Skip to content

Skip to table of contents

পিতৃ-মাতৃসকল, আপোনালোকৰ বহুমূলীয়া উত্তৰাধিকাৰীক ৰক্ষা কৰক

পিতৃ-মাতৃসকল, আপোনালোকৰ বহুমূলীয়া উত্তৰাধিকাৰীক ৰক্ষা কৰক

পিতৃ-মাতৃসকল, আপোনালোকৰ বহুমূলীয়া উত্তৰাধিকাৰীক ৰক্ষা কৰক

প্ৰজ্ঞাও তেনে ৰক্ষক; . . . প্ৰজ্ঞাই নিজৰ গৰাকীৰ জীৱন ৰক্ষা কৰে।—উপদেশক ৭:১২.

১. পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীক কিয় উপহাৰস্বৰূপে দৃষ্টি কৰা উচিত?

 এই জগতলৈ অহা নতুন শিশুটিত পিতৃ-মাতৃৰ ব্যক্তিত্ব আৰু গুণ দেখিবলৈ পোৱা যায়। সেয়েহে বাইবেলত শিশুবোৰক “যিহোৱাই দিয়া আধিপত্য” বুলি উল্লেখ কৰিছে। (গীত ১২৭:৩) কিয়নো যিহোৱা হৈছে এজন প্ৰকৃত জীৱনদাতা, যিজনে পিতৃ-মাতৃক এই বহুমূলীয়া উপহাৰটো প্ৰদান কৰিছে। (গীত ৩৬:৯) তেনেহʼলে পিতৃ-মাতৃসকল, এই বহুমূলীয়া উপহাৰটোৰ প্ৰতি আপোনালোকে কেনে মনোবৃত্তি দেখুৱা আৱশ্যক?

২. মানোহে পিতৃ হোৱা বিষয়ে জানিবলৈ পাই কেনে মনোবৃত্তি দেখুৱাইছিল?

অৱশ্যে তেনে ধৰণে পোৱা উপহাৰটোৰ প্ৰতি আপোনালোকে আলফুলকৈ যত্ন লোৱা প্ৰয়োজন। আজিৰ পৰা প্ৰায় ৩০০০ বছৰ পূৰ্বে মানোহ নামৰ ইস্ৰায়েলী পুৰুষজনক এজন স্বৰ্গদূতে আহি যেতিয়া তেওঁৰ পত্নীয়ে এটি লʼৰা উৎপন্ন কৰিব বুলি জনালে তেতিয়া তেওঁ কেনে মনোবৃত্তি দেখুৱাইছিল? এই শুভ সংবাদ পাই তেওঁ এইদৰে প্ৰাৰ্থনা কৰিছিল: “হে প্ৰভু, মিনতি কৰোঁ, আপুনি পঠোৱা ঈশ্বৰৰ সেই লোকক আমাৰ ওচৰলৈ পুনৰায় আহিব দিয়ক, আৰু যি লৰা জন্মিব, তালৈ আমি কি কৰিব লাগিব, তেওঁ তাক আমাক বুজাই দিয়ক্‌হি।” (বিচাৰকৰ্ত্তাবিলাক ১৩:৮) পিতৃ-মাতৃসকল, আপোনালোকে এই আৰ্হিৰ পৰা কি শিকিব পাৰে?

বৰ্তমান ঈশ্বৰৰ মাৰ্গদৰ্শন কিয় আৱশ্যক

৩. বৰ্তমান সময়ত লʼৰা-ছোৱালীক ডাঙৰ-দীঘল কৰিবলৈ কিয় যিহোৱাৰ মাৰ্গদৰ্শনৰ আৱশ্যক হৈছে?

বৰ্তমান সময়ত খ্ৰীষ্টান পিতৃ-মাতৃসকলৰ বাবে লʼৰা-ছোৱালীক ডাঙৰ-দীঘল কৰাৰ সম্বন্ধে যিহোৱা ঈশ্বৰৰ মাৰ্গদৰ্শন পোৱা অতি আৱশ্যক হৈ পৰিছে। কিয় আৱশ্যক হৈ পৰিছে? কিয়নো বাইবেলে কৈছে যে, “হে পৃথিবী আৰু সমুদ্ৰ, তোমালোকৰ সন্তাপ হব; কিয়নো চয়তান তোমালোকৰ তালৈ নামি গল; আৰু তাৰ কাল অলপ দেখি, সি অতি ক্ৰুদ্ধ হৈছে।” (প্ৰকাশিত বাক্য ১২:৭-৯, ১২) তদুপৰি সি “গুজৰি থকা সিংহৰ দৰে . . . কাক কেনেকৈ গ্ৰাস কৰিব পাৰিব, তাৰ উপায় বিচাৰি ফুৰিছে।” (১ পিতৰ ৫:৮) সাধাৰণতে সিংহই দুৰ্ব্বল আৰু নিঃসহায় জন্তুবোৰৰ ওপৰত আক্ৰমণ কৰে। সেইবাবে পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীৰ ৰক্ষাৰ বাবে যিহোৱাৰ মাগদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰা উচিত। আপোনালোকে নিজৰ লʼৰা-ছোৱালীৰ ৰক্ষাৰ বাবে কেনে ধৰণৰ প্ৰচেষ্টা কৰিছে?

৪. (ক) ওচৰে-পাজৰে ঘূৰি ফুৰা এটা সিংহৰ বিষয়ে জানিব পাৰি পিতৃ-মাতৃসকলে কেনে পদক্ষেপ লোৱা উচিত? (খ) সুৰক্ষাৰ বাবে লʼৰা-ছোৱালীক কিহৰ আৱশ্যক?

