“তোমালোক মূল্যেৰে কিনা হ’লা”
“তোমালোক মূল্যেৰে কিনা হʼলা”
“তোমালোক মূল্যেৰে কিনা হলা; এই হেতুকে তোমালোকৰ শৰীৰত ঈশ্বৰক গৌৰৱান্বিত কৰা।”—১ কৰিন্থীয়া ৬:২০.
১, ২. (ক) মোচিৰ ব্যৱস্থাৰ অনুসাৰে এজন ইস্ৰায়েল দাসৰ সৈতে কেনে আচৰণ কৰিব লাগিছিল? (খ) নিজ গৰাকীক প্ৰেম কৰা দাসজনৰ ওচৰত বাছনি কৰাৰ কেনে সুযোগ আছিল?
হʼলমেন নামৰ লিখকজনে ইলাচট্ৰেটেড বাইবেল ডিকক্সেনাৰীত কৈছিল যে, “প্ৰাচীন কালত দাসত্ব হিচাপে জীৱন-যাপন কৰা প্ৰথা ব্যাপকভাৱে দেখা গৈছিল। ইজিপ্ত, গ্ৰীচ আৰু ৰোমৰ দৰে দেশবোৰত অত্যধিক কাৰ্য্য দাসবিলাকৰ দ্বাৰা সম্পন্ন কৰা হৈছিল। প্ৰথম শতিকাৰ সময়ছোৱাত ইটালীৰ তিনি ভাগৰ এভাগ আৰু অন্য দেশবোৰত পাঁচ ভাগৰ এভাগ লোকে দাসত্ব হিচাপে জীৱন-যাপন কৰিছিল।”
২ যদিও দাসত্ব প্ৰথা ইস্ৰায়েলৰ মাজত প্ৰচলিত আছিল, তথাপিও মোচিৰ ব্যৱস্থাৰ অনুসাৰে দাস হিচাপে থকা হীব্ৰু ব্যক্তিসকলক সুৰক্ষা প্ৰদান কৰা হৈছিল। উদাহৰণস্বৰূপে, ব্যৱস্থাৰ অনুসাৰে এজন ইস্ৰায়েল ব্যক্তিয়ে কেৱল ছবছৰ লৈকেহে দাসত্বৰ বন্ধনত থাকিব পাৰে। কিন্তু সপ্তম বছৰত তেওঁ “বিনামূল্যে মুক্ত হৈ” ওলাই যাব লাগিছিল। দাসত্বৰ বন্ধনত থকা ব্যক্তিজনৰ সৈতে কেনেকৈ ব্যৱহাৰ কৰিব লাগে, সেই বিষয়ে ব্যৱস্থাত স্পষ্টকৈ এইদৰে কোৱা হৈছিল: “সেই বন্দীয়ে যদি স্পষ্টৰূপে কয়, যে, মই নিজ প্ৰভু, নিজ তিৰোতা, আৰু সন্তান বিলাকক প্ৰেম কৰোঁ, মুক্ত হৈ নেযাওঁ, তেন্তে তাৰ প্ৰভুৱে তাক ঈশ্বৰৰ ওচৰলৈ লৈ যাব, আৰু তাক দুৱাৰ বা দুৱাৰৰ চৌকাঠৰ দুই দাঁতিৰ এডাললৈ নি, তাৰ প্ৰভুৱে বিন্ধনাৰে তাৰ কাণ বিন্ধিব; তেতিয়াৰে পৰা সি সদায় সেই প্ৰভুৰ বন্দী হৈ থাকিব।”—যাত্ৰাপুস্তক ২১:২-৬; লেবীয়া পুস্তক ২৫:৪২, ৪৩; দ্বিতীয় বিবৰণ ১৫:১২-১৮.
৩. (ক) প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে কেনে ধৰণৰ দাসত্বৰ অধীন হৈছিল? (খ) কিহে আমাক ঈশ্বৰৰ সেৱা কৰিবলৈ প্ৰেৰিত কৰে?
