰোহিত হিচাবে কাৰ্য্য কৰা ব্যক্তিসকলক যিহোৱাই এইদৰে আজ্ঞা দিছিল: “তম্বুত সোমোৱা সময়ত, দ্ৰাক্ষাৰস বা সুৰা পান নকৰিবা।” (লেবীয়া পুস্তক ১০:৮, ৯) গতিকে খ্ৰীষ্টান সভালৈ অহা, প্ৰচাৰ কাৰ্য্যত ভাগ লোৱা আৰু আন আধ্যাত্মিক দায়িত্বসমূহ বহন কৰাৰ সময়ত সুৰাপান কৰাটো উচিত নহয়। তদুপৰি যিবোৰ দেশত সুৰাপান কৰা নিষেধ বা কেৱল নিৰ্দ্ধাৰিত বয়সৰ লোকৰ বাবে অনুমতি দিয়া হৈছে, তেনে নিয়ম-ব্যৱস্থা অৱশ্যেই পালন কৰা উচিত।—ৰোমীয়া ১৩:১.

১৬. আপোনালৈ আগবঢ়োৱা সুৰাপানৰ আমন্ত্ৰণৰ প্ৰতি কি কৰা উচিত সেই বিষয়ে কেনে নিৰ্ণয় লʼব?

১৬ কোনো অতিথিৰ ঘৰত যেতিয়া আপোনাৰ সম্মুখত সুৰা জাতীয় পানীয় ৰাখা হয় তেতিয়া নিজকে এইদৰে সুধিব পাৰে: ‘মই সুৰাপান কৰাটো উচিত হʼবনে?’ যদি আপুনি পান কৰিবলৈ নিৰ্ণয় লয়, তেন্তে মনত ৰাখক যে কেৱল এক নিৰ্দ্ধাৰিত পৰিমাণৰহে সুৰাপান কৰিব যি আপোনাৰ বিচাৰ-শক্তি আৰু অনুভূতিক অনিয়ন্ত্ৰিত হʼবলৈ নিদিয়ে। গৃহস্থই যদিও জোৰ কৰে নিজকে নিয়ন্ত্ৰিত ৰাখাক। কোনো কোনো আয়োজিত ভোজত অপৰিমিতৰূপে সুৰাপান কৰাৰ বাবে মদ্যশালাৰ ব্যৱস্থা থাকে। গতিকে তেনে ব্যৱস্থাৰ প্ৰতি সতৰ্ক হোৱা আৱশ্যক। বহুতো ঠাইত লʼৰা-ছোৱালীবিলাকে আইনগতভাৱে সুৰাপান কৰাৰ ব্যৱস্থা আছে। সেইবাবে পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীবিলাকৰ ওপৰত চকু ৰাখা আৰু ইয়াৰ ব্যৱহাৰৰ প্ৰতি সঠিক নিৰ্দ্দেশনা দিয়া উচিত।—হিতোপদেশ ২২:৬.

আপুনি সমস্যাটোৰ সৈতে সফলতাৰে সম্মুখীন হʼব পাৰে

১৭. যদি অপৰিমিতৰূপে সুৰাপান কৰাটো অভ্যাসত পৰিণত হৈছে, তেন্তে কিহে আপোনাক পদক্ষেপ লʼবলৈ সহায় কৰিব?

