Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যই আপোনাৰ পথ দীপ্তিময় কৰক

ঈশ্বৰৰ বাক্যই আপোনাৰ পথ দীপ্তিময় কৰক

ঈশ্বৰৰ বাক্যই আপোনাৰ পথ দীপ্তিময় কৰক

“তোমাৰ বাক্য, . . . মোৰ পথৰ দীপ্তিস্বৰূপ।”—গীত ১১৯:১০৫.

১, ২. কেনে ধৰণৰ পৰিস্থিতিৰ মাজত যিহোৱাৰ বাক্যই আমাৰ পথৰ বাবে দীপ্তিস্বৰূপ হʼব?

 যিহোৱা ঈশ্বৰৰ বাক্যৰ অনুসাৰে চলিলেহে আমাৰ পথ দীপ্তিময় হʼব। তেনে আধ্যাত্মিক দীপ্তিৰ দ্বাৰা লাভৱান হʼবলৈ আমি মনোযোগেৰে তেওঁৰ বাক্য পঢ়া আৰু সেই পৰামৰ্শৰ অনুসাৰে চলা আৱশ্যক। তেতিয়াহে আমি গীতমালা ৰচোঁতাজনৰ দৰে এইদৰে অনুভূতি প্ৰকাশ কৰিব পাৰিম: “তোমাৰ বাক্য মোৰ ভৰিৰ নিমিত্তে প্ৰদীপস্বৰূপ, আৰু মোৰ পথৰ দীপ্তিস্বৰূপ।”—গীত ১১৯:১০৫.

এতিয়া আঁহক আমি গীত ১১৯:৮৯-১৭৬ পদটো আলোচনা কৰোঁহঁক। সেই পদবোৰ ১১ টা চৰণত সজোৱা হৈছে আৰু সেইবোৰত কিমান যে অৰ্থপূৰ্ণ সংবাদ অন্তৰ্ভূক্ত আছে! তদুপৰি সেইবাবে আমাক অনন্ত জীৱনৰ পথত চলি থাকিবলৈ সহায় আগবঢ়াব।—মথি ৭:১৩, ১৪.

ঈশ্বৰৰ বাক্যৰ প্ৰতি কিয় আগ্ৰহী হোৱা আৱশ্যক?

৩. আমি যে ঈশ্বৰৰ বাক্যত ভাৰসা ৰাখিব পাৰোঁ, সেই বিষয়ে গীত ১১৯:৮৯, ৯০ পদে কেনেকৈ দেখুৱাইছে?

যিহোৱাৰ বাক্যৰ প্ৰতি থকা আগ্ৰহকতাৰ ফলস্বৰূপে আধ্যাত্মিক স্থিৰতা বজাই ৰাখিব পাৰি। (গীত ১১৯:৮৯-৯৬) এই সম্পৰ্কে গীতমালা ৰচোঁতাজনে এইদৰে কৈছিল: “হে যিহোৱা, অনন্ত কাললৈকে তোমাৰ বাক্য স্বৰ্গত স্থাপিত হল। . . . তুমি পৃথিবী স্থাপন কৰিলত, সেয়ে সুস্থিৰ আছে।” (গীত ১১৯:৮৯, ৯০) “আকাশ-মণ্ডলৰ নিয়মবোৰ” অৰ্থাৎ গ্ৰহ-নক্ষত্ৰ, তৰা আদি নিজ নিজ কক্ষপথত সুশৃংখলাব্ধভাৱে পৰিভ্ৰমণ কৰে আৰু পৃথিৱীখনো নিজ কক্ষপথত স্থিৰে আছে। (ইয়োব ৩৮:৩১-৩৩; গীত ১০৪:৫) যিহোৱাই কোৱা সকলোবোৰ বিষয়ৰ ওপৰত আমি ভাৰসা কৰিব পাৰোঁ, কিয়নো তেওঁ উদ্দেশ্যৰ সম্পৰ্কে থকা বাক্যবোৰ “সিদ্ধ নোহোৱাকৈ” কেতিয়াও উলটি নাহিব।—যিচয়া ৫৫:৮-১১.

৪. উৎপীড়িত হোৱা ঈশ্বৰৰ উপাসকসকলক তেওঁৰ বাক্যৰ প্ৰতি ৰাখা আগ্ৰহকতাই কেনে সহায় আগবঢ়ায়?

