Skip to content

Skip to table of contents

যীচুৰ আৰ্হিক অনুকৰণ কৰক

যীচুৰ আৰ্হিক অনুকৰণ কৰক

যীচুৰ আৰ্হিক অনুকৰণ কৰক

“মই তোমালোকলৈ যি দৰে কৰিলোঁ, তোমালোকেও যেন সেই দৰে কৰা।”—যোহন ১৩:১৫.

১. প্ৰকৃত খ্ৰীষ্টানসকলে কিয় যীচুৰ আৰ্হিক অনুকৰণ কৰা আৱশ্যক?

 মানৱৰ সমস্ত ইতিহাসত কেৱল এজন ব্যক্তিয়ে কোনো পাপ নকৰাকৈ জীৱিত আছিল। সেই ব্যক্তিজন যীচুৰ বাহিৰে আন কোনো হʼব নোৱাৰে। কিয়নো তেওঁৰ বাহিৰে “পাপ নকৰা মানুহ কোনো নাই।” (১ ৰাজাৱলি ৮:৪৬; ৰোমীয়া ৩:২৩) সেইবাবে প্ৰকৃত খ্ৰীষ্টানসকলে তেওঁ ৰাখা আৰ্হিক অত্যুত্তম বুলি দৃষ্টি কৰি অনুকৰণ কৰে। সা.যু. ৩৩ চনৰ নিচান মাহৰ ১৪ তাৰিখে মৃত্যু হোৱাৰ কিছু সময়ৰ পূৰ্বে যীচুৱে নিজেই শিষ্যসকলক তেওঁক অনুকৰণ কৰিবলৈ কৈছিল। যীচুৱে তেওঁলোকক এইদৰে কৈছিল: “মই তোমালোকলৈ যি দৰে কৰিলোঁ, তোমালোকেও যেন সেই দৰে কৰা।” (যোহন ১৩:১৫) শেষ নিশা যীচুৱে কেইবা প্ৰকাৰে শিষ্যসকলক তেওঁৰ দৰে হʼবলৈ উল্লেখ কৰিছিল। এই লেখটোত আমি তাৰে কিছুমান পদ্ধতিৰ বিষয়ে আলোচনা কৰিম।

নম্ৰতাৰ আৱশ্যকতা

২, ৩. যীচুৱে নম্ৰতাৰ কেনে আৰ্হি প্ৰস্তুত কৰিলে?

যীচুৱে বিশেষকৈ নম্ৰতাৰ গুণটোৰ বিষয়ে উল্লেখ কৰি শিষ্যসকলক তেওঁৰ আদৰ্শক অনুকৰণ কৰিবলৈ কৈছিল। নম্ৰতাৰ সম্বন্ধে তেওঁ কেইবা বাৰো শিষ্যসকলক উপদেশ দিছিল আৰু নিচান মাহৰ ১৪ তাৰিখৰ নিশাটোত যীচুৱে শিষ্যসকলৰ ভৰি ধুৱাই এই গুণটোক নিজেই প্ৰকাশ কৰিলে। তাৰ পিছত তেওঁ শিষ্যসকলক এইদৰে কʼলে: “প্ৰভু আৰু গুৰু যি মই, মই যদি তোমালোকৰ ভৰি ধুৱালোঁ, তেন্তে তোমালোকেও ইজনে সিজনৰ ভৰি ধুউৱা উচিত।” (যোহন ১৩:১৪) সেয়েহে যীচুৱে অনুগামীসকলক তেওঁৰ আৰ্হিক অনুকৰণ কৰিবলৈ আগ্ৰহ কৰিলে। সেই কাৰ্য্য নম্ৰতাৰ কিযে এক অত্যুত্তম আদৰ্শ আছিল!

পাঁচনি পৌলে আমাক কৈছে যে, যীচুৱে পৃথিৱীলৈ অহাৰ পূৰ্বে ‘ঈশ্বৰৰূপী আছিল।’ কিন্তু তেওঁ নিজকে শূন্য কৰি মানৱৰূপে জন্ম লৈ জগতলৈ আহিল। তদুপৰি “নিজকে সৰু কৰি, মৃত্যুলৈকে, এনে কি, ক্ৰুচীয় মৃত্যুলৈকে আজ্ঞাধীন হল।” (ফিলিপীয়া ২:৬-৮) খন্তেক বিবেচনা কৰক, যীচুৱে বিশ্বব্ৰহ্মাণ্ডৰ দ্বিতীয়জন শক্তিশালী ব্যক্তি হোৱাৰ স্বত্ত্বেও নিজকে স্বৰ্গদূতবোৰতকৈ নিম্ন কৰি অসহায় শিশু হিচাপে জন্ম গ্ৰহণ কৰি অসিদ্ধ মানৱীয় পিতৃ-মাতৃৰ অধীন হৈছিল আৰু অৱশেষত এজন অপৰাধীৰ দৰে মৃত্যুবৰণ কৰিবলগীয়া হʼল। (কলচীয়া ১:১৫, ১৬; ইব্ৰী ২:৬, ৭) ই কিযে এক অতুলনীয় নম্ৰতাৰ আদৰ্শ আছিল! “যীচুত যি ভাব” অৰ্থাৎ মনোভাব অনুকৰণ কৰি ‘নম্ৰতা’ গুণটো বিকশিত কৰাটো সম্ভৱনে? (ফিলিপীয়া ২:৩-৫) অৱশ্যেই সম্ভৱ যদিও ই সহজ নহয়।

৪. কিহে মানুহক অহঙ্কাৰ কৰি তুলে আৰু অহঙ্কাৰ কৰাটো কিয় বিপদজনক?

