আমাৰ সন্তানবোৰ হৈছে এক বহুমূলীয়া উপহাৰ
আমাৰ সন্তানবোৰ হৈছে এক বহুমূলীয়া উপহাৰ
“চোৱা, সন্তানবিলাক যিহোৱাই দিয়া আধিপত্য, আৰু গৰ্ভফল তেৱেঁই দিয়া পুৰস্কাৰ।”—গীত ১২৭:৩.
১. প্ৰথম মানৱ শিশু কেনেকৈ অস্তিত্বলৈ আহিল?
কল্পনা কৰক যে যিহোৱাই কেনে অদ্ভুদ প্ৰকাৰে প্ৰথম মানৱ দম্পত্তিক সৃষ্টি কৰিলে। হৱাৰ গৰ্ভত এক নতুন কোষৰ বিকশিত কৰাত পিতৃ আদম আৰু মাতৃ হৱা উভয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা আদায় কৰে আৰু ফলস্বৰূপে এটি নতুন জীৱন অস্তিত্বলৈ আহে। (আদিপুস্তক ৪:১) তেতিয়াৰ পৰা আজিলৈকে এই শিশুজন্মৰ প্ৰক্ৰিয়াক মানুহে ঈশ্বৰৰ অদ্ভুত কাৰ্য্য বুলি মানি আহিছে।
২. আপুনি কিয় এগৰাকী মাতৃৰ গৰ্ভত বিকাশ হোৱা শিশুটিৰ আকাৰ আৰু গঠনৰ বিষয়ে অদ্ভুদ বুলি কʼব পাৰে?
২ প্ৰায় ২৭০ দিন ধৰি মাতৃৰ গৰ্ভত প্ৰতিপালিত হোৱা এই নতুন জীৱন পিতৃ-মাতৃৰ শাৰীৰিক সম্বন্ধৰ ফলত আৰম্ভণী হয়। প্ৰকৃততে এই মূল কোষত ঘটা ৰাসানিক প্ৰক্ৰিয়াৰ বাবে ২০০ বিধমান বেলেগ বেলেগ কোষ উৎপন্ন হয়, যিটো মানুহৰ বুজশক্তিৰ বাহিৰত আৰু এই অদ্ভুত জীৱন্ত কোষবোৰে সুশৃঙ্খলাবদ্ধ আৰু সাংগাঠনিকভাৱে বৃদ্ধি হৈ এটি জীৱন্ত শৰীৰলৈ ৰূপান্তৰিত হয়!
৩. প্ৰকৃততে ঈশ্বৰৰ বাবেহে এটি শিশু অস্তিত্বলৈ আহে বুলি বহুতে কিয় বিশ্বাস কৰে?
৩ তেনেহʼলে আপুনি এই নতুনকৈ জন্ম গ্ৰহণ কৰা শিশুটিৰ প্ৰকৃত সৃষ্টিকৰ্ত্তাজন কোন বুলি কʼব? নিঃসন্দেহ, আপুনি এই পৃথিৱীত প্ৰথম মানৱ জীৱন সৃষ্টি কৰা জনকহে প্ৰকৃত সৃষ্টিকৰ্ত্তা বুলি কʼব। এই সম্পৰ্কে গীতমালা ৰচোঁতাজনে গাইছিল: “যিহোৱা যে ঈশ্বৰ, ইয়াকে জানা; তেওঁহে আমাক নিৰ্ম্মাণ কৰিলে, আমি তেওঁৰেই।” (গীত ১০০:৩) পিতৃ-মাতৃসকল, আপোনালোকে ভালদৰে জানিব পাৰিছে যে আপোনালোকৰ কোনো অসাধাৰণ ক্ষমতাৰ বাবে সন্তান উৎপন্ন হোৱা নাই। বৰঞ্চ, ঈশ্বৰৰ অগম্য বুদ্ধিৰ বাবেহে তেনে বহুমূলীয়া উপহাৰ, অৰ্থাৎ নৱজাত শিশুৰ জন্ম হয়। যোৱা বহু হাজাৰ বছৰৰ পৰাই মাতৃৰ গৰ্ভত অসাধাৰণভাৱে বিকাশ হোৱা শিশুটিৰ বাবে সৃষ্টিকৰ্ত্তাজনক প্ৰশংসা কৰি অহা হৈছে। তেনেদৰে আপুনিও তেওঁৰ প্ৰশংসা কৰেনে?—গীত ১৩৯:১৩-১৬.
৪. মানুহৰ কেনে ধৰণৰ দুৰ্বলতাক যিহোৱাৰ সৈতে তুলনা কৰিব নোৱাৰি?
