নিজৰ নিমিত্তে নহয় কিন্তু আনৰ বাবে জীৱন-যাপন কৰা
নিজৰ নিমিত্তে নহয় কিন্তু আনৰ বাবে জীৱন-যাপন কৰা
‘খ্ৰীষ্টই সকলোৰে নিমিত্তে মৰিল, এই আশয়েৰে যেন জীৱন পোৱাবিলাকে নিজৰ নিমিত্তে আৰু নিজীয়ে।’—২ কৰিন্থীয়া ৫:১৫.
১, ২. যীচুৰ কেনে আজ্ঞাই প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলক স্বাৰ্থপৰতাৰ মনোভাৱক আঁতৰ কৰিবলৈ সহায় কৰিলে?
এয়া আছিল যীচুৱে পৃথিৱীত অতিবাহিত কৰা শেষ নিশা আৰু ইয়াৰ কিছু সময়ৰ পিছত তেওঁক নিজৰ জীৱন তেওঁত বিশ্বাস কৰাসকলৰ বাবে আহুতি দিবলগীয়া আছিল। সেই নিশা তেওঁ শিষ্যসকলৰ সৈতে বহুতো গুৰুত্বপূৰ্ণ বিষয়ত কথা-বতৰা হৈছিল। ইয়াৰে এটা আজ্ঞা এনে বৈশিষ্ট্যপূৰ্ণ গুণৰ সম্পৰ্কে আছিল যি শিষ্যসকলৰ পৰিচয় দাঙি ধৰিছিল। যীচুৱে এইদৰে কৈছিল: “মই তোমালোকক এটা নতুন আজ্ঞা দিওঁ যে, তোমালোকে যেন পৰস্পৰে প্ৰেম কৰা; মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও যেন পৰস্পৰে প্ৰেম কৰা। তোমালোকে যদি পৰস্পৰৰ মাজত প্ৰেম ৰাখা, তেন্তে তোমালোক যে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব।”—যোহন ১৩:৩৪, ৩৫.
২ প্ৰকৃত খ্ৰীষ্টানসকলে পৰস্পৰে ইজনে সিজনক নিস্বাৰ্থভাৱে প্ৰেম কৰা আৰু আনৰ হিতক প্ৰথম স্থান দিয়া উচিত। আনকি তেওঁলোকে “বন্ধুবিলাকৰ নিমিত্তে নিজৰ প্ৰাণ” দিবলৈও আগবাঢ়ি অহা উচিত। (যোহন ১৫:১৩) এই নতুন আজ্ঞাৰ প্ৰতি প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে কেনে মনোবৃত্তি প্ৰকাশ কৰিলে? এই বিষয়ে দ্বিতীয় শতিকাৰ প্ৰসিদ্ধ লিখক টাৰ্টুলিয়ানে নিজৰ এপলʼজি নামৰ জনাপৰিচিত কিতাপখনত এইদৰে মন্তব্য দিছিল: ‘তেওঁলোকে ইজনে সিজনৰ প্ৰতি প্ৰেম প্ৰকাশ আৰু নিজৰ প্ৰাণ দিবলৈও আগ্ৰহী আছিল।’
৩, ৪. (ক) আমি কিয় স্বাৰ্থপৰ মনোভাৱক আঁতৰ কৰা উচিত? (খ) এই লেখটোত কিহৰ বিষয়ে আলোচনা কৰা হʼব?
৩ সেইদৰে আমিও “ইজনে সিজনৰ ভাৰ বৈ, খ্ৰীষ্টৰ বিধান সম্পূৰ্ণকৈ পালন কৰা” উচিত। (গালাতীয়া ৬:২) কিয়নো স্বাৰ্থপৰ মনোভাৱে আমাক যীচুৰ আজ্ঞাক পালন আৰু সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তৰে যিহোৱাক প্ৰেম কৰাত বাধা দিয়ে। (মথি ২২:৩৭-৩৯) অসিদ্ধ মানৱ হোৱাৰ বাবে আমি সদায়ে নিজৰ বিষয়ে চিন্তা কৰোঁ। ইয়াৰ উপৰিও দৈনন্দিন জীৱনৰ চিন্তাধাৰা, স্কুল বা কৰ্ম্মস্থলত প্ৰতিদ্বন্দ্বিতামূলক মনোবৃত্তি আৰু আন বহুতো বিষয়বোৰে আমাৰ জীৱনটোক হেঁচি ধৰিছে। এনে মনোবৃত্তি দিনে দিনে অধিককৈ বৃদ্ধি হৈছে। এই বিষয়ে পাঁচনি পৌলে সতৰ্ক কৰি এইদৰে কৈছিল: “শেষ-কালত . . . মানুহবিলাকে নিজকে প্ৰীতি কৰোঁতা” হʼব।—২ তীমথিয় ৩:১, ২.