নম্ৰতাৰ বিপৰীত গুণটো হৈছে অহঙ্কাৰ বা গৰ্ব্বী। (হিতোপদেশ ৬:১৬-১৯) অহঙ্কাৰেই চয়তানৰ পতনৰ মূল কাৰণ হʼল। (১ তীমথিয় ৩:৬) অহঙ্কাৰ গুণটোৱে সহজে মানুহৰ হৃদয়ত বাহ লʼব পাৰে আৰু এবাৰ বাহ লʼলে ইয়াক আঁতৰ কৰাটো ইমান সহজ নহয়। লোকসকলে নিজৰ দেশ, জাতি, সা-সম্পত্তি, শিক্ষা, চাকৰিত পোৱা সফলতা, সমাজত থকা উচ্চ স্থান, তেওঁলোকৰ বহিঃৰূপ, খেল-ধেমালীৰ পাৰ্গতালি আৰু আন বহুতো কাৰণে অহঙ্কাৰ কৰে। তথাপিও যিহোৱা ঈশ্বৰৰ বাবে এইবোৰ গুৰুত্বপূৰ্ণ নহয়। (১ কৰিন্থীয়া ৪:৭) যদি সেইবোৰে আমাক অহঙ্কাৰী কৰি তুলে, তেন্তে তাৰ পৰিণামস্বৰূপে তেওঁৰ সৈতে থকা আমাৰ সম্বন্ধত বাঘ্যাত জন্মে। কিয়নো “যদিও যিহোৱা উন্নত, তথাপি তেওঁ নম্ৰ লোকলৈ দৃষ্টি কৰে; কিন্তু তেওঁ অহঙ্কাৰী লোকক দূৰৈৰ পৰা জানে।”—গীত ১৩৮:৬; হিতোপদেশ ৮:১৩.

নম্ৰসকল হৈছে আমাৰ ভাই-ভনী

৫. মণ্ডলীৰ প্ৰাচীনসকলে কিয় নম্ৰ হোৱা উচিত?

যিহোৱাৰ কাৰ্য্য সম্পন্ন কৰিবলৈ আমি আগবঢ়োৱা সাহায্য আৰু দান-বৰঙণি বা মণ্ডলীত পোৱা দায়িত্বৰ বাবে আমি অহঙ্কাৰী হোৱা উচিত নহয়। (১ বংশাৱলি ২৯:১৪; ১ তীমথিয় ৬:১৭, ১৮) দৰাচলতে আমাক দিয়া দায়িত্ব যিমানেই গুৰুত্বপূৰ্ণ হয়, আমি সিমানেই নম্ৰ হোৱা আৱশ্যক। সেয়েহে পাঁচনি পিতৰে মণ্ডলীৰ প্ৰাচীনসকলক উদ্দেশ্য কৰি এইদৰে কৈছিল যে, “তোমালোকৰ নিৰূপিত অধিকাৰৰ ওপৰত প্ৰভুত্ব নকৰি, জাকৰ আৰ্হি হৈ, তাৰ তত্ত্বাৱধান কৰা।” (১ পিতৰ ৫:৩) প্ৰাচীনসকলক প্ৰভুত্ব কৰিবলৈ নহয়, কিন্তু মণ্ডলীত সেৱা কৰিবলৈ আৰু উত্তম আৰ্হি বজাই ৰাখিবলৈহে নিযুক্ত কৰা হৈছে।—লূক ২২:২৪-২৬; ২ কৰিন্থীয়া ১:২৪.

৬. খ্ৰীষ্টান জীৱনধাৰাৰ কেনেবোৰ ক্ষেত্ৰত নম্ৰতা গুণটোৰ অতি আৱশ্যক?

