Skip to content

Skip to table of contents

বৰ্তমান সময়ত “বহুমূলীয়া মুকুতাৰ” অন্বেষণ কৰা

বৰ্তমান সময়ত “বহুমূলীয়া মুকুতাৰ” অন্বেষণ কৰা

বৰ্তমান সময়ত “বহুমূলীয়া মুকুতাৰ” অন্বেষণ কৰা

“সকলো জাতিলৈ সাক্ষ্য হবলৈ, ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হব।”মথি ২৪:১৪.

১, ২. (ক) যীচুৰ সময়ত থকা লোকসকলে ঈশ্বৰৰ ৰাজ্যৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল? (খ) শিষ্যসকলে সেই ৰাজ্যৰ বিষয়ে স্পষ্টকৈ বুজি পাবলৈ যীচুৱে কি কৰিছিল আৰু তাৰ কেনে ফলাফল দেখা গʼল?

 যীচুৱে পৃথিৱীত অহাৰ সময়ত সেই কালৰ লোকসকলে আগ্ৰহী হোৱা বিষয়টো আছিল, ঈশ্বৰৰ ৰাজ্য। (মথি ৩:১, ২; ৪:২৩-২৫; যোহন ১:৪৯) আৰম্ভণিতে তেওঁলোকৰ বেছিভাগ লোকে ঈশ্বৰৰ ৰাজ্যৰ উদ্দেশ্য আৰু ইয়াৰ অধিকাৰৰ বিষয়ে ভালদৰে বুজি পোৱা নাছিল। তদুপৰি এই ৰাজ্য যে পৃথিৱীত নহয় কিন্তু স্বৰ্গত স্থাপিত হʼব, তাকো তেওঁলোকে নাজানিছিল। (যোহন ৩:১-৫) আনকি যীচুৰ কিছুমান শিষ্যয়েও ঈশ্বৰৰ ৰাজ্য কি বা এই ৰাজ্যত যীচুৰ সৈতে সহভাগী হʼবলৈ কি কৰা উচিত, সেই বিষয়ে স্পষ্টকৈ বুজিব পৰা নাছিল।—মথি ২০:২০-২২; লূক ১৯:১১; পাঁচনিৰ কৰ্ম্ম ১:৬.

কিন্তু সময় অতিবাহিত হোৱাৰ লগে লগে যীচুৱে তেওঁৰ শিষ্যবিলাকক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে বুজিবলৈ বহুতো শিক্ষাৰ সৈতে পূৰ্বৱৰ্তী লেখটোত উল্লেখ কৰা বহুমূলীয়া মুকুতাৰ দৃষ্টান্ত দিছিল আৰু ইয়ে তেওঁলোকক স্বৰ্গৰাজ্যৰ বিষয়ে কিয় অন্বেষণ কৰা আৱশ্যক, সেই বিষয়ে জানিবলৈ সহায় কৰিলে। (মথি ৬:৩৩; ১৩:৪৫, ৪৬; লূক ১৩:২৩, ২৪) এনে ধৰণৰ শিক্ষা বা দৃষ্টান্তত থকা তাৎপৰ্য্যতাই তেওঁলোকক ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰক হিচাপে সাহসী আৰু কঠিন পৰিশ্ৰমেৰে সমুদায় পৃথিৱীত প্ৰচাৰ কৰিবলৈ গভীৰভাৱে প্ৰভাৱিত কৰিলে। যাৰ বিষয়ে পাঁচনিৰ কৰ্ম্ম কিতাপত বহুতো প্ৰমাণ লিপিবদ্ধ কৰা হৈছে।—পাঁচনিৰ কৰ্ম্ম ১:৮; কলচীয়া ১:২৩.

৩. আমাৰ সময়ত ঈশ্বৰৰ ৰাজ্যৰ সম্বন্ধে থকা কাৰ্য্যৰ বিষয়ে যীচুৱে কি কৈছিল?

