Skip to content

Skip to table of contents

যীচু খ্ৰীষ্টৰ আৰ্হিয়ে আপোনাক

যীচু খ্ৰীষ্টৰ আৰ্হিয়ে আপোনাক

যীচু খ্ৰীষ্টৰ আৰ্হিয়ে আপোনাক

কেনেকৈ প্ৰভাৱিত কৰে?

 পৰৱৰ্তী লেখটোত আলোচনা কৰা বিষয়টো মনত ৰাখি, যীচুৰ শিক্ষাই গোটেই জগতকে প্ৰভাৱিত কৰিলে বুলি কোনো সন্দেহ কৰিব পাৰিনে? আমি নিজকে এই গুৰুত্বপূৰ্ণ প্ৰশ্নটো সোধা আৱশ্যক যে, “যীচুৰ শিক্ষাই মোৰ জীৱনত কেনেকৈ ব্যক্তিগতভাৱে প্ৰভাৱিত কৰিছে?”

যীচুৰ শিক্ষাবোৰ বহুতো বিষয়ৰ ওপৰত আধাৰিত আছিল। সেই শিক্ষাৰ পৰা শিকা বিষয়বোৰে আপোনাৰ জীৱনৰ প্ৰত্যেকটো ক্ষেত্ৰতে প্ৰভাৱিত কৰিব পাৰে। এতেকে আঁহক আমি যীচুৰ শিক্ষাই আমাৰ জীৱনত কিহক প্ৰাধান্যতা দিয়া উচিত, ঈশ্বৰৰ সৈতে কেনেকৈ বন্ধুত্ব গঢ়ি তুলিব পাৰি, আনৰ সৈতে কেনেকৈ উত্তম সম্পৰ্ক বিকশিত কৰিব পাৰি, সম্মুখীন হোৱা সমস্যাবোৰক সমাধান আৰু অত্যাচাৰপূৰ্ণ কাৰ্য্যৰ পৰা আঁতৰি থাকিবলৈ কেনেকৈ সহায় কৰে, সেই বিষয়ে মনোযোগ দিওঁহঁক।

জীৱনত প্ৰাধান্যতা দিয়া কাৰ্য্যসমূহ

এই ব্যস্ততাপূৰ্ণ জগতখনে আমাৰ পৰা অধিক সময় আৰু শক্তিৰ দাবী কৰিছে যাৰ বাবে আধ্যাত্মিকতাৰ প্ৰতি চিন্তা কৰিবলৈ সদায়ে কম সময় পোৱা যায়। উদাহৰণস্বৰূপে, ২০ বছৰীয়া জেৰীৰ কথা বিবেচনা কৰক। জেৰীয়ে যদিও আধ্যাত্মিক বিষয়বোৰৰ ওপৰত কথোপকথন কৰি আনন্দ আৰু তেওঁ শিকা বিষয়বোৰক মূল্যাঙ্কন কৰে, তথাপিও দুখ প্ৰকাশ কৰি এইদৰে কয়: “মই এই আধ্যাত্মিক বিষয়বোৰত একেৰাহে জড়িত হʼবলৈ সময় নাপাওঁ। মই সপ্তাহটোৰ ছদিন কাম কৰোঁ। কেৱল দেওবাৰেহে ছুটি পাওঁ। মই কৰিবলগীয়া কাম সম্পন্ন কৰাৰ পিছত অধিক ক্লান্ত হৈ পৰোঁ।” আপোনাৰো পৰিস্থিতি যদি একেই হয়, তেন্তে যীচুৰ পৰ্ব্বতীয়া উপদেশৰ পৰা লাভৱান হʼব পাৰে।

