Skip to content

Skip to table of contents

যিহোৱা ঈশ্বৰে সদায়ে ন্যায়পূৰ্ণতাৰে কাৰ্য্য কৰে

যিহোৱা ঈশ্বৰে সদায়ে ন্যায়পূৰ্ণতাৰে কাৰ্য্য কৰে

যিহোৱা ঈশ্বৰে সদায়ে ন্যায়পূৰ্ণতাৰে কাৰ্য্য কৰে

“যিহোৱা তেওঁৰ সকলো পথতে ধাৰ্ম্মিক।”—গীত ১৪৫:১৭.

১. কোনোবাই যদি আপোনাৰ প্ৰতি ভুল মনোভাৱ ৰাখিছে, তেন্তে আপুনি কেনে অনুভৱ কৰিব আৰু এনে এক অভিজ্ঞতাৰ পৰা আমি কেনে গুৰুত্বপূৰ্ণ শিক্ষা শিকিব পাৰোঁ?

 কোনোবাই কোনো আঁতি-গুৰি নজনাকৈ আপোনাৰ আচাৰ-ব্যৱহাৰ বা কাৰ্য্যৰ প্ৰতি ভুল মনোভাৱ ৰাখিছেনে? যদি ৰাখিছে, তেন্তে আপুনি নিশ্চয়ে তেওঁৰ এনে ব্যৱহাৰ দেখি অতি দুখিত হৈছে। ইয়াৰ পৰা আমি এক গুৰুত্বপূৰ্ণ শিক্ষা শিকিব পাৰোঁ আৰু সেইয়া হৈছে: কোনো আঁতি-গুৰি নজনাকৈ এজন ব্যক্তিক অপৰাধী বুলি কোৱাটো উচিত নহয়।

২, ৩. কিছুমানে বাইবেলৰ বৃতান্তসমূহ নুবুজাৰ বাবে কেনে প্ৰতিক্ৰিয়া দেখুৱাই, কিন্তু বাইবেলে আমাক যিহোৱা ঈশ্বৰৰ বিষয়ে কি কৈছে?

একেইদৰে যিহোৱাৰ ক্ষেত্ৰতো আমি সেই শিক্ষাৰ বিষয়ে মনত ৰাখা উচিত। যিহোৱাৰ প্ৰতি লোকসকলৰ মাজত কিয় ভুল মনোভাৱ দেখিবলৈ পোৱা যায়? কিয়নো বাইবেলত উল্লেখ কৰা কিছুমান বৃতান্তক ভালদৰে বুজি নোপোৱাৰ বাবে লোকসকলে যিহোৱাৰ প্ৰতি তেনেদৰে ভুল মনোভাৱ ৰাখে। সম্ভৱতঃ সেই বৃতান্তবোৰ হৈছে, অতীততে যিহোৱা ঈশ্বৰে কৰা সোধ-বিচাৰ বা তেওঁৰ উপাসকসকলে লোৱা কিছুমান বিশেষ পদক্ষেপৰ বিষয়ে বিতং বিৱৰণি পোৱা নাযায় যি আমাৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিব পাৰে। দুখৰ বিষয় এই যে কিছুমানে তেনে বৃতান্তবোৰ বুজিব নোৱাৰাৰ বাবে ঈশ্বৰ ধাৰ্ম্মিক আৰু ন্যায়ী হয় বুলি সন্দেহ কৰিছে। তথাপিও বাইবেলে কৈছে যে, “যিহোৱা তেওঁৰ সকলো পথতে ধাৰ্ম্মিক।” (গীত ১৪৫:১৭) আনকি তেওঁ যে “কুকৰ্ম্ম নকৰে,” সেই বিষয়েও তেওঁৰ বাক্যই কৈছে। (ইয়োব ৩৪:১২; গীত ৩৭:২৮) গতিকে কল্পনা কৰক যে কোনোবাই যদি তেওঁৰ প্ৰতি ভুল মনোভাৱ ৰাখিছে, তেন্তে আমি আৰু অধিককৈ দুখিত অনুভৱ কৰা উচিত নহয়নে বাৰু!

এতেকে আঁহক আমি যিহোৱাৰ সোধ-বিচাৰৰ সৈতে কিয় সন্মত হোৱা উচিত, তাৰ পাঁচটা কাৰণৰ বিষয়ে আলোচনা কৰোঁহঁক। তদুপৰি এনে দুটা বাইবেলীয় বৃতান্তৰ বিষয়ে আলোচনা কৰা হʼব, যাৰ বিষয়ে সাধাৰণতে কিছুমানে হয়তো ভুল মনোভাৱ ৰাখিব পাৰে।

যিহোৱাৰ সোধ-বিচাৰৰ সৈতে কিয় সন্মত হোৱা উচিত?