৩ ভৱিষ্যতে প্ৰকৃত খ্ৰীষ্টানসকলে কেনে ধৰণৰ দাসত্বৰ অধীন হʼব, সেই বিষয়ে ই এক পূৰ্বাভাস আছিল। উদাহৰণস্বৰূপে, বাইবেল লিখোঁতাসকল, পৌল, যাকোব, পিতৰ আৰু যিহূদাই নিজকে ঈশ্বৰ আৰু খ্ৰীষ্টৰ দাস বুলি সম্বোন্ধিত কৰিছিল। (তীত ১:১; যাকোব ১:১; ২ পিতৰ ১:১; যিহূদা ১) থিচলনীকীয়াৰ মণ্ডলীৰ খ্ৰীষ্টানসকলক সোঁৱৰাই পাঁচনি পৌলে কৈছিল যে তেওঁলোকে কেনেকৈ ‘জীৱনময় সত্য ঈশ্বৰৰ সেৱা কৰিবলৈ প্ৰতিমাবোৰৰ পৰা ঈশ্বৰলৈ উভটি আহিলে।’ (১ থিচলনীকীয়া ১:৯) কিহে তেওঁলোকক ঈশ্বৰৰ দাস হʼবলৈ প্ৰেৰিত কৰিলে? এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হʼলে ইস্ৰায়েল দাসজনক গৰাকীজনৰ সেৱা চিৰকাললৈকে কৰিবলৈ কিহে প্ৰেৰিত কৰিছিল, সেই বিষয়ে জানিব লাগিব। গৰাকীৰ প্ৰতি থকা প্ৰেমৰ দ্বাৰা প্ৰেৰিত হৈ তেওঁ তেনে নিৰ্ণয় লোৱা নাছিলনে? ঠিক সেইদৰে ঈশ্বৰৰ প্ৰতি থকা প্ৰেমে দাস হিচাপে থকা প্ৰকৃত খ্ৰীষ্টানসকলকো প্ৰেৰিত কৰে। আমি জীৱনময় সত্য ঈশ্বৰক জনা আৰু প্ৰেম কৰাৰ বাবে তেওঁক “সকলো মন ও সকলো প্ৰাণেৰে” সেৱা কৰিবলৈ আগবাঢ়ি আহোঁ। (দ্বিতীয় বিবৰণ ১০:১২, ১৩) ঈশ্বৰ আৰু খ্ৰীষ্টৰ দাস হোৱাৰ সৈতে কি সন্মিলিত আছে? ই আমাৰ দৈনন্দিন জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে?
“সকলোকে ঈশ্বৰৰ গৌৰৱৰ অৰ্থে কৰিবা”
৪. আমি কেনেকৈ ঈশ্বৰ আৰু খ্ৰীষ্টৰ দাস হৈছোঁ?
৪ দাস শব্দটোৰ অৰ্থ হৈছে “এজন ব্যক্তিয়ে আইনগতভাৱে এজন গৰাকীৰ সম্পূৰ্ণ অধীন হোৱা।” সেইদৰে আমিও নিজকে যিহোৱালৈ সমৰ্পিত কৰি বাপ্তিষ্মা লৈ আইনগতভাৱে তেওঁৰ এক বিশেষ লোক হৈ পৰিছোঁ। এই বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল, “তোমালোক নিজৰ নোহোৱা; কিয়নো তোমালোক মূল্যেৰে কিনা হলা।” (১ কৰিন্থীয়া ৬:১৯, ২০) অৱশ্যে, সেই মূল্য হৈছে যীচুৰ মুক্তিপণ বলিদান, যাৰ আধাৰত ঈশ্বৰে অভিষিক্ত বৰ্গ বা পাৰ্থিৱ আশা ৰাখা দাস হিচাপে আমাক গ্ৰহণ কৰিছে। (ইফিচীয়া ১:৭; ২:১৩; প্ৰকাশিত বাক্য ৫:৯) গতিকে আমি বাপ্তিষ্মা লোৱা দিনৰে পৰাই ‘যিহোৱাৰ হৈ পৰিলোঁ।’ (ৰোমীয়া ১৪:৮) যিহেতু আমাক যীচুৰ তেজৰ দ্বাৰা কিনা হৈছে, সেয়েহে আমি তেওঁৰো দাস হʼলোঁ আৰু তেওঁৰ আজ্ঞা পালন কৰাটো হৈছে আমাৰ অৱশ্য কৰ্তব্য।—১ পিতৰ ১:১৮, ১৯.
৫. যিহোৱাৰ দাস হোৱাৰ বাবে আমাৰ প্ৰধান কৰ্তব্য কি আৰু তাক কেনেকৈ সম্পন্ন কৰিব পাৰোঁ?
৫ দাসজনে অৱশ্যেই তেওঁৰ গৰাকীৰ আজ্ঞা পালন কৰা উচিত। প্ৰেমৰ দ্বাৰা প্ৰেৰিত হৈ আমিও স্বইচ্ছাৰে ঈশ্বৰৰ আজ্ঞাধীন হৈছোঁ। সেই বিষয়ে ১ যোহন ৫:৩ পদত এইদৰে কৈছে: “আমি যেন ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰোঁ, ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়েই; আৰু তেওঁৰ আজ্ঞাবোৰ ববলৈ গধুৰ নহয়।” গতিকে আমি দেখুৱা আজ্ঞাকাৰীতাই আমাৰ প্ৰেম আৰু অধীনতাৰ প্ৰমাণ দিয়ে। ই আমি কৰা সকলো কাৰ্য্যতে প্ৰকাশ পাই। এই বিষয়ে বাইবেলে এইদৰে কৈছে: “তোমালোকে ভোজন-পান আদি যি যি কৰ্ম্ম কৰা, সকলোকে ঈশ্বৰৰ গৌৰৱৰ অৰ্থে কৰিবা।” (১ কৰিন্থীয়া ১০:৩১) সেইবাবে আমি দৈনন্দিন জীৱনত কৰা সামান্য কাৰ্য্যবোৰতো ‘যিহোৱাৰ দাস্যকৰ্ম্ম’ হোৱাৰ প্ৰমাণ পোৱা আৱশ্যক।—ৰোমীয়া ১২:১১.
