Skip to content

Skip to table of contents

খ্ৰীষ্টত সকলো ভৱিষ্যতবাণী কেন্দ্ৰিত

খ্ৰীষ্টত সকলো ভৱিষ্যতবাণী কেন্দ্ৰিত

খ্ৰীষ্টত সকলো ভৱিষ্যতবাণী কেন্দ্ৰিত

“যীচুৰ সাক্ষ্যই ভাববাণীৰ আত্মা।”প্ৰকাশিত বাক্য ১৯:১০.

১, ২. (খ) সা.যু. ২৯ চনত আৰম্ভণিতে ইস্ৰায়েলসকলে কিহৰ বাবে অপেক্ষা কৰিছিল? (খ) এই লেখটোত কিহৰ বিষয়ে আলোচনা কৰা হʼব?

 সময় আছিল সা.যু. ২৯ চন আৰু ইস্ৰায়েলসকলে অতি উৎসাহেৰে প্ৰতিজ্ঞাত মচীহৰ আগমণলৈ অপেক্ষা কৰি আছিল। এনেতে যোহন বাপ্তিষ্মা দিওঁতাৰ প্ৰচাৰ কাৰ্য্যৰ বিষয়ে শুনি তেওঁলোক অতি উৎসাহিত আৰু আশাবাদী হৈ পৰিল। (লূক ৩:১৫) লোকসকলে যোহন বাপ্তিষ্মা দিওঁতাজনকে মচীহ বুলি ভাবিব ধৰিলে। কিন্তু তেওঁ নাচৰতীয়া যীচুহে যে সেই প্ৰতিজ্ঞাত মচীহ তাৰ প্ৰমাণ দি এইদৰে কৈছিল: “এওঁ যে ঈশ্বৰৰ পুত্ৰ হয়, তাৰ সাক্ষ্য দিলোঁ।” (যোহন ১:২০, ৩৪) এই বিষয়ে শুনি লোকসকলে যীচুক বিচাৰি উলিয়াই তেওঁৰ শিক্ষা শুনিবলৈ আৰু আৰোগ্য হʼবলৈ আগবাঢ়ি আহিল।

কিছু মাহৰ পিছত যীচুৱেই যে সেই প্ৰতিজ্ঞাত মচীহ আৰু ঈশ্বৰৰ পুত্ৰ, সেই বিষয়ে যিহোৱাই বহুতো প্ৰমাণ দিলে। যিসকলে শাস্ত্ৰীয় পদবোৰ অধ্যয়ন কৰি যীচুৱে কৰা কাৰ্য্যবোৰ মনোযোগেৰে লক্ষ্য কৰিছিল, তেওঁলোকে তেওঁক ঈশ্বৰৰ পুত্ৰ বুলি বিশ্বাস কৰিলে। যিহেতু অলপ সংখ্যক লোকৰ বাহিৰে বেছিভাগ ইস্ৰায়েলে যীচুক ঈশ্বৰৰ পুত্ৰ বুলি মানিবলৈ অস্বীকাৰ কৰিলে। (যোহন ৬:৬০-৬৯) যদি আপুনি সেই সময়ত বাস কৰা হʼলে, কি কৰিলেহেঁতেন? আপুনি যীচুক প্ৰতিজ্ঞাত মচীহ বুলি গ্ৰহণ কৰি তেওঁৰ বিশ্বাসী শিষ্য হʼলহেঁতেননে? এতিয়া আঁহক আমি বিশ্ৰাম-দিন উলঙ্ঘন কৰা বুলি যীচুক দিয়া অভিযোগৰ অহিতে তেওঁ কেনেকৈ নিজৰ পৰিচয় আৰু প্ৰমাণ দিলে, ইয়াৰ উপৰিও পিছলৈ নিষ্ঠাৱান শিষ্যবিলাকৰ বিশ্বাস দৃঢ় কৰিবলৈ দিয়া দুটা প্ৰমাণৰ বিষয়ে আলোচনা কৰোঁহঁক।

স্বয়ং যীচুৱে দিয়া প্ৰমাণসমূহ

৩. কেনে পৰিস্থিতিসমূহৰ বাবে যীচুৱে নিজৰ পৰিচয়ৰ বিষয়ে প্ৰমাণ দিবলগীয়া হʼল?