১৭ অপৰিমিতৰূপে দ্ৰাক্ষাৰস আৰু সুৰাপান কৰাটো আপোনাৰ অভ্যাসত পৰিণত হৈছেনে? যদি হৈছে তেন্তে অনতিপলমে পদক্ষেপ লোৱা উচিত। অন্যথা এদিন নহয় এদিন এনে অভ্যাসে আপোনাৰ ওপৰত গভীৰভাৱে প্ৰভাৱিত কৰিব। এতেকে সত্যনিষ্ঠাৰে নিজকে এই আত্মসমীক্ষা কৰা প্ৰশ্নবোৰ সোধক: ‘মই আগতকৈ অধিক পৰিমাণে সুৰাপান কৰিবলৈ লৈছোঁ নে? মই পান কৰা সুৰাৰ তীব্ৰতা আগতকৈ অধিক হৈছেনে? মই চিন্তাধাৰা, মানসিক হেঁচা আৰু সমস্যাৰ পৰা মুক্তি পোৱাৰ উদ্দেশ্যৰে সুৰাপান কৰোঁনে? পৰিয়ালৰ সদস্য বা কোনো বন্ধুৱে মোৰ সুৰাপানৰ অভ্যাসৰ বিষয়ে তেওঁলোকৰ অভিমত প্ৰকাশ কৰিছেনে? মোৰ এনে অভ্যাসে পৰিয়ালত কোনো ধৰণে অশান্তি সৃষ্টি কৰিছেনে? মোৰ বাবে এসপ্তাহ বা এমাহ অথবা তাতকৈও অধিক সময় সুৰাপান নকৰাকৈ অতিবাহিত কৰিবলৈ কঠিন হয়নে? মই লোৱা সুৰাৰ পৰিমাণ অধিক হোৱাৰ বাবে আনে নেদেখাকৈ পান কৰোঁনে?’ যদি ইয়াৰ কিছুমান প্ৰশ্ন আপোনাৰ ক্ষেত্ৰত প্ৰযোজ্য হয়, তেন্তে কি কৰিব পাৰি? তেনেহʼলে ‘আৰ্চীত নিজৰ স্বাভাৱিক মুখ দেখি পাহৰি যোৱা ব্যক্তিজনৰ’ নিচিনা নহৈ অনতিপলমে সমস্যাক সমাধান কৰিবলৈ সঠিক পদক্ষেপ লওক। (যাকোব ১:২২-২৪) আপুনি কেনে পদক্ষেপ লʼব পাৰে?

১৮, ১৯. আপুনি অপৰিমিতৰূপে সুৰাপান কৰাৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰে?

১৮ পাঁচনি পৌলে খ্ৰীষ্টানসকলক পৰামৰ্শ দি এইদৰে কৈছিল: “দ্ৰাক্ষাৰসেৰে মতলীয়া নহবা; কিয়নো তাত নষ্টামি আছে; কিন্তু আত্মাৰে পৰিপূৰ্ণ হোৱা।” (ইফিচীয়া ৫:১৮) আপোনাৰ বাবে অপৰিমিত সুৰাৰ পৰিমাণ কি সেই বিষয়ে নিৰ্ণয় কৰি সুৰাৰ পৰিমিত পৰিমাণ স্থিৰ কৰক। তদুপৰি সেই পৰিমিত পৰিমাণতকৈ অধিক সুৰাপান নকৰিবলৈ আত্মসংযমী হওক। (গালাতীয়া ৫:২২, ২৩) অপৰিমিতৰূপে সুৰাপান কৰিবলৈ হেঁচা দিয়া ব্যক্তিসকলৰ সৈতে আপুনি সঙ্গতি কৰেনে? তেনে ব্যক্তিসকলৰ পৰা সাৱধান হওক। কিয়নো বাইবেলে কৈছে যে, “তুমি জ্ঞানীবিলাকৰ লগত আলাপ কৰা, তাতে তুমি জ্ঞানী হবা; কিন্তু অজ্ঞানবোৰৰ লগৰীয়াই ক্লেশ পাব।”—হিতোপদেশ ১৩:২০.