৬. যিহোৱাৰ সেৱক হোৱা বিষয়টোৱে আমি জীৱনত লোৱা নিৰ্ণয়ৰ ওপৰত কেনে প্ৰভাৱ পেলায়? এটা উদাহৰণ দি বৰ্ণনা কৰক।
৬ জীৱনত কোনো নিৰ্ণয় লোৱাৰ সময়ত যিহোৱাৰ ইচ্ছা কি, সেই বিষয়ে জানিবলৈ আমি গভীৰভাৱে বিবেচনা কৰা উচিত। (মলাখী ১:৬) কিয়নো কেতিয়াবা আমি লোৱা জটিল নিৰ্ণয়বোৰে যিহোৱাৰ প্ৰতি থকা আমাৰ আজ্ঞাকাৰীতাক পৰীক্ষিত কৰিব পাৰে। তেনে সময়ত আমি ‘কপটময় মনৰ’ ওপৰত ভাৰসা কৰিমনে বা তেওঁৰ সিদ্ধান্তৰ অনুসাৰে চলিম? (যিৰিমিয়া ১৭:৯) উদাহৰণস্বৰূপে, মেলীছা নামৰ এগৰাকী যুৱতীয়ে বাপ্তিষ্মা লোৱাৰ কিছু সময়ৰ পিছত এজন পুৰুষে তাইৰ প্ৰতি আগ্ৰহী হয়। ভনীগৰাকীৰ অনুসাৰে, পুৰুষজন দেখাত ভদ্ৰ আৰু বাইবেল অধ্যয়নো কৰিছিল। কিন্তু এজন প্ৰাচীনে তাইক “প্ৰভুত বিশ্বাস কৰা” জনালৈ বিয়া হোৱাৰ বিষয়ে পৰামৰ্শ দি সেই অনুসাৰে চলিবলৈ উৎসাহিত কৰিলে। (১ কৰিন্থীয়া ৭:৩৯; ২ কৰিন্থীয়া ৬:১৪) এই পৰামৰ্শ শুনি মেলীছাই কেনে প্ৰতিক্ৰিয়া দেখুৱালে, সেই বিষয়ে তাই এইদৰে কৈছে: “যদিও মোৰ বাবে এই পৰামৰ্শৰ অনুসাৰে চলাটো সম্ভৱ নাছিল, তথাপিও মোৰ জীৱন যিহোৱাক সমৰ্পিত কৰাৰ বাবে মই তেওঁৰ নিৰ্দ্দেশনা অনুসাৰে চলিবলৈ সিধান্ত লʼলো।” আগলৈ কি ঘটিল, সেই বিষয়ে সোঁৱৰি তাই এইদৰে কয়: “সেই পৰামৰ্শৰ অনুসাৰে চলাৰ বাবে মই নিজকে কৃতজ্ঞ বুলি অনুভৱ কৰিছোঁ। কিয়নো মই ভদ্ৰ বুলি ভবা পুৰুষজনে অলপ দিনৰ পিছত বাইবেল অধ্যয়ন কৰিবলৈ বাদ দিলে। যদি তেওঁৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাহʼলে আজি মই সত্যত নাথাকিলোঁহেঁতেন।”
৭, ৮. (ক) আমি কিয় মানুহক সন্তুষ্ট কৰাৰ বিষয়ে অধিক চিন্তিত হোৱা উচিত নহয়? (খ) মানুহৰ প্ৰতি থকা ভয় কেনেকৈ দূৰ কৰিব পাৰি, সেই বিষয়ে বৰ্ণনা কৰক।
৭ ঈশ্বৰৰ দাস হোৱা হেতুকে আমি মানুহৰ দাস হʼব নোৱাৰোঁ। (১ কৰিন্থীয়া ৭:২৩) এইটো সঁচা যে আমি সকলোৱে জনপ্ৰিয় হোৱাটো বিচাৰোঁ, কিন্তু আমি মনত ৰাখা উচিত যে জগতৰ তুলনাত খ্ৰীষ্টানসকলে পালন কৰা স্তৰবোৰ একেবাৰে ভিন্ন। সেইবাবে পাঁচনি পৌলে এইদৰে সুধিছিল: “মই এতিয়া মানুহৰ নে, নাইবা ঈশ্বৰৰ সন্তোষলৈ চাইছোঁ?” (গালাতীয়া ১:১০) আমি বন্ধু-বান্ধৱৰ প্ৰভাৱত পৰি মানুহক আনন্দিত কৰিব নোৱাৰোঁ। যদি আমি তেনে কোনো হেঁচাৰ সম্মুখীন হওঁ, তেন্তে কি কৰিব পাৰোঁ?
