Skip to content

Skip to table of contents

প্ৰকৃত খ্ৰীষ্টান হোৱাৰ বাবে আপোনালোকে গৌৰৱ কৰক

প্ৰকৃত খ্ৰীষ্টান হোৱাৰ বাবে আপোনালোকে গৌৰৱ কৰক

প্ৰকৃত খ্ৰীষ্টান হোৱাৰ বাবে আপোনালোকে গৌৰৱ কৰক

“যি জনে শ্লাঘা কৰে, [যিহোৱাতেই, NW] শ্লাঘা কৰক।”১ কৰিন্থীয়া ১:৩১.

১. বৰ্তমান ধৰ্ম্মৰ প্ৰতি লোকসকলত কেনে মনোবৃত্তি বিকশিত হোৱা দেখা গৈছে?

 এজন বিবৃতিদাতাই অলপতে কয় যে, বহুতো লোকে ধৰ্ম্মৰ প্ৰতি “নিস্পৃহতাভাৱে” বিশ্বাস ৰাখে। আগলৈ তেওঁ বৰ্ণনা কৰি এইদৰে কৈছে: “বৰ্তমান সময়ত ধৰ্ম্মৰ প্ৰতি থকা লোকসকলৰ মনোবৃত্তি আগৰ নিচিনা হৈ থকা নাই। দিনে দিনে তেওঁলোকে অনাগ্ৰহী হোৱা মনোবৃত্তি বিকশিত কৰিছে যাক আমি ‘নিস্পৃহতা’ বুলি কʼব পাৰোঁ।” আন শব্দত কʼবলৈ গʼলে, “লোকসকলে আজি নিজৰ ধৰ্ম্মক লৈ খুব কমেহে আগ্ৰহী।” সেই বিবৃতিদাতাজনৰ মতে, “বহুতে ঈশ্বৰ আছে বুলি বিশ্বাস কৰে, . . . ; কিন্তু তেওঁৰ প্ৰতি মনোযোগী নহয়।”

২. (ক) বৰ্তমান লোকসকলে আধ্যাত্মিকতাৰ ক্ষেত্ৰত নিস্পৃহতা হোৱা দেখিবলৈ পোৱাটো প্ৰকৃত খ্ৰীষ্টানসকলৰ বাবে কিয় আচৰিত হোৱাৰ বিষয় নহয়? (খ) প্ৰকৃত খ্ৰীষ্টানসকলৰ বাবে কেনে বিপদ সৃষ্টি হʼব পাৰে?

ব্যাপকভাৱে পৰিৱৰ্তন হোৱা এনে মনোবৃত্তি দেখিবলৈ পাই বাইবেল বিদ্যাৰ্থীসকলে কোনো আচৰিত হোৱা নাই। (লূক ১৮:৮) তদুপৰি ধৰ্ম্মৰ বিষয়ে তেনে পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱাটো তেওঁলোকৰ বাবে কোনো নতুন কথা নহয়। কিয়নো বহু সময়ৰ আগৰে পৰা মিছা ধৰ্ম্মই সমুদায় মানৱজাতিক বিপথে পৰিচালিত কৰি আহিছে। (প্ৰকাশিত বাক্য ১৭:১৫, ১৬) কিন্তু প্ৰকৃত খ্ৰীষ্টানসকলে এনে ধৰণৰ মনোবৃত্তি বিকশিত কৰাৰ পৰা আঁতৰি থকা উচিত। কিয়নো যদি আমি তেনে মনোবৃত্তি বিকশিত কৰোঁ, তেন্তে ঈশ্বৰৰ উপাসনা আৰু বাইবেল সত্যতাৰ প্ৰতি আমাৰ উদ্দীপনা হ্ৰাস পাব। তদুপৰি আমি ক্ৰমান্বয়ে বিশ্বাসত দূৰ্ব্বল হৈ পৰিম। সেইবাবে যীচুৱে প্ৰথম শতিকাত লায়দিকেয়া নামৰ চহৰত থকা খ্ৰীষ্টানসকলক এইদৰে কৈছিল: “তুমি চেঁচা নোহোৱা, তাপতো নোহোৱা। তুমি হয় চেঁচা, নহয় তপত হোৱা ভাল আছিল। . . . কেৱল কুহুমীয়া।”—প্ৰকাশিত বাক্য ৩:১৫-১৮.

আমাৰ পৰিচয়ক ৰক্ষা কৰা

৩. প্ৰকৃত খ্ৰীষ্টানসকলে কি অৰ্থত নিজৰ পৰিচয়ক লৈ গৌৰৱ কৰে?