কেৱল প্ৰাচীনসকলেই যে নম্ৰ হোৱা উচিত, এনে নহয়। বয়সস্থ ব্যক্তিসকলৰ সৈতে তুলনা কৰি নিজৰ শাৰীৰিক শক্তিৰ বাবে অহঙ্কাৰ কৰা ডেকা ব্যক্তিসকলৰ বিষয়ে পিতৰে এইদৰে লিখিছিল: “পৰস্পৰৰ হিতৰ কাৰণে নম্ৰতাৰূপ বস্ত্ৰেৰে কঁকাল বান্ধা; কিয়নো ঈশ্বৰে অহঙ্কাৰীবিলাকক প্ৰতিৰোধ কৰে, কিন্তু নম্ৰবিলাকক অনুগ্ৰহ দান কৰে।” (১ পিতৰ ৫:৫) প্ৰকৃততে সকলোৱে খ্ৰীষ্টৰ দৰে নম্ৰতা গুণটো বিকশিত কৰাটো অতি গুৰুত্বপূৰ্ণ। এই নম্ৰতা গুণটো বিশেষকৈ অত্যাচাৰৰ সম্মুখীন বা উদাসীনতা পৰিস্থিতিত একেৰাহে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰাটো অতি আৱশ্যক। নম্ৰতা গুণটোৱে আমাক পৰামৰ্শ গ্ৰহণ বা সৰলভাৱে জীৱন-যাপন কৰি অধিক সময় পৰিচৰ্য্যা কাৰ্য্যত অতিবাহিত কৰিবলৈ সহায় কৰে। তদুপৰি অতিশয় উৎপীড়ন, আইনৰ সহায় লৈ কৰা আক্ৰমণ, মিছা অপযশ দিয়া পৰিস্থিতিত বিশ্বাসত সাহসী আৰু নম্ৰ হোৱা প্ৰয়োজন।—১ পিতৰ ৫:৬.

৭, ৮. আমি নম্ৰতা গুণটো বিকশিত কৰাৰ কিছুমান পথ কি?

কিন্তু কেনেকৈ এজন ব্যক্তিয়ে অহঙ্কাৰ কৰাৰ পৰা আঁতৰি থাকি “নম্ৰভাবে প্ৰত্যকে নিজতকৈ অন্যক উত্তম বুলি” মানি আচৰণ কৰিব পাৰে? (ফিলিপীয়া ২:৩) যিহোৱা ঈশ্বৰে কৰাৰ দৰে তেওঁ নিজকে দৃষ্টি কৰিব পাৰে। যীচুৱে সঠিক মনোবৃত্তি বজাই ৰাখাৰ সম্পৰ্কে বৰ্ণনা কৰি এইদৰে কৈছিল: “তোমালোককো যি যি আজ্ঞা কৰা হৈছে, সেই সকলোকে কৰি এঁটাই, আমি অনুপযোগী দাস, আমাৰ যি কৰ্ত্তব্য, তাকেহে কৰিলোঁ, এই কথা কবা।” (লূক ১৭:১০) মনত ৰাখক যে যীচুৱে যি কৰিলে সেই কাৰ্য্যৰ তুলনাত আমাৰ কাৰ্য্য একেবাৰে নগণ্য। তথাপিও যীচু নম্ৰ আছিল।

ইয়াৰ উপৰিও আমি সঠিক মনোবৃত্তিৰ বিকশিত কৰিবলৈ সহায় বিচাৰি যিহোৱাক নিবেদন কৰা আৱশ্যক। সেয়েহে আমিও গীতমালা ৰচোঁতাজনৰ দৰে এইদৰে প্ৰাৰ্থনা কৰা উচিত: “মোক উত্তম বিচাৰ আৰু জ্ঞান শিক্ষা দিয়া; কিয়নো মই তোমাৰ আজ্ঞাবোৰত বিশ্বাস কৰিলোঁ।” (গীত ১১৯:৬৬) যিহোৱা ঈশ্বৰে অৱশ্যেই আমাক বোধগম্য হʼবলৈ, নিজৰ দৃষ্টিত ভাৰসাম্যতা বজাই ৰাখিবলৈ সহায় আৰু আমি নম্ৰতা মনোবৃত্তি বিকশিত কৰাৰ বাবে আশীৰ্ব্বাদ কৰিব। (হিতোপদেশ ১৮:১২) এই বিষয়ে যীচুৱে এইদৰে কৈছিল: “যি কোনোৱে নিজকে নিজে বৰ বুলি মানিব, তেওঁক সৰু কৰা হব; আৰু যিকোনোৱে নিজকে নিজে সৰু বুলি মানিব, তেওঁক বৰ কৰা হব।”—মথি ২৩:১২.

ভাল আৰু বেয়াৰ প্ৰতি এক সঠিক মনোবৃত্তি ৰাখক

৯. ভাল আৰু বেয়াৰ প্ৰতি যীচুৱে কেনে দৃষ্টি কৰিছিল?

যীচুৱে ৩৩ বছৰ সময় অসিদ্ধ মানৱৰ মাজত বাস কৰিও “বিনাপাপে” থাকিল। (ইব্ৰী ৪:১৫) প্ৰকৃততে গীতমালা ৰচোঁতাজনে মচীহৰ বিষয়ে কৰা ভৱিষ্যতবাণীত এইদৰে কৈছিল: “আপুনি ধাৰ্ম্মিকতাক প্ৰেম কৰি দুষ্টতাক ঘিণ কৰে।” (গীত ৪৫:৭; ইব্ৰী ১:৯) এই ক্ষেত্ৰতো প্ৰকৃত খ্ৰীষ্টানসকলে যীচুৰ আৰ্হিক অনুকৰণ কৰিবলৈ চেষ্টা কৰে। তেওঁলোকে কি ভাল বা কি বেয়া কেৱল সেই বিষয়ে জানে, এনে নহয়, কিন্তু বেয়াক ঘিণ আৰু ভালক ভাল পায়। (আমোচ ৫:১৫) ইয়ে তেওঁলোকক জন্মগতৰূপে পোৱা পাপময় প্ৰবৃতিৰ সৈতে একেৰাহে সংগ্ৰাম কৰিবলৈও সহায় কৰে।—আদিপুস্তক ৮:২১; ৰোমীয়া ৭:২১-২৫.

