Skip to content

Skip to table of contents

যিহোৱাৰ বাক্য জীয়া

যিহোৱাৰ বাক্য জীয়া

যিহোৱাৰ বাক্য জীয়া

যিহোচূৱা কিতাপৰ আলোকপাত

সা.যু.পূ. ১৪৭৩ চনত মোৱাবৰ সমতল ভূমিত ছাউনি পাতি থকা ইস্ৰায়েলসকলে “তোমালোকে তোমালোকৰ নিমিত্তে বাটৰ সমল যুগুত কৰা; কিয়নো, তোমালোকৰ ঈশ্বৰ যিহোৱাই অধিকাৰৰ অৰ্থে তোমালোকক যি দেশ দিছে, সেই দেশত সোমাই তাক অধিকাৰ কৰিবৰ নিমিত্তে তিন দিনৰ ভিতৰত তোমালোকে সেই যৰ্দ্দন নদী পাৰ হৈ যাব লাগিব,” বুলি দিয়া এই আজ্ঞা শুনি অৱশ্যেই ৰোমাঞ্চিত হৈছিল। (যিহোচূৱা ১:১১) অৰণ্যাঞ্চলত ৪০ বছৰ কাল বাস কৰাটো প্ৰায়ে সামৰণি পৰিবলগীয়া আছিল।

দুই দশকতকৈ অলপ অধিক সময়ৰ পিছত, নেতৃত্ব কৰা যিহোচূৱাই কানান দেশৰ মাজত থিয় হৈ ইস্ৰায়েলৰ বৃদ্ধ পুৰুষ সকলক এইদৰে আদেশ দিলে: “চোৱা, যি যি জাতিক মই উচ্ছন্ন কৰিলোঁ, সিহঁতৰ দেশেৰে সৈতে, যৰ্দ্দনৰ পৰা সূৰ্য্য মাৰ যোৱা ফালে মহা-সমুদ্ৰলৈকে, সকলো অৱশিষ্ট থকা জাতিৰ দেশ মই তোমালোকৰ ফৈদবোৰৰ আধিপত্যৰ অৰ্থে চিঠি-খেলৰ দ্বাৰাই তোমালোকক ভাগ বাঁটি দিলোঁ। তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ আগৰ পৰা সিহঁতক গতিয়াই পঠাব, আৰু তোমালোকৰ চকুৰ আগৰ পৰা সিহঁতক দূৰ কৰিব; তাতে, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক কোৱাৰ দৰে, তোমালোকে সিহঁতৰ দেশ অধিকাৰ কৰিবা।”—যিহোচূৱা ২৩:৪, ৫.

যিহোচূৱা কিতাপখন সা.যু.পূ. ১৪৫০ চনত যিহোচূৱাৰ দ্বাৰা লিখা হৈছিল আৰু এই কিতাপখনত ২২ বছৰৰ সময়ছোৱাত ঘটা ৰোমাঞ্চকৰ ঘটনাসমূহৰ ঐতিহাসিক বিৱৰণী পোৱা যায়। বৰ্তমান আমি যেনেকৈ প্ৰতিজ্ঞাত নতুন জগতৰ দুৱাৰডলিত থিয় আছোঁ, আমাৰ অৱস্থাক প্ৰতিজ্ঞাত দেশত প্ৰৱেশ কৰিবলৈ সাজু থকা ইস্ৰায়েলৰ সন্তানবিলাকৰ সৈতে তুলনা কৰিব পাৰি। গতিকে আঁহক আমি অতি মনোযোগেৰে যিহোচূৱা কিতাপত উল্লেখ কৰা বিৱৰণীৰ ওপৰত ধ্যান দিওঁহঁক।—ইব্ৰী ৪:১২.

