Skip to content

Skip to table of contents

যিহোৱাৰ বাক্য জীয়া

যিহোৱাৰ বাক্য জীয়া

যিহোৱাৰ বাক্য জীয়া

বিচাৰকৰ্ত্তাবিলাক কিতাপৰ আলোকপাত

 যিহোৱাৰ নিজ লোকবিলাকে যেতিয়া সত্য উপাসনা ত্যাগ কৰি মিছা দেৱ-দেৱীবিলাকৰ উপাসনা কৰিবলৈ ধৰিলে তেতিয়া তেওঁ কেনে প্ৰতিক্ৰিয়া দেখুৱালে? যদি তেওঁলোকে বাৰে বাৰে অৱজ্ঞাকাৰী হয় আৰু কেৱল বিপদৰ সময়তহে যিহোৱাৰ সহায় বিচাৰে, তেন্তে কি কʼব পাৰি? তেতিয়াও যিহোৱা ঈশ্বৰে উদ্ধাৰ পাবলৈ কোনো ব্যৱস্থা কৰিলেহেঁতেননে? এই গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ উত্তৰ বাইবেলৰ এই বিচাৰকৰ্ত্তাবিলাক কিতাপখনত দিয়া হৈছে। এই কিতাপখন ভৱিষ্যতবক্তা চমূৱেলে সা.যূ.পূ. ১১০০ চনত লিখি সমাপ্তি কৰে। ইয়াত যিহোচূৱাৰ মৃত্যুৰ পৰা লৈ ইস্ৰায়েলৰ প্ৰথম ৰজাজন নিযুক্ত হোৱালৈকে অৰ্থাৎ প্ৰায় ৩৩০ বছৰৰ সময়ত ঘটা ঘটনাবোৰৰ বিৱৰণী পোৱা যায়।

বিচাৰকৰ্ত্তাবিলাক কিতাপখন ঈশ্বৰৰ শক্তিশালী বাক্য বা বাৰ্ত্তাৰ এটা ভাগ হোৱা হেতুকে আমাৰ বাবে ই অধিক লাভজনক। (ইব্ৰী ৪:১২) ইয়াত লিপিবদ্ধ কৰা ৰোমাঞ্চকৰ বিৱৰণীসমূহয়ে আমাক ঈশ্বৰৰ ব্যক্তিত্বৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰে। এই কিতাপখনৰ পৰা শিকা বিষয়বোৰে “প্ৰকৃত জীৱন” অৰ্থাৎ ঈশ্বৰে প্ৰতিজ্ঞা কৰা নতুন জগতত অনন্ত জীৱনৰ প্ৰতি থকা আমাৰ বিশ্বাস দৃঢ় কৰাত সহায় কৰে। (১ তীমথিয় ৬:১২, ১৯; ২ পিতৰ ৩:১৩) যিহোৱা ঈশ্বৰে তেওঁৰ লোকসকলক উদ্ধাৰ কৰিবলৈ কৰা কাৰ্য্যবোৰ ভৱিষ্যতে যীচু খ্ৰীষ্টৰ দ্বাৰা হʼবলগীয়া বৃহৎ উদ্ধাৰৰ এক পূৰ্বাভাস আছিল।

বিচাৰকৰ্ত্তাবিলাকৰ কিয় আৱশ্যক আছিল?

(বিচাৰকৰ্ত্তাবিলাক ১:১-৩:৬)

যিহোচূৱাৰ নেতৃত্বত কনান দেশৰ ৰজাবোৰৰ ওপৰত জয় লাভ কৰাৰ পিছত, ইস্ৰায়েলৰ প্ৰত্যেকটো জাতিয়ে নিজৰ নিজৰ উত্তৰাধিকাৰ আৰু ভূমিখণ্ড অধিকাৰ কৰিলে। কিন্তু তেওঁলোকে অধিকাৰ কৰা ভূমিৰ পৰা তাৰ বাসিন্দাসকলক আঁতৰ কৰাত বিফল হʼল। এই বিফলে ইস্ৰায়েলসকলৰ বাবে এটা প্ৰকৃত ফান্দ হৈ পৰিল।