১০. যদি আমি অনুতপ্তহীনভাৱে “কু-আচৰণ” কৰোঁ, তেন্তে আমি কেনে মনোবৃত্তি প্ৰকাশ কৰিম?

১০ যীচুৱে নীকদীম নামৰ এজন ফৰীচী ব্যক্তিক এইদৰে কৈছিল: “যি কোনোৱে কু-আচৰণ কৰে, তেওঁ পোহৰক ঘিণায়; আৰু তেওঁৰ কৰ্ম্ম যেন দূষিত নহয়, এই নিমিত্তে তেওঁ পোহৰৰ ওচৰলৈ নাহে। কিন্তু যি জনে সত্য কৰ্ম্ম কৰে, তেওঁৰ কৰ্ম্ম যে ঈশ্বৰত কৰা হয়, সেয়ে প্ৰকাশিত হবলৈ, তেওঁ পোহৰৰ ওচৰলৈ আহে।” (যোহন ৩:২০,  ২১) বিবেচনা কৰক যে, যোহনে যীচুক “আটাই মানুহক পোহৰ দিওঁতা স্বৰূপ পোহৰ জগতলৈ আহি আছিল” বুলি চিনাক্ত কৰিলে। (যোহন ১:৯, ১০) আনকি যীচুৱে কৈছিল যে যদি আমি “কু-আচৰণ” অৰ্থাৎ ঈশ্বৰৰ গ্ৰহণযোগ্য নোহোৱা কাৰ্য্য কৰোঁ, তেন্তে প্ৰকৃততে আমি পোহৰক ঘৃণা কৰোঁ। যীচু আৰু তেওঁৰ স্তৰ বা সিদ্ধান্তসমূহক ঘৃণা কৰাৰ বিষয়ে আপুনি কল্পনা কৰিব পাৰেনে? এই কথাষাৰ তেনে ব্যক্তিসকলৰ সৈতে একেবাৰে সত্য, যিসকলে অনুতপ্তহীনভাৱে পাপ কাৰ্য্য কৰে। সম্ভৱতঃ তেওঁলোকে যীচু আৰু তেওঁৰ স্তৰসমূহক ঘৃণা কৰিছে বুলি বিবেচনা কৰা নাই। কিন্তু আচলতে তেওঁলোকে স্পষ্টৰূপে যীচু আৰু তেওঁৰ সিদ্ধান্তবোৰক ঘৃণা কৰে।

ভাল আৰু বেয়াৰ প্ৰতি থকা যীচুৰ মনোবৃত্তিক কেনেকৈ বিকশিত কৰিব পাৰি

১১. আমি যদি যীচু দৰে ভাল আৰু বেয়াৰ প্ৰতি থকা মনোবৃত্তি বিকশিত কৰিব বিচাৰিছোঁ, তেনেহʼলে কি কৰা অতি আৱশ্যক?

১১ যিহোৱাৰ দৃষ্টিত কি ভাল আৰু কি বেয়া সেই বিষয়ে আমি স্পষ্টকৈ বুজি পোৱা উচিত। সেই বুজশক্তি আমি কেৱল ঈশ্বৰৰ বাক্য বাইবেল অধ্যয়ন কৰিহে লাভ কৰিব পাৰোঁ। এনেদৰে অধ্যয়ন কৰাৰ সৈতে আমি গীতমালাৰ ৰচোঁতাজনৰ নিচিনাকৈ এইদৰে প্ৰাৰ্থনা কৰা আৱশ্যক: “হে যিহোৱা, তোমাৰ পথবোৰ মোক জনোৱা; তোমাৰ বাটবোৰ মোক শিকোৱা।” (গীত ২৫:৪) যিহেতু মনত ৰাখক যে চয়তান হৈছে এজন ধুৰ্ত ব্যক্তি। (২ কৰিন্থীয়া ১১:১৪) সি বেয়াক দেখাত ভাল কৰি এনেদৰে প্ৰস্তুত কৰিব যে যাৰ প্ৰতি খ্ৰীষ্টানসকলে সহজে প্ৰতাৰণাসাধ্য হʼব পাৰে। সেয়েহে আমি শিকা বিষয়বোৰক গভীৰভাৱে ধ্যান আৰু ‘বিশ্বাসী বুদ্ধিমান দাসবৰ্গই’ দিয়া পৰামৰ্শক নিবিড়ভাৱে পালন কৰা আৱশ্যক। (মথি ২৪:৪৫-৪৭) অধ্যয়ন, প্ৰাৰ্থনা আৰু শিকা বিষয়বোৰত কৰা ধ্যানে আমাক আধ্যাত্মিকত পৰিপক্ক হʼবলৈ সহায় কৰিব। তদুপৰি আমি তেওঁবিলাকৰ মাজৰ এজনা হʼব পাৰিম, যিসকলে “অভ্যাসৰ কাৰণে . . . জ্ঞানেন্দ্ৰিয়বোৰ ভাল-বেয়া বিষয় নিৰ্ণয় কৰাত নিপুণ।” (ইব্ৰী ৫:১৪) তাৰ পিছত আমি বেয়াক ঘৃণা আৰু ভালক প্ৰেম কৰিবলৈ আগ্ৰহী হʼম।

১২. বাইবেলৰ কেনে পৰামৰ্শই আমাক ঈশ্বৰ বিৰোধী কাৰ্য্য নকৰিবলৈ সহায় কৰিব?