৪ পৃথিৱীত পৰিচৰ্য্যা কাৰ্য্য সমাপ্তি হোৱাৰ কিছু সময়ৰ পূৰ্বে যীচুৱে তেওঁৰ শিষ্যবিলাকক তিনিটা পদক্ষেপৰ বিষয়ে কৈছিল যি তেওঁলোকক স্বাৰ্থপৰ মনোভাৱক আঁতৰ কৰাত সহায় কৰিলে। সেই পদক্ষেপবোৰ কি আছিল আৰু আমি সেইবোৰৰ পৰা কেনেকৈ লাভৱান হʼব পাৰোঁ?
এক নিশ্চিত প্ৰতিকাৰ
৫. গালীল চহৰৰ উত্তৰ দিশে প্ৰচাৰ কৰাৰ সময়ত যীচুৱে তেওঁৰ শিষ্যবিলাকক কি কৈছিল আৰু সেই কথা তেওঁলোকক কিয় বিচলিত কৰি তুলাৰ কাৰণ আছিল?
৫ গালীল চহৰৰ উত্তৰ দিশে অৱস্থিত কৈচৰিয়া-ফিলিপীৰ কাষৰীয়া অঞ্চললৈ গৈ যীচুৱে প্ৰচাৰ কৰিছিল। সেই ঠাইখনৰ ওচৰে-পাজৰে থকা শান্তিময় পৰিৱেশ আৰু মনোৰম দৃশ্য চায় বিশ্ৰাম কৰি আনন্দ উপভোগ কৰাৰ উপযুক্ত সময় যেন বোধ হৈছিল। কিন্তু তেনে সময়তো যীচুৱে তেওঁৰ শিষ্যবিলাকক কৈছিল যে, “তেওঁ যিৰূচালেমলৈ গৈ বৃদ্ধলোক, প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলৰ পৰা অনেক দুখভোগ পাই, আৰু মৃত্যুভোগ কৰি তিন দিনৰ দিনা পুনৰায় উঠিব লাগিব।” (মথি ১৬:২১) এনে কথা শুনি যীচুৱে তেওঁৰ ৰাজ্য এই পৃথিৱীত স্থাপিত কৰিব বুলি আশা কৰা শিষ্যসকলে কিমান যে বিচলিত হৈছিল!—লূক ১৯:১১; পাঁচনিৰ কৰ্ম্ম ১:৬.
৬. যীচুৱে কিয় পিতৰক দৃঢ়ভাৱে অনুযোগ কৰিলে?
৬ তেতিয়াই পিতৰে যীচুক “এফলীয়াকৈ নি, অনুযোগ কৰিব ধৰিলে, বোলে, হে প্ৰভু, ঈশ্বৰে আপোনাক দয়া কৰক; সেয়ে আপোনালৈ কেতিয়াও নঘটিব।” কিন্তু যীচুৱে তেওঁক কেনে উত্তৰ দিলে? “তেওঁ ঘূৰি পিতৰক কলে, মোৰ পাছলৈ গুচি যা, চয়তান; তই মোৰ বিঘিনিস্বৰূপ; তই ঈশ্বৰৰ কথা নাভাবি, মানুহৰ কথাহে ভাবিছ।” যীচু আৰু পিতৰৰ মনোবৃত্তিৰ মাজত কিমান যে এক ভিন্ন প্ৰভেদতা দেখা গৈছিল! কিয়নো তেওঁ আগ্ৰহী হৈ ঈশ্বৰৰ কাৰ্য্য কৰিবলৈ স্বাৰ্থত্যাগী জীৱন-যাপন কৰাৰ পথ বাছি লৈছিল, যাৰ বাবে তেওঁক যাতনা স্তম্ভত মৃত্যুবৰণ কৰিবলগীয়া আছিল। ইয়াৰ বিপৰীতে পিতৰে “ঈশ্বৰে আপোনাক দয়া কৰক” বুলি কৈ আৰামদায়ক জীৱন-যাপন কৰিবলৈ যীচুক পৰামৰ্শ দিছিল। প্ৰকৃততে পিতৰে যীচুৰ মঙ্গল কামনা কৰিহে তেনে কৈছিল। তথাপিও যীচুৱে পিতৰক অনুযোগ কৰিছিল, কিয়নো তেওঁ নিজৰ নহয় কিন্তু চয়তানৰহে মনোভাৱ প্ৰকাশ কৰিছিল। তদুপৰি পিতৰে “ঈশ্বৰৰ কথা নাভাবি, মানুহৰ কথাহে” ভাবিছিল।—মথি ১৬:২২, ২৩.
৭. মথি ১৬:২৪ পদত যীচুৱে তেওঁৰ শিষ্যবিলাকে অনুকৰণ কৰা কেনে পদক্ষেপৰ বিষয়ে উল্লেখ কৰিছিল?
