Skip to content

Skip to table of contents

হৃদয় পৰীক্ষা কৰোঁতা যিহোৱা ঈশ্বৰক অন্বেষণ কৰক

হৃদয় পৰীক্ষা কৰোঁতা যিহোৱা ঈশ্বৰক অন্বেষণ কৰক

হৃদয় পৰীক্ষা কৰোঁতা যিহোৱা ঈশ্বৰক অন্বেষণ কৰক

“তোমালোকে মোক বিচাৰ কৰি জীয়াই থাকা।”—আমোচ ৫:৪.

১, ২. বাইবেলত “যিহোৱাই মনলৈ দৃষ্টি ৰাখে” বুলি কোৱাৰ অৰ্থ কি?

 এজন ব্যক্তিয়ে দৃষ্টি কৰাৰ সম্বন্ধে যিহোৱাই ভৱিষ্যতবক্তা চমূৱেলক এইদৰে কৈছিল: “মানুহে যেনেকৈ চায় যিহোৱাই তেনেকৈ নাচায়; কাৰণ মানুহে, যি দেখিব পাৰি, তালৈ চায়, কিন্তু যিহোৱাই মনলৈ দৃষ্টি ৰাখে।” (১ চমূৱেল ১৬:৭) যিহোৱাই কেনেকৈ এজন ব্যক্তিৰ “মনলৈ দৃষ্টি” কৰে?

এজন ব্যক্তিৰ অন্তৰ অৰ্থাৎ ইচ্ছা, সঙ্কল্প, আবেগ আৰু প্ৰবৃত্তিক বুজাবলৈ বাইবেলত প্ৰায়ে মন শব্দটোক লাক্ষণিক অৰ্থত ব্যৱহাৰ কৰিছে। গতিকে বাইবেলৰ অনুসাৰে ঈশ্বৰে মানুহৰ মনলৈ দৃষ্টি কৰাৰ অৰ্থ হৈছে তেওঁৰ বহিঃৰূপৰ পৰিৱৰ্তে আন্তৰিক ব্যক্তিত্বক দৃষ্টি কৰা।

ঈশ্বৰে ইস্ৰায়েলৰ হৃদয় পৰীক্ষা কৰে

৩, ৪. আমোচ ৬:৪-৬ পদৰ অনুসাৰে ইস্ৰায়েলৰ দহ-জাতিৰ ৰাজ্যত কেনে অৱস্থা বিদ্যমান আছিল?

হৃদয় পৰীক্ষা কৰোঁতা যিহোৱাই আমোচৰ সময়ৰ দহ-জাতিৰ ইস্ৰায়েলৰ ওপৰত দৃষ্টি কৰি কি দেখা পালে? এই সম্পৰ্কে আমোচ ৬:৪-৬ পদত কৈছে যে সেই সময়ৰ লোকসকলে ‘হাতীদাঁতেৰে নিৰ্মাণ কৰা বিছনাত শয়ন কৰিছিল আৰু নিজ নিজ শয্যাত দীঘল দি পৰি আছিল।’ তেওঁলোকে “জাকৰ পৰা মেৰ পোৱালি আৰু গোহালিৰ পৰা দামুৰি ভোজন কৰি” তৃপ্ত হৈছিল। তদুপৰি তেওঁলোকে “নেবল-বাদ্যেৰে অসাৰ্থক গীত” গাই “বৰ বাটিত দ্ৰাক্ষাৰস পান” কৰিছিল।

মানৱীয় দৃষ্টিভঙ্গীৰে চালে এইটো কʼব পাৰি যে তেওঁলোকে অতি উত্তম পৰিৱেশত জীৱন-যাপন কৰিছিল। কিয়নো ধনৱান ব্যক্তিসকলে বিলাসীতাপূৰ্ণ ঘৰবোৰত, উত্তম ভোজন-পান আৰু নেবল-বাদ্যেৰে বজোৱা সংগীতৰ আনন্দ উপভোগ কৰিছিল। আনকি তেওঁলোকৰ শোৱনি কোঠাত “হাতীদাঁতাৰ” বিছনা থকা দেখা গৈছিল। ইয়াৰ প্ৰমাণস্বৰূপে পুৰাতত্ববিদসকলে ইস্ৰায়েলৰ ৰাজধানী চমৰীয়া চহৰত বহুতো হাতী দাঁত খনন কৰি পাইছে। (১ ৰাজাৱলি ১০:২২) সম্ভৱতঃ এই হাতী দাঁতবোৰ সেই সময়ৰ আচবাব বা সজাবলৈ দেৱালত লগোৱা হৈছিল।

৫. ঈশ্বৰে কিয় আমোচৰ সময়ৰ ইস্ৰায়েলসকলক দেখি অসন্তুষ্ট হৈছিল?

