Skip to content

Skip to table of contents

প্ৰথম চমূৱেল কিতাপৰ আলোকপাত

প্ৰথম চমূৱেল কিতাপৰ আলোকপাত

যিহোৱাৰ বাক্য জীয়া

প্ৰথম চমূৱেল কিতাপৰ আলোকপাত

যিহোচূৱাই সম্পূৰ্ণকৈ প্ৰতিজ্ঞাত দেশ অধিকাৰ কৰাৰ প্ৰায় তিনিশ বছৰ, অৰ্থাৎ সা.যু.পূ. ১১১৭ চনত ইস্ৰায়েলৰ বৃদ্ধ লোকসকলে যিহোৱাৰ ভৱিষ্যতবক্তাৰ ওচৰলৈ আহি এক উল্লেখনীয় অনুৰোধ কৰিলে। ভৱিষ্যতবক্তাজনে সেই বিষয়ে প্ৰাৰ্থনাৰ দ্বাৰা জনালে আৰু যিহোৱা ঈশ্বৰে তেওঁলোকে বিচৰা অনুসাৰে কৰিবলৈ অনুমতি দিলে। স্পষ্টকৈ ইয়াতেই বিচাৰকৰ্ত্তাবিলাকৰ সময়ৰ অন্ত পৰিল আৰু মানৱীয় ৰজাৰ সৈতে এক নতুন যুগ আৰম্ভ হʼল। বাইবেলৰ প্ৰথম চমূৱেল কিতাপত ইস্ৰায়েলৰ ইতিহাসত ঘটা উল্লেখনীয় ঘটনাবোৰৰ বিষয়ে বিৱৰণী দিয়া হৈছে।

প্ৰথম চমূৱেল কিতাপখন চমূৱেল, নাথন, গাদ নামৰ ভৱিষ্যতবক্তাসকলে লিখি সম্পূৰ্ণ কৰাত সা.যু.পূ ১১৮০ চনৰ পৰা সা.যু.পূ. ১০৭৮ চনলৈ, অৰ্থাৎ ১০২ বছৰ লাগিল। (১ বংশাৱলি ২৯:২৯) ইয়াত ইস্ৰায়েলৰ চাৰিজন প্ৰধান ব্যক্তিৰ বিষয়ে বিৱৰণী দিয়া হৈছে। তেওঁলোকৰ দুজনে বিচাৰকৰ্ত্তা হিচাপে কাৰ্য্য কৰিছিল আৰু বাকী দুজন ৰজা আছিল; চাৰিজনৰ দুজন যিহোৱাৰ আজ্ঞাকাৰী আৰু আন দুজন অৱজ্ঞাকাৰী আছিল। তদুপৰি ইয়াত আমি দুগৰাকী আদৰ্শমূলক স্ত্ৰীৰৰ বিষয়ে জানিবলৈ পাম যিসকল সাহসী কিন্তু সজ যোদ্ধা আছিল। এনে উদাহৰণবোৰে আমাক মনোবৃত্তি আৰু কাৰ্য্যপদ্ধতিৰ বিষয়ে শিক্ষাদান কৰে যিয়ে আমাক কোনটো আৰ্হিক অনুকৰণ আৰু কোনটোক পৰিহাৰ কৰা আৱশ্যক, সেই বিষয়ে বুজাত সহায় কৰে। প্ৰথম চমূৱেলৰ বিৱৰণীয়ে আমাৰ আচৰণ আৰু মনোবৃত্তিক প্ৰভাৱিত কৰিব পাৰে।—ইব্ৰী ৪:১২.