এতিয়া আমাৰ সময়ৰ বিষয়ে কি কʼব পাৰি? আমাৰ সময়ত থকা লাখ সংখ্যক লোকৰ আগত ঈশ্বৰৰ ৰাজ্যৰ দ্বাৰা স্থাপিত হʼবলগীয়া পৰমদেশৰ আশা প্ৰদান কৰা হৈছে। এই আশা কেনেকৈ প্ৰদান কৰা হৈছে, তাৰ সম্বন্ধে আমি যীচুৱে “জগতৰ শেষ হোৱাৰ” চিহ্নবোৰৰ বিষয়ে কোৱা ভৱিষ্যতবাণীত পঢ়িবলৈ পাওঁ। যʼত তেওঁ এইদৰে কৈছিল: “ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হব; তেতিয়াহে শেষ হব।” (মথি ২৪:৩, ১৪; মাৰ্ক ১৩:১০) তদুপৰি তেওঁ ইয়াকো কৈছিল যে এই বৃহৎ কাৰ্য্য বাধা, তাড়না বা প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ মাজতো সম্পন্ন হʼব। যিয়েই নহওঁক, যিসকলে এই কাৰ্য্য প্ৰাণপণে কৰা চেষ্টা কৰিব, তেওঁলোকক আশ্বাস দি যীচুৱে এইদৰে কৈছিল: “যি জনে শেষলৈকে সহি থাকে, সেই জনেই পৰিত্ৰাণ পাব।” (মথি ২৪:৯-১৩) এই সকলোবোৰৰ বাবে এজন ব্যক্তিয়ে যীচুৱে উল্লেখ কৰা দৃষ্টান্তৰ সদাগৰজনৰ দৰে নিষ্ঠা আৰু আত্মত্যাগ মনোবৃত্তি দেখুৱা উচিত। আজিও ঈশ্বৰৰ ৰাজ্যৰ বাবে তেনে মনোবৃত্তি দেখুৱা ব্যক্তিসকল আছেনে?

সত্যক অন্বেষণ কৰি পোৱা আনন্দ

৪. বৰ্তমান সময়ত ঈশ্বৰৰ ৰাজ্যৰ সম্বন্ধে থকা সত্যতাই লোকসকলৰ ওপৰত কেনে প্ৰভাৱ পেলাইছে?

লক্ষ্য কৰক যে যীচুৰ দৃষ্টান্তৰ সদাগৰজনে “বহুমূলীয়া মুকুতা দেখা পাই” আনন্দত আপোনপাহৰা হৈছিল আৰু সেই আনন্দই তেওঁক সৰ্ব্বস্ব ত্যাগ কৰি বহুমূলীয়া মুকুতাটো পাবলৈ প্ৰেৰিত কৰিছিল। (ইব্ৰী ১২:১) সেই একেইদৰে আজিও ঈশ্বৰ আৰু তেওঁৰ ৰাজ্যৰ সম্বন্ধে থকা সত্যতাই লোকসকলক আকৰ্ষিত আৰু উৎসাহিত কৰে। এই বাক্যশাৰীয়ে আমাক ভাই এ. এচ. মেকমিলনে ফেইট অন দ্য মাৰ্চ নামৰ কিতাপখনত ব্যক্তিগতভাৱে অনুসন্ধান কৰি লিখা ঈশ্বৰ আৰু মানৱজাতিৰ প্ৰতি থকা তেওঁৰ উদ্দেশ্য কি, সেই বিষয়ে মনত পেলায় দিয়ে। সেই কিতাপখনত তেওঁ এইদৰে কৈছিল: “মই অন্বেষণ কৰি যি সত্যক বিচাৰি পালোঁ, আজিও হাজাৰ হাজাৰ লোকে প্ৰত্যেক বছৰে সেই সত্যতাক বিচাৰি পাইছে। তেওঁলোক আপোনাৰ আৰু মোৰ দৰে বিভিন্ন বয়স আৰু পৃষ্ঠভূমিৰ লোক। সত্যতাই কোনো বিশেষ শ্ৰেণীৰ লোকক নহয় কিন্তু সকলোকে নিজৰ ফালে আকৰ্ষিত কৰে।”

৫. যোৱা বছৰ অৰ্থাৎ ২০০৪  চনৰ সেৱাবছৰত কেনে এক উত্তম ৰিপোৰ্ট দেখিবলৈ পোৱা গʼল?

এই কথাষাৰৰ সত্যতা আজি আমি লাখ লাখ নম্ৰ মনৰ লোকে ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তা শুনি নিজৰ জীৱন যিহোৱাক সমৰ্পিত কৰি তেওঁৰ ইচ্ছা পূৰ কৰিবলৈ লোৱা পদক্ষেপত দেখিবলৈ পাইছোঁ। আনকি যোৱা সেৱাবছৰত অৰ্থাৎ ২০০৩ চনৰ ছেপ্টেম্বৰ মাহৰ পৰালৈ ২০০৪ চনৰ আগষ্ট মাহলৈকে হোৱা যিহোৱাৰ সাক্ষীসকলৰ কাৰ্য্যতো দেখিবলৈ পোৱা গʼল। সেই এবছৰৰ ভিতৰত ২,৬২,৪১৬ জনে নিজৰ জীৱন যিহোৱালৈ সমৰ্পিত কৰি বাপ্তিষ্মা লʼলে। প্ৰায় ২৩৫ খন দেশত যিহোৱাৰ সাক্ষীসকলে ৬০,৮৫,৩৮৭ জনৰ সৈতে সপ্তাহিক বাইবেল অধ্যয়ন পৰিচালিত কৰি বিভিন্ন পৃষ্ঠভূমি, জাতি আৰু কুলৰ পৰা অহা লোকসকলক সত্যতাৰ বিষয়ে জানিবলৈ সহায় কৰিলে।—প্ৰকাশিত বাক্য ৭:৯.