৭ আজিৰ সময়তো পিতৰে যীচুক কোৱা বাক্যবোৰৰ প্ৰতিৰূপ দেখিবলৈ পোৱা যায়। সাধাৰণতে জগতখনে এজন ব্যক্তিক কেৱল ‘নিজৰ বিষয়েহে ভাবিবলৈ’ নতুবা আৰামদায়ক জীৱন-যাপন কৰিবলৈ উৎসাহিত কৰে। কিন্তু ইয়াৰ বিপৰীতে যীচুৱে দিয়া পৰামৰ্শটো একেবাৰে ভিন্ন আছিল। তেওঁ শিষ্যসকলক এইদৰে কৈছিল: “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেন্তে তেওঁ নিজকে দমন কৰক, আৰু নিজৰ [যাতনা স্তম্ভ, NW] তুলি লৈ, মোৰ পাছে পাছে আহক।” (মথি ১৬:২৪) দ্য নিউ ইন্টাৰপ্ৰিৰ্টাছ্ বাইবেলৰ অনুসাৰে, “এই আমন্ত্ৰণ কোনো অন্য লোকৰ বাবে নহয় কিন্তু যীচুৰ শিষ্যবিলাকৰ বাবেহে আছিল।” শাস্ত্ৰত লিপিবদ্ধ কৰা যীচুৰ সেই তিনিটা পদক্ষেপ শিষ্যবিলাকে অনুকৰণ কৰা উচিত। আঁহক আমি তাৰ প্ৰত্যেকটোৰ বিষয়ে বিবেচনা কৰোঁহঁক।
৮. নিজকে দমন কৰাৰ অৰ্থ কি?
৮ সৰ্ব্বপ্ৰথমে, আমি নিজকে দমন কৰা উচিত। গ্ৰীক শব্দত “নিজকে দমন” কৰাৰ অৰ্থ হৈছে নিজৰ ব্যক্তিগত লাভ বা ইচ্ছাবোৰক ত্যাগ কৰা। কিন্তু ইয়াৰ অৰ্থ কেতিয়াবা কোনো বিশেষ মনোৰঞ্জন ত্যাগ কৰা বা সন্যাসী হোৱা অথবা আত্মঘাতী কৰাক নবুজায়। কিয়নো আমি ‘নিজৰ নিমিত্তে’ নহয় কিন্তু যিহোৱাৰ বাবেহে জীৱিত আছোঁ। (১ কৰিন্থীয়া ৬:১৯, ২০) ইয়াৰ উপৰিও আমি স্বাৰ্থপৰ হোৱাৰ পৰিৱৰ্তে ঈশ্বৰৰ সেৱা কৰা উচিত। তদুপৰি অসিদ্ধতা প্ৰবৃত্তিবোৰক দমন কৰি ঈশ্বৰৰ ইচ্ছা অনুসাৰে চলিবলৈ দৃঢ়সঙ্কল্প লোৱা উচিত। সমৰ্পণ আৰু বাপ্তিষ্মা লোৱাৰ সময়ৰে পৰা ঈশ্বৰলৈ একান্ত ভক্তি আগবঢ়াম বুলি আমি প্ৰতিজ্ঞা কৰোঁ। আমি তেতিয়াৰে পৰা জীৱনৰ বাকীছোৱা সমৰ্পণৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ চেষ্টা কৰা উচিত।
৯. (ক) যীচুৱে পৃথিৱীত থকাৰ সময়ছোৱাত যাতনা স্তম্ভই কিহক চিহ্নিত কৰিছিল? (খ) আমি কি অৰ্থত যাতনা স্তম্ভৰ বহন কৰোঁ?
