Skip to content

Skip to table of contents

আমাৰ খ্ৰীষ্টান পৰিচয় প্ৰতিৰক্ষা কৰা

আমাৰ খ্ৰীষ্টান পৰিচয় প্ৰতিৰক্ষা কৰা

আমাৰ খ্ৰীষ্টান পৰিচয় প্ৰতিৰক্ষা কৰা

“যিহোৱাই কৈছে, . . . তোমালোকেই মোৰ সাক্ষী।”—যিচয়া ৪৩:১০.

১. যিহোৱাই কেনে ধৰণৰ লোকৰ কাষ চাপে?

 আপুনি যেতিয়া খ্ৰীষ্টান সভাৰ বাবে ৰাজ্যগৃহত উপস্থিত হয় তেতিয়া আপোনাৰ চাৰিওফালে কেনে লোকসমূহেৰে ভৰি থকা দেখিবলৈ পায়? আপুনি হয়তো কিশোৰ-কিশোৰীসকলে বাইবেলৰ সিদ্ধান্তৰ অনুসাৰে চলিবলৈ আন্তৰিকতাৰে চেষ্টা কৰাটো দেখিবলৈ পাইছে। (গীত ১৪৮:১২, ১৩) সেইদৰে বিভাজিত সংসাৰত থকাৰ স্বত্ত্বেও পৰিয়ালৰ মুখিয়ালসকলে নিজৰ পৰিয়ালৰ সৈতে ঈশ্বৰৰ মন আনন্দিত কৰিবলৈ সকলো প্ৰকাৰৰ প্ৰচেষ্টা কৰাটো লক্ষ্য কৰিব পাৰিছে। তদুপৰি আপুনি হয়তো বৃদ্ধ ব্যক্তিসকলেও নিজৰ বয়স আৰু অসুস্থতাৰ মাজত থাকিও যিহোৱালৈ নিজকে সমৰ্পণ কৰা অনুসাৰে জীৱন-যাপন কৰিবলৈ প্ৰাণপনে কৰা চেষ্টাৰ বিষয়ে জানিবলৈ পাইছে। (হিতোপদেশ ১৬:৩১) প্ৰকৃততে ডেকা বা বৃদ্ধ সকলোৱে যিহোৱাক অন্তৰৰ সৈতে প্ৰেম কৰে। তেওঁলোকৰ এনে মনোবৃত্তি দেখি যিহোৱাই তেওঁলোকৰ সৈতে এক আন্তৰিক সম্বন্ধ স্থাপন কৰিবলৈ আগবাঢ়ি আহিছে। এই সম্বন্ধে ঈশ্বৰৰ পুত্ৰই স্বয়ং এইদৰে কৈছিল: “মোক পঠোৱা পিতৃয়ে আকৰ্ষণ নকৰিলে, কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে।”—যোহন ৬:৩৭, ৪৪, ৬৫.

২, ৩. খ্ৰীষ্টান পৰিচয় বজাই ৰাখাটো কিয় এক প্ৰত্যাহ্বানজনক বিষয় হʼব পাৰে?

আমি সকলোৱে এনে লোকসকলৰ মাজত থাকিবলৈ পাই আনন্দিত নহওঁনে? তথাপিও আমাৰ বাবে এই ‘শেষকালৰ ভয়ঙ্কৰ সময়ত’ নিজৰ প্ৰকৃত খ্ৰীষ্টান ব্যক্তিত্ব বজাই ৰাখাটো হৈছে এক প্ৰত্যাহ্বানজনক বিষয়। (২ তীমথিয় ৩:১) বিশেষকৈ এই কথাষাৰ খ্ৰীষ্টান পৰিয়ালত ডাঙৰ-দীঘল হোৱা লʼৰা-ছোৱালীৰ বাবে প্ৰযোজ্য হয়। উদাহৰণস্বৰূপে, এই বিষয়ে এজন খ্ৰীষ্টান যুৱকে এইদৰে কৈছিল: “মই যদিও সভাবোৰত উপস্থিত হৈছিলোঁ, তথাপিও মোৰ জীৱনটো লক্ষ্যহীন আৰু যিহোৱাৰ সেৱাৰ প্ৰতি অনাগ্ৰহী আছিল।”

কিছুমানে যদিও নিষ্ঠাৰে যিহোৱাৰ সেৱা কৰে, তথাপিও তেওঁলোকে বন্ধু-বান্ধৱ, জাগতিক বিচাৰধাৰাৰ প্ৰভাৱ আৰু পাপময় মনোবৃত্তিৰ দ্বাৰা আকৰ্ষিত হৈ বিপথে যাব পাৰে। অত্যধিক হেঁচাৰ বাবে হয়তো আমি ক্ৰমান্বয়ে খ্ৰীষ্টান ব্যক্তিত্ব বজাই ৰাখাৰ পৰা আঁতৰি যাব পাৰোঁ। উদাহৰণস্বৰূপে, বৰ্তমান বহুতো লোকে নৈতিকতাৰ সম্বন্ধে থকা বাইবেলৰ স্তৰসমূহক পুৰণি কলীয়া বুলি দৃষ্টি কৰে। (১ পিতৰ ৪:৪) কিছুমানে আকৌ নিজৰ সুবিধাৰ অনুসাৰে ঈশ্বৰক উপাসনা কৰাটো উত্তম বুলি ভাবে। (যোহন ৪:২৪) এই বিষয়ে পাঁচনি পৌলে ইফিচিয়াসকললৈ লিখা পত্ৰখনত জগতে নিজ “আত্মাৰ” বা নিয়ন্ত্ৰনমূলক মনোবৃত্তিৰ দৰে চলে বুলি উল্লেখ কৰিছিল। (ইফিচীয়া ২:২) এনে ধৰণৰ মনোবৃত্তি আজি যিহোৱাক নজনা লোকসকলৰ ওপৰত প্ৰভুত্ব কৰাটো দেখিবলৈ পোৱা গৈছে।