আধ্যাত্মিকভাৱে নিৰুদ্যম হোৱাৰ পৰা আতৰি থাকিবলৈ হʼলে প্ৰকৃত খ্ৰীষ্টানসকলে স্পষ্টকৈ মনত ৰাখা উচিত যে তেওঁলোক কোন আৰু তেওঁলোকে নিজৰ বৈশিষ্ট্যপূৰ্ণ পৰিচয়ক লৈ কিয় গৌৰৱ কৰিব পাৰে। যিহোৱাৰ উপাসক আৰু যীচুৰ শিষ্য হোৱাৰ হেতুকে আমি কোন, তাৰ বিষয়ে বিস্তাৰিতভাৱে বাইবেলৰ পৰা জানিব পাৰোঁ। আমি যিহোৱাৰ “সাক্ষী” বা “ঈশ্বৰৰ সহকৰ্ম্মী” হোৱাৰ বাবে সক্ৰিয়ভাৱে সকলোৰে আগত “শুভবাৰ্ত্তা” প্ৰচাৰ কৰিছোঁ। (যিচয়া ৪৩:১০; ১ কৰিন্থীয়া ৩:৯; মথি ২৪:১৪) তদুপৰি আমি এজনে আনজনক “পৰস্পৰে প্ৰেম” কৰোঁ। (যোহন ১৩:৩৪) প্ৰকৃত খ্ৰীষ্টান সমাজ এনে ব্যক্তিসকলৰ দ্বাৰা সংগঠিত যিসকলৰ “জ্ঞানেন্দ্ৰিয়বোৰ ভাল-বেয়া বিষয় নিৰ্ণয় কৰাত নিপুণ।” (ইব্ৰী ৫:১৪) আনকি আমি “জগতত দীপ্তিস্বৰূপ” হিচাপেও প্ৰকাশ পাইছোঁ। (ফিলিপীয়া ২:১৪) আমি ‘সকলোৰে মাজত উত্তম আচাৰ-ব্যৱহাৰ’ বজাই ৰাখিবলৈ চেষ্টা কৰিছোঁ।—১ পিতৰ ২:১২; ২ পিতৰ ৩:১১, ১৪.

৪. এজন যিহোৱাৰ উপাসকে কিহত জড়িত নোহোৱাৰ বিষয়ে মনত ৰাখে?

আনহাতে, যিহোৱাৰ উপাসকসকলে ভালদৰে জানে যে তেওঁলোক যীচুৰ দৰে এই “জগতৰ নহয়।” (যোহন ১৭:১৬) ‘অজ্ঞানতাৰ কাৰণে ঈশ্বৰে দিয়া জীৱনৰ ভাগী হʼব নোৱাৰা পৰজাতিৰ’ সৈতে তেওঁলোকে কোনো সম্পৰ্ক নাৰাখে। (ইফিচীয়া ৪:১৭, ১৮) সেইবাবে তেওঁলোকে “ভক্তি-লঙ্ঘন আৰু সাংসাৰিক আভিলাষ অস্বীকাৰ কৰি, গম্ভীৰ, ধাৰ্ম্মিক, আৰু ভক্তিভাৱে এই বৰ্ত্তমান সংসাৰত জীৱন যাপন” কৰিবলৈ চেষ্টা কৰে।—তীত ২:১২.

৫. ‘যিহোৱাত শ্লাঘা’ কৰাৰ অৰ্থ কি?

আমাৰ পৰিচয় আৰু বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তাজনৰ সৈতে থকা সম্বন্ধই আমাক ‘যিহোৱাত শ্লাঘা’ কৰিবলৈ প্ৰেৰিত কৰে। (১ কৰিন্থীয়া ১:৩১) এইটো কেনে ধৰণৰ শ্লাঘা বা গৌৰৱ কৰাৰ বিষয়? প্ৰকৃত খ্ৰীষ্টান হোৱা হেতুকে আমি যিহোৱাক নিজৰ ঈশ্বৰ হিচাপে পাই গৌৰৱান্বিত হোৱাৰ বিষয়ে বুজাইছে। তদুপৰি আমি এই পৰামৰ্শটো মানি চলিছোঁ: “যি জনে গৌৰৱ কৰে, তেওঁ ইয়াতহে গৌৰৱ কৰক, যে, তেওঁ মোৰ বিষয়ে বুজে আৰু জানে, যে, মই পৃথিবীত দয়া, বিচাৰ আৰু ধাৰ্ম্মিকতা সিদ্ধ কৰোঁতা যিহোৱা।” (যিৰিমিয়া ৯:২৪) আমি ঈশ্বৰক জনা আৰু তেওঁৰ দ্বাৰা আনক সহায় কৰাৰ বিশেষাধিকাৰ পোৱাৰ বাবে “গৌৰৱ” কৰিছোঁ।

নিজৰ পৰিচয় বজাই ৰাখাৰ প্ৰত্যাহ্বানবোৰ

৬. কিছুমানে প্ৰকৃত খ্ৰীষ্টান হোৱাৰ পৰিচয় বজাই ৰাখিবলৈ কেনে প্ৰত্যাহ্বানবোৰৰ সম্মুখীন হʼবলগীয়া হৈছে?