৪ যিহোৱা এজন অনুভূতিহীন ঈশ্বৰনে যিজনে পুৰুষ আৰু স্ত্ৰীক সন্তান উৎপন্ন কৰিবলৈ জৈৱিক প্ৰক্ৰিয়াৰ প্ৰবন্ধ কৰি এৰি দিলে? নিশ্চয়ে নহয়। যদিও তেনে অনুভূতিহীন চৰিত্ৰ কিছুমান লোকত দেখিবলৈ পোৱা যায়, তথাপিও যিহোৱা তেনে ধৰণৰ ঈশ্বৰ নহয়। (গীত ৭৮:৩৮-৪০) কিয়নো গীত ১২৭:৩ পদত এইদৰে কোৱা হৈছে: “চোৱা, সন্তানবিলাক যিহোৱাই দিয়া আধিপত্য, আৰু গৰ্ভফল তেৱেঁই দিয়া পুৰস্কাৰ।” এতেকে আঁহক এতিয়া আমি ঈশ্বৰৰ উত্তৰাধিকাৰ কি আৰু ই কিহৰ প্ৰমাণ দিয়ে, সেই বিষয়ে বিবেচনা কৰোঁহঁক।
এক উত্তৰাধিকাৰ আৰু উপহাৰ
৫. সন্তানবিলাকক কিয় উত্তৰাধিকাৰী বুলি কোৱা হৈছে?
৫ উত্তৰাধিকাৰৰ তুলনা এটা উপহাৰ বা পুৰস্কাৰৰ সৈতে কৰিব পাৰি। পিতৃ-মাতৃসকলে মৃত্যুৰ পিছত উত্তৰাধিকাৰ হিচাপে নিজৰ সন্তান-সন্ততিৰ বাবে ধন-সম্পত্তি বা কোনো বহুমূলীয়া বস্তু এৰি যাবলৈ অনেক চেষ্টা বা পৰিশ্ৰম কৰে। ইয়াৰ দ্বাৰা লʼৰা-ছোৱালীৰ প্ৰতি থকা পিতৃ-মাতৃৰ প্ৰেমৰ আভাস পোৱা যায়। বাইবেলে কৈছে যে ঈশ্বৰে সন্তানবিলাকক এক প্ৰেমময় উপহাৰস্বৰূপে দিছে। যদি আপুনি এজন পিতৃ বা মাতৃ, তেন্তে নিজৰ ব্যৱহাৰ আৰু কৰ্মৰ দ্বাৰা সন্তানবিলাকক যিহোৱাৰ পৰা পোৱা বহুমূলীয়া উপহাৰ বুলি বিশ্বাস কৰেনে?
৬. ঈশ্বৰে কি উদ্দেশ্যৰে মানুহক সন্তান উৎপন্ন কৰা ক্ষমতা প্ৰদান কৰিলে?
৬ যিহোৱাই এক বিশেষ উদ্দেশ্য পূৰ্ণ কৰিবলৈহে এই উপহাৰ দিছিল। তেওঁৰ ইচ্ছা আছিল যে সমূদায় পৃথিৱীখন আদম আৰু হৱাৰ সন্তান-সন্ততিৰ দ্বাৰা পৰিপূৰ্ণ হোৱা। (আদিপুস্তক ১:২৭, ২৮; যিচয়া ৪৫:১৮) তেওঁ কোটি কোটি স্বৰ্গদূতবিলাকৰ দৰে মানুহৰ বংশক সৃষ্টি কৰাৰ পৰিৱৰ্তে সন্তান উৎপন্ন কৰা ক্ষমতাৰ সৈতে মানুহক সৃষ্টি কৰিছিল। যি পিছলৈ নিজৰ পিতৃ-মাতৃৰ গুণবোৰ প্ৰকাশ কৰিলেহেঁতেন। গতিকে পিতৃ-মাতৃৰ বাবে সন্তান উৎপন্ন আৰু তেওঁলোকৰ চোৱা-চিতা কৰাটো কিযে এক বিশেষাধিকাৰ! পিতৃ-মাতৃসকল, আপোনালোকে নিজৰ সন্তানবিলাকক বহুমূলীয়া উপহাৰস্বৰূপে পোৱাৰ বাবে যিহোৱাক ধন্যবাদ নকৰেনে?
যীচুৰ আৰ্হিৰ পৰা শিকক
৭. কিছুমান পিতৃ-মাতৃয়ে যি কৰে, তাৰ বিপৰীতে যীচুৱে কেনেকৈ প্ৰকাশ কৰিলে যে তেওঁ “মনুষ্য-সন্তানবিলাকৰ” প্ৰতি আগ্ৰহী আৰু সমবেদী?