৪. যীচুৱে কেনেকৈ আমাৰ খ্ৰীষ্টান ব্যক্তিত্বৰ প্ৰতিৰক্ষা কৰাৰ সম্পৰ্কে জোৰ দি কৈছিল?

আনহাতে, যদি সমৰ্পণ আনুসাৰে আমি খ্ৰীষ্টান ব্যক্তিত্ব বজাই ৰাখাত বিফল হওঁ তেন্তে ইয়াৰ কেনে পৰিণাম হʼব পাৰে, সেই বিষয়ে ভালদৰে জানো। কিয়নো এই ব্যক্তিত্বৰ স্থিৰতা যিহোৱাৰ স্তৰ আৰু তেওঁৰ ইচ্ছাৰ অনুসাৰে চলাৰ ওপৰত নিৰ্ভৰ কৰে। তদুপৰি তেওঁৰ প্ৰতিমূৰ্ত্তিৰ অনুসাৰে আমাক সৃষ্টি কৰা হৈছে। (আদিপুস্তক ১:২৬; মীখা ৬:৮) আনকি বাইবেলে আমাৰ খ্ৰীষ্টান ব্যক্তিত্বৰ তুলনা আমি পৰিধান কৰা বস্ত্ৰৰ সৈতে কৰিছে যি সোনকালে আনৰ চকুত পৰে। বৰ্তমান আমি পৰিধান কৰা এই বস্ত্ৰৰ গুৰুত্বতাৰ বিষয়ে যীচুৱে সতৰ্ক কৰি এইদৰে কৈছে: “চোৱা, মই চোৰৰ নিচিনাকৈ আহিছোঁ। যি জনে জাগি থাকে, আৰু যাতে তেওঁ উলঙ্গ হৈ নুফুৰে, আৰু তেওঁৰ লাজ দেখা নাপায়, তাৰ কাৰণে নিজ বস্ত্ৰ ৰাখে, তেওঁ ধন্য।” a (প্ৰকাশিত বাক্য ১৬:১৫) আমি কোনোপধ্যেই এই পৰিধান কৰা বস্ত্ৰ অৰ্থাৎ খ্ৰীষ্টান গুণবোৰ আৰু আচাৰ-ব্যৱহাৰ ত্যাগ কৰি সাংসাৰিক ৰীতি-নীতিৰ অনুসাৰে চলাটো কেতিয়াও নিবিচাৰোঁ। কিয়নো আমি জানো যে যদি ইয়াৰ বিপৰীতে যাওঁ, তেন্তে “নিজৰ বস্ত্ৰ” হেৰুৱাৰ উপৰিও এক অপমানজনক অৱস্থাৰ সম্মুখীন হʼবলগীয়া হʼব।

৫, ৬. আধ্যাত্মিক স্থিৰতা বজাই ৰাখা কিয় এক গুৰুত্বপূৰ্ণ বিষয়?

এজন ব্যক্তিৰ জীৱনত খ্ৰীষ্টান ব্যক্তিত্বই এক গভীৰ প্ৰভাৱ পেলায়। ই কেনেকৈ গভীৰ প্ৰভাৱ পেলাব পাৰে? উদাহৰণস্বৰূপে, যদি এজন যিহোৱাৰ উপাসকে খ্ৰীষ্টান ব্যক্তিত্ব বজাই ৰাখাত বিফল হয়, তেন্তে তেওঁৰ জীৱনটো লক্ষ্যহীন হৈ পৰিব পাৰে। সেইবাবে বাইবেলে তেনে দুৰৱস্থাৰ পৰা আঁতৰি থাকিবলৈ বাৰে বাৰে সতৰ্ক কৰিছে। এই সম্বন্ধে পাঁচনি যাকোবে এইদৰে কৈছিল: “যি জনে সংশয় কৰে, তেওঁ বতাহত নিয়া আৰু ওপৰলৈ উধুৱা সাগৰৰ ঢৌ এটাৰ নিচিনা হয়। এনে মানুহে যে প্ৰভুৰ পৰা কিবা পাব, ইয়াক তেওঁ নাভাবক; তেওঁ দুই মনৰ মানুহ, নিজৰ সকলো গতিতে অস্থিৰ।”—যাকোব ১:৬-৮; ইফিচীয়া ৪:১৪; ইব্ৰী ১৩:৯.