‘যিৰীহোৰ সমথল ভূমিলৈ’ যাত্ৰা

(যিহোচূৱা ১:১-৫:১৫)

যিহোচূৱাই কি যে এক গধুৰ দায়িত্ব বহন কৰিলে, যেতিয়া যিহোৱা ঈশ্বৰে তেওঁক এইদৰে কʼল: “মোৰ দাস মোচিৰ মৃত্যু হল; এতেকে তুমি এতিয়া উঠা, এই সকলো লোকেৰে সৈতে, মই যি দেশ ইস্ৰায়েলৰ সন্তানবিলাকক দিছোঁ, সেই যৰ্দ্দন পাৰ হৈ সেই দেশলৈ যোৱা”! (যিহোচূৱা ১:২) যিহোচূৱাই লাখ সংখ্যক ইস্ৰায়েল জাতিক প্ৰতিজ্ঞাত দেশলৈ যোৱাত নেতৃত্ব কৰিছিল। যাত্ৰাৰ বাবে সাজু হোৱাৰ সময়ত জয় কৰাৰ পূৰ্বে তেওঁ দুজন গুপ্তচৰ যিৰীহো নগৰলৈ পঠিয়ালে। সেই নগৰত ৰাহাব নামৰ এগৰাকী বেশ্যা বাস কৰিছিল। তাই যিহোৱাই তেওঁৰ লোকবিলাকৰ পক্ষে কৰা সকলোবোৰ শক্তিশালী কাৰ্য্যৰ সংবাদ পাইছিল। তাই সেই দুজন গুপ্তচৰক নিৰাপত্তা আৰু সহায় কৰিলে আৰু বিনিময়ত তাই ধ্বংসৰ পৰা ৰক্ষা পোৱাৰ প্ৰতিজ্ঞা লাভ কৰিলে।

সেই দুজন গুপ্তচৰ উভটি অহাত যিহোচূৱা আৰু তেওঁৰ লোকসকলে যৰ্দ্দন নদী পাৰ হৈ আগবাঢ়িবলৈ সাজু হʼল। প্লাৱিত হোৱাৰ বাবে যৰ্দ্দন নদীৰ পানী যদিও দাঁতিলৈকে উপচি পৰিছিল, তথাপিও ই তেওঁলোকৰ বাবে কোনো বাধাৰ কাৰণ হোৱা নাছিল। কিয়নো যিহোৱা ঈশ্বৰে সেই নদীৰ পানীক ভেটা দিলে যাৰ ফলত পানী বৈ মৃত সাগৰত পৰিল আৰু যৰ্দ্দনৰ নামনি ভাগ শুকান স্থল হৈ পৰিল। ইস্ৰায়েলসকলে যৰ্দ্দন নদী পাৰ হৈ যিৰীহোৰ কাষত থকা গিল্‌গল নামৰ ঠাইত ছাউনি পাতিলে। চাৰি দিনৰ পিছত অৰ্থাৎ আবীবমাহৰ চতুৰ্দ্দশ দিনা তেওঁলোকে যিৰীহোৰ সমথলত নিস্তাৰ-পৰ্ব্ব উদ্‌যাপন কৰিলে। (যিহোচূৱা ৫:১০) তাৰ পাছদিনা ইস্ৰায়েলসকলে ভূমিত উৎপন্ন হোৱা শস্য খাব ধৰিলে আৰু মান্নাৰ প্ৰবন্ধ বন্ধ হʼল। এই সময়ছোৱাত যিহোচূৱাই অৰণ্যত জন্ম হোৱা সকলো পুৰুষক চুন্নত কৰিবলৈ আদেশ দিলে।

শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:

২:৪, ৫—সেই দুজন ইস্ৰায়েলী গুপ্তচৰক বিচাৰি ফুৰা ৰজাৰ সৈনিকক ৰাহাবে কিয় বিপথে পৰিচালিত কৰিলে? ৰাহাবে নিজৰ জীৱন বিপদপন্ন কৰি সেই দুজন গুপ্তচৰক এইবাবে ৰক্ষা কৰিলে, কিয়নো তাই যিহোৱা ঈশ্বৰক বিশ্বাস কৰিব ধৰিলে। গতিকে যিহোৱাৰ সেই দুজন লোকৰ অনিষ্ট সাধিব বিচাৰি ফুৰা সৈনিকক তেওঁলোকৰ বিষয়ে সংবাদ নিদিয়াত তাইৰ কোনো বাধ্য-বাধকতা নাছিল। (মথি ৭:৬; ২১:২৩-২৭; যোহন ৭:৩-১০) প্ৰকৃততে ৰাহাবে ৰজাৰ সৈনিকক বিপথে পৰিচালিত কৰাৰ স্বত্ত্বেও, তাই ‘কৰ্ম্মৰ দ্বাৰাই ধাৰ্ম্মিক বুলি গণিত হʼল।’—যাকোব ২:২৪-২৬.