১২ যদি আমি বেয়াৰ প্ৰতি ঘৃণা কৰাৰ মনোভাৱ বিকশিত কৰোঁ, তেন্তে আমাৰ হৃদয়ক বেয়াৰ প্ৰতি প্ৰলোভিত হʼবলৈ অনুমতি নিদিম। সেয়েহে যীচুৰ মৃত্যুৰ বহু বছৰৰ পিছত পাঁচনি যোহনে এইদৰে লিখিছিল: “তোমালোকে জগতক, বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিবা। কোনোৱে যদি জগতক প্ৰেম কৰে, তেন্তে পিতৃৰ প্ৰেম তেওঁৰ অন্তৰত নাই। কিয়নো জগতত যি সকলো আছে, অৰ্থাৎ মাংসৰ অভিলাষ, চকুৰ অভিলাষ, জীৱন কালৰ গৰ্ব্ব, এইবোৰ পিতৃৰ পৰা উৎপন্ন নহয়, জগতৰ পৰাহে হয়।”—১ যোহন ২:১৫, ১৬.

১৩, ১৪. (ক) প্ৰকৃত খ্ৰীষ্টানসকলৰ বাবে জগতৰ বস্তুবোৰক প্ৰেম কৰাটো কিয় বিপদজনক? (খ) জগতৰ বস্তুবোৰক প্ৰেম কৰাৰ পৰা আমি কেনেকৈ আঁতৰি থাকিব পাৰোঁ?

১৩ কিছুমানে হয়তো ভাবিব পাৰে যে এই জগতৰ সকলোবোৰ বেয়া নহয়। তথাপিও সেইবোৰে আমাক যিহোৱা ঈশ্বৰক সেৱা কৰাৰ পৰা বিৰত কৰিব পাৰে। এই জগতত এনে কোনো নাই যে যিয়ে আমাক ঈশ্বৰৰ কাষ চপাত সহায় কৰিব। সেয়েহে জগতত থকা কিছুমান বস্তু যদিও বেয়া নহয়, তথাপিও আমি সেইবোৰক প্ৰেম কৰোঁ তেন্তে আমি বিপদত পৰিব পাৰোঁ। (১ তীমথিয় ৬:৯, ১০) ইয়াৰ উপৰিও জগতত থকা বেছিভাগেই বেয়া আৰু এইবোৰে আমাক ভ্ৰষ্ট কৰিব পাৰে। যদি আমি হিংসাত্মক, ভৌতিকবাদ বা যৌন অনৈতিকতা ভৰা চলচিত্ৰ বা টেলিভিছনৰ কাৰ্য্যক্ৰম চাওঁ অথবা উপভোগ কৰোঁ, তেন্তে এইবোৰ আমাৰ বাবে প্ৰলুব্ধকাৰী হৈ পৰিব। যদি আমি ব্যৱসায়ৰ সুবিধাবাদী জীৱন-ধাৰাক অধিক গুৰুত্ব দিয়া বা বিকশিত কৰা ব্যক্তিৰ সৈতে সঙ্গতি কৰোঁ, তেনেহʼলে আমাৰ বাবেও তেনে ভৌতিক বস্তুবোৰ জীৱনত অধিক গুৰুত্বপূৰ্ণ হৈ পৰিব।—মথি ৬:২৪; ১ কৰিন্থীয়া ১৫:৩৩.

১৪ আনহাতে যদি আমি ঈশ্বৰৰ বাক্যত তৃপ্তি হওঁ, তেনেহʼলে “মাংসৰ অভিলাষ, চকুৰ অভিলাষ, জীৱন কালৰ গৰ্ব্ব” প্ৰতি আমি আকৰ্ষিত নহম। তদুপৰি আমি ঈশ্বৰৰ ৰাজ্যৰ কাৰ্য্যক নিজৰ জীৱনত প্ৰথম স্থান দিয়া ব্যক্তিসকলৰ সৈতে যদি সঙ্গতি কৰোঁ, তেন্তে তেওঁলোকে যিহক প্ৰেম কৰে আমি সেইবোৰক প্ৰেম আৰু যিবোৰৰ পৰা বিৰত থাকে, আমিও সেইবোৰৰ পৰা বিৰত থাকিম।—গীত ১৫:৪; হিতোপদেশ ১৩:২০.