আমি কেনেকৈ আমাৰ খ্ৰীষ্টান ব্যক্তিত্বৰ প্ৰতিৰক্ষা কৰিব পাৰোঁ? সৰ্ব্বোপৰিজনাৰ উপাসক হোৱা যি বিশেষাধিকাৰ আমি পাইছোঁ, তাৰ প্ৰতি সতৰ্ক হৈ থাকিবলৈ কিহে আমাক সহায় কৰিব পাৰে? এই বিষয়ে তলত আলোচনা কৰা পদ্ধতিবোৰ লক্ষ্য কৰক।

আপোনাৰ খ্ৰীষ্টান ব্যক্তিত্বক দৃঢ়ভাৱে প্ৰতিষ্ঠিত কৰক

৭. আমাৰ বাবে যিহোৱাই নিৰীক্ষণ কৰাটো কিয় উত্তম বিষয়?

যিহোৱাৰ সৈতে থকা সম্বন্ধক পুনৰাই শক্তিশালী কৰক। এজন খ্ৰীষ্টান ব্যক্তিৰ বাবে সকলোতকৈ অমূল্য বিষয়টো হৈছে যিহোৱাৰ সৈতে থকা তেওঁৰ নিবিড় সম্পৰ্ক। (গীত ২৫:১৪; হিতোপদেশ ৩:৩২) যদি খ্ৰীষ্টান ব্যক্তিত্বক লৈ আমাৰ মনত কিবা সন্দেহজনক প্ৰশ্ন উঠিছে, তেন্তে আমি তাৰ বিষয়ে আৰু নিজৰ সম্বন্ধক নিৰীক্ষণ কৰা অতি আৱশ্যক। এই বিষয়ে গীতমালা ৰচোঁতাজনে অতি নম্ৰতাৰে যিহোৱাক এইদৰে অনুৰোধ কৰিছিল: “হে যিহোৱা, মোক পৰীক্ষা কৰি চোৱা, মোৰ মন আৰু চিত্ত খপি চোৱা।” (গীত ২৬:২) কিয় তেনেদৰে নিৰীক্ষণ কৰাটো অতি আৱশ্যক? কিয়নো আমি আমাৰ অন্তঃকৰণ আৰু অভিপ্ৰায়ৰ ওপৰত ভাৰসা কৰি চলিব নোৱাৰোঁ। কেৱল যিহোৱাই আমাৰ অন্তঃকৰণ, বিচাৰধাৰা বা আবেগতাৰ বিষয়ে ভালদৰে কʼব পাৰিব।—যিৰিমিয়া ১৭:৯, ১০.

৮. (ক) আমি কেনেকৈ যিহোৱাৰ দ্বাৰা পৰীক্ষিত হৈ লাভৱান হʼব পাৰোঁ? (খ) এজন খ্ৰীষ্টান ব্যক্তি হিচাপে শক্তিশালী হʼবলৈ কিহে আপোনাক সহায় কৰিলে?

দৰাচলতে আমি তেনে কৰাৰ দ্বাৰা যিহোৱাক পৰীক্ষা কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ। তেওঁ আমাৰ অভিপ্ৰায় আৰু অন্তঃকৰণত কি আছে, তাক জানিবলৈ কিছুমান পৰিস্থিতিৰ সম্মুখীন হʼবলৈ আমাক অনুমতি দিব পাৰে। (ইব্ৰী ৪:১২, ১৩; যাকোব ১:২২-২৫) গতিকে আমি তেনে পৰিস্থিতিবোৰৰ পৰা পলোৱাৰ পৰিৱৰ্তে সেইবোৰৰ সম্মুখীন হʼব লাগে যাতে যিহোৱাৰ সৈতে থকা আমাৰ নিষ্ঠা বজাই ৰাখিব পাৰোঁ। তদুপৰি ইয়াৰ দ্বাৰা আমি “যেন একোতে অসম্পূৰ্ণ নহৈ, সিদ্ধ আৰু সম্পূৰ্ণ হোৱা” প্ৰমাণ দিব পাৰোঁ। (যাকোব ১:২-৪) লগতে, ই আমাক আধ্যাত্মিকভাৱে দৃঢ় হʼবলৈও সহায় কৰিব।—ইফিচীয়া ৪:২২-২৪.