৪. যিহোৱা ঈশ্বৰে কৰা কাৰ্য্যৰ প্ৰতি আমি কিয় সঠিক মনোবৃত্তি ৰাখা উচিত? বৰ্ণনা কৰক।

সৰ্বপ্ৰথমে, যিহোৱাই সকলো আঁতি-গুৰি চোৱাৰ পিছতহে সোধ-বিচাৰ কৰে। সেয়েহে আমি তেওঁ লোৱা তেনে পদক্ষেপৰ প্ৰতি ভুল মনোভাৱ ৰাখা উচিত নহয়। উদাহৰণস্বৰূপে, কল্পনা কৰক যে এজন নামী ন্যায়াধীশে অপক্ষপাতভাৱে সোধ-বিচাৰ কৰি অপৰাধীজনক শাস্তি দিবলৈ ৰায় দিলে। কিন্তু আপুনি ঘটনাটো বা বিধি-ব্যৱস্থাৰ একো আঁতি-গুৰি নুবুজাকৈ সেই ন্যায়াধীশজনে লোৱা সোধ-বিচাৰৰ সিদ্ধান্তক সমালোচনা কৰিবনে? যদি কোনোবাই তেনেদৰে কৰিছে, তেন্তে তেওঁ এজন অবিবেচক ব্যক্তি। (হিতোপদেশ ১৮:১৩) তেনেহʼলে ‘সমুদায় পৃথিৱীৰ বিচাৰকৰ্ত্তা’ জনৰ প্ৰতি সামান্য মানৱে সমালোচনামূলক মনোবৃত্তি ৰাখাটো অধিক অবিবেচকপূৰ্ণ বিষয় নহʼবনে বাৰু!—আদিপুস্তক ১৮:২৫.

৫. বাইবেলত কিছুমান ব্যক্তিৰ প্ৰতি ঈশ্বৰে কৰা সোধ-বিচাৰৰ বিষয়ে পঢ়াৰ সময়ত আমি কি মনত ৰাখা উচিত?

দ্বিতীয় কাৰণটো হৈছে মানৱৰ তুলনাত ঈশ্বৰে সকলোৰে মনৰ কথা জানে। (১ চমূৱেল ১৬:৭) এই বিষয়ে তেওঁৰ বাক্যই কৈছে: “মই যিহোৱাই প্ৰতিজন মানুহক তেওঁৰ নিজ নিজ আচাৰ-ব্যৱহাৰ অনুসাৰে, তেওঁৰ কাৰ্য্যৰ ফল অনুসাৰে প্ৰতিফল দিবলৈ মনৰ বিচাৰ আৰু মৰ্ম্ম পৰীক্ষা কৰোঁ।” (যিৰিমিয়া ১৭:১০) গতিকে যেতিয়া আমি কিছুমান ব্যক্তিৰ প্ৰতি যিহোৱাই কৰা সোধ-বিচাৰৰ বিষয়ে বাইবেলত পঢ়োঁ তেতিয়া মনত ৰাখা উচিত যে ঈশ্বৰে মন পৰীক্ষা কৰি মানুহৰ সকলোবোৰ গুপ্ত বিচাৰধাৰা, অভিপ্ৰায় আৰু ইচ্ছাৰ বিষয়ে বৃতান্তত উল্লেখ কৰা নাই।—১ বংশাৱলি ২৮:৯.

৬, ৭. (ক) যিহোৱাই নিজৰ ধাৰ্ম্মিক স্তৰ বজাই ৰাখিবলৈ বৃহতভাৱে ব্যক্তিগত ক্ষতি বহন কৰিবলৈও পিছ নুহুঁহকিলে বুলি কেনেকৈ প্ৰকাশ কৰিলে? (খ) যেতিয়া আমি কোনো এটা বিষয় বাইবেলৰ পৰা পঢ়ি ঈশ্বৰে ন্যায়পৰায়ণতাৰে কাৰ্য্য কৰিলে নে নাই বুলি সন্দেহ কৰোঁ তেতিয়া কিহৰ বিষয়ে মনত ৰাখা উচিত?

তৃতীয় কাৰণটোৰ বিষয়ে মন কৰক, যʼত কৈছে: তেওঁ নিজৰ সাধুতা আৰু ধাৰ্ম্মিকতাৰ উচ্চ স্তৰ বজাই ৰাখিবলৈ সকলো ধৰণৰ কষ্ট সহিবলৈ সাজু থাকে। ইয়াৰ এটা উদাহৰণ হৈছে আজ্ঞাকাৰী মানৱজাতিক পাপ আৰু মৃত্যুৰ পৰা উদ্ধাৰ কৰিবলৈ তেওঁ নিজ পুত্ৰক বলিদান কৰিলে। (ৰোমীয়া ৫:১৮, ১৯) ঈশ্বৰৰ বাবে এইটো কোনো সহজ বিষয় নাছিল। তেওঁৰ নিজৰ একমাত্ৰ প্ৰিয় পুত্ৰক যাতনা স্তম্ভত কষ্ট ভুগী মৃত্যু বৰণ কৰা দেখি ঈশ্বৰে মনত অধিককৈ বেজাৰ পাইছিল। এই বিষয়টোৱে ঈশ্বৰৰ সম্বন্ধে আমাক কি কয়? বাইবেলে কৈছে: “নিজ ধাৰ্ম্মিকতা দেখুৱাবৰ কাৰণে” যিহোৱা ঈশ্বৰে যীচুৰ দ্বাৰা মুক্তিপণ বলিদানৰ প্ৰবন্ধ কৰিলে। (ৰোমীয়া ৩:২৪-২৬) এই শাস্ত্ৰীয় পদটোৰ বিষয়ে অন্য এক অনুবাদত এইদৰে পঢ়িবলৈ পোৱা যায়: “এই কাৰ্য্যই দেখুৱাইছে যে ঈশ্বৰে সদায়ে ন্যায়পৰায়ণতাৰে কাৰ্য্য কৰে।” (নিউ চেন্‌চ্চ্যুৰী ভাৰছন) মুক্তিপণ বলিদানৰ দ্বাৰা দেখুৱাইছে যে যিহোৱাই নিজৰ “ন্যায়পৰায়ণতাৰ” বাবে তেনে মহান বলিদান কৰিবলৈ আগ্ৰহী আছিল।