যিহোচূৱাৰ পিছত অহা নতুন প্ৰজন্মই ‘যিহোৱা আৰু ইস্ৰায়েলৰ নিমিত্তে কৰা কাৰ্য্যক’ নাজানিছিল। (বিচাৰকৰ্ত্তাবিলাক ২:১০) তদুপৰি ইস্ৰায়েলসকলে কনানীসকলৰ সৈতে বিয়া-বাৰু কৰি তেওঁলোকৰ দেৱ-দেৱীক উপাসনা কৰিব ধৰিলে। গতিকে যিহোৱা ঈশ্বৰে ইস্ৰায়েলসকলক শত্ৰুৰ হাতত সোধাই দিলে। ইস্ৰায়েলসকলে যেতিয়া অতিশয়ৰূপে পীড়িত হʼব ধৰিলে তেতিয়া তেওঁলোকে সত্য ঈশ্বৰৰ সহায়ৰ বাবে কাকুতি-মিনতি কৰিব ধৰিলে। এইদৰে ধৰ্ম্মীয়, সামাজিক আৰু ৰাজনৈতিক পৰিৱেশৰ বিকশিত ঘটিল আৰু যিহোৱা ঈশ্বৰে তেওঁৰ লোকসকলক শত্ৰুবিলাকৰ পৰা ৰক্ষা কৰিবলৈ বিচাৰকৰ্ত্তাবিলাকক নিযুক্ত কৰিলে।

শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:

১:২, ৪—নিযুক্ত কৰা দেশ অধিকাৰ কৰিবলৈ যিহূদা বংশক কিয় প্ৰথমে নিৰ্বাচিত কৰা হʼল? সাধাৰণতে এই বিশেষাধিকাৰ যাকোবৰ প্ৰথমজাত সন্তান ৰূবেণৰ বংশই পাব লাগিছিল। কিন্তু যাকোবে মৃত্যুৰ শৰ্য্যাত কৰা ভৱিষ্যতবাণী অনুসাৰে ৰূবেণৰ প্ৰাধান্যতা নাথাকিল আৰু প্ৰথমজাত অধিকাৰ হেৰুৱালে। চিমিয়োন আৰু লেবীয়ে নিষ্ঠুৰতাৰে কাৰ্য্য কৰাৰ বাবে ইস্ৰায়েলৰ মাজত সিঁচৰিত হৈ পৰিল। (আদিপুস্তক ৪৯:৩-৫,) গতিকে সেই বিশেষাধিকাৰ যাকোবৰ চতুৰ্থজন পুত্ৰ কেৱল যিহূদাই পাবলৈ যোগ্য আছিল। যিহূদাৰ সৈতে যোৱা চিমিয়োনে এক সৰু এলেকা লাভ কৰিলে যি গোটেইখন যিহূদাৰ এলেকাত সিঁচৰিত হৈ আছিল। aযিহোচূৱা ১৯:৯.

১:৬, ৭—যুদ্ধত পৰাজয় কৰা ৰজাজনৰ হাত আৰু ভৰিৰ বুঢ়া আঙুলি কিয় কাটি পেলোৱা হৈছিল? যুদ্ধত পৰাজয় হোৱা এজন ব্যক্তিয়ে হাত আৰু ভৰিৰ বুঢ়া আঙুলি হেৰুৱাৰ অৰ্থ হৈছে দুনাই সৈন্য-বাহিনীত যোগ দিবলৈ অযোগ্য। হাতৰ বুঢ়া আঙুলিৰ বাহিৰে এজন সৈনিকে কেনেকৈ তৰোৱাল বা যাঠী ধৰিব? ভৰিৰ বুঢ়া আঙুলি হেৰুৱাৰ অৰ্থ সঠিকমতে ভাৰসাম্যতা বজাই থিয় হোৱাত অক্ষম।

আমাৰ বাবে শিক্ষামূলক পাঠ:

২:১০-১২. ‘যিহোৱা ঈশ্বৰৰ সকলো উপকাৰ নাপাহৰিবলৈ’ আমি নিতৌ বাইবেল অধ্যয়ন কৰিবলৈ তালিকা তৈয়াৰ কৰা উচিত। (গীত ১০৩:৫) পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীৰ হৃদয়ত ঈশ্বৰৰ বাক্যৰ সত্যতা প্ৰবিষ্ট কৰা উচিত।—দ্বিতীয় বিবৰণ ৬:৬-৯.

