Skip to content

Skip to table of contents

যীচুৰ আৰ্হিয়ে বিশ্বজুৰি লোকসকলক প্ৰভাৱিত কৰে

যীচুৰ আৰ্হিয়ে বিশ্বজুৰি লোকসকলক প্ৰভাৱিত কৰে

যীচুৰ আৰ্হিয়ে বিশ্বজুৰি লোকসকলক প্ৰভাৱিত কৰে

 এডগাৰ গুডস্পীড্‌ নামৰ এজন বাইবেল অনুবাদকে এইদৰে লিখিছিল: “যীচুৱে দুঘন্টা ধৰি দিয়া ব্যক্তিগত আৰু ৰাজহুৱা ভাষণৰ বিষয়ে সকলো শুভবাৰ্ত্তাৰ কিতাপতে উল্লেখ কৰা হৈছে। আনকি কম সময়ৰ বাবে দিয়া শিক্ষাও প্ৰভাৱিত কৰিলে। সেয়েহে সঠিককৈ কʼব পাৰি যে তেওঁৰ দৰে আন কোনেও গোটেই জগতক ইমান প্ৰভাৱিত কৰিব নোৱাৰিলে।”

সা.যু. ৩৩ চনত যীচুৱে পাৰ্থীৱ জীৱন সম্পূৰ্ণ কৰাৰ সময়ত তেওঁৰ অনুগামীসকলৰ সংখ্যা আছিল ১২০ জন, যʼত পুৰুষ আৰু স্ত্ৰীসকলেও জড়িত আছিল। (পাঁচনিৰ কৰ্ম্ম ১:১৫) বৰ্তমান সময়ত দুশ কোটিতকৈ অধিক লোকে নিজকে খ্ৰীষ্টান বুলি দাবী কৰে। আন কোটি কোটি লোকে যীচুক এজন ভৱিষ্যতবক্তা বুলি চিনিব পাৰিছে। ইয়াত কোনো সন্দেহ নাই যে যীচুৰ শিক্ষাই মানৱজাতিক অসাধাৰণভাৱে প্ৰভাৱিত কৰিলে।

আনকি অখ্ৰীষ্টীয় ধৰ্ম্মীয় নেতাসকলেও যীচুৰ শিক্ষাই বিশ্বৰ লোকসকলক প্ৰভাৱিত কৰিলে বুলি স্বীকাৰ কৰে। উদাহৰণস্বৰূপে, হাইমেন এনেল’ নামৰ এজন ইহুদী ধৰ্ম্মগুৰুৱে এইদৰে লিখিছিল: “যীচু সকলোতকৈ প্ৰসিদ্ধ, অধিক জ্ঞানী আৰু মানৱজাতিৰ ইতিহাসত সকলোতকৈ প্ৰভাৱশালী ব্যক্তি।” তদুপৰি আগলৈ এনেলʼই এইদৰে বৰ্ণনা কৰিছিল: “যীচুৱে মানৱজাতিক কেনেদৰে প্ৰভাৱিত কৰিলে তাৰ পৰিমাণ কোনে হিছাপ কৰিব পাৰে? প্ৰেমৰ দ্বাৰা প্ৰেৰিত হৈ তেওঁ শান্ত্বনা প্ৰদান, উত্তম কাৰ্য্য সম্পন্ন আৰু আশা প্ৰদান কৰি আনন্দিত কৰি তুলিছিল—মানৱ ইতিহাসত এই সকলোবোৰৰ সৈতে একো তুলনা কৰিব নোৱাৰি। উত্তম কাৰ্য্য কৰি প্ৰসিদ্ধ হোৱা মানৱজাতিৰ মাজত তেৱেঁই একমাত্ৰ ব্যক্তি আছিল। কোনেও যীচুৰ মৰ্মস্পৰ্শী আৰু প্ৰভাৱশালীতাৰ সমান হʼব নোৱাৰে। মানৱ ইতিহাসত যীচু সকলোতকৈ আগ্ৰহপূৰ্ণ ব্যক্তি আছিল।” এই বিষয়ে মোহনদাস কে. গান্ধীয়ে এইদৰে কয়: “মই জানো যে যীচুৰ নিচিনাকৈ কোনেও মানৱীয়তা গুণ প্ৰকাশ কৰিব নোৱাৰে। দৰাচলতে খ্ৰীষ্টান ধৰ্ম্ম হৈছে উত্তম।” আগলৈ তেওঁ এইদৰে কৈছিল: “সমস্যাটোৰ মূল কাৰণ হৈছে খ্ৰীষ্টান হোৱা আপোনালোক, কিয়নো আপোনালোকে নিজৰ ধৰ্ম্মৰ শিক্ষাৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ আৰম্ভ কৰা নাই।”