উদাহৰণস্বৰূপে, যদি এটা সিংহই ওচৰ-পাজৰে ঘূৰি ফুৰা বুলি জানিব পাৰিছে, তেন্তে আপুনি নিশ্চয়ে লʼৰা-ছোৱালীৰ ৰক্ষাৰ প্ৰতি সকলো প্ৰকাৰৰ যত্ন লʼব। ঠিক সেইদৰে চয়তানে আজি লোকসকলক যিহোৱাৰ অনুগ্ৰহৰ পৰা বঞ্চিত বা গ্ৰাস কৰিবলৈ সিংহৰ দৰে ঘূৰি ফুৰিছে। (ইয়োব ২:১-৭; ১ যোহন ৫:১৯) সি সহজে লʼৰা-ছোৱালীৰ ওপৰত আক্ৰমণ কৰিব পাৰে। গতিকে সি পাতি থোৱা ফান্দৰ পৰা ৰক্ষা পাবলৈ হʼলে লʼৰা-ছোৱালীবিলাকে যিহোৱাৰ বিষয়ে জনা আৰু আজ্ঞাকাৰীতা হʼবলৈ শিক্ষা গ্ৰহণ কৰা আৱশ্যক। এই গুৰুত্বপূৰ্ণ শিক্ষাৰ বিষয়ে বাইবেলে এইদৰে কৈছে: “একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক জনা, এয়েই অনন্ত জীৱন।” (যোহন ১৭:৩) তদুপৰি তেওঁলোকে যি শিকিছে সেই বিষয়ে বুজা আৰু তাৰ অনুসাৰে চলিবলৈ জ্ঞান থকা আৱশ্যক। যিহেতু “প্ৰজ্ঞাই নিজৰ গৰাকীৰ জীৱন ৰক্ষা” কৰাৰ বাবে পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীৰ হৃদয়ত সত্যতাৰ বীজ ৰোপণ কৰা উচিত। (উপদেশক ৭:১২) আপুনি ইয়াক কেনেদৰে কৰিব পাৰে?

৫. (ক) কেনেকৈ জ্ঞান প্ৰদান কৰিব পাৰি? (খ) জ্ঞানৰ গুৰুত্বতাৰ বিষয়ে হিতোপদেশ কিতাপখনে কেনেকৈ বৰ্ণনা কৰিছে?

লʼৰা-ছোৱালীৰ আগত ঈশ্বৰৰ বাক্য পঢ়ি শুনোৱা আৱশ্যক। কিন্তু কেৱল ঈশ্বৰৰ বাক্য পঢ়ি শুনোৱাৰ দ্বাৰা তেওঁলোকৰ মনত যে ঈশ্বৰৰ প্ৰতি প্ৰেম আৰু আজ্ঞাকাৰীতাৰ ভাৱনা উৎপন্ন হʼব, এনে নহয়। তেওঁলোকে ব্যক্তিগতভাৱে ইয়াৰ গুৰুত্বতাৰ বিষয়ে বুজি পোৱা আৱশ্যক। সেই বিষয়ে বুজিবলৈ এই উদাহৰণটো বিবেচনা কৰক। হয়তো পিতৃ-মাতৃয়ে লʼৰা বা ছোৱালীজনীক সোঁ আৰু বাওঁফালে চোৱাৰ পিছতহে ৰাস্তা পাৰ হʼবলৈ কয়। তথাপিও কিছুমান লʼৰা-ছোৱালীয়ে পিতৃ-মাতৃয়ে কোৱাৰ বিপৰীতে কাৰ্য্য কৰে। কিয় তেওঁলোকে তেনেদৰে কাৰ্য্য কৰে? হয়তো তেওঁলোকক গাড়ীয়ে আহি খুন্দা মৰাৰ বিষয়ে স্পষ্টকৈ কোৱা নহয়। যাৰ পৰিণামস্বৰূপে তেওঁলোকে “মুৰ্খতাৰে” কাৰ্য্য কৰি দুৰ্ঘটনাৰ সম্মুখীন হয়। জ্ঞান প্ৰদান কৰাৰ বাবে সময় আৰু ধৈৰ্য্যৰ আৱশ্যক। সেই জ্ঞান লাভ কৰাটো কিমান যে ব্যৱহাৰিক! এই বিষয়ে বাইবেলে এইদৰে কৈছে: “তেওঁৰ পথবোৰ সন্তোষজনক পথ, আৰু তেওঁৰ সকলো বাট শান্তিময়।”—হিতোপদেশ ৩:১৩-১৮; ২২:১৫.

শিক্ষা যি জ্ঞান প্ৰদান কৰে

৬. (ক) লʼৰা-ছোৱালীবিলাকে সদায়ে কিয় নভবা-নিচিন্তাকৈ কাৰ্য্য কৰে? (খ) তেওঁলোকক কেন ধৰণে আক্ৰমণ কৰা হৈছে?

প্ৰায়ে লʼৰা-ছোৱালীবিলাকে নভবা-নিচিন্তাকৈ পদক্ষেপ লোৱা দেখা যায়। এনে পদক্ষেপ তেওঁলোকে শিক্ষাৰ অভাৱৰ বাবে নহয় কিন্তু ভালদৰে বুজি নোপোৱাৰ বাবেহে লয়। আনহাতে চয়তানে লʼৰা-ছোৱালীবিলাকৰ অজ্ঞানতাৰ সুবিধা লʼবলৈ সুযোগ বিচাৰি ফুৰে। সি তেওঁলোকক জাগতিক হেঁচাৰ দ্বাৰা প্ৰভাৱিত কৰিব বিচাৰে। আনকি সি তেওঁলোকৰ পাপময় মনোবৃত্তিৰ দ্বাৰাও মন্দ কাৰ্য্য কৰিবলৈ প্ৰলোভিত কৰে। (আদিপুস্তক ৮:২১; গীত ৫১:৫) সেইবাবে পিতৃ-মাতৃসকলে মনত ৰাখা উচিত যে চয়তানে প্ৰধানকৈ লʼৰা-ছোৱালীবিলাকৰ ওপৰত কিয় আক্ৰমণ কৰে।

৭. লʼৰা-ছোৱালীক কেৱল ভাল বা বেয়াৰ বিষয়ে শিক্ষা প্ৰদান কৰাটোৱেই কিয় যথেষ্ট নহয়?