তেওঁলোকে কেৱল বিলাসীতা জীৱন-যাপন, উত্তম ভোজন-পান আৰু মধুৰ সঙ্গীতৰ আনন্দ উপভোগ কৰাৰ বাবে যিহোৱাই অসন্তুষ্টি হৈছিলনে? অৱশ্যেই নহয়! কিয়নো যিহোৱাই স্বয়ং মানুহৰ আনন্দৰ বাবে তেনে প্ৰবন্ধ কৰিছিল। (১ তীমথিয় ৬:১৭) দৰাচলতে তেওঁলোকৰ বেয়া ইচ্ছা, নিষ্ঠুৰ মন আৰু সঙ্গী ইস্ৰায়েলৰ প্ৰতি ৰাখা কপটীয়া স্বভাৱ দেখিহে যিহোৱাই অসন্তুষ্ট হৈছিল।

৬. আমোচৰ সময়ত ইস্ৰায়েলৰ আধ্যাত্মিক অৱস্থা কেনে আছিল?

‘বিছনাত দীঘল দি পৰি থকা, জাকৰ পৰা মেৰ পোৱালি ভোজন, দ্ৰাক্ষাৰস পান কৰা আৰু নেবল-বাদ্যেৰে সংঙ্গীত শুনা’ ব্যক্তিসকলে আধ্যাত্মিকভাৱে হোৱা পতনৰ বাবে অলপো অনুতাপ কৰা নাছিল। যাৰ বাবে তেওঁলোকক এইদৰে সুধিছিল: ‘তোমালোকে অমঙ্গলৰ দিন আঁতৰ কৰিছা নেকি?’ তেওঁলোকে চাৰিওফালে হোৱা বেয়া পৰিস্থিতিবোৰ দেখি দুখ প্ৰকাশ কৰিব লাগিছিল। কিন্তু তেওঁলোকে “যোচেফৰ দুখৰ নিমিত্তে” একো বেজাৰ নকৰিলে। (আমোচ ৬:৩-৬) যিহোৱাই তেওঁলোকৰ সমৃদ্ধিশীল আৰ্থিক অৱস্থাৰ পৰিৱৰ্ত্তে যোচেফ অৰ্থাৎ ইস্ৰায়েলসকলৰ আধ্যাত্মিক বিপৰ্য্যয়ৰ ওপৰতহে দৃষ্টি কৰিলে। তথাপিও লোকসকলে দৈনন্দিন কাৰ্য্যবোৰৰ প্ৰতি নিজকে লৈ ব্যস্ত আছিল। বৰ্তমান সময়তো সেই একেই মনোবৃত্তি দেখিবলৈ পোৱা গৈছে। বহুতো লোকে যদিও শেষকালত জীয়াই থকা বুলি বিশ্বাস কৰে, তথাপিও ব্যক্তিগতভাৱে ক্ষতি সাধন নোহোৱালৈকে আধ্যাত্মিক বিষয়বোৰৰ প্ৰতি আওকাণ কৰে আৰু নিজৰ স্বাৰ্থ পূৰ্ণ কৰাত ব্যস্ত থাকে।

অধোগামী হোৱা ইস্ৰায়েল জাতি

৭. ইস্ৰায়েলসকলে যদি ঈশ্বৰৰ সতৰ্কবাণীৰ প্ৰতি আওকাণ কৰে তেন্তে কেনে পৰিণাম হʼবলগীয়া আছিল?

যদিও ইস্ৰায়েলসকল আৰ্থিকভাৱে সমৃদ্ধিশীল আছিল, তথাপিও তেওঁলোকৰ আধ্যাত্মিক অধঃপতনৰ বিষয়ে আমোচে দাঙি ধৰিছিল। তেওঁলোকে ঈশ্বৰৰ সতৰ্কবাণীৰ প্ৰতি আওকাণ কৰা আৰু নিজৰ মনোবৃত্তি সলনি নকৰাৰ বাবে যিহোৱাই তেওঁলোকক শত্ৰুৰ হাতত শোধাই দিবলগীয়া আছিল। অচূৰীয়াসকল আহি বিলাসীতাপূৰ্ণ ঘৰ-দুৱাৰ ধ্বংস কৰি তেওঁলোকক বন্দী বনাই লৈ যাবলগীয়া আছিল। তেওঁলোকৰ সকলো সুখ-ভোগ নাইকিয়া হʼবলগীয়া আছিল।

৮. ইস্ৰায়েলৰ মাজত কেনেকৈ আধ্যাত্মিক বিপৰ্য্যয়ৰ আৰম্ভ হʼল?