৬. কিহৰ বাবে দিনে দিনে লোকসকলে সত্যতাৰ বিষয়ে শিকিবলৈ আগবাঢ়ি আহিছে?

তেওঁলোকক সত্যতাক গ্ৰহণ কৰিবলৈ কিহে সহায় কৰিলে? নিঃসন্দেহ, যিহোৱাই এই নিৰূপিত লোকসকলক সত্যতাৰ বিষয়ে শিকিবলৈ সহায় আগবঢ়ালে। (যোহন ৬:৬৫; পাঁচনিৰ কৰ্ম্ম ১৩:৪৮) তথাপিও ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে আনক জনাবলৈ যিসকলে প্ৰাণপণে চেষ্টা কৰিলে, তেওঁলোককো আমি হেয়জ্ঞান কৰিব নোৱাৰোঁ। উদাহৰণস্বৰূপে, ৭৯ বছৰীয়া ভাই মেকমিলনে এইদৰে কৈছিল: “বেমাৰ আৰু মৰণশীল মানৱজাতিৰ বাবে বাইবেলত উল্লেখ কৰা আশা মোৰ কাৰণে আজিও সিমানে উজ্জ্বল হৈ আছে, যিদৰে সত্য শিকাৰ সময়ত আছিল। তেতিয়াৰে পৰা মই মোৰ নিচিনা আগ্ৰহ থকা লোকসকলক যিহোৱা আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে জানিবলৈ সহায় কৰাত নিৰ্ণয় লৈছিলোঁ।”

৭. কেনে ধৰণৰ অনুভৱে দেখুৱাইছে যে সত্যতাক বিচাৰি পোৱাৰ পিছত লোকসকলে উৎসাহী আৰু আনন্দিত হয়?

আজিৰ সময়তো যিহোৱাৰ উপাসকসকলত এক উৎসাহিত মনোবৃত্তি দেখিবলৈ পোৱা গৈছে। উদাহৰণস্বৰূপে, অষ্ট্ৰীয়াৰ ভিয়েনাত থকা দানীলাৰ বিষয়ে মন কৰক। দানীলাই নিজৰ বিষয়ে এইদৰে কৈছে: “সৰুকালৰে পৰা মই ঈশ্বৰক এজন ঘনিষ্ঠ বন্ধু হিচাপে দৃষ্টি কৰি আহিছোঁ। যিহেতু তেওঁ মোৰ বাবে এজন অব্যক্তিত্ব হোৱাৰ বাবে মই সদায়ে তেওঁৰ নাম কি, তাক জানিবলৈ বিচাৰিছিলোঁ। কিন্তু ইয়াৰ বাবে মই ১৭ বছৰলৈকে অপেক্ষা কৰিবলগীয়া হৈছিল। এদিন মোৰ ঘৰলৈ যিহোৱাৰ সাক্ষীসকল আহিল আৰু ঈশ্বৰৰ বিষয়ে জানিব বিচৰা মোৰ সকলো প্ৰশ্নৰ উত্তৰ দিছিল। অৱশেষত মই জানিবলৈ পাৰিলোঁ যে মই তাহানিৰ পৰা বিচাৰি ফুৰা, এইয়াই হৈছে প্ৰকৃত সত্য। সত্যতাৰ বিষয়ে জানিবলৈ পাই মই ইমানে উৎসাহিত হলোঁ যে মই স্কুলত সকলোকে প্ৰচাৰ কৰিবলৈ ধৰিলোঁ।” কিন্তু তাইৰ এনে উৎসাহ দেখি অন্য ছাত্ৰীসকলে তাইক ঠাট্টা কৰিব ধৰিলে। আগলৈ তাই এইদৰে কৈছে: “তেওঁলোকৰ তেনে আচৰণে যীচুৱে কোৱা ভৱিষ্যতবাণীৰ পূৰ্ণতাৰ বিষয়ে মোৰ মনত সোঁৱৰাই দিছিল যে, তেওঁৰ নামৰ বাবে শিষ্যবিলাকে তাড়নাৰ সম্মুখীন হʼব লাগিব। এই বিষয়ে মই আনন্দিত হোৱাৰ উপৰি আচৰিতো হৈছিলোঁ।” অতি সোনকালে দানীলাই নিজকে যিহোৱালৈ সমৰ্পিত কৰি বাপ্তিষ্মা লয় আৰু মিছনাৰী হিচাপে সেৱা কৰিবলৈ আৰম্ভ কৰিলে। তাই বিবাহৰ পিছতো নিজৰ স্বামী হেলমোটৰ সৈতে ভিয়েনাত থকা আফ্ৰিকা, চীন, ফিলিপীন আৰু ভাৰতীয় লোকসকলক প্ৰচাৰ কৰিছিল। বৰ্তমান তেওঁলোকে আফ্ৰিকাৰ দক্ষিণ-পশ্চিমে থকা অঞ্চলত মিছনাৰী হিচাপে সেৱা কৰি আছে।