সাধাৰণতে পিতৃ-মাতৃসকলে কয় যে, লʼৰা-ছোৱালীক ভাল আৰু বেয়াৰ বিষয়ে নৈতিক শিক্ষা প্ৰদান কৰা হৈছে। তেওঁলোকে হয়তো লʼৰা বা ছোৱালীজনীক মিছা কথা নোকোৱা, চুৰ নকৰা বা বৈবাহিক বান্ধোনৰ বাহিৰত শাৰীৰিক সম্বন্ধ ৰখাটো অনুচিত বুলি কʼব পাৰে। যিহেতু তেওঁলোকে পিতৃ-মাতৃয়ে কোৱাৰ বাবেহে যে সেই আজ্ঞা পালন কৰিব, এনে নহয়। কিন্তু তেনে ধৰণৰ মন্দ কাৰ্য্যবোৰৰ পৰা আতৰি থাকিবলৈ তেওঁলোকৰ হৃদয় প্ৰেৰিত হোৱা উচিত। কিয়নো এইবোৰ হৈছে যিহোৱাৰ আজ্ঞা। গতিকে লʼৰা-ছোৱালীয়ে এইটো জনা আৱশ্যক যে আচলতে তেওঁলোকে ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰিছে।—হিতোপদেশ ৬:১৬-১৯; ইব্ৰী ১৩:৪.

৮. কেনে ধৰণৰ শিক্ষাই লʼৰা-ছোৱালীক বুদ্ধিমানপূৰ্বক কাৰ্য্য কৰিবলৈ সহায় কৰিব পাৰে?

বিশ্বব্ৰহ্মাণ্ডৰ জটিলতা, বিভিন্ন প্ৰকাৰৰ জীৱ-জন্তু আৰু সময় অনুযায়ী হোৱা ঋতু পৰিৱৰ্তনৰ বিষয়ে জ্ঞান লৈ লʼৰা বা ছোৱালীজনীয়ে সকলোতকৈ বুদ্ধিমান সৃষ্টিকৰ্ত্তাজনৰ প্ৰতি কৃতজ্ঞ হʼবলৈ শিকিব পাৰে। (ৰোমীয়া ১:২০; ইব্ৰী ৩:৪) তদুপৰি লʼৰা বা ছোৱালীজনীক ইয়াকো কোৱা উচিত যে ঈশ্বৰে তেওঁলোকক প্ৰেম কৰাৰ বাবে নিজৰ একমাত্ৰ পুত্ৰক বলিদান কৰি তেওঁলোকৰ বাবে অনন্ত জীৱনৰ পথ মুকলি কৰিলে। গতিকে তেওঁলোকে ঈশ্বৰৰ প্ৰতি আজ্ঞাকাৰী হৈ যেন তেওঁৰ মন আনন্দিত কৰে। তেতিয়াহে লʼৰা বা ছোৱালীজনীয়ে চয়তানৰ আক্ৰমণৰ সম্মুখীন হৈও যিহোৱাৰ সেৱা কৰিবলৈ পিছনুহুঁহকিব।—হিতোপদেশ ২২:৬; ২৭:১১; যোহন ৩:১৬.

৯. (ক) জীৱন-ৰক্ষক শিক্ষাৰ বাবে কিহৰ আৱশ্যক? (খ) পিতৃসকলক কি কৰিবলৈ নিৰ্দ্দেশনা দিয়া হৈছে আৰু ইয়াৰ সৈতে কি সন্মিলিত আছে?

লʼৰা বা ছোৱালীজনীক ৰক্ষাৰ কাৰণে দিয়া শিক্ষা আৰু যি সঠিক তেনে কাৰ্য্য কৰিবলৈ তেওঁলোকক উৎসাহিত কৰাৰ বাবে সময়, মনোযোগ আৰু কাৰ্য্যকাৰী পৰিকল্পনা বনোৱা আৱশ্যক। কিন্তু ইয়াৰ বাবে সৰ্বপ্ৰথমে পিতৃ-মাতৃসকলে ঈশ্বৰৰ মাৰ্গদৰ্শনৰ ওপৰত নিৰ্ভৰ হোৱা উচিত। এই বিষয়ে বাইবেলে এইদৰে কৈছে: “হে পিতৃবিলাক, . . . কিন্তু প্ৰভুৰ শিক্ষা আৰু চেতনাত তেওঁবিলাকক [লʼৰা-ছোৱালীবিলাকক] প্ৰতিপালন কৰা।” (ইফিচীয়া ৬:৪) আচলতে এই বাক্যশাৰীৰ অৰ্থ কি? গ্ৰীক মূল শব্দত “চেতনা” দিয়াৰ অৰ্থ হৈছে “শিক্ষাৰ প্ৰতি মনোযোগ দিয়া।” গতিকে পিতৃসকলে নিজৰ লʼৰা-ছোৱালীৰ মনত যিহোৱাৰ বিচাৰধাৰা বিকশিত কৰিবলৈ উৎসাহিত কৰা উচিত। যদি লʼৰা-ছোৱালীয়ে যিহোৱাৰ বিচাৰধাৰা বিকশিত কৰে, তেন্তে তেওঁলোকে সকলো মন্দ কাৰ্য্য কৰাৰ পৰা আঁতৰি থাকিব পাৰিব। ই তেওঁলোকৰ বাবে এক সুৰক্ষাৰ বিষয় নহয়নে বাৰু!

প্ৰেমৰ দ্বাৰা প্ৰেৰিত হোৱা মনোবাঞ্ছা

১০. প্ৰভাৱকাৰীৰূপে লʼৰা-ছোৱালীক শিক্ষা দিবলৈ হʼলে কিহৰ বিষয়ে জনা অতি আৱশ্যক?

১০ যদি আপুনি নিজৰ লʼৰা-ছোৱালীক যিহোৱাৰ শিক্ষাৰ দ্বাৰা প্ৰতিপালিত হোৱাটো বিচাৰিছে, তেন্তে আপুনি লোৱা পদক্ষেপ প্ৰেমৰ দ্বাৰা প্ৰেৰিত হোৱা আৱশ্যক। সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে উত্তম যোগাযোগ বনাই ৰাখা। আপোনাৰ লʼৰা-ছোৱালীয়ে কেনেকৈ জীৱন-যাপন কৰিছে আৰু তেওঁলোকৰ দৃষ্টিভঙ্গী কি, সেই বিষয়ে জানিবলৈ চেষ্টা কৰক। উপযুক্ত সময়ত তেওঁলোকৰ সৈতে কথা-বতৰা হʼবলৈ প্ৰচেষ্টা কৰক। কেতিয়াবা হয়তো আপোনালোকে তেওঁলোকৰ দৃষ্টিভঙ্গী বা বিচাৰধাৰাৰ বিষয়ে জানি আচৰিত হʼব পাৰে। কিন্তু মনত ৰাখক যে আপুনি সেইবোৰ শুনি যেন মানসিকভাৱে বিহ্বল হৈ নপৰে। তাৰ পৰিৱৰ্তে তেওঁলোকে যি কৈছে তাক মনোযোগেৰে শুনক।

১১. এটা লʼৰা বা এজনী ছোৱালীৰ মনত পিতৃ-মাতৃসকলে কেনেকৈ ঈশ্বৰৰ বিচাৰধাৰা বিকশিত কৰিব পাৰ?