ইস্ৰায়েলসকলৰ কিয় এনে দুৰ্দশা হʼবলৈ পালে? এনে দুৰ্দশাৰ অৱস্থা সা.যু.পূ. ৯৯৭ চনৰ পৰা আৰম্ভ হয়, যেতিয়া চলোমনৰ পুত্ৰ ৰহবিয়াম ৰজা হʼল আৰু ইস্ৰায়েলৰ দহ-জাতিয়ে যিহূদা আৰু বিন্যামীন বংশৰ পৰা পৃথক হʼবলৈ বাছি লʼলে। সেই দহ-জাতিৰ প্ৰথম ৰজাজনৰ নাম আছিল “নবাটৰ পুত্ৰ” যাৰবিয়াম। (১ ৰাজাৱলি ১১:২৬) তেওঁ লোকসকলক প্ৰত্যেয় জন্মাই কৈছিল যে যিহোৱাৰ উপাসনাৰ বাবে যিৰূচালেমলৈ যোৱাটো ব্যৱহাৰিক নহয়। তেওঁৰ এই উদ্দেশ্যৰ নেপ্যথত লোকসকলৰ মঙ্গল নহয় কিন্তু স্বাৰ্থপৰতাহে লুকাই আছিল। (১ ৰাজাৱলি ১২:২৬) যাৰবিয়ামে মনতে ভাবিছিল যে হয়তো এই দহ-জাতিয়ে বছেৰেকীয়া পৰ্ব্ব পালন কৰিবলৈ গৈ যিহূদাৰ সৈতে মিলি যাব পাৰে। তেনে নহʼবলৈ যাৰবিয়ামে দান আৰু বৈৎএল নামৰ দুখন ঠাইত একোটাকৈ দামূৰিৰ মূৰ্ত্তি স্থাপন কৰিলে। পিছলৈ এই দামূৰি মূৰ্ত্তিৰ উপাসনা সেই ৰাজ্যৰ প্ৰমুখ ধৰ্ম্ম হিচাবে স্বীকৃতি পালে।—২ বংশাৱলি ১১:১৩-১৫.

৯, ১০. (ক) ইস্ৰায়েলৰ প্ৰথম ৰজা যাৰবিয়ামে কেনে ধৰণৰ ধৰ্ম্মীয় উৎসৱবোৰ আয়োজন কৰিছিল? (খ) যিহোৱাই দ্বিতীয় যাৰবিয়াম ৰজাৰ দিনত হোৱা উৎসৱবোৰৰ প্ৰতি কেনে দৃষ্টি কৰিছিল?

নতুনকৈ স্থাপিত হোৱা এই ধৰ্ম্মটোৰ মৰ্য্যাদা বঢ়াবলৈ যাৰবিয়ামে সকলো প্ৰকাৰৰ চেষ্টা কৰিলে। সেয়েহে তেওঁ, যিৰূচালেমত পালন কৰা পৰ্ব্বৰ কিছু পৰিমাণে সাদৃশ্যতা থকা ধাৰ্ম্মিক উৎসৱবোৰৰ আয়োজন কৰিছিল। এই বিষয়ে আমি ১ ৰাজাৱলি ১২:৩২ পদত এইদৰে পঢ়িবলৈ পাওঁ: “যাৰবিয়ামে অষ্টম মাহৰ পঞ্চদশ দিনা, যিহূদাৰ উৎসৱৰ নিচিনা এক উৎসৱ নিৰূপণ কৰি যজ্ঞ-বেদিলৈ উঠি গল; তেওঁ বৈৎএলত এইদৰে কৰি, নিজে নিৰ্ম্মাণ কৰা দামুৰি কেইটাৰ আগত বলি উৎসৰ্গ কৰিলে; আৰু নিজে কৰা ওখ ঠাইৰ পুৰোহিতবোৰক বৈৎএলত থলে।”

১০ যিহোৱাই কেতিয়াও এনে ধৰণৰ মিছা ধৰ্ম্মীয় উৎসৱবোৰৰ স্বীকৃতি দিয়া নাছিল। সেয়েহে যিহোৱা ঈশ্বৰে সা.যু.পূ. ৮৪৪ চনত দহ-জাতিৰ ওপৰত ৰজা হোৱা দ্বিতীয় যাৰবিয়ামৰ সময়ত আমোচৰ দ্বাৰা তেওঁৰ নামঞ্জুৰী বিষয়ে স্পষ্টকৈ জনালে। এই সন্দৰ্ভত আমোচ ৫:২১-২৪ পদত এইদৰে কৈছে: “মই তোমালোকৰ উৎসৱবোৰ ঘিণ কৰো, তুছ কৰোঁ; মই তোমালোকৰ ধৰ্ম্মসভাবোৰৰ সুঘ্ৰাণ নলওঁ। তোমালোকে মোৰ উদ্দেশে তোমালোকৰ হোম-বলি আৰু ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিলেও মই সেইবোৰ গ্ৰহণ নকৰিম, নাইবা তোমালোকৰ মঙ্গলাৰ্থক বলি হৃষ্টপুষ্ট পশুলৈ দৃষ্টি নকৰিম। মোৰ পৰা তোমালোকৰ গানৰ ধ্বনি দূৰ কৰা; কিয়নো মই তোমালোকৰ নেবল যন্ত্ৰৰ বাদ্য শুনিব নোখোজোঁ; কিন্তু ন্যায় বিচাৰ পানীৰ নিচিনাকৈ, আৰু ধাৰ্ম্মিকতা অনবৰত বৈ থকা নদীৰ নিচিনাকৈ বাগৰি আহক।”

বৰ্তমান সময়ত থকা সমান্তৰালতা

১১, ১২. প্ৰাচীন ইস্ৰায়েল আৰু খ্ৰীষ্টীয়জগতৰ উপাসনাত কেনে ধৰণৰ সমান্তৰালতা দেখিবলৈ পোৱা যায়?