২:১৪, ২১, ২২. যিহোৱাই অৱজ্ঞাকাৰী লোকসকলৰ ওপৰত এই বাবে বেয়া পৰিস্থতিৰ অনুমতি দিছিল, যাতে তেওঁলোকে শাস্তি পাই মন পালটন কৰি তেওঁলৈ ঘূৰি আহে।

যিহোৱাই বিচাৰকৰ্ত্তাসকলক নিযুক্ত কৰে

(বিচাৰকৰ্ত্তাবিলাক ৩:৭-১৬:৩১)

বিচাৰকৰ্ত্তা কিতাপত ইস্ৰায়েলসকলে আঠ বছৰ সময় ধৰি মিচপতামিয়াৰ এজন ৰজাৰ অধীনত পীড়িত হৈ থকা অৱস্থাক অৎনীয়েল বিচাৰকৰ্ত্তাৰ দ্বাৰা সমাপ্তি কৰাৰ ৰোমাঞ্চকৰ বৃতান্ত বৰ্ণীত আছে। ঈশ্বৰে সাহসী বিচাৰকৰ্ত্তা এহূদৰ দ্বাৰা মোৱাবীয়া ৰজা ইগ্লোনক বধ কৰিলে। অতি সাহসী চম্‌গৰে অকলেই গৰু খেদোৱা বাৰিৰে পলেষ্টীয়াবিলাকৰ ছশ লোকক বধ কৰিলে। যিহূদাত ভাববাদিনী হিচাপে কাৰ্য্য কৰা দবোৰাৰ দ্বাৰা উৎসাহিত হৈ যিহোৱাৰ সহায়ত বাৰাকে তেওঁৰ নিচেই তাকৰ অস্ত্ৰ-সস্ত্ৰ লৈ দহহাজাৰ সৈন্যবাহিনীৰে শক্তিশালী সেনাপতি চীচৰাক পৰাস্ত কৰিলে। যিহোৱা ঈশ্বৰে গিদিয়োনৰ ৩০০ জন সৈনিকৰ দ্বাৰা মিদিয়নীয়াক পৰাস্ত কৰিলে।

যিহোৱা ঈশ্বৰে যিপ্তহৰ দ্বাৰা ইস্ৰায়েলক অম্মোনীয়াহঁতৰ হাতৰ পৰা উদ্ধাৰ কৰিলে। তোলা, যায়ীৰ, ইব্‌চন, এলোন আৰু অব্দোনো সেই বাৰজন বিচাৰকৰ্ত্তাৰ ভিতৰত আছিল যিসকলে ইস্ৰায়েলৰ ওপৰত বিচাৰ কৰিছিল। পলেষ্টীয়াবিলাকৰ অহিতে যুদ্ধ কৰা চিম্‌চোনৰ সৈতে বিচাৰকৰ্ত্তাবিলাকৰ সময়ৰ সম্পাতি ঘটিল।

শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:

৪:৮—বাৰাকে ভাববাদিনী দবোৰাক তেওঁৰ সৈতে যুদ্ধক্ষেত্ৰত যাবলৈ নেৰা-নেপেৰাকৈ কিয় আগ্ৰহ কৰিছিল? স্পষ্টৰূপে, বাৰাকে চীচৰাৰ শক্তিশালী সৈন্যবাহিনীৰ অহিতে যাবলৈ নিজকে অযোগ্য বুলি ভাবিছিল। গতিকে দবোৰা লগত থাকিলে তেওঁ আৰু তেওঁৰ মানুহবিলাকে ঈশ্বৰৰ নিৰ্দ্দেশনা থকা আৰু নিশ্চয়তা অনুভৱ কৰিব। এতেকে বাৰাকে দবোৰাক তেওঁৰ সৈতে যাবলৈ আগ্ৰহ কৰাটো কোনো দুৰ্ব্বলতাৰ চিহ্ন নহয় কিন্তু শক্তিশালী বিশ্বাসৰ প্ৰমাণ আছিল।

৫:২০—বাৰাকৰ হৈ আকশ-মণ্ডলত থকা তৰাসমষ্টিয়ে কেনেকৈ যুদ্ধ কৰিছিল? বাইবেলত এইটো কোৱা নাই যে বাৰাকক স্বৰ্গদুতবিলাকে সহায় কৰিছিল। আকাশৰ পৰা উল্কাবৃষ্টি হোৱাক লৈ চীচৰাৰ জ্ঞানী ব্যক্তিসকলে কোনো অমঙ্গলসূচক চিন বা জ্যোতিষবিদসকলে চীচৰা বিফল হʼব বুলি পূৰ্বানুমান কৰিছিল। নিঃসন্দেহে ইয়াত কোনো প্ৰকাৰৰ ঈশ্বৰীয় হস্তক্ষেপ আছিল।

৭:১-৩; ৮:১০—শত্ৰু সৈন্যবাহিনীৰ ১,৩৫,০০০ জনৰ অহিতে যুদ্ধ কৰিবলৈ গিদিয়োনৰ ৩২,০০০ জন সৈনিক অধিক আছিল বুলি যিহোৱাই কিয় কৈছিল? কিয়নো যিহোৱা ঈশ্বৰে গিদিয়োন আৰু তেওঁৰ মানুহবিলাকক বিজয় হোৱাত সহায় কৰিবলগীয়া আছিল। গতিকে তেওঁলোকে নিজ শক্তিৰে মিদিয়নীয়াসকলক পৰাস্ত কৰা বুলি ভবাটো যিহোৱাই নিবিচাৰিছিল।

১১:৩০, ৩১—যিপ্তহে মানৱ বলিদান কৰাৰ বিষয়ে মনত ৰাখি প্ৰতিজ্ঞা কৰিছিলনে? যিপ্তহে তেনেদৰে কেতিয়াও ভাবিব নোৱাৰিছিল, কিয়নো মোচিৰ ব্যৱস্থাত এইদৰে কোৱা হৈছিল: “নিজ পো-জীক জুইৰ মাজেদি গমন কৰাওঁতা, . . . এনে লোক তোমাৰ মাজত পোৱা যাব নালাগে। (দ্বিতীয় বিবৰণ ১৮:১০-১১) আনকি যিপ্তহৰ মনত কোনো জীৱ-জন্তু বিষয়ে নহয়, কিন্তু এজন ব্যক্তিৰ বিষয়ে মনত আছিল। বলিদানৰ বাবে উপযুক্ত হোৱা জীৱ-জন্তু ইস্ৰায়েলসকলে নিজৰ ঘৰত নাৰাখিছিল। তদুপৰি এটা জন্তু বলিদান কৰাটো প্ৰতিজ্ঞা কৰাৰ অনুসাৰে কোনো বৈশিষ্ট্যপূৰ্ণ নহʼলহেঁতেন। যিপ্তহে জানিছিল যে তেওঁক সাক্ষাৎ কৰিবলৈ ঘৰৰ পৰা ওলাই অহা ব্যক্তিজন তেওঁৰ জীয়েকো হʼব পাৰে। সেই জীয়েক “হোম-বলি” হিচাপে মন্দিৰত সম্পূৰ্ণকৈ যিহোৱাৰ সেৱা কৰিবলৈ উৎসৰ্গ হʼবলগীয়া আছিল।

আমাৰ বাবে শিক্ষামূলক পাঠ:

৩:১০. আধ্যাত্মিক ক্ষেত্ৰত উন্নতি কৰাটো মানৱ জ্ঞান নহয় কিন্তু যিহোৱাৰ পবিত্ৰ আত্মাৰ ওপৰতহে নিৰ্ভৰ কৰে।—গীত ১২৭:১.