সা.যু. ৩১ চনত যীচুৱে নিস্তাৰ-পৰ্ব্ব পালন কৰাৰ উদ্দেশ্যৰে যিৰূচালেমত উপস্থিত হৈছিল। তাত তেওঁ প্ৰায় ৩৮ বছৰ ধৰি দীৰ্ঘ সময়ে ৰোগত পীড়িত হোৱা এজন ব্যক্তিক আৰোগ্য কৰাৰ অলপ পিছতে ধৰ্ম্মগুৰুসকলে যীচুক নিস্তাৰ-পৰ্ব্বৰ নিয়ম উলঙ্ঘন আৰু নিজৰ পিতৃ বুলি কৈ ঈশ্বৰক নিন্দা কৰাৰ অভিযোগত যীচুক হত্যা কৰিব বিচাৰিছিল। (যোহন ৫:১-৯, ১৬-১৮) সেই অভিযোগবোৰৰ অহিতে যীচুৱে যি তিনটা শক্তিশালী যুক্তি দাঙি ধৰিছিল, সেই যুক্তি শুনি এজন সত্যনিষ্ঠা ইহুদীয়ে নিশ্চয়ে তেওঁক মচীহ বুলি বিশ্বাস কৰিলেহেঁতেন।

৪, ৫. যোহনে কৰা প্ৰচাৰৰ উদ্দেশ্য কি আছিল আৰু এই কাৰ্য্যক তেওঁ কেনেকৈ সম্পন্ন কৰিলে?

ইয়াৰ প্ৰথমটো যুক্তিত যীচুৱে তেওঁৰ পূৰ্বে অহা যোহন বাপ্তিষ্মা দিওঁতাজনৰ বিষয়ে এইদৰে কৈছিল: “তোমালোকে যোহনৰ ওচৰলৈ মানুহ পঠালত, তেওঁ সত্যতাৰ পক্ষে সাক্ষ্য দিলে। সেই যোহন জ্বলি থকা দীপ্তিমন্ত প্ৰদীপ আছিল; আৰু তোমালোকে অলপ কাল তেওঁৰ পোহৰতে আনন্দ কৰিবলৈ সন্মত আছিলা।”—যোহন ৫:৩৩, ৩৫.

যোহন বাপ্তিষ্মা দিওঁতাজনে “জ্বলি থকা দীপ্তিমন্ত প্ৰদীপৰ” দৰে মচীহৰ সম্বন্ধে থকা ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰাৰ বাবে ৰজা হেৰোদে তেওঁক অন্যায়ভাৱে বন্দীশালত ভৰাই থৈছিল। যোহনে মচীহৰ বিষয়ে এইদৰে প্ৰচাৰ কৰিছিল: “ইস্ৰায়েল লোকৰ আগত তেওঁ প্ৰকাশিত হবলৈ, মই পানীত বাপ্তাইজ কৰি কৰি আহিলোঁ। . . . আকাশৰ পৰা আত্মাক কপৌৰ নিচিনা নামি, তেওঁৰ ওপৰত থকা দেখিলোঁ। মই তেওঁক নিচিনিলোঁ; কিন্তু যি জনাই পানীত বাপ্তাইজ কৰিবলৈ মোক পঠালে, সেই জনাই মোক কৈছিল, তুমি যি জনৰেই ওপৰত আত্মাক নামি থকা দেখিবা, পবিত্ৰ আত্মাত বাপ্তাইজ কৰোঁতা তেৱেঁই। আৰু মই তাকে দেখি, এওঁ যে ঈশ্বৰৰ পুত্ৰ হয়, তাৰ সাক্ষ্য দিলোঁ।” a (যোহন ১:২৬-৩৭) যীচুৱে যে সেই প্ৰতিজ্ঞাত মচীহ, তাক যোহনে স্পষ্টকৈ বুজি পাই সকলোকে জনাইছিল। এই সত্যতাৰ বিষয়ে যোহনৰ মৃত্যুৰ ঠিক আঠ মাহৰ পিছত সত্যনিষ্ঠা ইহুদীসকলে এইদৰে স্বীকাৰ কৰি কৈছিল: “যোহনে যি যি কথা কৈছিল, সেই সকলো সত্য।”—যোহন ১০:৪১, ৪২.

৬. যীচুৱে কৰা কৰ্ম্মবোৰত ঈশ্বৰৰ সমৰ্থন আছে বুলি লোকসকলে কিয় বিশ্বাস কৰিব পাৰিলে?