১১ এইটো স্পষ্ট যে যিহোৱাই তেনে উৎসৱবোৰত ভাগ লোৱা সকলৰ হৃদয় পৰীক্ষা কৰিছিল আৰু সেইবোৰৰ নামঞ্জুৰীৰ বিষয়ে জনাইছিল। ঠিক সেইদৰে বৰ্তমান সময়ত খ্ৰীষ্টীয়জগতে পালন কৰা বৰদিন আৰু ঈষ্টাৰ পৰ্ব্বকো তেওঁ স্বীকৃতি নিদিয়ে। যিদৰে ধাৰ্ম্মিকতা আৰু অধৰ্ম্ম, আন্ধাৰে সৈতে পোহৰৰ কোনো সম্পৰ্ক নাই, ঠিক সেইদৰে যিহোৱাৰ উপাসকসকলৰো মিছা ধৰ্ম্মৰ সৈতে কোনো সম্পৰ্ক নাই।—২ কৰিন্থীয়া ৬:১৪-১৬.

১২ ইস্ৰায়েলসকলে কৰা দামূৰিৰ উপাসনা আৰু খ্ৰীষ্টীয়জগতে কৰা উপাসনাৰ মাজত আন এক সমানতা দেখিবলৈ পোৱা যায়। যদিও খ্ৰীষ্টীয়জগতৰ কিছুমান লোকে বাইবেলৰ সত্যতাক গ্ৰহণ কৰে, তথাপিও তেওঁলোকৰ ধৰ্ম্মত ঈশ্বৰৰ প্ৰতি থকা প্ৰকৃত প্ৰেম দেখা নাযায়। কিয়নো খ্ৰীষ্টীয়জগতে স্বীকৃতিপ্ৰাপ্তভাৱে অৰ্থাৎ “আত্মাৰে আৰু সত্যৰে” যিহোৱাৰ উপাসনা নকৰে। (যোহন ৪:২৪) তদুপৰি খ্ৰীষ্টীয়জগত অৰ্থাৎ তাই “ন্যায় বিচাৰ পানীৰ নিচিনাকৈ, আৰু ধাৰ্ম্মিকতা অনবৰত বৈ থকা নদীৰ নিচিনাকৈ বাগৰি” অহাত বাধা দিয়ে। ইয়াৰ উপৰিও তাই ঈশ্বৰৰ নৈতিক স্তৰবোৰত সাল-সলনি কৰি ব্যভিচাৰ, অন্য ঘৃণনীয় কাৰ্য্য আৰু সমলিঙ্গ বিবাহৰ স্বীকৃতি দিয়ে!

“ভালক ভাল পোৱা”

১৩. আমোচ ৫:১৫ পদৰ সামঞ্জস্যত আমি কি কৰা উচিত?

১৩ যিসকলে ঈশ্বৰৰ গ্ৰহণযোগ্য হিচাবে উপাসনা কৰিবলৈ বিচাৰে, তেওঁলোকক যিহোৱাই এইদৰে কৈছে: “তোমালোকে বেয়াক ঘিণ কৰা, ভালক ভাল পোৱা।” (আমোচ ৫:১৫) প্ৰেম আৰু ঘৃণা উভয়ে হৃদয়ৰ পৰা উৎপন্ন হয়। যিহেতু আমাৰ হৃদয় বা অন্তৰখন সকলোতকৈ কপটময় হোৱাৰ বাবে আমি ইয়াক ৰক্ষা কৰিবলৈ অধিক যত্ন লোৱা উচিত। (হিতোপদেশ ৪:২৩; যিৰিমিয়া ১৭:৯) যদি আমি নিজৰ হৃদয়ক বেয়া প্ৰবৃত্তিবোৰলৈ ঢাল খাবলৈ দিওঁ, তেন্তে ক্ৰমান্বয়ে আমি ভালক ঘিণ আৰু বেয়াক ভাল পাবলৈ ধৰিম। তদুপৰি সেইবোৰৰ অনুসাৰে কাৰ্য্য কৰা আৰু জগতৰ প্ৰতি আকৰ্ষিত হোৱা অভিলাষে আমাক ঈশ্বৰৰ কাষ চপাৰ পৰিৱৰ্তে অঁতৰাই নিব। এতেকে আঁহক আমি ‘বেয়াক ঘিণ কৰিবলৈ আৰু ভালক ভাল পাবলৈ’ যিহোৱাৰ পৰা সহায় বিচাৰি প্ৰাৰ্থনা কৰোঁহঁক।