৭ ই অতি দুখৰ বিষয় যে সকলো পিতৃ-মাতৃয়ে নিজৰ সন্তানক উপহাৰস্বৰূপে পোৱা বুলি দৃষ্টি নকৰে। বহুতে নিজৰ সন্তান-সন্ততিৰ সৈতে কঠোৰভাৱে আচৰণ কৰে। প্ৰকৃততে তেনে পিতৃ-মাতৃসকলে যিহোৱা আৰু যীচুৱে দেখুৱা দৃষ্টিভঙ্গী প্ৰকাশ নকৰে। (গীত ২৭:১০; যিচয়া ৪৯:১৫) ইয়াৰ বিপৰীতে কণমানি লʼৰা-ছোৱালীবিলাকৰ প্ৰতি থকা যীচুৰ দৃষ্টিভঙ্গীৰ বিষয়ে বিবেচনা কৰক। বাইবেলে কৈছে যে তেওঁ পৃথিৱীত অহাৰ পূৰ্বে স্বৰ্গত আত্মিক প্ৰাণী হিচাপে থকা সময়ৰে পৰা ‘মনুষ্য-সন্তানবিলাকত হৰ্ষিত’ হৈছিল। (হিতোপদেশ ৮:৩১) তদুপৰি মানৱজাতিৰ প্ৰতি থকা প্ৰেমে তেওঁক নিজৰ জীৱন, মুক্তিপণ বলিদান হিচাপে দিবলৈ প্ৰেৰিত কৰিলে যাতে আমি সকলোৱে অনন্ত জীৱন লাভ কৰিব পাৰোঁ।—মথি ২০:২৮; যোহন ১০:১৮.
৮. যীচুৱে পিতৃ-মাতৃসকলৰ বাবে কেনে এক উত্তম আৰ্হি ৰাখিলে?
৮ পৃথিৱীত থকা সময়ত যীচুৱে পিতৃ-মাতৃসকলৰ বাবে এক উত্তম আৰ্হি প্ৰস্তুত কৰিছিল। তেওঁ কি কৰিছিল, সেই বিষয়ে বিবেচনা কৰক। তেওঁ ব্যস্ত আৰু ভাগৰি পৰা স্বত্বেও সৰু সৰু লʼৰা-ছোৱালীবিলাকৰ সৈতে সময় অতিবাহিত কৰিছিল। তেওঁ বজাৰ, ৰাস্তা-ঘাট বা আন ঠাইবোৰত খেলি থকা লʼৰা-ছোৱালীবিলাকৰ আচাৰ-ব্যৱহাৰক উপদেশ দিওঁতে দৃষ্টান্তৰূপে ব্যৱহাৰ কৰিছিল। (মথি ১১:১৬, ১৭) যিৰূচালেমলৈ কৰা শেষযাত্ৰাৰ সময়ত যেতিয়া পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীবিলাকক যীচুৰ ওচৰলৈ আনিছিল তেতিয়া শিষ্যবিলাকে তেওঁৰ বিশ্ৰামৰ বিষয়ে ভাবি শিশুবিলাকক কাষ চাপিবলৈ দিয়া নাছিল। কিন্তু যীচুৱে শিষ্যবিলাকক বাধা দি এইদৰে কৈছিল: “শিশুবিলাকক মোৰ ওচৰলৈ আহিব দিয়া, নিষেধ নকৰিবা।”—মাৰ্ক ১০:১৪.
৯. আমি কথা কোৱাতকৈ কাৰ্য্য কৰাটো কিয় গুৰুত্বপূৰ্ণ?
৯ আমিও যীচুৱে ৰাখা আৰ্হিক অনুকৰণ কৰিব পাৰোঁ। উদাহৰণস্বৰূপে, ব্যস্ত থকাৰ সময়ত যদি লʼৰা-ছোৱালীবিলাকে আমাৰ ওচৰলৈ আহে, তেন্তে আমি কেনে প্ৰতিক্ৰিয়া দেখুউৱা উচিত? আমি যীচুৰ দৰে কৰা উচিত। দৰাচলতে লʼৰা-ছোৱালীয়ে যীচুৰ দৰে পিতৃ-মাতৃয়ে তেওঁলোকৰ সৈতে সময় অতিবাহিত কৰা আৰু মনোযোগ দিয়াটো বিচাৰে। এইটো সঁচা যে তেওঁলোকে নিজৰ পিতৃ-মাতৃৰ পৰা “স্নেহ” পোৱাটো বিচাৰে। আপুনি কেৱল স্নেহ দেখুওৱাটোৱেই যথেষ্ট নহয়, কিন্তু তাৰ অনুসাৰে কাৰ্য্যও কৰা উচিত। তেতিয়াহে তেওঁলোকৰ প্ৰতি থকা আপোনাৰ প্ৰকৃত প্ৰেম প্ৰকাশ পাব। আপুনি তেওঁলোকৰ বাবে সময় উলিয়াই আৰু মনোযোগ দিয়াৰ দ্বাৰা তেনে প্ৰেম দেখুৱাব পাৰে। মনত ৰাখক যে সদায়ে আপুনি ভবা অনুসাৰে ফল নাপাবও পাৰে। ইয়াৰ বাবে ধৈৰ্য্য ধৰা অতি আৱশ্যক। এই সম্বন্ধে আমি যীচুৱে তেওঁৰ শিষ্যবিলাকৰ সৈতে কৰা আচৰণৰ পৰা শিকিব পাৰোঁ।
যীচুৱে দেখুৱা ধৈৰ্য্য আৰু স্নেহ
১০. নম্ৰতাৰ সম্বন্ধে যীচুৱে তেওঁৰ শিষ্যবিলাকক কেনে পৰামৰ্শ দিছিল আৰু শীঘ্ৰেই তাৰ কোনো উত্তম পৰিণাম পোৱা দেখা গʼলনে?