গীতমালা ৰচোঁতাজনে ঈশ্বৰৰ ব্যৱস্থাৰ প্ৰতি আগ্ৰহী নোহোৱা হʼলে, তেওঁ নিশ্চয়ে “ক্লেশত বিনষ্ট” হʼলহেঁতেন। (গীত ১১৯:৯২) তদুপৰি তেওঁ অন্যজাতিৰ দ্বাৰা নহয়, কিন্তু স্বয়ং ঈশ্বৰৰ আজ্ঞা উলংঙ্ঘন কৰা ইস্ৰায়েল ব্যক্তিসকলৰ দ্বাৰা উৎপীড়িত হৈছিল। (লেবীয়া পুস্তক ১৯:১৭) তথাপিও তেওঁ বিহ্বল হৈ পৰা নাছিল। কিয়নো তেওঁৰ বাবে ঈশ্বৰৰ ব্যৱস্থা সকলোতকৈ প্ৰিয় আছিল। কৰিন্থ চহৰত থকাৰ সময়ত “ভাঁৰিকোৱা ভাইবিলাকৰ মাজত থাকি” পাঁচনি পৌলেও দায়ূদৰ দৰে সঙ্কটত পৰা অনুভৱ কৰিছিল। সম্ভৱতঃ “প্ৰধান পাঁচনিবিলাকে” তেওঁক অভিযোগ দিয়াৰ উদ্দেশ্যৰে বিচাৰি ফুৰিছিল। (২ কৰিন্থীয়া ১১:৫, ১২-১৪, ২৬) যিহেতু ঈশ্বৰৰ বাক্য পৌলৰ বাবে প্ৰিয় হোৱাৰ বাবে এই সকলোবোৰ সম্মুখীন হৈও তেওঁ আধ্যাত্মিকতাত বিহ্বল নহʼল। ঈশ্বৰৰ বাক্যৰ প্ৰতি আমিও আগ্ৰহী আৰু তাৰ অনুসাৰে চলাৰ বাবে আমাৰ আধ্যাত্মিক ভাই-ভনীসকলক প্ৰেম কৰোঁ। (১ যোহন ৩:১৫) তদুপৰি এই জগতখনে আমাক তুচ্ছ বুলি জ্ঞান কৰাৰ স্বত্বেও আমি ঈশ্বৰৰ নিৰ্দ্দেশনাবোৰৰ অনুসাৰে চলিবলৈ এৰি দিয়া নাই। আমি সকলোৱে প্ৰেমেৰে একত্ৰিত হৈ ঈশ্বৰৰ ইচ্ছা পূৰণ কৰিছোঁ আৰু ভৱিষ্যতে আনন্দেৰে তেওঁৰ সেৱা কৰিবলৈ বাট চাই আছোঁ।—গীত ১১৯:৯৩.

৫. আচা ৰজাই কেনেকৈ যিহোৱা ঈশ্বৰক অনুসন্ধান কৰিছিল?

আমি হয়তো যিহোৱাৰ প্ৰতি থকা নিষ্ঠাৰ বিষয়ে প্ৰকাশ কৰি এইদৰে প্ৰাৰ্থনা কৰিব পাৰোঁ: “মই তোমাৰেই, মোক পৰিত্ৰাণ কৰা; কিয়নো মই তোমাৰ আদেশবোৰ বিচাৰিছো।” (গীত ১১৯:৯৪) এই সম্পৰ্কে আচা ৰজাৰ বিষয়ে বিবেচনা কৰক যিজনে যিহোৱাক বিচাৰি পাই যিহূদাৰ পৰা ধৰ্মচুত্যতাক সমূলিকৈ আঁতৰ কৰিলে। তেওঁৰ ৰাজত্বৰ তৃতীয় মাহত (সা.যু.পূ. ৯৬৩ চন) যিহূদাৰ লোকসকলে গোট খাই “যিহোৱাক বিচাৰিবলৈ এটি নিয়ম” স্থাপিত কৰিলে। যাৰ বাবে যিহোৱাই “তেওঁবিলাকক নিজকে পাবলৈ দিলে” আৰু “চাৰিওফালে তেওঁবিলাকক জিৰণি দিলে।” (২ বংশাৱলি ১৫:১০-১৫) এই উদাহৰণটোৰ দ্বাৰা খ্ৰীষ্টান মণ্ডলীৰ পৰা আঁতৰি যোৱা ব্যক্তিসকলে পুনৰাই যিহোৱাক বিচাৰি পাবলৈ প্ৰেৰিত হোৱা উচিত। যিহোৱাৰ লোকসকলৰ সৈতে পুনৰাই সঙ্গতি কৰিবলৈ লোৱা ব্যক্তিসকলক তেওঁ আশীৰ্ব্বাদ আৰু সুৰক্ষা প্ৰদান কৰিব।

৬. আধ্যাত্মিক ক্ষতিৰ পৰা ৰক্ষা পাবলৈ কিহে আমাক সহায় কৰিব?