এলীৰ পিছত চমূৱেল বিচাৰকৰ্ত্তা হোৱা

(১ চমূৱেল ১:১-৭:১৭)

ফল চপোৱাৰ পৰ্ব্বৰ সময়ছোৱাত ৰামাৰ নিবাসী হান্না আনন্দত উল্লাসিত হৈছিল। a কিয়নো যিহোৱাই তাইৰ প্ৰাৰ্থনা শুনিলে আৰু তাই এক পুত্ৰ সন্তান জন্ম দিলে। প্ৰতিজ্ঞা কৰা অনুসাৰে হান্নাই তাইৰ পুত্ৰ চমূৱেলক “যিহোৱাৰ গৃহলৈ লৈ গল।” তাইৰ সেই লʼৰাটিয়ে “এলী পুৰোহিতৰ আগত যিহোৱাৰ পৰিচৰ্য্যা কৰিবলৈ ধৰিলে।” (১ চমূৱেল ১:২৪; ১ চমূৱেল ২:১১) চমূৱেল কম বয়সীয়া থাকোঁতেই যিহোৱাই তেওঁৰ সৈতে কথোপকথন হʼল আৰু তেওঁক এলীৰ ঘৰখনৰ অহিতে কৰিবলগীয়া ঈশ্বৰৰ ন্যায় বিচাৰৰ বিষয়ে জনালে। চমূৱেল ডাঙৰ হৈ অহাত ইস্ৰায়েলৰ লোকবিলাকে তেওঁক যিহোৱাৰ ভৱিষ্যতবক্তা বুলি চিনিব পাৰিলে।

এটা সময়ত পলেষ্টীয়াবিলাকে আহি ইস্ৰায়েলৰ অহিতে যুদ্ধ কৰি এলীৰ দুজন পুতেকক বধ কৰিলে আৰু যিহোৱাৰ নিয়ম-চন্দুক লৈ গʼল। এই বাৰ্ত্তা পায় বৃদ্ধ এলীৰ মৃত্যু হʼল। তেওঁ “চল্লিশ বছৰলৈকে ইস্ৰায়েলৰ বিচাৰ কৰিছিল।” (১ চমূৱেল ৪:১৮) যিহোৱাৰ নিয়ম-চন্দুক পলেষ্টীয়াবিলাকে অধিকাৰত ৰাখাত তেওঁলোকৰ বাবে ধ্বংসাত্মক প্ৰমাণিত হʼল আৰু সেই নিয়ম-চন্দুক ইস্ৰায়েলসকললৈ উভটাই পঠোৱা হʼল। এতিয়া চমূৱেলে ইস্ৰায়েলৰ বিচাৰকৰ্ত্তা আৰু দেশখন শান্তিৰে বিৰাজ কৰিছে।

শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:

২:১০—ইস্ৰায়েলত কোনো মানৱীয় ৰজা নথকাৰ স্বত্ত্বেও হান্নাই কিয় “তেওঁৰ ৰজাক বল” দিবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল? ইস্ৰায়েলসকলৰ সেই মানৱীয় ৰজাজনৰ বিষয়ে মোচিৰ ব্যৱস্থাত ভৱিষ্যতবাণী কৰা হৈছিল। (দ্বিতীয় বিবৰণ ১৭:১৪-১৮) মৃত্যু শৰ্য্যাত থকাৰ সময়ছোৱাত যাকোবে এইদৰে ভৱিষ্যতবাণী কৰিছিল: “যিহূদাৰ পৰা ৰাজদণ্ড [এক ৰাজকীয় শাসনৰ চিহ্ন] নেযাব।” (আদিপুস্তক ৪৯:১০) তদুপৰি চাৰা, অৰ্থাৎ ইস্ৰায়েলসকলৰ কুলমাতৃৰ বিষয়ে যিহোৱাই এইদৰে কৈছিল: “নানা দেশৰ ৰজাবিলাকো তেওঁৰ পৰাই উৎপন্ন হব।” (আদিপুস্তক ১৭:১৬) সেয়েহে হান্নাই ভৱিষ্যতে হʼবলগীয়া ৰজাজনৰ বিষয়ে প্ৰাৰ্থনা কৰিছিল।