যীচুৱে উপদেশ শুনিবলৈ একত্ৰিত হোৱা লোকসকলক এইদৰে কৈছিল: “মই তোমালোকক কওঁ, কি ভোজন কৰিম, বা কি পান কৰিম? এই বুলি প্ৰাণৰ নিমিত্তে, নাইবা কি পিন্ধিম? এই বুলি শৰীৰৰ নিমিত্তে চিন্তা নকৰিবা। আহাৰতকৈ প্ৰাণ, আৰু বস্ত্ৰতকৈ শৰীৰ শ্ৰেষ্ঠ নহয় নে? আকাশৰ চৰাইবোৰলৈ চোৱা; সেইবোৰে নবয়, নাদায়, আৰু মেৰতো নচপায়; তথাপি তোমালোকৰ স্বৰ্গীয় পিতৃয়ে সেইবোৰকো আহাৰ দিয়ে। তোমালোক সেইবোৰতকৈ অধিক মূল্যবান নোহোৱা নে? . . . এই হেতুকে কি খাম? কি পান কৰিম? বা কি পিন্ধিম? এই বুলি চিন্তা নকৰিবা। কিয়নো পৰজাতিবিলাকে এই সকলোকে বিচাৰে; আৰু এই সকলোবোৰৰ যে তোমালোকৰ প্ৰয়োজন, তাক তোমালোকৰ স্বৰ্গীয় পিতৃয়ে জানে। কিন্তু তোমালোকে প্ৰথমে তেওঁৰ ৰাজ্য আৰু ধাৰ্ম্মিকতা বিচাৰা; তাতে এই সকলোও তোমালোকক দিয়া হব।” (মথি ৬:২৫-৩৩) ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ?

ইয়াত যীচুৱে এইটো কোৱা নাছিল যে আমি আমাৰ পৰিয়ালবৰ্গ আৰু নিজৰ ভৌতিক আৱশ্যকতাসমূহক চোৱা-চিতা কৰাত অৱহেলা কৰা আৱশ্যক। কিয়নো এই বিষয়ে বাইবেলত এইদৰে কৈছে: “কোনোৱে যদি আপোন লোকৰ, বিশেষকৈ নিজৰ ঘৰৰ পৰিয়ালৰ নিমিত্তে চিন্তা নকৰে, তেন্তে তেওঁ বিশ্বাস অস্বীকাৰ কৰিলে, আৰু অবিশ্বাস কৰা লোকতকৈয়ো অধম।” (১ তীমথিয় ৫:৮) দৰাচলতে যীচুৱে প্ৰতিজ্ঞা কৰিছিল যে যদি আমি আধ্যাত্মিক বিষয়বোৰ আমাৰ জীৱনৰ সকলো কাৰ্য্যতকৈ প্ৰথম স্থান দিওঁ, তেন্তে ঈশ্বৰে আন আৱশ্যকতাবোৰো পূৰ্ণ হোৱাতো নিশ্চিত কৰিব। ইয়াত আমি জীৱনত কিহক প্ৰাধান্যতা দিয়া আৱশ্যক সেই বিষয়ে শিকিব পাৰিলোঁ। এই উপদেশ পালন কৰি অমি আনন্দিত হʼব পাৰিম, কিয়নো “আত্মাত দৰিদ্ৰবিলাক ধন্য।”—মথি ৫:৩.