৫:১৪, ১৫—“যিহোৱাৰ বাহিনীবিলাকৰ সেনাপতি” কোন আছিল? যিহোচূৱাক প্ৰতিজ্ঞাত দেশখন জয় কৰিবলৈ উৎসাহিত কৰা সেই সেনাপতিজন “বাক্য” অৰ্থাৎ মানৱপূৰ্বে অস্তিত্বত থকা যীচুৰ বাহিৰে আন কোনো হʼব নোৱাৰে। (যোহন ১:১; দানিয়েল ১০:১৩) এতেকে বৰ্তমান সময়ত যিহোৱাৰ লোকসকলে আধ্যাত্মিক যুদ্ধত ভাগ লোৱাৰ সময়ত যীচু খ্ৰীষ্টৰ মহিমান্বিতৰ আশ্বাস পোৱাটো বাস্তৱতে এক শক্তিশালী বিষয় নহয়নে বাৰু!

আমাৰ বাবে শিক্ষামূলক পাঠ:

১:৭-৯. আধ্যাত্মিক প্ৰচেষ্টাত সফলতা লাভ কৰিবলৈ আমি বাইবেলখন নিতৌ পাঠ, নিয়মীয়াকৈ কোৱা বিষয়বোৰক ধ্যান আৰু শিকা বিষয়বোৰৰ অনুসাৰে জীৱন-যাপন কৰা আৱশ্যক।

১:১১. যিহোৱাই প্ৰবন্ধ কৰা সময়ৰলৈকে অবাবতে অপেক্ষা কৰি থকাৰ পৰিৱৰ্তে ইস্ৰায়েলসকলক নিজৰ খাদ্য আৰু আন আৱশ্যকতাবোৰক সাজু কৰিবলৈ আগ্ৰহ কৰিছিল। তেনেদৰে যীচুৱে আমাক জীৱনৰ আৱশ্যকতাবোৰক লৈ চিন্তিত নহʼবলৈ উপদেশ দি তেওঁ “এই সকলোও তোমালোকক দিয়া হব” বুলি কৰা প্ৰতিজ্ঞাৰ অৰ্থ এইটো নাছিল যে আমি নিজকে পৃষ্ঠপোষকতা কৰিবলৈ কোনো কাৰ্য্য কৰা উচিত নহয়।—মথি ৬:২৫, ৩৩.

২:৪-১৩. ৰাহাবে যিহোৱাই কৰা আচৰিত কাৰ্য্যসমূহৰ বিষয়ে শুনি বিপদপন্ন অৱস্থাৰ বিষয়ে উপলব্ধি কৰিব পাৰিলে আৰু যিহোৱাৰ উপাসকসকলৰ পক্ষ লʼবলৈ এক নিৰ্ণয় ললে। যদি আপুনি কিছু সময়ৰ পৰা যিহোৱাৰ সাক্ষীসকলৰ সৈতে বাইবেল অধ্যয়ন কৰিছে আৰু আমি বাস কৰা সময়ছোৱা যে ‘শেষ-কাল’ বুলি জানিব পাৰি ঈশ্বৰক সেৱা কৰিবলৈ নিৰ্ণয় নলʼবনে?—২ তীমথিয় ৩:১.

৩:১৫. যিৰীহোলৈ যোৱা দুজন গুপ্তচৰৰ সমৰ্থসূচক ৰিপোৰ্ট শুনি যৰ্দ্দনৰ পানী শুকাই যোৱালৈ অপেক্ষা নকৰি যিহোচূৱাই ততালিকে কাৰ্য্য কৰিলে। একেইদৰে সত্য উপাসনাত জড়িত থকা কাৰ্য্য কৰিবলৈ পৰিস্থিতি অনুকূলজনক হোৱালৈ অপেক্ষা নকৰি সাহসী হৈ অনতিপলমে কাৰ্য্য কৰা উচিত।

