Skip to content

Skip to table of contents

ৰূথ কিতাপৰ আলোকপাত

ৰূথ কিতাপৰ আলোকপাত

যিহোৱাৰ বাক্য জীয়া

ৰূথ কিতাপৰ আলোকপাত

ইয়াত দুগৰাকী মহিলাৰ হৃদয়স্পৰ্ষী আনুগত্যৰ বিষয়ে সুন্দৰকৈ বৰ্ণনা কৰা হৈছে। এই বৃতান্তই যিহোৱা ঈশ্বৰ আৰু তেওঁৰ ব্যৱস্থাৰ ওপৰত ৰাখা ভাৰসাৰ বিষয়ে গভীৰ মূল্যাঙ্কন দেখুৱা হৈছে। বৃতান্তত বৰ্ণনা কৰা কাহিনীত যিহোৱা ঈশ্বৰে মচীহ বংশত উৎপন্ন হʼবলগীয়া সকলৰ প্ৰতি দেখুৱা আন্তৰিক আগ্ৰহকতাৰ বিষয়ে প্ৰকাশ পাইছে। ইয়াত এটা পৰিয়ালৰ আনন্দ আৰু দুখৰ সময়ছোৱাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। বাইবেলৰ এই ৰূথ কিতাপত ইয়াৰ উপৰিও আন বৈশিষ্ট্যবোৰৰ বিষয়ে ব্যাখ্যা কৰা হৈছে।

ইস্ৰায়েলত “বিচাৰকৰ্ত্তাবিলাকে শাসন কৰা কালত” ৰূথ কিতাপখন লিখা আৰম্ভ আৰু সমাপ্তিলৈ প্ৰায় ১১ বছৰ সময় লাগিল। (ৰূথ ১:১) ইয়াত লিপিবদ্ধ কৰা ঘটনাবোৰ নিশ্চয়ে বিচাৰকৰ্ত্তাবিলাকে শাসন কৰা সময়ছোৱাৰ আৰম্ভণিতে ঘটিছিল। কিয়নো জমিদাৰ বোৱজ এই কিতাপৰ মুখ্য পাত্ৰ আৰু তেওঁ যিহোচূৱাৰ দিনৰ ৰাহাবৰ পুতেক আছিল। (যিহোচূৱা ২:১, ২; ৰূথ ২:১; মথি ১:৫) এই বৃতান্ত সম্ভৱতঃ সা.যু.পূ. ১০৯০ চনত চমূৱেল ভৱিষ্যতবক্তাই লিখিছিল। একমাত্ৰ এই কিতাপখনতে অইস্ৰায়েলী স্ত্ৰীৰ নাম উল্লেখ কৰা হৈছে। ইয়াত পোৱা বাৰ্ত্তা বাস্তৱতে “জীয়া, কাৰ্য্য-সাধক।”—ইব্ৰী ৪:১২.

“আপুনি যʼলৈকে যাই মইও তʼলৈকে যাম”

(ৰূথ ১:১-২:২৩)

নয়মী আৰু ৰূথ বৈৎলেহমত উপস্থিত হোৱাত তেওঁলোকৰ প্ৰতি সকলোৱে আগ্ৰহী আৰু মনোযোগ দিলে। সেই দুগৰাকী স্ত্ৰীৰ বৃদ্ধা গৰাকীলৈ নিৰ্দ্দেশিত কৰি চহৰৰ নিবাসীবিলাকে এইদৰে কʼবলৈ ধৰিলে: “এৱেই নয়মী নে?” তাতে নয়মীয়ে কʼলে: “মোক নয়মী বুলি নামাতিবা, কিন্তু মাৰা বুলি মাতিবা। . . . মই পৰিপূৰ্ণ হৈ গৈছিলোঁ; কিন্তু এতিয়া যিহোৱাই মোক শুধা-হাতে ওলোটাই আনিলে।”—ৰূথ ১:১৯-২১.