১৪, ১৫. (ক) ইস্ৰায়েলসকলৰ মাজত কোন ব্যক্তিসকলে উত্তম কাৰ্য্য কৰিছিল আৰু তাৰ প্ৰতি কিছুমানে কেনে মনোবৃত্তি দেখুৱাইছিল? (খ) বৰ্তমান সময়ত পূৰ্ণসময়ৰ সেৱা কৰা সকলক আমি কেনেকৈ উৎসাহিত কৰিব পাৰোঁ?

১৪ ইস্ৰায়েলৰ মাজত সকলোৱে যে ঈশ্বৰৰ দৃষ্টিত অনুচিত কাৰ্য্য কৰিছিল, এনে নহয়। উদাহৰণস্বৰূপে, হোচেয়া আৰু আমোচে ‘ভালক ভাল পাইছিল’ আৰু বিশ্বস্ততাৰে যিহোৱাই দিয়া দায়িত্বক পালন কৰিছিল। আনসকলে নাচৰীয়া ব্ৰত লৈ জীৱন-যাপন কৰিছিল। তেনে ধৰণৰ ব্ৰত লোৱাৰ অৰ্থ আছিল সকলো প্ৰকাৰৰ দ্ৰাক্ষাৰস আৰু সুৰাপানৰ পৰা নিজকে পৃথকে ৰাখা। (গণনা পুস্তক ৬:১-৪) এনে ধৰণৰ আত্ম-বলিদান মনোবৃত্তি দেখুৱা ব্যক্তিসকলক বাকী ইস্ৰায়েল ব্যক্তিসকলে কেনে দৃষ্টিৰে লক্ষ্য কৰিছিল? এই প্ৰশ্নৰ উত্তৰ আমি সেই জাতিৰ আধ্যাত্মিক পতন হোৱা অৱস্থাত দেখিবলৈ পাওঁ, যাৰ বিষয়ে আমোচ ২:১২ পদত এইদৰে কৈছে: “তোমালোকে সেই নাচৰীয়াবিলাকক দ্ৰাক্ষাৰস পান কৰালা, আৰু ভাববাণী প্ৰচাৰ কৰিবলৈ সেই ভাববাদীবিলাকক নিষেধ কৰিলা।”

১৫ নাচৰীয়া আৰু ভৱিষ্যতবক্তাসকলে ৰাখা উত্তম উদাহৰণক দেখি বাকী ইস্ৰায়েলসকলে মনপালটন কৰি নিজ নিজ মনোবৃত্তি সলনি কৰিব লাগিছিল। ইয়াৰ বিপৰীতে, তেওঁলোকে নিষ্ঠুৰভাৱে সেই বিশ্বাসী ব্যক্তিসকলক নিৰুৎসাহী কৰি ঈশ্বৰৰ সেৱাৰ পৰা পৃথক কৰিব বিচাৰিছিল। গতিকে আঁহক আমি কেতিয়াও অগ্ৰগামী, মিছনাৰী, ট্ৰেভেলিং অধ্যক্ষ বা বেথেলগৃহত কাম কৰা ভাই-ভনীসকলক পূৰ্ণসময়ৰ সেৱা ত্যাগ দি সাধাৰণভাৱে জীৱন-যাপন কৰিবলৈ যেন উৎসাহিত নকৰোঁহঁক। ইয়াৰ বিপৰীতে তেওঁলোকে যেন সদায়ে উত্তম কাৰ্য্য কৰি থাকে, সেই বিষয়ে উৎসাহিত কৰা আৱশ্যক।

১৬. আমোচৰ সময়ৰ তুলনাত মোচিৰ সময়ত থকা ইস্ৰায়েলসকলে অতি উত্তম পৰিস্থিতিত আছিল বুলি কিয় কʼব পাৰি?