৪:৪-৮, ২০-২৪. যৰ্দ্দন নদীৰ বুকুৰ পৰা সংগ্ৰহ কৰা সেই ১২ টা শিলাখণ্ডই ইস্ৰায়েলসকলৰ বাবে স্মৃতি চিহ্ন আছিল। একেইদৰে বৰ্তমান সময়ত যিহোৱাই তেওঁৰ লোকসকলক শত্ৰুৰ পৰা উদ্ধাৰ কৰিবলৈ কৰা কাৰ্য্যক উপাসকসকলৰ মাজত স্মৃতি হিচাবে সোঁৱৰা হয়।

একেৰাহে জয়ী হোৱা

(যিহোচূৱা ৬:১-১২:২৪)

যিৰীহো নগৰ “একেবাৰে বন্ধ আছিল; ভিতৰলৈ কি বাহিৰলৈ কোনেও ওলোৱা-সোমোৱা” কৰিব নোৱাৰিছিল। (যিহোচূৱা ৬:১) তেনেহʼলে কেনেকৈ নগৰখন জয় কৰিব পৰা গʼলহেঁতেন? যিহোৱা ঈশ্বৰে যিহোচূৱাক সেনা চালনাৰ জ্ঞান প্ৰদান কৰিলে। নগৰখনৰ ওখ দেৱালবোৰ খহি পৰাৰ লগে লগে নগৰখন ধ্বংস হয়। সেই নগৰখনৰ ধ্বংসত কেৱল ৰাহাব আৰু তাইৰ পৰিয়ালবৰ্গই ৰক্ষা পালে।

ইয়াৰ পিছত অয় নামৰ ৰাজকীয় নগৰখন জয় কৰা হয়। গুপ্তচৰসকলে দিয়া সংবাদত জনাই যে নগৰখনত বেছি জন-বসতি নাই, গতিকে নগৰখন জয় কৰিবলৈ বেছি সৈনিকৰ আৱশ্যক নাই। সেয়েহে অয় নগৰখন আক্ৰমণ কৰিবলৈ প্ৰায় ৩,০০০ জন সৈনিক পঠোৱা হয়, কিন্তু তেওঁলোকে অয় নগৰৰ সৈনিকসকলৰ আগত তিষ্ঠিব নোৱাৰি তাৰ পৰা পলায়ন কৰে। ইয়াৰ কাৰণ কি আছিল? যিহোৱা ইস্ৰায়েলসকলৰ সৈতে নাছিল। কিয়নো যিৰীহো নগৰ আক্ৰমণ কৰাৰ সময়ত যিহূদা বংশৰ আখান নামৰ ব্যক্তিজনে ব্যৱস্থাৰ বিৰোদ্ধে কাৰ্য্য কৰিছিল। সেই সমস্যাটোক সমাধান কৰাৰ পিছত, এইবাৰ যিহোচূৱাই অয় নগৰ আক্ৰমণ কৰিবলৈ গʼল। ইস্ৰায়েলসকলক এবাৰ পৰাস্ত কৰাৰ পিছত অয় নগৰৰ ৰজা যুদ্ধৰ বাবে আগ্ৰহেৰে ওলাই আহিল। কিন্তু যিহোচূৱাই অয় নগৰৰ সৈনিকসকলৰ আত্মবিশ্বাসৰ সৈতে ৰণৰ কৌশল খেলি অয় নগৰ জয় কৰিলে।

