Skip to content

Skip to table of contents

শান্তি বজাই ৰাখাৰ লাভসমূহ

শান্তি বজাই ৰাখাৰ লাভসমূহ

শান্তি বজাই ৰাখাৰ লাভসমূহ

 এডৱাৰ্ড মৃত্যুশৰ্য্যাত আছে আৰু বিলে তেওঁক অতিশয় ঘিণ কৰে। বিছ বছৰৰ পূৰ্বে এডৱাৰ্ডে লোৱা এক নিৰ্ণয়ৰ বাবে বিলে তেওঁৰ চাকৰি হেৰুৱাবলগীয়া হয় আৰু এইদৰে দুজনৰ মাজত থকা ঘনিষ্ঠ বন্ধুত্বৰ বান্ধোন চিঙি যায়। এতিয়া এডৱাৰ্ডে তেওঁ কৰা কাৰ্য্যৰ বাবে ক্ষমা বিচাৰিবলৈ চেষ্টা কৰিছে, যাতে তেওঁ শান্তিৰে মৰিব পাৰে। কিন্তু বিলে এডৱাৰ্ডৰ কোনো কথা শুনিবলৈ মান্তি নহয়।

প্ৰায় ৩০ বছৰৰ পিছত বিলে মৃত্যুশৰ্য্যাত থকাৰ সময়ত বৰ্ণনা কৰি কয় যে তেওঁ কিয় ক্ষমা নকৰিলে। “এডৱাৰ্ডে যি কৰিলে, তেনেদৰে নিজৰ নলে-গলে লগা বন্ধুৰ সৈতে কৰিব নালাগিছিল। বিছ বছৰৰ পিছত মই পুনৰ বন্ধুত্ব গঢ়ি তুলিব বিচাৰা নাছিলোঁ। . . . মোৰ হয়তো ভুল আছিল, কিন্তু মই তেনেদৰে অনুভৱ কৰোঁ।” a

সাধাৰণতে ব্যক্তিগত ভিন্নতাৰ বাবে কোনো এক শোকজনক ঘটনা নঘটে, কিন্তু সেইবোৰে লোকসকলক মানসিকভাৱে বেদনা দি আঘাত বা তিক্ত কৰাৰ বাবেহে তেনে হয়। এডৱাৰ্ডে কৰা কাৰ্য্যৰ দৰে মানসিকভাৱে আঘাত পোৱা কিছুমানৰ বিষয়ে বিবেচনা কৰক। এডৱাৰ্ডে লোৱা তেনে নিৰ্ণয়ৰ বাবে আনৰ অনিষ্ট হোৱা অনুভুতিয়ে তেনে এজন ব্যক্তিৰ অন্তকৰণ দোষী কৰিব পাৰে আৰু বিলৰ দৰে অন্তৰঙ্গ বন্ধু হেৰুৱাই অত্যন্ত বেজাৰ অনুভৱ কৰে। তদুপৰি তেওঁ কৰা কাৰ্য্যই কেনেকৈ অন্তৰঙ্গ বন্ধত্বক অৱৰ্জনাৰ দৰে দলিয়াই পেলালে, সেই বিষয়ে ভাবি মনত অধিক আঘাত পায়।

বিলৰ দৰে আঘাত পোৱাসকলে নিজকে নিৰ্দ্দোষী আৰু মনত গভীৰভাৱে তিক্ত আৰু ক্ষুণ্ণ অনুভৱ কৰিব পাৰে। তেওঁৰ মতে, পূৰ্বৰ বন্ধুজনে ইচ্ছাকৃতভাৱে অনিষ্ট কৰা বুলি অনুভৱ কৰে। প্ৰায়ে দুজন লোকৰ ব্যক্তিত্ব ভিন্নতাৰ ফলস্বৰূপে প্ৰত্যেকজনে নিশ্চিত হয় যে এজনে উচিত আৰু আনজনে সকলো অনুচিতৰ বাবে দায়ী বুলি ভাবে। এইদৰে পূৰ্বৰ দুজন অন্তৰঙ্গ বন্ধুয়ে ইজনে সিজনৰ সৈতে লাক্ষণিক যুদ্ধত জড়িত হৈ পৰে।