৯ দ্বিতীয় পদক্ষেপটো হৈছে যাতনা স্তম্ভ তুলি লোৱা। প্ৰথম শতিকাত এজন ব্যক্তিয়ে যাতনা স্তম্ভ বহন কৰাৰ অৰ্থ আছিল, ক্লেশ, অপমান আৰু মৃত্যু পৰ্য্যন্তৰ সম্মুখীন হোৱা। প্ৰকৃততে অপৰাধী ব্যক্তিকহে যাতনা স্তম্ভত ওলোমাই শাস্তি দিয়া বা তেওঁৰ মৃত শৰীৰক সকলোৱে দেখাকৈ আঁৰি থোৱা হৈছিল। (যোহন ১৫:১৮-২০) বাস্তৱতে যীচুৱে এইটো কʼব বিচাৰিছিল যে এজন ব্যক্তিয়ে ক্লেশ, তাড়না, আনকি মৃত্যুৰ সম্মুখীন হʼবলৈও সাজু থকা উচিত। (যোহন ১৫:১৮-২০) যিহেতু আমি খ্ৰীষ্টান স্তৰসমূহ পালন কৰি জগতৰ পৰা পৃথকে থকাৰ বাবে জগতে আমাৰ ‘নিন্দা কৰিব পাৰে।’ (১ পিতৰ ৪:৪) এনে ধৰণৰ নিন্দাৰ পাত্ৰ আমি স্কুল, কৰ্ম্মস্থল আৰু পৰিয়ালতো হʼব পাৰোঁ। (লূক ৯:২৩) কিন্তু আমি নিজৰ নিমিত্তে জীৱন-যাপন নকৰাৰ বাবে ধৈৰ্য্যৰে তেনে ধৰণৰ নিন্দাৰ সম্মুখীন হʼব পাৰিম। এই সন্দৰ্ভত যীচুৱে এইদৰে কৈছিল: “যেতিয়া মানুহবিলাকে মোৰ কাৰণে তোমালোকক নিন্দা আৰু তাড়না কৰিব, আৰু তোমালোকৰ অহিতে মিছাকৈ, সকলো প্ৰকাৰ কুকথা কব, তেতিয়া তোমালোক ধন্য। আনন্দ কৰা, আৰু উল্লাসিত হোৱা; কিয়নো স্বৰ্গত তোমালোকৰ পুৰস্কাৰ অধিক আছে।” (মথি ৫:১১, ১২) দৰাচলতে, ঈশ্বৰৰ অনুমোদন প্ৰাপ্ত কৰাটো হৈছে এক অতি গুৰুত্বপূৰ্ণ বিষয়।
১০. নিৰন্তৰে যীচুক অনুকৰণ কৰাৰ সৈতে কি সন্মিলিত আছে?
১০ তৃতীয় পদক্ষেপটো হৈছে যীচুৰ পাছে পাছে অহা। ৱাইনচ্ এক্সপজিটেৰী ডিকশ্বন্ৰী অৱ নিউ টেষ্টামেন্ট ৱৰ্ডচৰ অনুসাৰে অনুকৰণ কৰাৰ অৰ্থ হৈছে কাৰোবাৰ সহগামী হোৱা, অৰ্থাৎ “একে পথত খোজ কাঢ়ি একেলগে যোৱা।” ইয়াৰ বিষয়ে ১ যোহন ২:৬ পদত এইদৰে পঢ়িবলৈ পাওঁ: “মই [ঈশ্বৰত] থাকোঁ, এই বুলি যি কোনোৱে কয়, [যীচুৱে] যেনে আচৰণ কৰিলে, তেৱোঁ তেনে আচৰণ কৰা উচিত।” (১ যোহন ২:৬) এই সম্পৰ্কে স্বয়ং যীচুৱে কেনে আৰ্হি প্ৰস্তুত কৰিলে? তেওঁ যিহোৱা আৰু শিষ্যবিলাকৰ প্ৰতি নিস্বাৰ্থ প্ৰেম দেখুৱালে। যাৰ বাবে পাঁচনি পৌলে এইদৰে কৈছিল: “খ্ৰীষ্টে নিজকে নিজে সন্তুষ্ট নকৰিলে।” (ৰোমীয়া ১৫:৩) তেওঁ ভোকাতুৰ বা ক্লান্ত হোৱাৰ স্বত্বেও আনৰ বাবে কৰা হিতজনক কাৰ্য্যক প্ৰথম স্থান দিলে। (মাৰ্ক ৬:৩১-৩৪) আনকি তেওঁ উৎসাহেৰে প্ৰচাৰ কাৰ্য্যতো ভাগ লৈছিল। গতিকে আমি তেওঁক অনুকৰণ কৰি ‘সকলো জাতিকে শিষ্য বনাবলৈ কোৱা আজ্ঞাক পালন কৰা উচিত নহয়নে?’ (মথি ২৮:১৯, ২০) জীৱনৰ সকলো ক্ষেত্ৰতে যীচুৱে উত্তম আৰ্হি ৰাখিলে আৰু আমি সকলোৱে তেওঁৰ “খোজৰ অনুগামী হোৱা” উচিত।
১১. আমি কিয় নিজকে অগ্ৰাহ্য আৰু যাতনা স্তম্ভ বহন কৰি নিৰন্তৰে যীচুৰ আৰ্হিক অনুকৰণ কৰা উচিত?