১৫. যীচুৰ ক্ষেত্ৰত যি হৈছিল, তেনেকৈ ধাৰ্ম্মিকতাক প্ৰেম আৰু অধাৰ্ম্মিকতাক ঘৃণা কৰি আমি কেনেকৈ শক্তিশালী হʼব পাৰিম?

১৫ অধাৰ্ম্মিকতাক ঘিণ আৰু ধাৰ্ম্মিকতাক প্ৰেম কৰাৰ বাবে যীচুৱে “তেওঁৰ আগত থকা আনন্দৰ” ওপৰত ধ্যানকেন্দ্ৰিত কৰিব পাৰিলে। (ইব্ৰী ১২:২) আমাৰ সৈতেও একেইদৰে সত্য হʼব পাৰে। আমি জানোঁ যে “জগত, আৰু তাৰ অভিলাষ গুচি যাব লাগিছে।” গতিকে জগতে আগবঢ়োৱা সকলোবোৰ সুখ-সন্তোষ খন্তেকীয়া। কিন্তু “যি জনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, তেওঁ চিৰকাললৈকে থাকে।” (১ যোহন ২:১৭) কিয়নো যীচুৱে ঈশ্বৰৰ ইচ্ছা পূৰ্ণ কৰি মানৱজাতিয়ে অনন্ত জীৱন লাভ কৰাৰ পথ মুকলি কৰিলে। (১ যোহন ৫:১৩) এতেকে আঁহক আমি সকলোৱে যীচুৱে বজাই ৰাখা অখণ্ডতাৰ আৰ্হিক অনুকৰণ কৰি লাভৱান হওঁহঁক।

উৎপীড়নত ধৈৰ্য্য ধৰা

১৬. যীচুৱে কিয় তেওঁৰ শিষ্যবিলাকক পৰস্পৰে প্ৰেম কৰিবলৈ উৎসাহিত কৰিছিল?

১৬ শিষ্যসকলে তেওঁক অনুকৰণ কৰা আন এক ক্ষেত্ৰৰ বিষয়ে যীচুৱে এইদৰে কৈছিল: “মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও পৰস্পৰে প্ৰেম কৰিবা, এই মোৰ আজ্ঞা।” (যোহন ১৫:১২, ১৩, ১৭) প্ৰকৃত খ্ৰীষ্টান ভাই-ভনীসকলে এজনে আনজনক পৰস্পৰে প্ৰেম কৰাৰ বহুতো কাৰণ আছে। এই উপলক্ষ্যত যীচুৱে প্ৰধানকৈ তেওঁৰ শিষ্যসকল যে জগতৰ ঘৃণাৰ পাত্ৰ হʼব, এই কথা মনত ৰাখি এইদৰে কৈছিল: “জগতে যদি তোমালোকক ঘিণায়, তেন্তে জানিব লাগে যে, তোমালোকৰ আগেয়ে মোকেই ঘিণালে। দাস তাৰ প্ৰভুতকৈ ডাঙৰ নহয়, . . . তেওঁবিলাকে যদি মোকেই তাড়না কৰিলে, তেন্তে তোমালোককো তাড়না কৰিব।” (যোহন ১৫:১৮, ২০) দৰাচলতে খ্ৰীষ্টানসকলে খ্ৰীষ্টৰ দৰে তাড়নাৰ সম্মুখীন হʼব। গতিকে তেওঁলোকক কৰা ঘৃণাত থিৰে থাকিবলৈ তেওঁলোকৰ পৰস্পৰ মাজত থকা প্ৰেমৰ বন্ধন কটকটীয়া হোৱা আৱশ্যক।

১৭. প্ৰকৃত খ্ৰীষ্টানসকলে কিয় জগতৰ ঘৃণাৰ পাত্ৰ হʼবলগীয়া হয়?

১৭ জগতে খ্ৰীষ্টানসকলক কিয় ঘিণ কৰে? কিয়নো যীচুৰ দৰে তেওঁলোকেও “জগতৰ নহয়।” (যোহন ১৭:১৪, ১৬) তেওঁলোকে এই জগতৰ সৈন্য-বাহিনী, ৰাজনৈতিক বিষয়ত নিৰপেক্ষতা বজাই ৰাখে আৰু জীৱনৰ পবিত্ৰতাৰ প্ৰতি সন্মান কৰি বাইবেল সিদ্ধান্তসমূহ পালন কৰি এক উচ্চ নৈতিকস্তৰৰ অনুসাৰে জীৱন-যাপন কৰে। (পাঁচনিৰ কৰ্ম্ম ১৫:২৮, ২৯; ১ কৰিন্থীয়া ৬:৯-১১) তেওঁলোকে পাঁচনি পৌলে লিখাৰ দৰে এই জগতক ‘অতিৰিক্ত ব্যৱহাৰ নকৰে।’ (১ কৰিন্থীয়া ৭:৩১) সেয়েহে যিহোৱাৰ সাক্ষীসকলৰ উচ্চ সিদ্ধান্তসমূহৰ প্ৰতি প্ৰশংসা কৰে। মন কৰিবলগীয়া এই যে যিহোৱাৰ সাক্ষীসকলে প্ৰশংসা লাভ কৰিবলৈ বা আদৰণীয় হʼবলৈ কেতিয়াও মধ্যপন্থা নলয়। তেওঁলোকৰ তেনে কাৰ্য্যৰ বাবে জগতৰ বহুতে তেওঁলোকক বুজিব নোৱাৰে আৰু ঘৃণা কৰে।

১৮, ১৯. যীচুৰ আৰ্হিক অনুকৰণ কৰি প্ৰকৃত খ্ৰীষ্টানসকলে কেনেকৈ বিৰোধিতা আৰু তাড়ানাৰ সম্মুখীন হয়?

