Skip to content

Skip to table of contents

ধৰ্ম্মই মানুহৰ মাজত ঐক্যতা স্থাপন কৰিব পাৰে বুলি কিয় বহুতে সন্দেহ কৰে

ধৰ্ম্মই মানুহৰ মাজত ঐক্যতা স্থাপন কৰিব পাৰে বুলি কিয় বহুতে সন্দেহ কৰে

ধৰ্ম্মই মানুহৰ মাজত ঐক্যতা স্থাপন কৰিব পাৰে বুলি কিয় বহুতে সন্দেহ কৰে

 “চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা।” (মথি ২২:৩৯) এই প্ৰমুখ নীতিক বহুতো ধৰ্ম্মই পালন কৰে বুলি দাবী কৰে। যদি সেই ধৰ্ম্মবোৰৰ শিক্ষা কাৰ্য্যকাৰী হোৱা হʼলে তেওঁলোকৰ সদস্যসকলে নিজ নিজ চুবুৰীয়াক প্ৰেম আৰু সদস্যসকলে একেলগে কাষ চাপি আহি একত্ৰিত হʼব লাগিছিল। কিন্তু আপুনি সেই ধৰ্ম্মবোৰৰ সদস্যসকলে তেনেদৰে একত্ৰিত হোৱাটো লক্ষ্য কৰিব পাৰিছেনে? অলপতে জাৰ্মানীত হোৱা সমীক্ষণ কাৰ্য্যত এই প্ৰশ্নটো দাঙি ধৰে: “ঐক্যতা বজাই ৰাখিবলৈ ধৰ্ম্মবোৰে তেওঁলোকৰ সদস্যসকলৰ ওপৰত শক্তিশালীৰূপে প্ৰভাৱিত কৰিব পাৰিছেনে?” এই প্ৰশ্নৰ উত্তৰত কেৱল ২২ শতাংশ ধৰ্ম্মই একতা কৰে বুলি অনুভৱ কৰে, কিন্তু আনহাতে ৫২ শতাংশই বিভাজিত বা পৃথক হোৱা বুলি অনুভৱ কৰে। সম্ভৱতঃ আপোনাৰ দেশতো লোকসকলে প্ৰায়ে তেনে অনুভৱ কৰে।

ধৰ্ম্মবোৰে মানৱজাতিৰ মাজত ঐক্যতা আনিব পাৰে বুলি কিয় বহুতে দৃঢ় নিশ্চয়তা নহয়? ইয়াৰ কাৰণ হয়তো তেওঁলোকে ইতিহাসৰ পৰা জানিব পাৰিছে যে ধৰ্ম্মবোৰে লোকসকলক একত্ৰিত কৰাৰ পৰিৱৰ্তে বিভাজিত কৰিছে। উদাহৰণস্বৰূপে, ধৰ্ম্মই ঘটিত হোৱা এনে বহুতো সন্ত্ৰাসজনক বৰ্বৰতাৰ ঘটনাক লুকুৱাই ৰাখিছে। যোৱা এশ বছৰত ঘটা কিছুমান ঘটনাৰ বিষয়ে বিবেচনা কৰক।

ধৰ্ম্মৰ নামত

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বকেন নামৰ ঠাইত ৰোমান কেথলিক ক্ৰয়েটচ্‌ আৰু অৰ্থডক্স চাৰ্ব জনগোষ্ঠীৰ সদস্যসকলে যুদ্ধত লিপ্ত হৈছিল। এই দুয়োটা সমূহৰ সদস্যসকলে নিজকে সেই যীচুৰ অনুগামী বুলি দাবী কৰিছিল যিজনে তেওঁৰ অনুগামীসকলক নিজ নিজ চুবুৰীয়াক প্ৰেম কৰিবলৈ শিকাইছিল। এজন অনুসন্ধানকাৰীৰ মতে, সেই যুদ্ধ “ইতিহাসত ঘটা সকলোতকৈ অধিক গণহত্যা হোৱা যুদ্ধ আছিল।” সেই সময়ত ৫,০০,০০০ জনৰো অধিক পুৰুষ, স্ত্ৰী আৰু লʼৰা-ছোৱালীক কৰা হত্যাই সমস্ত জগতক আতঙ্কিত কৰি তুলিলে।

