Skip to content

Skip to table of contents

বাক-যুদ্ধ—কিয় হানিকাৰক?

বাক-যুদ্ধ—কিয় হানিকাৰক?

বাক-যুদ্ধ—কিয় হানিকাৰক?

“তোমালোকৰ মাজত ৰণ-যুদ্ধ কʼৰ পৰা হয়? আৰু বিৰোধ নো কʼৰ পৰা হয়?”—যাকোব ৪:১.

 বাইবেল লিখক যাকোবে প্ৰথম শতাব্দীত যুদ্ধলৈ যোৱা কোনো ৰোমান সৈনিক অথবা ইহুদী আৰু ধৰ্ম্মীয় সৈন্য-বাহিনীৰ সৈতে হোৱা গৰিলা যুদ্ধক উদ্দেশ্য কৰি এই প্ৰশ্নবোৰ সোধা নাছিল। বৰঞ্চ, তেওঁ দুজন ব্যক্তিৰ মাজত হোৱা মতানৈক্যৰ বিষয়ে মনত ৰাখিহে এনে প্ৰশ্নবোৰ সুধিছিল। তেওঁ কিয় তেনে প্ৰশ্নবোৰ সুধিছিল? কিয়নো এনে ব্যক্তিগত বিৰোধিতাই যুদ্ধৰ দৰে হানিকাৰক পৰিণামলৈ পৰিচালিত কৰে। উদাহৰণস্বৰূপে, বাইবেলত উল্লেখ কৰা এই বৃতান্তবোৰৰ প্ৰতি মনোযোগ দিয়ক।

কুল-পিতৃ যাকোবৰ পুতেকবিলাকে তেওঁলোকৰ ভায়েক যোচেফক ইমানেই ঘৃণা কৰিছিল যে, তেওঁলোকে যোচেফক দাসত্বৰ বাবে বেচিলে। (আদিপুস্তক ৩৭:৪-২৮) পিছলৈ ইস্ৰায়েলৰ ৰজা চৌলে দায়ূদক বধ কৰিবলৈ বিচাৰিছিল। কিয় বধ কৰিবলৈ বিচাৰিছিল? কিয়নো দায়ূদ ৰজা চৌলৰ চকুচৰহা হৈ পৰিছিল। (১ চমূৱেল ১৮:৭-১১; ২৩:১৪, ১৫) প্ৰথম শতাব্দীত ইবদিয়া আৰু চুন্তুখী নামৰ দুগৰাকী খ্ৰীষ্টান মহিলাৰ মাজত হোৱা বিতৰ্কতাই গোটেই মণ্ডলীৰ শান্তি ভঙ্গ কৰিছিল।—ফিলিপীয়া ৪:২.

বৰ্তমান সময়ত লোকসকলে তেওঁলোকৰ উভয়েৰে প্ৰভেদতা সমাধান কৰিবলৈ তৰোৱাল বা পিস্তলৰে সম্মুখীন হয়। প্ৰায়ে দুজনৰ মাজৰ এজনৰ মৃত্যু হয় অথবা স্থায়ীভাৱে অক্ষম হৈ পৰে। যিসকলৰ ওচৰত সীমিত অস্ত্ৰ-শস্ত্ৰ আছে তেওঁলোকে প্ৰায়ে কটু বাক্যৰে কথোপকথন কৰে। যদিও এনে বাক-যুদ্ধত কোনো এজনৰ মৃত্যু নহয়, তথাপিও আক্ৰমণৰ ফলত আৱেগীক আৰু মান-মৰ্য্যদাৰ হানি হয়। এনে “যুদ্ধত” নিৰ্দোষীজনে ভুক্ত ভুগীবলগীয়া হয়।

উদাহৰণস্বৰূপে, কিছু বছৰৰ আগতে কি ঘটিছিল সেই বিষয়ে মন দিয়ক। ইংলেণ্ডৰ এজন যাজকে আন এজন যাজকক গীৰ্জাৰ ধন অপব্যয় কৰাৰ বাবে দায়ী কৰিছিল। তেওঁলোকৰ কন্দল ৰাজহুৱাভাৱে প্ৰকাশ পালে আৰু তেওঁলোকে কাৰ্য্য কৰা গীৰ্জাৰ লোকসকল সৰু সৰু সমূহত বিভক্ত হৈ পৰিল। যদি তেওঁলোকৰ বিৰোধী যাজকজনে গীৰ্জা পৰিচালিত কৰে, তেন্তে সদস্যসকলে গীৰ্জাৰ সভাত উপস্থিত হʼব নিবিচাৰে। গতিকে গীৰ্জাৰ সদস্যসকলৰ প্ৰতি সমবেদী হৈ তেওঁলোকে সিদ্ধান্ত লয় যে গীৰ্জাত উপাসনাৰ বাবে উপস্থিত থকাৰ সময়ত এজনে আনজনৰ মুখ নাচাব বা কথা নাপাতিব। যেতিয়া দোষী যাজকজনে যৌন অনৈতিক কাৰ্য্যৰ বাবেও জগৰীয়া হʼল তেতিয়া বিৰোধিতা অতিশয় বৃদ্ধি পালে।