৯. বাইবেল সত্যতাৰ ওপৰত প্ৰত্যয় জন্মোৱা কোনো বৈকল্পিক বিষয় নে? বৰ্ণনা কৰক।

বাইবেল সত্যতাৰ ওপৰত প্ৰত্যয় জন্মাওক। যদি আমাৰ জ্ঞান শাস্ত্ৰীয় আধাৰিত নহয় তেন্তে আমি দুৰ্ব্বল হৈ পৰিব পাৰোঁ। (ফিলিপীয়া ১:৯, ১০) গতিকে আমাৰ প্ৰত্যেকৰে বাইবেল সত্যতাৰ ওপৰত দৃঢ় বিশ্বাস হোৱা উচিত। যাৰ বিষয়ে পাঁচনি পৌলে সঙ্গী খ্ৰীষ্টানসকলক এইদৰে কৈছিল: “সকলো বিষয়ৰ পৰীক্ষা কৰি, যি ভাল তাকে ধৰি ৰাখা।” (১ থিচলনীকীয়া ৫:২১) সত্যত ডাঙৰ-দীঘল হোৱা লʼৰা-ছোৱালীবিলাকে পিতৃ-মাতৃৰ বিশ্বাসত নিৰ্ভৰ হোৱাৰ পৰিৱৰ্তে নিজস্ব বিশ্বাস বিকশিত কৰা উচিত। এই বিষয়ে দায়ূদে নিজ পুত্ৰ চলোমনক এইদৰে কৈছিল, “তুমি তোমাৰ পিতৃৰ ঈশ্বৰক জানিবা; আৰু সৰল চিত্তেৰে ও সন্তুষ্ট মনেৰে তেওঁৰ আৰাধনা কৰিবা।” (১ বংশাৱলি ২৮:৯) চলোমনে কেৱল তেওঁৰ পিতৃ দায়ূদে ঈশ্বৰৰ প্ৰতি ৰাখা দৃঢ় বিশ্বাসক দেখি কাৰ্য্য কৰাটোৱেই যথেষ্ট নাছিল। বৰঞ্চ, তেওঁ ব্যক্তিগতভাৱে যিহোৱা ঈশ্বৰক জানিব লাগিছিল। তেওঁ যে তেনে পদক্ষেপ লৈছিল সেই বিষয়ে আমি ঈশ্বৰলৈ কৰা তেওঁৰ প্ৰাৰ্থনাত এইদৰে পঢ়িবলৈ পাওঁ: “মই যেন এই লোকবিলাকৰ আগত বাহিৰলৈ ভিতৰলৈ অহাযোৱা কৰিব পাৰোঁ, এই কাৰণে তুমি মোক বুদ্ধি আৰু জ্ঞান দিয়া।”—২ বংশাৱলি ১:১০.

১০. উচিত মনোবৃত্তিৰে সোধা প্ৰশ্নবোৰ কিয় উত্তম?

১০ দৃঢ় বিশ্বাস জ্ঞানৰ ওপৰত আধাৰিত। এই বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “শ্ৰৱণৰ দ্বাৰাই বিশ্বাস।” (ৰোমীয়া ১০:১৭) তেওঁ এইদৰে কোৱাৰ অৰ্থ কি আছিল? তেওঁ ইয়াকে কʼব বিচাৰিছিল যে যদি আমি যিহোৱাৰ বাক্যৰ দ্বাৰা নিজকে প্ৰতিপালিত কৰোঁ, তেন্তে তেওঁৰ প্ৰতিজ্ঞা, সংগঠন আৰু তেওঁত বিশ্বাস বিকশিত কৰিব পাৰিম। আনকি বাইবেলৰ সম্বন্ধে যথাৰ্থ প্ৰশ্নবোৰ সুধি আশ্বাস পাব পাৰি। তদুপৰি পাঁচনি পৌলে ৰোমীয়া ১২:২ পদত দিয়া এই পৰামৰ্শটোৱে আমাক সহায় কৰিব পাৰে, যʼত এইদৰে পঢ়িবলৈ পাওঁ: “ঈশ্বৰৰ ইচ্ছা, অৰ্থাৎ উত্তম, গ্ৰহণীয়, আৰু সিদ্ধ কি, তাক পৰীক্ষা কৰি জানিবা।” কিন্তু আমি কেনেকৈ এই বিষয়ে পৰীক্ষা কৰি জানিব পাৰোঁ? আমি “সত্যৰ তত্ত্ব-জ্ঞান” লাভ কৰাৰ দ্বাৰা তেনে কৰিব পাৰোঁ। (তীত ১:১) ইয়াৰ উপৰিও কঠিন বিষয়বোৰ বুজি পাবলৈ যিহোৱাৰ পবিত্ৰ আত্মাই আমাক সহায় কৰিব পাৰে। (১ কৰিন্থীয়া ২:১১, ১২) যদি আমি বাইবেলৰ কোনো এটা বিষয়ক লৈ বিভ্ৰান্তি হৈছোঁ, তেন্তে যিহোৱাৰ পৰা সহায় বিচাৰি প্ৰাৰ্থনা কৰা উচিত। (গীত ১১৯:১০, ১১, ২৭) কিয়নো যিহোৱাৰ ইচ্ছা এইয়ে যে, আমি যেন তেওঁৰ বাক্য বুজি পাই তাৰ অনুসাৰে জীৱন-যাপন কৰোঁ। তেওঁ সদায়ে উচিত মনোবৃত্তিৰে সোধা প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ ইচ্ছুক থাকে।

ঈশ্বৰৰ মন আনন্দিত কৰিবলৈ দৃঢ়সঙ্কল্প লওক

১১. (ক) কেনে স্বাভাৱিক ইচ্ছা আমাৰ বাবে ফান্দ হʼব পাৰে? (খ) আমি কেনেকৈ সমকক্ষৰ হেঁচাৰ সৈতে যুঁজিবলৈ সক্ষম হʼব পাৰোঁ?

