Skip to content

Skip to table of contents

“বহুমূলীয়া মুকুতা” বিচাৰি পোৱা

“বহুমূলীয়া মুকুতা” বিচাৰি পোৱা

“বহুমূলীয়া মুকুতা” বিচাৰি পোৱা

“স্বৰ্গৰাজ্য বলাক্ৰান্ত হৈছে, আৰু বলৱানে তাক আক্ৰমি লয়।”—মথি ১১:১২.

১, ২. (ক) ঈশ্বৰৰ ৰাজ্যৰ সম্বন্ধে দিয়া দৃষ্টান্তটোত যীচুৱে কেনে এক অত্যুত্তম গুণৰ বিষয়ে দাঙি ধৰিছিল? (খ) সেই বহুমূলীয়া মুকুতাৰ দৃষ্টান্তত যীচুৱে কি কৈছিল?

 এনে কোনো বহুমূলীয়া বস্তু আছেনে যাৰ বাবে আপুনি নিজৰ সৰ্ব্বস্ব ত্যাগ কৰি কষ্টৰ সম্মুখীন হʼবলৈ আগবাঢ়ি আহিব? যদিও লোকসকলে জীৱনৰ লক্ষ্য ধন, সুনাম, ক্ষমতা বা উচ্চ পদ আদি আৰ্জন কৰিবলৈ আত্মবলিদান কৰাৰ বিষয়ে দাবী কৰে, তথাপিও তেওঁলোকৰ কোনোবাই যে জীৱনৰ সকলোতকৈ প্ৰিয় বস্তুক ত্যাগ কৰিছে, সেই বিষয়ে কোৱাটো অসম্ভৱ। কিন্তু যীচুৱে ঈশ্বৰৰ ৰাজ্যৰ সম্বন্ধে দিয়া দৃষ্টান্তটোত তেনে এক আত্মবলিদান কৰা গুণৰ বিষয়ে পঢ়িবলৈ পোৱা যায়।

সেই বহুমূলীয়া মুকুতাৰ দৃষ্টান্তটোৰ বিষয়ে যীচুৱে কেৱল তেওঁৰ শিষ্যবিলাককহে কৈছিল। যʼত আমি এইদৰে পঢ়িবলৈ পাওঁ: “স্বৰ্গৰাজ্য উত্তম মুকুতা বিচাৰোঁতা এজন সদাগৰৰ নিচিনা; তেওঁ এটা বহুমূলীয়া মুকুতা দেখা পাই গৈ, তেওঁৰ সৰ্ব্বস্ব বেচি, তাক কিনিলে।” (মথি ১৩:৩৬, ৪৫, ৪৬) এই দৃষ্টান্তটোৰ পৰা শ্ৰোতাসকলে কেনে শিক্ষা লাভ কৰাটো যীচুৱে অপেক্ষা কৰিছিল? আমি তেওঁ কোৱা বাক্যবোৰৰ পৰা কেনেকৈ লাভৱান হʼব পাৰোঁ?

মুকুতাৰ উচ্চ মূল্য

৩. প্ৰাচীন সময়ত উত্তম মুকুতাবোৰ কিয় বহুমূলীয়া আছিল?

প্ৰাচীন সময়ৰে পৰা লোকসকলে মুকুতাক বহুমূলীয়া অলঙ্কাৰস্বৰূপে ব্যৱহাৰ কৰি আহিছে। প্লিনী দ্য এলডাৰ নামৰ এজন ৰোমান লিখকৰ মতে, মুকুতা হৈছে “সকলো মূল্যৱান বস্তুতকৈ অধিক বহুমূলীয়া।” সোণ, ৰূপ বা অন্য বহুমূল্য মণিবোৰৰ তুলনাত ইয়াৰ উৎপন্ন জীৱিত প্ৰাণীৰ দ্বাৰা হয়। উদাহৰণস্বৰূপে, আমি সকলোৱে অয়ষ্টাৰ নামৰ এবিধ সাগৰীয় শামূকে নিজৰ খোলাত সোমাই থকা বালিৰ কণা বা শিলৰ টুকুৰাক মুকুতালৈ পৰিণত কৰাৰ বিষয়ে শুনিবলৈ পাওঁ। আচলতে সেই বিৰক্তি জন্মোৱা বালিৰ কণা বা শিলৰ টুকুৰাৰ সৈতে যুঁজিবলৈ এই প্ৰজাতিৰ শামূকৰ দেহৰ পৰা একপ্ৰকাৰৰ ৰস নিৰ্গত হয়, যাক মৌক্তিক ৰস বুলি কোৱা হয়। ক্ৰমান্বয়ে তেনে প্ৰক্ৰিয়াৰ ফলত সেই বালিৰ কণা বা শিল টুকুৰা মুকুতালৈ পৰিণত হয়। প্ৰাচীন সময়ত এনে বহুমূলীয়া মুকুতাবোৰ লোহিত সাগৰ, পাৰস্য উপসাগৰ আৰু ভাৰত মহা সাগৰত পোৱা গৈছিল। সেইবাবে যীচুৱে তেওঁৰ দৃষ্টান্তত “উত্তম মুকুতা বিচাৰোঁতা এজন সদাগৰৰ” বিষয়ে উল্লেখ কৰা কথাষাৰ একেবাৰে সঠিক আছিল। নিঃসন্দেহ, বহুমূলীয়া মুকুতা বিচাৰি উলিয়াবলৈ এজন ব্যক্তিয়ে কৰা কষ্টসাধক প্ৰচেষ্টা সন্মিলিত আছে।