১১ আপুনি হয়তো নিজৰ লʼৰা-ছোৱালীৰ আগত অনৈতিক কাৰ্য্যবোৰৰ সম্পৰ্কে থকা ঈশ্বৰৰ দৃষ্টভঙ্গীৰ বিষয়ে কেইবাৰো পঢ়ি শুনাইছে। (১ কৰিন্থীয়া ৬:১৮; ইফিচীয়া ৫:৫) ই হয়তো তেওঁলোকৰ মনত কিহে ঈশ্বৰৰ মন আনন্দিত কৰে আৰু নকৰে, সেই বিষয়েও প্ৰভাৱিত কৰিছে। কিন্তু তেওঁ বা তাইৰ মনত যিহোৱাৰ বিচাৰধাৰা উৎপন্ন কৰাটোৱেই যথেষ্ট নহয়। তেওঁলোকে যিহোৱাৰ আজ্ঞাবোৰৰ গুৰুত্বতাৰ বিষয়ে বুজি পোৱা উচিত। তেওঁলোকে ইয়াকো বুজি পোৱা উচিত যে যিহোৱাৰ আজ্ঞাবোৰ সঠিক, উত্তম আৰু তাৰ অনুসাৰে চলাটো হৈছে এক বিবেচনাশীল কাৰ্য্য। ‘তেওঁলোকৰ মনত’ যিহোৱাৰ বিচাৰধাৰা তেতিয়াহে বিকশিত হʼব বুলি কʼব পাৰি যেতিয়া আপুনি তেওঁলোকৰ সৈতে শাস্ত্ৰীয় পদবোৰৰ দ্বাৰা যুক্তি দাঙি ধৰি আলোচনা কৰিব।

১২. যৌন সম্বন্ধে উচিত দৃষ্টিভঙ্গী ৰাখিবলৈ পিতৃ-মাতৃয়ে কেনেকৈ নিজৰ সন্তাটিক সহায় কৰিব পাৰে?

১২ তেওঁলোকৰ সৈতে শাৰীৰিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰাৰ সময়ত আপুনি এইদৰে সুধিব পাৰে: “বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক ৰাখিব নোৱাৰা যিহোৱাৰ নিষেধাজ্ঞা পালন কৰি এজন ব্যক্তিয়ে দুখী হʼব বুলি তুমি ভাবানে?” এই বিষয়ে তেওঁ বা তাইৰ দৃষ্টিভঙ্গী কি, তাক দাঙি ধৰিবলৈ উৎসাহিত কৰক। সন্তান উৎপন্ন কৰা যিহোৱাৰ এই মহান প্ৰবন্ধৰ বিষয়ে আলোচনা কৰাৰ পিছত এইদৰে সুধিব পাৰে: “আমি আনন্দৰ পৰা বঞ্ছিত হোৱাটো ঈশ্বৰৰ ইচ্ছা বুলি তুমি ভাবানে? অথবা ঈশ্বৰৰ এনে ব্যৱস্থাই আমাৰ সুৰক্ষা আৰু সুখী জীৱনৰ বাবে দিয়া হৈছে বুলি ভাবানে?” (গীত ১১৯:১, ২; যিচয়া ৪৮:১৭) এই বিষয়ে লʼৰা-ছোৱালীয়ে কি ভাবিছে, তাক জানিবলৈ চেষ্টা কৰক। তাৰ পিছত আপুনি এনে অনৈতিক কাৰ্য্য কৰা এনে কিছুমান উদাহৰণ দাঙি ধৰিব পাৰে, যাৰ ফলত কেনেকৈ মানুহৰ জীৱনলৈ অশান্তি আৰু বেদনা উৎপন্ন হয়। (২ চমূৱেল ১৩:১-৩৩) তেনে ধৰণৰ যুক্তি দাঙি ধৰি ঈশ্বৰৰ দৃষ্টিভঙ্গী বুজিবলৈ সহায় কৰাৰ দ্বাৰা আপুনি তেওঁ বা তাইৰ মনত যিহোৱাৰ বিচাৰধাৰা উৎপন্ন কৰিবলৈ সক্ষম হʼব। তথাপিও আপুনি ইয়াতকৈ আৰু অধিক তেওঁলোকলৈ সহায় আগবঢ়াব পাৰে।

১৩. বুজিব পৰা অনুসাৰে যিহোৱাৰ আজ্ঞাবোৰক পালন কৰিবলৈ লʼৰা-ছোৱালীক কিহে প্ৰেৰিত কৰিব?

১৩ আপুনি কেৱল তেওঁ বা তাইক যিহোৱাৰ আজ্ঞা নমনাৰ পৰিণাম কেনে হʼব বুলি কোৱাৰ উপৰিও জীৱন-যাপন কৰা আমাৰ পদ্ধতিয়ে ঈশ্বৰৰ মনত কেনেকৈ আঘাত কৰে, সেই বিষয়ে শিক্ষা দিয়া উচিত। বাইবেলৰ পৰা দেখুৱাউক যে আমি ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে নচলি কেনেকৈ তেওঁৰ মনত আঘাত কৰিব পাৰোঁ। (গীত ৭৮:৪১) তদুপৰি আপুনি হয়তো এইদৰে সুধিব পাৰে: “তুমি কিয় পৰাপক্ষত যিহোৱাৰ মন আঘাত কৰাৰ পৰা আঁতৰি থাকিবা?” আগলৈ বৰ্ণনা কৰক যে, “কিয়নো ঈশ্বৰৰ প্ৰমুখ শত্ৰু চয়তানে অভিযোগ দি কৈছে যে আমি নিজৰ স্বাৰ্থপৰ ইচ্ছাক পূৰ কৰিবলৈহে ঈশ্বৰৰ সেৱা কৰোঁ।” তাৰ পিছত কওক যে, ইয়োব নামৰ ব্যক্তিজনে কেনেকৈ চয়তানে দিয়া অভিযোগক মিছা বুলি প্ৰমাণ কৰিলে। (ইয়োব ১:৯-১১; ২৭:৫) আপোনাৰ লʼৰা বা ছোৱালীজনীয়ে বুজি পোৱা উচিত যে কেনেকৈ তেওঁলোকৰ আচৰণে যিহোৱাৰ মন আনন্দিত বা আঘাত কৰিব পাৰে। (হিতোপদেশ ২৭:১১) এনে ধৰণৰ বহুতো গুৰুত্বপূৰ্ণ শিক্ষা আপুনি নিজৰ লʼৰা-ছোৱালীক মহান শিক্ষকজনৰ পৰা শিক্ষা লাভ কৰা a নামৰ কিতাপখনৰ পৰা দিব পাৰে।