তেওঁলোকে সত্যতাক ত্যাগ নকৰে

৮. কেনে এক মাধ্যমৰ দ্বাৰা বহুতে যিহোৱা আৰু তেওঁৰ ৰাজ্যৰ প্ৰতি প্ৰেম আৰু আনুগত্য বজাই ৰাখা প্ৰমাণ দিয়ে?

মিছনাৰী সেৱা হৈছে এনে এক মাধ্যম যাৰ দ্বাৰা ঈশ্বৰৰ উপাসকবিলাকে যিহোৱা আৰু তেওঁৰ ৰাজ্যৰ প্ৰতি প্ৰেম আৰু আনুগত্য বজাই ৰখা প্ৰমাণ দিয়ে। যীচুয়ে দৃষ্টান্তত উল্লেখ কৰা সদাগৰজনৰ দৰে মিছনাৰী সেৱাত ভাগ লোৱাসকলে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিবলৈ বহু দূৰৰ ঠাইলৈকো যাত্ৰা কৰিবলৈ ইচ্ছুক। অৱশ্যে তেওঁলোকে ৰাজ্যৰ শুভবাৰ্ত্তা শুনিবলৈ নহয় কিন্তু দূৰ দেশত থকা লোকসকলক তাৰ বিষয়ে শিকোৱা আৰু যীচুৰ শিষ্য হোৱাত সহায় কৰাৰ উদ্দেশ্যৰে ভ্ৰমণ কৰে। (মথি ২৮:১৯, ২০) যদিও এই কাৰ্য্যৰ বাবে তেওঁলোকে বহুতো দেশত বিৰোধিতাৰ সম্মুখীন হʼবলগীয়া হয়, তথাপিও তেওঁলোকে ধৰা ধৈৰ্য্যৰ বাবে অনেক আশীৰ্ব্বাদ পায়।

৯, ১০. চেন্ট্ৰেল আফ্ৰিকান ৰিপাব্লিকৰ নিচিনা দূৰ দেশত অৱস্থিত থকা ঠাইবোৰত প্ৰচাৰ কৰি মিছনাৰীসকলে কেনে ধৰণৰ অভিজ্ঞতা লাভ কৰিছে?

আন এটা উদাহৰণৰ বিষয়ে বিবেচনা কৰক। বিগত বছৰত চেন্ট্ৰেল আফ্ৰিকান ৰিপাব্লিকে পালন কৰা স্মাৰক দিনৰ উপস্থিতিৰ সংখ্যা আছিল ১৬,১৮৪ জন, যি সেই দেশৰ প্ৰচাৰকৰ সংখ্যাতকৈ সাত গুণে অধিক। যিহেতু সেই দেশৰ অধিকাংশ ঠাইত বিজুলী শক্তিৰ সুবিধা নথকাৰ বাবে লোকসকলে দৈনন্দিন কাম-বন দিনৰ ভাগত গছৰ ছাঁৰ তলত কৰে। সেইবাবে মিছনাৰীসকলে বাইবেল অধ্যয়ন পৰিচালনা এজোপা গছৰ তলত কৰিবলগীয়া হয়। বাহিৰত অধ্যয়ন পৰিচালনা কৰাৰ লাভ কেৱল পোহৰ আৰু শীতল বতাহ বলি থকা অৱস্থাই নহয়, কিন্তু ইয়াৰ অন্য এক লাভো আছে। কিয়নো সাধাৰণতে তেনে ধৰণৰ কথাবতৰা হোৱাটো এক সাধাৰণ বিষয়, গতিকে অহা-যোৱা কৰা লোকসকলে প্ৰায়ে আকৰ্ষিত হৈ অধ্যয়নত ভাগ লয়।

