Skip to content

Skip to table of contents

ঈশ্বৰৰ প্ৰেমৰ দ্বাৰা ঐক্যতাবদ্ধ

ঈশ্বৰৰ প্ৰেমৰ দ্বাৰা ঐক্যতাবদ্ধ

ঈশ্বৰৰ প্ৰেমৰ দ্বাৰা ঐক্যতাবদ্ধ

 প্ৰথম শতাব্দীত যেতিয়া প্ৰকৃত খ্ৰীষ্টান মণ্ডলী স্থাপন হয় তেতিয়া মণ্ডলীত দেখিবলৈ পোৱা উল্লেখনীয় বৈশিষ্ট্যতা আছিল সদস্যসকলে বিভিন্ন পৃষ্ঠভূমিৰ হোৱাৰ স্বত্ত্বেও তেওঁলোক ঐক্যতাবদ্ধ। সত্য ঈশ্বৰৰ সেই উপাসকসকল এছিয়া, ইউৰোপ আৰু আফ্ৰিকা দেশৰ বিভিন্ন জাতিৰ আছিল। তেওঁলোক বিভিন্ন পৃষ্ঠভূমিৰ আছিল, যেনে, পুৰোহিত, সৈনিক, দাস, শৰণাৰ্থী, কাৰিকৰ, বৃত্তিধাৰী আৰু বেপাৰী। তেওঁলোকৰ কিছুমান ইহুদী আৰু আনসকল অন্যজাতিৰ আছিল। তদুপৰি তেওঁলোকৰ মাজৰ বহুতে ব্যভিচাৰী, সমকামী ব্যক্তি, মদপী, চোৰ বা অপহাৰক আছিল। যিয়েই নহওক তেওঁলোক প্ৰকৃত খ্ৰীষ্টান হৈ সকলোবোৰ বেয়া অভ্যাসক ত্যাগ দি বিশ্বাসত অটুটভাৱে ঐক্যতাবদ্ধ হৈ পৰিল।

প্ৰথম শতাব্দীৰ প্ৰকৃত খ্ৰীষ্টান ধৰ্ম্মই কেনেকৈ তেনে লোকবিলাকক ঐক্যতাবদ্ধ কৰিব পাৰিলে? তেওঁলোকৰ এজনে আনজনৰ আৰু সাধাৰণ লোকসকলৰ মাজত কিয় শান্তিপূৰ্ণ অৱস্থা আছিল? তেওঁলোকে কিয় বিদ্ৰোহ আৰু সংঘৰ্ষত জড়িত হোৱা নাছিল? বৰ্তমান সময়ৰ মুখ্য ধৰ্ম্মবোৰৰ তুলনাত প্ৰাচীন সময়ৰ প্ৰকৃত খ্ৰীষ্টানসকলে কিয় একেবাৰে ভিন্ন আছিল?

প্ৰকৃত খ্ৰীষ্টান মণ্ডলীৰ সদস্যসকলক কিহে ঐক্যতাবদ্ধ কৰিলে

প্ৰথম শতাব্দীৰ খ্ৰীষ্টান মণ্ডলীৰ সদস্যসকলক ঐক্যতাবদ্ধ কৰাৰ মূল কাৰণটো আছিল তেওঁলোকৰ মাজত বিদ্যমান হোৱা ঈশ্বৰৰ প্ৰেম। কিয়নো তেওঁলোকে সম্পূৰ্ণ হৃদয় আৰু মনেৰে সৈতে যিহোৱা ঈশ্বৰক প্ৰেম কৰাৰ বিষয়ে ভালকৈ বুজি পাইছিল আৰু সেইয়া তেওঁলোকৰ জীৱনত প্ৰথম স্থান অধিকাৰ কৰিছিল। উদাহৰণস্বৰূপে, পাঁচনি পিতৰ এজন ইহুদী ব্যক্তি আছিল, তেওঁক এনে এজন বিদেশী ব্যক্তিৰ ঘৰলৈ যাবলৈ নিৰ্দ্দেশনা দিয়া হৈছিল যিজনৰ সৈতে সাধাৰণতে ইহুদীসকলে কোনো সম্বন্ধ নাৰাখে। যিহোৱাৰ প্ৰতি থকা প্ৰেমে তেওঁক সেই নিৰ্দ্দেশনা পালন কৰিবলৈ প্ৰেৰিত কৰিলে। পিতৰ আৰু প্ৰাচীন সময়ৰ আন খ্ৰীষ্টান ব্যক্তিসকলে ঈশ্বৰৰ সৈতে এক নিবিড় সম্পৰ্ক স্থাপন কৰি আনন্দ লাভ কৰিছিল যি তেওঁৰ ব্যক্তিত্ব, পছন্দ আৰু নাপছন্দ সম্বন্ধে থকা যথাৰ্থ জ্ঞান লোৱাৰ ওপৰত আধাৰিত আছিল। সময় অতিক্ৰম হোৱাৰ লগে লগে উপাসকসকলে বুজিব পাৰিলে যে যিহোৱাৰ ইচ্ছা হৈছে, তেওঁলোক “একে মন আৰু একে বিবেচনাত সিদ্ধ” হোৱা।—১ কৰিন্থীয়া ১:১০; মথি ২২:৩৭; পাঁচনিৰ কৰ্ম্ম ১০:১-৩৫.