৪. মুকুতা বিচাৰোঁতা সদাগৰজনৰ সম্বন্ধে থকা যীচুৰ দৃষ্টান্তটোৱে কিহৰ বিষয়ে অধিক গুৰুত্ব দি দাঙি ধৰিছিল?

যদিও উত্তম মুকুতাবোৰ বহুমূলীয়া বুলি কোৱা হৈছে, তথাপিও যীচুৰ দৃষ্টান্তৰ পৰা শিকিবলগীয়া পাঠটোত বাস্তৱিক মুকুতাৰ মূল্যৰ গুৰুত্বতাৰ বিষয়ে উল্লেখ কৰা নাছিল। যীচুৱে স্বৰ্গৰাজ্যক সাধাৰণভাৱে এক বহুমূলীয়া মুকুতাৰ সৈতে তুলনা কৰা নাছিল। সেই “উত্তম মুকুতা বিচাৰোঁতা এজন সদাগৰৰ” বিষয়েও মনোযোগ দিবলৈ কৈছিল। সেই ব্যক্তিজন কোনো সাধাৰণ বেপাৰী নাছিল। তেওঁ এজন মুকুতা বিচাৰি যাত্ৰা কৰা সদাগৰ আৰু পাৰদৰ্শী ব্যক্তি আছিল যিজনে উত্তম মুকুতাত লুকাই থকা বৈশিষ্ট্যবোৰ বিচাৰি উলিয়াব পাৰিছিল। তেওঁ আচল আৰু নকল মুকুতাৰ মাজত থকা ভিন্নতাৰ বিষয়ে জানিছিল আৰু সেয়েহে সহজে কাৰো দ্বাৰা প্ৰবঞ্চিত হোৱা নাছিল।

৫, ৬. (ক) যীচুৰ দৃষ্টান্তত উল্লেখ কৰা সদাগৰজনৰ বিষয়ে বিশেষকৈ কি মনকৰিবলগীয়া? (খ) দৃষ্টান্তত থকা সেই গুপ্ত ধনে সদাগৰজনৰ বিষয়ে কি প্ৰকাশ কৰিছে?

এই সদাগৰজনত থকা আন এটা বিশেষ গুণ বাস্তৱতে মনকৰিবলগীয়া। সাধাৰণতে এজন বেপাৰীয়ে সৰ্বপ্ৰথমে মুকুতাটোৰ আচল দামৰ বিষয়ে জানি তাৰ পৰা তেওঁ কিমান লাভ কৰিব পাৰে, সেই বিষয়ে চিন্তা কৰে। ইয়াৰ উপৰিও তেওঁ ইয়াৰ গুৰুত্বতাৰ বিষয়ে জানি অনতিপলমে সেই মুকুতাটো অধিক দামত কেনেকৈ বেচিব পৰা যায়, তাৰো চেষ্টা কৰে। আন শব্দত কʼবলৈ হʼলে, তেওঁ উত্তম মুকুতাক নিজৰ ওচৰত ৰখাৰ পৰিৱৰ্তে তাক বেচি কেনেকৈ কম সময়ত অধিক ধন উপাৰ্জন কৰিব পাৰি, তাৰ বিষয়ে তেওঁ আগ্ৰহী। কিন্তু আমি যীচুৰ দৃষ্টান্তত উল্লেখ কৰা সদাগৰজনত এক ভিন্নতা দেখিবলৈ পাওঁ। তেওঁ অধিক ধন উপাৰ্জন কৰাত নহয়, কিন্তু বিচাৰি যোৱা বস্তুটোক পাবলৈ “তেওঁৰ সৰ্ব্বস্ব” বেচিবলৈহে ইচ্ছুক আছিল।