১০ উদাহৰণস্বৰূপে, যেতিয়া এজন মিছনাৰী ভায়ে বাহিৰত বহি বাইবেল অধ্যয়ন পৰিচালনা কৰি আছিল তেতিয়া ৰাস্তাৰ সিপাৰে থকা ব্যক্তিজনে আহি কৈছিল যে তেওঁৰ ঘৰত কাহানিও কোনো সাক্ষীয়ে সাক্ষাৎ কৰিব অহা নাই। গতিকে যদি মিছনাৰীজনে তেওঁৰ ঘৰলৈ আহি বাইবেল অধ্যয়ন পৰিচালিত কৰে তেন্তে তেওঁ অতি কৃতজ্ঞ হʼব। অৱশ্যেই মিছনাৰীজনে তেওঁৰ অনুৰোধ ৰাখিলে আৰু সেই ব্যক্তিজনে এতিয়া বেগেৰে আধ্যাত্মিকতাত উন্নতি কৰিছে। আনহাতে, সদায়ে সেই পথেদি যোৱা আৰক্ষী ব্যক্তিসকলে সাক্ষীসকলৰ পৰা জৰিমনা নহয়, কিন্তু নতুন কোনো প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনী আছে নে নাই জানিবলৈ বা আলোচনীবোৰ পঢ়ি যি আনন্দ লাভ কৰিলে, তাৰ বিষয়ে ধন্যবাদ জনাবলৈ গাড়ী ৰখায়।

১১. কঠিন পৰিস্থিতিৰ সম্মুখীন হোৱা স্বত্বেও দীৰ্ঘ সময় ধৰি সেৱা কৰা মিছনাৰীসকলে প্ৰচাৰ কাৰ্য্যৰ প্ৰতি কেনে মনোবৃত্তি ৰাখে?

১১ প্ৰায় ৪০ বা ৫০ বছৰৰ পূৰ্বে মিছনাৰী সেৱাত ভাগ লোৱা ব্যক্তিসকলে আজিও নিষ্ঠাৰে প্ৰচাৰ কাৰ্য্য কৰি আছে। ই আমাৰ সকলোৰে বাবে বিশ্বাস আৰু দৃঢ় হৈ থাকিবলৈ কিযে এক উৎকৃষ্ট আৰ্হি! যোৱা ৪২ বছৰ ধৰি এহাল দম্পতীয়ে মিছনাৰী হিচাপে তিনিখন দেশত সেৱা কৰিছিল। এই কাৰ্য্যৰ বিষয়ে ভাইজনে এইদৰে কয়: “সময়ে সময়ে আমি কঠিন পৰিস্থিতিৰ সম্মুখীন হʼবলগীয়া হয়। উদাহৰণস্বৰূপে, ৩৫ বছৰলৈকে আমি মেলেৰীয়াৰ সৈতে যুঁজিবলগীয়া হৈছিল। কিন্তু আমি কেতিয়াও মিছনাৰী হোৱাৰ বাবে অনুতাপ কৰা নাই।” আগলৈ ভাইজনৰ পত্নীয়ে এইদৰে কয়: “সদায়ে আমাৰ ওচৰত কৃতজ্ঞ হোৱাৰ বহুতো কাৰণ আছে। যেনে—প্ৰচাৰ কাৰ্য্য আৰু সহজে বাইবেল অধ্যয়ন আৰম্ভ কৰিব পাৰি। বাইবেল বিদ্যাৰ্থীসকলক সভাত উপস্থিত থকা দেখি আৰু তেওঁলোকৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলি অধিক আনন্দ পোৱা যায়। তদুপৰি ই যেন পৰিয়ালত হোৱা এক আনন্দৰ সমাগত দৰে।”

তেওঁলোকে ‘সকলোকে হানি যেন মানে’

১২. ঈশ্বৰৰ ৰাজ্যৰ প্ৰতি কেনেকৈ প্ৰকৃত মূল্যাঙ্কন দেখুৱাব পাৰি?

১২ বহুমূলীয়া মুকুতাটো পোৱাৰ পিছত সদাগৰজনে “তেওঁৰ সৰ্ব্বস্ব বেচি, তাক কিনিলে।” (মথি ১৩:৪৬) তেনে ধৰণৰ মনোবৃত্তি ঈশ্বৰৰ ৰাজ্যৰ প্ৰতি মূল্যাঙ্কন দেখুৱা লোকসকলতো দেখিবলৈ পোৱা যায়। যীচুৰ সৈতে ৰাজ্যৰ মহিমাত ভাগ লোৱা পাঁচনি পৌলে এইদৰে কৈছিল: “মোৰ প্ৰভু খ্ৰীষ্ট যীচুৰ জ্ঞানৰ উত্তমতাৰ কাৰণে, মই সকলোকে হানি যেন মানিলোঁ।”—ফিলিপীয়া ৩:৮.