৩:২১এহূদে সুদক্ষ আৰু সাহসেৰে নিজৰ তৰোৱাল চলাইছিল। আমিও ‘আত্মাৰ তৰোৱাল অৰ্থাৎ ঈশ্বৰৰ বাক্যক’ সুদক্ষতাৰে ব্যৱহাৰ কৰা উচিত। ইয়াৰ অৰ্থ হৈছে আমি প্ৰচাৰ কাৰ্য্যত অৱশ্যেই সাহসী হৈ ঈশ্বৰৰ বাক্য বাইবেলখন ব্যৱহাৰ কৰা উচিত।—ইফিচীয়া ৬:১৭; ২ তীমথিয় ২:১৫.

৬:১১-১৫; ৮:১-৩, ২২,২৩. গিদিয়োনে দেখুৱা বিনম্ৰতাৰ পৰা আমি তিনি প্ৰকাৰে শিকিব পাৰোঁ: (১) আমি যেতিয়া কোনো বিশেষাধিকাৰ লাভ কৰোঁ তেতিয়া সেই বিশেষাধিকাৰৰ সৈতে থকা প্ৰমুখতা বা সন্মান পোৱাৰ আশা নকৰি কেৱল কৰ্তব্য পালন কৰা উচিত। (২) হাই-কাজিয়া কৰা স্বভাৱৰ লোকৰ সৈতে নম্ৰতাৰে আচৰণ কৰাটোৱেই বুদ্ধিমানৰ কাৰ্য্য হʼব। (৩) নম্ৰতাই আমাক স্থান বা পদক লৈ খোৱা-কামুৰা নকৰিবলৈ সহায় কৰিব।

৬:১৭-২২, ৩৬-৪০. ‘সকলো অনুপ্ৰেৰিত বাক্যত বিশ্বাস নকৰিবলৈ’ আমি নিশ্চয়ে সতৰ্ক হোৱা উচিত। তাৰ পৰিৱৰ্তে আমি সেইবোৰ “ঈশ্বৰৰ হয় নে নহয়, তাক জানিবৰ কাৰণে, আত্মাবিলাকৰ পৰীক্ষা কৰা” আৱশ্যক। (১ যোহন ৪:১) আনক দিয়া উপদেশ বা পৰামৰ্শ সম্পূৰ্ণকৈ ঈশ্বৰৰ বাক্যৰ ওপৰত আধাৰিত হোৱাত নিশ্চিত কৰিবলৈ নতুনকৈ হোৱা প্ৰাচীন ভাইজনে অভিজ্ঞতা থকা প্ৰাচীনসকলৰ সৈতে আলোচনা কৰা উচিত।

৬:২৫-২৭. বিৰোধীসকলক অকাৰণতে ক্ৰোধিত নকৰিবলৈ গিদিয়োনে সতৰ্কতা অৱলম্বন কৰিছিল। একেইদৰে আমি শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ সময়ত আনক অকাৰণতে অসন্তুষ্ট নকৰিবলৈ সতৰ্কতাৰে কথোপকথন হোৱা উচিত।

৭:৬. যিহোৱাৰ উপাসনা কৰাৰ সময়ত আমি গিদিয়োনৰ ৩০০ জন মানুহৰ দৰে সাৱধান আৰু সতৰ্ক হোৱা উচিত।

৯:৮-১৫. স্থান বা পদৰ বাবে অহঙ্কাৰী হৈ উচ্চাভিলাষ ৰাখাটো এটা অজ্ঞানতাৰ কাৰ্য্য নহয়নে বাৰু!