ইয়াৰ উপৰিও উপাসকসকলে যীচুত বিশ্বাস কৰাৰ দ্বাৰাও অধিককৈ ঐক্যতাবদ্ধ হʼব পাৰিলে। কিয়নো সেই উপাসকসকলে নিবিড়ভাৱে যীচুৰ পদচিহ্নক অনুকৰণ কৰিব বিচাৰিছিল। যীচুৱে তেওঁলোকক এইদৰে আজ্ঞা দিছিল: “মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও যেন পৰস্পৰে প্ৰেম কৰা। তোমালোকে যদি পৰস্পৰৰ মাজত প্ৰেম ৰাখা, তেন্তে তোমালোক যে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব।” (যোহন ১৩:৩৪, ৩৫) এই প্ৰেম কোনো খন্তেকীয়া অনুভূতি নহয়, কিন্তু এক স্বাৰ্থত্যাগী। ইয়াৰ কেনে ফলাফল হʼবলগীয়া আছিল? যীচুৱে তেওঁক বিশ্বাস কৰাসকলৰ উদ্দেশ্যে এইদৰে প্ৰাৰ্থনা কৰিছিল: “এওঁবিলাকৰ নিমিত্তে মই নিবেদন কৰোঁ, . . . তুমি যেনেকৈ মোত, আৰু মই যেনেকৈ তোমাত, তেওঁবিলাকো তেনেকৈ যেন আমাত হয়।”—যোহন ১৭:২০, ২১; ১ পিতৰ ২:২১.

যিহোৱা ঈশ্বৰে উপাসকসকলক তেওঁৰ পবিত্ৰ আত্মা অৰ্থাৎ সক্ৰিয় শক্তি প্ৰদান কৰে। এই পবিত্ৰ আত্মাই উপাসকসকলৰ মাজত ঐক্যতা বজাই ৰাখাত সহায় কৰে। তদুপৰি ই সকলো মণ্ডলীয়ে গ্ৰহণ কৰা বাইবেল শিক্ষাসমূহক বুজিবলৈ তেওঁলোকৰ মন মুকলি কৰে। যিহোৱাৰ উপাসকসকলে একেই বাৰ্ত্তা অৰ্থাৎ সমুদায় মানৱজাতিৰ ওপৰত শাসন কৰিবলগীয়া মচীহৰ ৰাজ্যৰ স্বৰ্গীয় চৰকাৰৰ দ্বাৰা যিহোৱাৰ নাম পবিত্ৰ কৰণ কৰাৰ বিষয়ে প্ৰচাৰ কৰে। প্ৰাৰম্ভিক খ্ৰীষ্টানসকলে ‘এই জগতৰ নোহোৱাৰ’ প্ৰতি থকা তেওঁলোকৰ কৰ্তব্যক ভালদৰে বুজি পাইছিল। সেয়েহে যেতিয়া কোনো সামৰিক বিদ্ৰোহ বা সৈনিক সংঘৰ্ষ হৈছিল তেতিয়া তেওঁলোকে নিৰপেক্ষতা বলৱৎ কৰিছিল। তেওঁলোকে সকলোৰে সৈতে শান্তি বজাই ৰাখিছিল।—যোহন ১৪:২৬; ১৮:৩৬; মথি ৬:৯, ১০; পাঁচনিৰ কৰ্ম্ম ২:১-৪; ৰোমীয়া ১২:১৭-২১.