৮ স্পেইনত থকা এলীনা নামৰ এগৰাকী খ্ৰীষ্টান যুৱতীৰ বিষয়ে বিবেচনা কৰক। তাইৰ সৰহভাগ সহপাঠীয়ে ৰক্তদান কৰিছিল। সেই সহপাঠীসকলে ভালদৰে জানিছিল যে এলীনা এগৰাকী যিহোৱাৰ সাক্ষী যি ৰক্তদান বা গ্ৰহণ কৰাৰ বিষয়ক কেতিয়াও সমৰ্থন নকৰে। এবাৰ ক্লাচৰূমৰ সকলো ছাত্ৰীৰ আগত তাইৰ দৃষ্টিভঙ্গীৰ বিষয়ে কʼবলৈ সুযোগ পোৱাত এলীনাই স্বইচ্ছাৰে তাই পালন কৰা স্তৰৰ বিষয়ে কʼবলৈ আগ্ৰহ প্ৰকাশ কৰিলে। এই বিষয়ে তাই এইদৰে কয়: “মই যদিও আত্মপ্ৰত্যয়হীন হোৱা যেন অনুভৱ কৰিছিলোঁ, কিন্তু ভালদৰে প্ৰস্তুতি কৰি অহাৰ বাবে ইয়াৰ উত্তম ফলাফল পোৱা গʼল। মই পালন কৰা স্তৰসমূহৰ বিষয়ে জানিবলৈ পাই বহুতো সহপাঠীয়ে মোক সন্মান আৰু শিক্ষক-শিক্ষয়ত্ৰীসকলে প্ৰশংসা কৰিলে। যিহোৱাৰ নাম মহিমা আৰু শাস্ত্ৰীয় আধাৰৰ পৰা স্পষ্টকৈ সাক্ষী দিব পৰাৰ বাবে মই সন্তুষ্টি অনুভৱ কৰিলোঁ। (আদিপুস্তক ৯:৩, ৪; পাঁচনিৰ কৰ্ম্ম ১৫:২৮, ২৯) অৱশ্যে যিহোৱা ঈশ্বৰ আৰু যীচুৰ দাস হোৱাৰ বাবে আমি সকলোতকৈ ভিন্ন। গতিকে যদি আমি নম্ৰতাৰে নিজৰ বিশ্বাসৰ বাবে আনক জনাওঁ, তেন্তে তেওঁলোকৰ হৃদয় জয় কৰিব পাৰিম।—১ পিতৰ ৩:১৫.
৯. পাঁচনি যোহনক দেখা দিয়া স্বৰ্গদূতজনৰ পৰা আমি কি শিকিব পাৰোঁ?
৯ আমি যে ঈশ্বৰৰ দাস, এই কথাষাৰে আমাক নম্ৰ হʼবলৈ সহায় কৰিব। এবাৰ পাঁচনি যোহনে দৰ্শনত প্ৰতাপময় স্বৰ্গীয় যিৰূচালেম দেখি ইমানেই প্ৰভাৱিত হৈছিল যে, তেওঁ ঈশ্বৰৰ বক্তাস্বৰূপে অহা স্বৰ্গদূতজনক প্ৰণিপাত কৰিবলৈ তেওঁৰ চৰণত পৰিল। তেতিয়া দূতজনে তেওঁক এইদৰে কৈছিল: “সাৱধান, এনে নকৰিবা। ময়ো তোমাৰ সহদাস, আৰু তোমাৰ ভাই ভাববাদীসকলৰ আৰু এই পুস্তকত লিখা বাক্য পালন কৰোঁতাবিলাকৰো সহদাস; ঈশ্বৰকহে প্ৰণিপাত কৰা।” (প্ৰকাশিত বাক্য ২২:৮, ৯) সেই স্বৰ্গদূতজনে ঈশ্বৰৰ দাসবিলাকৰ বাবে কিযে এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে! তদুপৰি যীচুৱেও এইদৰে কৈছিল: “যি কোনোৱে তোমালোকৰ মাজত মহান হবলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ পৰিচাৰক হওক, আৰু যি কোনোৱে তোমালোকৰ মাজত শ্ৰেষ্ঠ হবলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ দাস হওক।” (মথি ২০:২৭, ২৮) এইহেতুকে আমি সকলোৱে যীচুৰ শিষ্য হোৱাৰ বাবে তেওঁৰ দাসস্বৰূপ হৈছোঁ।
“আমাৰ যি কৰ্ত্তব্য, তাকেহে কৰিলোঁ”
১০. বিশ্বাসী দাসবিলাকৰ বাবে ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে চলাটো যে সহজ নাছিল, সেই বিষয়ে কিছুমান উদাহৰণ দাঙি ধৰক।
১০ অসিদ্ধ মানৱৰ বাবে সদায়ে ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে চলাটো সহজ নহয়। উদাহৰণস্বৰূপে, ভৱিষ্যতবক্তা মোচিক যেতিয়া ঈশ্বৰে ইস্ৰায়েলসকলক ইজিপ্তৰ দাসত্বৰ পৰা মুক্তি কৰি আনিবলৈ আজ্ঞা দিছিল তেতিয়া তেওঁ সংকোচ বোধ কৰিছিল। (যাত্ৰাপুস্তক ৩:১০, ১১; ৪:১, ১০) সেইদৰে ঈশ্বৰে যোনাক নীনবিৰ লোকসকলৰ আগত ন্যায়-বিচাৰৰ বাৰ্ত্তা শুনাবলৈ কোৱাত তেওঁ “যিহোৱাৰ সম্মুখৰ পৰা তৰ্চীচলৈ পলাই” গৈছিল। (যোনা ১:২, ৩) ভৱিষ্যতবক্তা যিৰিমিয়াৰ চেক্ৰেটাৰী বাৰূকে পোৱা নিযুক্তিত নিৰুৎসাহিত হৈ আপত্তি কৰিছিল। (যিৰিমিয়া ৪৫:২, ৩) সেইদৰে আমাৰ ইচ্ছা বা অভিপ্ৰায়ে যদি ঈশ্বৰৰ পথত চলিবলৈ বাধা সৃষ্টি কৰে, তেন্তে আমি কেনে মনোবৃত্তি দেখুউৱা উচিত? এই বিষয়ে যীচুৱে দিয়া দৃষ্টান্তটোৰ পৰা শিক্ষা লওক।
১১, ১২. (ক) লূক ১৭:৭-১০ পদত উল্লেখ কৰা যীচুৰ দৃষ্টান্তটো চমূকৈ বৰ্ণনা কৰক। (খ) এই দৃষ্টান্তটোৰ পৰা আমি কেনে এক শিক্ষামূলক পাঠ শিকিব পাৰোঁ?