মচীহ হোৱাৰ দ্বিতীয় যুক্তিটোত আছিল যীচুৱে কৰা কাৰ্য্যত ঈশ্বৰৰ সমৰ্থন থকা। এই বিষয়ে তেওঁ এইদৰে কৈছিল: “মোৰ যি সাক্ষ্য আছে, সেয়ে যোহনৰ সাক্ষ্যতকৈ গুৰুতৰ; কিয়নো পিতৃয়ে যি যি কৰ্ম্ম মোক সিদ্ধ কৰিবলৈ দিলে, মই কৰা সেই সেই কৰ্ম্মই মোৰ বিষয়ে, পিতৃয়ে মোক পঠোৱাৰ সাক্ষ্য দিছে।” (যোহন ৫:৩৬) আনকি যীচুৰ শত্ৰুবিলাকেও তেওঁ কৰা আচৰিত কৰ্ম্মবোৰত ঈশ্বৰৰ সমৰ্থন আছে বুলি স্বীকাৰ কৰিছিল। উদাহৰণস্বৰূপে, প্ৰধান পুৰোহিত আৰু ফৰীচীবিলাকে এইদৰে সুধিছিল: “আমি কি কৰিছোঁ? এই মানুহে অনেক অনেক আচৰিত চিন দেখুৱাইছে।” (যোহন ১১:৪৭) কিন্তু অনেকে যীচুত বিশ্বাস কৰি এইদৰে কৈছিল: “যেতিয়া খ্ৰীষ্ট আহিব, এই মানুহে দেখুউৱা চিনতকৈ জানো তেওঁ অধিক আচৰিত চিন দেখুৱাব?” (যোহন ৭:৩১) যীচুত যে স্বৰ্গীয় পিতৃৰ গুণবোৰ সঠিককৈ প্ৰকাশ পাইছিল, সেই বিষয়ে তেওঁৰ শ্ৰোতাসকলে স্পষ্টকৈ দেখিবলৈ পাইছিল।—যোহন ১৪:৯.

৭. যীচুৰ বিষয়ে হীব্ৰু শাস্ত্ৰৰ পদবোৰে কেনেকৈ সাক্ষ্য দিছে?

তেওঁ দাঙি ধৰা তৃতীয় আৰু শক্তিশালী যুক্তিটো আছিল: “ধৰ্ম্মশাস্ত্ৰৰ কথা . . . মোৰ বিষয়ে সাক্ষ্য দিছে। তোমালোকে মোচিত বিশ্বাস কৰা হলে, মোতো বিশ্বাস কৰিলাহেঁতেন; কিয়নো তেওঁ মোৰ বিষয়ে লিখিলে।” (যোহন ৫:৪৬) আন প্ৰাচীন খ্ৰীষ্টানসকলৰ মাজত মোচিও এনে এজন ব্যক্তি আছিল যিজনে যীচুৰ বিষয়ে সাক্ষ্য দিছিল। তদুপৰি তেওঁলোকৰ লিখনিবোৰত এনে বহুতো ভৱিষ্যতবাণী আৰু বংশাৱলীৰ বৃতান্ত সন্মিলিত আছে যি প্ৰকৃত মচীহক চিনাক্ত কৰিবলৈ সহায় কৰে। (লূক ৩:২৩-৩৮; ২৪:৪৪-৪৬; পাঁচনিৰ কৰ্ম্ম ১০:৪৩) কিন্তু মোচিৰ ব্যৱস্থাৰ বিষয়ে কি কʼব পাৰি? এই বিষয়ে পাঁচনি পৌলে কৈছিল যে, “বিধানেই আমাৰ ৰখীয়া শিক্ষক হৈছিল।” (গালাতীয়া ৩:২৪) বাস্তৱতে “যীচুৰ সাক্ষ্যই ভাববাণীৰ আত্মা [বা ভৱিষ্যতবাণীৰ উদ্দেশ্য, অভিপ্ৰায় আৰু সম্পূৰ্ণ প্ৰৱণতা]।”—প্ৰকাশিত বাক্য ১৯:১০.

৮. বহুতো ইহুদীয়ে কিয় যীচুৱে যে প্ৰতিজ্ঞাত মচীহ, সেই বিষয়ে বিশ্বাস নকৰিলে?

আপুনি মচীহৰ সম্বন্ধে যোহনে দিয়া স্পষ্ট সাক্ষী, যীচুৰ আচৰিত কৰ্ম্ম, তেওঁত প্ৰকাশ পোৱা ঈশ্বৰীয় গুণ আৰু শাস্ত্ৰীয় পদবোৰে দাঙি ধৰা প্ৰমাণসমূহৰ সৈতে সন্মত নহʼবনে? যিজনে প্ৰকৃততে ঈশ্বৰ আৰু তেওঁৰ বাক্যৰ সৈতে প্ৰেম কৰে, তেওঁ নিশ্চয়ে যীচুৱে যে সেই প্ৰতিজ্ঞাত মচীহ, সেই বিষয়ে বিশ্বাস কৰিলেহেঁতেন। কিন্তু ইস্ৰায়েলসকলৰ মাজত তেনে প্ৰেমৰ অভাৱ হৈছিল। সেইবাবে যীচুৱে তেওঁৰ শত্ৰুবিলাকক এইদৰে কৈছিল: “মই তোমালোকক জানো যে, তোমালোকৰ ভিতৰত ঈশ্বৰৰ প্ৰেম নাই।” (যোহন ৫:৪২) তেওঁলোকে ‘ঈশ্বৰক মৰ্য্যদা দিয়াৰ পৰিৱৰ্তে ইজনে সিজনৰ পৰা মৰ্য্যদা পোৱাৰ’ অপেক্ষা কৰিছিল। নিঃসন্দেহ, যীচুৱে স্বৰ্গীয় পিতৃৰ দৰে তেওঁলোকৰ অভিপ্ৰায়ক অস্বীকাৰ কৰাৰ বাবে তেওঁলোকে যীচুক ঘিণ কৰিছিল।—যোহন ৫:৪৩, ৪৪; পাঁচনিৰ কৰ্ম্ম ১২:২১-২৩.