১৬ আমোচৰ সময়ত যদিও ইস্ৰায়েলসকলে ভৌতিক সা-সম্পত্তিৰ সুখ ভোগ কৰিছিল, তথাপিও তেওঁলোক “ঈশ্বৰলৈ ধনৱান” হোৱা নাছিল। (লূক ১২:১৩-২১) আনহাতে, ৪০ বছৰ ধৰি অৰণ্যত থকা তেওঁলোকৰ পূৰ্ব্ব-পুৰুষসকলে মান্না খাই জীৱন-যাপন কৰিব লাগিছিল। আনকি তেওঁলোকে জাকৰ পৰা মেৰ পোৱালি বা গোহালিৰ পৰা দামুৰি ভোজন বা বিলাসিতাৰে জীৱন-যাপন কৰা নাছিল। তথাপিও যিহোৱাৰ আশীৰ্ব্বাদ যে তেওঁলোকৰ ওপৰত আছিল, তাৰ বিষয়ে মোচিয়ে এইদৰে কৈছিল: “তোমাৰ ঈশ্বৰ যিহোৱাই তোমাৰ হাতৰ সকলো কাৰ্য্যত তোমাক আশীৰ্ব্বাদ কৰিলে; . . . এই চল্লিশ বছৰ তোমাৰ ঈশ্বৰ যিহোৱা তোমাৰ সহায় আছে; তোমালোকৰ একোৰো অভাৱ হোৱা নাই।” (দ্বিতীয় বিবৰণ ২:৭) অৰণ্যাঞ্চলত থকাৰ সময়ত যিহোৱা ঈশ্বৰে সদায়ে ইস্ৰায়েলসকলৰ আৱশ্যকতাবোৰক পূৰ্ণ কৰিছিল। মন কৰিবলগীয়া বিষয় এই যে তেওঁলোকে যিহোৱাৰ প্ৰেম, সুৰক্ষা আৰু আশীৰ্ব্বাদ লাভ কৰিলে!

১৭. যিহোৱাই কিয় ইস্ৰায়েলৰ পূৰ্ব্ব-পুৰুষসকলক প্ৰতিজ্ঞাত দেশলৈ আনিছিল?

১৭ যিহোৱাই কেনেকৈ তেওঁলোকৰ পূৰ্ব্ব-পুৰুষসকলক প্ৰতিজ্ঞাত দেশত প্ৰৱেশ আৰু শত্ৰুক পৰাস্ত কৰিবলৈ সহায় কৰিলে, সেই বিষয়ে আমোচৰ সময়ত থকা ইস্ৰায়েলসকলক সোঁৱৰাই দিয়া হৈছিল। (আমোচ ২:৯, ১০) কিন্তু তেওঁ কিয় ইস্ৰায়েলৰ পূৰ্ব্ব-পুৰুষসকলক মিচৰৰ দাসত্বৰ পৰা মুক্তি কৰি প্ৰতিজ্ঞাত দেশত আনিছিল? তেওঁলোকে যাতে বিলাসিতাৰে জীৱন-যাপন কৰি সৃষ্টিকৰ্ত্তাক পাহৰি নাযায়, সেই উদ্দেশ্যৰে তালৈ আনা হৈছিলনে? অৱশ্যেই নহয়! বৰঞ্চ তেওঁলোকক স্বাধীনতাৰে তেওঁৰ উপাসনা কৰা আৰু আধ্যাত্মিকভাৱে শুদ্ধ থকা উদ্দেশ্যৰে অনা হৈছিল। কিন্তু দহ-জাতিৰ ৰাজ্যই বেয়াক ঘিণ কৰাৰ পৰিৱৰ্ত্তে ভালকহে ঘিণ কৰিবলৈ বাছি লʼলে। আনকি তেওঁলোকে যিহোৱাক মহিমা কৰাৰ পৰিৱৰ্তে কটা মূৰ্ত্তিবোৰক মহিমা কৰিছিল। তেনে কৰাটো কি যে এক নিন্দনীয় বিষয় আছিল!

যিহোৱাই অপৰাধৰ নিমিত্তে শাস্তি বিহে

১৮. যিহোৱাই কিয় আমাক আধ্যাত্মিকভাৱে স্বাধীনতা দিছে?

১৮ ইস্ৰায়েলসকলৰ এনে আচৰণৰ বাবে যিহোৱাই অতি শীঘ্ৰেই পদক্ষেপ লʼবলগীয়া আছিল। এই বিষয়ে তেওঁ স্পষ্টকৈ এইদৰে কৈছিল: “মই তোমালোকৰ আটাই অপৰাধৰ নিমিত্তে তোমালোকক দণ্ড দিম।” (আমোচ ৩:২) আমি সকলোৱে মনত ৰাখা উচিত যে যিহোৱাই প্ৰাচীন ইস্ৰায়েলৰ দৰে আমাকো বৰ্তমানৰ মিচৰ দেশ অৰ্থাৎ এই দুষ্ট ৰীতি-ব্যৱস্থাৰ পৰা স্বাধীন কৰিছে। তেওঁ আমাক স্বাৰ্থপৰ উদ্দেশ্যৰ বাবে স্বাধীনতা দিয়া নাই, কিন্তু সমূহীয়াকৈ একগোট হৈ সম্পূৰ্ণ মনেৰে শুদ্ধ উপাসনা কৰিবলৈহে স্বাধীন কৰিছে। গতিকে আমি ঈশ্বৰৰ পৰা পোৱা স্বত্বন্ত্ৰ ইচ্ছাক যিদৰে ব্যৱহাৰ কৰোঁ সেই ধৰণে হিচাব দিব লাগিব।—ৰোমীয়া ১৪:১২.