হয়তো যীচুৰ দৃষ্টান্তত থকা সদাগৰজনৰ বিষয়ে সৰহভাগ বেপাৰীয়ে তেওঁ লোৱা পদক্ষেপক এক নিৰ্বোধতাৰ কাৰ্য্য বুলি কʼব পাৰে। এজন সুবিবেচক বেপাৰীয়ে তেনে ধৰণৰ পদক্ষেপ লৈ কেতিয়াও নিজৰ বেপাৰক বিপদত পেলোৱাটো নিবিচাৰিব। কিন্তু দৃষ্টান্তৰ সদাগৰজনে যিহৰ বাবে তেনে পদক্ষেপ লৈছিল, সেইয়া আছিল সকলোতকৈ বেলেগ। তেওঁ কষ্ট কৰাৰ ফল ধন জমা কৰাত নহয়, কিন্তু বহুমূলীয়া বস্তুটো বিচাৰি পোৱাৰ আনন্দ আৰু আত্মসন্তুষ্টিৰ ওপৰত নিৰ্ভৰ কৰিছিল। এইয়া আছিল যীচুৰ দৃষ্টান্তটোৰ মূল পাঠ। এই বিষয়ে যীচুৱে এইদৰে কৈছিল: “স্বৰ্গৰাজ্য, পথাৰৰ মাজত লুকুৱাই থোৱা ধনৰ নিচিনা; তাক কোনো মানুহে দেখা পাই, লুকুৱাই থয়; পাছে আনন্দেৰে গৈ, তেওঁৰ সৰ্ব্বস্ব বেচি, সেই পথাৰ কিনে।” (মথি ১৩:৪৪) তেনে ধৰণৰ পদক্ষেপ লʼবলৈ তেওঁক নিশ্চয়ে সেই বহুমূলীয়া বস্তুটো বিচাৰি পোৱাৰ আনন্দই প্ৰেৰিত কৰিলে। আজিও তেনে ধৰণৰ ব্যক্তিসকল দেখিবলৈ পোৱা যায়নে যিসকলে এই আনন্দক পাবলৈ সৰ্ব্বস্ব ত্যাগ কৰিবলৈ সাজু থাকে? প্ৰকৃততে তেনে ত্যাগ কৰি কোনো এক বহুমূলীয়া মুকুতা পোৱা যায়নে?

ঈশ্বৰৰ ৰাজ্যৰ প্ৰতি মূল্যাঙ্কন দেখুৱা ব্যক্তিসকল

৭. যীচুৱে কেনেকৈ ঈশ্বৰৰ ৰাজ্যৰ গুৰুত্বতাৰ প্ৰতি নিজৰ মূল্যাঙ্কন দেখুৱালে?

দৃষ্টান্ত দিয়াৰ সময়ত যীচুৱে “স্বৰ্গৰাজ্যৰ” বিষয়ে লোকসকলৰ ধ্যান কেন্দ্ৰিত কৰিছিল। আমি জানো যে তেওঁ নিজেই এনে এজন ব্যক্তি আছিল যিজনে ঈশ্বৰৰ ৰাজ্যৰ গুৰুত্বতাৰ প্ৰতি গভীৰ মূল্যাঙ্কন দেখুৱাইছিল। এই সত্যতাৰ সম্বন্ধে শুভবাৰ্ত্তাৰ কিতাপবোৰত প্ৰভাৱশালী প্ৰমাণ দেখিবলৈ পোৱা যায়। সা.যু. ২৯ চনত বাপ্তিষ্মা লোৱাৰ পিছত যীচুৱে ঠায়ে ঠায়ে প্ৰচাৰ কৰি কৈছিল: “মন পালটোৱা; কিয়নো স্বৰ্গৰাজ্য ওচৰ হল।” প্ৰায় চাৰে তিনি বছৰ ধৰি তেওঁ লোকসকলক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শিক্ষা দিছিল। তেওঁ যিহূদাৰ দীঘে পথালিয়ে, “নগৰে নগৰে গাঁৱে গাঁৱে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা ঘোষণা আৰু প্ৰচাৰ কৰি ফুৰিলে।”—মথি ৪:১৭; লূক ৮:১.

৮. ভৱিষ্যতে স্বৰ্গৰাজ্যই কি কৰিব তাৰ বিষয়ে যীচুৱে কেনেকৈ প্ৰমাণ দিলে?