প্ৰকৃততে খ্ৰীষ্টীয়জগতে যীচুৰ শিক্ষাৰ অনুসাৰে জীৱন-যাপন কৰাত বিফল হোৱাৰ এক দীৰ্ঘ ৰেকৰ্ড আছে। চেছীল জন কেডোক্স নামৰ এজন খ্ৰীষ্টীয়জগতৰ ইতিহাসবিদে এইদৰে মন্তব্য দিয়ে যে, “বিশেষ নৈতিক স্তৰবোৰৰ প্ৰতি আওকণীয়া হোৱাৰ বাবে গীৰ্জাসমূহত লেহেম আৰু অচল গতিত বৃদ্ধি হৈছে।” এই বিষয়ে “১৪০ খৃষ্টাব্দৰ আৰম্ভণিতে খ্ৰীষ্টীয়জগতৰ গুৰুসকলে লক্ষ্য কৰিব পাৰিছিল।” আগলৈ ইতিহাসবিদজনে এইদৰে কয়: “প্ৰাচীন সময়ৰে পৰা নৈতিকতাৰ অধঃপতন হোৱাৰ বাবে স্বাভাৱিকভাৱে জগতে তেনে ৰীতি অৱলম্বন কৰে।”

চাৰি শতাব্দীত যেতিয়া ৰোমৰ সম্ৰাট কনস্তানটিনে খ্ৰীষ্টান ধৰ্ম্ম গ্ৰহণ কৰে তেতিয়া এনে নৈতিক অৱনতি অধিককৈ বৃদ্ধি হোৱা দেখিবলৈ পোৱা যায়। এই বিষয়ে কেডোক্সে এইদৰে লিখিছিল: “ইতিহাসবিদসকলে এনে নৈতিক অৱনতিক লক্ষ্য কৰাত বিফল হোৱা নাই আৰু কিছুমানে এই বিষয়ে দুখ প্ৰকাশ কৰিছে। খ্ৰীষ্টীয়জগতে কনস্তানটিনৰ সৈতে মিত্ৰতা কৰি অধিককৈ মধ্যপন্থা লʼলে।” তেতিয়াৰ পৰা তথাকথিত খ্ৰীষ্টানসকলে অসংখ্য অপমানজনক কাৰ্য্য কৰি খ্ৰীষ্টানৰ নাম বদনাম কৰিছে।

গতিকে এই ক্ষেত্ৰত আমি বিবেচনা কৰিবলগীয়া প্ৰশ্নবোৰ হৈছে: প্ৰকৃততে যীচুৱে কেনে শিক্ষা প্ৰদান কৰিছিল? তেওঁৰ শিক্ষাই আমাক কেনেকৈ প্ৰভাৱিত কৰা উচিত? (w05 3/15)

[৩ পৃষ্ঠাৰ ছবি]

“মই জানো যে যীচুৰ নিচিনাকৈ কোনেও মানৱীয়তা গুণ প্ৰকাশ কৰিব নোৱাৰে।”—মোহনদাস কে. গান্ধী

[৩ পৃষ্ঠাৰ ছবি]

“তেওঁৰ দৰে কোনেও গোটেই জগতক ইমান প্ৰভাৱিত কৰিব নোৱাৰিলে।”এডগাৰ গুডস্পীড্‌

[স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

Culver Pictures