১১ নিৰন্তৰে আমি নিজকে অগ্ৰাহ্য আৰু যাতনা স্তম্ভ বহন কৰি যীচুৰ আৰ্হিক অনুকৰণ কৰাটো আমাৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয়। তেনে কৰিবলৈ আমাৰ স্বাৰ্থপৰ মনোভাৱে আমাক বাধা দিব পাৰে। আনকি যীচুৱে স্বয়ং এইদৰে কৈছিল: “যি কোনোৱে নিজৰ প্ৰাণ ৰক্ষা কৰিব খোজে, তেওঁ তাক হেৰুৱাব; কিন্তু যি কোনোৱে মোৰ নিমিত্তে নিজৰ প্ৰাণ হেৰুৱায়, তেওঁ তাক পাব। কাৰণ, কোনো মানুহে গোটেইখন জগত পায়ো যদি, নিজৰ প্ৰাণ হানি কৰে, তেন্তে তেওঁৰ কি লাভ? আৰু মানুহে নিজৰ প্ৰাণৰ সলনি বা কি দিব?”—মথি ১৬:২৫, ২৬.
আমি দুজন গৰাকীত খাটিব নোৱাৰোঁ
১২, ১৩. (ক) যীচুৰ ওচৰত পৰামৰ্শ বিচাৰি অহা ডেকা ধনৱান ব্যক্তিজনে কেনে বিষয়ত চিন্তিত আছিল? (খ) যীচুৱে তেওঁক কি কৰিবলৈ পৰামৰ্শ দিছিল আৰু কিয়?
১২ শিষ্যবিলাকে নিজকে অগ্ৰাহ্য কৰাৰ বিষয়ে যীচুৱে কোৱাৰ কিছু মাহৰ পিছত এজন ধনৱান ডেকা ব্যক্তিয়ে আহি এইদৰে সুধিছিল: “হে গুৰু, মই অনন্ত জীৱন পাবলৈ কি সৎকৰ্ম্ম কৰিব লাগে?” যীচুৱে তেওঁক একেৰাহে “আজ্ঞাবোৰ পালন” কৰিবলৈ কৈছিল। এনেতে ডেকা ব্যক্তিজনে এইদৰে কৈছিল: “মই এই সকলোকে পালন কৰিলোঁ।” দৰাচলতে, এই ব্যক্তিজনে ব্যৱস্থাত থকা সকলো আজ্ঞা পালন কৰাৰ বাবে যীচুক এইদৰে সুধিছিল: “মোৰ আৰু কি বাকী আছে?” তেতিয়া যীচুৱে তেওঁক এক বিশেষ আমন্ত্ৰণ জনাই কৈছিল: “তুমি যদি সিদ্ধ হবলৈ ইচ্ছা কৰা, তেন্তে তোমাৰ সৰ্ব্বস্ব বেচি, দৰিদ্ৰবিলাকক দান কৰা, তেহে স্বৰ্গত তোমাৰ ধন হব; আৰু আহাঁ, মোৰ পাছে পাছে চলাহি।”—মথি ১৯:১৬-২১.
১৩ যীচুৱে জানিছিল যে সেই ডেকা ব্যক্তিজনৰ বাবে সম্পূৰ্ণ মনেৰে যিহোৱাৰ সেৱা কৰাত তেওঁৰ ধন-সম্পত্তিয়ে বাধা সৃষ্টি কৰিছে। কিন্তু যীচুৰ প্ৰকৃত শিষ্যই ঈশ্বৰ আৰু ধন-সম্পত্তি এই দুয়োকে প্ৰথম স্থান, অৰ্থাৎ দুই গৰাকীত খাটিব নোৱাৰে। তদুপৰি যীচুৱে স্বয়ং কৈছিল যে, “ঈশ্বৰ আৰু ধন এই উভয়তে খাটিব” নোৱাৰে। (মথি ৬:২৪) আধ্যাত্মিক বিষয়বোৰৰ প্ৰতি ধ্যান কেন্দ্ৰিত কৰিবলৈ হʼলে তেওঁৰ ‘চকু নিৰ্ম্মল’ হোৱা আৱশ্যক। (মথি ৬:২২) নিজৰ ধন-সম্পত্তি দৰিদ্ৰক দান কৰাৰ অৰ্থ হৈছে আত্মবলিদানৰ কাৰ্য্য কৰা। সেই ডেকা ব্যক্তিজনক নিজৰ ধন-সম্পত্তি দান কৰাৰ বিনিময়ত এক বিশেষাধিকাৰৰ অংশীদাৰ, অৰ্থাৎ যীচুৰ সৈতে স্বৰ্গত অবিনাশী জীৱন লাভ কৰাৰ আমন্ত্ৰণ জনাইছিল। কিন্তু ডেকা ব্যক্তিজনে নিজকে অগ্ৰাহ্য কৰি আনৰ নিমিত্তে জীৱন-যাপন কৰিবলৈ ইচ্ছুক নাছিল। সেইবাবে তেওঁ “দুঃখিত হৈ গুচি গল; কিয়নো তেওঁ বহু ধন-সম্পত্তি থকা মানুহ আছিল।” (মথি ১৯:২২) ইয়াৰ বিপৰীতে যীচুৰ অন্য শিষ্যবিলাকে তেওঁৰ আমন্ত্ৰণৰ প্ৰতি উত্তমভাৱে সঁহাৰি জনালে।
১৪. চাৰিজন মাছমৰীয়াই যীচুৰ আমন্ত্ৰণৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱালে?