১৩. কেনেকৈ চেক্‌ গণৰাজ্যৰ এজন ব্যক্তিয়ে ঈশ্বৰৰ ৰাজ্যৰ প্ৰতি মূল্যাঙ্কন দেখুৱালে?

১৩ সেই একেইদৰে বৰ্তমান সময়ত বহুতে ঈশ্বৰৰ ৰাজ্যৰ দ্বাৰা লাভৱান হʼবলৈ নিজৰ জীৱনত বৃহৎভাৱে সাল-সলনি কৰিবলৈ আগবাঢ়ি আহিছে। উদাহৰণস্বৰূপে, ২০০৩ চনৰ চেক্‌ গণৰাজ্যৰ এখন স্কুলৰ ৬০ বছৰীয়া প্ৰধান শিক্ষকজনে জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় নামৰ কিতাপখন পঢ়াৰ পিছত কেনে প্ৰতিক্ৰিয়া দেখুৱালে, সেই বিষয়ে বিবেচনা কৰক। কিতাপখন পঢ়াৰ পিছত তেওঁ অনতিপলমে যিহোৱাৰ সাক্ষীসকলক সাক্ষাৎ কৰি বাইবেলৰ সত্যতাৰ বিষয়ে শিকাবলৈ অনুৰোধ জনালে। অতি সোনকালে তেওঁ আধ্যাত্মিকতাত উন্নতি কৰি সকলোবোৰ খ্ৰীষ্টান সভাত উপস্থিত হʼব ধৰিলে। কিন্তু তেওঁ স্কুলৰ সভাপতি আৰু প্ৰশাসনৰ অধ্যক্ষ হিচাপে নিৰ্বাচনত ঠিয় হʼবলৈ কৰা পৰিকল্পনাৰ বিষয়ে কি কʼব পাৰি? তেওঁ এতিয়া স্কুলৰ সভাপতি বা প্ৰশাসনৰ অধ্যক্ষ নহয় কিন্তু ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰক হʼবলৈ সিদ্ধান্ত লʼলে। আগলৈ তেওঁ এইদৰে কৈছিল: “মই মোৰ ছাত্ৰসকলক বহুতো বাইবেল আধাৰিত আলোচনী বিতৰণ কৰিলোঁ।” জুলাই ২০০৪ চনত হোৱা অধিৱেশনত তেওঁ নিজকে যিহোৱালৈ সমৰ্পিত কৰি বাপ্তিষ্মা লʼলে।

১৪. (ক) ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তাই লাখ লাখ লোকক কি কৰিবলৈ প্ৰেৰিত কৰিছে? (খ) আমি নিজকে কেনে বিবেচনামূলক প্ৰশ্নবোৰ সোধা উচিত?

১৪ ঠিক একেইদৰে আজি লাখ লাখ লোকে ঈশ্বৰৰ ৰাজ্যৰ প্ৰতি মূল্যাঙ্কন দেখুৱাইছে। তেওঁলোকে এই দুষ্ট জগতৰ পৰা ওলাই আহি নতুন ব্যক্তিত্ব ধাৰণ কৰিছে, পূৰ্বে থকা সঙ্গতিবোৰ আৰু সকলো ধৰণৰ জাগতিক আচাৰ-ব্যৱহাৰ ত্যাগ দিছে। (যোহন ১৫:১৯; ইফিচীয়া ৪:২২-২৪; যাকোব ৪:৪; ১ যোহন ২:১৫-১৭) তেওঁলোকে কিয় এনে ধৰণৰ ত্যাগ কৰিবলৈ আগ্ৰহী? তেওঁলোকে এই জগতে দিয়া সকলোবোৰ সুখ-বিলাসৰ তুলনাত ঈশ্বৰৰ ৰাজ্যই প্ৰদান কৰা আশীৰ্ব্বাদসমূহক সকলোতকৈ উত্তম আৰু উচ্চ বুলি দৃষ্টি কৰে। সেইদৰে আপুনিও ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তাৰ প্ৰতি অনুভৱ কৰেনে? আপুনি যিহোৱাৰ ইচ্ছাৰ অনুসাৰে চলিবলৈ নিজৰ জীৱন-প্ৰণালী আৰু লক্ষ্যবোৰত সাল-সলনি কৰিছেনে? যদি তেনেদৰে কৰিছে, তেন্তে আপুনি বৰ্তমান আৰু ভৱিষ্যতে বহুতো আশীৰ্ব্বাদ লাভ কৰিব।

প্ৰচাৰ কাৰ্য্য চৰম অৱস্থাত উপনীত হৈছেহি

১৫. শেষকালত ঈশ্বৰৰ লোকসকলে কি কৰিব বুলি ভৱিষ্যতবাণী কৰিছিল?