যেতিয়া ইস্ৰায়েলত আকাল দেখা দিছিল তেতিয়া নয়মীৰ পৰিয়ালে বৈৎলেহমৰ পৰা মোৱাব দেশলৈ গুচি গৈছিল, স্বামী আৰু দুজন পুতেকৰ সৈতে নয়মী “পৰিপূৰ্ণ” আছিল। মোৱাবত বসতি কৰিবলৈ লোৱা কিছুসময়ৰ পিছত, নয়মীৰ স্বামী ইলীমেলক ঢুকাল। পিছলৈ নয়মীৰ দুজন পুতেকে অৰ্পা আৰু ৰূথ নামৰ দুজনী মোৱাবীয়া ছোৱালী বিয়া কৰে। প্ৰায় দহ বছৰৰ পিছত নয়মীৰ দুজন পুতকে কোনো সন্তান উৎপন্ন নকৰাকৈ মৃত্যু হয় আৰু তিনিওগৰাকী স্ত্ৰী অকলশৰীয়া হৈ পৰে। তেতিয়া নয়মীয়ে বোৱাৰীয়েক দুজনীৰ সৈতে যিহূদালৈ উভটি যাবলৈ নিৰ্ণয় ললে। বাটত নয়মীয়ে দুজনী বোৱাৰীয়েক তেওঁলোকৰ দেশ মোৱাবলৈ উলটি যাবলৈ আৰু পুনৰাই নিজৰ লোকৰ সৈতে বিয়া হʼবলৈ আগ্ৰহ কৰে। অৰ্পাই যদিও নয়মীৰ কথা মানি লয়, কিন্তু ৰূথে নয়মীক এৰি যাবলৈ মান্তি নহʼল আৰু তাই এইদৰে কʼলে: “আপুনি যʼলৈকে যাই, মইও তʼলৈকে যাম, আৰু আপুনি যʼত থাকিব, মইও তʼতে থাকিম, আপোনাৰ লোকেই মোৰ লোক, আৰু আপোনাৰ ঈশ্বৰেই মোৰো ঈশ্বৰ হব।”—ৰূথ ১:১৬.

সেই দুগৰাকী বিধৱা স্ত্ৰী বৈৎলেহমত উপস্থিত হয় আৰু সেই সময়ত তাত যৱ ধান দাবলৈ আৰম্ভ হৈছিল। যিহোৱা ঈশ্বৰে নিজৰ ব্যৱস্থাৰ দ্বাৰা কৰা প্ৰবন্ধৰ সুবিধা গ্ৰহণ কৰি ৰূথে পথাৰলৈ গৈ শস্য গোটাব ধৰে আৰু ঘটনাক্ৰমে সেই মাটিডোখৰ নয়মীৰ স্বামী ইলীমেলকৰ গোষ্ঠীৰ মাজৰ বয়সীয়াল বোৱাজ নামৰ এজন ভদ্ৰ ব্যক্তিৰ আছিল। ৰূথে বোৱজৰ অনুগ্ৰহ পায় “যৱ আৰু ঘেঁহু ধান দাই নেটায়মানলৈকে” ধান গোটালে।—ৰূথ ২:২২.

শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:

১:৮—নয়মীয়ে তেওঁৰ দুগৰাকী বোৱাৰীয়েকক তেওঁলোকৰ নিজ নিজ পিতৃৰ ঘৰলৈ লৈ উভটি যাবলৈ কোৱাৰ পৰিৱৰ্তে কিয় “নিজ নিজ মাৰাৰ ঘৰলৈ উলটি” যাবলৈ কৈছিল? সেই সময়লৈকে অৰ্পাৰ পিতৃ জীৱিত আছিল নে নাই সেই বিষয়ে কোনো বৰ্ণনা পোৱা নাযায়। কিন্তু ৰূথৰ পিতৃ তেতিয়াও জীৱিত আছিল। (ৰূথ ২:১১) তথাপিও নয়মীয়ে মাকৰ ঘৰ বুলি উল্লেখ কৰাত তেওঁ হয়তো মাকে অৰ্পা আৰু ৰূথক মাকৰ মৰম দিয়াৰ বিষয়ে ভাবিছিল। কিয়নো মাকৰ মৰমে হয়তো বোৱাৰীয়েকসকলক তেওঁলোকৰ মৰমীয়াল শাশুৱেকৰ পৰা আঁতৰি যোৱাৰ দুখৰ পৰা ৰেহাই দিব পাৰিলেহেঁতেন। তদুপৰি এই উক্তিৰ পৰা এইটোও আভাস পোৱা যায় যে নয়মীৰ দৰে অৰ্পা আৰু ৰূথৰ মাকহঁতৰ ভাল ঘৰ আছিল।