তেওঁলোকে শব্দহীন অহিলাৰ সৈতে যুদ্ধ, অৰ্থাৎ এজনে আনজনক যেতিয়া দেখে তেতিয়া নিজৰ মুখ বিপৰীতফালে ঘূৰাই দিয়ে আৰু কোনো সমূহত একত্ৰিত হোৱাৰ সময়ত এজনে আনজনৰ পৰা আঁতৰি থাকে। আঁতৰৰ পৰা এজনে আনজনক অবন্ধুত্ব আৰু ঘৃণাভৰা চকুৰে লক্ষ্য কৰে। তদুপৰি যেতিয়া তেওঁলোকে কথোপকোথন হয় তেতিয়া পৰস্পৰে ইজনে সিজনক অপমান কৰি তেনে বাক্য ব্যৱহাৰ কৰে যি এখন অতি ধৰাল কটাৰীৰ দৰে।

তেওঁলোক যদিও ইজনে সিজনৰ বিপৰীত, তথাপিও কিছুমান বিষয়ত একমত হয়। তেওঁলোকে হয়তো অনুভৱ কৰে যে তেওঁলোকৰ মাজত এক গুৰুত্বৰ সমস্যা উৎপন্ন হৈছে আৰু যিয়ে তেওঁলোকৰ বন্ধুত্ব ভাঙি দুখী কৰি তুলিছে। তেনে অৱস্থাত প্ৰত্যেকজনে মনোকষ্ট ভোগে আৰু জানে যে সমস্যাটো সমাধান কৰিবলৈ নিশ্চয়ে কিবা কৰা আৱশ্যক। কিন্তু ভাঙি যোৱা সম্বন্ধক ঠিক কৰি শান্তি স্থাপন কৰিবলৈ কোনে প্ৰথম আগবাঢ়ি আহিব? এই বিষয়ে কোনেও ইচ্ছাকৃত নহয়।

দুহেজাৰ বছৰৰ পূৰ্বে যীচুৰ কিছুমান শিষ্যই কেতিয়াবা ক্ৰোধীত হৈ নিজৰ মাজতে বাদ-বিবাদ কৰিছিল। (মাৰ্ক ১০:৩৫-৪১; লূক ৯:৪৬; ২২:২৪) তেওঁলোকে ক্ৰোধীত হৈ তৰ্ক-বিতৰ্ক কৰাৰ পিছত যীচুৱে তেওঁলোকক এইদৰে প্ৰশ্ন কৰিছিল: “তোমালোকে বাটত কি কোৱা-মেলা কৰিছিলা?” তেওঁলোকে লজ্জিত হৈ কোনো এজনেও উত্তৰ নিদিলে। (মাৰ্ক ৯:৩৩, ৩৪) যীচুৰ শিক্ষাই তেওঁলোকৰ মাজত পুনৰাই ভাল সম্বন্ধ স্থাপন কৰিলে। যীচু আৰু কিছুমান পাঁচনিয়ে দিয়া পৰামৰ্শই একেৰাহে বহুতকে তেওঁলোকৰ ভাঙি যোৱা বন্ধুত্বক পুনৰাই গঢ়ি তুলিছে। সেইটো কেনেকৈ সম্ভৱ, আঁহক আমি এই বিষয়ে আলোচনা কৰোঁহক।

শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰা

“মই সেই ব্যক্তিজনৰ সৈতে কোনো কথা পাতিব নিবিচাৰোঁ। মই তাইৰ মুখ চাব নিবিচাৰোঁ।” যদি আপুনি কোনোবা এজনৰ বিষয়ে এইদৰে কৈছে, তেনেহʼলে অনতিপলমে বাইবেলত উল্লেখ কৰা পৰামৰ্শৰ অনুসাৰে কাৰ্য্য কৰা উচিত।