১১ মানুহক নহয় কিন্তু ঈশ্বৰৰ মন আনন্দিত কৰক। এইটো স্বাভাৱিক যে আমি নিজৰ পৰিচয় কোনো এক সমূহৰ সদস্য হিচাপে দিব বিচাৰোঁ। আমি সকলোৱে বন্ধুবিলাকৰ মাজত থাকি আনন্দিত আৰু সতেজ অনুভৱ কৰোঁ। কিন্তু বৰ্তমান আৰু জীৱনৰ অন্য সময়ছোৱাত সমকক্ষৰ হেঁচাই আমাত কতৃত্ত্ব হৈ বিপথে লৈ যাব পাৰে। তদুপৰি বন্ধু বা সমকক্ষ ব্যক্তিবিলাকে যে সদায়ে আমাৰ উত্তম বিচাৰে, এনে নহয়। তেওঁলোকে কেতিয়াবা হয়তো অনুচিত কাৰ্য্যত ভাগ লʼবলৈ আপোনাৰ সৈতে বন্ধুত্ব গঢ়িব পাৰে। (হিতোপদেশ ১:১১-১৯) মনত ৰাখক যে এজন প্ৰকৃত খ্ৰীষ্টানে সমকক্ষৰ হেঁচাত পৰি কেতিয়াও নিজৰ পৰিচয়ৰ বিষয়ে প্ৰকাশ নকৰে। (গীত ২৬:৪) এইহেতুকে পাঁচনি পৌলে সতৰ্ক কৰি এইদৰে কৈছিল: “তোমালোকে জগতৰ অনুৰূপ নহবা।” (ৰোমীয়া ১২:২) আনহাতে যিহোৱাই এনে ধৰণৰ হেঁচাৰ সৈতে যুঁজিবলৈ আমাৰ মনোবল দৃঢ় কৰে।—ইব্ৰী ১৩:৬.

১২. আমাৰ ভাৰসাক লৈ প্ৰশ্ন উঠাৰ সময়ত কেনে সিদ্ধান্ত আৰু উদাহৰণে আমাৰ মনোবল দৃঢ় কৰিব পাৰে?

১২ বাহ্যিক হেঁচাৰ সম্মুখীন হোৱাৰ সময়ত আমি মনত ৰাখা উচিত যে যিহোৱাৰ প্ৰতি থকা আমাৰ নিষ্ঠা সকলোতকৈ গুৰুত্বপূৰ্ণ। এই সম্পৰ্কে যাত্ৰাপুস্তক ২৩:২ পদত উল্লেখ কৰা সিদ্ধান্তটো সুৰক্ষা হিচাপে কাৰ্য্য কৰে, যʼত এইদৰে কৈছে: “তুমি কুকৰ্ম্ম কৰিবলৈ বহু লোকৰ অনুগামী নহবা।” উদাৰণস্বৰূপে, এই সিদ্ধান্তটোৱে কালেবক সঙ্গী ইস্ৰায়েলসকলে যিহোৱাৰ প্ৰতিজ্ঞাৰ ওপৰত সন্দেহ কৰাৰ সময়ত স্থিৰে থাকিবলৈ সহায় কৰিলে। তেওঁ জানিছিল যে ঈশ্বৰে কৰা প্ৰতিজ্ঞা কেতিয়াও বিফল নহয়। ফলস্বৰূপে, তেওঁৰ এনে বিশ্বাসৰ বাবে যিহোৱাই তেওঁক আশীৰ্ব্বাদ কৰিছিল। (গণনা পুস্তক ১৩:৩০; যিহোচূৱা ১৪:৬-১১) ঠিক সেইদৰে আপুনিও ঈশ্বৰৰ সৈতে থকা সম্বন্ধক প্ৰতিৰক্ষা কৰিবলৈ বাহ্যিক হেঁচাবোৰৰ প্ৰতিৰোধ কৰেনে?

১৩. আমাৰ খ্ৰীষ্টান ব্যক্তিত্বৰ বিষয়ে আনক জনোৱাটো কিয় এক সুবিবেচনামূলক বিষয়?

১৩ আপোনাৰ খ্ৰীষ্টান ব্যক্তিত্বৰ বিষয়ে সকলোকে জনাওক। খ্ৰীষ্টান ব্যক্তিত্বৰ প্ৰতিৰক্ষাৰ বাবে লোৱা সকলোতকৈ উত্তম পদক্ষেপ হৈছে আনক ইয়াৰ বিষয়ে জনোৱা। উদাহৰণস্বৰূপে, ইজ্ৰাৰ সময়ত ঈশ্বৰৰ উপাসনা গৃহ নিৰ্মাণ কৰিবলৈ লোৱা বিশ্বাসী ইস্ৰায়েলসকলে বিৰোধিতাৰ সম্মুখীন হোৱাত এইদৰে কৈছিল: “আমি স্বৰ্গৰ আৰু পৃথিবীৰ ঈশ্বৰৰ দাস।” (ইজ্ৰা ৫:১১) কেতিয়াবা হয়তো আমিও বিৰোধীসকলৰ প্ৰভাৱ বা ৰ্ভৎসনাৰ সম্মুখীন হোৱাত ভয়ভীত হʼব পাৰোঁ। তদুপৰি সদায়ে আনক সন্তোষ কৰিবলৈ লোৱা পদক্ষেপে আমাৰ উৎসাহক দুৰ্ব্বল কৰিব পাৰে। গতিকে আমি ভয়ভীত হোৱাৰ পৰিৱৰ্তে সদায়ে নিজকে যিহোৱাৰ সাক্ষী বুলি জনোৱাটো এক উত্তম পদক্ষেপ। আনৰ সৈতে আপুনি নিজৰ বিশ্বাস আৰু স্তৰৰ বিষয়ে বিনম্ৰতাৰে আৰু দৃঢ়তাৰে কওক। আপুনি নৈতিকতাৰ সম্বন্ধে যিহোৱাৰ উচ্চ স্তৰ পালন কৰিছে বুলি আনক জানিবলৈ দিয়ক। তদুপৰি আপুনি নিজৰ নিষ্ঠাৰ সৈতে কেতিয়াও নিষ্পত্তি নকৰিব, ইয়াকো স্পষ্টকৈ জনাওক। নৈতিকতাৰ সম্বন্ধে পালন কৰা উচ্চ স্তৰৰ বাবে আপুনি যে গৌৰৱ কৰে, তাৰ বিষয়েও প্ৰকাশ কৰক। (গীত ৬৪:১০) আপোনাৰ এনে দৃঢ়সঙ্কল্পই আপোনাক শক্তিশালী, প্ৰতিৰক্ষা আৰু আনক যিহোৱা আৰু তেওঁৰ লোকসকলৰ বিষয়ে জানিবলৈ প্ৰেৰিত কৰিব।