১:১৩, ২১—যিহোৱা ঈশ্বৰে নয়মীৰ জীৱনটোক তিক্ত আৰু দুৰ্দশাগ্ৰস্ত কৰি তুলিছিলনে? অৱশ্যেই নহয়। কিয়নো ঈশ্বৰে তেওঁৰ সৈতে কোনো বেয়া কৰা বুলি নয়মীয়ে অভিযোগ দিয়া নাছিল। যিহেতু নয়মীৰ সৈতে যি ঘটিল, তাৰ বাবে যিহোৱা ঈশ্বৰে তেওঁৰ অহিত আছে বুলি ভাবিছিল। সেয়েহে নয়মীয়ে তিক্ত আৰু নিৰাশা হৈ পৰিছিল। তদুপৰি সেই সময়ত গৰ্ভজাত সন্তানক ঈশ্বৰৰ আশীৰ্ব্বাদ আৰু নিঃসন্তানসকলক শাও পোৱা বুলি গণ্য কৰা হৈছিল। কোনো নাতি নোহোৱা আৰু দুজন পুতেকৰ মৃত্যু হোৱাৰ বাবে নয়মীয়ে ভাবিছিল যে যিহোৱাই তাইক অপমান কৰিলে।

২:১২—ৰূথে যিহোৱাৰ পৰা কেনেদৰে “সম্পূৰ্ণকৈ পুৰষ্কাৰ” ফল পালে? ৰূথে এক পুত্ৰ সন্তান জন্ম দিলে আৰু ইতিহাসত সকলোতকৈ গুৰুত্বপূৰ্ণ বংশ অৰ্থাৎ যীচু খ্ৰীষ্ট আহিবলগা বংশৰ সৈতে জড়িত হʼবলৈ বিশেষাধিকাৰ লাভ কৰিলে।—ৰূথ ৪:১৩-১৭; মথি ১:৫, ১৬.

আমাৰ বাবে শিক্ষামূলক পাঠ:

১:৮; ২:২০. নয়মীয়ে শোকজনক ঘটনাৰ সম্মুখীন হোৱাৰ স্বত্ত্বেও যিহোৱা ঈশ্বৰৰ অনুগ্ৰহৰ ওপৰত সম্পূৰ্ণকৈ ভাৰসা ৰাখিছিল। গতিকে আমিও বিশেষকৈ অত্যন্ত পৰীক্ষাৰ সম্মুখীন হোৱাৰ সময়ত নয়মীৰ আৰ্হিক অনুকৰণ কৰা উচিত।

১:৯. এখন গৃহ পৰিয়ালৰ থকা-মেলা আৰু খোৱা-বোৱাৰে স্থান হোৱা উচিত নহয়। ই এখন শান্তি আৰু শান্ত্বনাৰ স্থান হোৱা উচিত।

১:১৪-১৬. অৰ্পাই “নিজ লোকবিলাকৰ আৰু নিজ দেৱতাৰ গুৰিলৈ উলটি” গʼল। কিন্তু ৰূথে নয়মীক কোনোপধ্যেই এৰি নগʼল। ৰূথে নিজৰ দেশলৈ ঘূৰি গৈ আৰাম আৰু নিৰপত্তাৰে জীৱন নিৰ্বাহ কৰাৰ পৰিৱৰ্তে যিহোৱাৰ প্ৰতি বিশ্বাসী হৈ থাকিল। ঈশ্বৰৰ প্ৰতি আনুগত্য প্ৰেম আৰু স্বাৰ্থত্যাগ মনোবৃত্তি ৰাখাৰ দ্বাৰা আমি স্বাৰ্থপৰ অভিলাষত পৰি ‘সৰ্ব্বনাশলৈ হোঁহকি’ যোৱাৰ পৰা ৰক্ষা পাম।—ইব্ৰী ১০:৩৯.

২:২. পীড়িত আৰু বিদেশীসকলৰ বাবে ঈশ্বৰে মুঠিৰ মাজৰ পৰা পৰি থকা থোকবোৰ বুটলিবলৈ কৰা ব্যৱস্থাৰ পৰা ৰূথে লাভৱান হʼবলৈ বিচাৰিছিল। কিয়নো তাই এগৰাকী অতি নম্ৰ ব্যক্তি আছিল। একেইদৰে আৱশ্যক থকা খ্ৰীষ্টান ব্যক্তিয়ে সঙ্গী ভাই-ভনীসকলৰ প্ৰেমপূৰ্বক সাহায্য বা চৰকাৰৰ পৰা পোৱা লাভসমূহৰ বাবে অহঙ্কাৰী হোৱা উচিত নহয়।