যীচুৱে এইদৰে কৈছিল: “এই হেতুকে বেদিত তোমাৰ নৈবেদ্য উৎসৰ্গ কৰোঁতে, তোমাৰ বিৰুদ্ধে তোমাৰ ভায়েৰাৰ কোনো কথা আছে বুলি যদি তোমাৰ মনত পৰে, তেন্তে তাতে বেদিৰ আগত তোমাৰ নৈবেদ্য এৰি থৈ যোৱা, তোমাৰ ভায়েৰাই সৈতে প্ৰথমে মিল হোৱা, পাছে আহি তোমাৰ নৈবেদ্য উৎসৰ্গ কৰা।” (মথি ৫:২৩, ২৪) তদুপৰি তেওঁ এইদৰে কৈছিল: “তোমাৰ ভায়েৰাই যদি তোমাৰ অহিতে অপৰাধ কৰে, তেন্তে তুমি গৈ, তেওঁ অকলে থাকোঁতে তেওঁক অনুযোগ কৰিবা।” (মথি ১৮:১৫) আপুনি কোনোবা এজনক ব্যাঘাত জন্মাই বা কোনোবা এজনে আপোনাক ব্যাঘাত জন্মাই, এই বিষয়ে যীচুৰ বাক্যই উল্লেখ কৰিছে যে আপুনি সেই সমস্যাটোৰ বিষয়ে কোনো পলম নকৰাকৈ আনজনৰ সৈতে কথোপকথন কৰিবলৈ প্ৰথমে আগবাঢ়ি যোৱা উচিত। আপুনি তেনে কথোপকথন “মৃদুশীল আত্মাৰে” কৰা আৱশ্যক। (গালাতীয়া ৬:১) আপোনাৰ তেনে কথোপকথন, আপুনি আনক কেনে দৃষ্টিৰে লক্ষ্য কৰে সেই বিষয়ে কোনো অজুহাত দেখুৱাবলৈ বা আনক ক্ষমা বিচাৰিবলৈ বাধ্য কৰিবলৈ নহয়, কিন্তু শান্তি স্থাপন কৰিবলৈহে কৰা উচিত। বাইবেলৰ পৰামৰ্শবোৰ কাৰ্য্যকাৰী নে?

আৰ্নেষ্ট্‌ এখন ডাঙৰ কাৰ্য্যালয়ৰ কৰ্ম্মপৰিদৰ্শক। b বহু বছৰ ধৰি তেওঁ সকলো প্ৰকাৰৰ ব্যক্তিৰ সৈতে স্পৰ্শকাতৰ বিষয়বোৰত সুকলমে কাৰ্য্য কৰি তেওঁলোকৰ সৈতে উত্তম সম্বন্ধ বজাই ৰাখিছে। তেওঁ লক্ষ্য কৰিব পাৰিছিল যে কিমান সহজে ব্যক্তিগত বিবাদ সৃষ্টি হʼব পাৰে। এই বিষয়ে তেওঁ এইদৰে কয়: “সময়ে সময়ে আনৰ সৈতে মোৰ মতবিৰোধ হৈছিল। কিন্তু যেতিয়া তেনে হয়, মই কোনো পলম নকৰাকৈ সেই ব্যক্তিজনৰ সৈতে সমস্যাটোৰ বিষয়ে আলোচনা কৰোঁ। পোনপটীয়াকৈ তেওঁলোকৰ লগত কথোপকথন কৰি শান্তি বজাই ৰখাটোৱে হৈছে মোৰ প্ৰধান লক্ষ্য। তেনে কৰাৰ দ্বাৰা কাৰ্য্যকাৰীৰূপে শান্তি স্থাপন কৰাত কেতিয়াও বিফল নহয়।”