আমি যেতিয়া বাইবেলত পঢ়া বিষয়টো বুজাত কঠিন অৰ্থাৎ ঈশ্বৰে ন্যায়পৰায়ণতাৰে কাৰ্য্য কৰিলে নে নাই বুলি সন্দেহ কৰোঁ তেতিয়া আমি এইটো মনত ৰাখা উচিত: ধাৰ্ম্মিক স্তৰৰ প্ৰতি ন্যায়পৰায়ণতা বজাই ৰাখিবলৈ যিহোৱাই নিজৰ পুত্ৰকো বলিদান কৰিবলৈ পিছ নুহুঁহকিলে। তেনেহʼলে তেওঁ অন্য বিষয়বোৰৰ বাবে নিজৰ স্তৰ সলনি কৰিবনে? নিঃসন্দেহ, তেওঁ কেতিয়াও নিজৰ ধাৰ্ম্মিক আৰু ন্যায়ৰ স্তৰ সলনি নকৰে। সেইবাবে আমি বিশ্বাস কৰিব পাৰোঁ যে তেওঁ সদায়ে ন্যায়পৰায়ণতাৰে কাৰ্য্য কৰে।—ইয়োব ৩৭:২৩.

৮. যিহোৱাত ন্যায় আৰু ধাৰ্ম্মিকতাৰ হ্ৰাস পোৱা বুলি কোৱাটো কিয় অযুক্তিসঙ্গত?

তেওঁ ন্যায়পৰায়ণতাৰে কাৰ্য্য কৰাৰ চতুৰ্থ কাৰণটোৰ বিষয়ে বিবেচনা কৰক, যʼত এইদৰে কৈছে: যিহোৱাই নিজ প্ৰতিমূৰ্ত্তিৰে মানুহক সৃষ্টি কৰিলে। (আদিপুস্তক ১:২৭) সেইবাবে মানুহত ঈশ্বৰৰ গুণ অৰ্থাৎ ন্যায় আৰু ধাৰ্ম্মিকতা প্ৰতিফলিত হোৱা দেখা যায়। গতিকে যিজনে আমাক তেওঁৰ প্ৰতিমূৰ্ত্তিৰে সৃষ্টি কৰিলে তেওঁত তেনে গুণবোৰ নাই বুলি কোৱাটো অবিবেচকৰ বিষয় হʼব। কিয়নো তেওঁৰ ন্যায় আৰু ধাৰ্ম্মিকতা অতুলনীয়। (দ্বিতীয় বিবৰণ ৩২:৪) সেয়েহে ঈশ্বৰৰ তুলনাত মানুহে নিজকে অধিক ধাৰ্ম্মিক আৰু ন্যায়ী বুলি ভবাটো কিযে এক অসঙ্গত বিষয় হʼব!—ৰোমীয়া ৩:৪, ৫; ৯:১৪.

৯, ১০. ঈশ্বৰে কিয় কাৰো আগত তেওঁ কৰা কাৰ্য্যৰ বাবে বৰ্ণনা বা প্ৰতিপাদন কৰিবলৈ বাধ্যবাধকতা নহয়?

যিহোৱাই ন্যায়পৰায়ণতাৰে কাৰ্য্য কৰে বুলি কোৱা পঞ্চম কাৰণটো হৈছে, তেওঁ “সমুদায় পৃথিবীৰ ওপৰত সৰ্ব্বোপৰি জনা।” (গীত ৮৩:১৮) গতিকে ঈশ্বৰে লোৱা পদক্ষেপৰ বাবে তেওঁ কাৰো বাধ্যবাধকতা নহয়। তদুপৰি তেওঁ এজন মহান কুমাৰ আৰু আমি হৈছোঁ তেওঁৰ হাতৰ পাত্ৰ। গতিকে তেওঁ যেনে ইচ্ছা কৰে তেনেদৰে কাৰ্য্য কৰে। (ৰোমীয়া ৯:১৯-২১) আমি অৰ্থাৎ তেওঁৰ হাতৰ পাত্ৰই তেওঁ লোৱা সিদ্ধান্ত বা কৰা কাৰ্য্যৰ বিৰোধ কৰাটো উপযুক্ত হʼবনে? উদাহৰণস্বৰূপে, এবাৰ যেতিয়া ঈশ্বৰে মানৱৰ সৈতে কৰা আচৰণৰ বিষয়ে ইয়োবে ভুল বুজিছিল তেতিয়া যিহোৱাই তেওঁক সংশোধন কৰি এইদৰে কৈছিল: “তুমি সঁচাই মোৰ ন্যায় নুই কৰিবা নে? বা নিজকে ধাৰ্ম্মিক কৰিবৰ অৰ্থে মোক দোষী কৰিবা নে?” পিছলৈ ইয়োবে তেনে ধৰণৰ অবিবেচক হৈ কথা-বতৰা হোৱাৰ বাবে অনুতাপ কৰি ক্ষমা বিচাৰিছিল। (ইয়োব ৪০:৮; ৪২:৬) এতেকে আমি যেন কেতিয়াও অবিবেচক হৈ ঈশ্বৰক দোষী বুলি নাভাবোঁ!