ঈশ্বৰৰ সৈতে বন্ধুত্ব গঢ়ি তুলা

আধ্যাত্মিক আৱশ্যকতাৰ প্ৰতি চিন্তিত হোৱা সকলে ঈশ্বৰৰ সৈতে ভাল সম্পৰ্ক গঢ়ি তুলাৰ প্ৰয়োজনীয়তাক লক্ষ্য কৰিব পাৰে। আমি কোনো এজন ব্যক্তিৰ সৈতে কেনেকৈ উত্তম সম্বন্ধ গঢ়ি তুলিব পাৰোঁ? ইয়াৰ বাবে আমি ব্যক্তিজনক ভালকৈ চিনি পাবলৈ চেষ্টা নকৰিমনে? আমি নিশ্চয়ে তেওঁৰ সিদ্ধান্ত, মনোভাৱ, সক্ষমতা, সম্পন্নতা, পছন্দ আৰু নাপছন্দৰ বিষয়ে জানিবলৈ সময় অতিবাহিত কৰা উচিত। ঠিক সেইদৰে ঈশ্বৰৰ সৈতে বন্ধুত্ব গঢ়ি তুলিবলৈ আমি সেই একেই পদ্ধতি অৱলম্বন কৰা উচিত। ইয়াৰ বাবে আমি যথাৰ্থ জ্ঞান লোৱা আৱশ্যক। শিষ্যসকলৰ বাবে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰাৰ সময়ত যীচুৱে এইদৰে কৈছিল: “একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক জনা, এয়েই অনন্ত জীৱন।” (যোহন ১৭:৩) দৰাচলতে, ঈশ্বৰৰ সৈতে অন্তৰঙ্গতা গঢ়ি তুলিবলৈ আমি তেওঁৰ বিষয়ে ভালকৈ জনা আৱশ্যক। সেই যথাৰ্থ জ্ঞানৰ একমাত্ৰ উৎস হৈছে ঈশ্বৰৰ প্ৰেৰিত বাক্য বাইবেল। (২ তীমথিয় ৩:১৬) গতিকে সেই প্ৰেৰিত বাক্যক অধ্যয়ন কৰিবলৈ আমি নিশ্চয়ে সময় উলিওৱা আৱশ্যক।

কেৱল যথাৰ্থ জ্ঞান লোৱাটোৱেই যথেষ্ট নহয়। সেই একেই প্ৰাৰ্থনাত যীচুৱে এইদৰে কৈছিল: “তেওঁবিলাকে তোমাৰ বাক্য পালন কৰিলে।” (যোহন ১৭:৬) আমি ঈশ্বৰৰ বিষয়ে কেৱল জ্ঞান লোৱাটোৱেই যে যথেষ্ট, এনে নহয়, কিন্তু সেই জ্ঞানৰ অনুসাৰে জীৱন-যাপনো কৰা উচিত। ঈশ্বৰৰ বন্ধু হʼবলৈ আন কিহে আমাক সহায় কৰিব পাৰে? যদি আমি কোনো এজন ব্যক্তিৰ বিচাৰধাৰা আৰু সিদ্ধান্তৰ বিপৰীতে কাৰ্য্য কৰোঁ, তেন্তে ব্যক্তিজনৰ সৈতে আমাৰ বন্ধুত্ব দৃঢ় হৈ থকাতো আশা কৰিব পাৰোঁনে? সেয়েহে ঈশ্বৰৰ বিচাৰধাৰা আৰু সিদ্ধান্তসমূহৰ অনুসাৰে আমি নিজৰ জীৱন অতিবাহিত কৰা উচিত। এতেকে আঁহক আমি আন মানুহৰ সৈতে থকা আমাৰ বন্ধুত্বত কেনেকৈ যীচুৰ দুটা সিদ্ধান্ত ব্যৱহাৰ কৰিব পাৰোঁ, সেই বিষয়ে বিবেচনা কৰোঁহঁক।