এলীচিয়াৰ ভিন্ন পৃষ্ঠভূমিৰ পৰা অহা বহুতো বান্ধৱী আছে। তাই এইদৰে কয়: “কেতিয়াবা মই কোনো কথা কওঁ আৰু পাছলৈ অনুভৱ কৰোঁ যে মই কোনোবা এজনক অসন্তুষ্ট কৰিলোঁ। মই সেই ব্যক্তিজনৰ ওচৰত গৈ ক্ষমা বিচাৰোঁ। মই প্ৰায়ে ক্ষমা বিচাৰোঁ যাতে আন কোনো ব্যক্তিয়ে বিতুষ্ট নহয়, তেনে কৰাৰ বাবে মোৰ মনটো ভাল লাগে। কিয়নো মই জানো যে তেনে কৰাৰ বাবে আমাৰ দুজনৰ মাজত কোনো ভুল বুজা-বুজি নাথাকিব।”

বিঘিনিবোৰ আঁতৰ কৰা

ব্যক্তিগত বিবাদত শান্তি স্থাপন কৰোঁতে বিঘিনিবোৰে প্ৰায়ে বাটৰ কাঁইতৰূপে দেখা দিয়ে। আপুনি কেতিয়াবা এইদৰে কৈছেনে: “শান্তি স্থাপন কৰিবলৈ মই কিয় প্ৰথমে আগবাঢ়ি যাম? তেওঁহে সমস্যাটো সৃষ্টি কৰিলে।” বা আপুনি কেতিয়াবা সমস্যাবোৰক সমাধান কৰিবলৈ কোনোবা এজনৰ ওচৰলৈ গৈছেনে যিজনে এইদৰে কয়: “আপোনাৰ অহিতে মই কʼবলগীয়া একো নাই”? দৰাচলতে কিছুমানে মানসিকভাৱে আঘাত পোৱাৰ বাবে তেনেদৰে প্ৰতিক্ৰিয়া দেখুৱাই। এই বিষয়ে হিতোপদেশ ১৮:১৯ পদত এইদৰে কৈছে: “দৃঢ় নগৰ জয় কৰাত্‌কৈ, অপকাৰত বিৰক্ত পোৱা ভায়েকক পুনৰায় শান্ত কৰা টান; এনে বিবাদ কোঁঠৰ ডাংস্বৰূপ।” গতিকে আন ব্যক্তিৰ অনুভূতিৰ বিষয়েও মনত ৰাখা উচিত। যদি তেওঁ আপোনাৰ সৈতে কথা শুনিবলৈ মান্তি নহয়, তেন্তে ধৰ্য্য নেহেৰুৱাব। কিছু সময় অপেক্ষা কৰি পুনৰাই চেষ্টা কৰক। তেতিয়া হয়তো “দৃঢ় নগৰ” মুকলি হʼব আৰু “ডাংস্বৰূপে” বিঘিনিবোৰ আতৰি গৈ পুনৰ মিলন হʼব পাৰে।

শান্তি স্থাপন কৰাৰ আন এক বাধা হৈছে এজন ব্যক্তিয়ে হয়তো নিজৰ আত্মসন্মান হেৰুৱা লাগিব বুলি ভাবিব পাৰে। কিছুমান ব্যক্তিৰ বাবে ক্ষমা বিচৰা বা বিৰোধী পক্ষৰ সৈতে কথোপকথন কৰাটো মানহানিৰ কাৰণ বুলি ভাবে। আত্মসন্মানৰ বিষয়ে বিবেচনা কৰাটো সঠিক, কিন্তু শান্তি স্থাপন কৰি এজন ব্যক্তিয়ে নিজৰ আত্মসন্মান ৰক্ষা কৰেনে নতুবা ইয়াক হানি কৰে? আমি তেনে ধৰণৰ আত্মসন্মান ৰক্ষা কৰাটো এক অহঙ্কাৰৰ কাৰণ নহয়নে?

বাইবেল লিখক যাকোবে বিবাদপ্ৰিয় মনোবৃত্তি আৰু অহঙ্কাৰৰ মাজত এক সম্পৰ্ক আছে বুলি দাঙি ধৰিছে। কিয়নো এজন খ্ৰীষ্টান ব্যক্তিয়ে নিজে কৰা “ৰণ-যুদ্ধ” আৰু ‘বিৰোধৰ’ বাবে তেওঁ হয়তো এইদৰে কʼব পাৰে: “ঈশ্বৰ অহঙ্কাৰীবিলাকৰ বিপক্ষ হয়, কিন্তু নম্ৰবিলাকক তেওঁ অনুগ্ৰহ দান কৰে।” (যাকোব ৪:১-৩,) শান্তি স্থাপন কৰাত অভিমান বা অহঙ্কাৰে কেনেকৈ বাধা জন্মাব পাৰে?