আনকি তেওঁ ৰোগীক সুস্থ, ভোকাতুৰ সকলক তৃপ্ত, প্ৰাকৃতিক শক্তিক নিয়ন্ত্ৰণ, মৃতব্যক্তিক জীয়াই তুলা আৰু অন্য বহুতো আচৰিত কাৰ্য্য কৰি ভৱিষ্যতে স্বৰ্গৰাজ্যই কি কৰিব, তাৰ বিষয়েও প্ৰমাণ দাঙি ধৰিছিল। (মথি ১৪:১৪-২১; মাৰ্ক ৪:৩৭-৩৯; লূক ৭:১১-১৭) শেষত তেওঁ ঈশ্বৰ আৰু স্বৰ্গৰাজ্যৰ প্ৰতি আনুগত্য বজাই ৰাখি নিজৰ প্ৰাণৰো আহুতি দিলে। যিদৰে সেই সদাগৰজনে “উত্তম মুকুতা” পাবলৈ সৰ্ব্বস্ব ত্যাগ দিছিল, সেইদৰে যীচুৱেও ৰাজ্যৰ বাবে নিজৰ জীৱন পৰ্য্যন্ত ত্যাগ কৰিলে।—যোহন ১৮:৩৭.

৯. প্ৰথম শতিকাৰ যীচুৰ শিষ্যবিলাকত কেনে ধৰণৰ অত্যুত্তম গুণ দেখিবলৈ পোৱা গৈছিল?

যীচুৱেই যে কেৱল ঈশ্বৰৰ ৰাজ্যৰ বাবে জীৱন নিৰ্বাহ কৰা ব্যক্তি আছিল, এনে নহয়, কিন্তু তেওঁ কিছুমান শিষ্যকো তেনে কৰিবলৈ সহায় কৰিছিল। সেই শিষ্যবিলাকেও ঈশ্বৰৰ ৰাজ্যৰ প্ৰতি গভীৰ মূল্যাঙ্কন দেখুৱাইছিল। তেওঁলোকৰ মাজত আৰম্ভণিতে যোহনৰ শিষ্য হিচাপে জনা আন্দ্ৰিয় নামৰ ব্যক্তিজনো আছিল। যীচুৱেই যে সেই “মেৰ পোৱালী” বুলি যোহনৰ সাক্ষ্য শুনি আন্দ্ৰিয় আৰু চিবদীয়ৰ পুত্ৰ যোহনে যীচুক অনুকৰণ কৰিছিল। আগলৈ যোহনে নিজৰ ভায়েক চিমোনক লগ ধৰি এইদৰে কৈছিল: “আমি মচীহ, অৰ্থাৎ খ্ৰীষ্টক পালোঁ।” তাৰ অলপ সময়ৰ পিছত চিমোন (যিজনক পিছলৈ কৈফা বা পিতৰ নামেৰে জনা গৈছিল), ফিলিপ আৰু তেওঁৰ বন্ধু নথনেলে মচীহক লগ কৰিবলৈ আহিল। নথনেলে যীচুৰ কথা-বতৰাৰ দ্বাৰা প্ৰভাৱিত হৈ এইদৰে কৈছিল: “আপুনি ঈশ্বৰৰ পুত্ৰ; আপুনি ইস্ৰায়েলৰ ৰজা।”—যোহন ১:৩৫-৪৯.

কাৰ্য্য কৰিবলৈ উৎসাহিত হোৱা

১০. যীচুৱে দ্বিতীয়বাৰ শিষ্যবিলাকক আমন্ত্ৰণ কৰাত তেওঁলোকে কেনে প্ৰতিক্ৰিয়া দেখুৱালে?