১০ শিষ্যবিলাকে পৰস্পৰে শ্ৰেষ্ঠতাক লৈ কৰা তৰ্ক-বিতৰ্কৰ বিষয়ে যীচুৱে জানিছিল। এদিন কফৰনাহূম পোৱাৰ পিছত তেওঁ শিষ্যবিলাকক এইদৰে সুধিলে: “তোমালোকে বাটত কি কোৱা-মেলা কৰিছিলা? কিন্তু তেওঁলোক নিজম দি থাকিল; কিয়নো কোন শ্ৰেষ্ঠ, সেই বিষয়ে বাটত তেওঁলোকে পৰস্পৰে কোৱা-মেলা কৰিছিল।” তেওঁলোকক তিৰস্কাৰ কৰাৰ পৰিৱৰ্তে নম্ৰতাৰ সম্পৰ্কে তেওঁ এক উত্তম শিক্ষাদান কৰিলে। (মাৰ্ক ৯:৩৩-৩৭) কিন্তু যীচুৱে আশা কৰাৰ দৰে শিষ্যবিলাকে কৰিছিলনে? অৱশ্যেই কৰা নাছিল। কিয়নো প্ৰায় ছমাহৰ পিছত যাকোব আৰু যোহনে মাকৰ দ্বাৰা ঈশ্বৰৰ ৰাজ্যত প্ৰমুখ স্থান পাবলৈ যীচুক অনুৰোধ কৰিবলৈ পঠিয়াইছিল। পুনৰাই যীচুৱে তেওঁলোকক ধৈৰ্য্যৰে পৰামৰ্শ দিবলগীয়া হৈছিল।
১১. (ক) যীচুৰ সৈতে নিস্তাৰ-পৰ্ব্ব পালন কৰা উদ্দেশ্যৰে উপৰি কোঠাত একত্ৰিত হোৱা পাঁচনিবিলাকে কেনে পৰম্পৰাগত কাৰ্য্য কৰিবলৈ বিফল হʼল? (খ) সেই সময়ত যীচুৱে কি কৰিলে আৰু তেওঁ কৰা প্ৰচেষ্টাৰ কোনো উত্তম পৰিণাম দেখা গʼলনে?
১১ সা.যু. ৩৩ চনত নিস্তাৰ-পৰ্ব্ব পালন কৰা উদ্দেশ্যৰে যীচু আৰু তেওঁৰ পাঁচনিবিলাক আছুতীয়াকৈ যিৰূচালমেৰ এটা উপৰি কোঠাত একত্ৰিত হৈছিল। কোঠাত উপস্থিত হোৱা কোনো এজনেও ইজনে সিজনৰ পৰম্পৰাগতভাৱে ভৰি ধুৱা কাৰ্য্য কৰিবলৈ আগবাঢ়ি অহা নাছিল। তেওঁলোকৰ অনুসাৰে, এনে ধৰণৰ নিম্ন কাৰ্য্য কেৱল দাস বা দাসীয়ে কৰে। (১ চমূৱেল ২৫:৪১; ১ তীমথিয় ৫:১০) পুনৰাই তেনে মনোবৃত্তি দেখিবলৈ পাই যীচুৱে মনত কিমান যে বেজাৰ পাইছিল! গতিকে তেওঁ স্বয়ং তেওঁলোকৰ ভৰি ধুৱাবলৈ আগবাঢ়ি আহিল আৰু আনৰ সেৱা কৰিবলৈ ৰখা তেওঁৰ আৰ্হিক অনুকৰণ কৰিবলৈ অনুৰোধ কৰিছিল। (যোহন ১৩:৪-১৭) তেওঁলোকে যীচুৰ সেই আৰ্হিক অনুকৰণ কৰিছিলনে? এই বিষয়ে বাইবেলে কৈছে যে সেইদিনাই আবেলিৰ সময়ত “তেওঁলোকৰ মাজত কোন জনক শ্ৰেষ্ঠ বুলি মনা হব, সেই বিষয়ে তেওঁলোকৰ ভিতৰত বাদ-বিবাদ হৈছিল।”—লূক ২২:২৪.