২:৭. শস্য বুটলিবলৈ অধিকাৰ থকাৰ স্বত্ত্বেও ৰূথে তেনে কৰিবলৈ অনুমতি বিচাৰিছিল। (লেবীয়া পুস্তক ১৯:৯, ১০) তেনে কৰাৰ দ্বাৰা ৰূথে নম্ৰ হোৱাৰ পৰিচয় দিলে। গতিকে আমিও “নম্ৰতা বিচাৰা” আৱশ্যক, কিয়নো “নম্ৰবিলাক পৃথিবীৰ অধিকাৰী হব, আৰু প্ৰচুৰ শান্তিত হৰ্ষিত হব।”—চফনিয়া ২:৩; গীত ৩৭:১১.

২:১১. ৰূথ নয়মীৰ সম্বন্ধীয়া হোৱাতকৈ অধিক কিছু আছিল। তাই নয়মীৰ প্ৰকৃত বান্ধৱীও আছিল। (হিতোপদেশ ১৭:১৭) প্ৰেম, বিশ্বস্ততা, আৱেগপূৰ্ণ, দয়া আৰু আত্মত্যাগ আদি গুণবোৰৰ ওপৰত আধাৰিত হোৱাৰ বাবে তেওঁলোকৰ মাজত এক নিবিড় বন্ধুত্ব গঢ়ি উঠিছিল। সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে তেওঁলোক আধ্যাত্মিক অৰ্থাৎ যিহোৱা ঈশ্বৰক সেৱা আৰু তেওঁৰ উপাসকসকলৰ মাজত থাকিবলৈ আগ্ৰহী আছিল। একেইদৰে, ঈশ্বৰৰ সত্য উপাসকসকলৰ সৈতে প্ৰকৃত বন্ধুত্ব গঢ়ি তুলিবলৈ আমিও চেষ্টা কৰা আৱশ্যক।

২:১৫-১৭. আনকি বোৱজে ৰূথৰ কামৰ ভাৰ লঘু কৰি দিছিল আৰু সেয়েহে “তেওঁ সন্ধ্যালৈকে সেই পথাৰত ধান” বুটলিব পাৰিলে। ইয়াত কোনো সন্দেহ নাই যে ৰূথ এগৰাকী পৰিশ্ৰমী কৰ্ম্মী আছিল। একেইদৰে প্ৰকৃত খ্ৰীষ্টানসকলেও পৰিশ্ৰমী কৰ্ম্মী হোৱা আৱশ্যক।

২:১৯-২২. সন্ধ্যাৰ সময়ছোৱাত নয়মী আৰু ৰূথ উভয়ে একেলগে বহি আনন্দেৰে কথোপকথন কৰিছিল। বৃদ্ধা নয়মীয়ে বয়সত সৰু ৰূথে কৰা কাৰ্য্যৰ প্ৰতি আগ্ৰহী আছিল আৰু দুয়ো পৰস্পৰৰ মাজত মুকলিকৈ নিজৰ মনোভাৱ প্ৰকাশ কৰিছিল। সেই একেই মনোবৃত্তি আজি খ্ৰীষ্টান পৰিয়ালৰ মাজত হোৱা উচিত নহয়নে?

২:২২, ২৩. যাকোবৰ জীয়েক দীনাৰ বিপৰীতে ৰূথে যিহোৱাৰ উপাসকসকলৰ সৈতে সঙ্গতি কৰিব বিচাৰিছিল। আমাৰ বাবে ৰূথে এক উত্তম আৰ্হি ৰাখা নাইনে বাৰু!—আদিপুস্তক ৩৪:১, ২; ১ কৰিন্থীয়া ১৫:৩৩.

নয়মী “পৰিপূৰ্ণ” হʼল

(ৰূথ ৩:১-৪:২২)

অতি বৃদ্ধা হোৱাৰ বাবে নয়মীয়ে সন্তান উৎপন্ন কৰাত অক্ষম আছিল। গতিকে নয়মীয়ে নিজৰ সলনি ৰূথক মূক্তিকৰ্ত্তা সম্বন্ধীয়া বা জোঁৱায়েকৰ সৈতে বিবাহ কৰিবলৈ নিৰ্দ্দেশনা দিলে। নয়মীৰ নিৰ্দ্দেশনাৰ অনুসাৰে ৰূথে বোৱজক মূক্তিকৰ্ত্তা সম্বন্ধীয়া ৰূপে কাৰ্য্য কৰিবলৈ অনুৰুধ কৰিলে। বোৱজে সেই অনুসাৰে কাৰ্য্য কৰিলে। যিহেতু একেবাৰে ওচৰ-সম্বন্ধীয়া মূক্তিকৰ্ত্তাৰক প্ৰথমে সুযোগ দিয়া উচিত আছিল।