১৯. অধিক সংখ্যক ইস্ৰায়েলে আমোচ ৪:৪, ৫ পদৰ অনুসাৰে কি কৰিবলৈ বাছি লʼলে?

১৯ দুখৰ বিষয় এই যে অধিক সংখ্যক ইস্ৰায়েলে আমোচে শুনোৱা সতৰ্কবাণীৰ প্ৰতি কোনো মনোযোগ নিদিলে। তেওঁলোকৰ লাক্ষণিক হৃদয় ৰোগগ্ৰস্ত হোৱাৰ বিষয়ে আমোচ ৪:৪, ৫ পদত এইদৰে কৈছে: “তোমালোকে বৈৎ-এললৈ গৈ অপৰাধ কৰা, গিল্‌গললৈ গৈ অপৰাধ বৃদ্ধি কৰা, . . . তোমালোকে এইদৰে কৰিবলৈ ভাল পোৱা।” তেওঁলোকে এক উচিত মনোবৃত্তি বিকশিত আৰু নিজ নিজ হৃদয় ৰক্ষা কৰাত বিফল হʼল। পৰিণামস্বৰূপে, তেওঁলোকৰ বেছি ভাগেই বেয়াক ভাল আৰু ভালক ঘিণ কৰিব ধৰিলে। আনকি দামুৰিৰ উপাসক সকলেও কুপথত চলি থাকিল। এই নিমিত্তে যিহোৱাই তেওঁলোকৰ হিচাব লʼলে আৰু তেওঁবিলাকে কৰা পাপৰ পৰিণাম মৃত্যু ভুগীবলগীয়া হʼল।

২০. আমোচ ৫:৪ পদৰ অনুসাৰে এজন ব্যক্তিয়ে কেনেকৈ ধাৰ্ম্মিকতাৰ পথত চলিব পাৰে?

২০ সেই সময়ত বাস কৰা এজন ইস্ৰায়েল ব্যক্তিৰ বাবে ধাৰ্ম্মিকতাৰ পথত চলি থকাটো কোনো সহজ কথা নাছিল। সেইদৰে বৰ্তমান ডেকা বা বয়সস্থ খ্ৰীষ্টান ব্যক্তিৰ বাবেও ধাৰ্ম্মিকতাৰ পথত চলি থাকটো সিমানেই কষ্টসাধক। তথাপিও আমি জানো যে ঈশ্বৰৰ প্ৰেম আৰু তেওঁক সন্তুষ্ট কৰা ইচ্ছাই কিছুমান খ্ৰীষ্টানক সত্য উপাসনাত লাগি থাকিবলৈ সহায় কৰিলে। ফলস্বৰূপে, যিহোৱাই তেওঁলোকলৈ যি আমন্ত্ৰণ দিছিল, তাৰ বিষয়ে আমোচ ৫:৪ পদত এইদৰে কৈছে: “তোমালোকে মোক বিচাৰ কৰি জীয়াই থাকা।” সেইদৰে বৰ্তমান যিসকলে ঈশ্বৰৰ বিষয়ে যথাৰ্থ জ্ঞান লৈ তাৰ অনুসাৰে চলিবলৈ প্ৰচেষ্টা কৰিছে, তেওঁলোককো তেওঁ দয়া দেখুৱাইছে। ধাৰ্ম্মিকতাৰ পথত চলাটো যদিও এজন ব্যক্তিৰ বাবে কষ্টকৰ, তথাপিও তেনে প্ৰচেষ্টা কৰাৰ পৰিণাম হৈছে উত্তম ফলাফল অৰ্থাৎ অনন্তকলীয়া জীৱন।—যোহন ১৭:৩.

আধ্যাত্মিক দুৰ্ভিক্ষৰ স্বত্বেও সমৃদ্ধিশীল

২১. সত্য উপাসনাৰ বিৰোধ কৰা সকলে কেনে দুৰ্ভিক্ষৰ সম্মুখীন হয়?