তাৰ পিছত গিবিয়োন নগৰখন আক্ৰমণ কৰিবলৈ আগবাঢ়িল। সেই নগৰখন ‘অয়তকৈয়ো ডাঙৰ আৰু তাৰ লোকবিলাকো বীৰপুৰুষ’ আছিল। (যিহোচূৱা ১০:২) ইস্ৰায়েলসকলে যিৰীহো আৰু অয় নগৰ জয় কৰাৰ বিষয়ে তাৰ লোকবিলাকে শুনিছিল। কিন্তু গিবিয়োনৰ লোকবিলাকে যিহোচূৱাৰ সৈতে ছলেৰে শান্তিৰ সন্ধি পাতিলে। ইয়াকে দেখি আশে-পাশে থকা জাতিবিলাকে প্ৰতাৰণা হোৱা যেন অনুভৱ কৰিলে আৰু তেওঁলোকৰ পাঁচজন ৰজাই বন্ধুত্ব পাতি গিবিয়োন আক্ৰমণ কৰে। ইস্ৰায়েলসকলে গিবিয়োনক ৰক্ষা কৰে আৰু আক্ৰমণকাৰী সকলক সম্পূৰ্ণকৈ পৰাস্ত কৰে। যিহোচূৱাৰ নেতৃত্বৰ অধীনত ইস্ৰায়েলসকলে দক্ষিণ আৰু পশ্চিমে থকা নগৰ আৰু উত্তৰত থকা সন্মিলিত ৰজাবোৰক পৰাস্ত কৰি তেওঁলোকৰ নগৰ অধিকাৰ কৰে। যৰ্দ্দনৰ পশ্চিমে থকা সকলো ৰজা অৰ্থাৎ প্ৰায় ৩১ জন ৰজাক পৰাস্ত কৰা হয়।

শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:

১০:১৩—সূৰ্য্য আৰু চন্দ্ৰ স্থিৰ হোৱাতো কেনেকৈ সম্ভৱ? স্বৰ্গ আৰু পৃথিৱী সৃষ্টি কৰা সৃষ্টিকৰ্ত্তা “যিহোৱাৰ জানো কোনো কথা দুঃসাধ্য আছে?” (আদিপুস্তক ১৮:১৪) যদি যিহোৱাই বিচাৰে, তেন্তে পৃথিৱী নিজ কক্ষপথত ঘূৰাত বন্ধ কৰিব পাৰে যাতে সূৰ্য্য আৰু চন্দ্ৰক পৃথিৱীৰ পৰা দৃষ্টি কৰিলে ৰৈ থকা যেনে লাগিব। অথবা সেই সময়ছোৱাত পৃথিৱী আৰু চন্দ্ৰৰ পৰিভ্ৰমণত কোনো বাধা নজন্মোৱাকৈ ৰশ্মি বায়ুৰ পৰা পানীত প্ৰৱেশ কৰি প্ৰতিসৰিত হোৱাৰ দৰে এনে কোনো মাধ্যমেৰে সূৰ্য্য আৰু চন্দ্ৰৰ ৰশ্মি প্ৰতিসৰিত কৰিব পাৰে, যাৰ বাবে এই দুটা জ্যোতিষ্কৰ পৰা একেৰাহে পোহৰ আহি থাকিব। যিয়েই নহওক, মানৱৰ ইতিহাসত “এনে আৰু কোনো দিন হোৱা নাই।”—যিহোচূৱা ১০:১৪.

১০:১৩—যাচেৰ পুস্তকখন কি? এই পুস্তকখনৰ বিষয়ে পুনৰাই ২ চমূৱেল ১:১৮ পদত “ধনূৰ্গীত” কবিতাটিক উল্লেখ কৰি বৰ্ণনা কৰা হৈছে। এই “ধনূৰ্গীত” হৈছে ইস্ৰায়েলৰ ৰজা চৌল আৰু তেওঁৰ পুত্ৰ যোনাথনৰ মৃত্যুৰ বিষয়ে গোৱা শোক গীত। এই পুস্তকখনত হয়তো বীৰত্বপূৰ্ণ গীত আৰু কবিতাৰ উল্লেখ বা হিব্ৰু লোকসকলৰ জনা-পৰিচিত আৰু ঐতিহাসিক বিষয়বোৰ লিপিবদ্ধ আছে।

আমাৰ বাবে শিক্ষামূলক পাঠ:

৬:২৬; ৯:২২, ২৩. যিৰীহো নগৰ ধ্বংসৰ সময়ত যিহোচূৱাই দিয়া অভিশাপ প্ৰায় ৫০০ বছৰৰ পিছত সিদ্ধ হয়। (১ ৰাজাৱলি ১৬:৩৪) নোহে তেওঁৰ নাতি কনানক দিয়া অভিশাপ গিবিয়োন বাসীসকলে বন্দী হোৱাত সিদ্ধ হয়। (আদিপুস্তক ৯:২৫, ২৬) যিহোৱাৰ বাক্য কেতিয়াও বিফল নহয়।