ভৱিষ্যতবাণীমূলক দৰ্শনৰ দ্বাৰা কিছুমান শিষ্যৰ বিশ্বাস দৃঢ় হোৱা

৯, ১০. (ক) যীচুৰ মহিমাৰ সম্বন্ধে দিয়া এক চিহ্ন শিষ্যবিলাকৰ বাবে সময়োচিত আছিল বুলি কিয় কʼব পাৰি? (খ) যীচুৱে তেওঁৰ শিষ্যবিলাকক কেনে এক উল্লেখনীয় প্ৰতিজ্ঞাৰে আশ্বাস দিছিল?

যীচুৱে নিজকে মচীহ হোৱাৰ বিষয়ে প্ৰমাণ দিয়া এবছৰ পাৰ হʼল। তদুপৰি সা.যু. ৩২ চনৰ নিস্তাৰ-পৰ্ব্ব পালন কৰাও সমাপ্ত হৈছিল। বহুতো লোকে দৈনন্দিন চিন্তাধাৰা, ভৌতিকতাবাদ আৰু তাড়নাৰ সম্মুখীন হোৱাৰ ভয়ত তেওঁক বিশ্বাস নকৰিলে। আনসকলে যীচুৱে ৰজা নোহোৱা দেখি নিৰুৎসাহিত হʼল। ধৰ্ম্মগুৰুসকলে জনোৱা প্ৰত্যাহ্বানৰ অনুসাৰে কোনো আচৰিত কৰ্ম্ম নকৰাৰ বাবে কিছুমানে বিমোৰত পৰিল। (মথি ১২:৩৮, ৩৯) তদুপৰি “তেওঁ যিৰূচালেমলৈ গৈ বৃদ্ধলোক, প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলৰ পৰা অনেক দুখভোগ পাই, আৰু মৃত্যুভোগ” কৰিব বুলি কোৱা কথাষাৰৰ তাৎপৰ্য্যতা বুজিব নোৱাৰি শিষ্যবিলাকে বিভ্ৰান্ত হৈছিল।—মথি ১৬:২১-২৩.

১০ “এই জগতৰ পৰা পিতৃৰ তʼলৈ” যোৱাৰ কেৱল ন বা দহমাহ সময় বাকী থকা দেখি যীচুৱে শিষ্যবিলাকৰ বিষয়ে চিন্তা কৰি ব্যাকুল হৈছিল। (যোহন ১৩:১) গতিকে তেওঁ শিষ্যবিলাকৰ বিশ্বাস দৃঢ় কৰাৰ উদ্দেশ্যৰে এনে আচৰিত চিহ্ন দেখুৱাবলগীয়া আছিল যি ভক্তিহীন ইহুদীবিলাকে দেখাৰ পৰা বঞ্চিত হʼল। এই সম্পৰ্কে যীচুৱে এইদৰে কৈছিল: “মই তোমালোকক স্বৰূপকৈ কওঁ, মানুহৰ পুত্ৰক নিজৰ ৰাজ্যলৈ অহা নেদেখেমানে মৃত্যুভোগ নকৰিব, এনে কোনো লোক, ইয়াত থিয় হৈ থকাবিলাকৰ মাজত আছে।” (মথি ১৬:২৮) এই বাক্যশাৰীৰ অৰ্থ এইটো নাছিল যে তেওঁৰ কিছুমান শিষ্য ১৯১৪ চনত স্থাপিত হʼবলগীয়া মচীহৰ ৰাজ্য নেদেখালৈকে জীয়াই থাকিব। তাৰ পৰিৱৰ্তে যীচুৰ তিনিজন শিষ্যই তেওঁক ৰাজ্যৰ মহিমাত অহাৰ পূৰ্বাভাস পাবলগীয়া আছিল। এই দৰ্শনত দেখা এই পূৰ্বাভাসক ৰূপান্তৰণ বুলি জনা যায়।