১৪. আমি নিন্দা বা ৰ্ভৎসনাৰ সম্মুখীন হৈ নিৰুৎসাহিত হোৱা উচিতনে? বৰ্ণনা কৰক।

১৪ এইটো সত্য যে ইয়াৰ বাবে কিছুমানে আপোনাক নিন্দা বা বিৰোধ কৰিব পাৰে। (যিহূদা ১৮ পদ) যদি আনে আপোনাৰ স্তৰ আৰু বিশ্বাসৰ সন্মান নকৰে তেন্তে নিৰুৎসাহিত নহʼব। (যিহিষ্কেল ৩:৭, ৮) মনত ৰাখক যে আপুনি কেতিয়াও অবুজ লোকসকলক প্ৰত্যেয় জন্মাব নোৱাৰে। উদাহৰণস্বৰূপে, মিচৰৰ ৰজা ফৌৰণৰ বিষয়ে বিবেচনা কৰক। তেওঁ বিপৰ্য্য, ঈশ্বৰৰ আচৰিত কৰ্ম্ম আৰু আনকি নিজৰ প্ৰথমজাত পুত্ৰক মৃত্যুত হেৰুৱাৰ স্বত্ত্বেও মোচিয়ে যে যিহোৱাৰ হৈ কথা কৈছিল, তাক বিশ্বাস কৰিবলৈ অমান্তি হৈছিল। গতিকে কেতিয়াও বিৰোধিতাৰ প্ৰতিক্ৰিয়া বা ৰ্ভৎসনা দেখি ভয়ভীত নহʼব। তাৰ পৰিৱৰ্তে যিহোৱাত ভাৰসা ৰাখক যি আপোনাক সাহসী হৈ নিৰ্ভয়ে চলি থাকিবলৈ সহায় কৰিব।—হিতোপদেশ ৩:৫, ৬; ২৯:২৫.

অতীতৰ পৰা শিকক আৰু ভৱিষ্যতৰ বাবে এক শক্তিশালী ভিত্তিমূল স্থাপন কৰক

১৫, ১৬. (ক) আমাৰ আধ্যাত্মিক উত্তৰাধিকাৰ কি? (খ) ঈশ্বৰৰ বাক্যৰ সহায়েৰে এই উত্তৰাধিকাৰৰ বিষয়ে বিবেচনা কৰি আমি কেনেকৈ লাভৱান হʼব পাৰোঁ?

১৫ আধ্যাত্মিক উত্তৰাধিকাৰৰ প্ৰতি মূল্যাঙ্কন দেখুৱাওক। ঈশ্বৰৰ বাক্যৰ সহায়েৰে নিজৰ আধ্যাত্মিক উত্তৰাধিকাৰৰ বিষয়ে বিবেচনা কৰি খ্ৰীষ্টানসকলে লাভৱান হʼব পাৰে। এই উত্তৰাধিকাৰৰ সৈতে ঈশ্বৰৰ বাক্য, অন্তকলীয়া জীৱন আৰু শুভবাৰ্ত্তাৰ প্ৰচাৰক হোৱা বিশেষাধিকাৰ সন্মিলিত আছে। জীৱন-ৰক্ষক বাৰ্ত্তা প্ৰচাৰ কৰিবলৈ পোৱা এই বিশেষাধিকাৰ লোকসকলৰ মাজত আপোনাৰ স্থান কি, তাক আপুনি অনুভৱ কৰিব পাৰিছেনে? মনত ৰাখক যে আমাৰ স্বীকৃতিৰ বিষয়ে স্বয়ং যিহোৱাই এইদৰে কৈছে: “তোমালোকেই মোৰ সাক্ষী।”—যিচয়া ৪৩:১০.