উত্তম ফলাফলাবোৰ

১৪, ১৫. (ক) শিক্ষকজনৰ নামৰ কিতাপখনৰ কোন পাঠবোৰে লʼৰা-ছোৱালীবিলাকক পদক্ষেপ লʼবলৈ প্ৰেৰিত কৰিছে? (খ) এই কিতাপখন ব্যৱহাৰ কৰি আপুনি কেনে উত্তম ফলাফল লাভ কৰিছে? (তদুপৰি কিতাপখনৰ ৩০-৩১ পৃষ্ঠাত থকা বক্সটো চাওক।)

১৪ ক্ৰোৱেচিয়াৰ এজন ককাদেউতাই নিজৰ সাত বছৰীয়া নাতিয়েকৰ সৈতে শিক্ষকজনৰ পৰা লাভ কৰা কিতাপখন অধ্যয়ন কৰাৰ দ্বাৰা নাতিয়েকে কেনেদৰে প্ৰতিক্ৰিয়া দেখুৱালে, সেই বিষয়ে এইদৰে কৈছে: “মায়ে মোক কিবা এটা কাম কৰিবলৈ কৈছিল, কিন্তু মই তাক কৰিবলৈ বিচৰা নাছিলোঁ। তেতিয়া শিক্ষকজনৰ কিতাপখনৰ পৰা ‘আজ্ঞাকাৰীতাই আপোনাৰ জীৱন ৰক্ষা কৰে’ নামৰ পাঠটোৰ পৰা শিকা বিষয়টো মোৰ মনত পৰিল আৰু মই মাৰ ওচৰলৈ গৈ তেওঁৰ কথা শুনিম বুলি কʼলো।” সেই কিতাপখনৰ “আমি কিয় মিছা মাতিব নালাগে” নামৰ পাঠটোৰ বিষয়ে সংযুক্ত ৰাষ্ট্ৰৰ ফ্লোৰিডাত থকা দম্পতীহালে এইদৰে কৈছে: “ইয়াত উল্লেখ কৰা প্ৰশ্নবোৰৰ বাবে লʼৰা-ছোৱালীবিলাকে নিজৰ ভুল স্বীকাৰ কৰিবলৈ আগবাঢ়ি আহিছে। অন্যথা তেওঁলোকে কেতিয়াও নিজৰ ভুল স্বীকাৰ নকৰিলেহেঁতেন।”

১৫ শিক্ষকজনৰ নামৰ কিতাপখনত প্ৰায় ২৩০ খনতকৈ অধিক ছবি আৰু প্ৰত্যেকখন ছবি বা ছবিবোৰৰ তলত শিৰোনামা দিয়া আছে। এই ছবিবোৰে পেলোৱা প্ৰভাৱৰ বিষয়ে এগৰাকী মাতৃয়ে এইদৰে কৈছে: “মোৰ লʼৰাটিয়ে প্ৰত্যেকখন ছবি একাগ্ৰহতাৰে নোচোৱালৈকে পৰৱৰ্তী পৃষ্ঠাখন লুটিয়াই নাচায়।” আগলৈ তাই এইদৰে কৈছে: “ছবিবোৰ দেখাত কেৱল আকৰ্ষিতেই নহয় কিন্তু কাৰ্য্যকাৰী শিক্ষাও প্ৰদান কৰে। তদুপৰি সেইবোৰে লʼৰা-ছোৱালীবিলাকক প্ৰশ্ন সুধিবলৈ প্ৰেৰিত কৰে। সেই কিতাপখনত দাঙি ধৰা এটা ছবিত আন্ধাৰ কোঠাত এজন লʼৰাই টিভিত কিবা চাই থকা ছবিখন লক্ষ্য কৰি মোৰ লʼৰাটিয়ে এইদৰে সোধে: ‘মা, লʼৰাজনে টিভিত কি চাইছে?’ সি সোধা প্ৰশ্নৰ দ্বাৰা জানিব পৰা গৈছিল যে সি কিবা অনুচিত কাৰ্য্যৰ উমান পাইছে।” কিয়নো সেই ছবিখনৰ শিৰোনামাত এইদৰে লিখা আছে: “আমি কৰা সকলো কাৰ্য্যক কোনে লক্ষ্য কৰিব পাৰে?”

বৰ্তমান সময়ৰ বাবে গুৰুত্বপূৰ্ণ শিক্ষা

১৬. বৰ্তমান সময়ত লʼৰা-ছোৱালীবিলাকক কেনে শিক্ষা প্ৰদান কৰা উচিত আৰু কিয়?