যিহোৱাৰ বাক্যই প্ৰদান কৰা জ্ঞানে আমাক আধ্যাত্মিক ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰে। (গীত ১১৯:৯৭-১০৪) তদুপৰি ঈশ্বৰৰ জ্ঞানে আমাক শত্ৰুবিলাকৰ তুলনাত জ্ঞানী কৰি তুলে। তেওঁৰ সাক্ষ্যবোৰ পালন কৰি আমি অন্তৰ্দৃষ্টি আৰু আজ্ঞাবোৰৰ অনুসাৰে চলি বৃদ্ধ লোকবিলাকতকৈয়ো অধিক বুজ লাভ কৰোঁ। (গীত ১১৯:৯৮-১০০) যদি তেওঁৰ বাক্য আমাৰ ‘মুখত মৌৰ কোঁহতকৈয়ো অধিক সোৱাদ লগা হয়’ তেন্তে আমি “সকলো মিছা পথ ঘিণ” কৰিম। (গীত ১১৯:১০৩, ১০৪) এই শেষকালত দৰ্পী, কলহপ্ৰিয় আৰু ভক্তিহীন লোকসকলৰ সম্মুখীন হোৱাৰ দ্বাৰা যি আধ্যাত্মিক ক্ষতি হʼব পাৰে, তাৰ পৰা ৰক্ষা পাবলৈ ঈশ্বৰৰ বাক্যই আমাক সুৰক্ষা প্ৰদান কৰে।—২ তীমথিয় ৩:১-৫.

আমাৰ ভৰিৰ নিমিত্তে প্ৰদীপস্বৰূপ

৭, ৮. গীত ১১৯:১০৫ পদটো মনত ৰাখি আমি কি কৰা উচিত?

ঈশ্বৰৰ বাক্য হৈছে আধ্যাত্মিক পোহৰৰ ভাৰসাযোগ্য উৎস। (গীত ১১৯:১০৫-১১২) আমি অভিষিক্ত বৰ্গৰ সদস্য বা তেওঁলোকৰ সঙ্গী ‘অন্য মেৰৰ’ সদস্যই নহওঁ কিয়, আমি সকলোৱে এইদৰে কʼব পাৰোঁ: “তোমাৰ বাক্য মোৰ ভৰিৰ নিমিত্তে প্ৰদীপস্বৰূপ, আৰু মোৰ পথৰ দীপ্তিস্বৰূপ।” (যোহন ১০:১৬; গীত ১১৯:১০৫) ঈশ্বৰৰ বাক্যই আমাৰ পথৰ নিমিত্তে দীপ্তিস্বৰূপে কাৰ্য্য কৰে যাতে আমি আধ্যাত্মিকভাৱে উজুটি খাই নপৰোঁ। (হিতোপদেশ ৬:২৩) তথাপিও আমি ব্যক্তিগতভাৱে যিহোৱাৰ বাক্যক নিজৰ পথৰ দীপ্তিস্বৰূপ হʼবলৈ দিয়া আৱশ্যক।

আমি গীত ১১৯ অধ্যায়ৰ ৰচোঁতাজনৰ দৰে সঙ্কল্প লোৱা উচিত। তেওঁ স্বয়ং ঈশ্বৰৰ আদেশবোৰৰ পৰা বিপথে নাযাবলৈ এইদৰে সঙ্কল্প লৈছিল: “মই তোমাৰ ধাৰ্ম্মিকতাযুক্ত শাসন-প্ৰণালীবোৰ পালন কৰিম বুলি, শপত খালোঁ আৰু থিৰো কৰিলোঁ।” (গীত ১১৯:১০৬) এতেকে আঁহক আমি কেতিয়াও নিয়মিত বাইবেল অধ্যয়ন কৰা আৰু সভাবোৰত উপস্থিত হোৱাৰ গুৰুত্বতাক যেনে আওকাণ নকৰোঁহঁক।

৯, ১০. আমি কেনেকৈ জানো যে যিহোৱাৰ সমৰ্পিত ব্যক্তিসকলেও ‘তেওঁৰ ব্যৱস্থাৰ পৰা বিপথে’ যাব পাৰে আৰু এই ফান্দৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি?