১১:৩৫-৩৭. যিপ্তহে ৰখা উত্তম আৰ্হিয়ে নিঃসন্দেহে তেওঁৰ জীয়েকক দৃঢ় বিশ্বাস বিকশিত আৰু এক স্বাৰ্থত্যাগ মনোবৃত্তি প্ৰকাশ কৰিবলৈ সহায় কৰিলে। একেইদৰে বৰ্তমান সময়ত পিতৃ-মাতৃসকলে তেওঁলোকৰ সন্তানৰ বাবে একেই আৰ্হি ৰাখা উচিত।

১১:৪০. যিহোৱাৰ উপাসনাত দেখুৱা আগ্ৰহকতা মনোবৃত্তিৰ বাবে পোৱা প্ৰশংসাই ব্যক্তিজনক অধিক উৎসাহিত কৰে।

১৩:৮. পিতৃ-মাতৃয়ে নিজৰ সন্তানক শিক্ষা প্ৰদান কৰোঁতে যিহোৱালৈ নিৰ্দ্দেশনা বিচাৰি প্ৰাৰ্থনা কৰি সেই অনুসাৰে কাৰ্য্য কৰা উচিত।—২ তীমথিয় ৩:১৬.

১৪:১৬, ১৭; ১৬:১৬. চকুপানী টুকি আৰু একেটা কথাকে বাৰে বাৰে দোহাৰি থাকি হেঁচা দিয়াৰ দ্বাৰা এটা সম্বন্ধ ধ্বংস কৰিব পাৰে।—হিতোপদেশ ১৯:১৩; ২১:১৯.

ইস্ৰায়েলত ঘটা আন অপৰাধবোৰ

(বিচাৰকৰ্ত্তাবিলাক ১৭:১-২১:২৫)

এই কিতাপখনৰ শেষ ভাগত দুটা উল্লেখনীয় ঘটনাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। প্ৰথমটো হৈছে, মীখা নামৰ ব্যক্তিজনৰ বিষয়ে, যিজনে নিজৰ ঘৰত কটা-মূৰ্ত্তি স্থাপন কৰি এজন লেবী পুৰোহিতক চোৱা-চিতা কৰিবলৈ ৰাখিলে। লয়িচ বা লেচম নগৰ ধ্বংস হোৱাৰ পিছত দানীয়াবিলাকে দান নামৰ নিজা নগৰ নিৰ্মাণ কৰিলে। মীখাৰ কটা-মূৰ্ত্তি আৰু তেওঁৰ পুৰোহিতজনক ব্যৱহাৰ কৰি তেওঁলোকে দানত আন ধৰণৰ উপাসনা আৰম্ভ কৰিলে। যিহোচূৱাৰ মৃত্যুৰ পূৰ্বে লেচম নগৰখনো অধিকাৰ কৰা হʼল।—যিহোচূৱা ১৯:৪৭.

যিহোচূৱাৰ মৃত্যুৰ অলপ পিছতেই দ্বিতীয় ঘটনাটো ঘটিছিল। গিবিয়া চহৰত থকা বিন্যামীনৰ ফৈদৰ কিছুমান ব্যক্তিয়ে বৃহতভাৱে যৌন অত্যাচাৰত জড়িত হোৱাৰ বাবে ৬০০ জনৰ বাহিৰে প্ৰায়ে সম্পূৰ্ণ জাতিৰ ধ্বংস হৈছিল। যিহেতু এক ব্যৱহাৰিক ব্যৱস্থা কৰাৰ বাবে তেওঁলোকে পত্নী গ্ৰহণ কৰিব পাৰিলে আৰু দায়ূদ ৰজাৰ শাসন কালৰলৈকে সৈনিকসকলৰ সংখ্যা প্ৰায় ৬০,০০০ জনলৈ বৃদ্ধি পালে।—১ বংশাৱলি ৭:৬-১১.

শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:

১৭:৬; ২১:২৫—যদি ‘প্ৰত্যেকজনে যিহকে উচিত দেখিছিল, সি তাকেই কৰিছিল’ বুলি ৰীতি আছিল, তেন্তে এই ব্যৱস্থাই অৰাজকতাৰ সৃষ্টি কৰা নাছিলনে? অৱশ্যেই তেনে কৰা নাছিল, কিয়নো যিহোৱা ঈশ্বৰে তেওঁৰ লোকবিলাকক নিৰ্দ্দেশনা দিবলৈ যথেষ্ট ব্যৱস্থা কৰিছিল। লোকসকলে ঈশ্বৰৰ অনুসাৰে চলিবলৈ ব্যৱস্থা আৰু পুৰোহিতবৰ্গৰ দ্বাৰা শিক্ষা দিয়া প্ৰবন্ধ কৰিছিল। ঊৰীম আৰু তুম্মীমৰ যোগেদি মহাপুৰোহিতে বিশেষ বিষয়বোৰত ঈশ্বৰৰ পৰামৰ্শ লʼব পাৰিছিল। (যাত্ৰাপুস্তক ২৮:৩০) তদুপৰি প্ৰত্যেকখন নগৰত যোগ্য বৃদ্ধ ব্যক্তিসকল আছিল, যিসকলে সঠিক পৰামৰ্শ দিছিল। যেতিয়া এজন ইস্ৰায়েল ব্যক্তিয়ে এই ব্যৱস্থাৰ পৰা লাভৱান হৈছিল তেতিয়া তেওঁ নিজেই নিজৰ বিবেকক পৰিচালনা কৰিব পাৰিছিল। এইদৰে তেওঁ ‘যিহকে উচিত দেখিছিল, তাকেই কৰি’ উত্তম ফলাফল লাভ কৰিছিল। আনহাতে যদি এজন ব্যক্তিয়ে নিয়ম ব্যৱস্থা উলঙ্ঘন কৰি নিজ ইচ্ছাৰ অনুসাৰে উপাসনা আৰু আচাৰ-ব্যৱহাৰ কৰে, তেন্তে তাৰ পৰিণাম বেয়া হৈছিল।

২০:১৭-৪৮—বিন্যামীন ফৈদক শাস্তি দিবলৈ আৱশ্যক থকাৰ স্বত্ত্বেও তেওঁলোকৰ হাতত পৰাস্ত হʼবলৈ যিহোৱা ঈশ্বৰে আন ফৈদবোৰক কিয় দুবাৰকৈ এৰি দিছিল? এনেদৰে কৰাৰ দ্বাৰা বিশ্বাসী ফৈদবোৰৰ অধিক অনিষ্ট হʼল, সৰ্ব্বপ্ৰথমে যিহোৱা ঈশ্বৰে ইস্ৰায়েলৰ মাজৰ পৰা বেয়াক আঁতৰ কৰাৰ প্ৰতি থকা ইস্ৰায়েলসকলৰ দৃঢ়সঙ্কল্পক পৰীক্ষা কৰিছিল।

আমাৰ বাবে শিক্ষামূলক পাঠ:

১৯:১৪, ১৫. গিবিয়াত থকা লোকসকলে অতিথিসেৱা আগবঢ়োত বিফল হোৱাই তেওঁলোকৰ নৈতিকতাৰ পতন হোৱাক নিৰ্দ্দেশিত কৰে। কিন্তু প্ৰকৃত খ্ৰীষ্টানসকলক “অতিথি-সেৱাত ৰত” হʼবলৈ আগ্ৰহ কৰা হৈছে।—ৰোমীয়া ১২:১৩.

