Skip to content

Skip to table of contents

আমি কেনেকৈ নিজৰ আয়ুসৰ কাল গণনা কৰিব পাৰোঁ

আমি কেনেকৈ নিজৰ আয়ুসৰ কাল গণনা কৰিব পাৰোঁ

আমি কেনেকৈ নিজৰ আয়ুসৰ কাল গণনা কৰিব পাৰোঁ

 “আমি জ্ঞানৰ অন্তঃকৰণ লাভ কৰিব পৰাকৈ, আমাৰ আয়ুসৰ কাল গণনা কৰিবলৈ শিক্ষা দিয়া।” (গীত ৯০:১২) এইটো বাইবেল লিখক মোচিয়ে নম্ৰতাৰে কৰা প্ৰাৰ্থনা আছিল। তেওঁ বিশেষকৈ কিহৰ বিষয়ে অনুৰোধ কৰিছিল? আমিও সেই একেই দৰে বিনয়ী অনুৰোধ কৰা উচিতনে?

দহ অধ্যায়ত মোচিয়ে মানৱ জীৱন কাল ক্ষন্তেকীয়া হোৱাৰ বাবে শোক প্ৰকাশ কৰিছিল। আন এক উপলক্ষ্যত তেওঁ ইয়োবে কোৱা এই কথাশাৰী লিখিছিল, যʼত ইয়োবে এইদৰে কৈছিল: “তিৰোতাৰ পৰা জন্ম পোৱা যি মনুষ্য, তেওঁ অলপদিনীয়া আৰু দুখেৰে পৰিপূৰ্ণ।” (ইয়োব ১৪:১) ইয়াত স্পষ্টকৈ প্ৰকাশ পাইছে যে মোচিয়ে অসিদ্ধ মানৱৰ অল্পকলীয়া জীৱন দুখেৰে পৰিপূৰ্ণতা হোৱাৰ বিষয়ে ভালকৈ জানিছিল। সেয়েহে তেওঁ জীৱনৰ প্ৰত্যকটো দিন মূল্যৱান বুলি দৃষ্টি কৰিছিল। যিহোৱা ঈশ্বৰলৈ কৰা নিৱেদনত প্ৰকাশ কৰিছে যে মোচিয়ে তেওঁৰ জীৱনৰ বাকীছোৱা সময় বুদ্ধিমান হৈ তেওঁৰ সৃষ্টিকৰ্ত্তাৰ আনন্দৰ অৰ্থে অতিবাহিত কৰিব বিচাৰিছিল। গতিকে আমিও আমাৰ জীৱনকাল অৰ্থপূৰ্ণৰূপে অতিবাহিত কৰিবলৈ ইচ্ছা কৰা উচিত নহয়নে? যদি আমি এতিয়া ঈশ্বৰৰ অনুমোদন পাবলৈ ইচ্ছা কৰিছোঁ, তেন্তে নিশ্চয়ে তেনেদৰে জীৱন অতিবাহিত কৰাটো বিচাৰিম।

মোচি আৰু ইয়োবক তেনেদৰে জীৱন নিৰ্বাহ কৰিবলৈ প্ৰেৰিত কৰাত এক অতিৰিক্ত কাৰণ আছিল। সেই একেই কাৰণে আমাকো প্ৰেৰিত কৰা উচিত। এই দুয়োজন ঈশ্বৰৰ সেৱকে ভৱিষ্যতে পাবলগীয়া পুৰষ্কাৰ, অৰ্থাৎ পৃথিৱীত এক উত্তম পৰিস্থিতিত জীৱন অতিবাহিত কৰাৰ আশা ৰাখি জীৱন-যাপন কৰিলে। (ইয়োব ১৪:১৪, ১৫; ইব্ৰী ১১:২৬) সেই সময়ছোৱাত কোনো এজনৰো উত্তম কাৰ্য্য মৃত্যুৰ দ্বাৰা শেষ নহʼব। বিশ্বাসী লোকসকলে পৰমদেশীয় পৃথিৱীত চিৰকালৰ বাবে বাস কৰাটোৱেই হৈছে আমাৰ মহান সৃষ্টিকৰ্ত্তাজনৰ ইচ্ছা। (যিচয়া ৬৫:২১-২৪; প্ৰকাশিত বাক্য ২১:৩, ৪) যদি আপুনিও ‘জ্ঞানৰ অন্তঃকৰণ লাভ কৰিব পৰাকৈ, নিজৰ আয়ুসৰ কাল গণনা কৰিবলৈ শিকে,’ তেন্তে আপুনিও সেই অনন্তকলীয়া জীৱন লাভ কৰিব পাৰিব। (w05 5/1)