আনৰ সৈতে ভাল সম্বন্ধ গঢ়ি তুলা

মানৱ সম্পৰ্কৰ বিষয়ে শিক্ষাদান কৰিবলৈ এটা উপলক্ষ্যত যীচুৱে এটা চমু গল্প কৈছিল। যীচুৱে কৈছিল যে, এবাৰ এজন ৰজাই তেওঁৰ দাসবিলাকে লোৱা ঋণৰ লেখ-বুজ কৰিব বিচাৰিলে। দাসবিলাকৰ এজনে ইমানেই ঋণ লৈছিল যে তাক পৰিশোধ কৰিবলৈ তেওঁৰ কোনো উপায় নাছিল। তেতিয়া ৰজাজনে দাসজনক নিজৰ পত্নী আৰু লʼৰা-ছোৱালী বেচি সেই ঋণ পৰিশোধ কৰিবলৈ আজ্ঞা দিলে। কিন্তু ধাৰ লোৱা দাসজনে দণ্ডৱতে প্ৰণাম কৰি কাকূতি-মিনতি কৰি এইদৰে কʼলে: “সহন কৰক, মই আটাইখিনি পৰিশোধ কৰিম।” দাসজনলৈ মৰম লাগিলত ৰজাজনে তেওঁৰ সকলো ঋণ ক্ষমা কৰিলে। পিছত দাসজনে ৰজাজনৰ ওচৰৰ পৰা গুচি গʼল আৰু বাটত তেওঁৰ পৰা কম পৰিমাণে ধাৰ লোৱা এজন সঙ্গী দাসক লগ পালে। দাসজনে সঙ্গী দাসজনক সেই পাওনাখিনি উভটাই দিবলৈ দাবী কৰিলে। সেই সহদাসজনে যদিও দয়া কৰিবলৈ অনুৰোধ কৰিলে, কিন্তু প্ৰথম দাসজনে সেই ধনখিনি উভটাই নিদিয়ালৈকে তেওঁক বন্দীশালত সুমুৱাই থলে। কিন্তু ৰজাই যেতিয়া এই কথা গম পালে, তেতিয়া তেওঁ খঙত অগ্নিশৰ্ম্মা হৈ দাসজনক এইদৰে কʼলে: “মই যেনেকৈ তোক দয়া কৰিছিলোঁ, তয়ো তেনেকৈ তোৰ সহদাসক দয়া কৰা উচিত নাছিলনে?” ৰজাজনে সেই দাসক তেওঁক দিবলগীয়াখিনি নিদিয়ালৈকে ক্ষমা নকৰিলে আৰু বন্দীশালত ৰাখিলে। এই গল্পটোৰ পৰা পোৱা শিক্ষাৰ বিষয়ে যীচুৱে এইদৰে কʼলে: “তোমালোক প্ৰতিজনে যদি নিজ নিজ ভায়েৰাক অন্তৰে সৈতে ক্ষমা নকৰা, তেন্তে মোৰ স্বৰ্গীয় পিতৃয়েও তোমালোকক সেইদৰে কৰিব।”—মথি ১৮:২৩-৩৫.

অসিদ্ধ মানৱ হোৱাৰ বাবে আমি বহুতো ভুল কৰোঁ। আমি ঈশ্বৰৰ অহিতে পাপ কৰি বহু পৰিমাণে ঋণী হোৱাৰ বাবে সেই ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰোঁ। আমি তেওঁৰ পৰা কেৱল ক্ষমাৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ। কিন্তু এটা চৰ্ত্তত যিহোৱা ঈশ্বৰেও আমাৰ পাপ ক্ষম কৰে, যদি আমাৰ অহিতে পাপ কৰা আন ভাইক ক্ষমা কৰোঁ। এইটো কিমান যে এক শক্তিশালী শিক্ষা আছিল! যীচুৱে তেওঁৰ অনুগামীসকলক এইদৰে প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল: “আমাৰ ধৰুৱাহঁতক আমি যেনেকৈ ক্ষমা কৰিলোঁ, তেনেকৈ আমাৰো ধাৰ ক্ষমা কৰা।”—মথি ৬:১২.

সমস্যাটোৰ মূলটোক উঘালি পেলোৱা

মানুহৰ চৰিত্ৰৰ বিষয়ে বুজাত যীচু অতি পাকৈত আছিল। সেয়েহে তেওঁ যি কোনো সমস্যাক মূলেৰে সৈতে উঘালি পেলাবলৈ পৰামৰ্শ দিছিল। তলত দিয়া দুটা উদাহৰণৰ বিষয়ে বিবেচনা কৰক।