সেয়েহে বোৱজে কোনো পলম নকৰাকৈ সেই বিষয়টোক সমাধান কৰিবলৈ পিছদিনা ৰাতিপুৱা বৈৎলেহমত থকা বৃদ্ধ লোকসকলৰ আগত নিকটম সম্বন্ধীয়া লোকৰ কোনোৱে মূক্তিকৰ্ত্তা সম্বন্ধীয়া হিচাপে কাৰ্য্য কৰিবলৈ আগ্ৰহী আছে নে নাই সেই বিষয়ে আগ্ৰহ কৰিলে। যেতিয়া ওচৰ-সম্বন্ধীয়া মূক্তিকৰ্ত্তাৰ কোনেও মান্তি নহʼল তেতিয়া বোৱজে মূক্তিকৰ্ত্তা সম্বন্ধীয়া হিচাপে কাৰ্য্য কৰি ৰূথক বিবাহ কৰিলে। তেওঁলোকৰ দ্বাৰা যি সন্তান উৎপন্ন হʼল, সেই সন্তানৰ নাম ওবেদ ৰাখা হʼল আৰু তেওঁ দায়ূদ ৰজাৰ ককাদেউতাক আছিল। পাছে বৈৎলেহমত থকা তিৰোতাবিলাকে নয়মীক এইদৰে কলে: “ধন্য যিহোৱা, . . . ই তোমাৰ প্ৰাণৰ শান্তিদাতা, আৰু বৃদ্ধ অৱস্থাত তোমাৰ প্ৰতিপালক হব; কিয়নো তোমাক প্ৰেম কৰোঁতা, আৰু সাত জন পুত্ৰতকৈও উত্তম হওঁতা তোমাৰ বোৱাৰীয়েৰাই ইয়াক প্ৰসৱ কৰিলে।” (ৰূথ ৪:১৪, ১৫) যিসকল মহিলাই বৈৎলেহমলৈ “শুধা-হাতে” উভটি গৈছিল, তেওঁলোক “পৰিপূৰ্ণ” হৈ পৰিল।—ৰূথ ১:২১.

শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:

৩:১১—কিহৰ বাবে ৰূথে “সতী” বুলি সুনাম লাভ কৰিছিল? ৰূথে “কেশ-বেশ” অথবা “সোণৰ অলঙ্কাৰ পিন্ধা, বা নানা বস্ত্ৰ পৰিধান” কৰাৰ বাবে তেনে যশস্যা পোৱা নাছিল। ইয়াৰ বিপৰীতে ৰূথ “গুপ্ত আন্তৰিক মনুষ্য” অৰ্থাৎ তাইৰ আনুগত্য প্ৰেম, নম্ৰতা, কোমলতা, পৰিশ্ৰমী আৰু আত্মত্যাগী মনোবৃত্তিৰ বাবে সকলোৰে পৰিচিত আছিল। একেইদৰে ঈশ্বৰলৈ ভয় ৰাখোঁতা খ্ৰীষ্টান স্ত্ৰীয়েও ৰূথৰ দৰে গুণসমূহ বিকশিত কৰিবলৈ চেষ্টা কৰি সুনাম আৰ্জন কৰা আৱশ্যক।—১ পিতৰ ৩:৩, ৪; হিতোপদেশ ৩১:২৮-৩১.