১৪ কিছু বছৰৰ আগতে যীচুৱে সেই একেই আমন্ত্ৰণ পিতৰ, আন্দ্ৰিয়, যাকোব আৰু যোহন নামৰ মাছমৰীয়া ব্যক্তিবিলাককো দিছিল। সেই সময়ত তেওঁলোকৰ দুজনে মাছ ধৰাত আৰু বাকী দুজনে জালবোৰ মেৰামত কৰাত ব্যস্ত আছিল। কিন্তু যেতিয়া যীচুৱে “তেওঁলোকক মানুহ ধৰা জালোৱাই কৰিম” বুলি আমন্ত্ৰণ দিছিল তেতিয়া তেওঁলোকে মাছ ধৰা বৃত্তি ত্যাগ কৰি যীচুক অনুকৰণ কৰিব ধৰিলে।—মথি ৪:১৮-২২.
১৫. বৰ্তমান সময়ৰ যিহোৱাৰ সাক্ষীসকলে যীচুক অনুকৰণ কৰিবলৈ কেনে স্বাৰ্থত্যাগ কৰিছে?
১৫ বৰ্তমান সময়ৰ বহুতো খ্ৰীষ্টানে সেই ধনী ব্যক্তিজনৰ দৰে নহয় কিন্তু চাৰিজন মাছমৰীয়াৰ দৰে পদক্ষেপ লৈছে। তেওঁলোকে যিহোৱাক সেৱা কৰাৰ উদ্দেশ্যৰে ধন-সম্পত্তি আৰু জাগতিক কাৰ্য্যত সফলতা প্ৰাপ্ত কৰাকো ত্যাগ কৰিছে। উদাহৰণস্বৰূপে, দেবৰা নামৰ এগৰাকী ভনীয়ে এইদৰে কয়: “বাইছ বছৰ বয়সত মই এক গম্ভীৰ নিৰ্ণয় লʼবলগীয়া হৈছিল। ছমাহ ধৰি মই বাইবেল অধ্যয়ন কৰাৰ পিছত যেতিয়া নিজৰ জীৱন যিহোৱাক সমৰ্পিত কৰিব বিচাৰিলোঁ তেতিয়া মোৰ পৰিয়ালে অতিশয় বিৰোধ কৰিব ধৰিলে। যিহেতু তেওঁলোক অতি ধনৱান লোক হোৱাৰ বাবে ভাবিছিল যে মই লোৱা এনে নিৰ্ণয়ে যেন তেওঁলোকৰ সামাজিক প্ৰতিষ্ঠাত কোনো প্ৰকাৰৰ দাগ নলগায়। তেওঁলোকে মোক সত্য বা বিলাসীতা জীৱনৰ মাজত যিকোনো এটা বাছি লʼবলৈ ২৪ ঘন্টা সময় দিলে। যদি মই যিহোৱাৰ সাক্ষীসকলৰ সৈতে থকা সম্বন্ধ ত্যাগ নকৰোঁ, তেন্তে মোৰ পৰিয়ালে মোক সকলো বিলাসীতাৰ পৰা বঞ্চিত কৰিব। জীৱনত তেনে গম্ভীৰ নিৰ্ণয় লʼবলৈ যিহোৱাই মোক কেৱল সহায়েই নহয়, কিন্তু মানসিক মনোবলো দৃঢ় কৰিলে। মই ৪২ বছৰ পূৰ্ণ সময়ৰ সেৱীকা হিচাপে কটালোঁ আৰু তাৰ বাবে কেতিয়াও অনুতাপ কৰা নাই। মোৰ পৰিয়ালে সন্তুষপ্ৰদ, সুখ-বিলাসীতা উপভোগ কৰা স্বত্ত্বেও অশান্তি আৰু উদ্দেশ্যহীন জীৱন-যাপন কৰা দেখি মই নিজকে কৃতজ্ঞ বুলি অনুভৱ কৰোঁ। মোৰ স্বামীৰ সৈতে মই প্ৰায় এশতকৈ অধিক ব্যক্তিক সত্যৰ পথত চলিবলৈ সহায় কৰিলোঁ। আজি ভৌতিক বস্তুৰ তুলনাত এই আধ্যাত্মিকভাৱে পোৱা সন্তানসকল মোৰ বাবে সকলোতকৈ মূল্যৱান।” ঠিক সেইদৰে আন লাখ লাখ যিহোৱাৰ সাক্ষীসকলেও তেনে অভিজ্ঞতা লাভ কৰিছে। তেনেদৰে আপুনিও অনুভৱ কৰিছেনে?