১১. ৰূপান্তৰণৰ বিষয়ে বৰ্ণনা কৰক।

১১ সেই কথাষাৰ কোৱাৰ ছদিনৰ পিছত পিতৰ, যাকোব আৰু যোহনৰ সৈতে যীচুৱে হৰ্মোণ পৰ্ব্বতৰ ওপৰলৈকে গʼল। যʼত “তেওঁ তেওঁলোকৰ আগতে অন্য ৰূপ ধৰিলে; তাতে তেওঁৰ মুখ সূৰ্য্যৰ দৰে দীপ্তিমান আৰু তেওঁৰ বস্ত্ৰ পোহৰৰ নিচিনা শুক্ল হল।” সেই ৰূপান্তৰণত ভৱিষ্যতবক্তা মোচি আৰু এলিয়াক যীচুৰ সৈতে কথোপকথন কৰা দেখা গৈছিল। সম্ভৱতঃ এই ৰূপান্তৰণ ৰাতিৰ ভাগত হোৱাৰ বাবে সকলোবোৰ স্পষ্টকৈ দেখিবলৈ পোৱা গৈছিল। আনকি এই ৰূপান্তৰণ ইমানেই বাস্তৱিক আছিল যে পিতৰে, যীচু, মোচি আৰু এলিয়াৰ বাবে একোটাকৈ পজাঁ সাজিবলৈ আগ্ৰহ কৰিলে। তেওঁ কথা কৈ থাকোঁতেই এডোখৰ উজ্জ্বল মেঘে তেওঁলোকক ছাঁ কৰি ধৰিলে আৰু এই আকাশীবাণী হʼল: “এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট; এওঁৰ কথা শুনা।”—মথি ১৭:১-৬.

১২, ১৩. ৰূপান্তৰণে যীচুৰ শিষ্যবিলাকৰ ওপৰত কেনে প্ৰভাৱ পেলাইছিল আৰু কিয়?

১২ কিছু দিনৰ পূৰ্বেই পিতৰে যীচুক “জীৱনময় ঈশ্বৰৰ পুত্ৰ” বুলি স্বীকাৰ কৰিছিল। (মথি ১৬:১৬) কিন্তু বিবেচনা কৰক যে ৰূপান্তৰণৰ সময়ত স্বয়ং যিহোৱাৰ মাত শুনিবলৈ আৰু যীচুৰ ভূমিকাৰ বিষয়ে জানিবলৈ পাই শিষ্যসকলে কেনে অনুভৱ কৰিছিল। এই ৰূপান্তৰণ পিতৰ, যাকোব আৰু যোহনৰ বিশ্বাস দৃঢ় কৰা নাছিলনে বাৰু! এতিয়া তেওঁলোকে আহিবলগীয়া তাড়নাৰ সম্মুখীন হʼবলৈ আৰু ভৱিষ্যতে মণ্ডলীত গুৰুত্বপূৰ্ণ ভূমিকা আদায় কৰিবলৈ আগতকৈ অধিক প্ৰস্তুত আছিল।

১৩ ৰূপান্তৰণে যে শিষ্যসকলৰ মনত এক গভীৰ প্ৰভাৱ পেলাইছিল, সেই বিষয়ে আমি তেওঁলোকে লিখা বাক্যৰ দ্বাৰা জানিব পাৰোঁ। উদাহৰণস্বৰূপে, ৰূপান্তৰণৰ ৩০ বছৰৰ পিছত পাঁচনি পিতৰে এইদৰে কৈছিল: “এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁতেই মই পৰম সন্তুষ্ট, মহিমাযুক্ত প্ৰতাপেৰে তেওঁলৈ অহা এই বাণীৰ দ্বাৰাই, [যীচু] পিতৃ ঈশ্বৰৰ পৰা সমাদৰ আৰু গৌৰৱ পাইছিল; আৰু আমি তেওঁৰ লগত পবিত্ৰ পৰ্ব্বতত থাকোঁতে, স্বৰ্গৰ পৰা অহা সেই বাণী নিজে শুনিলোঁ।” (২ পিতৰ ১:১৭, ১৮) ঠিক সেইদৰে ৬০ বছৰৰ পিছত যোহনেও এইদৰে লিখিবলৈ প্ৰেৰিত হৈছিল: “পিতৃৰ একমাত্ৰ পুত্ৰৰ উপযুক্ত যি প্ৰভাৱ, সেই প্ৰভাৱ আমি দেখিলোঁ।” (যোহন ১:১৪) ৰূপান্তৰণৰ উপৰি শিষ্যসকলে অন্য বহুতো দৰ্শন দেখাৰ বিশেষাধিকাৰ পাইছিল।

সত্যনিষ্ঠা উপাসকবিলাকৰ বাবে অতিৰিক্ত স্পষ্টিকৰণ

১৪, ১৫. কি অৰ্থত যোহনে যীচু নহালৈকে জীয়াই থাকিবলগা আছিল?