অহঙ্কাৰে লোকবিলাক প্ৰবঞ্চিত কৰি বিশ্বাস জন্মাই যে তেওঁলোক আনতকৈ উত্তম। অহঙ্কাৰী ব্যক্তিয়ে ভাবে যে আনৰ নৈতিকতাৰ বিষয়ে বিচাৰ কৰিবলৈ তেওঁলোকৰ অধিকাৰ আছে। কি প্ৰকাৰে? যেতিয়া কোনো বিবাদ হয় তেতিয়া তেনেলোকে প্ৰায়ে ভাবে যে বিপৰীত ব্যক্তিজন কেতিয়াও সলনি নহʼব আৰু সেয়েহে পৰিস্থিতিৰ উন্নতি হোৱাৰ কোনো আশা নাই। অহঙ্কাৰে কিছুমান লোকক নিজৰ জাতি বা ভাষাৰ নোহোৱাৰ বাবে আন দৃষ্টিৰে লক্ষ্য কৰে আৰু সেয়েহে তেওঁলোক ক্ষমাৰ যোগ্য নহয় বুলি বিবেচনা কৰে। এতেকে যিসকলে অহঙ্কাৰৰ দ্বাৰা পৰিচালিত হয় তেওঁলোকে সমস্যাটো সঠিকমতে সমাধান হোৱাৰ পৰিৱৰ্তে একেৰাহে বিবাদমূলক হৈ থাকে।

যিদৰে ৰাজপথত লগোৱা অৱৰোধ বান্ধে যান-বাহনৰ বাবে অসুবিধা সৃষ্টি কৰে, ঠিক তেনেদৰে অহঙ্কাৰে শান্তি স্থাপন কৰাৰ পথত বাধাৰ সৃষ্টি কৰে। গতিকে আপুনি যদি কোনোবা এজনৰ সৈতে শান্তি স্থাপন কৰিবলৈ চেষ্টা কৰিছে, তেন্তে সৰ্ব্বপ্ৰথমে আপুনি নিজৰ অহঙ্কাৰ মনোবৃত্তিৰ সৈতে যুঁজ কৰা আৱশ্যক। আপুনি কেনেকৈ অহঙ্কাৰ মনোবৃত্তিক আঁতৰ কৰিব পাৰে? নম্ৰতা বিকশিত কৰাৰ দ্বাৰা কৰিব পাৰে।

অহঙ্কাৰৰ বিপৰীতে কাৰ্য্য কৰা

বাইবেলত নম্ৰতা গুণটোক অধিককৈ মান্যতা দিয়া হৈছে। কিয়নো “ধন, সন্মান, আৰু জীৱন, নম্ৰতাৰ, আৰু যিহোৱালৈ ৰখা ভয়ৰ ফল।” (হিতোপদেশ ২২:৪) সেয়েহে গীত ১৩৮:৬ পদত আমি অহঙ্কাৰী আৰু নম্ৰ ব্যক্তিসকলৰ বিষয়ে ঈশ্বৰে ৰখা দৃষ্টিভঙ্গীৰ বিষয়ে এইদৰে পঢ়িবলৈ পাওঁ: “যদিও যিহোৱা উন্নত, তথাপি তেওঁ নম্ৰ লোকলৈ দৃষ্টি কৰে; কিন্তু তেওঁ অহঙ্কাৰী লোকক দূৰৈৰ পৰা জানে।”