যীচুৱে এইদৰে কৈছিল: “তুমি নৰ-বধ নকৰিবা; আৰু যি কোনোৱে নৰ-বধ কৰে, সি সোধ বিচাৰত দণ্ডৰ পাত্ৰ হব, ইয়াক যে পূৰ্ব্বকালৰ মানুহবিলাকৰ আগত কোৱা হৈছিল, তাক তোমালোকে শুনিলা। কিন্তু মই তোমালোকক কওঁ, যি কোনোৱে ভায়েকক খং কৰে, তেওঁ সোধ-বিচাৰত দণ্ডৰ পাত্ৰ হব; আৰু যি কোনোৱে ভায়েকক নিৰ্ব্বোধ বোলে, তেওঁ মহা-সভাত দণ্ডৰ পাত্ৰ হব।” (মথি ৫:২১, ২২) ইয়াত যীচুৱে নৰ-বধৰ সমস্যাটোৰ মূল কোনো হিংসাত্মক কাৰ্য্য নহয়, কিন্তু তাতকৈও গভীৰ কাৰণ আছে বুলি কৈছিল। ই হৈছে হত্যাকাৰীজনৰ অন্তৰত উৎপন্ন হোৱা মনোভাৱ। যদি লোকসকলে নিজৰ অন্তৰত অপমানবোধ বা ক্ৰোধ বিকশিত হʼবলৈ নিদিয়ে, তেন্তে সেই হিংসা মনোভাৱ লুপ্ত হʼব। এই শিক্ষা পালন কৰা হʼলে আজি ইমানবোৰ হত্যা হʼলহেঁতেননে!

লক্ষ্য কৰক যে যীচুৱে কেনেকৈ আন এটা সমস্যাৰ মূল বিচাৰি উলিয়াইছিল, যাৰ ফলত অতি দুখিত পৰিণাম হয়। তেওঁ একত্ৰিত লোকসকলক এইদৰে কৈছিল: “তুমি ব্যভিচাৰ নকৰিবা; ইয়াক যে কোৱা হৈছিল, তাক তোমালোকে শুনিলা। কিন্তু মই তোমালোকক কওঁ, যি কোনোৱে তিৰোতা মানুহলৈ কামভাৱে চায়, সি তেতিয়াই মনতে তাইৰে সৈতে ব্যভিচাৰ কৰিলে। যদি তোমাৰ সোঁ চকুৱে তোমাৰ বিঘিনি জন্মায়, তেন্তে তাক কাঢ়ি তোমাৰ পৰা পেলাই দিয়া।” (মথি ৫:২৭-২৯) যীচুৱে শিকাইছিল যে সেই সমস্যাটোৰ মূল কাৰণ অনৈতিক আচৰণ নহয়, কিন্তু ইয়াতকৈ গভীৰ কাৰণ আছে। সেইটো হৈছে অনৈতিক কামনা। যদি এজন ব্যক্তিয়ে অন্তৰত অনৈতিক কামনাক কোনো স্থান নিদিয়ে আৰু মনৰ পৰা ‘কাঢ়ি উলিয়াই’ দিয়ে, তেন্তে তেওঁ অনৈতিক আচৰণ বাদ দিব পাৰিব।

“তৰোৱাল পুনৰায় তাৰ ঠাইত থোৱা”

যীচুক বিশ্বাসঘাটক কৰা নিশা তেওঁৰ প্ৰতিৰক্ষাৰ বাবে এজন শিষ্যই নিজৰ তৰোৱাল উলিয়াইছিল। তেতিয়া যীচুৱে তেওঁক এইদৰে আজ্ঞা দিলে: “তোমাৰ তৰোৱাল পুনৰায় তাৰ ঠাইত থোৱা; কিয়নো যিবোৰে তৰোৱাল ধৰে, সেই সকলোৱে তৰোৱালৰ দ্বাৰাই বিনষ্ট হব।” (মথি ২৬:৫২) এই ঘটনাৰ পিছদিনা ৰাতিপুৱা যীচুৱে পীলাতক এইদৰে কʼলে: “মোৰ ৰাজ্য এই জগতৰ নহয়; মোৰ ৰাজ্য এই জগতৰ হোৱা হলে যিহূদীবিলাকৰ হাতত যাতে মোক শোধাই দিব নোৱাৰে, তাৰ নিমিত্তে মোৰ সেৱকবিলাকে প্ৰাণপণে যুদ্ধ কৰিলেহেঁতেন; কিন্তু এতিয়া মোৰ ৰাজ্য ইয়াৰ নহয়।” (যোহন ১৮:৩৬) যীচুৰ এই শিক্ষা কাৰ্য্যকাৰী নহয়নে?