১১ যীচুৱে দাঙি ধৰা দৃষ্টান্তটোত এনে এজন দাসৰ সম্পৰ্কে আছিল যিজনে নিজৰ গৰাকীৰ মেৰৰ জাকটিক গোটেই দিন ধৰি চোৱাচিতা কৰিছিল। প্ৰায় ১২ ঘন্টা পৰিশ্ৰম কৰি যেতিয়া দাসজনে ঘৰলৈ উভটি আহে তেতিয়া গৰাকীজনে তেওঁক জিৰণি লৈ ভোজন-পান কৰিবলৈ আমন্ত্ৰণ কৰাৰ পৰিৱৰ্তে এইদৰে কয়: “মোৰ খোৱা বস্তু যুগুত কৰ, আৰু মই খাই বৈ, নেটাওঁমানে, কঁকালত কাপোৰ বান্ধি মোৰ আলপৈচান ধৰ; পাছে তয়ো খোৱা-বোৱা কৰিব পাৰ।” অৰ্থাৎ গৰাকীজনে খোৱা-বোৱা শেষ নকৰা পৰ্য্যন্ত তেওঁক সেৱা-শুশ্ৰূষা কৰিব লাগিছিল। এই দৃষ্টান্তটোৰ সামৰণি মাৰি যীচুৱে এইদৰে কৈছিল: “তোমালোককো যি যি আজ্ঞা কৰা হৈছে, সেই সকলোকে কৰি এঁটাই, আমি অনুপযোগী দাস, আমাৰ যি কৰ্ত্তব্য, তাকেহে কৰিলোঁ, এই কথা কবা।”—লূক ১৭:৭-১০.
১২ এই দৃষ্টান্তটোৰ দ্বাৰা যীচুৱে এইটো কʼব বিচৰা নাছিল যে যিহোৱা এজন অকৃতজ্ঞ ঈশ্বৰ। কিয়নো এই বিষয়ে আমি বাইবেলত এইদৰে পঢ়িবলৈ পাওঁ: “ঈশ্বৰৰ নামলৈ তোমালোকে দেখুউৱা প্ৰেম আৰু তোমালোকৰ পৰিশ্ৰম যে ঈশ্বৰে পাহৰিব, তেওঁ এনে অধাৰ্ম্মিক নহয়।” (ইব্ৰী ৬:১০) বৰঞ্চ, যীচুৱে কʼব বিচাৰিছিল যে দাসজনে নিজৰ ইচ্ছাক প্ৰথম স্থান দিব নোৱাৰে। সেইদৰে আমি যিহোৱাক নিজৰ জীৱন সমৰ্পিত কৰি অধীন হৈ তেওঁৰ দাস হৈ পৰিলোঁ। গতিকে আমিও নিজৰ নহয় কিন্তু তেওঁৰ ইচ্ছাকহে প্ৰথম স্থান দি চলা উচিত।
১৩, ১৪. (ক) কেনে উপলক্ষ্যত আমি আমাৰ স্বাভাৱিক প্ৰবৃত্তিক দমন কৰিবলগীয়া হয়? (খ) আমি কিয় ঈশ্বৰৰ ইচ্ছাক প্ৰথম স্থান দিয়া উচিত?
১৩ নিতৌ বাইবেল অধ্যয়ন আৰু ‘বিশ্বাসী বুদ্ধিমান দাসবৰ্গই’ প্ৰকাশ কৰা আলোচনীবোৰ পঢ়িবলৈ প্ৰচেষ্টাৰ আৱশ্যক। (মথি ২৪:৪৫) বিশেষকৈ যদি আমাৰ পঢ়াৰ অভ্যাস নাই বা আলোচনীখনত “ঈশ্বৰৰ গভীৰ” কথাৰ বিষয়ে বৰ্ণনা কৰা হৈছে, তেন্তে ই এক প্ৰত্যাহ্বানজনক হʼব পাৰে। (১ কৰিন্থীয়া ২:১০) গতিকে ব্যক্তিগত অধ্যয়নৰ বাবে সময় উলিওৱাটো আমাৰ বাবে উচিত নহʼবনে? ইয়াৰ বাবে হয়তো আমি নিজকে অনুশাসন কৰা প্ৰয়োজন যাতে অধ্যয়নৰ বাবে সময় অতিবাহিত কৰিব পাৰোঁ। যদি তেনে নকৰোঁ, তেন্তে আমি কেনেকৈ ‘সম্পূৰ্ণ বয়সীয়াবিলাকৰ বাবে থকা টান আহাৰৰ’ জ্ঞান লাভ কৰিব পাৰিম?—ইব্ৰী ৫:১৪.