১০ নিঃসন্দেহ, যিহোৱাই সদায়ে ন্যায়পৰায়ণতাৰে কাৰ্য্য কৰে বুলি আমি বিশ্বাস কৰিব পাৰোঁ। এই কথাষাৰ মনত ৰাখি আঁহক আমি এতিয়া এনে দুটা বৃতান্তৰ বিষয়ে বিবেচনা কৰোঁহঁক যাক পঢ়ি কিছুমানে বিমূঢ়ত পৰিব পাৰে। ইয়াৰ প্ৰথমটো হৈছে এজন যিহোৱাৰ উপাসকে লোৱা পদক্ষেপ আৰু দ্বিতীয়টো ঈশ্বৰে এজন ব্যক্তিক মৃত্যুদণ্ড প্ৰদান কৰা।

লোটে কিয় তেওঁৰ জীয়েকবিলাকক উগ্ৰ ৰাইজৰ হাতত অৰ্পণ কৰিবলৈ বিচাৰিছিল?

১১, ১২. (ক) যেতিয়া যিহোৱা ঈশ্বৰে চদোম নগৰলৈ দুজন দেহধাৰী স্বৰ্গদূতক পঠিয়াইছিল তেতিয়া কি ঘটিল, সেই বিষয়ে বৰ্ণনা কৰক। (খ) এই বৃতান্তটো পঢ়ি কিছুমানৰ মনত কেনে প্ৰশ্নবোৰ উদয় হʼব পাৰে?

১১ এই বৃতান্তটো আমি আদিপুস্তকৰ ১৯ অধ্যায়ত পঢ়িবলৈ পাওঁ, যʼত ঈশ্বৰে দুজন দেহধাৰী স্বৰ্গদূতক চদোমলৈ পঠোৱাত কি ঘটিল, সেই বিষয়ে বৰ্ণনা কৰা হৈছে। যেতিয়া স্বৰ্গদূত দুজনে ঈশ্বৰৰ বাৰ্ত্তা লৈ লোটৰ ঘৰলৈ আহিল তেতিয়া লোটে তেওঁলোকক ৰাতিটো তেওঁৰ ঘৰত কটাবলৈ অনুৰোধ কৰিলে। এই বিষয়ে উগ্ৰ ৰাইজে জানিবলৈ পাই সেই ৰাতি তেওঁৰ ঘৰৰ সম্মুখত আহি অতিথিসকলৰ সৈতে অসৎ কাৰ্য্য কৰাৰ উদ্দেশ্যৰে গতাই দিবলৈ চিঞৰ-বাখৰ কৰিব ধৰিলে। লোটে সকলো ধৰণৰ চেষ্টা কৰিও যেতিয়া তেওঁলোকক মান্তি কৰিব নোৱাৰিলে তেতিয়া তেওঁ অতিথিসকলৰ ৰক্ষাৰ নিমিত্তে এইদৰে কʼলে: “হে ভাইসকল, মই বিনয় কৰিছোঁ, এনে কূব্যৱহাৰ নকৰিবা; দেখা, পুৰুষে স্পৰ্শ নকৰা মোৰ দুজনী জী আছে, সিহঁতকে তোমালোকৰ ওচৰলৈ উলিয়াই আনো; তোমালোকে যাকে কৰিবলৈ ভাল দেখা, তাকে সিহঁতলৈ কৰা; কিন্তু এই পুৰুষবিলাকক একো নকৰিবা; কিয়নো ইয়াৰ নিমিত্তেহ তেওঁলোকে মোৰ ঘৰৰ ছাঁত আশ্ৰয় লৈছে।”—আদিপুস্তক ১৯:১-১১.

১২ এই বৃতান্তটো পঢ়ি কিছুমানৰ মনত বহুতো প্ৰশ্ন উদয় হʼব পাৰে। তেওঁলোকে হয়তো এইদৰে সুধিব পাৰে: ‘অতিথিসকলৰ ৰক্ষাৰ অৰ্থে লোটে কেনেকৈ নিজৰ জীয়েকবিলাকক তেনে অসৎ ৰাইজৰ হাতত গতাই দিয়াৰ বিষয়ে ভাবিছিল? তেওঁ তেনেদৰে ভাবি অনুচিত আৰু কাপুৰুষ হোৱাৰ পৰিচয় দিয়া নাছিলনে?’ তথাপিও লোটক কিয় “ধাৰ্ম্মিক জনা” বুলি লিপিবদ্ধ কৰিবলৈ ঈশ্বৰে পিতৰক প্ৰেৰিত কৰিলে? লোটে ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে কাৰ্য্য কৰিছিলনে? (২ পিতৰ ২:৭, ৮) এতেকে আঁহক আমি যেন কোনো ভুল নিৰ্ণয়ত উপনীত নহওঁ, তাৰ বাবে বিতংকৈ এই বিষয়ে আলোচনা কৰোঁহঁক।

১৩, ১৪. (ক) লোটে লোৱা পদক্ষেপ কিয় মনকৰিবলগীয়া? (খ) কিহে দেখুৱাইছে যে তেওঁ এজন কাপুৰুষ নাছিল?