আমি প্ৰকৃত খ্ৰীষ্টান হোৱাৰ বাবে নিজৰ পৰিচয় বজাই ৰাখাটো ইমান সহজ নহয়। উদাহৰণস্বৰূপে, খ্ৰীষ্টান পৰিয়ালত ডাঙৰ-দীঘল হোৱা এজন যুবকে নিজৰ আধ্যাত্মিক দুৰ্ব্বলতাৰ বিষয়ে কেনে অনুভৱ কৰিছিল, সেই বিষয়ে বিবেচনা কৰক। তেওঁ এইদৰে কৈছিল: “কেতিয়াবা ভাবিছিলোঁ যে মই কিয় যিহোৱাৰ সাক্ষী হওঁ সেই বিষয়ে একো নাজানো। যদিও মই সৰুৰে পৰা সত্যত আছিলোঁ, তথাপিও ভাবিছিলোঁ যে ইয়ো হৈছে আন ধৰ্ম্মবোৰৰ নিচিনা এক সু-প্ৰতিষ্ঠিত ধৰ্ম্ম।” বহুতে নিজৰ পৰিচয় হয়তো মনোৰঞ্জন, বিজ্ঞাপন আৰু অনৈতিক জীৱন-শৈলী গ্ৰহণ কৰাৰ দ্বাৰা দিছে। (ইফিচীয়া ২:২, ৩) কিছুমান প্ৰকৃত খ্ৰীষ্টানে হয়তো মাজে সময়ে তেওঁলোকে কৰা বাছনি আৰু লক্ষ্যবোৰৰ বিষয়ে সন্দেহ কৰি তেনেদৰে ভাবিব পাৰে।

৭. (ক) ঈশ্বৰৰ উপাসকবিলাকে কেনে ধৰণৰ আত্মনিৰীক্ষণ কৰাটো উচিত? (খ) কেনে ধৰণৰ বিপদ দেখা দিয়াৰ সম্ভাৱনা আছে?

সময়ে সময়ে নিজৰ বিষয়ে আত্মনিৰীক্ষণ কৰাটো অনুচিত নে? নিশ্চয়ে নহয়। আপুনি হয়তো এবাৰ পাঁচনি পৌলে খ্ৰীষ্টানসকলক কি কৈছিল, সেই বিষয়ে সোঁৱৰিব পাৰে। যাৰ বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “তোমালোক বিশ্বাসত আছা নে নাই, তাক জানিবলৈ, নিজৰ পৰীক্ষা কৰা আৰু নিজৰ প্ৰমাণ চোৱা।” (২ কৰিন্থীয়া ১৩:৫) ইয়াত পাঁচনি পৌলে কোনো প্ৰকাৰে আমাত বিকশিত হোৱা আধ্যাত্মিক দুৰ্ব্বলতা বিচাৰি উলিয়াই তাক শীঘ্ৰেই সমাধান কৰিবলৈ উৎসাহিত কৰিছিল। এজন প্ৰকৃত খ্ৰীষ্টানে নিজৰ বিশ্বাসৰ বিষয়ে পৰীক্ষা কৰাৰ সময়ত তেওঁৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্য্য বিশ্বাসৰ সামঞ্জস্যত আছেনে নাই সেই বিষয়ে বিবেচনা কৰা উচিত। কিন্তু আমি যদি বিপথে পৰিচালিত হৈছোঁ, তেন্তে নিজৰ ‘পৰিচয়’ বা ঈশ্বৰ অথবা মণ্ডলীৰ সৈতে সম্বন্ধ বজাই ৰখাৰ পৰিৱৰ্তে আধ্যাত্মিকভাৱে ক্ষতিৰ সম্মুখীন হʼম। a আমি আমাৰ ‘বিশ্বাসস্বৰূপ নৌকা ভগ্ন’ হোৱাতো কেতিয়া নিবিচাৰোঁ।—১ তীমথিয় ১:১৯.

আমিও প্ৰত্যাহ্বানৰ সম্মুখীন হʼবলগীয়া হয়

৮, ৯. (ক) মোচিয়ে কেনেকৈ আত্মসংশয় হোৱাৰ বিষয়ে প্ৰকাশ কৰিছিল? (খ) মোচিয়ে অনুভৱ কৰা অযোগ্যতাৰ প্ৰতি যিহোৱাই কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল? (খ) যিহোৱাৰ আশ্বাসে আপোনাৰ ওপৰত কেনে প্ৰভাৱ পেলাইছে?