১৪ গোটেই দিন কাম কৰি ভাগৰি ঘৰলৈ উভটি অহাৰ পিছত হয়তো সভাবোৰত উপস্থিত হʼবলৈ আমি অতিৰিক্ত প্ৰচেষ্টা কৰিবলগীয়া হʼব পাৰে। অথবা যদি প্ৰচাৰ কাৰ্য্যত অচিনাকী ব্যক্তিৰ সৈতে কথা-বতৰা পতা অভ্যাস নাই, তেন্তে কঠিন পৰিশ্ৰম কৰা আৱশ্যক। আনকি পাঁচনি পৌলেও কৈছিল যে কেতিয়াবা ‘ইচ্ছা নোহোৱাৰ স্বত্বেও’ প্ৰচাৰ কাৰ্য্য কৰিবলগীয়া হয়। (১ কৰিন্থীয়া ৯:১৭) যিয়েই নহওক, আমাৰ গৰাকী অৰ্থাৎ যিহোৱাৰ প্ৰতি থকা প্ৰেমে আমাক এই সকলোবোৰ কষ্ট সহন কৰি প্ৰস্তুত হʼবলৈ প্ৰেৰিত কৰিব। তদুপৰি অধ্যয়ন কৰিবলৈ, সভা আৰু প্ৰচাৰ কাৰ্য্যত উপস্থিত থাকিবলৈ আমি যি প্ৰচেষ্টা কৰিম, তাৰ বিনিময়ত সতেজ আৰু আত্মসন্তুষ্টি নহমনে?—গীত ১:১, ২; ১২২:১; ১৪৫:১০-১৩.
‘এৰি অহা বস্তুবোৰৰ’ প্ৰতি মনোযোগ নিদিব
১৫. ঈশ্বৰৰ প্ৰতি থকা অধীনতাৰ সম্বন্ধে যীচুৱে কেনে আৰ্হি প্ৰস্তুত কৰিলে?
১৫ যীচুৱে তেওঁৰ স্বৰ্গীয় পিতৃৰ অধীন হোৱাৰ এটি অত্যুত্তম আৰ্হি প্ৰস্তুত কৰিলে। যাৰ বিষয়ে তেওঁ শিষ্যবিলাকক এইদৰে কৈছিল: “মই মোৰ নিজৰ বাঞ্ছা পূৰ কৰিবলৈ নহয়, মোক পঠোৱা জনাৰহে বাঞ্ছা পূৰ কৰিবলৈ স্বৰ্গৰ পৰা নামি আহিছোঁ।” (যোহন ৬:৩৮) মৃত্যুৰ আগদিনা গেৎচিমানী বাগিছাত অতি ব্যাকুল হোৱাৰ সময়ত যীচুৱে এইদৰে প্ৰাৰ্থনা কৰি কৈছিল: “হে মোৰ পিতৃ, যদি হব পাৰে, তেন্তে এই পান-পাত্ৰ মোৰ পৰা দূৰ হওক; তথাপি মোৰ ইচ্ছাৰ দৰে নহয়, তোমাৰ ইচ্ছাৰ দৰেই হওক।”—মথি ২৬:৩৯.
১৬, ১৭. (ক) এৰি অহা বস্তুবোৰৰ প্ৰতি আমি কেনে মনোবৃত্তি ৰাখা উচিত? (খ) পাঁচনি পৌলে কেনেকৈ জাগতিক বস্তুবোৰ “হানি” বুলি দৃষ্টি কৰি যুক্তিসঙ্গতা প্ৰকাশ কৰিলে সেই বিষয়ে উল্লেখ কৰক।
১৬ সেইদৰে আমিও আমাৰ সমৰ্পণৰ অনুসাৰে জীৱন-যাপন কৰাটো যীচুৱে বিচাৰে। এই সম্পৰ্কে তেওঁ এইদৰে কৈছিল: “যি কোনোৱে নাঙলত হাত দি পাছফাললৈ ঘূৰি চায়, তেওঁ ঈশ্বৰৰ ৰাজ্যৰ উপযুক্ত নহয়।” (লূক ৯:৬২) যিহেতু ঈশ্বৰৰ দাস হোৱা হেতুকে আমি এৰি অহা বস্তুবোৰৰ প্ৰতি পুনৰাই মনোযোগ দিয়াটো উচিত নহʼব। বৰঞ্চ, ঈশ্বৰৰ দাস হোৱাৰ দ্বাৰা আমি যি আশীৰ্ব্বাদ পাইছোঁ তাক সযত্নে ৰাখা উচিত। যাৰ বিষয়ে পাঁচনি পৌলে ফিলিপীয়াত থকা খ্ৰীষ্টানসকলক এইদৰে কৈছিল: “মোৰ প্ৰভু খ্ৰীষ্ট যীচুৰ জ্ঞানৰ উত্তমতাৰ কাৰণে, মই সকলোকে হানি যেনহে মানিছোঁ।”—ফিলিপীয়া ৩:৮.