৩:৩—চমূৱেলে বাস্তৱতে অতি পবিত্ৰ স্থানত শুইছিলনে? তেওঁ অৱশ্যেই শুৱা নাছিল। কিয়নো চমূৱেল অপুৰোহিত কহাতৰ বংশীয় লেবী ব্যক্তি আছিল। (১ বংশাৱলি ৬:৩৩-৩৮) সেইবাবে “অতি পবিত্ৰস্থানৰ ওচৰ” চাপিবৰ অধিকাৰ নাছিল। (গণনা পুস্তক ৪:১৭-২০) তেওঁ কেৱল মন্দিৰৰ চোতালৰ অংশত যাব পাৰিছিল। তাত তেওঁক শুব লাগিছিল। এলীও সম্ভৱতঃ চোতালৰ কোনো এটা অংশত শুইছিল। ইয়াত উল্লেখ কৰা “ঈশ্বৰীয় চন্দুক থকা” উক্তিটোৱে মন্দিৰ থকা অঞ্চলক নিৰ্দ্দেশিত কৰিছিল।

৭:৭-৯, ১৬, ১৭—যিহেতু যিহোৱাই নিয়মীয়াকৈ বলিদান কৰিবলৈ স্থানৰ বাছনি কৰাৰ স্বত্ত্বেও চমূৱেলে কিয় মিস্পাত হোম-বলি আৰু ৰামাত যজ্ঞ বেদি নিৰ্মাণ কৰিলে? (দ্বিতীয় বিবৰণ ১২:৪-৭, ১৩, ১৪; যিহোচূৱা ২২:১৯) চীলোৰ ঈশ্বৰৰ পবিত্ৰ নিয়ম-চন্দুক আঁতৰোৱাৰ পিছত তাত যিহোৱাৰ উপস্থিতিৰ প্ৰমাণ পোৱা নগʼল। সেয়েহে যিহোৱাক প্ৰতিনিধিত্ব কৰা চমূৱেলে মিস্পাত হোম-বলি আৰু ৰামাত যজ্ঞ বেদি নিৰ্মাণ কৰিলে। এই কাৰ্য্যৰ বাবে যিহোৱাই অৱশ্যেই তেওঁক অনুমতি দিছিল।

আমাৰ বাবে শিক্ষামূলক পাঠ:

১:১১, ১২, ২১-২৩; ২:১৯. হান্নাৰ প্ৰাৰ্থনাপূৰ্বক মনোবৃত্তি, নম্ৰতা, যিহোৱাৰ দয়াৰ প্ৰতি থকা তাইৰ গম্ভীৰ মূল্যাঙ্কন আৰু তাইৰ মাতৃত্ব স্নেহ, ঈশ্বৰলৈ ভয় ৰাখোঁতা সকলো স্ত্ৰীয়ে অনুকৰণ কৰিবলগীয়া এক উত্তম আৰ্হি।

১:৮. বাক্যৰে আনক মানসিকৰূপে শক্তিশালী কৰি তুলিবলৈ ইলকানাই কি যে এক উত্তম আৰ্হি ৰাখিলে! (ইয়োব ১৬:৫) প্ৰথমে তেওঁ হান্নাক দয়াপূৰ্ণ প্ৰশ্ন সুধিলে: “তোমাৰ মনত অসন্তোষ কিয়?” এই প্ৰশ্নই হান্নাক তাইৰ অনুভূতি প্ৰকাশ কৰিবলৈ উৎসাহিত কৰিলে। তাৰ পিছত ইলকনাই হান্নাৰ প্ৰতি থকা নিজৰ প্ৰেমেৰে আশ্বাস দি এইদৰে কʼলে: “মই দহ পুত্ৰত্‌কৈয়ো উত্তম নহওঁ নে?”