১৬ লʼৰা-ছোৱালীবিলাকে নিজৰ গুপ্ত অঙ্গবোৰৰ উচিত আৰু অনুচিত ব্যৱহাৰৰ বিষয়ে জনা অতি আৱশ্যক। কিন্তু এনে বিষয়বোৰ আলোচনা কৰাটো ইমান সহজ নহয়। এগৰাকী সাংবাদিকে কৈছিল যে, তাই এনে এক পৰিৱেশৰ মাজত ডাঙৰ-দীঘল হৈছিল যʼত যৌন অঙ্গবোৰৰ বাবে অনুচিত শব্দ ব্যৱহাৰ কৰা হৈছিল। এই সম্বন্ধে নিজৰ লʼৰা-ছোৱালীক উচিত শিক্ষা দিয়া বিষয়ে ভাবি তাই এইদৰে লিখিছিল: “মই তেওঁলোকৰ সৈতে এই বিষয়ে খোলাখুলিকৈ আলোচনা কৰিম।” যদি পিতৃ-মাতৃসকলে যৌন সম্বন্ধীয় বিষয়ৰ সম্পৰ্কে লʼৰা-ছোৱালীৰ সৈতে আলোচনা কৰিবলৈ সংকোচ কৰে, তেন্তে ই বাস্তৱতে তেওঁলোকৰ লʼৰা-ছোৱালীৰ বাবে বিপদ চপাই আনিব পাৰে। যিহেতু অধিকাংশ লʼৰা-ছোৱালীয়ে এই বিষয়ে উচিত শিক্ষা নোপোৱাৰ বাবে যৌন উৎপীড়নৰ সম্মুখীন হʼবলগীয়া হৈছে। গতিকে মহান শিক্ষকজনৰ পৰা শিক্ষা লাভ কৰা নামৰ কিতাপখনত তেনে বিষয়বোৰক উপকাৰী আৰু উত্তমৰূপে প্ৰস্তুত কৰা হৈছে। তেওঁলোকক যৌন সম্বন্ধীয় বিষয়ে জ্ঞান প্ৰদান কৰাটো কোনো অশ্লীল বিষয় নহয়, কিন্তু সেই বিষয়ে নজনাৰ বাবেহে তেওঁলোকৰ জীৱন বিপদত পৰিব পাৰে।

১৭. নিজৰ লʼৰা-ছোৱালীক যৌন সম্বন্ধীয় বিষয়বোৰৰ শিক্ষা প্ৰদান কৰিবলৈ শিক্ষকজনক নামৰ কিতাপখনে পিতৃ-মাতৃসকলক কেনেকৈ সহায় কৰিছে?

১৭ এই কিতাপখনৰ ১০ অধ্যায়ৰ পৰা দুষ্ট আত্মিক প্ৰাণীবিলাকে এই পৃথিৱীলৈ আহি মানৱ সন্তানৰ পিতৃ হোৱাৰ বিষয়ে যেতিয়া আলোচনা কৰা হয়, তেতিয়া নিজৰ সন্তানটিক এইদৰে সুধিব পাৰে, যে, “যৌন-সম্পৰ্কৰ বিষয়ে তুমি কি জানা?” এই বিষয়ে পুনৰাই কিতাপখনত সৰল আৰু মাৰ্জিতভাৱে উত্তৰ দিয়া হৈছে। পিছলৈ কিতাপখনৰ ৩২ অধ্যায়ত যৌন উৎপীড়নকাৰী ব্যক্তিসকলৰ পৰা লʼৰা-ছোৱালীবিলাকক কেনেকৈ ৰক্ষা কৰিব পাৰি, সেই বিষয়ে উল্লেখ কৰা হৈছে। লʼৰা-ছোৱালীবিলাকৰ বাবে তেনে ধৰণৰ শিক্ষা প্ৰদান কৰাৰ আৱশ্যকতাৰ বিষয়ে বহুতে চিঠিৰ দ্বাৰা জনাইছে। এখন চিঠিত এগৰাকী মাতৃয়ে এইদৰে কৈছে: “যোৱা সপ্তাহত জাভান নামৰ মোৰ লʼৰাটিক শিশুৰোগ বিশেষজ্ঞৰ ওচৰলৈ লৈ যোৱাত বিশেষজ্ঞ গৰাকীয়ে গুপ্ত অঙ্গবোৰৰ বিষয়ে জাভানক শিক্ষা দিয়া হৈছেনে নাই বুলি সুধিছিল। জাভানক এই নতুন কিতাপখনৰ পৰা শিকোৱা হৈছে বুলি জানি বিশেষজ্ঞ গৰাকীয়ে অতি প্ৰভাৱিত হʼল।”

১৮. মূৰ্ত্তিপূজা আৰু ৰাষ্ট্ৰীয় পতাকাৰ মাজত থকা সম্পৰ্কৰ বিষয়ে শিক্ষকজনৰ নামৰ কিতাপখনে কেনেকৈ বৰ্ণনা কৰিছে?

১৮ অন্য এটা অধ্যায়ত নবুখদ্‌নেচৰে স্থাপন কৰা মুৰ্ত্তিক প্ৰণিপাত নকৰা তিনিজন ইব্ৰী যুৱকৰ বিষয়ে উল্লেখ কৰিছে। (দানিয়েল ৩:১-৩০) কিছুমানে হয়তো মূৰ্ত্তিপূজা আৰু ৰাষ্ট্ৰীয় পতাকাক চালাম কৰাৰ মাজত থকা সম্পৰ্কৰ বিষয়ে নুবুজিব পাৰে। লক্ষ্য কৰক যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন আলোচনীত সাক্ষ্যাৎকাৰ দিয়াৰ সময়ত এডৱাৰ্ড গেফনেই কি কৈছিল। তেওঁ কৈছিল যে, “স্কুলৰ প্ৰথমদিনাখন তেওঁৰ জীয়েকে শিকা নতুন প্ৰাৰ্থনা কেনেদৰে কৰা হয় বুলি সোধাত তাই সোঁহাতখন নিজৰ বুকুৰ ওপৰত ৰাখি অতি গৌৰৱেৰে কʼব ধৰিলে, ‘আমাৰ ৰাষ্ট্ৰীয় পতাকাক মই চালাম কৰিছোঁ।  . .’” আগলৈ তেওঁ কৈছিল: “তাই তেনেদৰে কৈ থাকোঁতে হঠাতে যিহোৱাৰ সাক্ষীসকলে কোৱা কথাবোৰ মোৰ মনলৈ আহিল। সৰুৰে পৰা কেনেকৈ লʼৰা-ছোৱালীৰ মনত দেশপ্ৰেমৰ ভাৱনা জাগাই তুলা হয় আৰু সেই বিষয়ে আজি প্ৰত্যেকখন স্কুলত তেনে ধৰণৰ কাৰ্য্যক্ৰমবোৰ আয়োজন কৰা স্পষ্টকৈ দেখিবলৈ পোৱা যায়।”

প্ৰচেষ্টাৰ ফলত পোৱা উত্তম পৰিণাম

১৯. লʼৰা-ছোৱালীক শিক্ষাদান কৰাত প্ৰচেষ্টা কৰি কেনে উত্তম ফলাফল পোৱা যায়?