১৬ আপুনি হয়তো নিজকে এই প্ৰশ্নবোৰ সুধিব পাৰে: ‘এই আধ্যাত্মিক উত্তৰাধিকাৰ মোৰ বাবে কিমান মূল্যৱান? মোৰ জীৱনত ঈশ্বৰৰ ইচ্ছাই প্ৰথম স্থান দখল কৰিছেনে? ইয়াৰ প্ৰতি মোৰ মূল্যাঙ্কন বৃদ্ধি হৈছেনে যি মোক সকলো ধৰণৰ প্ৰলোভনক প্ৰতিৰোধ কৰিবলৈ শক্তি প্ৰদান কৰে?’ এই উত্তৰাধিকাৰে আমাক এক আধ্যাত্মিক সুৰক্ষা প্ৰদান কৰিব পাৰে যি কেৱল যিহোৱাৰ সংগঠনত পোৱা যায়। (গীত ৯১:১, ২) বৰ্তমান সময়ৰ যিহোৱাৰ সাক্ষীসকলে স্থাপন কৰা উল্লেখ্য ৰিপোৰ্টবোৰ পুনৰ নিৰীক্ষণ কৰাৰ দ্বাৰা আশ্বাস পোৱা যায় যে কোনেও যিহোৱাৰ লোকসকলক এই পৃথিৱীৰ পৰা উচ্ছন্ন কৰিব নোৱাৰিব।—যিচয়া ৫৪:১৭; যিৰিমিয়া ১:১৯.

১৭. আধ্যাত্মিক উত্তৰাধিকাৰৰ ওপৰত ভাৰসা ৰাখাতকৈ অধিক আৰু কি কৰা আৱশ্যক?

১৭ নিঃসন্দেহ, আমি এই আধ্যাত্মিক উত্তৰাধিকাৰৰ ওপৰত নিৰ্ভৰ হৈ থাকিব নোৱাৰোঁ। আমি সকলোৱে ঈশ্বৰৰ সৈতে এক নিবিড় সম্পৰ্ক স্থাপন কৰা উচিত। ফিলিপীয়াত থকা খ্ৰীষ্টানসকলৰ বিশ্বাস দৃঢ় কৰা উদ্দেশ্যৰে পাঁচনি পৌলে কঠিন পৰিশ্ৰম কৰাৰ পিছত এইদৰে লিখিছিল: “হে মোৰ প্ৰিয়বিলাক, তোমালোকে যেনেকৈ সদায় আজ্ঞাধীন আছিলা, তেনেকৈ মোৰ সাক্ষাতে যি ৰূপ, কেৱল সেই দৰে নহয়, কিন্তু এতিয়া মোৰ অসাক্ষাতে আৰু অধিককৈ ভয় আৰু কম্পনেৰে নিজ নিজ পৰিত্ৰাণ সম্পন্ন কৰা।” (ফিলিপীয়া ২:১২) আমি নিজৰ উদ্ধাৰৰ বাবে আনৰ ওপৰত ভাৰসা কৰিব নোৱাৰোঁ।

১৮. আমাৰ খ্ৰীষ্টান কাৰ্য্যকলাপে কেনেকৈ খ্ৰীষ্টান ব্যক্তিত্ব আলোকিত কৰিব পাৰে?

১৮ খ্ৰীষ্টান কাৰ্য্যকলাপত সম্পূৰ্ণকৈ ভাগ লওক। বহুতে বিশ্বাস কৰে যে, “এজন ব্যক্তিয়ে কৰা কাৰ্য্যই তেওঁৰ ব্যক্তিত্বৰ পৰিচয় দাঙি ধৰে।” বৰ্তমান খ্ৰীষ্টানসকলকো ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিবলৈ আজ্ঞা দিয়া হৈছে। এই বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “মই পৰজাতিবিলাকৰ নিমিত্তে নিযুক্ত পাঁচনি হোৱা কাৰণে, মোৰ সেই পৰিচৰ্য্যা-পদৰ গৌৰৱ কৰিছোঁ।” (ৰোমীয়া ১১:১৩) আমাৰ প্ৰচাৰ কাৰ্য্যই আমি এই জগতৰ ভাগ নোহোৱা আৰু ইয়াত সম্পূৰ্ণকৈ ভাগ লোৱাই আমাৰ খ্ৰীষ্টান ব্যক্তিত্বৰ প্ৰমাণ দাঙি ধৰে। অন্য খ্ৰীষ্টান কাৰ্য্যকলাপ, যেনে—সভাবোৰত উপস্থিত থকা, ৰাজ্যগৃহ নিৰ্মাণ কাৰ্য্যত আৰু আৱশ্যকতাৰ সময়ত আনক সহায় কৰাৰ দ্বাৰা আমাৰ খ্ৰীষ্টান ব্যক্তিত্ব আলোকিত কৰিব পাৰোঁ।—গালাতীয়া ৬:৯, ১০; ইব্ৰী ১০:২৩, ২৪.

সকলোৰে আগত প্ৰকাশ পোৱা আমাৰ খ্ৰীষ্টান ব্যক্তিত্বই অনেক আশীৰ্ব্বাদ কঢ়িয়াই আনে

১৯, ২০. (ক) আপুনি প্ৰকৃত খ্ৰীষ্টান হোৱাৰ বাবে ব্যক্তিগতভাৱে কেনেদৰে লাভৱান হৈছে? (খ) কিহে আমাৰ প্ৰকৃত পৰিচয়ক লৈ গৌৰৱ কৰিবলৈ আভাস দিয়ে?