৩:১৪—ৰূথ আৰু বোৱজে কিয় ৰাতিপুৱা হোৱাৰ পূৰ্বেই শুই উঠিল? ইয়াৰ কাৰণ এইটো নহয় যে তেওঁলোকে নিশাৰ ভাগত কোনো অনৈতিক কাৰ্য্য কৰিলে আৰু সেই বিষয়ে গুপ্তভাৱে ৰাখিবলৈ তেনে কৰিলে। দৰাচলতে ৰূথে কৰা তেনে কাৰ্য্য এগৰাকী ইহুদী স্ত্ৰীয়ে নিজৰ মৃত স্বামীৰ ভায়েকৰ সৈতে বিবাহ হোৱাৰ অধিকাৰ বিচাৰি তেনে কৰাৰ সামঞ্জস্যত আছিল। ৰূথে নয়মীয়ে কোৱাৰ দৰে কাৰ্য্য কৰিলে। তদুপৰি বোৱজে দেখুৱা প্ৰতিক্ৰিয়াৰ পৰা এইটো জানিব পাৰি যে ৰূথে তেনে কৰাত কোনো ভুল নাছিল। (ৰূথ ৩:২-১৩) গতিকে ৰূথ আৰু বোৱজে ৰাতিপুৱা নহওঁতেই শুই উঠাৰ কাৰণ এই যে কোনেও যাতে অনৰ্থকভাৱে তেওঁলোকৰ অহিতে উৰা-বাতৰি প্ৰচাৰ নকৰে।

৩:১৫—বোৱজে ৰূথক ছদোন যৱ ধান জুখি দিয়াই কিহক চিহ্নিত কৰে? এনে কাৰ্য্যই ছদিন কাৰ্য্য কৰাৰ পিছত বিশ্ৰাম দিনৰ বৈশিষ্ট্য। কিয়নো ৰূথৰ বিশ্ৰামৰ দিন কাষ চাপি আহিছিল। বোৱজে নিশ্চিত কৰিব বিচাৰিছিল যে ৰূথে যাতে নিজৰ স্বামীৰ ঘৰত “বিশ্ৰাম” কৰিব পাৰে। তদুপৰি ছদোন যৱ ধান ৰূথে মূৰত কঢ়িয়াই নিব পাৰে।

৩:১৬, NW—নয়মীয়ে ৰূথক কিয় “আইটি তুমি কোন” বুলি প্ৰশ্ন কৰিছিল? নয়মীয়ে নিজৰ বোৱাৰীয়েকক চিনি পোৱা নাছিলনে? ৰূথে এন্ধাৰ থাকোঁতেই উভটি অহাৰ বাবে নয়মীয়ে হয়তো ৰূথক চিনি পোৱা নাছিল। সম্ভৱতঃ নয়মীয়ে তেনেদৰে প্ৰশ্ন কৰাৰ অৰ্থ আছিল সম্বন্ধীয়া মুক্তিকৰ্ত্তাজনৰ সৈতে হোৱা ৰূথৰ নতুন সম্বন্ধৰ বিষয়ে জানিব বিচাৰিছিল।

৪:৬—মুক্ত কৰি কেনেকৈ এজন মুক্তিকৰ্ত্তাৰ নিজৰ উত্তৰাধিকাৰ “হানি” হʼলহেঁতেন? যদি এজনে দৰিদ্ৰতাত পৰি নিজৰ মাটি বিক্ৰী কৰিলে। আন এজন সম্বন্ধীয়া মুক্তিকৰ্ত্তাই যোবেল বছৰ অহালৈকে যিমান বছৰ বাকী আছে সেই অনুসাৰে সেই মাটিদৰা কিনিবলৈ মূল্য নিৰ্ণয় কৰিব। (লেবীয়া পুস্তক ২৫:২৫-২৭) এনেদৰে কৰাৰ দ্বাৰা তেওঁৰ নিজৰ সম্পত্তিৰ মূল্য হ্ৰাস পাব। তদুপৰি ৰূথৰ দ্বাৰা জন্ম হোৱা পুতেকে নিকটম সম্বন্ধীয়া মুক্তিকৰ্ত্তাই কিনা মাটিদৰাৰ উত্তৰাধিকাৰী হʼব।

আমাৰ বাবে শিক্ষামূলক পাঠ:

৩:১২; ৪:১-৬. বোৱজে সম্পূৰ্ণ মনেৰে সৈতে যিহোৱাৰ ব্যৱস্থা পালন কৰিলে। একেইদৰে আমিও মনোযোগেৰে ঈশ্বৰ শাসিত ব্যৱস্থাবোৰক পালন কৰোঁনে?—১ কৰিন্থীয়া ১৪:৪০.