১৬. আমি যে আনৰ বাবে জীৱন-যাপন কৰিছোঁ এই বিষয়ে কেনেকৈ প্ৰকাশ কৰিব পাৰোঁ?
১৬ নিজৰ বাবে জীৱন-যাপন নকৰিবলৈ ৰাখা মনোবৃত্তিয়ে হাজাৰ হাজাৰ যিহোৱাৰ সাক্ষী ভাই-ভনীক পূৰ্ণ-সময়ৰ সেৱক হিচাপে কাৰ্য্য কৰিবলৈ প্ৰেৰিত কৰিলে। পূৰ্ণ-সময়ৰ সেৱক হিচাপে ভাগ নোলোৱা আন কিছুমান ভাই-ভনীয়ে অগ্ৰগামী মনোবৃত্তিৰে উৎসাহেৰে প্ৰচাৰ কাৰ্য্যত ভাগ লʼলে। পিতৃ-মাতৃসকলেও নিজৰ লʼৰা-ছোৱালীক আধ্যাত্মিকতাত ডাঙৰ-দীঘল কৰিবলৈ তেওঁলোকৰ ব্যক্তিগত বিষয়বোৰক ত্যাগ কৰি অধিক সময়ে প্ৰচাৰ কাৰ্য্যত অতিবাহিত কৰে। এইদৰে বা আন প্ৰকাৰে আমি সকলোৱে ঈশ্বৰৰ ৰাজ্যৰ কাৰ্য্যক প্ৰথম স্থান দিয়া উচিত।—মথি ৬:৩৩.
কাৰ প্ৰেমে আমাক সীমাবদ্ধ কৰিছে?
১৭. কিহে আমাক স্বাৰ্থত্যাগী মনোভাৱ প্ৰকাশ কৰিবলৈ প্ৰেৰিত কৰে?
১৭ আত্মত্যাগী প্ৰেম প্ৰকাশ কৰাটো কোনো সহজ কথা নহয়। তথাপিও কিহে আমাক এই মনোভাৱ প্ৰকাশ কৰিবলৈ প্ৰেৰিত কৰে, সেই বিষয়ে লক্ষ্য কৰক। এই সম্পৰ্কে পাঁচনি পৌলে এইদৰে কৈছিল: “খ্ৰীষ্টৰ প্ৰেমে আমাক সীমাবদ্ধ কৰি ৰাখিছে; কিয়নো আমি নিশ্চয় কৰিলোঁ যে, সকলোৰে নিমিত্তে এজনা মৰিল, . . . আৰু তেওঁ সকলোৰে নিমিত্তে মৰিল, এই আশয়েৰে যেন জীৱন পোৱাবিলাকে নিজৰ নিমিত্তে আৰু নিজী, তেওঁবিলাকৰ অৰ্থে মৃত্যুভোগ কৰা আৰু পুনৰুত্থিত হোৱা জনাৰ নিমিত্তেহে যেন জীয়ে।” (২ কৰিন্থীয়া ৫:১৪, ১৫) খ্ৰীষ্টৰ এই প্ৰেমে আমাক নিজৰ বাবে নহয় কিন্তু আনৰ বাবে জীবলৈ প্ৰেৰিত কৰে। এইটো এক কাৰ্য্যকাৰী প্ৰভাৱ নহয়নে বাৰু! আমাৰ বাবে যীচুৱে নিজকে বলিদান কৰাৰ কাৰণে আমি তেওঁৰ নিমিত্তে জীৱন-যাপন কৰাটো নৈতিক বাধ্য-বাধকতা বুলি অনুভৱ নকৰোঁনে? যিহেতু যিহোৱা আৰু যীচুৱে আমাৰ প্ৰতি তেনে গভীৰ প্ৰেম দেখুৱাৰ বাবে আমি নিজৰ জীৱন ঈশ্বৰক সমৰ্পিত কৰি যীচুৰ শিষ্য হৈ পৰিলোঁ।—যোহন ৩:১৬; ১ যোহন ৪:১০, ১১.
১৮. আত্মত্যাগী জীৱন-যাপন কৰাটো কিয় অৰ্থপূৰ্ণ?