মাজে সময়ে তেনে সন্দেহ উৎপন্ন হোৱাৰ বাবে খ্ৰীষ্টানসকলে নিজকে অসমৰ্থ বুলি ভবা উচিতনে? নিশ্চয়ে নহয়! বৰঞ্চ, তেওঁলোকে ইয়াকে জানি উৎসাহিত হʼব পাৰে যে তেনে ধৰণৰ অনুভূতিৰ সম্মুখীন প্ৰাচীন সময়ৰ বিশ্বাসী উপাসকবিলাকেও হৈছিল। উদাহৰণস্বৰূপে, অত্যুত্তম বিশ্বাস আৰু নিষ্ঠা দেখুউৱা মোচিৰ বিষয়ে বিবেচনা কৰক। যেতিয়া তেওঁক এক গুৰুত্বৰ নিযুক্তিত মকৰল কৰা হয় তেতিয়া তেওঁ এইদৰে কৈছিল: “মই নো কোন?” (যাত্ৰাপুস্তক ৩:১১) হয়তো তেওঁ মনতে এইদৰে ভাবিছিল যে, ‘মই এজন সাধাৰণ আৰু অযোগ্য ব্যক্তি।’ যিহেতু তেওঁ দাসত্বত থকা জাতিৰ এজনা, ইস্ৰায়েল সমাজৰ পৰা বহিষ্কৃত হোৱা আৰু নিপুণ বক্তা নোহোৱাৰ বাবে নিজকে অযোগ্য বুলি ভাবিছিল। (যাত্ৰাপুস্তক ১:১৩, ১৪; ২:১১-১৪; ৪:১০) তদুপৰি তেওঁ এজন মেৰৰখীয়া যি মিচৰীয়াবিলাকৰ দৃষ্টিত ঘৃণাৰ পাত্ৰ আছিল। (আদিপুস্তক ৪৬:৩৪) সেইবাবে তেওঁ দাসত্বত থকা ঈশ্বৰৰ লোকক মুক্তি কৰাৰ দায়িত্বভাৰ গ্ৰহণ কৰিবলৈ নিজকে অযোগ্য বুলি ভাবিছিল।

যিহোৱাই তেওঁক আশ্বাস দি দুই ধৰণৰ দৃঢ় প্ৰতিজ্ঞা কৰিছিল: “মই অৱশ্যে তোমাৰ সঙ্গী হম; আৰু ময়েই যে তোমাক পঠালোঁ, ইয়াৰ চিন তোমালৈ এয়ে হব, যে, তুমি মিচৰৰ পৰা লোকবিলাকক উলিয়াই আনিলে, তোমালোকে এই পৰ্ব্বততে ঈশ্বৰৰ ভজনা কৰিব।” (যাত্ৰাপুস্তক ৩:১২) যিহোৱা ঈশ্বৰে এই সংকোচবোধ কৰা উপাসকজনৰ সৈতে সদায়ে থাকিব বুলি আশ্বাস দিছিল। তদুপৰি তেওঁ নিজৰ লোকসকলক দাসত্বৰ পৰা মুক্তি কৰাৰ বিষয়েও কৈছিল। শতাব্দী ধৰি ঈশ্বৰে এই প্ৰতিজ্ঞাৰ অনুসাৰে কাৰ্য্য কৰিলে। উদাহৰণস্বৰূপে, প্ৰতিজ্ঞাত দেশত প্ৰৱেশ কৰা কিছু সময়ৰ আগেয়ে যিহোৱাই মোচিৰ দ্বাৰা ইস্ৰায়েলসকলক এইদৰে কৈছিল: “তোমালোকে বলৱান হোৱা, অতিশয় সাহিয়াল হোৱা, . . . তোমাৰ ঈশ্বৰ যিহোৱা নিজেই তোমাৰ লগত যাওঁতা, তেওঁ তোমাক নেৰিব, তোমাক ত্যাগ নকৰিব।” (দ্বিতীয় বিবৰণ ৩১:৬) তদুপৰি যিহোৱাই যিহোচুৱাকো আশ্বাস দি এইদৰে কৈছিল: “তোমাৰ জীৱনৰ গোটেই কালত তোমাৰ আগত কোনো লোক থিয় হব নোৱাৰিব; . . . মই তোমাক নেৰিম, তোমাক ত্যাগ নকৰিম। (যিহোচূৱা ১:৫) সেইদৰে তেওঁ প্ৰকৃত খ্ৰীষ্টানসকলকো আশ্বাস দি কৈছে: “মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম।” (ইব্ৰী ১৩:৫) তেনে ধৰণৰ দৃঢ় আশ্বাসে আমাক প্ৰকৃত খ্ৰীষ্টান হোৱাৰ বাবে গৌৰৱ কৰিবলৈ প্ৰেৰিত নকৰেনে বাৰু!

১০, ১১. যিহোৱাৰ উপাসনাৰ প্ৰতি পুনৰাই উচিত মনোবৃত্তি বজাই ৰাখিবলৈ আচফে কেনেকৈ সহায় পালে?