১৯ আপুনি লʼৰা-ছোৱালীক শিক্ষা দিয়াৰ বাবে প্ৰচেষ্টা কৰি এক উত্তম ফলাফল পাব পাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কানচাচ্‌ চহৰত বাস কৰা এগৰাকী মাতৃয়ে পুতেকে লিখা চিঠিখন পঢ়ি তাইৰ চকুলো ওলাই আহিল। পুতেকে এইদৰে লিখিছিল: “মই সৰুৰে পৰা উত্তম শিক্ষাৰ পৰিৱেশত ডাঙৰ-দীঘল হোৱাৰ বাবে আজি মানসিকভাৱে স্থিৰে থাকিবলৈ সক্ষম হৈছোঁ। সঁচাকৈ এনে প্ৰচেষ্টাৰ বাবে আপোনাৰ আৰু দেউতাৰ প্ৰতি মই সদায়ে কৃতজ্ঞ।” এই মহান শিক্ষকজনৰ পৰা শিক্ষা লাভ কৰা নামৰ কিতাপখনে বহুতো পিতৃ-মাতৃক তেওঁলোকৰ বহুমূলীয়া উত্তৰাধিকাৰীক ৰক্ষা কৰিবলৈ সহায় আগবঢ়াব পাৰে।

২০. পিতৃ-মাতৃসকলে সদায়ে কি মনত ৰাখা উচিত আৰু ইয়ে তেওঁলোকৰ মনত কেনে প্ৰভাৱ পেলাব পাৰে?

২০ সকলো সময়তে আমাৰ লʼৰা-ছোৱালীবিলাকৰ প্ৰতি মনোযোগ দিয়া আৰু প্ৰচেষ্টাৰ আৱশ্যক। মনত ৰাখক যে তেওঁলোক সদায়ে সৰু হৈ নাথাকিব। গতিকে তেওঁলোকৰ সৈতে সকলো সময়ত থাকিবলৈ আৰু আৱশ্যকীয় শিক্ষাবোৰ দিবলৈ প্ৰচেষ্টা কৰক। যদি আপুনি তেনে প্ৰচেষ্টা কৰে, তেন্তে এদিন ইয়াৰ উত্তম ফলাফল পাব। আপোনাৰ প্ৰতি থকা তেওঁলোকৰ প্ৰেম অধিককৈ বৃদ্ধি হʼব। সদায়ে মনত ৰাখক যে আপোনাৰ লʼৰা-ছোৱালীবিলাক হৈছে ঈশ্বৰে দিয়া এক উপহাৰ। (গীত ১২৭:৩-৫) সেইবাবে তেওঁলোকক উপযুক্তৰূপে শিক্ষাদান কৰি ডাঙৰ-দীঘল কৰাটো হৈছে আপোনাৰ এক অত্যাৱশ্যকীয় কৰ্তব্য। (w05 4/1)

[ফুটনোট]

a যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত এই কিতাপখনৰ ৪০ অধ্যায়ৰ “ঈশ্বৰক কেনেকৈ আনন্দিত কৰিব পাৰি” নামৰ লেখটো চাওক।

আপুনি কেনেকৈ উত্তৰ দিব?

• বৰ্তমান পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীৰ ৰক্ষাৰ বাবে কি কৰিব পাৰে?

• কেনে ধৰণৰ শিক্ষাই জ্ঞান প্ৰদান কৰে?

• বৰ্তমান লʼৰা-ছোৱালীৰ সৈতে কেনে আৱশ্যকীয় বিষয়বোৰ আলোচনা কৰা উচিত?

• লʼৰা-ছোৱালীবিলাকক শিক্ষা দিবলৈ শিক্ষকজনক নামৰ কিতাপখনে কেনেকৈ পিতৃ-মাতৃসকলক সহায় কৰিছে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[৩০, ৩১ পৃষ্ঠাৰ বক্স/ছবিসমূহ]

সকলোৰে বাবে এখন কিতাপ

মহান শিক্ষকজনৰ পৰা শিক্ষা লাভ কৰা কিতাপখন পিতৃ-মাতৃ বা আন বয়সস্থসকলৰ সহায়ৰ বাবে তৈয়াৰ কৰা হৈছে, যাতে তেওঁলোকে লʼৰা-ছোৱালীৰ সৈতে যীচুৰ শিক্ষাবোৰ আলোচনা কৰিব পাৰে। যিসকল বয়সস্থ ব্যক্তিয়ে এই কিতাপখন পঢ়িলে, তেওঁলোকে এই কিতাপখনৰ পৰা শিকা বিষয়বোৰৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সেচ্‌ চহৰত থকা এজন ব্যক্তিয়ে এইদৰে কয়: “মহান শিক্ষকজনৰ পৰা শিক্ষা লাভ কৰা নামৰ কিতাপখন পঢ়িবলৈ একেবাৰে সহজ আৰু যি কোনো বয়সৰ লোকে ইয়াক পঢ়ি প্ৰেৰিত হʼব। মই যদিও ৭৬ বছৰীয়া, এই কিতাপখন পঢ়ি অতি আনন্দিত হৈছোঁ। যিহোৱাক ডেকা বয়সৰ পৰা সেৱা কৰা সকললৈ মোৰ অনেক ধন্যবাদ থাকিল।”

ইংলেণ্ডৰ লণ্ডন চহৰত বাস কৰা এগৰাকী পাঠিকাই এইদৰে কয়: “এই কিতাপখনত দিয়া সুন্দৰ দৃষ্টান্তবোৰ বাস্তৱতে পিতৃ-মাতৃ আৰু একেইদৰে লʼৰা-ছোৱালীৰো মন আকৰ্ষিত কৰে। ইয়াত দিয়া প্ৰশ্নবোৰ আৰু কিতাপখনৰ অলংকৃত প্ৰকৃততে আকৰ্ষণীয়, দেখাত সুন্দৰ। ইয়াৰ বিষয়বোৰ, যেনে, ৩২ অধ্যায়ত দিয়া ‘যীচুক কিদৰে প্ৰতিৰক্ষা কৰা হʼল,’ নামৰ লেখটো সঁচাকৈ হৃদয় স্পৰ্ষী।” আগলৈ মহিলা গৰাকীয়ে এইদৰে কয়: “নিঃসন্দেহ, যদিও এই কিতাপখন বিশেষকৈ যিহোৱাৰ সাক্ষীসকলৰ লʼৰা-ছোৱালীৰ বাবে তৈয়াৰ কৰা হৈছে, তথাপিও মই কল্পনা কৰিব পাৰোঁ যে এই কিতাপখনৰ এখন কপি লাভ কৰি শিক্ষক আৰু আনসকলে অৱশ্যেই আনন্দিত হʼব। মই ভৱিষ্যতে কিতাপখন ব্যৱহাৰ কৰিবলৈ অতি আগ্ৰহেৰে বাট চাই আছোঁ।”

আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাচাচুছেটচ্‌ নামৰ ঠাইত বাস কৰা এগৰাকী মহিলাই “সুপৰিকল্পিত ছবিবোৰৰ” বিষয়ে এইদৰে মন্তব্য দিয়ে: “মই লক্ষ্য কৰিব পাৰিছোঁ যে যদিও এই কিতাপখন লʼৰা-ছোৱালীৰ বাবে ছপা কৰা হৈছে, তথাপিও ইয়াত আলোচনা কৰা বিষয়বোৰে বয়সস্থসকলক যিহোৱা ঈশ্বৰৰ সৈতে বজাই ৰাখা তেওঁলোকৰ সম্বন্ধৰ বিষয়ে ভাবিবলৈ সহায় কৰিব পাৰে।”

“এই কিতাপখন পাই মই অতি আনন্দিত হৈছোঁ! এইখন কিযে এক উৎকৃষ্ট কিতাপ!” এই বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেইন নামৰ ঠাইত বাস কৰা এগৰাকী মহিলাই কয়। “এই কিতাপখন কেৱল লʼৰা-ছোৱালীৰ বাবেই নহয়, কিন্তু ঈশ্বৰৰ সন্তান হোৱা সকলোৰে বাবে আৱশ্যক। মই নাজানোঁ যে এই কিতাপখনে মোৰ অন্তৰৰ এনে কোনোবা আবেগীক অংশক কেনেকৈ উৎসাহিত কৰি শান্ত্বনা প্ৰদান কৰিছে যাৰ বাবে মই আন্তৰিক শান্তি লাভ কৰিব পাৰিছোঁ। মই মোৰ পিতৃ যিহোৱা ঈশ্বৰৰ একেবাৰে কাষত থকা যেনে অনুভৱ কৰিছোঁ। বহু সময়ৰ পৰা ভুগী থকা বেদনাবোৰ তেওঁ মোৰ পৰা আঁতৰ কৰিলে আৰু মোৰ সম্মুখত তেওঁৰ উদ্দেশ্যবোৰ অধিক স্পষ্ট হৈ পৰিল। মই সকলোকে এই কিতাপখন পঢ়িবলৈ আগ্ৰহ কৰিছোঁ।”

জাপানৰ কায়াত্‌ নামৰ চহৰত বাস কৰা এগৰাকী বৃদ্ধা মহিলাই তাইৰ নাতিনীয়েকসকলক এই কিতাপখন পঢ়ি শুনাই। মহিলা গৰাকীয়ে এইদৰে কয়: “‘সেই লʼৰাটোৱে কি কৰি আছে? সৰু ছোৱালীজনীক কিয় তিৰস্কাৰ কৰা হৈছে? এই মাতৃ গৰাকীয়ে কি কৰিছে? এই সিংহটোৰ বিষয়ে কি কʼব পাৰি?’ এই কিতাপখনে আমি আগ্ৰহী হোৱা বিষয়ে শিকাই আৰু মই লাইব্ৰেৰীত পোৱা সকলো কিতাপতকৈ এই কিতাপখন অধিক ভাল পাওঁ।”

কানাডাৰ কালগ্ৰী চহৰত বাস কৰা এজন পিতৃয়ে কয় যে, এই কিতাপখন লাভ কৰা মাত্ৰকে তেওঁৰ ছবছৰীয়া জীয়েক আৰু ন বছৰীয়া পুতেকক পঢ়ি শুনায়। আগলৈ তেওঁ এইদৰে কয়: “অতি কম সময়ৰ ভিতৰত এই কিতাপখন তেওঁলোকৰ অতি প্ৰিয় হৈ পৰিল। তেওঁলোকে অন্তৰৰ পৰা সেই প্ৰশ্নবোৰৰ উত্তৰ দিয়ে। তেওঁলোকে নিজকে অধ্যয়নৰ এটা অংশ বুলি ভাবে আৰু এই কিতাপখনে তেওঁলোকৰ নিজ মনোভাৱ মুকলিকৈ প্ৰকাশ কৰিবলৈ সুবিধা দিয়ে। মোৰ ছোৱালীজনীয়ে কয় যে সেইবোৰ যেন জীৱন্ত হৈ পৰিব। সেয়েহে তাই প্ৰত্যেক নিশা অধ্যয়ন কৰিবলৈ আগ্ৰহ কৰে।”

এটা অধ্যয়নৰ পিছত, এজন পিতৃয়ে এইদৰে কয়: “মই আৰু মোৰ লʼৰাটোৱে যিহোৱা ঈশ্বৰ আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে বহু সময় ধৰি কথোপকথন কৰোঁ। কিতাপখনৰ পৰা শিকা বিষয়বোৰত আধাৰিত কৰি সি বহুতো প্ৰশ্ন সোধে। যেতিয়া সি মোক ৰাতি শুভৰাত্ৰি বুলি কৈ সোধে যে, ‘দেউতা আমি পুনৰাই তেনেদৰে কথা পাতিমনে? কিয়নো যিহোৱাৰ বিষয়ে সকলোবোৰ জানিবলৈ মোৰ বহুতো প্ৰশ্ন আছে।’ তেতিয়া মোৰ চকুপানী ওলাই আহে।”

[২৯ পৃষ্ঠাৰ ছবিসমূহ]

শিক্ষকজনৰ কিতাপখনত থকা ছবি আৰু শিৰোনামাবোৰে এক প্ৰভাৱশালী শিক্ষা প্ৰদান কৰে

অননিয়ে পিতৰৰ আগত কেনে ধৰণৰ মিছা কথা কৈছিল?

আমি কৰা সকলো কাৰ্য্যক কোনে লক্ষ্য কৰিব পাৰে?