২:২৬; ৩:৫-৮, ১৫, ১৯. ঈশ্বৰে নিযুক্ত কৰা কাৰ্য্যত লাগি থাকি, আধ্যাত্মিক প্ৰশিক্ষণৰ সুযোগ গ্ৰহণ কৰি নম্ৰ আৰু সন্মানীয় হোৱাৰ দ্বাৰা আমি ঈশ্বৰ আৰু মানুহৰ দৃষ্টিত “অনুগ্ৰহপ্ৰাপ্ত” হʼব পাৰিম।

৪:৩, ৪, ১০. ঈশ্বৰৰ নিয়ম-চন্দুকৰ দৰে পবিত্ৰ বস্তুৱে সুৰক্ষা প্ৰমাণিত হʼব নোৱাৰিলে। গতিকে আমিও নিজকে ‘দেৱমূৰ্ত্তিবোৰৰ পৰা ৰক্ষা কৰা’ উচিত।—১ যোহন ৫:২১.

ইস্ৰায়েলৰ প্ৰথম ৰজাজন সফল নে বিফল আছিল?

(১ চমূৱেল ৮:১-১৫:৩৫)

চমূৱেলে ওৰে জীৱনে বিশ্বাসী হৈ ঈশ্বৰৰ সেৱাত লাগি থাকি সেই অনুসাৰে জীৱন-যাপন কৰিলে। কিন্তু তেওঁৰ পুত্ৰবিলাকে অবিশ্বাসী হোৱা প্ৰমাণ দিলে। বৃদ্ধ লোকবিলাকে চমূৱেলৰ ওচৰলৈ আহি যেতিয়া এজন মানৱীয় ৰজাৰ সম্পৰ্কে নিৱেদন কৰিলে তেতিয়া যিহোৱা ঈশ্বৰে এজন ৰজা পাতিবলৈ অনুমতি দিলে। চমূৱেলে যিহোৱা ঈশ্বৰৰ নিৰ্দ্দেশনা পালন কৰি বিন্যামীন গোত্ৰৰ চৌল নামৰ এজন সুন্দৰ সুঠাম পুৰুষক ৰজা মনোনীত কৰিলে। চৌলে অম্মোনীয়া জাতিক পৰাস্ত কৰি নিজৰ ৰজাৰ পদবী শক্তিশালী কৰিলে।

চৌলৰ সাহসী পুতেক যোনাথনে এদল পলেষ্টীয়া সৈন্যক পৰাস্ত কৰিলে। তাতে পলেষ্টীয়াবিলাকে বৃহৎ সৈন্য-সামন্তৰ সৈতে ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিব আহিল। চৌল ভয়ভিত হৈ আজ্ঞা লঙ্ঘন কৰি নিজেই হোম-বলি উৎসৰ্গ কৰিলে। নিজৰ সৈতে সাহসী যোনাথন আৰু নিজৰ অস্ত্ৰ কঢ়িয়াওঁতা সৈন্যক লৈ পলেষ্টিয়া সীমান্তত থকা আন এখন ঠাই আক্ৰমণ কৰিলে। চৌলে খৰ-খেদা কৰি লোৱা তেনে শপতৰ বাবে সম্পূৰ্ণকৈ বিজয়ী হʼব নোৱাৰিলে। চৌলে “তেওঁৰ চাৰিওফালে থকা সকলো শত্ৰুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিলে।” (১ চমূৱেল ১৪:৪৭) তেওঁ যদিও অমালেকীয়াৰ সৈতে কৰা যুদ্ধত জয় লাভ কৰে, কিন্তু চৌলে যিহোৱাই ‘বৰ্জ্জিত কৰি দিয়া’ বস্তু বা জীৱ-জন্তুৰ প্ৰতি দিয়া আজ্ঞাক উলঙ্ঘন কৰিলে। (লেবীয়া পুস্তক ২৭:২৮, ২৯) সেয়েহে যিহোৱা ঈশ্বৰে চৌলক প্ৰত্যাখ্যান কৰিলে।

শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:

৯:৯—“আজিকালি যাক ভাববাদী বোলা যায়, আগৰ কালত তেওঁক দৰ্শক বোলা গৈছিল” বুলি কোৱা বাক্যশাৰীৰ তাৎপৰ্য্যতা কি? এই বাক্যশাৰীয়ে নিৰ্দ্দেশিত কৰিছে যে ভৱিষ্যতবক্তা চমূৱেলৰ সময়ত ভাববাদীসকল অতি প্ৰসিদ্ধ আছিল আৰু ইস্ৰায়েলৰ ৰজাসকলৰ সময়ত “ভাববাদী” উক্তিটোৰ সলনি “দৰ্শক” বুলি কোৱা হৈছিল। ভাববাদীসকলৰ ভিতৰত চমূৱেলকেই প্ৰথমে “দৰ্শক” বুলি কোৱা হৈছিল। (পাঁচনিৰ কৰ্ম্ম ৩:২৪)

১৪:২৪-৩২, ৪৪, ৪৫—চৌলৰ শপতক উপেক্ষা কৰি যোনাথনে মৌ পান কৰাৰ বাবে ঈশ্বৰৰ অনুমোদন হেৰুৱাইছিলনে? এই ক্ষেত্ৰত যোনাথনে যিহোৱাৰ অনুমোদন হেৰুৱা নাছিল। সৰ্ব্বপ্ৰথমে যোনাথনে তেওঁৰ দেউতাকে কৰা শপতৰ বিষয়ে একো নাজানিছিল। তদুপৰি ৰাজকীয় শক্তিৰ প্ৰতি ৰখা অনুপযুক্ত উদ্দীপনাৰ দ্বাৰা পৰিচালিত হৈ তেনে শপত লোৱা হৈছিল, যি লোকসকলৰ বাবে সমস্যাৰ সৃষ্টি কৰিছিল। গতিকে এনে ধৰণৰ শপত লোৱাক যিহোৱা ঈশ্বৰে কেনেকৈ অনুমোদন প্ৰদান কৰিব? যোনাথনে যদিও ইচ্ছাকৃতভাৱে শপত ভঙ্গ কৰাৰ পৰিণামৰ বিষয়ে জনাৰ স্বত্তেও তেনে কৰিছিল, তথাপিও তেওঁৰ জীৱন ৰক্ষা পাইছিল।

১৫:৬—কেনীয়াসকলে কিয় চৌলৰ পৰা বিশেষ অনুগ্ৰহ লাভ কৰিছিল? কেনীয়াসকল মোচিৰ শহুৰেকৰ পুতেক আছিল। ইস্ৰায়েলসকলে চীনয় পৰ্ব্বত এৰাৰ পিছত কেনীয়াসকলে সহায় কৰিছিল। (গণনা পুস্তক ১০:২৯-৩২) কনান দেশত কেনীয়াসকলে যিহূদাৰ পুতেকসকলৰ সৈতে অলপ সময়ৰ বাবে বাস কৰিছিল। (বিচাৰকৰ্ত্তাবিলাক ১:১৬) পিছলৈ যদিও কেনীয়াসকলে অমালেকীয়া আৰু আন লোকসকলৰ সৈতে বস-বাস কৰিছিল, তথাপিও তেওঁলোকে ইস্ৰয়েলসকলৰ সৈতে বন্ধুত্বৰে আচৰণ কৰিছিল। সেইবাবে চৌলে কেনীয়াসকলক বিশেষ অনুগ্ৰহ দেখুৱাইছিল।

আমাৰ বাবে শিক্ষামূলক পাঠ:

৯:২১; ১০:২২, ২৭. চৌলে ৰজা হোৱাৰ সময়ত ৰখা বিনয়ী আৰু নম্ৰ মনোবৃত্তিয়ে “দুৰ্জন” লোকবিলাকে তেওঁক ৰজা বুলি স্বীকাৰ কৰিবলৈ মান্তি নোহোৱাৰ স্বত্ত্বেও মুৰ্খতাপূৰ্ণ হৈ কাৰ্য্য কৰাৰ পৰা ৰক্ষা কৰিলে। এনে মনোবৃত্তিয়ে বিৰক্তিপূৰ্ণ কাৰ্য্যৰ পৰা কিমান যে উত্তমভাৱে ৰক্ষা কৰিলে!