১৭ পাঁচনি পৌলে ঈশ্বৰৰ দাস হোৱাৰ দ্বাৰা পোৱা আধ্যাত্মিক আশীৰ্ব্বাদবোৰৰ তুলনাত ত্যাগ কৰা বস্তুবোৰক তেওঁ হানি যেন মানিছিল। তেওঁ কেৱল জাগতিক সুখ-বিলাসেই নহয়, কিন্তু ভৱিষ্যতে ইহুদী ধৰ্ম্মৰ পৰিচালক হোৱাৰ আশাকো ত্যাগ দিছিল। কল্পনা কৰক যে যদি পাঁচনি পৌল ইহুদী ধৰ্ম্মত আগবঢ়া হʼলে তেওঁ এদিন তেওঁৰ শিক্ষক গমলীয়েলৰ পুত্ৰ চিমোয়নৰ দৰে উচ্চ পদাধীকাৰি হৈ ইহুদীসকলৰ ধৰ্ম্মগুৰু হʼলহেঁতেন। (পাঁচনিৰ কৰ্ম্ম ২২:৩; গালাতীয়া ১:১৪) সা.যু. ৬৬-৭০ চনত ৰোমান সম্ৰাজ্যৰ বিৰুদ্ধে ইহুদী সকলে চলোৱা আন্দোলনৰ সময়ত তেওঁ ফৰীচিসকলৰ পৰিচালক আৰু মুখ্যপাত্ৰ হিচাপে নিৰ্ব্বাচিত হৈছিল। কিন্তু অনুমান কৰাৰ অনুসাৰে কোনো ভুল বুজাবুজিৰ বাবে ইহুদী বিৰোধী দলে বা ৰোমান সেনাৰ দ্বাৰা চিমোয়নক হত্যা কৰা হয়।
১৮. আধ্যাত্মিক কৃতকাৰ্য্যতাই কেনেকৈ বহুতো আশীৰ্ব্বাদ কঢ়িয়াই আনে, তাৰ এটা উদাহৰণ দিয়ক।
১৮ যিহোৱাৰ সাক্ষীসকলৰ বহুতে পাঁচনি পৌলে ৰাখা আৰ্হিক অনুকৰণ কৰিছে। উদাহৰণস্বৰূপে, জেইন নামৰ ভাইজনে এইদৰে কৈছে: “স্কুল শিক্ষা শেষ কৰা কিছু বছৰৰ পিছতে লণ্ডনৰ প্ৰসিদ্ধ উকীলজনৰ অফিচত কাৰ্য্যবাহী সচিব হিচাপে চাকৰি কৰিবলৈ সুযোগ পাইছিলোঁ। মই যদিও সেই চাকৰিত অধিক টকা উপাৰ্জন কৰি আনন্দিত হৈছিলোঁ, তথাপিও মই জানিছিলোঁ যে মই যিহোৱাৰ সেৱাত আৰু অধিক কৰিব পাৰোঁ। তেতিয়া মই চাকৰিৰ পৰা ইস্তীফা দি অগ্ৰগামী সেৱা কাৰ্য্যত যোগদান কৰিলোঁ। আজি ২০ বছৰৰ পূৰ্বে লোৱা নিৰ্ণয়ৰ বাবে মই সঁচাকৈ নিজকে ধন্য বুলি ভাবোঁ! কিয়নো পূৰ্ণ-সময় সেৱাৰ কাৰণে মই জীৱনত ইমানেই আনন্দিত আৰু উন্নত হোৱা অনুভৱ কৰিছোঁ, যি মোক তেনে চাকৰিয়ে কেতিয়াও দিব নোৱাৰিলেহেঁতেন। এজন ব্যক্তিৰ জীৱনত ঈশ্বৰৰ বাক্যই কৰা পৰিৱৰ্তনৰ তুলনাত আন একোৱেই আমাক আত্মসন্তুষ্টি প্ৰদান কৰিব নোৱাৰে। তেনে ধৰণৰ পৰিৱৰ্তনৰ অভিজ্ঞতা হোৱাটো বাস্তৱতে এক অতুলনীয় বিষয়। আমি যিহোৱাৰ বাবে কৰা কাৰ্য্যৰ বিনিময়ত পোৱা তেওঁৰ আশীৰ্ব্বাদসমূহ সকলোতকৈ মূল্যৱান।”
১৯. আমি কি সঙ্কল্প লোৱা উচিত আৰু কিয়?