১৫ গীতমালা ৰচোঁতাজনে এইদৰে কৈছিল: “তোমাৰ পৰাক্ৰমৰ দিনত তোমাৰ প্ৰজাবিলাক ইচ্ছামতে দিয়া উপহাৰস্বৰূপ হব।” তেওঁবিলাকৰ সৈতে “প্ৰভাতৰূপ গৰ্ভৰ পৰা জন্মা নিয়ৰৰ নিচিনা” ডেকাবিলাক আৰু ‘শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁতা তিৰোতাবিলাকৰ মহাবাহিনী’ জড়িত আছে। (গীত ৬৮:১১; ১১০:৩) যিহোৱাৰ সাক্ষীসকলৰ পুৰুষ-স্ত্ৰী, ডেকা আৰু বৃদ্ধবিলাকে কৰা পৰিশ্ৰম আৰু আত্মত্যাগ ভাৱনাৰ বাবে কেনে ফলাফল পোৱা গʼল?

১৬. ঈশ্বৰৰ উপাসকসকলে কেনেকৈ আনক তেওঁৰ ৰাজ্যৰ বিষয়ে জনাবলৈ পদক্ষেপ লৈছে, তাৰ এটা উদাহৰণ দিয়ক।

১৬ ভাৰতবৰ্ষত কাণেৰে নুশুনা ২০ লাখতকৈ অধিক ব্যক্তিক কেনেকৈ ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তাৰ বিষয়ে প্ৰচাৰ কৰিব পাৰি, সেই বিষয়ে এগৰাকী পূৰ্ণ সময়ৰ সেৱীকাই বিবেচনা কৰি চিন্তিত হৈছিল। (যিচয়া ৩৫:৫) তেনে ব্যক্তিবিলাকক সহায় কৰাৰ উদ্দেশ্যৰে তাই সঙ্কেতিক ভাষা শিকিবলৈ এখন সঙ্কেতিক ভাষা শিকোৱা অনুষ্ঠানত ভৰ্ত্তি হʼল। তাত তাই কাণেৰে নুশুনা বহুতো ব্যক্তিক ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তাৰ বিষয়ে জনালে আৰু বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ সফল হʼল। এসপ্তাহৰ ভিতৰতে ১২ জনতকৈ অধিক লোকে সভাত উপস্থিত হৈছিল। এদিন সেই ভনীগৰাকীয়ে বিবাহ সমাৰোহত কলকʼতাৰ পৰা অহা তেনে এজন ডেকা ব্যক্তিক লগ পাইছিল, যিজনৰ মনত বহুতো প্ৰশ্ন আছিল আৰু যিহোৱাৰ বিষয়ে জানিব বিচাৰিছিল। কিন্তু সমস্যা হʼল যে তেওঁ পুনৰাই কʼলকতালৈ ঘূৰি যাবলগীয়া আছিল যি নেকি প্ৰায় ১,০০০ কিলোমিটাৰ দূৰ অৱস্থিত। তদুপৰি তাত থকা কোনো সাক্ষীয়ে সঙ্কেতিক ভাষা নাজানে। গতিকে ব্যক্তিজনে বাঙ্গালোৰত থকা স্কুলত শিক্ষা গ্ৰহণ কৰিবলৈ নিজৰ পিতৃক মান্তি কৰালে, যাতে তেওঁ বাইবেল অধ্যয়ন কৰিব পাৰে। ক্ৰমান্বয়ে তেওঁ আধ্যাত্মিকতাত উন্নতি কৰি এবছৰৰ পিছত নিজকে যিহোৱালৈ সমৰ্পিত কৰি বাপ্তিষ্মা ললে। আনকি তেওঁ কিছুমান কাণেৰে নুশুনা ব্যক্তিৰ সৈতে বাইবেল অধ্যয়ন পৰিচালিত কৰে যʼত তেওঁৰ লʼৰালি কালৰ বন্ধুজনো সন্মিলিত আছে। বৰ্তমান এনে লোকসকলক সহায় কৰাৰ উদ্দেশ্যৰে ভাৰতত থকা শাখা কাৰ্য্যালয়ে অগ্ৰগামীসকলক সঙ্কেতিক ভাষা শিকাবলৈ ব্যৱস্থা কৰিছে।

“প্ৰথমে তেওঁৰ ৰাজ্য” বিচাৰা

১৭. যীচুৱে দৃষ্টান্তত কিহৰ বিষয়ে উল্লেখ কৰা নাছিল আৰু কিয়?