যিহেতু গীতমালা ৰচোঁতাজনে ‘যিহোৱাৰ আদেশবোৰৰ পৰা বিপথে নগʼল,’ কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে যিহোৱাৰ এজন সমৰ্পিত সেৱকলৈ তেনে ঘটিব পাৰে। (গীত ১১৯:১১০) উদাহৰণস্বৰূপে, চলোমন ৰজাই যিহোৱাৰ সমৰ্পিত জাতিৰ এজন সদস্য আৰু ঈশ্বৰৰ জ্ঞান থকাৰ স্বত্বেও বিপথে গৈছিল। আনকি তেওঁ বিয়া কৰোঁৱা ‘পৰজাতীয় তিৰোতাবিলাকৰ’ দ্বাৰা প্ৰেৰিত হৈ মিছা দেৱী-দেৱতাবোৰ উপাসনা কৰাত ভাগ লৈছিল।—নহিমিয়া ১৩:২৬; ১ ৰাজাৱলি ১১:১-৬.

১০ ‘ব্যাধৰ ফান্দ’ পতা চয়তানে বহুতো ফান্দ পাতি ৰাখিছে। (গীত ৯১:৩) উদাহৰণস্বৰূপে, বৰ্তমানে যিহোৱাৰ সাক্ষীৰ পৰা বহিষ্কাৰ বা সঙ্গতি ত্যাগ কৰা এজন ব্যক্তিয়ে হয়তো আমাক আধ্যাত্মিক পথৰ পৰা অঁতৰাই নি ধৰ্ম্মচ্যুত বিচাৰধাৰা বিকশিত কৰিবলৈ পৰিচালিত কৰিব পাৰে। প্ৰথম শতিকাৰ থুয়াতীৰাৰ মণ্ডলীত ‘ঈজেবল নামৰ তিৰোতা,’ সম্ভৱতঃ তেনে এক সমূহে আনক মূৰ্ত্তি পূজা আৰু অনৈতিক কাৰ্য্যত ভাগ লʼবলৈ শিক্ষা দিছিল। কিন্তু যীচুৱে তেনে ব্যক্তিসকল আৰু তেওঁবিলাকৰ শিক্ষাক সহন নকৰিলে আৰু আমিও সেই একেই মনোবৃত্তি দেখুওৱা উচিত। (প্ৰকাশিত বাক্য ২:১৮-২২; যিহূদা ৩, ৪) গতিকে আঁহক আমি যিহোৱাৰ আদেশবোৰৰ পৰা আঁতৰি নগৈ ঈশ্বৰৰ পোহৰৰ পথত চলি থাকিবলৈ সহায় বিচাৰি প্ৰাৰ্থনা কৰোঁহঁক।—গীত ১১৯:১১১, ১১২.

ঈশ্বৰৰ বাক্যৰ দ্বাৰা প্ৰতিপাদন হোৱা

১১. গীত ১১৯:১১৯ পদৰ অনুসাৰে ঈশ্বৰে দুষ্ট লোকক কেনেকৈ দৃষ্টি কৰে?

১১ যদি আমি সদায়ে ঈশ্বৰৰ আদেশবোৰৰ অনুসাৰে চলোঁ, তেন্তে তেওঁ আমাক কেতিয়াও ত্যাগ নকৰিব। (গীত ১১৯:১১৩-১২০) যিদৰে যীচুৱে বৰ্তমান সময়ৰ অনাগ্ৰহী খ্ৰীষ্টান ব্যক্তিবিলাকক অনুমোদন নিদিয়ে, সেইদৰে আমিও ‘দুই মনৰ লোকৰ’ সৈতে কৰোঁ। (গীত ১১৯:১১৩; প্ৰকাশিত বাক্য ৩:১৬) কিয়নো আমি সমস্ত মনেৰে যিহোৱাৰ সেৱা কৰোঁ আৰু ‘তেওঁকেই আমাৰ গুপ্তস্থান’ বুলি গ্ৰহণ কৰিছোঁ। যিহোৱাই প্ৰবঞ্চনাৰ চতুৰালিক প্ৰকাশ কৰাৰ দ্বাৰা ‘অপথে যোৱা সকলোকে হেয়জ্ঞান’ কৰিব। (গীত ১১৯:১১৪, ১১৭, ১১৮; হিতোপদেশ ৩:৩২) তেওঁ তেনে দুষ্ট লোকক ৰূপ আৰু সোণৰ পৰা গুচোৱা “ভাঁজৰ” দৰে দৃষ্টি কৰে। (গীত ১১৯:১১৯; হিতোপদেশ ১৭:৩) এতেকে আঁহক আমি যেন সদায়ে ঈশ্বৰৰ সাক্ষ্যবোৰ প্ৰেম কৰোঁহঁক।

১২. যিহোৱালৈ সশ্ৰদ্ধা ভয় ৰখা কিয় আৱশ্যক?