১৯৪৭ চনত ভাৰতবৰ্ষত প্ৰায় ৪০ কোটি অৰ্থাৎ গোটেই বিশ্বৰ ২০ শতাংশ জনসংখ্যা, প্ৰধানকৈ হিন্দু, মুছলমান আৰু শিখ ধৰ্ম্মাৱলী লোকেৰে ভৰি আছিল। যেতিয়া ভাৰতবৰ্ষখন বিভক্ত হʼল তেতিয়া মুছলমানসকলৰ পাকিস্তান দেশৰ জন্ম হয়। বিভাজনৰ সময়ত অনুক্ৰমিকৰূপে হোৱা ধৰ্ম্মীয় গণহত্যাত দুয়োখন দেশৰ লাখ লাখ শৰণাৰ্থীক জীৱন্তে দগ্ধ, বেত্ৰাঘাত, অমানুসিক নিৰ্য্যাতন আৰু গুলীয়াই হত্যা কৰা হয়।

এনেবোৰ উদাহৰণৰ দ্বাৰা হোৱা মানসিক উপদ্ৰবৰ ওৰ নপৰোঁতেই এই শতিকাত সন্ত্ৰাসবাদ এটা ভয়াবহ সমস্যা হৈ পৰিল। বৰ্তমান সময়ত সন্ত্ৰাসবাদ গোটেই বিশ্বৰ বাবে এটা সমস্যা হৈ পৰিছে আৰু এই সন্ত্ৰাসবাদ সমূহৰ লোকবিলাকে নিজকে কোনো এক ধৰ্ম্মৰ সৈতে জড়িত থকা বুলি দাবী কৰে। দৰাচলতে ধৰ্ম্মক ঐক্যতাৰ স্থাপক বুলি দৃষ্টি কৰা নহয়। ইয়াৰ বিপৰীতে অত্যাচাৰ আৰু অনৈক্যতা প্ৰায়ে ধৰ্ম্মৰ সৈতে জড়িত আছে। সেয়েহে ইয়াত আচৰিত হোৱাৰ কোনো কাৰণ নাই যে জাৰ্মানীত প্ৰকাশ পোৱা ফকাছ্‌ নামৰ আলোচনীখনে বৌদ্ধ, খ্ৰীষ্টীয়জগত, কনফুচীয়, হিন্দু, ইছলাম, জৈন আৰু তাওবাদ আদি মূল ধৰ্ম্মবোৰক বাৰুদ বুলি আখ্যা দিছে।

আভ্যন্তৰিক বিবাদসমূহ

কিছুমান ধৰ্ম্মই আন ধৰ্ম্মৰ সৈতে যুদ্ধ কৰে, আনহাতে কিছুমানে আভ্যন্তৰিক বিবাদবোৰৰ দ্বাৰা সমস্যা সৃষ্টি কৰিছে। উদাহৰণস্বৰূপে, বিগত কেইবছৰত খ্ৰীষ্টীয়জগতৰ মূলনীতিৰ ওপৰত চলি থকা তৰ্ক-বিতৰ্কৰ বাবে গীৰ্জাবোৰ বিভাজন হৈ পৰিছে। পাদ্ৰী আৰু গীৰ্জাৰ সদস্যসকলে এইদৰে প্ৰশ্ন কৰে: জন্মনিৰোধক অনুমোদিতনে? গৰ্ভপাতৰ বিষয়ে কি কʼব পাৰি? মহিলাক যাজক পদৰ দায়িত্ব দিয়া উচিতনে? সমলিঙ্গৰতিৰ প্ৰতি গীৰ্জাই কেনে দৃষ্টি কৰা আৱশ্যক? এটা ধৰ্ম্মই যুদ্ধৰ বাবে অনুমতি দিয়াটো ন্যায়যুক্ত হʼবনে? এনে অনৈক্যতাৰ বাবে বহুতে এনেদৰে চিন্তিত হয় যে, ‘যি ধৰ্ম্মই নিজৰ সদস্যসকল ঐক্যতাবদ্ধ কৰিব নোৱাৰে, তেনে এক ধৰ্ম্মই মানৱজাতিৰ মাজত ঐক্যতা স্থাপন কৰিব পাৰেনে?’

স্পষ্টৰূপে, সাধাৰণতে ধৰ্ম্মই মানৱজাতিৰ মাজত ঐক্যতা স্থাপন কৰাত বিফল হৈছে। কিন্তু সকলো ধৰ্ম্মই বিভাজিত নে? এনে এক সম্পূৰ্ণ পৃথকে থকা ধৰ্ম্ম আছেনে যি মানৱজাতিক ঐক্যতাবদ্ধ কৰিব পাৰে? (w05 1/1)

[৩ পৃষ্ঠাৰ ছবি]

১৯৪৭ চনত ভাৰতত ধৰ্ম্মসমূহৰ মাজত হোৱা সংঘৰ্ষত আৰক্ষীৰ লোকসকলে আহত হৈছিল

[স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

Photo by Keystone/Getty Images