১২:২০, ২১. কেতিয়াও এনে “অসাৰ” অৰ্থাৎ মানুহক ভাৰসা, দেশৰ সৈন্য-বাহিনী বা মূৰ্ত্তিপূজাৰ ওপৰত কৰা বিশ্বাসে আপোনাক যিহোৱাক কৰা সেৱাত বাধা হʼবলৈ নিদিব।

১২:২৪. যিহোৱাৰ প্ৰতি সম্ভ্ৰম ভয় বজাই ৰাখি সম্পূৰ্ণ হৃদয়েৰে তেওঁৰ উপাসনা কৰাৰ প্ৰধান সহায় হৈছে, প্ৰাচীন আৰু আধুনিক সময়ত তেওঁৰ লোকসকলৰ বাবে “কেনে মহৎ কৰ্ম্ম কৰিলে” সেই বিষয়ে মনত ৰাখা।

১৩:১০-১৪; ১৫:২২-২৫, ৩০. আজ্ঞালঙ্ঘন কৰা কাৰ্য্য বা অহঙ্কাৰী মনোবৃত্তি বিকশিত কৰাৰ পৰা নিজকে বিৰত ৰাখা উচিত।—হিতোপদেশ ১১:২.

এজন মেৰৰখীয়া লʼৰাক ৰজা হʼবলৈ বাছনি কৰা

(১ চমূৱেল ১৬:১-৩১:১৩)

যিহূদা বংশৰ দায়ূদক চমূৱেলে ভৱিষ্যতৰ ৰজা অভিষেক কৰিলে। ইয়াৰ অলপ পাছতে দায়ূদে পলেষ্টীয়াৰ দৈত্যকায় গলিয়াথক ভিন্দিপালৰ দ্বাৰা এটুকুৰা শিলেৰে বধ কৰিলে। তেতিয়া যোনাথন আৰু দায়ূদৰ মাজত এক অন্তৰঙ্গ বন্ধুত্ব গঢ়ি উঠে। চৌলে দায়ূদক যুদ্ধাসকলৰ প্ৰধানৰ পদত নিযুক্ত কৰে। দায়ূদে বহুতো যুদ্ধত জয় লাভ কৰাৰ বাবে ইস্ৰায়েলত থকা তিৰোতাবিলাকে এইদৰে গীত গাইছিল: “চৌলে বধিলে হাজাৰ হাজাৰ লোকক, দায়ূদে বধিলে অযুত অযুত লোকক।” (১ চমূৱেল ১৮:৭) ফলস্বৰূপে, চৌল দায়ূদৰ শত্ৰু হৈ পৰিল আৰু তেওঁক বধ কৰিবলৈ চেষ্টা কৰিব ধৰিলে। চৌলে দায়ূদক তিনিবাৰকৈ আক্ৰমণ কৰাৰ পিছত দায়ূদ পলাই গৈ পলৰীয়া হৈ পৰে।

দায়ূদে পলাই ফুৰাৰ সময়ত দুবাৰকৈ চৌলক জীৱনদান কৰে। পলাতক অৱস্থাত সুন্দৰী অবীগলৰ সৈতে দায়ূদৰ সাক্ষাৎ হয় আৰু পিছলৈ তাইক বিবাহ কৰে। পলেষ্টীয়াবিলাকে ইস্ৰায়েলৰ অহিতে অহাত চৌলে যিহোৱাক অনুসন্ধান কৰে। কিন্তু যিহোৱা ঈশ্বৰে তেওঁক ত্যাগ কৰিলে। চমূৱেলৰ মৃত্য হʼল। চৌলে ব্যাকুল হৈ প্ৰেতাত্মাবাদৰ পৰামৰ্শ বিচাৰে আৰু প্ৰেতাত্মাবাদে কেৱল কয় যে পলেষ্টীয়াবিলাকৰ অহিতে কৰা যুদ্ধত তেওঁৰ মৃত্যু হʼব। যুদ্ধত চৌলে বেয়াকৈ আহত হয় আৰু তেওঁৰ পুতেকবিলাকক হত্যা কৰা হয়। চৌলে হোৱা বিফলতাৰ বিষয়ে উল্লেখ কৰি এই বৃতান্তৰ সামৰণি পৰে। চৌলে তেতিয়াও পলাতক অৱস্থাত আছিল।

শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:

১৬:১৪—চৌলক কেনে দুষ্ট আত্মাই ব্যাকুল কৰিছিল? দুষ্ট আত্মাই চৌলৰ মানসিক শান্তি কাঢ়ি নি মন আৰু হৃদয়, অৰ্থাৎ অন্তৰত বেয়া কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। যিহোৱাই চৌলৰ পৰা নিজৰ পবিত্ৰ আত্মা নিয়াত তেওঁৰ নিজৰ বেয়া মনোবৃত্তিয়ে প্ৰভুত্ব কৰিব ধৰিলে। যিহেতু যিহোৱাই পবিত্ৰ আত্মাৰ সলনি সেই আত্মাক অনুমতি দিলে। সেয়েহে সেই আত্মাক ‘যিহোৱাৰ পৰা অহা এক দুষ্ট আত্মা’ বুলি কোৱা হয়।

১৭:৫৫—প্ৰথম চমূৱেল ১৬:১৭-২৩ পদত উল্লেখ কৰা বিষয়টো মনত ৰাখি দায়ূদক কাৰ পুতেক বুলি চৌলে কিয় সুধিছিল? চৌলে কেৱল দায়ূদৰ বাপেকৰ বিষয়ে জানিবলৈ তেনে প্ৰশ্ন কৰিছিল, এনে নহয়। চৌলে হয়তো দৈত্যকায় গলিয়াথক বধ কৰি আচৰিত কাৰ্য্য কৰা এনে লʼৰাৰ বাপেক কেনে ধৰণৰ পুৰুষ, সেই বিষয়ে জানিব বিচাৰিছিল।

আমাৰ বাবে শিক্ষামূলক পাঠ:

১৬:৬, ৭. আনক তেওঁলোকৰ বাহ্যিক ৰূপ দেখি খৰ-খেদাকৈ কোনো নিৰ্ণয় কৰাৰ সলনি আমি নিশ্চয়ে যিহোৱাৰ দৃষ্টিভঙ্গী ৰখা উচিত।

১৭:৪৭-৫০. আমি গলিয়াথ সাদৃশ্য উৎপীড়নত সাহসী হৈ থকা আৱশ্যক, কিয়নো “যুদ্ধ যিহোৱাৰেই।”

১৮:১, ৩; ২০:৪১, ৪২. যিহোৱাক প্ৰেম কৰা সকলৰ মাজত প্ৰকৃত বন্ধু বিচাৰি পাব পাৰি।

২১:১২, ১৩. আমি আমাৰ মানসিক শক্তি আৰু সক্ষমতাৰে জীৱনৰ কঠিন পৰিস্থিতিৰ সৈতে সম্মুখীন হোৱাটো যিহোৱাই অপেক্ষা কৰে। কিয়নো যিহোৱাই আমাক তেওঁৰ প্ৰেৰিত বাক্য, সময়মতে জ্ঞান আৰু ভাৱশক্তি প্ৰদান কৰিছে। তদুপৰি আমি প্ৰকৃত খ্ৰীষ্টান মণ্ডলীত নিযুক্তি কৰা প্ৰাচীনসকলৰ সহায় লোৱা আৱশ্যক

২৪:৬; ২৬:১১. যিহোৱাৰ নিযুক্তিজনক সন্মান কৰাৰ ক্ষেত্ৰত দায়ূদে কি যে এক উত্তম আৰ্হি ৰাখিলে!