১০ মোচিৰ সময়ৰ প্ৰায় ৫০০ বছৰৰ পিছত আচফ নামৰ এজন লেবীয়ে ধৰ্ম্মপৰায়ণতাৰে জীৱন-যাপন কৰাৰ বাবে নিজে যি আত্মসংশয়তা অনুভৱ কৰিছিল, সেই বিষয়ে বিতংকৈ লিখিলে। যিহোৱাৰ উপসনা কৰিবলৈ আচফে যিমান দুখ-কষ্ট বা উৎপীড়নৰ সম্মুখীন হৈছিল তাৰ বিপৰীতে তেওঁ ঈশ্বৰক নিন্দা কৰা ব্যক্তিসকল শক্তিশালী আৰু শ্ৰীবৃদ্ধি হোৱা দেখিবলৈ পাইছিল। এইবোৰ দেখি তেওঁ কেনে অনুভৱ কৰিছিল, তাৰ বিষয়ে এইদৰে কৈছিল: “মোৰ ভৰি হলে প্ৰায় লৰিছিল; মোৰ খোজ প্ৰায়ে পিছলি গৈছিল। কিয়নো, মই যেতিয়া দুষ্টবোৰৰ মঙ্গল দেখিছিলোঁ।” গতিকে তেওঁৰ মনত যিহোৱাৰ উপাসক হোৱাৰ বিষয়ে সন্দেহ উৎপন্ন হৈছিল। আগলৈ তেওঁ এইদৰে কৈছিল: “অহঙ্কাৰী লোকলৈ মোৰ অসূয়া জন্মিছিল। বাস্তৱিক মই বৃথাই অন্তঃকৰণ পৰিষ্কাৰ কৰিলোঁ, আৰু হাত ধুই নিজ নিৰ্দ্দোষিতা প্ৰকাশ কৰিলোঁ।”—গীত ৭৩:২, ৩, ১৩, ১৪.

১১ এনে ধৰণৰ বিৰক্তি জন্মোৱা আৱেগপ্ৰবণতাৰ সৈতে আচফে কেনেকৈ সম্মুখীন হʼল? তেওঁ সেইবোৰ সঁচা বুলি মানি লʼবলৈ অস্বীকাৰ কৰিছিলনে? নিশ্চয়ে তেওঁ প্ৰত্যাখ্যান কৰা নাছিল। বৰঞ্চ, তেওঁ প্ৰাৰ্থনাৰ দ্বাৰা যিহোৱাৰ পৰা সহায় বিচাৰিছিল যাৰ বিষয়ে আমি গীত ৭৩ অধ্যায়ত পঢ়িবলৈ পাওঁ। ঈশ্বৰৰ উপাসনাগৃহত উপস্থিত হোৱাৰ পিছত আচফৰ জীৱনলৈ এনে পৰিৱৰ্তন আহিছিল। তেওঁ অনুভৱ কৰিব পাৰিলে যে ঈশ্বৰৰ উপাসনা কৰাই হৈছে জীৱনৰ সকলোতকৈ উত্তম বাছনি। তেওঁ আধ্যাত্মিকভাৱে পুনৰ সবল হোৱাৰ পিছত বুজিব পাৰিলে যে যিহোৱাই দুষ্টতাক ঘৃণ কৰে আৰু তেওঁ উপযুক্ত সময়ত দুষ্টবোৰৰ শাস্তি বিহিব। (গীত ৭৩:১৭-১৯) নিজকে এনেদৰে সলনি কৰি তেওঁ যিহোৱাৰ উপাসক হোৱাৰ এই বিশেষাধিকাৰক লৈ গৌৰৱ কৰিছিল। পিছলৈ তেওঁ ঈশ্বৰক এইদৰে কৈছিল: “মই সদায় তোমাৰ লগতে আছোঁ; তুমি মোৰ সোঁ হাত ধৰি ৰাখিলা। তুমি নিজ মন্ত্ৰণাৰে মোক পথ দেখুৱাবা, আৰু পাছেকৈ মোক গৌৰৱেৰে গ্ৰহণ কৰিবা।” (গীত ৭৩:২৩, ২৪) তেওঁ পুনৰাই যিহোৱাক নিজৰ ঈশ্বৰ বুলি ভাবি গৌৰৱ কৰিব ধৰিলে।—গীত ৩৪:২.