ঐক্যতা বজাই ৰাখিবলৈ সকলো বিশ্বাসী খ্ৰীষ্টানে তেওঁলোকৰ কৰ্তব্য পালন কৰিছিল। কেনেকৈ কৰিছিল? তেওঁলোকৰ আচাৰ-ব্যৱহাৰ বাইবেল অনুসাৰে হয় নে নহয় সেই বিষয়ে নিৰীক্ষণ কৰাৰ দ্বাৰা। এই বিষয়ে পাঁচনি পৌলে খ্ৰীষ্টানসকলক উদ্দেশ্য কৰি এইদৰে লিখিছিল: ‘পুৰাতন পুৰুষক পূৰ্ব্বকালৰ আচাৰৰ কথাত সলাই থৈ, নতুন পুৰুষক পিন্ধা।’—ইফিচীয়া ৪:২২-৩২.

ঐক্যতা বজাই ৰাখা হʼল

প্ৰথম শতিকাৰ খ্ৰীষ্টানসকল অসিদ্ধ হোৱাৰ বাবে এনে পৰিস্থিতি বিকশিত হৈছিল যাৰ বাবে ঐক্যতা বজাই ৰাখাটো প্ৰত্যহ্বানজনক হৈ পৰিছিল। উদাহৰণস্বৰূপে, পাঁচনিৰ কৰ্ম্ম ৬:১-৬ পদত গ্ৰীক আৰু হিব্ৰু ভাষা কোৱা ইহুদী খ্ৰীষ্টানসকলৰ মাজত বিভেদতা উৎপন্ন হৈছিল, যাৰ বাবে গ্ৰীক ভাষা কোৱা ইহুদীসকলে তেওঁলোকৰ ওপৰত পক্ষপাতিত্বমূলক আচৰণ কৰা বুলি ভাবিছিল। এই বিষয়ে এবাৰ পাঁচনিসকলক জনোৱাৰ পিছত সমস্যাটোক ন্যায়সঙ্গতৰূপে সমাধান কৰা হয়। পিছলৈ মূলনীতি সম্বন্ধীয় বিষয়ে খ্ৰীষ্টান মণ্ডলীত অইহুদী লোকে দায়িত্ব বহন কৰিব লাগে নে নালাগে এই সম্পৰ্কে বাদ-বিবাদলৈ পৰিচালিত কৰে। ইয়াক সমাধান কৰিবলৈ বাইবেল সিদ্ধান্তৰ ওপৰত আধাৰিত এক সিদ্ধান্ত লোৱা হয় আৰু এই সিন্ধান্তক একমত হৈ সকলোৱে গ্ৰহণ কৰে।—পাঁচনিৰ কৰ্ম্ম ১৫:১-২৯.

এই উদাহৰণবোৰে দেখুৱাইছে যে তেনে ধৰণৰ মতানৈক্যতাই প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে জাতিগত বিভেদতা বা মূলনীতিৰ ওপৰত থকা অনমনীয় দৃষ্টিভঙ্গীৰ বাবে অনৈক্যতা হোৱা নাছিল। কিয় হোৱা নাছিল? কিয়নো তেনে ঐক্যতা বজাই ৰাখাত সহায় কৰাৰ কাৰণ সমূহ আছিল, যিহোৱাৰ প্ৰতি থকা প্ৰেম, যীচু খ্ৰীষ্টৰ ওপৰত বিশ্বাস, এজনে আনজনৰ প্ৰতি দেখুৱা নিস্বাৰ্থপৰ প্ৰেম, পবিত্ৰ আত্মাই দিয়া নিৰ্দ্দেশনাৰ অনুসাৰে চলা, সকলোৱে একেইৰূপে বাইবেলৰ শিক্ষাবোৰ বুজি পাইছিল আৰু প্ৰত্যেকজনে নিজৰ পুৰাতন আচাৰ-ব্যৱহাৰক সলনি কৰিবলৈ সাজু আছিল। এই শক্তিশালী কাৰণসমূহৰ বাবে প্ৰাৰম্ভিক মণ্ডলীৰ সদস্যসকলৰ মাজত ঐক্যতা আৰু শান্তি বিদ্যমান হৈছিল।

আধুনিক সময়ত ঐক্যতাবদ্ধ হৈ উপাসনা কৰা

প্ৰাচীন খ্ৰীষ্টানসকলৰ দৰে বৰ্তমান সময়তো একেইদৰে ঐক্যতা দেখিবলৈ পোৱা যায়নে? সেই একেই কাৰণসমূহে সদস্যসকলক বিশ্বাসত একেলগ কৰি জগতৰ সকলো জাতি আৰু ভাষাৰ পৰা অহাৰ স্বত্ত্বেও সদস্যসকলৰ মাজত শান্তি বজাই ৰাখাত সফল হৈছেনে? অৱশ্যেই হৈছে! ২৩০ খনতকৈও অধিক দেশ, দ্বীপ আৰু এলেকাত থকা যিহোৱাৰ সাক্ষীসকলে বিশ্বব্যাপী ভাতৃত্বৰ ঐক্যতাবদ্ধ হৈছে। তেওঁলোকেও প্ৰথম শতিকাৰ প্ৰকৃত খ্ৰীষ্টানসকলৰ দৰে সেই একেই কাৰণসমূহৰ বাবে ঐক্যতাবদ্ধ।