নিকটম ভৱিষ্যতে উদ্ধাৰ

অতি শীঘ্ৰেই যীচুৰ হাতত থকা ঈশ্বৰৰ ৰাজ্যই এই দুষ্টতাপূৰ্ণ জগতখন ধ্বংস কৰি ধাৰ্ম্মিক আৰু সিদ্ধলোকসকলৰ বাবে এক বৃহৎ উদ্ধাৰৰ প্ৰবন্ধ কৰিব। (হিতোপদেশ ২:২১, ২২; দানিয়েল ২:৪৪) তেতিয়া ‘যিহোৱাৰ সকলো শত্ৰু বিনষ্ট হʼব আৰু তেওঁক প্ৰেম কৰোঁতাসকল নিজ প্ৰতাপেৰে উদায় হোৱা সূৰ্য্যৰ নিচিনা হʼব।’ (বিচাৰকৰ্ত্তাবিলাক ৫:৩১) এতেকে আঁহক আমি বাইবেলৰ বিচাৰকৰ্ত্তাবিলাক কিতাপৰ পৰা শিকা বিষয়বোৰক নিজৰ জীৱনত প্ৰযোজ্য কৰি যিহোৱাক প্ৰেম কৰোঁতাসকলৰ মাজৰ এজনা হওঁহঁক।

বিচাৰকৰ্ত্তাবিলাক কিতাপত বাৰে বাৰে প্ৰকাশ কৰি দেখুৱা মূল সত্যতা হৈছে: যিহোৱাৰ প্ৰতি আজ্ঞাকাৰী হোৱাৰ ফলস্বৰূপে অধিক আশীৰ্ব্বাদ পোৱা যায় আৰু অৱজ্ঞাকাৰী হোৱাৰ পৰিণাম ভয়াবহ। (দ্বিতীয় বিবৰণ ১১:২৬-২৮) এতেকে ঈশ্বৰে প্ৰকাশ কৰা ইচ্ছাক ‘অন্তঃকৰণে সৈতে পালন’ কৰাটো কিমান যে গুৰুত্বপূৰ্ণ!—ৰোমীয়া ৬:১৭;১ যোহন ২:১৭. (w05 1/15)

[ফুটনোট]

a প্ৰতিজ্ঞাত দেশত লেবীসকলক ইস্ৰায়েলত সিঁচৰিত হৈ থকা ৪৮ খন নগৰৰ বাহিৰে আন কোনো উত্তৰাধিকাৰ দিয়া নহʼল।

[১৫ পৃষ্ঠাৰ ক্যাপ্‌শন]

(তলত দিয়া ঠাইবোৰৰ অৱস্থানৰ বিষয়ে জানিবলৈ আলোচনীত দিয়া সম্পূৰ্ণ মেপখন চাওক)

“যিহোৱাই বিচাৰকৰ্ত্তাবিলাক উৎপন্ন কৰিলত, তেওঁবিলাকে লুট কৰোঁতাবিলাকৰ হাতৰ পৰা তেওঁবিলাকক নিস্তাৰ কৰিলে।”—বিচাৰকৰ্ত্তাবিলাক ২:১৬

বিচাৰকৰ্ত্তাবিলাক

১. অৎনীয়েল (মনচি গোত্ৰৰ)

২. এহূদ (যিহূদা গোত্ৰৰ)

৩. চম্‌গৰ (যিহূদা গোত্ৰৰ)

৪. বাৰাক (নপ্তালী গোত্ৰৰ)

৫. গিদিয়োন (ইচাখৰ গোত্ৰৰ)

৬. তোলা (মনচি গোত্ৰৰ)

৭. যায়ীৰ (মনচি গোত্ৰৰ)

৮. যিপ্তহ (গাদ গোত্ৰৰ)

৯. ইব্‌চন (আচেৰ গোত্ৰৰ)

১০. এলোন (জবূলূন গোত্ৰৰ)

১১. অব্দোন (ইফ্ৰয়িম গোত্ৰৰ)

১২. চিম্‌চোন (যিহূদা গোত্ৰৰ)

দান

মনচি

নপ্তালী

আচেৰ

জবূলূন

ইচাখৰ

মনচি

গাদ

ইফ্ৰয়িম

দান

বিন্যামীন

ৰূবেণ

যিহূদা

[১৬ পৃষ্ঠাৰ ছবি]

বাৰাকে দবোৰাক তেওঁৰ সৈতে যুদ্ধক্ষেত্ৰলৈ যাবলৈ আগ্ৰহ কৰাৰ পৰা আপুনি কি শিকিলে?