তেওঁলোকে নিজৰ পৰিচয়ৰ বিষয়ে ভালদৰে জানিছিল

১২, ১৩. বাইবেলৰ সময়ত ঈশ্বৰৰ সৈতে থকা সম্বন্ধক লৈ গৌৰৱ কৰা কিছুমান উদাহৰণ দাঙি ধৰক।

১২ আমি প্ৰকৃত খ্ৰীষ্টান হোৱাৰ পৰিচয় দাঙি ধৰা এটা পদ্ধতি হৈছে উৎপীড়নৰ সম্মুখীন হোৱা স্বত্বেও যিহোৱাৰ সত্যনিষ্ঠা উপাসকবিলাকে দেখুউৱা বিশ্বাসৰ নিৰীক্ষণ আৰু অনুকৰণ কৰা। উদাহৰণস্বৰূপে, যাকোবৰ পুত্ৰ যোচেফৰ বিষয়ে বিবেচনা কৰক। যোচেফ সৰু থাকোঁতে তেওঁৰ নিজ ভাতৃবিলাকে তেওঁক ছলেৰে মিচৰীয়াৰ হাতত বেচি ঈশ্বৰলৈ ভয় ৰাখোঁতা তেওঁৰ পিতৃৰ পৰা বহু আঁতৰত পঠিয়ালে। তাত তেওঁ অচিনাকি আৰু মিছা দেৱী-দেৱতাৰ উপাসকবিলাকৰ সৈতে বাস কৰিবলগীয়া হৈছিল। তদুপৰি তেওঁ ঈশ্বৰ প্ৰতি ভাৰসা আৰু উচ্চ নৈতিকতা বজাই ৰাখাৰ বাবে প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ সম্মুখীন হʼবলগীয়া হৈছিল। কিন্তু এজন যিহোৱাৰ উপাসক হোৱাৰ পৰিচয়ক বজাই ৰাখিবলৈ চেষ্টা কৰি বিশ্বাসত অটল হৈ থাকিল। আনকি তেওঁ তেনে অনৈতিক লোকসকলৰ মাজত থাকিও যিহোৱাৰ উপাসক হোৱাৰ পৰিচয় দিয়াৰ পৰা কেতিয়াও পিছহুঁহকা বা লজ্জিত হোৱা নাছিল।—আদিপুস্তক ৩৯:৭-১০.

১৩ প্ৰায় ৮০০ বছৰৰ পিছত চিৰিয়াৰ সেনাপতি নামানৰ ঘৰত বন্দী হিচাপে থকা এজনী সৰু ইস্ৰায়েলী ছোৱালীয়ে নিজকে যিহোৱাৰ উপাসক বুলি পৰিচয় দিবলৈ পাহৰা নাছিল। যেতিয়া তাই সুযোগ পালে তেতিয়া সাহসী হৈ ইলিছাই সত্য ঈশ্বৰ যিহোৱাৰ নিযুক্ত ভৱিষ্যতবক্তা বুলি এক উত্তম সাক্ষী দিলে। (২ ৰাজাৱলি ৫:১-১৯) বহু বছৰৰ পিছত ইস্ৰায়েলৰ ৰজা যোচিয়াই অনৈতিক পৰিৱেশৰ মাজতো ঈশ্বৰৰ মন্দিৰ নিৰ্মাণ কৰি সত্য উপাসনাৰ পুনৰস্থাপন কৰিছিল। ঈশ্বৰৰ উপাসক হোৱা আৰু তেওঁৰ প্ৰতি ৰাখা বিশ্বাসৰ বাবে গৌৰৱ অনুভৱ কৰিছিল। (২ বংশাৱলী ৩৪, ৩৫ অধ্যায়) ঠিক সেইদৰে বাবিলত বন্দী হৈ থকা দানিয়েল আৰু তেওঁৰ তিনিজন বন্ধুৱে অত্যধিক হেঁচা আৰু পৰীক্ষাৰ সম্মুখীন হোৱা স্বত্বেও যিহোৱাৰ উপাসক বুলি নিজৰ পৰিচয় দাঙি ধৰিবলৈ পাহৰা নাছিল। দৰাচলতে তেওঁলোকে যিহোৱা ঈশ্বৰৰ উপাসক হোৱাটো এক গৌৰৱৰ বিষয় বুলি ভাবিছিল।—দানিয়েল ১:৮-২০.

প্ৰকৃত খ্ৰীষ্টান হোৱাৰ বাবে গৌৰৱ কৰক

১৪, ১৫. আমি প্ৰকৃত খ্ৰীষ্টান বুলি গৌৰৱ কৰাৰ সৈতে কি সন্মিলিত আছে?

১৪ এই বিশ্বাসী উপাসকবিলাকে ঈশ্বৰৰ আগত থিয় হোৱাৰ এক গুৰুত্বপূৰ্ণ মনোবৃত্তি বিকশিত কৰাৰ বাবে নিজৰ পৰিচয়ক লৈ গৌৰৱ কৰাত সফলতা লাভ কৰিলে। আজি আমাৰ বিষয়ে কি কʼব পাৰি? আমাক প্ৰকৃত খ্ৰীষ্টান হোৱাৰ বাবে গৌৰৱ কৰিবলৈ কিহে সহায় কৰিছে?