১৮ যীচুক আটক কৰি বধ কৰাৰ সময়ত জগতে তেওঁৰ সৈতে অত্যন্ত ঘৃণাভাৱে আচৰণ কৰা শিষ্যসকলে দেখিবলৈ পাইছিল। ধৰ্ম্মীয় নেতাবিলাকে গেৎচিমানী বাগিছাত যীচুক আটক কৰিবলৈ অহাত পিতৰে নিজৰ তৰোৱাল লৈ তেওঁক প্ৰতিৰক্ষা কৰিবলৈ চেষ্টা কৰিলে। কিন্তু যীচুৱে পিতৰক এইদৰে কʼলে: “তোমাৰ তৰোৱাল পুনৰায় তাৰ ঠাইত থোৱা; কিয়নো যিবোৰে তৰোৱাল ধৰে, সেই সকলোৱে তৰোৱালৰ দ্বাৰাই বিনষ্ট হব।” (মথি ২৬:৫২; লূক ২২:৫০, ৫১) প্ৰাচীন সময়ত ইস্ৰায়েলসকলে তেওঁলোকৰ তৰোৱাল লৈ শত্ৰুবিলাকৰ অহিতে যুদ্ধ কৰিছিল। কিন্তু যীচুৰ সময়ত পৰিস্থিতি একেবাৰে ভিন্ন আছিল। নতুবা ঈশ্বৰৰ ৰাজ্য “এই জগতৰ” ভাগ আছিল বা ইয়াৰ সীমাৰ প্ৰতিৰক্ষা বাবে তেওঁ বা তেওঁৰ শিষ্যবিলাকক যুদ্ধ কৰিবলগীয়া হৈছিল। (যোহন ১৮:৩৬) শীঘ্ৰেই পিতৰে এক আধ্যাত্মিক জাতিৰ ভাগ হʼবলৈ আছিল আৰু সেই জাতিৰ সদস্যসকলৰ নাগৰিকত্ব স্বৰ্গত পাবলগীয়া আছিল। (গালাতীয়া ৬:১৬; ফিলিপীয়া ৩:২০, ২১) সেয়েহে যীচুৰ শিষ্যসকলে ঘৃণা আৰু তাড়নাৰ প্ৰতি নিৰ্ভয়ে কিন্তু শান্তিময়ভাৱে যীচুৰ দৰে মনোবৃত্তি বজাই ৰাখিব লাগিছিল। তেওঁলোকে সম্পূৰ্ণ বিশ্বাসেৰে হʼবলগীয়া পৰিণাম যিহোৱা ঈশ্বৰৰ হাতত এৰি ধৈৰ্য্য শক্তিৰ বাবে সম্পূৰ্ণকৈ তেওঁৰ ওপৰত ভাৰসা কৰিব লাগিছিল।—লূক ২২:৪২.

১৯ কিছু বছৰৰ পিছত পিতৰে এইদৰে লিখিছিল: “তোমালোক যেন খ্ৰীষ্টৰ খোজৰ অনুগামী হোৱা, এই কাৰণে তেওঁ তোমালোকৰ অৰ্থে দুখভোগ কৰি, তোমালোকৰ কাৰণে এটি আৰ্হি ৰাখি গল। . . . নিন্দিত হোৱা কালত, প্ৰতিনিন্দা নকৰিলে; দুখ পোৱা কালত, ডাবি-ধম্‌কি নিদিলে; কিন্তু ন্যায়ৰূপে বিচাৰ কৰোঁতা জনাৰ ওপৰত ভাৰ দিলে।” (১ পিতৰ ২:২১-২৩) যীচুৱে সতৰ্ক কৰাৰ দৰে খ্ৰীষ্টানসকলে সময় অতিবাহিত হোৱাৰ লগে লগে অতিশয় তাড়নাৰ সম্মুখীন হৈছে। প্ৰথম শতিকাত আৰু বৰ্তমান সময়ৰ খ্ৰীষ্টানসকলে যীচুৰ আৰ্হিক অনুকৰণ কৰি বিশ্বাস আৰু ধৈৰ্য্যৰ এক উল্লেখযোগ্য অভিলেখ স্থাপন কৰি শান্তিময়ৰূপে অখণ্ডতা বজাই ৰাখোঁতা হিচাপে পৰিচয় দিছে। (প্ৰকাশিত বাক্য ২:৯, ১০) এতেকে আঁহক আমি সকলোৱে তেনে পৰিস্থিতিৰ সম্মুখীন হʼলে সেই একেইদৰে শান্তিময়ৰূপে অখণ্ডতা বজাই ৰাখোঁহঁক।—২ তীমথিয় ৩:১২.