১৩ আলোচনা আৰম্ভ কৰাৰ আগতে আমি এইটো মনত ৰাখা উচিত যে লোটে লোৱা এনে পদক্ষেপৰ বাবে বাইবেলে নতুবা নিন্দা বা প্ৰশংসা কৰিছে। কিন্তু কেৱল কি ঘটিছিল, সেই বিষয়ে বৰ্ণনা কৰিছে। আনকি বাইবেলত ইয়াকো কোৱা নাই যে লোটক তেনেদৰে ভাবিবলৈ কিহে প্ৰেৰিত কৰিলে। কিন্তু “ধাৰ্ম্মিক . . . লোকৰ পুনৰুত্থানত” যেতিয়া লোট পুনৰাই জী উঠিব তেতিয়া তেওঁ হয়তো এই বিষয়ে আমাক বিস্তাৰিতভাৱে কʼব পাৰিব।—পাঁচনিৰ কৰ্ম্ম ২৪:১৫.

১৪ লোটক কাপুৰুষ বুলি কোৱাটো উপযুক্ত নহʼব। কিয়নো তেওঁ এনে এক পৰিস্থিতিৰ সম্মুখীন হৈছিল, যʼত তেওঁৰ “ঘৰৰ ছাঁত আশ্ৰয়” লোৱা অতিথিসকলৰ সুৰক্ষা সন্মিলিত আছিল। এই সম্বন্ধে বুৰঞ্জীবিদ যোচিফাচে কৈছে যে, “চদোমৰ নিবাসীসকল ঈশ্বৰৰ ভয় নমনা আৰু আনৰ সৈতে দুৰ্ব্যৱহাৰ কৰা লোক আছিল। . . . তেওঁলোকে অচিনাকী ব্যক্তিবিলাকক শত্ৰু বুলি জ্ঞান কৰে আৰু তেওঁলোকৰ সৈতে অসৎ আচৰণ কৰিছিল।” তথাপিও লোটে এনে উগ্ৰ লোকবিলাকক দেখি ভয় খোৱা নাছিল। বৰঞ্চ, লোটে তেওঁলোকৰ সম্মুখত যুক্তি দাঙি ধৰি বুজাবলৈ “দুৱাৰ জপাই” বাহিৰলৈ ওলাই আহিছিল।—আদিপুস্তক ১৯:৬.

১৫. লোটে বিশ্বাসেৰে কাৰ্য্য কৰিছিল বুলি কিয় কʼব পাৰি?

১৫ তথাপিও কিছুমানে এইদৰে সুধিব পাৰে: ‘অতিথিসকলৰ সুৰক্ষাৰ নিমিত্তে লোটে নিজৰ জীয়েকবিলাকক কিয় তেনে অসৎ লোকবিলাকৰ হাতত গতাই দিব বিচাৰিছিল?’ লোটৰ অভিপ্ৰায় বেয়া আছিল বুলি কোৱাৰ পৰিৱৰ্তে কিছুমান সম্ভাৱনীয়াতৰ বিষয়ে বিবেচনা নকৰে কিয়? সৰ্বপ্ৰথমে তেওঁ হয়তো বিশ্বাসেৰে কাৰ্য্য কৰিছিল বুলি কʼব পাৰি। কিয় তেনেদৰে কʼব পাৰি? নিশ্চয়ে তেওঁ নিজৰ মোমায়েক অব্ৰাহামৰ ভাৰ্য্যাক যিহোৱাই কেনেকৈ ৰক্ষা কৰিছিল, সেই বিষয়ে জানিছিল। আপোনাৰ হয়তো মনত আছে যে চাৰা দেখাত অতি ধুনীয়া হোৱাৰ বাবে এবাৰ অব্ৰাহামে তাইক নিজৰ ভনী বুলি পৰিচয় দিছিল, যাতে ৰজাই অব্ৰাহমক হত্যা নকৰে। a ফলস্বৰূপে, তেওঁক হত্যা নকৰি চাৰাক ফৌৰণ ৰজাৰ ঘৰলৈ অনা হৈছিল, কিন্তু যিহোৱাই হস্তক্ষেপ কৰি চাৰাৰ সতীত্ব নাশ কৰাৰ পৰা ৰজাক বাধা দিলে। (আদিপুস্তক ১২:১১-২০) ঠিক সেইদৰে যিহোৱাই তেওঁৰ জীয়েকবিলাককো ৰক্ষা কৰিব বুলি লোটে দৃঢ়ভাৱে বিশ্বাস কৰিছিল। মনকৰিবলগীয়া এই যে যিহোৱাই স্বৰ্গদূতবিলাকৰ দ্বাৰা তেওঁৰ জীয়েকবিলাকক ৰক্ষা কৰিলে।

১৬, ১৭. (ক) লোটে কি ধৰণে চদোমৰ লোকসকলক বিমূঢ়ত পেলাব বিচাৰিছিল? (খ) লোটৰ বিচাৰধাৰাৰ পিছত যিয়েই যুক্তি নাথাকক কিয়, আমি কিহৰ বিষয়ে নিশ্চিত হʼব পাৰোঁ?