১৭ পুনৰাই যীচুৰ দৃষ্টান্তটো বিবেচনা কৰক। সৰ্ব্বোচ বেচাৰ পিছত আগলৈ সদাগৰজনে কেনেকৈ জীৱন-নিৰ্বাহ কৰিছিল, সেই বিষয়ে যীচুৱে আমাক একো কোৱা নাই। সেইবাবে কিছুমানে এইদৰে সুধিব পাৰে: ‘সদাগৰজনে এতিয়া কেনেকৈ খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ প্ৰবন্ধ কৰিব, যিহেতু তেওঁৰ ওচৰত কোনো ধন নাই? তেওঁ বিচাৰি পোৱা বহুমূলীয়া মুকুতাটো জানো কোনো কামত আহিব?’ মানৱীয় দৃষ্টিভঙ্গীৰে চালে এই প্ৰশ্নবোৰে এজন ব্যক্তিক গভীৰ চিন্তাত পেলাব পাৰে। কিন্তু “তোমালোকে প্ৰথমে তেওঁৰ ৰাজ্য আৰু ধাৰ্ম্মিকতা বিচাৰা; তাতে এই সকলোও তোমালোকক দিয়া হব” বুলি যীচুৱে তেওঁৰ শিষ্যবিলাকক কোৱা নাছিলনে? (মথি ৬:৩১-৩৩) দৃষ্টান্তত থকা মুখ্য বিষয়টো হৈছে আমি সম্পূৰ্ণ মনেৰে ঈশ্বৰৰ সেৱা আৰু তেওঁৰ ৰাজ্যৰ প্ৰতি মূল্যাঙ্কন দেখুৱা উচিত। ইয়াৰ দ্বাৰা আমি কিবা শিক্ষামূলক পাঠ শিকিব পাৰোঁনে?

১৮. যীচুয়ে বহুমূলীয়া মুকুতাৰ সম্বন্ধে দিয়া দৃষ্টান্তটোৰ পৰা আমি কি শিকিব পাৰোঁ?

১৮ যদিও আমি অলপতে সত্য শিকিছোঁ বা বহু বছৰৰ পৰা ইয়াৰ বিষয়ে লোকসকলৰ আগত প্ৰচাৰ কৰি আহিছোঁ, তথাপিও ৰাজ্য হিতৰ প্ৰতি আমাৰ ধ্যান সদায়ে কেন্দ্ৰিভূত হোৱা উচিত। এইটো সচাঁ যে বৰ্তমান আমি কঠিন সময়ত জীয়াই আছোঁ, কিন্তু আমাৰ ওচৰত বিশ্বাস কৰাৰ দৃঢ় কাৰণ আছে যি সেই মুকুতাটোৰ দৰে বাস্তৱিক আৰু অতুলনীয়। বৰ্তমান সময়ত ঘটা ঘটনা আৰু ভৱিষ্যতবাণীসমূহৰ পূৰ্ণতাই প্ৰমাণ দিছে যে আমি “এই জগতৰ শেষ” সময়ত জীয়াই আছোঁ। (মথি ২৪:৩) এতেকে আঁহক আমি সেই সদাগৰজনৰ দৰে ঈশ্বৰৰ ৰাজ্যৰ প্ৰতি আগ্ৰহী আৰু শুভবাৰ্ত্তা শুনোৱাৰ যি বিশেষাধিকাৰ পাইছোঁ, তাত আনন্দিত হওঁহঁক।—গীত ৯:১, ২. (w05 2/1)

আপোনাৰ মনত আছেনে?

• বছৰ ধৰি সত্য উপাসকসকলৰ বৃদ্ধি হোৱাৰ কাৰণ কি?

• মিছনাৰীসকলত কেনে ধৰণৰ মনোবৃত্তি দেখিবলৈ পোৱা গৈছে?

• ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তা শুনি ব্যক্তিসকলে কেনে ধৰণৰ সাল-সলনি কৰিছে?

• যীচুৱে বহুমূলীয়া মুকুতাৰ সম্বন্ধে দিয়া দৃষ্টান্তৰ পৰা আমি কেনে শিক্ষামূলক পাঠ শিকিব পাৰোঁ?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৫ পৃষ্ঠাৰ ছবি]

ভিয়নাত বিদেশী ভাষা কোৱা লোকসকলৰ আগত দানীলা আৰু হেলমোটোৱে প্ৰচাৰ কৰিছিল