৭:২০-২৫. কিছুমানে হয়তো আখানে কৰা চুৰি কাৰ্য্যক সাধাৰণ ভুল বা তেওঁ কৰা চুৰি কাৰ্য্য কোনো এজনৰো হানি হোৱা নাই বুলি কৈ অব্যাহতি কৰিব পাৰে। তদুপৰি তেওঁলোকে সৰু-সুৰা চুৰি আৰু সৰু অপৰাধৰ অহিতে দিয়া বাইবেলৰ ব্যৱস্থাসমূহকো তুচ্ছ জ্ঞান কৰিব পাৰে। এতেকে বে-আইনী বা অনৈতিক কাৰ্য্যৰ প্ৰতি আমি যিহোচূৱাৰ দৰে দৃঢ়তাৰে পদক্ষেপ লোৱা উচিত।

৯:১৫, ২৬, ২৭. আমি কোৱা বাক্য আৰু কৰা চুক্তিক গম্ভীৰতাৰে লোৱা উচিত।

যিহোচূৱাই শেষবাৰৰ বাবে এক বৈশিষ্ট্যপূৰ্ণ কাৰ্য্য হাতত লোৱা

(যিহোচূৱা ১৩:১-২৪:৩৩)

যিহোচূৱা বৃদ্ধ হৈ আহিল আৰু তেওঁৰ বয়স আছিল ৯০ বছৰ। সেই সময়ত যিহোচূৱাই দেশখন ভাগ কৰিবলৈ আৰম্ভ কৰিলে। সেইটো বাস্তৱতে এক বৃহৎ কাৰ্য্য আছিল! ৰূবেণ, গাদ বংশ আৰু মনচি বংশৰ আধা সংখ্যক লোকে ইতিমধ্যেই উত্তৰাধিকাৰ হিচাবে যৰ্দ্দন নদীৰ পূব অংশ লাভ কৰিলে। বাকী থকা বংশক উত্তৰাধিকাৰ হিচাবে যৰ্দ্দনৰ পশ্চিম ফালে থকা অংশক ভাগ কৰি দিবলৈ বহুবাৰ মানচিত্ৰ তৈয়াৰ কৰিলে।

ইফ্ৰয়িমৰ অঞ্চলত থকা চীলোত উপাসনাগৃহ স্থাপনা কৰা হʼল। কালেবে হিব্ৰোণ নগৰখন লাভ কৰিলে আৰু যিহোচূৱাই তিম্নৎ-চেৰহ নগৰখন লʼলে। লেবীসকলক ৪৮ খন নগৰৰ সৈতে ৬ খন আশ্ৰয়-নগৰ দিয়া হʼল। উত্তৰাধিকাৰ হিচাবে লাভ কৰা যৰ্দ্দনৰ পূব অংশত থকা ঠাইবোৰলৈ উভটি যোৱাৰ পথত ৰূবেণ, গাদ বংশৰ যুদ্ধা আৰু মনচি বংশৰ আধা সংখ্যক লোকে ‘এটা বৰ ডাঙৰ যজ্ঞ-বেদী নিৰ্মাণ’ কৰিলে। (যিহোচূৱা ২২:১০) যৰ্দ্দনৰ পূব ফালে থকা বংশৰ লোকসকলে এই যজ্ঞ বেদীৰ নিৰ্মাণক ধৰ্ম্মত্যাগীৰ কাৰ্য্য বুলি দৃষ্টি কৰিলে আৰু ইস্ৰায়েল ফৈদ্যৰ মাজত প্ৰায় যুদ্ধ হʼবলগীয়া আছিল, কিন্তু উত্তমৰূপে কৰা কথোপকথনৰ বাবে তেনে ৰক্তপাত হোৱাৰ পৰা ৰক্ষা পৰিল।