২৫:২৩-৩৩. অবীগলে বোধগম্য হৈ কাৰ্য্য কৰি এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে।

২৮:৮-১৯. প্ৰেতাত্মাবাদে লোকসকলক বিপথে পৰিচালতি কৰিবলৈ কোনো কোনো মৃতব্যক্তিৰ ভাও জুৰিব পাৰে। আমি সকলো প্ৰকাৰৰ প্ৰেতাত্মাবাদৰ পৰা আঁতৰি থকা উচিত।—দ্বিতীয় বিবৰণ ১৮:১০-১২.

৩০:২৩, ২৪. মণ্ডলীত দায়িত্ব বহন কৰা সকলে গণনা পুস্তক ৩১:২৭ পদৰ ওপৰত আধাৰিত কৰি লোৱা নিৰ্ণয়ক যিহোৱা ঈশ্বৰে মূল্যাঙ্কন কৰে। আমি যিয়ে নকৰোঁ কিয়, আঁহক আমি “মানুহৰ উদ্দেশে নহয়, কিন্তু [যিহোৱাৰ, NW] উদ্দেশে মনে চিত্তে সৈতে” কৰোঁহঁক।—কলচীয়া ৩:২৪.

‘বলিদানতকৈ উত্তম’ কি?

সত্যতাৰ কেনে প্ৰধান আধাৰশিলাৰ বিষয়ে এলী, চমূৱেল, চৌল আৰু দায়ূদৰ অভিজ্ঞতাই গুৰুত্বতাৰে প্ৰকাশ কৰিছে? সেইটো হৈছে: “বলিদানত্‌কৈ আজ্ঞা-পালন উত্তম, আৰু মেৰৰ তেলত্‌কৈ বাক্যলৈ কাণ দিয়া উত্তম। কিয়নো বিদ্ৰোহ-আচৰণ কৰা, মঙ্গলতিৰ পাপৰ তুল্য”—১ চমূৱেল ১৫:২২, ২৩.

বিশ্বজুৰি কৰা ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ আৰু শিষ্য বনোৱা কাৰ্য্যত ভাগ লʼবলৈ পোৱাটো আমাৰ বাবে বাস্তৱতে হৈছে এক বিশেষাধিকাৰ! আমি যিহোৱালৈ “আমাৰ ওঁঠ ভতৰাস্বৰূপে উৎসৰ্গ” কৰাৰ সৈতে তেওঁৰ লিখিত বাক্য বাইবেলৰ আজ্ঞা আৰু পাৰ্থীৱ সংগঠনে দিয়া নিৰ্দ্দেশনাক পালন কৰা উচিত।—হোচেয়া ১৪:২; ইব্ৰী ১৩:১৫. (w05 3/15)

[ফুটনোট]

a প্ৰথম চমূৱেল কিতাপত উল্লেখ কৰা বিভিন্ন ঠাইবোৰৰ বিষয়ে জানিবলৈ যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা “উত্তম দেশখন চাওক” নামৰ ব্ৰচাৰখনৰ ১৮-১৯ পৃষ্ঠাত চাওক।

[২০ পৃষ্ঠাৰ ছবি]

ইস্ৰায়েলৰ প্ৰথমজন ৰজাৰ নম্ৰ আৰু বিনয়ী মনোবৃত্তি সলনি হৈ এক অহঙ্কাৰী আৰু মদগৰ্বী ব্যক্তি হৈ পৰিল

[২১ পৃষ্ঠাৰ ছবি]

গলিয়াথ সাদৃশ্য বিৰোধীতাৰ সম্মুখীন হোৱাৰ সময়ত সাহসী হʼবলৈ আমাৰ ওচৰত কেনে নিশ্চয়তা আছে?