হিংসাত্মক কাৰ্য্যক কোনো স্থান নিদিবলৈ যীচুৱে দিয়া শিক্ষাৰ প্ৰতি প্ৰাচীন সময়ৰ খ্ৰীষ্টানসকলে কেনে মনোভাৱ ৰাখিছিল? এই বিষয়ে দ্য আৰ্‌লি খ্ৰীষ্টান এটি-টিউড্‌ টু ৱাৰ নামৰ কিতাপখনত এইদৰে কৈছে: “তেওঁলোকে আনৰ অহিতে কোনো অনিষ্ট আৰু হিংসাত্মক কাৰ্য্য নকৰিবলৈ দিয়া যীচুৰ শিক্ষাক পালন কৰিছিল। সেয়েহে যুদ্ধত অংশ লোৱাটো তেওঁলোকৰ বাবে অবিহিত আছিল। . . . প্ৰাৰম্ভিক খ্ৰীষ্টানসকলে যীচুৰ এই বাক্যক আখৰে আখৰে পালন কৰিছিল আৰু যুদ্ধৰ পৰা প্ৰকৃততে আঁতৰি থাকিবলৈ দিয়া শিক্ষাৰ অৰ্থ স্পষ্টকৈ বুজি পাইছিল। তেওঁলোকৰ ধৰ্ম্মক এক শান্তিৰ ধৰ্ম্ম বুলি জনা গৈছিল; সেয়েহে তেওঁলোকে ৰক্তপাত হোৱা যুদ্ধত ভাগ লোৱাৰ পৰা দৃঢ়ভাৱে বিৰত আছিল।” নিজকে খ্ৰীষ্টান বুলি দাবী কৰা তথাকথিত খ্ৰীষ্টানসকলে যীচুৰ এই শিক্ষাক পালন কৰা হʼলে কিমান যে এক ভিন্ন ইতিহাস হʼলহেঁতেন!

আপুনি যীচুৰ এই শিক্ষাবোৰৰ পৰা লাভৱান হʼব পাৰে

আমি আলোচনা কৰা যীচুৰ শিক্ষাবোৰ হৈছে অৰ্থপূৰ্ণ, সহজ আৰু শক্তিশালী। মানৱজাতিয়ে তেওঁৰ শিক্ষাবোৰৰ সৈতে পৰিচিত আৰু সেইবোৰক পালন কৰি অৱশ্যেই লাভৱান হʼব পাৰে। a

কোনো মানুহে নোকোৱা এই জ্ঞানপূৰ্ণ শিক্ষাৰ পৰা কেনেকৈ লাভৱান হʼব পাৰে, এই বিষয়ে আপোনাৰ এলেকাত থকা যিহোৱাৰ সাক্ষীসকলে আপোনাক সহায় কৰিবলৈ পাই অতি আনন্দিত হʼব। তেওঁলোকৰ সৈতে বা আমাক পত্ৰৰ দ্বাৰা যোগাযোগ কৰিবলৈ আমি আপোনাক আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছোঁ। আমাৰ ঠিকনাবোৰ এই আলোচনীখনৰ দ্বিতীয় পৃষ্ঠাত দিয়া হৈছে। (w05 3/15)

[ফুটনোট]

a যীচুৰ শিক্ষাবোৰ ক্ৰমাগতভাৱে বিবেচনা কৰিবলৈ, যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল নামৰ কিতাপখন চাওক।

[৫ পৃষ্ঠাৰ ছবি]

তোমালোকৰ স্বৰ্গীয় পিতৃয়ে সেইবোৰকো আহাৰ দিয়ে

[৭ পৃষ্ঠাৰ ছবি]

যীচুৰ শিক্ষাবোৰে আপোনাৰ জীৱনত উত্তমভাৱে প্ৰভাৱিত কৰিব পাৰে