বহুতো লোকে নম্ৰতা গুণটোক অপমানৰ সৈতে সমীকৰণ কৰে। জগতৰ শাসকসকলেও একেইদৰে অনুভৱ কৰে। যদিও সমস্ত জাতিবোৰে তেওঁলোকৰ ইচ্ছাৰ বশীভূত হয়, তথাপিও শাসকসকলে নম্ৰতাৰে নিজৰ ভুল স্বীকাৰ কৰিবলৈ সাহস নকৰে। এজন শাসকে “মই দুখিত” বুলি কোৱা কথাষাৰ বাস্তৱতে বাতৰিত প্ৰকাশ পাবলগীয়া। সেয়েহে যেতিয়া এজন ভূতপূৰ্ব চৰকাৰী কাৰ্য্যকৰ্ত্তাই অলপতে ধ্বংসাত্মক ঘটনাৰ বাবে হোৱা বিফলতাৰ বিষয়ে ক্ষমা প্ৰাৰ্থনা কৰে আৰু তেওঁ কোৱা বাক্যবোৰ বাতৰিকাকতৰ প্ৰথম পৃষ্ঠাত ডাঙৰ আখৰত প্ৰকাশ পায়।

লক্ষ্য কৰক যে অভিধানে কেনেকৈ নম্ৰতা গুণটোৰ অৰ্থ ভাঙণি কৰিছে: “নম্ৰ হোৱা বা এজনে নিজকে অবনমিত কৰা . . . এই গুণটো হৈছে অহঙ্কাৰৰ বিপৰীত।” গতিকে নম্ৰ হোৱাটো আনে কেনে মতামত ৰাখে তাৰ ওপৰত নহয়, কিন্তু এজন ব্যক্তিয়ে নিজেই ৰাখা দৃষ্টিৰ ওপৰত আধাৰিত বুলি বৰ্ণনা কৰিছে। নম্ৰ হৈ নিজৰ দোষ স্বীকাৰ কৰি ক্ষমা বিচৰাটোৱে এজন ব্যক্তিক অপদস্থ নকৰে; ইয়াৰ পৰিৱৰ্তে ব্যক্তিজনৰ সন্মান বৃদ্ধি পায়। বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “বিনাশৰ পূৰ্ব্বে মানুহৰ মন অহঙ্কাৰী হয়, আৰু নম্ৰতা সন্মানৰ আগত যাওঁতা।”—হিতোপদেশ ১৮:১২.

নিজৰ ভুলৰ বাবে ক্ষমা নিবিচৰা ৰাজনৈতিজ্ঞসকলৰ বিষয়ে এজন প্ৰবক্তাই এইদৰে কয়: “দুৰ্ভাগ্যৰ বিষয় এই যে তেওঁলোকে তেনে ভুলবোৰক দুৰ্ব্বলতাৰ এক বিষয় যেন জ্ঞান কৰে। দুৰ্ব্বল আৰু অনিশ্চিত লোকবিলাকে কাৎচিতহে ‘মোৰ ভুল হʼল’ বুলি কোৱাটো শুনিবলৈ পোৱা যায়। বহল হৃদয় আৰু সাহসী লোকেহে ‘মোৰ ভুল হʼল বুলি কৈ নিজকে অগুৰুত্বপূৰ্ণ বুলি নাভাবে।” যিসকলে শাসক নহয় তেওঁলোকৰ ক্ষেত্ৰতো একেইদৰে সঁচা হয়। যদি আপুনি অহঙ্কাৰৰ সলনি নম্ৰ হয়, তেন্তে শান্তি বজাই ৰাখিব পাৰিব আৰু ব্যক্তিগত বিবাদবোৰো আঁতৰ হʼব। লক্ষ্য কৰক যে কেনেকৈ এটা পৰিয়ালে এই সত্যতাক বিচাৰি পালে।