যিহোচূৱাই তিম্নৎ-চেৰহত কিছু সময় বাস কৰা পিছত, তেওঁ ইস্ৰায়েলৰ সকলো বৃদ্ধলোক, বিচাৰকৰ্ত্তা, অধিকাৰীসকলক একেলগে মাতি পঠিয়ালে আৰু তেওঁলোকক সাহসী হৈ যিহোৱাৰ প্ৰতি বিশ্বাসী হৈ থাকিবলৈ আগ্ৰহ কৰিলে। পিছত যিহোচূৱাই ইস্ৰায়েলৰ সকলো গোত্ৰকে চিখিমত একগোট কৰিলে। তাত তেওঁ যিহোৱাই অব্ৰাহামৰ সময়ৰ পৰা লৈ কৰা সকলো কাৰ্য্যৰ বিষয়ে সোঁৱৰি সকলোকে ‘যিহোৱাক ভয় কৰি সকলো মন আৰু সত্যতাৰে আৰাধনা’ কৰিবলৈ পুনৰাই উৎসাহিত কৰিলে। লোকসকলে প্ৰেৰিত হৈ এইদৰে উত্তৰ দিলে: “আমি আমাৰ ঈশ্বৰ যিহোৱাৰেই আৰাধনা কৰিম, আৰু তেওঁৰেই বাক্যলৈ কাণ দিম।” (যিহোচূৱা ২৪:১৪, ১৫, ২৪) ইয়াৰ পিছত ক্ৰমান্বয়ে ১১০ বছৰ বয়সত যিহোচূৱাৰ মৃত্যু হয়।

শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:

১৩:১—ইয়াত উল্লেখ কৰা কথাশাৰী যিহোচূৱা ১১:২৩ পদত বৰ্ণনা কৰা কথাশাৰীৰ বিসদৃশ নহয়নে? অৱশ্যেই নহয়। প্ৰতিজ্ঞাত দেশ জয় কৰিবলৈ কৰা যুদ্ধত দুটা স্থিতি সন্মিলিত আছিল: প্ৰথমটো স্থিতি আছিল জাতীয় যুদ্ধত পৰাস্ত কৰা ৩১ জন ৰজা আৰু কানানৰ অহিতে কৰা যুদ্ধত কনানীয়াসকলক পৰাস্ত কৰা আৰু দ্বিতীয়টো ইস্ৰায়েলৰ বংশ আৰু ব্যক্তিগত কাৰ্য্যবোৰেৰে তেওঁলোকৰ সকলো সা-সম্পত্তি অধিকাৰ কৰা। (যিহোচূৱা ১৭:১৪-১৮; ১৮:৩) ইস্ৰায়েলৰ সন্তানবিলাকে যদিও তেওঁলোকৰ মাজৰ পৰা সম্পূৰ্ণকৈ কনানীয়াসকলক বহিষ্কাৰ কৰাত বিফল হৈছিল, তথাপিও জীৱিত থকা লোকসকলৰ বাবে ইস্ৰায়েলসকলৰ কোনো বিপদৰ কাৰণ নাছিল। (যিহোচূৱা ১৬:১০; ১৭:১২) যিহোচূৱা ২১:৪৪ পদত এইদৰে বৰ্ণনা কৰিছে যে, যিহোৱাই “চাৰিওফালে . . . তেওঁবিলাকক জিৰণি দিলে।”

২৪:২—অব্ৰাহামৰ পিতৃ তেৰহ মূৰ্ত্তি পূজক আছিলনে? পূৰ্বতে তেৰহ যিহোৱাৰ উপাসক নাছিল। সম্ভৱতঃ তেওঁ ঊৰ দেশৰ প্ৰসিদ্ধ দেৱ-দেৱী অৰ্থাৎ চীন নামৰ চন্দ্ৰ দেৱতাক উপাসনা কৰিছিল। ইহুদী ৰীতি-নীতিৰ অনুসাৰে তেৰহে হয়তো মূৰ্ত্তিবিলাকৰ নিৰ্মাণ কৰিছিল। কিন্তু ঈশ্বৰ আজ্ঞাৰ অনুসাৰে অব্ৰাহামে ঊৰ দেশ ত্যাগ কৰাত তেৰহও অব্ৰাহামৰ সৈতে হাৰণ নগৰলৈ গʼল।—আদিপুস্তক ১১:৩১.