১৯ প্ৰকৃত খ্ৰীষ্টান হোৱাৰ বাবে আমি লাভ কৰা আশীৰ্ব্বাদসমূহৰ বিষয়ে ক্ষন্তেক ভাবি চাওক। যিহোৱাৰ দ্বাৰা ব্যক্তিগতভাৱে স্বীকৃতি পোৱা আমাৰ বাবে এক গৌৰৱৰ বিষয়। যাৰ বিষয়ে ভৱিষ্যতবক্তা মলাখীয়ে এইদৰে কৈছিল: “যিহোৱাক ভয় কৰোঁতাবিলাকে ইজনে সিজনে কথাবাৰ্ত্তা হল, আৰু যিহোৱাই কাণ পাতি তাক শুনিলে; আৰু যিহোৱাক ভয় কৰোঁতাবিলাকৰ, আৰু তেওঁৰ নাম ধ্যান কৰোঁতাবিলাকৰ অৰ্থে তেওঁৰ আগত এখন স্মৰণাৰ্থক পুথি লিখা হল।” (মলাখী ৩:১৬) অৰ্থাৎ আমি নিজকে যিহোৱাৰ বন্ধু বুলিও কʼব পাৰোঁ। (যাকোব ২:২৩) উদ্দেশ্যপূৰ্ণ জীৱন, অৰ্থপূৰ্ণ আৰু ফলদায়ক লক্ষ্যবোৰে আমাৰ জীৱনটোক যেন আলোকিত কৰি তুলিছে। তদুপৰি আমাক অনন্তজীৱন জীয়াই থকাৰ আশা প্ৰদান কৰিছে।—গীত ৩৭:৯.

২০ মনত ৰাখক যে আপোনাৰ প্ৰকৃত পৰিচয় আৰু কাৰ্য্যৰ মূল্যাঙ্কন মানুহে কি ভাবে তাৰ ওপৰত নহয় কিন্তু ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰে। কিছুমানে হয়তো মানৱ দৃষ্টিভঙ্গীৰে চাই আমাৰ বিচাৰ কৰিব পাৰে। কিন্তু আমাৰ প্ৰতি থকা তেওঁৰ প্ৰেম আৰু ব্যক্তিগত চিন্তাই দেখুৱাই যে আমি তেওঁৰ জনা লোক। (মথি ১০:২৯-৩১) আনকি তেওঁৰ প্ৰতি থকা আমাৰ প্ৰেমে আমাৰ পৰিচয়ক লৈ গৌৰৱান্বিত আৰু জীৱনত এক উত্তম মাৰ্গদৰ্শন প্ৰদান কৰিব পাৰে। কিয়নো বাইবেলত কৈছে যে, “যি জনে ঈশ্বৰক প্ৰেম কৰে, সেই জনেই তেওঁৰ জনা লোক।”—১ কৰিন্থীয়া ৮:৩. (w05 2/15)

[ফুটনোট]

a সেই বাক্যবোৰে হয়তো যিৰূচালেমৰ মন্দিৰৰ নিৰাপত্তা ৰখীয়াৰ দায়িত্বত থকা বিষয়াজনৰ সম্পৰ্কে বুজাইছিল। ৰাতিৰ সময়ছোৱাত তেওঁ মন্দিৰৰ চাৰিওফালে ভ্ৰমি ফুৰিছিল যাতে সকলো লেবী প্ৰহৰীয়ে নিজ নিজ স্থানত পহৰা দি থাকে। কিন্তু তেওঁলোকৰ কোনোবা এজনক যদি শুই থকা অৱস্থাত পোৱা গৈছিল, তেন্তে শাস্তি হিচাপে কোব খাইছিল আৰু লজ্জিত কৰিবলৈ তেওঁ পৰিধান কৰা ওপৰৰ বস্ত্ৰখন জ্বলাই পেলোৱা হৈছিল।

আপুনাৰ মনত আছেনে?

• খ্ৰীষ্টানসকলৰ বাবে কিয় তেওঁলোকৰ আধ্যাত্মিক পৰিচয় প্ৰতিৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ বিষয়?

• আমি কেনেকৈ খ্ৰীষ্টান ব্যক্তিত্বৰ পৰিসীমা দৃঢ়তাৰে স্থাপন কৰিব পাৰোঁ?

• যেতিয়া মানৱ বা ঈশ্বৰৰ মন আনন্দিত কৰাক লৈ কোনো প্ৰশ্ন উঠে তেতিয়া কেনে বিষয়সমূহে আমাক সঠিক নিৰ্ণয়ত উপনীত হʼবলৈ সহায় কৰিব?

• আমাৰ খ্ৰীষ্টান ব্যক্তিত্বই ভৱিষ্যতৰ বাবে কেনেকৈ এক শক্তিশালী আধাৰ স্থাপন কৰিব পাৰে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৭ পৃষ্ঠাৰ ছবিসমূহ]

খ্ৰীষ্টান কাৰ্য্যকলাপবোৰত সম্পূৰ্ণকৈ ভাগ লোৱাৰ দ্বাৰা আমাৰ প্ৰকৃত খ্ৰীষ্টান পৰিচয়ক স্পষ্টকৈ প্ৰকাশ কৰিব পাৰি