এটা ভুল বুজা-বুজিৰ বাবে জুলিয়া আৰু উইলিয়াম নামৰ ভায়েক-ভনীয়েকৰ মাজত সমস্যা উৎপন্ন হয়। উইলিয়ামে ইমানেই ক্ৰোধিত হয় যে তেওঁ নিজৰ ভনীয়েক আৰু ভনী-জোৱায়েক জোচেফৰ সৈতে সম্বন্ধ ছেদ কৰে। আনকি তেওঁ জুলিয়া আৰু তেওঁৰ স্বামীয়ে দিয়া উপহাৰবোৰো উভটাই দিয়ে। যেনেকৈ মাহবোৰ বাগৰিব ধৰিলে ভায়েক-ভনীয়েকৰ মাজত এটা সময়ত থকা নিবিড় সম্বন্ধ অধিক বেদনাদায়কলৈ পৰিণত হʼল।

জোচেফে মথি ৫:২৩, ২৪ পদত দিয়া পৰামৰ্শটোৰ অনুসাৰে কাৰ্য্য কৰিবলৈ সিদ্ধান্ত ললে। তেওঁ নম্ৰতাৰে উইলিয়ামক অসন্তুষ্টি কৰাৰ বাবে ক্ষমা বিচাৰি ব্যক্তিগতভাৱে পত্ৰ লিখিলে। তদুপৰি নিজৰ পত্নী অৰ্থাৎ জুলিয়াকো নিজৰ ভায়েকক ক্ষমা কৰিবলৈ উৎসাহিত কৰিলে। এটা সময়ত উইলিয়ামে লক্ষ্য কৰিব পাৰিলে যে তেওঁৰ ভনীয়েক আৰু ভনী-জোঁৱায়েকে শান্তি স্থাপন কৰিবলৈ ইচ্ছা কৰিছে, তেতিয়া তেওঁৰ মনোবৃত্তি সলনি হʼল। উইলিয়াম আৰু তেওঁৰ পত্নীয়ে আহি জুলিয়া আৰু জোচেফক সাক্ষাৎ কৰি ইজনে সিজনৰ পৰা ক্ষমা বিচাৰিলে আৰু স্নেহেৰে অলিঙ্গন কৰিলে। তদুপৰি তেওঁলোকৰ মাজত থকা বন্ধুত্ব পুনৰাই স্থাপন হʼল।

যদি আপুনি কোনোবা এজনৰ সৈতে থকা বহুদিনীয়া বিবাদ সমাপ্তি কৰিবলৈ বিচাৰিছে, তেন্তে ধৈৰ্য্যেৰে বাইবেলৰ পৰামৰ্শবোৰ পালন কৰি সেই ব্যক্তিজনৰ সৈতে শান্তি স্থাপন কৰক। যিহোৱা ঈশ্বৰে অৱশ্যেই আপোনাক সহায় কৰিব। যিহোৱা ঈশ্বৰে প্ৰাচীন ইস্ৰায়েলসকলক যি কৈছিল সেয়া আপোনাৰ ক্ষেত্ৰতো সঁচা প্ৰমাণিত হʼব, যʼত তেওঁ এইদৰে কৈছিল: “অহ, তুমি মোৰ আজ্ঞাত মন দিয়া হলে, কেনে ভাল আছিল! দিয়া তোমাৰ শান্তি নদীৰ নিচিনা, আৰু তোমাৰ ধাৰ্ম্মিকতা সমুদ্ৰৰ ঢৌৰ নিচিনা হলহেঁতেন।”—যিচয়া ৪৮:১৮. (w05 3/1)

[ফুটনোটবোৰ]

a ষ্টেনলী ক্লাউদ আৰু লীন অলʼশ্বন নামৰ লিখক আৰু লিখিকাই লিখা দ্য মʼৰো বইজ্‌—পাইনেয়াৰচ্‌ অন দ্য ফ্ৰন্ট লাইনচ্‌ অৱ ব্ৰডকাষ্ট জাৰনেলিজম্‌ নামৰ আলোচনীৰ ওপৰত আধাৰিত।

b আচল নামৰ পৰিৱৰ্তে ছদ্মনাম ব্যৱহাৰ কৰা হৈছে।

[৭ পৃষ্ঠাৰ ছবিসমূহ]

ক্ষমা খোজাৰ ফলস্বৰূপে প্ৰায়ে শান্তিপূৰ্ণ সম্বন্ধ স্থাপন হয়