১৬ আন এটা সম্ভাৱনীয়তাৰ বিষয়ে বিবেচনা কৰক। তেওঁ হয়তো সেই উগ্ৰ ৰাইজক মনবিচ্যুতি বা বিমূঢ়ত পেলাবলৈ চেষ্টা কৰিছিল। কিয়নো তেওঁ ভালদৰে জানিছিল যে তেওঁলোকৰ অধিকাংশই সমকামী ব্যক্তি হোৱাৰ বাবে এই প্ৰস্তাৱ অস্বীকাৰ কৰিব। (যিহূদা ৭) সম্ভৱতঃ সেই উগ্ৰ লোকবিলাকৰ মাজত তেওঁৰ জীয়েকবিলাকৰ বাগদত্ত, সম্বন্ধীয়া, বন্ধু-বান্ধৱ আৰু ব্যৱসায়ী সঙ্গী সকলেও উপস্থিত আছিল। (আদিপুস্তক ১৯:১৪) সেইবাবে লোটে ভাবিছিল যে হয়তো তেওঁলোকৰ কোনোবা এজনে সমূহৰ মাজৰ পৰা তেওঁৰ জীয়েকবিলাকক প্ৰতিৰক্ষা কৰিবলৈ আগবাঢ়ি আহিব। গতিকে তেনে ধৰণৰ যদি কোনো মতভেদ সৃষ্টি হয়, তেন্তে সেই সমূহৰ মাজত থকা ঐক্যতা সহজে ভাঙি পৰিব। b

১৭ লোটৰ যিয়েই যুক্তি আৰু অভিপ্ৰায় নহওক কিয়, আমি নিশ্চিত হʼব পাৰোঁ: যিহেতু যিহোৱা ঈশ্বৰে সদায়ে ন্যায়পৰায়ণতাৰে কাৰ্য্য কৰাৰ বাবে লোটক “ধাৰ্ম্মিক জনা” বুলি অনুমোদন দিলে। আনহাতে সেই অসৎ কাৰ্য্যৰ বাবে যিহোৱাই চদোমৰ নিবাসীসকলক সম্পূৰ্ণৰূপে ধ্বংস কৰি উপযুক্তৰূপে নিজৰ ন্যায়ৰ প্ৰমাণ দিয়া নাছিলনে?—আদিপুস্তক ১৯:২৩-২৫.

যিহোৱাই কিয় উজ্জাক মৃত্যুদণ্ড দিলে?

১৮. (ক) দায়ূদে যিৰূচালেমলৈ নিয়ম-চন্দুক আনিবলৈ চেষ্টা কৰোঁতে কেনে ঘটনা ঘটিছিল? (খ) এই বৃতান্তটো বিবেচনা কৰাৰ সময়ত কেনে ধৰণৰ প্ৰশ্নবোৰ উদয় হৈছে?

১৮ অন্য এটা বৃতান্ত হৈছে দায়ূদে নিয়ম-চন্দুক যিৰূচালেমলৈ অনা বিষয়ে পঢ়ি লোকসকলে বিমূঢ়ত পৰা। বৃতান্তৰ অনুসাৰে ঈশ্বৰৰ নিয়ম-চন্দুক এখন ৰথত তুলি উজ্জা তেওঁৰ ভায়েকৰ সৈতে যাত্ৰা কৰিছিল। আগলৈ বাইবেলে এইদৰে কৈছে: “পাছে তেওঁবিলাকে নাখোনৰ মৰণা মৰা ঠাই পালত, গৰুহালে পিছল খোৱাত উজ্জাই হাত মেলি যিহোৱাৰ চন্দুক ধৰিলে; তেতিয়া উজ্জালৈ যিহোৱাৰ ক্ৰোধ প্ৰজ্জ্বলিত হলত, তাৰ ভ্ৰান্তিৰ নিমিত্তে ঈশ্বৰে সেই ঠাইতে তাক আঘাত কৰিলে; তাতে সি সেই ঠাইতে ঈশ্বৰৰ চন্দুকৰ কাষত মৰিল।” কিছু মাহৰ পিছত পুনৰাই নিয়ম-চন্দুক যিহোৱাই নিযুক্ত কৰা কহাতৰ সন্তানবিলাকে কান্ধত বৈ নিয়াত কোনেও নমৰিল। (২ চমূৱেল ৬:৬, ৭; গণনা পুস্তক ৪:১৫; ৭:৯; ১ বংশাৱলি ১৫:১-১৪) এতিয়া কিছুমানে এইদৰে সুধিব পাৰে: যিহোৱাই কিয় ইমান কঠোৰভাৱে আচৰণ কৰিলে? উজ্জাই কেৱল নিয়ম-চন্দুক মাটিত নপৰিবলৈ তেনে কৰিছিল। কোনো ভুল নিৰ্ণয়ত উপনীত হোৱাৰ পৰিৱৰ্তে আমি বৃতান্তটোৰ বিষয়ে বিস্তাৰিতভাৱে জনাটো উত্তম হʼব।

১৯. ঈশ্বৰে অন্যায়ভাৱে কাৰ্য্য কৰাটো কিয় অসম্ভৱ?