১৮ প্ৰকৃততে আনৰ বাবে জীৱন-যাপন কৰাটো অৰ্থপূৰ্ণনে? লক্ষ্য কৰক যে সেই ডেকা ধনৱান ব্যক্তিজনে যীচুৱে দিয়া আমন্ত্ৰণ অগ্ৰাহ্য কৰি গুচি যোৱাৰ পিছত পিতৰে যীচুক কি সুধিছিল। তেওঁ এইদৰে সুধিছিল: “আমি সকলোকে এৰি আপোনাৰ পাছে পাছে আহিলোঁ; তেনেহলে আমি কি পাম?” (মথি ১৯:২৭) নিঃসন্দেহ, পিতৰ আৰু অন্য শিষ্যবিলাকে নিজকে ত্যাগ কৰি যীচুক অনুকৰণ কৰিছিল। তেনেহʼলে তেওঁলোকে কেনে পুৰষ্কাৰ পোৱাৰ যোগ্য আছিল? যীচুৱে কোৱাৰ মতে, তেওঁলোকে স্বৰ্গত তেওঁৰ সৈতে সহশাসক হোৱাৰ দায়িত্ব পাবলগীয়া আছিল। (মথি ১৯:২৮) সেই একেই সময়ত তেওঁ ইয়াকো কৈছিল যে প্ৰত্যেকজন শিষ্যই আশীৰ্ব্বাদ লাভ কৰিব। সেই বিষয়ে স্বয়ং যীচুৱে এইদৰে কৈছিল: “মই তোমালোকক স্বৰূপকৈ কওঁ মোৰ নিমিত্তে, আৰু শুভবাৰ্ত্তাৰ নিমিত্তে, ঘৰ বা ভাই-ভনী বা মাতৃ বা পিতৃ বা সন্তান বা মাটি এৰি, . . . এইবোৰৰ এশ গুণ, আৰু পৰকালত অনন্ত জীৱন নাপাব, এনে কোনো নাই।” (মাৰ্ক ১০:২৯, ৩০) বৰ্তমান আমি কৰা ত্যাগবোৰৰ তুলনাত অত্যধিক আশীৰ্ব্বাদ লাভ কৰিছোঁ। আমি ঈশ্বৰৰ ৰাজ্যৰ হিতৰ বাবে ত্যাগ কৰি আধ্যাত্মিক পিতৃ-মাতৃ, ভাই-ভনী আৰু সন্তান-সন্ততি পোৱা নাইনে? ক্ষন্তেক ভাবি চাওক সেই ধনৱান ডেকা ব্যক্তিজনৰ তুলনাত পিতৰে উত্তম আশীৰ্ব্বাদ পোৱা নাছিলনে?
১৯. (ক) প্ৰকৃত আনন্দ কিহৰ ওপৰত আধাৰিত? (খ) পৰৱৰ্তী লেখত কিহৰ বিষয়ে আলোচনা কৰা হʼব?
১৯ যীচুৱে বাক্য আৰু কাৰ্য্যৰে দেখুৱালে যে আনক সেৱা কৰাৰ দ্বাৰা কেনেকৈ আনন্দিত হʼব পাৰি। (মথি ২০:২৮; পাঁচনিৰ কৰ্ম্ম ২০:৩৫) আমি যেতিয়া নিজৰ নিমিত্তে জীৱন-যাপন নকৰি যীচুক অনুকৰণ কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়া আমাৰ জীৱনটো সন্তুষ্টিদায়ক আৰু নিকট ভৱিষ্যতে অনন্ত জীৱন পোৱাৰ আশা নিশ্চিত হৈ পৰে। নিঃসন্দেহ, আমি নিজকে অগ্ৰাহ্য কৰাৰ ফলস্বৰূপে যিহোৱা ঈশ্বৰ আমাৰ গৰাকী আৰু এইদৰে আমি তেওঁৰ সেৱক হৈ পৰোঁ। তেওঁৰ সেৱক হোৱাটো কিয় এক পুৰষ্কৃত বিষয়? ই আমাৰ জীৱনত লোৱা নিৰ্ণয়ত কেনেকৈ প্ৰভাৱ পেলাব পাৰে? এই বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰা হʼব। (w05 3/15)
আপোনাৰ মনত আছেনে?
• আমি কিয় স্বাৰ্থপৰ মনোভাৱক প্ৰতিৰোধ কৰা উচিত?
• আমি নিজকে অগ্ৰাহ্য কৰা, যাতনা স্তম্ভ বহন আৰু নিৰন্তৰে যীচুৰ আৰ্হিক অনুকৰণ কৰাৰ অৰ্থ কি?
• আমাক কিহে আনৰ নিমিত্তে জীৱন-যাপন কৰিবলৈ প্ৰেৰিত কৰে?
• আত্মবলিদান মনোভাৱ ৰাখি জীৱন-যাপন কৰাটো কিয় অৰ্থপূৰ্ণ?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[৯ পৃষ্ঠাৰ ছবি]
“হে প্ৰভু, ঈশ্বৰে আপোনাক দয়া কৰক”
[১১ পৃষ্ঠাৰ ছবি]
যীচুক অনুকৰণ কৰিবলৈ ডেকা ধনৱান ব্যক্তিজনক কিহে বাধা দিছিল?