১২. পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীক প্ৰশিক্ষণ দিয়াৰ সময়ত কেনেকৈ যীচুৰ আৰ্হিক অনুকৰণ কৰিব পাৰে?
১২ যেতিয়া লʼৰা-ছোৱালীয়ে আপোনালোকৰ পৰামৰ্শ পালন কৰিবলৈ বিফল হয় তেতিয়া আপোনালোকেও যীচুৰ দৰে মনোবৃত্তি দেখুৱাইনে? লক্ষ্য কৰক যে যীচুৱে তেওঁৰ পাঁচনিবিলাকে মন্থৰ গতিত কৰা সংশোধনৰ বাবে কেতিয়াও অস্থিৰ হৈ পৰা নাছিল। অৱশেষত তেওঁ ধৈৰ্য্যৰে কৰা প্ৰচেষ্টাই এক উত্তম ফলাফল কঢ়িয়াই আনিলে। (১ যোহন ৩:১৪, ১৮) গতিকে পিতৃ-মাতৃসকল, আপোনালোকে প্ৰেম আৰু ধৈৰ্য্যৰে নিজৰ লʼৰা-ছোৱালীবিলাকক প্ৰশিক্ষণ দিবলৈ যীচুৰ আৰ্হিক অনুকৰণ কৰক।
১৩. পিতৃ-মাতৃসকলে কিয় সন্তানে জানিবলৈ বিচাৰা বিষয়টোৰ প্ৰতি আওকাণ কৰা উচিত নহয়?
১৩ লʼৰা-ছোৱালীবিলাকে এইটো বুজি পোৱা উচিত যে তেওঁলোকৰ পিতৃ-মাতৃয়ে তেওঁলোকক প্ৰেম আৰু স্নেহপূৰ্ণতাৰে মনোযোগ দিয়ে। যীচুৱে তেওঁৰ পাঁচনিবিলাকৰ মনত কি আছিল, তাক জানিবলৈ বিচাৰিছিল। গতিকে তেওঁলোকে সোধা প্ৰশ্নবোৰ তেওঁ মনোযোগেৰে শুনিছিল আৰু কোনো বিশেষ বিষয়বোৰত তেওঁলোকৰ মতামত দাঙি ধৰিবলৈ কৈছিল। (মথি ১৭:২৫-২৭) অৱশ্যে উত্তম শিক্ষা দিয়াৰ সৈতে মনোযোগেৰে শুনা আৰু আন্তৰিকতাৰে আগ্ৰহী হোৱাটো সন্মিলিত আছে। যদি লʼৰা-ছোৱালীবিলাকে কোনো সমাধান বিচাৰি পিতৃ-মাতৃসকলৰ কাষ চাপিছে, তেন্তে তেওঁলোকে এইদৰে কোৱা উচিত নহয়: “মই ব্যস্ত আছোঁ, তুমি এতিয়া যোৱা!” তেওঁলোকে যদি সঁচাকৈ ব্যস্ত আছে, তেন্তে লʼৰা বা ছোৱালীজনীৰ সমাধানটোৰ বিষয়ে পিছত আলোচনা কৰিব বুলি কৈ সেই অনুসাৰে কাৰ্য্য কৰাটো উপযুক্ত হʼব। তেতিয়াহে তেওঁলোকৰ সন্তানবোৰে পিতৃ-মাতৃৰ প্ৰেমৰ বিষয়ে বুজি পাব আৰু ভাৰসা কৰিব পাৰিব।
১৪. লʼৰা-ছোৱালীবিলাকৰ প্ৰতি স্নেহ দেখুৱাৰ সম্বন্ধে পিতৃ-মাতৃসকলে কেনেকৈ যীচুৰ আৰ্হিৰ পৰা শিক্ষা লʼব পাৰে?