১৯ আমি সদায়ে মনত ৰাখা উচিত যে যিহোৱাই কেতিয়াও অন্যায়ভাৱে কাৰ্য্য নকৰে। (ইয়োব ৩৪:১০) তেনেদৰে কাৰ্য্য কৰাটো তেওঁৰ প্ৰেমৰ বিপৰীতে কাৰ্য্য কৰা হʼব, কিয়নো আমি বাইবেলৰ পৰা জানিব পাৰিছোঁ যে “ঈশ্বৰ প্ৰেম।” (১ যোহন ৪:৮) তদুপৰি শাস্ত্ৰীয় পদবোৰে কৈছে যে, “ধাৰ্ম্মিকতা আৰু ন্যায় বিচাৰেই [ঈশ্বৰৰ] সিংহাসনৰ ভিত্তিমূল।” (গীত ৮৯:১৪) তেনেহʼলে যিহোৱাই কেনেকৈ অন্যায়ভাৱে কাৰ্য্য কৰিব পাৰে? যদি ঈশ্বৰে তেনেদৰে কৰে, তেন্তে আচলতে তেওঁ নিজৰ সাৰ্ব্বভৌমত্বৰ ভিত্তিমূলৰ বিৰুদ্ধে কাৰ্য্য কৰা হʼব।

২০. কেনে কাৰণবোৰৰ বাবে নিয়ম-চন্দুকৰ সম্বন্ধে থকা আজ্ঞাৰ বিষয়ে উজ্জাই জ্ঞাত হʼব লাগিছিল?

২০ মন কৰক যে নিয়ম-চন্দুকৰ সম্বন্ধে থকা যিহোৱাৰ ব্যৱস্থাৰ বিষয়ে উজ্জাই ভালদৰে জানিছিল। যিহেতু নিয়ম-চন্দুক যিহোৱাৰ উপস্থিতিক প্ৰতিনিধিত্ব কৰাৰ বাবে কোনো অনাধিকাৰ ব্যক্তিক স্পৰ্ষ নকৰিবলৈ আজ্ঞা দিয়া হৈছিল। ব্যৱস্থাৰ অনুসাৰে যিজনে এই আজ্ঞাক উলংঙ্ঘন কৰে তেওঁৰ মৃত্যু অনিবাৰ্য্য বুলি কোৱা হৈছিল। (গণনা পুস্তক ৪:১৮-২০; ৭:৮৯) গতিকে পবিত্ৰ নিয়ম চন্দুক ৰখা স্থান সলনি কৰাৰ সময়তো এই আজ্ঞা পালন কৰাটো গুৰুত্বপূৰ্ণ আছিল। এজন লেবী বংশৰ ব্যক্তি (যদিও পুৰোহিত নাছিল) হোৱাৰ বাবে উজ্জাই এই আজ্ঞাৰ বিষয়ে ভালদৰে জানিব লাগিছিল। তদুপৰি বহু বছৰৰ আগতেও তেওঁৰ পিতৃৰ ঘৰত নিয়ম-চন্দুক ৰাখা হৈছিল। (১ চমূৱেল ৬:২০-৭:১) তাত প্ৰায় ৭০ বছৰলৈকে নিয়ম-চন্দুক ৰাখা হৈছিল আৰু এই সম্বন্ধে থকা ব্যৱস্থাৰ বিষয়ে উজ্জাই হয়তো বাল্য কালৰে পৰা জানিছিল।

২১. উজ্জাৰ ক্ষেত্ৰত আমি কিয় মনত ৰখাটো গুৰুত্বপূৰ্ণ যে যিহোৱাই মানুহৰ মনত কি আছে, তাক পঢ়িব পাৰে?

২১ আৰম্ভণিতে উল্লেখ কৰা হৈছে যে যিহোৱাই মানুহৰ মন পঢ়িব পাৰে। সেয়েহে তেওঁৰ বাক্যত উজ্জাই কৰা কাৰ্য্যক “ভ্ৰান্তিৰ নিমিত্তে” বুলি উল্লেখ কৰা হৈছে, কিয়নো যিহোৱাই হয়তো উজ্জাৰ মনত থকা স্বাৰ্থপৰ ইচ্ছাৰ বিষয়ে জানিব পাৰিছিল। গতিকে তেওঁ ব্যৱস্থাৰ বিৰুদ্ধে গৈ অহঙ্কাৰী হোৱাৰ পৰিচয় দিছিল বুলি কʼব পাৰিনে? (হিতোপদেশ ১১:২) উজ্জাই তেওঁৰ পৰিয়ালে সুৰক্ষা দিয়া পবিত্ৰ নিয়ম-চন্দুকক ৰাইজৰ আগেদি নিবলৈ দায়িত্ব পোৱাৰ বাবে নিজকে লৈ অহঙ্কাৰ কৰিছিলনে? (হিতোপদেশ ৮:১৩) অথবা পবিত্ৰ নিয়ম-চন্দুক ৰক্ষা কৰাত ঈশ্বৰ বিফল হʼব বুলি উজ্জাই ভাবিছিলনে, যি স্বয়ং যিহোৱাৰ উপস্থিতিক চিহ্নিত কৰে? যিয়েই নহওক, আমি নিশ্চিত হʼব পাৰোঁ যে যিহোৱাই ন্যায়পৰায়ণতাৰে কাৰ্য্য কৰিলে। তেওঁ হয়তো উজ্জাৰ মনৰ কথা জানিব পাৰি তেনে নিৰ্ণয় লʼলে।—হিতোপদেশ ২১:২.