২১ সত্য উপাসনাক বিৰোধ কৰা সকলৰ বাবে কি অপেক্ষা কৰি আছে? তেওঁলোকে অতিশয় দুৰ্ভিক্ষ অৰ্থাৎ আধ্যাত্মিক দুৰ্ভিক্ষৰ সম্মুখীন হʼব! এনে ব্যক্তিসকলৰ বিষয়ে, “প্ৰভু যিহোৱাই কৈছে, চোৱা, যি দিনা মই দেশত, অন্ন কি পানীৰ আকাল নহয়, কিন্তু যিহোৱাৰ বাক্য শুনাৰ আকাল ঘটাম, সেই দিন আহিছে।” (আমোচ ৮:১১) এনে আধ্যাত্মিক দুৰ্ভিক্ষৰ দ্বাৰা পীড়িত হোৱা ব্যক্তিসকল হৈছে খ্ৰীষ্টীয়জগতৰ লোক। কিন্তু তেওঁলোকৰ মাজত থকা নম্ৰ মনৰ ব্যক্তিসকলে যিহোৱাৰ লোকসকলৰ আধ্যাত্মিক উন্নতি দেখি সত্যতাক শিকিবলৈ আগবাঢ়ি আহিছে। যিহোৱাৰ লোক আৰু খ্ৰীষ্টীয়জগতৰ মাজত থকা পৃথকতাৰ বিষয়ে এইদৰে পঢ়িবলৈ পোৱা যায়: “চোৱা, মোৰ দাসবিলাকে হলে ভোজন কৰিব, কিন্তু তোমালোক ভোকত আতুৰ হবা; চোৱা, মোৰ দাসবিলাকে হলে পান কৰিব, কিন্তু তোমালোক পিয়াহত আতুৰ হবা; চোৱা, মোৰ দাসবিলাকে হলে মনত আনন্দ কৰিব, কিন্তু তোমালোকে লাজ পাবা।”—যিচয়া ৬৫:১৩.

২২. আমাৰ ওচৰত আনন্দিত হোৱাৰ কি কাৰণ আছে?

২২ যিহোৱাৰ উপাসক হোৱা হেতুকে আমি ব্যক্তিগতভাৱে আধ্যাত্মিক প্ৰবন্ধ আৰু ইয়াৰ লাভসমূহৰ প্ৰতি মূল্যাঙ্কন দেখুৱাওঁনে? আমি বাইবেল আৰু ইয়াৰ আধাৰিত আলোচনীবোৰ অধ্যয়ন কৰি, সন্মিলন আৰু অধিৱেশনবোৰত উপস্থিত হৈ অতিশয় আনন্দ লাভ কৰিছোঁ। তদুপৰি ঈশ্বৰৰ বাক্যৰ সঠিক বুজ পোৱাৰ দ্বাৰাও আমি আনন্দিত হৈছোঁ। যাৰ সৈতে আমোচৰ ভৱিষ্যতবাণীৰ বিষয়ে বুজি পোৱাতো সন্মিলিত আছে।

২৩.যিহোৱাক মহিমা কৰোঁতাসকলে কি কৰা উচিত?

২৩ ঈশ্বৰক প্ৰেম আৰু মহিমা কৰিবলৈ বিচৰা সকলৰ বাবে আমোচৰ ভৱিষ্যতবাণীয়ে এক আশাপূৰ্ণ সম্বাদ দিছে। আমাৰ আৰ্থিক পৰিস্থিতি যিয়েই নহওঁক বা যিনেকুৱাই পৰীক্ষাৰ সম্মুখীন নহম কিয়, আমি তেওঁৰ আশীৰ্ব্বাদ আৰু উত্তম আধ্যাত্মিক আহাৰ গ্ৰহণ কৰি আনন্দ উপভোগ কৰিছোঁ। (হিতোপদেশ ১০:২২; মথি ২৪:৪৫-৪৭) গতিকে এই সকলোবোৰৰ বাবে কেৱল যিহোৱাই মহিমা পোৱাৰ যোগ্য। এতেকে আঁহক আমি যিহোৱাৰ মহিমা চিৰকাললৈকে কৰিবলৈ দৃঢ়সঙ্কল্প লওঁহঁক। তেতিয়াহে আমাৰ বাবে হৃদয় পৰীক্ষা কৰোঁতা যিহোৱাক বিচৰাটো এক উল্লাসিতৰ বিষয় হʼব। (w04 11/15)

আপুনি উত্তৰ দিব পাৰিবনে?

• আমোচৰ সময়ত ইস্ৰায়েলৰ পৰিস্থিতি কেনে আছিল?

• দহ-জাতি ইস্ৰায়েলৰ ৰাজ্য আৰু বৰ্তমান সময়ৰ পৰিস্থিতিৰ মাজত কেনে সমান্তৰালতা দেখিবলৈ পোৱা যায়?

• ভৱিষ্যতবাণীত উল্লেখ কৰা কেনে ধৰণৰ দুৰ্ভিক্ষ বৰ্তমানে দেখা গৈছে, কিন্তু কোনসকলে ইয়াৰ দ্বাৰা পীড়িত হোৱা নাই?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৭ পৃষ্ঠাৰ ছবিসমূহ]

বহুতো ইস্ৰায়েল ব্যক্তিয়ে যদি বিলাসিতাপূৰ্ণ পৰিস্থিতিত আছিল, কিন্তু আধ্যাত্মিকভাৱে দুৰ্ভিক্ষতা ভুগীছিল

[১৯ পৃষ্ঠাৰ ছবি]

পূৰ্ণসময়ে ঈশ্বৰৰ সেৱা কৰা ভাই-ভনীসকলক উত্তম কাৰ্য্য কৰি থাকিবলৈ উৎসাহিত কৰক