১৪ পিতৃ-মাতৃসকলে নিজৰ সন্তানবিলাকক আঁকোৱালি লৈ কান্ধত হাত দি স্নেহ প্ৰকাশ কৰাটো উত্তম নহʼবনে? এই ক্ষেত্ৰতো পিতৃ-মাতৃসকলে যীচুৰ আৰ্হিৰ পৰা শিকিব পাৰে। উদাহৰণস্বৰূপে, বাইবেলে কৈছে যে যীচুৱে “[শিশুবিলাকক] কোলাত লৈ, সিহঁতৰ গাত হাত দি আশীৰ্ব্বাদ কৰিলে।” (মাৰ্ক ১০:১৬) লʼৰা-ছোৱালীবিলাকে যীচুৰ এনে আচৰণ দেখি কেনে প্ৰতিক্ৰিয়া দেখুৱালে বুলি আপুনি ভাবে? নিশ্চয়ে তেওঁলোকে উল্লাসিত হৈ তেওঁৰ কাষ চাপি আহিছিল। যদি আপোনালোকে তেনে ধৰণৰ স্নেহ দেখুৱাই, তেন্তে লʼৰা-ছোৱালীবিলাকে আপোনাৰ অনুযোগৰ প্ৰতি মনোযোগ দিব আৰু শিকিবলৈ আগ্ৰহী হʼব।
আপুনি লʼৰা-ছোৱালীৰ সৈতে কিমান সময় অতিবাহিত কৰা উচিত
১৫, ১৬. লʼৰা-ছোৱালীক চোৱা-চিতা কৰাৰ জনাপৰিচিত ধাৰণাটো কি আৰু ই কি কৰিবলৈ প্ৰেৰিত কৰে?
১৫ কিছুমানে লʼৰা-ছোৱালীৰ সৈতে পিতৃ-মাতৃয়ে সময় অতিবাহিত কৰা আৰু মনোযোগ দিয়াটো বাস্তৱতে ব্যৱহাৰিক বা অব্যৱহাৰিক বুলি সন্দেহ কৰে। লʼৰা-ছোৱালীৰ সৈতে কেনে ধৰণে সময় অতিবাহিত কৰিছে, সেইয়া হৈছে এক গুৰুত্বপূৰ্ণ বিষয়। বিশেষজ্ঞসকলৰ মতে, পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীৰ সৈতে যিমান সময়েই অতিবাহিত নকৰক কিয়, সেইয়া অৰ্থপূৰ্ণ আৰু সুব্যৱস্থিত হোৱা উচিত। লʼৰা-ছোৱালীবিলাকৰ সৈতে তেনে ধৰণে সময় অতিবাহিত কৰাটো লাভদায়ক নে?
১৬ বহুতো লʼৰা-ছোৱালীক সাক্ষ্যাতকাৰ গ্ৰহণ কৰা এজন লিখকে কৈছিল যে, “সৰহভাগ সময়ত লʼৰা-ছোৱালীয়ে তেওঁলোকৰ সৈতে পিতৃ-মাতৃয়ে উচিতমতে সময় অতিবাহিত কৰাটো বিচাৰে।” এই বিষয়ে এজন কʼলেজৰ অধ্যাপকে কি কৈছে সেইটো বাস্তৱতে মন কৰিবলগীয়া। তেওঁ এইদৰে কয়: “বৰ্তমান সময়ত পিতৃ-মাতৃসকলে তেনে ধৰণে সময় অতিবাহিত নকৰে আৰু যেতিয়া তেওঁলোকক সেই বিষয়ে সোধা হয় তেতিয়া অজুহাত দেখুৱাই কাৰণ দাঙি ধৰে।” পিতৃ-মাতৃসকলে লʼৰা-ছোৱালীৰ সৈতে কিমান সময় অতিবাহিত কৰা উচিত?
১৭. লʼৰা-ছোৱালীয়ে নিজৰ পিতৃ-মাতৃৰ পৰা কি বিচাৰে?
১৭ পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীৰ সৈতে কিমান সময় অতিবাহিত কৰা উচিত, সেই বিষয়ে বাইবেলত কোনো নিৰ্দ্ধাৰিত সময় বান্ধি দিয়া নাই। তথাপিও প্ৰাচীন কালত ইস্ৰায়েলৰ পিতৃ-মাতৃসকলক নিজৰ লʼৰা-ছোৱালীক বহোঁতে, বাটত যাওঁতে, শোওঁতে আৰু উঠোতে ঈশ্বৰৰ বিষয়ে শিকাবলৈ আজ্ঞা দিয়া হৈছিল। (দ্বিতীয় বিবৰণ ৬:৭) যাৰ অৰ্থ হৈছে পিতৃ-মাতৃসকলে সদায়ে নিজৰ লʼৰা-ছোৱালীৰ সৈতে যোগাযোগ ৰাখা আৰু ঈশ্বৰৰ আজ্ঞাবোৰৰ বিষয়ে শিক্ষাদান কৰা উচিত।
১৮. যীচুৱে কেনেকৈ সকলো সুযোগতে শিষ্যবিলাকক প্ৰশিক্ষণ দিছিল আৰু পিতৃ-মাতৃসকলে ইয়াৰ পৰা কি শিকিব পাৰে?