ভাৰসা ৰাখাৰ এক দৃঢ় কাৰণ

২২. বাইবেলত লিপিবদ্ধ নকৰা বিষয়বোৰতো কেনেকৈ যিহোৱাৰ অগম বুদ্ধি দেখিবলৈ পোৱা যায়?

২২ যিহোৱাৰ অগম বুদ্ধি বাইবেলত লিপিবদ্ধ নকৰা বিশেষ কিছুমান বিষয়তো দেখিবলৈ পোৱা যায়। কিয়নো ইয়ে আমাক যিহোৱাত ভাৰসা ৰাখাৰ এক কাৰণ দিয়ে। আমি অলপতে বিবেচনা কৰা বিষয়টোৱে যিহোৱাৰ ন্যায়-বিচাৰ গ্ৰহণ কৰিবলৈ উপযুক্ত কাৰণ প্ৰদান নকৰেনে? বাস্তৱতে আমি যেতিয়া আন্তৰিকতা আৰু খোলা মনেৰে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰোঁ তেতিয়া আমি যিহোৱাই সদায়ে ন্যায়পৰায়ণতাৰে কাৰ্য্য কৰে বুলি দৃঢ়তাৰে বিশ্বাস কৰিব পাৰোঁ। গতিকে কেতিয়াবা বাইবেলৰ বৃতান্ত পঢ়ি যদি মনত সন্দেহজনক প্ৰশ্নবোৰ উদয় হয়, তেন্তে আঁহক আমি সম্পূৰ্ণ বিশ্বাস ৰাখোঁহঁক যে যিহোৱাই সদায়ে ন্যায়পৰায়ণতাৰে কাৰ্য্য কৰে।

২৩. ভৱিষ্যতে যিহোৱাই লʼবলগীয়া পদক্ষেপৰ বিষয়ে আমি কেনে আশ্বাস ৰাখিব পাৰোঁ?

২৩ সেইদৰে ভৱিষ্যতে তেওঁ লʼবলগীয়া পদক্ষেপৰ বিষয়েও আমি ভাৰসা ৰাখিব পাৰোঁ। আমি আশ্বাস ৰাখিব পাৰোঁ যে “মহা-ক্লেশৰ” সময়ত তেওঁ “দুষ্টৰ লগত ধাৰ্ম্মিক” সকলক কেতিয়াও সংহাৰ নকৰিব। (আদিপুস্তক ১৮:২৩) কিয়নো ধাৰ্ম্মিক আৰু ন্যায়ৰ প্ৰতি থকা তেওঁৰ প্ৰেমে কেতিয়াও তেনে কৰিবলৈ তেওঁক প্ৰেৰিত নকৰে। তদুপৰি আমি ইয়াকো বিশ্বাস ৰাখিব পাৰোঁ যে পৰমদেশত তেওঁ আমাৰ সকলোবোৰ আৱশ্যকতা পূৰ্ণ কৰিব।—গীত ১৪৫:১৬. (w05 2/1)

[ফুটনোটবোৰ]

a অব্ৰাহামে ভয়ভীত হোৱা যুক্তিসঙ্গত আছিল। কিয়নো প্ৰাচীন সময়ৰ পেপিৰাচ পাতৰ লিখনিৰ অনুসাৰে ফৌৰণ ৰজাৰ সৈনিকসকলে যদি কোনো সুন্দৰী তিৰোতা দেখিছিল, তেন্তে তাইক ধৰি আনি তাইৰ স্বামীক হত্যা কৰিছিল।

b এই বিষয়ে অধিককৈ জানিবলৈ হʼলে ডিছেম্বৰ ১, ১৯৭৯ চনৰ প্ৰহৰীবুৰুজৰ ৩১ পৃষ্ঠাত চাওক।

আপোনাৰ মনত আছেনে?

• আমি কেনে কাৰণসমূহৰ বাবে যিহোৱাৰ ন্যায়-বিচাৰৰ সৈতে সন্মত হোৱা উচিত?

• লোটে তেওঁৰ জীয়েকবিলাকক উগ্ৰ ৰাইজৰ হাতত গতাই দিবলৈ কৰা সিদ্ধান্তক, তেওঁ ভুল নিৰ্ণয় লোৱা বুলি কোৱাৰ পৰা আঁতৰি থাকিবলৈ আমাক কিহে সহায় কৰিব?

• যিহোৱাই কিয় উজ্জাক মৃত্যুদণ্ড দিলে, তাক জানিবলৈ কেনে কাৰণসমূহে আমাক সহায় কৰিব পাৰে?

• ভৱিষ্যতে যিহোৱাই লʼবলগীয়া পদক্ষেপৰ প্ৰতি আমি কেনে আশ্বাস ৰাখিব পাৰোঁ?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]