আমাৰ বাবে শিক্ষামূলক পাঠ:

১৪:১০-১৩. কালেবৰ বয়স যদিও ৮৫ বছৰ আছিল তেওঁ হিব্ৰোণ অঞ্চলত থকা লোকসকলক বহিষ্কাৰ কৰাৰ এক কঠিন নিযুক্তি সম্পন্ন কৰিলে। সেই অঞ্চলত অসাধাৰণ আকৃতিৰ অনাকীয়া লোকসকল বাস কৰিছিল, কিন্তু যিহোৱাৰ সহায়ত এই অভিজ্ঞতাপূৰ্ণ যুদ্ধাজনে জয় লাভ কৰে আৰু হিব্ৰোণ এখন আশ্ৰয়-নগৰ হৈ পৰে। (যিহোচূৱা ১৫:১৩-১৯; ২১:১১-১৩) কালেবৰ উদাহৰণে আমি পোৱা কোনো কঠিন ঈশ্বৰ-শাসিত নিযুক্তিক সম্পন্ন কৰাত লাজ নকৰি সম্পূৰ্ণ কৰিবলৈ উৎসাহিত কৰে।

২২:৯-১২, ২১-৩৩. আমি আনৰ মনোবৃত্তিক ভুল ধাৰণা কৰাৰ পৰা আঁতৰি থকা উচিত।

‘এটা বাক্যও বিফল নহল’

বৃদ্ধ অৱস্থাত যিহোচূৱাই ইস্ৰায়েলৰ দায়িত্বশালী ব্যক্তিসকলক এইদৰে কয়: “তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ বিষয়ে যিমান কুশলৰ বাক্য কলে, তাৰ এটিও বিফল হোৱা নাই; তোমালোকৰ পক্ষে সেই সকলো সিদ্ধ হল।” (যিহোচূৱা ২৩:১৪) এই সত্যতা যিহোচূৱাৰ ঐতিহাসিক বৃতান্তত কিমান যে জীৱন্তভাৱে প্ৰকাশ পালে!

পাঁচনি পৌলে এইদৰে লিখিছিল: “আগেয়ে যি কথা কোৱা হৈছিল, আমি ধৈৰ্য্যেৰে আৰু শাস্ত্ৰৰ শান্ত্বনাৰে আশা পাবলৈ, আমাৰ শিক্ষাৰ নিমিত্তেহে সেই সকলো লিখা হৈছিল।” (ৰোমীয়া ১৫:৪) গতিকে আমি নিশ্চিত হʼব পাৰোঁ যে ঈশ্বৰে কৰা প্ৰতিজ্ঞা কেতিয়াও বিফল নহয়। তেওঁ কৰা প্ৰতিজ্ঞা কেতিয়াও বিফল নহʼব আৰু সকলোবোৰ সিদ্ধ হʼব। (w04 12/1)

[৩০ পৃষ্ঠাৰ ক্যাপ্‌শন]

(তলত দিয়া ঠাইবোৰৰ অৱস্থানৰ বিষয়ে জানিবলৈ আলোচনীত দিয়া সম্পূৰ্ণ মেপখন চাওক)

যিহোচূৱাৰ নেতৃত্বত জয় কৰা দেশবোৰ

বাচান

গিলিয়দ

অৰাবা

নেগেব্‌ (দক্ষিণ অঞ্চল)

যৰ্দ্দন নদী

লোণ সমূদ্ৰ

যাব্বোকৰ উপত্যকা

অৰ্ণোনৰ উপত্যকা

হাচোৰ

মাদোন

লচাৰোণ

চিম্ৰোণ

যক্‌নিয়াম

দোৰ

মগিদ্দো

কেদচ

তানক

হেফৰ

তিৰ্চা

অফেক

তপ্‌পূহ

বৈৎএল

অয়

গিল্‌গল

যিৰীহো

গেজৰ

যিৰূচালেম

মক্কেদা

যৰ্মূত

অদুল্লম

লিব্‌না

লাখীচ

ইগ্লোন

হিব্ৰোণ

দবীৰ

অৰাদ

[২৯ পৃষ্ঠাৰ ছবি]

আপুনি জানেনে ৰাহাব নামৰ বেশ্যা জনীক কিয় ধাৰ্ম্মিক বুলি গণা হʼল?

[৩০ পৃষ্ঠাৰ ছবি]

যিহোচূৱাই ইস্ৰায়েলসকলক ‘যিহোৱাক ভয় কৰি আৰাধনা’ কৰিবলৈ উৎসাহিত কৰিলে