১৮ যীচুৱে শিষ্যবিলাকক ভোজন-পান, যাত্ৰা আৰু জিৰণি লোৱাৰ সময়ত শিক্ষা প্ৰদান কৰিছিল। অৰ্থাৎ তেওঁ সকলো সুযোগতে তেওঁলোকক প্ৰশিক্ষণ দিছিল। (মাৰ্ক ৬:৩১, ৩২; লূক ৮:১; লূক ২২:১৪) সেইদৰে খ্ৰীষ্টান পিতৃ-মাতৃসকলেও সকলো সুযোগতে নিজৰ লʼৰা-ছোৱালীৰ সৈতে যোগাযোগ আৰু ঈশ্বৰীয় শিক্ষাদান কৰা উচিত।
কেনেকৈ আৰু কি ধৰণে শিক্ষা দিয়া আৱশ্যক
১৯. (ক) লʼৰা-ছোৱালীৰ সৈতে সময় অতিবাহিত কৰাত আৰু কি সন্মিলিত আছে? (খ) পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীক শিকাবলৈ আচলতে কি কৰা আৱশ্যক?
১৯ লʼৰা-ছোৱালীবিলাকৰ সৈতে সাধাৰণভাৱে সময় অতিবাহিত আৰু শিক্ষা প্ৰদান কৰাৰ দ্বাৰা সফলতা লাভ কৰিব নোৱাৰি। কিন্তু কি ধৰণে তেওঁলোকক শিক্ষা দিয়া উচিত, সেয়া হৈছে গুৰুত্বপূৰ্ণ। লক্ষ্য কৰক যে বাইবেলে এই বিষয়ে কি কৈছে। ইয়াত এইদৰে কৈছে: “আজি মই তোমাক আজ্ঞা কৰা আটাই বাক্য . . . নিজ সন্তানবিলাকক যত্নেৰে সেইবোৰ শিকাবা।” লʼৰা-ছোৱালীক শিকাবলগীয়া এই “আটাই বাক্য” কি? প্ৰকৃততে এই উল্লেখিত বাক্যবোৰ হৈছে: “তুমি তোমাৰ সকলো মন, সকলো প্ৰাণ, আৰু সকলো শক্তিৰে সৈতে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰা।” (দ্বিতীয় বিবৰণ ৬:৫-৭) যীচুৱে কৈছিল যে আন আন আজ্ঞাবোৰৰ সৈতে এই আজ্ঞাবোৰো পালন কৰাটো হৈছে এক গুৰুত্বপূৰ্ণ বিষয়। (মাৰ্ক ১২:২৮-৩০) পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীক যিহোৱাৰ বিষয়ে আৰু একমাত্ৰ তেওঁকহে কিয় সমস্ত মনেৰে প্ৰেম কৰা উচিত, সেই বিষয়ে শিকোৱা আৱশ্যক।
২০. ঈশ্বৰে ইস্ৰায়েল পিতৃ-মাতৃসকলক নিজৰ লʼৰা-ছোৱালীক কেনে শিক্ষা প্ৰদান কৰিবলৈ আজ্ঞা দিছিল?
২০ পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীক ঈশ্বৰক সম্পূৰ্ণ মনেৰে প্ৰেম কৰাৰ উপৰিও এই “আটাই বাক্য” বিষয়েও শিক্ষা দিয়া উচিত। যদি আপুনি দ্বিতীয় বিবৰণৰ আগৰ অধ্যায়টো পঢ়ে, তেন্তে জানিব পাৰিব যে মোচিয়ে দহ আজ্ঞাৰ বিষয়ে উল্লেখ কৰিছিল। এই আজ্ঞাবোৰৰ সৈতে মিছা সাক্ষ্য নিদিয়া, চুৰ, নৰ-বধ, ব্যভিচাৰ নকৰাৰ বিষয়ে উল্লেখ কৰা হৈছে। (দ্বিতীয় বিবৰণ ৫:১১-২২) গতিকে ইস্ৰায়েল পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীক নৈতিক স্তৰৰ বিষয়ে শিক্ষা দিয়াটো অতি আৱশ্যক আছিল। সেইদৰে বৰ্তমান খ্ৰীষ্টান পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীক নৈতিক স্তৰৰ বিষয়ে শিকোৱা উচিত, যাতে তেওঁলোকৰ ভৱিষ্যত সুখী আৰু নিৰাপদ হʼব পাৰে।
২১. ঈশ্বৰে লʼৰা-ছোৱালীবিলাকক “যত্নেৰে” শিকোৱা বুলি আজ্ঞা দিয়াৰ অৰ্থ কি আছিল?