১০ মচীহক লগ পাই আন্দ্ৰিয়, পিতৰ, যোহন আৰু আন শিষ্যবিলাকে দেখুৱা প্ৰতিক্ৰিয়াৰ তুলনা যীচুৰ দৃষ্টান্তত উত্তম মুকুতা বিচাৰি পোৱা সদাগৰজনৰ সৈতে কৰিব পাৰি। তেওঁলোকে এতিয়া কেনে পদক্ষেপ লʼবলৈ নিৰ্ণয় লʼলে? তেওঁলোকে যীচুক সাক্ষাৎ কৰি অনতিপলমে কেনে ধৰণৰ পদক্ষেপ লʼলে, সেই বিষয়ে শুভবাৰ্ত্তাৰ কিতাপবোৰত কোনো উল্লেখ নাই। বাস্তৱতে তেওঁলোকে পুনৰাই নিজ নিজ দৈনন্দিন জীৱনৰ কাৰ্য্যত ব্যস্ত হৈ পৰিছিল। প্ৰায় ছমাহ বা এবছৰ পাৰ হোৱাৰ পিছত যীচুৱে পুনৰাই গালীল সাগৰৰ পাৰত মাছ ধৰা কাৰ্য্যত ব্যস্ত থকা আন্দ্ৰিয়, পিতৰ, যোহন আৰু তেওঁৰ ভায়েক যাকোবক সাক্ষাৎ কৰিবলৈ আহিল। a তেওঁলোকক দেখা পাই তেওঁ এইদৰে কৈছিল: ‘আহা, মই তোমালোকক মানুহ ধৰা জালোৱাই কৰিম।’ তেওঁলোকে যীচুৰ এনে কথা শুনি কেনে প্ৰতিক্ৰিয়া দেখুৱালে? এই বিষয়ে বৃতান্তই কৈছে: “তেতিয়াই তেওঁলোকে জাল এৰি তেওঁৰ পাছে পাছে গল।” আনহাতে আমি যোহন আৰু যাকোবৰ বিষয়ে এইদৰে পঢ়িবলৈ পাওঁ: “তেওঁলোকেও তেতিয়াই নাও আৰু নিজৰ বাপেককো এৰি, তেওঁৰ পাছে পাছে গল।” আনকি লূকৰ বৃতান্তয়েও কৈছে যে, “তেওঁলোকে সকলোকে ত্যাগ কৰি, তেওঁৰ অনুগামী হল।”—মথি ৪:১৮-২২; লূক ৫:১-১১.

১১. যীচুৰ আমন্ত্ৰণ পাই শিষ্যবিলাকে যি মনোবৃত্তি দেখুৱালে, সেই বিষয়ে বৃতান্তসমূহে কি কৈছে?

১১ শিষ্যবিলাকে কোনো নভবা-নিচিন্তাকৈ যীচুক অনুকৰণ কৰিবলৈ নিৰ্ণয় লৈছিলনে? নিশ্চয়ে নহয়! যদিও তেওঁলোকে পুনৰাই মাছৰ ব্যৱসায়ত ব্যস্ত হৈ আছিল, তথাপিও প্ৰথমবাৰ যীচুক লগ পাই তেওঁ কৰা কাৰ্য্যবোৰে তেওঁলোকৰ মন আৰু হৃদয়ত গভীৰভাৱে প্ৰভাৱিত কৰিলে। প্ৰায় এবছৰ সময় অতিক্ৰম কৰাত তেওঁলোকে সেই বিষয়ে সিদ্ধান্ত লʼবলৈ যথেষ্ট সময় পাইছিল। এতিয়া তেওঁলোকৰ সঠিক সিদ্ধান্ত লোৱাৰ সময় আহিল। এতেকে তেওঁলোকেও যীচুৰ দৃষ্টান্তত বহুমূলীয়া মুকুতা বিচাৰি পোৱা সদাগৰজনৰ দৰে মনোবৃত্তি দেখুৱাইছিল নে? নিশ্চয়ে তেওঁলোকে সেই একেই মনোবৃত্তি দেখুৱাইছিল। তেওঁলোকে যি শুনিলে আৰু দেখিলে সেইবোৰে তেওঁলোকৰ হৃদয় উৎসাহিত কৰি অনতিপলমে পদক্ষেপ লʼবলৈ প্ৰেৰিত কৰিলে। তদুপৰি তেওঁলোকে সঠিক কাৰ্য্য কৰাৰ উপযুক্ত সময় আহিল বুলি বুজিব পাৰিছিল। সেইবাবে বৃতান্তসমূহৰ অনুসাৰে তেওঁলোকে সকলোবোৰ ত্যাগ কৰি যীচুক অনুকৰণ কৰিলে।

১২, ১৩. (ক) বহুতে যীচুৰ আমন্ত্ৰণৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱালে? (খ) যীচুৱে তেওঁৰ আনুগত্য শিষ্যবিলাকৰ বিষয়ে কি কৈছিল আৰু সেই বাক্যবোৰৰ অৰ্থ কি?