১৫ প্ৰাথমিকতে ইয়াত জড়িত আছে যিহোৱাৰ নামৰ লোক হোৱাৰ প্ৰতি থকা গভীৰ মূল্যাঙ্কন, তেওঁৰ আশীৰ্ব্বাদ আৰু অনুমোদন, যিয়ে আমাক প্ৰকৃত খ্ৰীষ্টান হোৱাৰ পৰিচয় দিবলৈ সহায় কৰে। নিঃসন্দেহ, ঈশ্বৰে জানে যে তেওঁৰ পক্ষে থকা লোকসকল কোন। এই বিষয়ে অত্যধিক ধৰ্ম্মক লৈ হোৱা বিশৃঙ্খলতাৰ সময়ত থকা পাঁচনি পৌলে এইদৰে কৈছিল: “[যিহোৱাই, NW] তেওঁৰ লোকক জানে।” (২ তীমথিয় ২:১৯; গণনা পুস্তক ১৬:৫) গতিকে যিহোৱাই “তেওঁৰ লোকক” লৈ গৌৰৱ কৰে আৰু তেওঁলোকৰ প্ৰতি তেওঁ কেনে অনুভৱ কৰে, সেই বিষয়ে এইদৰে কৈছে: “যি জনে তোমালোকক স্পৰ্শ কৰে, সেই জনে তেওঁৰ চকুৰ মণি স্পৰ্শ কৰে।” (জখৰিয়া ২:৮) বাস্তৱতে যিহোৱাই আমাক প্ৰেম কৰে। সেয়েহে তেওঁৰ সৈতে থকা আমাৰ সম্বন্ধ প্ৰেমৰ ওপৰত আধাৰিত হোৱা উচিত। সেইবাবে পাঁচনি পৌলে এইদৰে কʼব পাৰিলে: “যি জনে ঈশ্বৰক প্ৰেম কৰে, সেই জনেই তেওঁৰ জনা লোক।”—১ কৰিন্থীয়া ৮:৩.

১৬, ১৭. বৃদ্ধ বা ডেকা খ্ৰীষ্টানসকলে নিজ নিজ আধ্যাত্মিক বিশেষাধিকাৰৰ প্ৰতি কিয় গৌৰৱ কৰিব পাৰে?

১৬ সত্যত থকা পৰিয়ালত ডাঙৰ-দীঘল হোৱা কিশোৰ-কিশোৰীসকলে নিৰীক্ষণ কৰি চাব পাৰে যে তেওঁলোকৰ খ্ৰীষ্টান পৰিচয় ঈশ্বৰৰ সৈতে থকা ব্যক্তিগত সম্বন্ধৰ ওপৰত দৃঢ়ভাৱে আধাৰিত হয়নে নহয়। তেওঁলোকে নিজৰ পিতৃ-মাতৃৰ বিশ্বাসত নিৰ্ভৰ কৰি চলিব নোৱাৰে। সেইবাবে ঈশ্বৰৰ প্ৰত্যেকজন উপাসকৰ ওপৰত থকা দায়িত্বৰ বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “সি নিজ প্ৰভুৰ আগত হয় থিৰে থাকে, নাইবা পৰে।” আগলৈ তেওঁ এইদৰে কৈছিল: “প্ৰতিজনে ঈশ্বৰৰ আগত নিজৰ বিষয়ে হিচাব দিব।” (ৰোমীয়া ১৪:৪, ১২) দৰাচলতে, সন্তানবিলাকে পিতৃ-মাতৃক দেখি যিহোৱা ঈশ্বৰক উপাসনা কৰি তেওঁৰ সৈতে স্থায়ী আৰু ঘনিষ্ঠ সম্পৰ্ক বনাই ৰাখিব নোৱাৰে।

১৭ গোটেই ইতিহাসত যিহোৱাৰ সাক্ষীসকলে নিজৰ পৰিচয় দাঙি ধৰা বিষয়ে দেখিবলৈ পোৱা যায়। ইয়াৰ আৰম্ভণী ৬,০০০ বছৰ পূৰ্বেই হাবিলৰ পৰা লৈ বৰ্তমান সময়ত থকা যিহোৱাৰ সাক্ষীসকলৰ ‘এক বৰ সমূহত’ দেখিবলৈ পোৱা গৈছে আৰু ভৱিষ্যতে চিৰকাল জীয়াই থকা উপাসকসকলতো দেখা যাব। (প্ৰকাশিত বাক্য ৭:৯; ইব্ৰী ১১:৪) সেই দীঘলীয়া তালিকাখনত শেহতীয়াকৈ আমাৰ নামো অন্তৰ্ভূক্ত হৈছে। ই আমাৰ বাবে কি যে এক মহান বিশেষাধিকাৰ!