“প্ৰভু যীচু খ্ৰীষ্টক পিন্ধা”

২০-২২. প্ৰকৃত খ্ৰীষ্টানসকলে কি প্ৰকাৰে ‘প্ৰভু যীচু খ্ৰীষ্টক পিন্ধে’?

২০ পাঁচনি পৌলে ৰোম চহৰত থকা খ্ৰীষ্টানসকললৈ এইদৰে লিখিছিল: “তোমালোকে প্ৰভু যীচু খ্ৰীষ্টক পিন্ধা, আৰু অভিলাষ পূৰ কৰিবৰ অৰ্থে নিজ নিজ মাংসৰ নিমিত্তে একো আয়োজন নকৰিবা।” (ৰোমীয়া ১৩:১৪) প্ৰকৃত খ্ৰীষ্টানসকলে বস্ত্ৰৰ দৰে যীচুক পৰিধান কৰে। তেওঁলোকে অসিদ্ধতা হোৱাৰ স্বত্ত্বেও তেওঁলোকৰ মহান শিক্ষক যীচুৰ আৰ্হিক সম্পূৰ্ণকৈ অনুকৰণ কৰিবলৈ চেষ্টা কৰে।—১ থিচলনীকীয়া ১:৬.

২১ আমিও ‘প্ৰভু যীচু খ্ৰীষ্টক পিন্ধি’ আমাৰ শিক্ষকজনৰ জীৱনধাৰাৰ সৈতে পৰিচিত হৈ তেওঁৰ দৰে জীৱন-যাপন কৰিবলৈ সম্পূৰ্ণ চেষ্টা কৰিম। আমি যীচুৰ নম্ৰতা, ধাৰ্ম্মিকতা প্ৰেম, অধাৰ্ম্মিকতাক ঘৃণা, ভাই-ভনীসকল প্ৰতি থকা প্ৰেম, এই জগতৰ কোনো ভাগ নোহোৱা আৰু তাড়নাত সহনশীল হোৱাৰ আৰ্হিক নিবিড়ভাৱে অনুকৰণ কৰিম। আমাৰ বাবে “অভিলাষ পূৰ কৰিবৰ অৰ্থে নিজ নিজ মাংসৰ নিমিত্তে একো আয়োজন” অৰ্থাৎ জাগতিক লক্ষ্যবোৰত উপনীত হৈ নিজৰ শাৰীৰিক ইচ্ছাক পূৰ কৰাক গুৰুত্ব নিদিম। ইয়াৰ পৰিৱৰ্তে কোনো এক নিৰ্ণয় বা সমস্যাক সমাধান কৰিবলৈ নিজকে এইদৰে সুধিম: ‘এনে পৰিস্থিতিত যীচুৱে কি কৰিলেহেঁতেন? মই কি কৰাটো তেওঁ বিচাৰে?’

২২ সৰ্ব্বশেষত আমি যীচুৰ দৰে ঈশ্বৰৰ “ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ” কাৰ্য্যত নিজকে ব্যস্ত ৰাখিম। (মথি ৪:২৩; ১ কৰিন্থীয়া ১৫:৫৮) এনেদৰে কৰাৰ দ্বাৰাও খ্ৰীষ্টান অনুগামীসকলে যীচুৱে ৰাখা আৰ্হিক অনুকৰণ কৰে। তেওঁলোকে কেনেকৈ অনুকৰণ কৰে, সেই বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰা হʼব। (w05 1/1)

আপুনি বৰ্ণনা কৰিব পাৰিবনে?

• এজন প্ৰকৃত খ্ৰীষ্টানে নম্ৰ হোৱাটো কিয় অতি আৱশ্যক?

• ভুল আৰু শুদ্ধৰ প্ৰতি আমি কেনেকৈ উপযুক্ত মনোবৃত্তি বিকশিত কৰিব পাৰোঁ?

• বিৰোধিতা বা তাড়নাৰ সম্মুখীন হোৱাৰ সময়ত কি প্ৰকাৰে যীচুৰ আৰ্হিক অনুকৰণ কৰিব পাৰি?

• কেনেকৈ “প্ৰভু যীচু খ্ৰীষ্টক পিন্ধা” সম্ভৱ?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৮ পৃষ্ঠাৰ ছবি]

নম্ৰতাৰ সম্পৰ্কে যীচুৱে অত্যুত্তম আৰ্হিক ৰাখিলে

[২০ পৃষ্ঠাৰ ছবি]

এজন প্ৰকৃত খ্ৰীষ্টান ব্যক্তিৰ সম্মুখত চয়তানে কোনো অনৈতিক মনোৰঞ্জনক দেখাত গ্ৰহণযোগ্য হিচাপে প্ৰস্তুত কৰিব পাৰে

[২১ পৃষ্ঠাৰ ছবি]

আমাৰ ভাই-ভনীসকলৰ প্ৰতি থকা প্ৰেমে আমাক তাড়নাৰ সময়ত বিশ্বাসত দৃঢ় কৰিব