১২ শুভবাৰ্ত্তাৰ কিতাপবোৰত উল্লেখ কৰা আন শিষ্যবিলাকৰ তুলনাত তেওঁলোক কিমান যে ভিন্ন আছিল! উদাহৰণস্বৰূপে, বহুতো লোকে যীচুৰ দ্বাৰা সুস্থ বা আৰোগ্য হোৱাৰ পিছত নিজ নিজ বৃত্তিত ব্যস্ত হৈ পৰিছিল। (লূক ১৭:১৭, ১৮; যোহন ৬:২৬) আন কিছুমানে তেওঁৰ আমন্ত্ৰণৰ প্ৰতি অজুহাত দেখুৱালে। (লূক ৯:৫৯-৬২) কিন্তু ইয়াৰ বিপৰীতে আনুগত্য শিষ্যবিলাকৰ বিষয়ে যীচুৱে এইদৰে কৈছিল: “যোহন বাপ্তাইজকৰ দিনৰ পৰা এতিয়ালৈকে স্বৰ্গৰাজ্য বলাক্ৰান্ত হৈছে, আৰু বলৱানে তাক আক্ৰমি লয়।”—মথি ১১:১২.

১৩ “বলাক্ৰান্ত” আৰু “আক্ৰমি লয়” বুলি কোৱা উক্তিবোৰৰ অৰ্থ কি? এই দুটা উক্তি গ্ৰীক ক্ৰীয়াপদৰ পৰা উদ্ধৃত কৰা হৈছে। এই বিষয়ে ৱেইনচ্‌ এক্সপ্‌জিট্‌ৰি ডিক্সচেনেৰী অৱ নিউ টেষ্টামেন্ট ওৱৰ্ডচ্‌ʼত এইদৰে কৈছে: “এই ক্ৰীয়াপদে কাৰ্য্যকাৰীভাৱে কৰা প্ৰচেষ্টাক বুজায়।” ইয়াৰ উপৰিও মথি ১১:১২ পদটোৰ বিষয়ে হেনৰীক মিয়েৰ নামৰ বিদ্বানজনে এইদৰে কৈছে: “এজন ব্যক্তিক মচীহ ৰাজ্যৰ বিষয়ে জানিবলৈ উৎসুকতা আৰু নেৰানেপেৰা চেষ্টাৰ আৱশ্যক . . . আনকি তেওঁক সেই ৰাজ্যৰ প্ৰতি উদ্যমী হোৱা উচিত।” দৃষ্টান্তৰ সদাগৰজনৰ দৰে এই আনুগত্য শিষ্যসকলে উৎসাহেৰে স্বৰ্গৰাজ্যৰ বিষয়ে বুজিবলৈ চেষ্টা কৰিছিল আৰু ইয়াৰ বাবে সকলো ধৰণৰ ত্যাগ কৰিবলৈ সাজু আছিল।—মথি ১৯:২৭, ২৮; ফিলিপীয়া ৩:৮.

আন সকলেও অন্বেষণ কৰিবলৈ আগবাঢ়ি আহিল

১৪. যীচুৱে কেনেকৈ ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিবলৈ পাঁচনিবিলাকক প্ৰস্তুত কৰিছিল?

১৪ প্ৰচাৰ কাৰ্য্যত লগ পোৱা আন বহুতো লোকক যীচুৱে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে বুজি পাবলৈ আৰু তাৰ নাগৰিক হʼবলৈ প্ৰশিক্ষণ দিছিল। উদাহৰণস্বৰূপে, তেওঁ ১২ জন শিষ্যক বাছি লৈ প্ৰচাৰ কৰিবলৈ আদেশ দিলে। এই কাৰ্য্য সম্পন্ন কৰিবলৈ আৰু ভৱিষ্যতে সফলতাৰে কেনেকৈ সমস্যাৰ সম্মুখীন হʼব পাৰি, তাৰ বিষয়ে তেওঁবিলাকক নিৰ্দ্দেশনা দিছিল। (মথি ১০:১-৪২; লূক ৬:১২-১৬) প্ৰায় দুই বছৰ ধৰি তেওঁলোকে যীচুৰ সৈতে ঠায়ে ঠায়ে প্ৰচাৰ কৰা আৰু তেওঁৰ সৈতে এক নিবিড় সম্পৰ্ক গঢ়ি আনন্দিত হৈছিল। তেওঁলোকে যীচুৰ বাক্য শুনিছিল, তেওঁ কৰা আচৰিত কাৰ্য্য আৰু সেই অনুসাৰে তেওঁক স্বয়ং ব্যক্তিগতভাৱে চলাও দেখা পাইছিল। (মথি ১৩:১৬, ১৭) নিঃসন্দেহ, এইবোৰ দেখি তেওঁলোকে ইমানেই প্ৰভাৱিত হৈছিল যে তেওঁলোকে সেই সদাগৰজনৰ দৰে সম্পূৰ্ণ হৃদয় আৰু আগ্ৰহেৰে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে জানিবলৈ অন্বেষণ কৰিছিল।

১৫. বাস্তৱতে শিষ্যবিলাকে কিহৰ বাবে আনন্দিত হʼব বুলি যীচুৱে কৈছিল?