১৪ পুনৰুত্থান হোৱাৰ পিছত যীচুৱে তেওঁৰ শিষ্যবিলাকক গালীল সাগৰৰ ওচৰত দেখা দিছিল। তাত তেওঁ পিতৰক এইদৰে কৈছিল: “মই নহালৈকে তেওঁ [যোহন] যেন থাকে, এই ইচ্ছা যদি কৰোঁ তাত তোমাৰ কি কাম? (যোহন ২১:১, ২০-২২, ২৪) এই বাক্যবোৰে আন সকলো শিষ্যতকৈ যোহনে অধিক সময় জীয়াই থকা বিষয়ে বুজাইছিল নে? সম্ভৱতঃ তাকে বুজাইছিল বুলি কʼব পাৰি, কিয়নো তেওঁ আন শিষ্যবিলাকৰ তুলনাত প্ৰায় ৭০ বছৰতকৈ অধিক সময় ধৰি যিহোৱাক সেৱা কৰিছিল। তথাপিও যীচুৱে কোৱা এই বাক্যশাৰীৰ অৰ্থ ইয়াতকৈ অধিক আছিল।

১৫ “মই নহালৈকে,” এই উক্তিটোৱে আমাক “মানুহৰ পুত্ৰক নিজৰ ৰাজ্যলৈ অহা” বুলি কোৱা যীচুৰ কথাষাৰৰ বিষয়ে মনত পেলায়। (মথি ১৬:২৮) যীচুৱে নিজৰ ৰাজ্যলৈ অহা সম্পৰ্কে ভৱিষ্যতবাণীমূলক দৰ্শন নেদেখালৈকে যোহনে জীয়াই থাকিবলগীয়া আছিল। আমি জানো যে যোহনে জীৱনৰ শেষৰছোৱাত পাত্ম নামৰ দ্বীপত বন্দী হৈ থকাৰ সময়ত সেই দৰ্শন দেখিছিল। যʼত তেওঁ “প্ৰভুৰ দিনত হোৱা” আচৰিত ঘটনাবোৰৰ দৃশ্য দেখিব পাইছিল। এই ভৱিষ্যতবাণীমূলক দৰ্শনে যোহনক ইমানেই প্ৰভাৱিত কৰিলে যে তেওঁ “মই বেগাই গৈছোঁ” বুলি যীচুৱে কোৱাত, উৎসাহিত হৈ “আমেন; হে প্ৰভু যীচু, আহক” বুলি কৈছিল।—প্ৰকাশিত বাক্য ১:১, ১০; ২২:২০.

১৬. আমি কিয় নিৰন্তৰে নিজৰ বিশ্বাস দৃঢ় কৰা আৱশ্যক?

১৬ প্ৰথম শতিকাৰ নম্ৰ মনৰ ব্যক্তিসকলে যীচুক মচীহৰূপে মানি তেওঁত বিশ্বাস কৰিছিল। নতুনকৈ শিষ্য হোৱা সকলৰ বিশ্বাস দৃঢ়, প্ৰচাৰ কাৰ্য্যত উৎসাহী হৈ ভাগ আৰু একেৰাহে বিশ্বাসক বজাই ৰাখিবলৈ সহায়ৰ আৱশ্যক আছিল। সেইবাবে যীচুৱে তেওঁৰ মচীহ হোৱা অনেক প্ৰমাণ আৰু ভৱিষ্যদ্বাণীমূলক দৰ্শনৰ দ্বাৰা শিষ্যসকলৰ বিশ্বাস দৃঢ় কৰিলে। বৰ্তমান সময়ত আমি যোহনে দেখা সেই “প্ৰভুৰ দিনত” জীয়াই আছোঁ আৰু যীচুৱে অতি শীঘ্ৰেই চয়তানৰ এই ৰীতি-ব্যৱস্থাক ধ্বংস কৰি ঈশ্বৰৰ লোকক উদ্ধাৰ কৰাৰ পদক্ষেপ লʼব। এতেকে আমিও আধ্যাত্মিক হিতৰ বাবে থকা যিহোৱাৰ প্ৰবন্ধবোৰক সম্পূৰ্ণকৈ ব্যৱহাৰ কৰি নিজৰ বিশ্বাস দৃঢ় কৰা আৱশ্যক।

আধ্যাত্মিক অন্ধকাৰ আৰু কঠিন পৰীক্ষাৰ মাজতো বিশ্বাস বজাই ৰাখা

১৭, ১৮. প্ৰথম শতিকাৰ খ্ৰীষ্টান আৰু বিৰোধিসকলৰ মাজত কেনে ভিন্ন পৰিস্থিতি দেখা গৈছিল আৰু প্ৰত্যেকটো সমূহে কেনে ফলাফল লাভ কৰিলে?