যিহোৱা ঈশ্বৰৰ প্ৰতি থকা একান্ত ভক্তিয়ে হৈছে ইয়াৰ প্ৰমুখ কাৰণ, যিয়ে যিহোৱাৰ সাক্ষীসকলক ঐক্যতাবদ্ধ হোৱাত সহায় কৰিছে। ইয়াৰ অৰ্থ হৈছে তেওঁলোকে সকলো পৰিস্থিতিতে যিহোৱাৰ প্ৰতি আনুগত্য হʼবলৈ প্ৰাণপণে চেষ্টা কৰে। তদুপৰি যিহোৱাৰ সাক্ষীসকলে যীচু খ্ৰীষ্টৰ ওপৰত বিশ্বাস আৰু তেওঁৰ শিক্ষাৰ অনুসাৰে জীৱন-যাপন কৰে। এই খ্ৰীষ্টানসকলৰ প্ৰত্যেকজনে এজনে আনজনৰ প্ৰতি নিস্বাৰ্থ প্ৰেম প্ৰকাশ আৰু তেওঁলোকে থকা ঠাইবোৰত ঈশ্বৰৰ ৰাজ্যৰ সেই একেই শুভবাৰ্ত্তা প্ৰচাৰ কৰে। দৰাচলতে তেওঁলোকে সকলো ধৰ্ম্ম, জাতি, নাগৰিক আৰু সামাজিক সমূহক সেই ৰাজ্যৰ বিষয়ে জনাবলৈ পায় আনন্দিত হয়। যিহোৱাৰ সাক্ষীসকলে জগতৰ বিষয়বোৰত নিৰপেক্ষতা বজাই ৰাখে আৰু এনে কৰাৰ বাবে তেওঁলোকে মানৱজাতিক বিভাজিত কৰা ৰাজনৈতিক, সাংস্কৃতিক, সমাজ আৰু বাণিজ্যিক হেঁচাবোৰত শক্তিশালীৰূপে প্ৰতিৰোধ কৰিব পাৰে। বাইবেলৰ স্তৰসমূহৰ অনুসাৰে জীৱন-যাপন কৰি ঐক্যতা বজাই ৰাখিবলৈ প্ৰত্যেকজন যিহোৱাৰ সাক্ষীৰ সদস্যই নিজা কৰ্তব্যৰূপে গ্ৰহণ কৰে।

ঐক্যতাৰ প্ৰতি আনে আকৰ্ষিত হয়

সাধাৰণতে যিসকল যিহোৱাৰ সাক্ষী নহয়, তেওঁলোকে এনে ঐক্যতা দেখি প্ৰায়ে আগ্ৰহী হয়। উদাহৰণস্বৰূপে ইলীছ a নামৰ এগৰাকী মহিলাৰ বিষয়ে বিবেচনা কৰক। সেই মহিলা গৰাকীয়ে জাৰ্মানীৰ এখন কনভেন্টত নান আছিল। কিহে তাইক যিহোৱাৰ সাক্ষী হʼবলৈ আগ্ৰহী কৰিলে? এই প্ৰশ্নৰ উত্তৰত ইলীছে এইদৰে কয়: “মই লগ পোৱা লোকসকলৰ ভিতৰত তেওঁলোক হৈছে সকলোতকৈ উত্তম লোক। তেওঁলোকে কোনো যুদ্ধত ভাগ নলয় আৰু কোনো এজনৰো ক্ষতি সাধন কৰা কাৰ্য্য নকৰে। তেওঁলোকে ঈশ্বৰৰ ৰাজ্যৰ অধীনত থকা পৰমদেশত আনন্দেৰে জীয়াই থাকিবলৈ সকলোকে সহায় কৰিব বিচাৰে।”