১৫ এই ১২ জন পাঁচনিৰ উপৰিও যীচুৱে “আন সত্তৰ জনক নিযুক্ত কৰি, তেওঁ যি যি নগৰ আৰু ঠাইলৈ যাব, সেই সেই ঠাইলৈ দুজন দুজনকৈ নিজৰ আগেয়ে পঠালে।” তেওঁ তেওঁলোকক ভৱিষ্যতে আহিবলগীয়া ক্লেশৰ বিষয়ে অৱগত কৰাইছিল আৰু নিৰ্দ্দেশনা দি লোকসকলক এইদৰে কʼবলৈ কৈছিল: “ঈশ্বৰৰ ৰাজ্য তোমালোকৰ ওচৰ পালেহি।” (লূক ১০:১-১২) পাছে সেই সত্তৰ জন শিষ্যই আনন্দেৰে উভটি আহি এইদৰে কৈছিল: “হে প্ৰভু, আপোনাৰ নামৰ দ্বাৰাই ভূতবোৰো আমাৰ বশীভূত হয়।”—লূক ১০:১৭, ২০.

১৬, ১৭. (ক) শেষ নিশা যীচুৱে তেওঁৰ পাঁচনিবিলাকক কি কৈছিল? (খ) যীচুৰ কথাবোৰ শুনি তেওঁলোকে কেনে ধৰণৰ আনন্দ আৰু আশ্বাস পাইছিল?

১৬ সা.যু. ৩৩ চনৰ নিচান মাহৰ ১৪ তাৰিখৰ শেষ নিশাত যীচুৱে তেওঁৰ পাঁচনিবিলাকৰ সৈতে নিয়ম স্থাপন কৰিলে, যাক প্ৰভুৰ ভোজ বুলি কোৱা হয় আৰু তেওঁলোকক সেই প্ৰভু ভোজ পালন কৰিবলৈ আদেশ দিলে। সেই নিশা তেওঁৰ সৈতে উপস্থিত থকা এঘাৰজন পাঁচনিক এইদৰে কৈছিল: “তোমালোক মোৰ সকলো পৰীক্ষাৰ কালত, মোৰ লগত থকা লোক হৈছা; আৰু মোৰ পিতৃয়ে যেনেকৈ মোলৈ ৰাজ্য নিয়োজন কৰি থলে, সেই দৰে তোমালোকে মোৰ ৰাজ্যৰ ভিতৰত, মোৰ মেজত যেন ভোজন-পান কৰিবা, এই নিমিত্তে ময়ো তোমালোকলৈ ৰাজ্য নিয়োজন কৰি থৈছোঁ; তাতে তোমালোকে সিংহাসনত বহি ইস্ৰায়েলৰ বাৰ ফৈদৰ সোধ-বিচাৰ কৰিবা।”—লূক ২২:১৯, ২০, ২৮-৩০.

১৭ যীচুৰ এই কথাবোৰ শুনি পাঁচনিবিলাকে কিমান যে আনন্দ আৰু সন্তুষ্টি অনুভৱ কৰিছিল! তেওঁলোকে এক মহান বিশেষাধিকাৰৰ অধিকাৰী হʼবলৈ সুযোগ পালে। (মথি ৭:১৩, ১৪; ১ পিতৰ ২:৯) তেওঁলোকে সেই সদাগৰজনৰ দৰে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে জানিবলৈ সৰ্ব্বস্ব ত্যাগ কৰি যীচুক অনুকৰণ কৰিছিল। এইহেতুকে তেওঁলোকক আশ্বাস দিয়া হৈছিল যে তেওঁলোকৰ ত্যাগ অথলে যোৱা নাই।

১৮. এঘাৰজন শিষ্যৰ উপৰিও কোন ব্যক্তিসকলে ঈশ্বৰৰ ৰাজ্যৰ দ্বাৰা লাভৱান হʼব?