কেন্টাৰবেৰীৰ আৰ্চ্চবিশ্বপে সেই দুজন যাজকৰ বিবাদক “এক কেন্সাৰ” আৰু “আমাৰ প্ৰভুৰ নাম নিন্দা” কৰা বুলি অভিযোগ কৰিলে। পৰিণামস্বৰূপে, এজন যাজকে ১৯৯৭ চনত অৱসৰ লʼবলৈ মান্তি হয় আৰু আনজনে আগষ্ট ৭, ২০০১ চন অৰ্থাৎ ৭০ বছৰ বয়সত অৱসৰপ্ৰাপ্ত হোৱালৈকে সেই পদত কাৰ্য্য কৰি থাকিল। দ্য চাৰ্চ অৱ ইংলেণ্ড নিউজ পেপাৰʼত এইদৰে কোৱা হয় যে যি দিনা তেওঁ অৱসৰপ্ৰাপ্ত হয়, সেই দিনা “চেইন্ট” ভিকট্ৰীকাচ্‌ʼৰ আনন্দোৎসৱৰ দিন আছিল। “চেইন্ট” ভিকট্ৰীকাচ্‌ কোন? তেওঁ চতুৰ্থ শতাব্দীৰ বিশ্বপ আছিল, যিজনে সৈনিক হৈ যুদ্ধত ভাগ লʼবলৈ অস্বীকাৰ কৰাৰ বাবে বহুবাৰ বেতেৰে কোব খাবলগীয়া হৈছিল। তেনে বিপৰীত মনোবৃত্তিৰ বিষয়ে লক্ষ্য কৰি সেই বাতৰিকাকতখনে এইদৰে কয়: “অৱসৰপ্ৰাপ্ত যাজকজনে যে আনজন যাজকৰ অহিতে যুঁজ নকৰিব বুলি তেনে কোনো আভাস পোৱা নাছিল।”

সেই যাজকসকলে ৰোমীয়া ১২:১৭, ১৮ পদত দিয়া পৰামৰ্শ পালন কৰি নিজকে আৰু আনক হানি কৰাৰ পৰা বিৰত থাকিব পাৰিলেহেঁতেন, যʼত এইদৰে কোৱা হৈছে: “অপকাৰৰ সলনি কাৰো অপকাৰ নকৰিবা; সকলো মানুহে দেখাতে যি উত্তম, তালৈ চিন্তা কৰা; যদি হব পাৰে, তেন্তে তোমালোকৰ সাধ্য অনুসাৰে সকলো মানুহে সৈতে মিলেৰে থাকিবা।”

যদি কোনোবাই আপোনাক অপমান কৰি বাক-যুদ্ধলৈ আহ্বান জনাই তেতিয়া আপুনি কেনেদৰে প্ৰতিক্ৰিয়া দেখুৱাব? বা আপুনি কোনো কটু বাক্য ব্যৱহাৰ নকৰি আনজনৰ সৈতে শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰিবনে? যদি আপুনি কোনো ব্যক্তিৰ অনিষ্ট কৰিলে, তেন্তে সেই ব্যক্তিজনৰ পৰা আঁতৰি থাকি সময়ৰ গতিত সমস্যাটো পাহৰি যাব বুলি আশা কৰেনে? অথবা তেওঁৰ ওচৰত ক্ষমা বিচাৰেনে? নিজে ক্ষমা বিচাৰা বা আনক ক্ষমা কৰি শান্তি বজাই ৰাখিবলৈ আপুনি কৰা চেষ্টাই আপোনাক আনন্দিত কৰিব। বাইবেলত দিয়া পৰামৰ্শসমূহ পালন কৰি দীৰ্ঘদিন ধৰি চলি অহা বিবাদকো অন্ত কৰিব পাৰি। এই বিষয়ে আমাৰ পিছৰ লেখটোত আলোচনা কৰা হৈছে। (w05 3/1)