২১ মন কৰক যে পিতৃ-মাতৃসকলক কেনেকৈ তেওঁলোকৰ লʼৰা-ছোৱালীক এই ‘আটাই বাক্যৰ’ বিষয়ে শিক্ষা প্ৰদান কৰিবলৈ কোৱা হৈছিল। যাৰ বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “তুমি নিজ সন্তানবিলাকক যত্নেৰে সেইবোৰ শিকাবা।” তেওঁলোকক “যত্নেৰে” শিকোৱাৰ অৰ্থ আছিল “বাৰে বাৰে এই উপদেশবোৰৰ বিষয়ে কোৱা বা হৃদয়ত লিখি ৰাখিবলৈ উৎসাহিত কৰা।” সেইদৰে ঈশ্বৰে বৰ্তমান খ্ৰীষ্টান পিতৃ-মাতৃসকলক নিজৰ লʼৰা-ছোৱালীৰ মনত আধ্যাত্মিক বিষয়বোৰ দৃঢ়ৰূপে স্থাপন কৰাৰ সম্বন্ধে এক কাৰ্য্যকাৰী বাইবেল অধ্যয়নৰ আঁচনি বনাবলৈ আগ্ৰহ কৰিছে।
২২. ইস্ৰায়েল পিতৃ-মাতৃসকলক কি কৰিবলৈ আজ্ঞা দিয়া হৈছিল আৰু তাৰ অৰ্থ কি আছিল?
২২ তেনে ধৰণৰ কাৰ্য্যকাৰী আঁচনি বনাবলৈ পিতৃ-মাতৃসকলে উদ্যমেৰে প্ৰচেষ্টা কৰা উচিত। কিয়নো এই বিষয়ে বাইবেলে এইদৰে কৈছে: “তোমাৰ হাতত চিনস্বৰূপে সেইবোৰ বান্ধিবা, আৰু সেইবোৰ [অৰ্থাৎ ঈশ্বৰৰ আজ্ঞাবোৰ] তোমাৰ দুই চকুৰ মাজত ভূষণস্বৰূপ হব লাগে। আৰু তোমাৰ ঘৰৰ দুৱাৰৰ খুটাত, আৰু তোমাৰ বাহিৰৰ দুৱাৰত সেইবোৰ লিখি ৰাখিবা।” (দ্বিতীয় বিবৰণ ৬:৮, ৯) ইয়াৰ মানে এইটো নহয় যে পিতৃ-মাতৃসকলে আক্ষৰিক অৰ্থত ঈশ্বৰৰ আজ্ঞাবোৰ দুৱাৰ বা গেটত লিখি নতুবা লʼৰা-ছোৱালীৰ হাতত বান্ধি ৰাখা উচিত। বৰঞ্চ, তেওঁলোকে নিজৰ লʼৰা-ছোৱালীক নিৰন্তেৰে ঈশ্বৰৰ আজ্ঞাৰ বিষয়ে শিকোৱা আৰু সোঁৱৰোৱা উচিত। এই শিক্ষা লʼৰা-ছোৱালীবিলাকক এনে ধৰণে প্ৰদান কৰা উচিত যাতে তেওঁলোকে সকলো সময়তে সেইবোৰ মনত ৰাখে।
২৩. পৰৱৰ্তী সপ্তাহত কিহৰ বিষয়ে আলোচনা কৰা হʼব?
২৩ পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীক কেনে কিছুমান আৱশ্যকীয় শিক্ষা প্ৰদান কৰিব পাৰে? বৰ্তমান সময়ত লʼৰা-ছোৱালীবিলাকক কিয় তেওঁলোকৰ নিজৰ প্ৰতিৰক্ষাৰ বিষয়ে শিক্ষা দিয়া উচিত? এনে কৰিবলৈ পিতৃ-মাতৃসকলৰ ওচৰত কেনে ধৰণৰ সহায় উপলব্ধ আছে? ইয়াৰ সৈতে থকা আন আন প্ৰশ্নবোৰৰ উত্তৰ পৰৱৰ্তী লেখত আলোচনা কৰা হʼব। (w05 4/1)
আপুনি কেনেকৈ উত্তৰ দিব?
• পিতৃ-মাতৃসকলে কিয় নিজৰ লʼৰা-ছোৱালীবিলাকক বহুমূলীয়া বুলি জ্ঞান কৰা উচিত?
• পিতৃ-মাতৃ আৰু আনসকলে যীচুৰ পৰা কি শিকিব পাৰে?
• পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীৰ সৈতে কিমান সময় অতিবাহিত কৰা উচিত?
• লʼৰা-ছোৱালীবিলাকক কি আৰু কেনেদৰে শিকোৱা উচিত?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]