১৯ সুৰাপান কৰি সমস্যাৰ বিষয়ে পাহৰি থকাৰ পৰিৱৰ্তে তাৰ সম্মুখীন হওক। আপুনি ঈশ্বৰৰ বাক্য বাইবেলত দিয়া পৰামৰ্শ পালন কৰি সমস্যাৰ সম্মুখীন হʼব পাৰে। (গীত ১১৯:১০৫) কোনো সংকোচ বোধ নকৰাকৈ এজন পৰিপক্ক আৰু ভাৰসাযুক্ত প্ৰাচীনৰ সহায় লওক। নিজৰ আধ্যাত্মিকতা বজাই ৰাখিবলৈ যিহোৱাৰ প্ৰবন্ধবোৰ উত্তমৰূপে ব্যৱহাৰ কৰক। যিহোৱাৰ সৈতে থকা নিজৰ সম্বন্ধক দৃঢ় কৰক। বিশেষকৈ নিজৰ দুৰ্ব্বলতাৰ বিষয়ে উল্লেখ কৰি নিতৌ প্ৰাৰ্থনা কৰক। আপোনাৰ ‘মন আৰু চিত্তৰ পৰীক্ষা’ কৰিবলৈ যিহোৱাক অনুৰোধ কৰক। (গীত ২৬:২) আগৰ লেখটোত আলোচনা কৰা অনুসাৰে আপুনি সিদ্ধতাৰে জীৱন-যাপন কৰিবলৈ নেৰানেপেৰা চেষ্টা কৰক।

২০. অপৰিমিতৰূপে সুৰাপান কৰা নিৰন্তৰ সমস্যাটোৰ সৈতে সম্মুখীন হʼবলৈ আপুনি কেনে পদক্ষেপবোৰ লʼব পাৰে?

২০ যদি আপুনি নেৰানেপেৰা চেষ্টা কৰিও সমস্যাৰ সমাধান কৰিব পৰা নাই, তেনেহʼলে কি কৰিব পাৰে? আপুনি যীচুৱে কোৱা এই পৰামৰ্শটো পালন কৰক: “তোমাৰ হাতে যদি তোমাৰ বিঘিনি জন্মায়, তেন্তে তাক কাটি পেলোৱা।” (মাৰ্ক ৯:৪৩) ইয়াৰ অৰ্থ হৈছে: সুৰাপান কৰাটো একেবাৰে বন্ধ কৰক। এনে ধৰণৰ সমস্যাৰ পৰা মুক্তি পাবলৈ আইৰীন নামৰ এগৰাকী মহিলাই এইদৰে কয়: “ক্ৰমে আঢ়ৈ বছৰ ধৰি নেৰানেপেৰা চেষ্টা কৰাৰ পিছত মই এদিন কিছু পৰিমাণে সুৰাপান কৰাৰ বিষয়ে পুনৰাই ভাবিছিলোঁ। মই মনতে ভাবিছিলোঁ যে একেবাৰে কম পৰিমাণে কৰা সুৰাপানে মোৰ কোনো ক্ষতি সাধিব নোৱাৰে। কিন্তু মই সুৰাপান কৰাৰ পৰিৱৰ্তে শীঘ্ৰেই প্ৰাৰ্থনাৰ দ্বাৰা যিহোৱাক এই বিষয়ে জনালোঁ। এতিয়া মই দৃঢ়সঙ্কল্প লৈছোঁ যে বৰ্তমান আৰু পৰমদেশটো সুৰাপান কৰাৰ পৰা আঁতৰি থাকিম।” পৰমদেশৰ নিবাসী হোৱা বিশেষাধিকাৰৰ তুলনাত সম্পূৰ্ণকৈ সুৰাপান বাদ দিয়া বিষয়টো অৱশ্যেই এক সাধাৰণ বিষয়!—২ পিতৰ ৩:১৩.

“তোমালোকে যিহতে পাব পাৰা, এনেকৈ লৰ মাৰিবা”

২১, ২২. জীৱনৰ দৌৰ প্ৰতিযোগিতাত সফলতাৰে জয়লাভ কৰাত কিহে আমাক বাধা দিব পাৰে আৰু ইয়াৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰোঁ?