১৮ সেই নিশা যীচুৰ সৈতে উপস্থিত থকা পাঁচনিবিলাকেই যে কেৱল মহান বিশেষাধিকাৰৰ দ্বাৰা সন্মানিত হৈছিল, এনে নহয়। কিন্তু যীচুৰ সৈতে সহশাসক হিচাপে শাসন কৰিবলৈ সৰ্বমুঠ ১,৪৪,০০০ জনক ঈশ্বৰৰ ৰাজ্যৰ নিয়মত অন্তৰ্ভূক্ত কৰা হয় আৰু সেইয়া আছিল যিহোৱাৰ ইচ্ছা। ইয়াৰ উপৰিও পাঁচনি যোহনে দৰ্শনত দেখিবলৈ পাইছিল যে, “কোনেও গণিব নোৱাৰা এক বৰ লোকসমূহ সেই সিংহাসন আৰু মেৰ পোৱালিৰ আগত থিয় হৈ আছে; . . . তেওঁবিলাকে বৰ মাতেৰে ৰিঙিয়াই কৈছিল যে পৰিত্ৰাণ সিংহাসনত বহি থকা আমাৰ ঈশ্বৰ, আৰু মেৰ পোৱালিৰহে।” এই লোকবিলাক হৈছে ঈশ্বৰৰ ৰাজ্যৰ অধীনত থকা পৃথিৱীৰ অধিকাৰীসকল। bপ্ৰকাশিত বাক্য ৭:৯, ১০; ১৪:১, ৪.

১৯, ২০. (ক) সকলো জাতিলৈ কেনে এক সুযোগ মুকলি কৰা হৈছে? (খ) পৰৱৰ্তী লেখত কোনটো প্ৰশ্নৰ বিষয়ে আলোচনা কৰা হʼব?

১৯ স্বৰ্গাৰোহণ হোৱা কিছু সময়ৰ পূৰ্বে যীচুৱে শিষ্যবিলাকক আজ্ঞা দি এইদৰে কৈছিল: “তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ, আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁবিলাকক বাপ্তাইজ কৰা; আৰু মই যি যি আদেশ তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া। আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ।” (মথি ২৮:১৯, ২০) গতিকে স্বৰ্গীয় আৰু পাৰ্থিৱ আশা ৰখা যীচুৰ আন শিষ্যবিলাকে বিভিন্ন পটভূমিৰ পৰা আহিব আৰু তেওঁলোকেও উত্তম মুকুতা বিচৰা সদাগৰজনৰ দৰে ঈশ্বৰৰ ৰাজ্যক জানিবলৈ অন্বেষণ কৰিব।

২০ যীচুৰ এই বাক্যবোৰে দেখুৱাইছে যে “জগতৰ শেষলৈকে” শিষ্য বনোৱা কাৰ্য্য চলি থাকিব। তেনেহʼলে আজি আমাৰ দিনতো এনে ব্যক্তিসকল আছেনে যিসকলে সদাগৰজনৰ দৰে ঈশ্বৰৰ ৰাজ্যক বিচাৰি পাবলৈ সৰ্ব্বস্ব ত্যাগ কৰে? এই প্ৰশ্নটোৰ উত্তৰ পৰৱৰ্তী লেখত আলোচনা কৰা হʼব। (w05 2/1)

[ফুটনোটবোৰ]

a সম্ভৱতঃ চিবদীয়ৰ পুতেক যোহনে প্ৰথম সাক্ষাততে যীচুক অনুকৰণ কৰি তেওঁ কৰা কিছুমান কাৰ্য্যৰ বিষয়ে সাক্ষী দিছিল। সেইবাবে তেওঁ শুভাবাৰ্ত্তাৰ কিতাপত যীচুৰ কাৰ্য্যকলাপৰ বিষয়ে স্পষ্টকৈ লিখিব পাৰিলে। (যোহন ২-৫ অধ্যায়) তথাপিও তেওঁ কিছু সময়লৈকে পুনৰাই মাছৰ ব্যৱসায়ত ব্যস্ত হৈ পৰিছিল।

b অধিককৈ জানিবলৈ, যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় নামৰ কিতাপখনৰ ১০ অধ্যায় চাওক।

আপুনি বৰ্ণনা কৰিব পাৰিবনে?

• যীচুৰ দৃষ্টান্তত উল্লেখ কৰা সদাগৰজনৰ পৰা আমি কেনে এক মুখ্য পাঠ শিকিবলৈ পাওঁ?

• যীচুৱে কেনেকৈ ঈশ্বৰৰ ৰাজ্যৰ প্ৰতি গভীৰ মূল্যাঙ্কন দেখুৱালে?

• কিহৰ বাবে আন্দ্ৰিয়, পিতৰ, যোহন আৰু আন শিষ্যবিলাকে যীচুৱে দিয়া আমন্ত্ৰণ অনতিপলমে গ্ৰহণ কৰিলে?

• সকলো জাতিৰ বাবে কেনে এক উত্তম সুযোগ মুকলি কৰা হৈছে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২০ পৃষ্ঠাৰ ছবি]

‘তেওঁলোকে সকলো ত্যাগ কৰি যীচুক অনুকৰণ কৰিছিল’