১৭ শিষ্যসকলে যীচুৰ মৃত্যুৰ পিছত ‘যিৰূচালেম আদি কৰি গোটেই যিহূদিয়া আৰু চমৰিয়া দেশত, আৰু পৃথিৱীৰ সীমালৈকে’ সাহসী হৈ প্ৰচাৰ কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ১:৮) অত্যন্ত তাড়নাৰ স্বত্ত্বেও যিহোৱাই তেওঁলোকৰ নতুনকৈ গঠন হোৱা মণ্ডলী আৰু শিষ্যবিলাকক আধ্যাত্মিক অন্তৰ্দৃষ্টি প্ৰদান কৰাৰ দ্বাৰা আশীৰ্ব্বাদ দিছিল।—পাঁচনিৰ কৰ্ম্ম ২:৪৭; ৪:১-৩১; ৮:১-৮.

১৮ আনহাতে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তাক অগ্ৰাহ্য কৰা ব্যক্তিসকলে আধ্যাত্মিক অন্ধকাৰৰ ভাগ পালে। তেওঁলোকৰ বিষয়ে হিতোপদেশ ৪:১৯ পদত এইদৰে কৈছে: “দুষ্টবোৰৰ পথ অন্ধকাৰৰ নিচিনা। সিহঁতে কিহত উজুটি খায়, তাক নাজানে।” (হিতোপদেশ ৪:১৯) ৰোমান সৈন্যবিলাকে সা.যু. ৬৬ চনত যিৰূচালেম চহৰ ধ্বংস কৰিবলৈ অহাত সেই “অন্ধকাৰ” অধিক গভীৰ হৈছিল। কিন্তু কিবা অনিশ্চিত কাৰণৰ বাবে তেওঁলোকে যিৰূচালেমৰ পৰা ঘূৰি গৈছিল। পুনৰাই সা.যু. ৭০ চনত আহি সম্পূৰ্ণ চহৰখন আৰু তাৰ নিবাসীসকলক ধ্বংস কৰিলে। বুৰঞ্জীবিদ যোচেফাচৰ মতে, তাত থকা ক্ৰমে দহ লাখতকৈ অধিক ইহুদীৰ মৃত্যু হৈছিল। কিন্তু যীচুৰ আজ্ঞা পালন কৰি নিষ্ঠাৱান খ্ৰীষ্টানসকলে সা.যু. ৬৬ চনত পলাই যোৱাৰ বাবে ৰক্ষা পালে।—লূক ২১:২০-২২.

১৯, ২০. (ক) ঈশ্বৰৰ লোকসকলে কিয় এই ৰীতি-ব্যৱস্থাৰ ওপৰত আহিবলগীয়া ধ্বংসৰ বিষয়ে ভাবি ভয়ভিত হোৱা উচিত নহয়? (খ) ১৯১৪ চনৰ আগৰে পৰা যিহোৱাই নিজৰ লোকসকলক কেনে অন্তৰ্দৃষ্টি প্ৰদান কৰি আহিছে?

১৯ সেই একেই পৰিস্থিতি আজি আমাৰ সময়তো দেখিবলৈ পোৱা গৈছে। আহিবলগীয়া মহা-ক্লেশত চয়তানৰ এই ৰীতি-ব্যৱস্থাক সম্পূৰ্ণকৈ ধ্বংস কৰা হʼব। কিন্তু এই ধ্বংসৰ বিষয়ে ভাবি ঈশ্বৰৰ লোকসকলে ভয় কৰাৰ কোনো কাৰণ নাই। কিয়নো এই সম্পৰ্কে যীচুৱে কৈছিল: “চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ।” (মথি ২৮:২০) প্ৰথম শতাব্দীত শিষ্যসকলৰ বিশ্বাস দৃঢ় আৰু আগন্তুক তাড়নাৰ সম্মুখীন হোৱাৰ বাবে সাজু থাকিবলৈ যীচুৱে তেওঁলোকক ঈশ্বৰৰ ৰাজ্যৰ মহিমাৰ পূৰ্বাভাস দিলে। কিন্তু বৰ্তমান সময়ৰ বিষয়ে কি কʼব পাৰি? সেই ভৱিষ্যতবাণীমূলক দৰ্শনৰ বাস্তৱিকতা ১৯১৪ চনত দেখিবলৈ পোৱা গʼল। এই বাস্তৱিকতা ঈশ্বৰৰ লোকসকলৰ বাবে এক দৃঢ় বিশ্বাসৰ বিষয় নহয়নে বাৰু! কিয়নো ইয়াৰ সৈতে সম্বন্ধ থকা বিষয়বোৰে অন্তৰ্দৃষ্টি প্ৰদান আৰু ভৱিষ্যতে থকা আশাৰ পূৰ্ণতা হʼবলগীয়া আছিল। বৰ্তমান অন্ধকাৰময় জগতখনত থকা প্ৰকৃত খ্ৰীষ্টানসকল “দুপৰলৈকে ক্ৰমে বৃদ্ধি পোৱা অৰুণৰ যি দীপ্তি, ধাৰ্ম্মিকৰ পথ সেই দীপ্তিৰ নিচিনা” হৈছে।—হিতোপদেশ ৪:১৮.