২১ প্ৰকৃত খ্ৰীষ্টান জীৱন-প্ৰণালীক এখন দৌৰ প্ৰতিযোগিতাৰ সৈতে তুলনা কৰি পাঁচনি পৌলে এইদৰে কৈছিল: “যিবিলাকে দৌৰত লৰ মাৰে, সেই আটাইবিলাকে লৰ মাৰে হয়, কিন্তু এজনেহে যে বঁটা পায়, ইয়াক তোমালোকে নাজানা নে? তোমালোকে যিহতে পাব পাৰা, এনেকৈ লৰ মাৰিবা। আৰু যি মানুহে মালযুদ্ধ আদি কৰি খেলত জিকিবলৈ চেষ্টা কৰে, তেওঁবিলাকে সকলো ভাৱে ইন্দ্ৰিয় দমন কৰে। তেওঁবিলাকে বিনাশী কিৰীটি পাবলৈ তাক কৰে; কিন্তু আমি হলে, অবিনাশী কিৰীটি পাবলৈহে তাক কৰোঁ। এতেকে মই লৰ মাৰোঁ, কিন্তু লক্ষ নকৰাকৈ নহয়; ঘুচিয়া-ঘুচি যুজো কৰোঁ, কিন্তু বায়ুত ঘোচা মৰাৰ দৰে নামাৰোঁ; কিন্তু লোকৰ আগত ঘোষণা কৰি, শেষত নিজে যেন অগ্ৰাহ্য নহওঁ, এই কাৰেণে মই নিজ শৰীৰকে ঘুচিয়াই বশ কৰি ৰাখিছোঁ।”—১ কৰিন্থীয়া ৯:২৪-২৭.

২২ প্ৰতিযোগিতাত সফলতাৰে জয় লাভ কৰা সকলেহে কেৱল বঁটা পায়। ঠিক সেইদৰে আমি যদি সফলতাৰে জীৱনৰ দৌৰ প্ৰতিযোগিতাত জয়লাভ কৰিব বিচাৰিছোঁ, তেন্তে অপৰিমিতভাৱে সুৰাপান কৰা অভ্যাসৰ পৰা আঁতৰি থকা উচিত। জীৱনৰ পথত একেৰাহে দৌৰি থাকিবলৈ হʼলে আমি ‘অপৰিমিত সুৰাপানৰ দ্বাৰা আসক্ত’ হোৱা উচিত নহয়। (১ পিতৰ ৪:৩) ইয়াৰ বিপৰীতে আমি জীৱনৰ সকলো ক্ষেত্ৰতে আত্মনিয়ন্ত্ৰণ বজাই ৰাখা উচিত। সুৰা জাতীয় পানীয় সেৱন কৰাৰ সম্বন্ধে আমি “ভক্তি-লঙ্ঘন আৰু সাংসাৰিক আভিলাষ অস্বীকাৰ কৰি, গম্ভীৰ, ধাৰ্ম্মিক, আৰু ভক্তিভাৱে” জীৱন-যাপন কৰাটো অধিক উত্তম হʼব।—তীত ২:১২. (w04 12/1)

[ফুটনোট]

^ এই লেখটোত ব্যৱহাৰ কৰা ‘সুৰাপানত’ বিয়েৰ, ৱাইন, হুইস্কি আৰু অন্য মদিৰা জাতীয় পানীয় সন্মিলিত আছে।

আপুনি কেনেকৈ উত্তৰ দিব?

• অপৰিমিতৰূপে সুৰাপান কৰাৰ অৰ্থ কি?

• অপৰিমিতৰূপে কৰা সুৰাপানৰ কেনে গম্ভীৰ পৰিণাম হʼব পাৰে?

• আপুনি কেনেকৈ অপৰিমতিৰূপে সুৰাপান কৰাৰ পৰা আঁতৰি থাকিব পাৰে?

• অপৰিমিতৰূপে সুৰাপান কৰা সমস্যাৰ সৈতে আপুনি কেনেকৈ সম্মুখীন হʼব পাৰে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৯ পৃষ্ঠাৰ ছবি]

আপুনি কিমান পৰিমাণে সুৰাপান কৰিব সেই বিষয়ে আগতিয়াকৈ নিৰ্ণয় কৰক

[৩০ পৃষ্ঠাৰ ছবি]

নিজৰ দুৰ্ব্বলতাৰ বিষয়ে নিতৌ যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰক

[৩১ পৃষ্ঠাৰ ছবি]

সুৰাপান কৰাৰ সম্বন্ধে পিতৃ-মাতৃয়ে নিজৰ সন্তানক নিৰ্দ্দেশনা প্ৰদান কৰা উচিত