৩:১৮. বোৱজৰ ওপৰত নয়মীৰ ভাৰসা আছিল। একেইদৰে আমিও বিশ্বাসী সঙ্গী ভাই-ভনীৰ ভাৰসাৰ পাত্ৰ হোৱা উচিত নহয়নে? মৃত্যু স্বামীৰ এনে এজন সম্বন্ধীয়া ব্যক্তিৰ সৈতে ৰূথে বিবাহ কৰিবলৈ আগ্ৰহী হʼল, যিজনৰ বিষয়ে আগতে তাই কাহানিও জনা নাছিল। কেৱল বাইবেলতহে তেওঁক মুক্তিকৰ্ত্তা হিচাপে জনা যায়া। (ৰূথ ৪:১) ৰূথে তেনে এজন ব্যক্তিৰ সৈতে বিবাহ হʼবলৈ কিয় সন্মত হʼল? কিয়নো যিহোৱাৰ ব্যৱস্থাৰ ওপৰত ৰূথৰ সম্পূৰ্ণ ভাৰসা আছিল। যিহোৱাৰ ওপৰত আমাৰো সেই একেই ভাৰসা আছেনে? বিবাহ সঙ্গী বাছনি কৰাৰ সময়ত আমিও “কেৱল প্ৰভুত বিশ্বাস কৰা” জনাৰ সৈতে বিবাহ কৰিবলৈ দিয়া পৰামৰ্শক পালন কৰোঁনে?—১ কৰিন্থীয়া ৭:৩৯.

৪:১৩-১৬. এগৰাকী মোৱাবীয়া আৰু অতীতত কমোচ নামৰ মিছা দেৱতাৰ উপাসনা কৰা ৰূথে কি যে এক বিশেষাধিকাৰ পালে! এই বৰ্ণিত সিদ্ধান্তই দেখুৱাইছে যে, “ইচ্ছা কৰা বা দৌৰ মৰা জনৰ পৰা নহয়, কিন্তু দয়াকাৰী ঈশ্বৰৰ পৰাহে হয়।”—ৰোমীয়া ৯:১৬.

‘ঈশ্বৰে উপযুক্ত সময়ত আপোনাক যেন উন্নত কৰে’

ৰূথ কিতাপত যিহোৱাক এজন প্ৰেমময় ঈশ্বৰ বুলি দাঙি ধৰিছে, যিজনে নিজৰ উপাসকসকলৰ বাবে কাৰ্য্য কৰে। (২ বংশাৱলি ১৬:৯) ৰূথে ঈশ্বৰৰ পৰা পোৱা আশীৰ্ব্বাদৰ বিষয়ে বিবেচনা কৰাৰ দ্বাৰা আমি ঈশ্বৰে যে “তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়,” সেই বিষয়ে সম্পূৰ্ণ ভাৰসা আৰু বিশ্বাস কৰিব পাৰোঁ।—ইব্ৰী ১১:৬.

ৰূথ, নয়মী আৰু বোৱজে সম্পূৰ্ণকৈ যিহোৱা ঈশ্বৰৰ ব্যস্থাৰ ওপৰত ভাৰসা ৰাখাৰ বাবে তেওঁলোকে উত্তম ফলাফল লাভ কৰিলে। একেইদৰে, যিসকলে “ঈশ্বৰক প্ৰেম কৰে, যিবিলাকে তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, তেওঁবিলাকৰ পক্ষে সকলোৱেই মঙ্গলৰ অৰ্থে একে-লগে কাৰ্য্য কৰিছে।” (ৰোমীয়া ৮:২৮) এতেকে আঁহক আমি পাঁচনি পিতৰৰ এই পৰামৰ্শক মনত ৰাখোঁক, যʼত তেওঁ এইদৰে কৈছে: “ঈশ্বৰে উপযুক্ত সময়ত তোমালোকক যেন উন্নত কৰে, এই কাৰণে নিজক তেওঁৰ পৰাক্ৰমী হাতৰ অধীনত নত কৰা; আৰু তোমালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়া; কিয়নো তোমালোকৰ কাৰণে তেওঁ চিন্তা কৰে। সচেতন হোৱা, পৰ দি থাকা।”—১ পিতৰ ৫:৬, ৭. (w05 3/1)

[২৮ পৃষ্ঠাৰ ছবি]

আপুনি জানেনে যে ৰূথে কিয় নয়মীক এৰি নগʼল?

[২৯ পৃষ্ঠাৰ ছবি]

কিহৰ বাবে ৰূথ “সতী” বুলি পৰিচিত হৈছিল?

[৩০ পৃষ্ঠাৰ ছবি]

যিহোৱাৰ পৰা ৰূথে লাভ কৰা “কৰ্ম্মৰ ফল” কি আছিল?