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মানৰ সৈনিক হৈ ফ্ৰান্সলৈ যোৱা গোন্থৰ নামৰ ব্যক্তিজনৰ বিষয়ে বিবেচনা কৰক। এদিন এজন প্ৰটেষ্টান্ট পাদ্ৰীয়ে গোন্থৰৰ ইউনিটটোত এটা ধৰ্ম্মীয় সেৱা আয়োজন কৰিলে। পাদ্ৰীজনে ইউনিটটোৰ সুৰক্ষা আৰু বিজয়ৰ বাবে ঈশ্বৰৰ আশীৰ্ব্বাদ বিচাৰি প্ৰাৰ্থনা কৰিলে। সেই সেৱাৰ সমাপ্তিৰ পিছত গোন্থৰক চন্তৰী হিচাবে নিযুক্তি কৰা হʼল। নিজৰ বাইনাকুলাৰ বা দূৰবীণৰ দ্বাৰা যুদ্ধৰ আন পক্ষ্যত থকা শত্ৰু বাহিনীৰ ওপৰত লক্ষ্য কৰিলে আৰু দেখিবলৈ পালে যে এজন পাদ্ৰীয়ে পৰিচালনা কৰা সভাত শত্ৰু পক্ষৰ সৈনিকসকলো উপস্থিত হৈছে। পিছলৈ গোন্থৰে এইদৰে লক্ষ্য কৰিবলৈ পাৰিলে: “শত্ৰু পক্ষৰ পাদ্ৰীজনেও সম্ভৱতঃ সুৰক্ষা আৰু বিজয়ৰ বাবে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছে। মই ভাবি আচৰিত হʼলোঁ যে কেনেকৈ একেইখন যুদ্ধৰ আন পক্ষত খ্ৰীষ্টান গীৰ্জাৰ সদস্যসকলে থিয় দি আছে।” এই প্ৰশ্নটোৱে গোন্থৰৰ মনত গভীৰভাৱে প্ৰভাৱিত কৰিলে। পিছলৈ তেওঁ কোনো ধৰণৰ যুদ্ধত ভাগ নোলোৱা যিহোৱাৰ সাক্ষীসকলক লগ পায় আৰু তেওঁলোকৰ বিশ্বব্যাপী ভাতৃত্ব সমাজৰ ভাগ হৈ পৰে।

অশোক আৰু ফিমা পূব দেশৰ পৰা আহিছিল। তেওঁলোকৰ ঘৰত এজন দেৱতাৰ থাপনা আছিল। এবাৰ পৰিয়ালত যেতিয়া কোনো গম্ভীৰ বেমাৰ হৈছিল তেতিয়া তেওঁলোকে নিজৰ ধৰ্ম্মক পুনৰ নিৰীক্ষণ কৰে। যিহোৱাৰ সাক্ষীৰ সৈতে হোৱা কথোপকথনত অশোক আৰু ফিমাই বাইবেল শিক্ষা আৰু সাক্ষীসকলৰ মাজত থকা প্ৰেম দেখি অধিক প্ৰভাৱিত হয়। বৰ্তমান তেওঁলোকে যিহোৱাৰ ৰাজ্যৰ বাৰ্ত্তাৰ উৎসাহী প্ৰচাৰক হৈ সেৱা কৰি আছে।

ইলীছ, গোন্থৰ, অশোক আৰু ফিমা, এই সকলোৱে যিহোৱাৰ সাক্ষীসকলৰ বিশ্বব্যাপী ভাতৃত্ব সমাজৰ লাখ লাখ জনৰ সৈতে ঐক্যতাবদ্ধ। তেওঁলোকে বাইবেলৰ সেই প্ৰতিজ্ঞাসমূহৰ ওপৰত বিশ্বাস কৰে, যি কাৰণসমূহে তেওঁলোকক বৰ্তমান সময়ত ঐক্যতাৰে উপাসনা কৰিবলৈ সহায় কৰিছে আৰু অতি শীঘ্ৰেই সকলো আজ্ঞাকাৰী মানৱজাতিৰ সৈতে ঐক্যতাবদ্ধ হʼব। সেই সময়ত কোনো ধৰণৰ নিষ্ঠুৰতা, অনৈক্যতা আৰু ধৰ্ম্মৰ নামত বিভাজন নাথাকিব। সমুদায় পৃথিৱীৰ আজ্ঞাকাৰী লোক সত্য ঈশ্বৰ যিহোৱাৰ উপাসনাত ঐক্যতাবদ্ধ হʼব।—প্ৰকাশিত বাক্য ২১:৪, ৫. (w05 1/1)

[ফুটনোট]

a এই লেখটোত কিছুমানৰ ছদ্মনাম ব্যৱহাৰ কৰা হৈছে।

[৪, ৫ পৃষ্ঠাৰ ছবিসমূহ]

বিভিন্ন পৃষ্ঠভূমিৰ পৰা অহাৰ স্বত্ত্বেও প্ৰথম শক্তিকাৰ খ্ৰীষ্টানসকল ঐক্যতাবদ্ধ আছিল