২০ অভিষিক্ত বৰ্গৰ কিছুমান লোকে ১৯১৪ চনৰ আগৰে পৰা যীচুৰ উপস্থিতিৰ সম্বন্ধে থকা বিষয়সমূহৰ জ্ঞান পাইছিল। উদাহৰণস্বৰূপে, তেওঁলোকে বুজিব পাৰিলে যে যীচুৰ উপস্থিতি অদৃশ্যৰূপে অৰ্থাৎ সা.যু. ৩৩ চনত স্বৰ্গাৰোহণ হোৱাৰ সময়ত শিষ্যবিলাকৰ আগত উপস্থিত হোৱা দুজন স্বৰ্গদূতে যি কৈছিল সেইদৰে তেওঁৰ আগমণ হʼব। মেঘে তেওঁক ঢাকি ধাৰিৰ পিছত সেই স্বৰ্গদূতবিলাকে এইদৰে কৈছিল: “যি যীচুক তোমালোকৰ ওচৰৰ পৰা স্বৰ্গলৈ নিয়া হল, তোমালোকে যেনেকৈ তেওঁক স্বৰ্গলৈ যোৱা দেখিলা, তেনেকৈ তেওঁ আকৌ আহিব।”—পাঁচনিৰ কৰ্ম্ম ১:৯-১১.

২১. পৰৱৰ্তী লেখত কিহৰ বিষয়ে আলোচনা কৰা হʼব?

২১ যীচুৰ প্ৰস্থান আৰু ৰূপান্তৰণ ৰাজহুৱাভাৱে হোৱা নাছিল, কিন্তু কেৱল তেওঁৰ বিশ্বাসী শিষ্যবিলাকেহে জানিব পাৰিলে। সেই একেইদৰে বিশ্বাসী অভিষিক্ত বৰ্গৰ লোকসকলেও যীচুৱে ৰজা হʼবলৈ পুনৰাগমন হোৱাৰ বিষয়ে জ্ঞান পাবলগীয়া আছিল। (যোহন ১৪:১৯) এই অন্তৰ্দৃষ্টিয়ে কেনেকৈ অভিষিক্ত বৰ্গৰ লোকক আন লাখ সংখ্যক লোকসমূহক একত্ৰিত কৰিবলৈ গভীৰভাৱে প্ৰভাৱ পেলালে, তাৰ বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰা হʼব।—প্ৰকাশিত বাক্য ৭:৯, ১৪. (w05 1/15)

[ফুটনোট]

a সম্ভৱতঃ যীচুৰ বাপ্তিষ্মাৰ সময়ত যোহনে ঈশ্বৰৰ মাত শুনিব পাইছিল। কিন্তু যীচুৱে সম্বোধিত কৰা ইহুদীসকলে ঈশ্বৰৰ ‘মাত কোনো কালে শুনা বা তেওঁৰ ৰূপ দেখি পোৱা নাছিল।’—যোহন ৫:৩৭.

আপোনাৰ মনত আছেনে?

• নিস্তাৰ-পৰ্ব্বৰ নিয়ম উলঙ্ঘন আৰু নিজকে ঈশ্বৰৰ পুত্ৰ বুলি কোৱাৰ বাবে যি অভিযোগ লগোৱা হৈছিল, সেই অভিযোগ প্ৰত্যাখ্যান কৰি যীচুৱে কেনে প্ৰমাণ দাঙি ধৰিছিল?

• যীচুৰ শিষ্যসকলে কেনেকৈ ৰূপান্তৰণৰ দ্বাৰা লাভৱান হʼল?

• যীচু নহালৈকে যোহনে জীয়াই থাকিব বুলি কোৱা কথাষাৰৰ অৰ্থ কি আছিল?

• ১৯১৪ চনত কেনে দৰ্শন বাস্তৱিকতালৈ পৰিণত হʼল?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[৩ পৃষ্ঠাৰ ছবিসমূহ]

যীচুৱে মচীহ হোৱাৰ বিষয়ে প্ৰমাণ দিছিল

[৫ পৃষ্ঠাৰ ছবি]

ৰূপান্তৰণে শিষ্যবিলাকৰ বিশ্বাস দৃঢ় কৰিলে

[৬ পৃষ্ঠাৰ ছবি]

যীচু ‘নহালৈকে’ যোহনে জীয়াই থাকিবলগীয়া আছিল