১৯ যদিও সময়ৰ গতিত আমাৰ পৰিস্থিতিৰ সলনি হয়, তথাপিও ঈশ্বৰৰ প্ৰতি থকা আমাৰ সমৰ্পণত কোনো সাল-সলনি হোৱা উচিত নহয়। আমি এতিয়াও যিহোৱাৰ দাস হৈ আছোঁ আৰু আমাৰ শক্তি, দক্ষতা আৰু অন্যান্য গুণবোৰ কেনেকৈ ব্যৱহাৰ কৰোঁ, সেই বিষয়ে নিৰ্ণয় কৰাটো আমাৰ ওপৰত নিৰ্ভৰ কৰে। তথাপিও আমি যিয়েই নিৰ্ণয় নলওঁ কিয়, ই ঈশ্বৰৰ প্ৰতি থকা আমাৰ প্ৰেমক প্ৰভাৱিত কৰিব পাৰে। তদুপৰি আমি পৰাপক্ষত কিমান পৰ্য্যন্ত ত্যাগ কৰিবলৈ আগ্ৰহী, সেই বিষয়েও প্ৰকাশ কৰিব। (মথি ৬:৩৩) গতিকে আমি যিকোনো পৰিস্থিতিতে ঈশ্বৰলৈ আমাৰ উত্তমতা অৰ্পণ কৰাটো উচিত নহʼবনে? এই সম্পৰ্কে পাঁচনি পৌলে এইদৰে কৈছিল: “যদি প্ৰস্তুততা থাকে, তেন্তে শক্তি নথকাৰ দৰে নহয়, শক্তি থকাৰ দৰেহে গ্ৰাহ্য হয়।”—২ কৰিন্থীয়া ৮:১২.
‘তোমালোকে ফল পালা’
২০, ২১. (ক) ঈশ্বৰৰ দাসবিলাকে কেনে ধৰণৰ ফল উৎপন্ন কৰে? (খ) যিহোৱাই তেওঁৰ দাসবিলাকে দিয়া উত্তমতাৰ বিনিময়ত কেনে পুৰষ্কাৰ দিয়ে?
২০ ঈশ্বৰৰ দাস হোৱাৰ অৰ্থ দুখী মনেৰে জীৱন-যাপন কৰা নহয়। বৰঞ্চ, ইয়াৰ দ্বাৰা আমি এনে এক দাসত্বৰ পৰা মুক্তি লাভ কৰোঁ যি আমাৰ আনন্দ কাঢ়ি নিব পাৰে। এই বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “তোমালোক পাপৰ পৰা মুক্ত হৈ ঈশ্বৰৰ দাস হোৱাত, তোমালোকে পবিত্ৰতা-লাভলৈ ফল পালা; আৰু তাৰ শেষ অনন্ত জীৱন।” (ৰোমীয়া ৬:২২) আমি ঈশ্বৰৰ দাস হৈ পবিত্ৰতা, নৈতিকভাৱে শুদ্ধতা আৰু উত্তম আচাৰ-ব্যৱহাৰ বজাই ৰাখাৰ দ্বাৰা বহুতো উত্তম ফল লাভ কৰোঁ। তদুপৰি এনে ধৰণে কৰা অভ্যাসে আমাক অনন্ত জীৱনলৈ পৰিচালিত কৰিব।
২১ যিহোৱাই নিজৰ দাসবিলাকৰ সৈতে উদাৰতাৰে আচৰণ কৰে। আমি যেতিয়া তেওঁৰ সেৱাত উত্তমতা দিওঁ তেতিয়া তেওঁ “আকাশৰ দুৱাৰ মুকলি” কৰে আৰু “ঠায়ে নধৰাকৈ” আশীৰ্ব্বাদ প্ৰদান কৰে। (মলাখী ৩:১০) গতিকে চিৰকাললৈকে যিহোৱাৰ সেৱক হিচাপে সেৱা কৰিবলৈ পোৱাটো বাস্তৱতে এক আনন্দৰ বিষয় নহয়নে বাৰু! (w05 3/15)
আপোনাৰ মনত আছেনে?
• আমি কিয় ঈশ্বৰৰ দাস হʼলোঁ?
• আমি কেনেকৈ ঈশ্বৰৰ ইচ্ছাৰ অধীন হোৱা প্ৰমাণ দিওঁ?
• আমি কিয় যিহোৱাৰ ইচ্ছাক প্ৰথম স্থান দিবলৈ প্ৰস্তুত থকা উচিত?
• আমি কিয় ‘এৰি অহা বস্তুবোৰৰ’ প্ৰতি মনোযোগ দিয়া উচিত নহয়?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[১৪ পৃষ্ঠাৰ ছবি]
ইস্ৰায়েলৰ সমাজত থকা দাসত্বৰ বন্ধন, ভৱিষ্যতে খ্ৰীষ্টানসকলে দাস হৈ কাৰ্য্য কৰাৰ পূৰ্বাভাস আছিল
[১৫ পৃষ্ঠাৰ ছবি]
আমি বাপ্তিষ্মা লোৱা দিনৰ পৰাই তেওঁৰ দাস হৈ পৰিলোঁ
[১৫ পৃষ্ঠাৰ ছবিসমূহ]
প্ৰকৃত খ্ৰীষ্টানসকলে ঈশ্বৰৰ ইচ্ছাক প্ৰথম স্থান দিয়ে