১৮. আমি কৰা বাছনি আৰু স্তৰসমূহে আমাক এই জগতৰ পৰা কেনেকৈ পৃথকে ৰাখে?

১৮ তদুপৰি আমাৰ প্ৰকৃত খ্ৰীষ্টান হোৱাৰ পৰিচয়ৰ সৈতে আমি জীৱনত কৰা বাছনি, গুণ আৰু আচাৰ-ব্যৱহাৰো সন্মিলিত আছে। এয়া হৈছে একমাত্ৰ “পথ” যাৰ দ্বাৰা আমি সফলতাৰে জীৱন-যাপন আৰু ঈশ্বৰৰ মন আনন্দিত কৰিব পাৰোঁ। (পাঁচনিৰ কৰ্ম্ম ৯:২; ইফিচীয়া ৪:২২-২৪) খ্ৰীষ্টানসকলে “সকলো বিষয়ৰ পৰীক্ষা কৰি, যি ভাল তাকে ধৰি ৰাখা” আৱশ্যক। (১ থিচলনীকীয়া ৫:২১) ঈশ্বৰৰ বিপক্ষে থিয় হোৱা এই জগত আৰু প্ৰকৃত খ্ৰীষ্টানৰ মাজত কেনে ভিন্নতা আছে, সেই বিষয়ে আমি ভালদৰে জানিব পাৰিছোঁ। আনকি ইয়াকো জানিব পাৰিছোঁ যে যিহোৱাই সত্য আৰু মিছা উপাসনাৰ মাজত থকা ভিন্নতাক স্পষ্টকৈ প্ৰকাশ কৰিছে। এই বিষয়ে তেওঁ মলাখী ভাববাদীৰ দ্বাৰা এইদৰে ঘোষণা কৰিছিল: “তোমালোকে ঘূৰি, ধাৰ্ম্মিক আৰু দুষ্টৰ, ঈশ্বৰৰ আৰাধনা কৰা লোকৰ আৰু তেওঁৰ আৰাধনা নকৰা লোকৰ মাজত প্ৰভেদ দেখিবলৈ পাবা।”—মলাখী ৩:১৮.

১৯. প্ৰকৃত খ্ৰীষ্টানসকলে কেনে মনোবৃত্তি কেতিয়াও নেদেখুৱাব?

১৯ বিশৃঙ্খলপূৰ্ণ জগতখনত থকাৰ বাবে আমি যিহোৱাত গৌৰৱান্বিত কৰাটো হৈছে এটা গুৰুত্বপূৰ্ণ বিষয়। এই মনোবৃত্তিক বজাই ৰাখিবলৈ কিহে আমাক সহায় কৰিব পাৰে? এই সম্পৰ্কে পৰৱৰ্তী লেখত কিছুমান ব্যৱহাৰিক পৰামৰ্শৰ বিষয়ে আলোচনা কৰা হʼব। এই বিষয়ে আলোচনা কৰাৰ সময়ত আপুনি নিশ্চিত হʼব পাৰিব যে, “প্ৰকৃত খ্ৰীষ্টানসকলে কেতিয়াও নিজৰ বিশ্বাসৰ প্ৰতি ‘নিস্পৃহতা’ মনোবৃত্তি নেদেখুৱাব।”(w05 2/15)

[ফুটনোট]

a ইয়াত আধ্যাত্মিকভাৱে হোৱা ক্ষতিৰ বিষয়ে উল্লেখ কৰিছে। কিন্তু মানসিক সমস্যাবোৰৰ বাবে উপযুক্ত চিকিৎসকৰ সহায় লোৱা উচিত।

আপোনাৰ মনত আছেনে?

• প্ৰকৃত খ্ৰীষ্টানসকলে কেনেকৈ ‘যিহোৱাত শ্লাঘা’ কৰিব পাৰে?

• মোচি আৰু আচফৰ আৰ্হিৰ পৰা আপুনি কি শিকিব পাৰিলে?

• বাইবেলৰ সময়ত থকা কোন ব্যক্তিসকলে যিহোৱাৰ উপাসক হোৱাৰ বাবে গৌৰৱ কৰিছিল?

• আমি প্ৰকৃত খ্ৰীষ্টান বুলি পৰিচয় দিয়াৰ সৈতে গৌৰৱ কৰাত কি সন্মিলিত আছে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১০ পৃষ্ঠাৰ ছবি]

কিছু সময়ৰ বাবে মোচিয়ে আত্মসংশয়তা অনুভৱ কৰিছিল

[১১ পৃষ্ঠাৰ ছবিসমূহ]

প্ৰাচীন সময়ত বহুতো যিহোৱাৰ উপাসকে তেওঁলোকৰ বৈশিষ্ট্যপূৰ্ণ পৰিচয়ৰ বাবে গৌৰৱ কৰিছিল