১২ আগলৈ ৰচোঁতাজনে কৈছিল যে, “তোমাৰ ভয়ত মোৰ শৰীৰ কঁপে।” (গীত ১১৯:১২০) যিহোৱাৰ প্ৰতি ৰাখা সশ্ৰদ্ধা ভয়ে আমাক তেওঁক অসন্তুষ্ট কৰাৰ পৰা বিৰত ৰাখে। সশ্ৰদ্ধা ভয়ে ইয়োবক সিদ্ধ আৰু সৰলতাৰে জীৱন-যাপন কৰিবলৈ সহায় কৰিলে। (ইয়োব ১:১; ২৩:১৫) এই ঈশ্বৰীয় ভয়ে সকলো ধৰণৰ পৰিস্থিতিত ধৈৰ্য্য ধৰিবলৈ আৰু ধৰ্ম্মপৰায়ণ জীৱন-যাপন কৰিবলৈ উৎসাহিত কৰে। ধৈৰ্য্য গুণটো বিকশিত কৰিবলৈ বিশ্বাসমূলক প্ৰাৰ্থনা কৰা আৱশ্যক।—যাকোব ৫:১৫.

বিশ্বাসমূলক প্ৰাৰ্থনা কৰা

১৩-১৫ (ক) আমি কৰা প্ৰাৰ্থনাৰ উত্তৰ পাম বুলি কিয় দৃঢ় বিশ্বাস কৰিব পাৰোঁ? (খ) যদি আমি উচিতমতে প্ৰাৰ্থনা কৰিব নাজানো তেন্তে কি হʼব পাৰে? (গ) আমাৰ ‘অনিৰ্ব্বচনীয় কেঁকনিৰ নিবেদনৰ’ সময়ত গীত ১১৯:১২১-১২৮ পদত কৰা বিষয়বোৰ আমাৰ পৰিস্থিতিৰ সৈতে কেনেকৈ খাপ খাব পাৰে, সেই সম্পৰ্কে বৰ্ণনা কৰক।

১৩ আমি নিশ্চিত হৈ প্ৰাৰ্থনা কৰিব পাৰোঁ যে ঈশ্বৰে অতি সোনকালে আমাৰ উদ্দেশ্যে কাৰ্য্য কৰিব। (গীত ১১৯:১২১-১২৮) আনকি আমি গীতমালা ৰচোঁতাজনৰ দৰে তেওঁ যে আমাৰ প্ৰাৰ্থনা শুনিব বুলি নিশ্চিত হʼব পাৰোঁ। কিয় আমি নিশ্চিত হʼব পাৰোঁ? কিয়নো আমি তেওঁৰ আদেশবোৰ “শুদ্ধ সোণতকৈয়ো” অধিক প্ৰেম কৰোঁ। তদুপৰি আমি সকলো বিষয়তে ঈশ্বৰৰ আদেশবোৰ “ন্যায় বুলি মানো।”—গীত ১১৯:১২৭, ১২৮.

১৪ আমি বিশ্বাসমূলক প্ৰাৰ্থনা আৰু যিহোৱাৰ বিধিবোৰ যত্নেৰে পালন কৰাৰ বাবে তেওঁ আমাৰ প্ৰাৰ্থনাবোৰ শুনে। (গীত ৬৫:২) আমি বিভ্ৰান্তজনক পৰিস্থিতিৰ সম্মুখীন হোৱাৰ সময়ত কেনে দৰে প্ৰাৰ্থনা কৰা আৱশ্যক, যদি সেই বিষয়ে নাজানো, তেন্তে কি কৰিব পাৰি? তেনে সময়ত “আত্মাই নিজে আমাৰ অৰ্থে অনিৰ্ব্বচনীয় কেঁকনিৰে নিবেদন” কৰিব। (ৰোমীয়া ৮:২৬, ২৭) তদুপৰি তেনে সময়ত যিহোৱা ঈশ্বৰে তেওঁৰ বাক্যত পোৱা উক্তিবোৰ ব্যৱহাৰ কৰি আমাৰ আৱশ্যকতাৰ সময়ত কৰা প্ৰাৰ্থনা গ্ৰহণ কৰে।

১৫ আমাৰ ‘অনিৰ্ব্বচনীয় কেঁকনিৰ নিবেদন’ সময়ত কি প্ৰাৰ্থনা কৰা উচিত, সেই বিষয়ে শাস্ত্ৰ পদবোৰত বহুতো প্ৰাৰ্থনাৰ সম্পৰ্কে উল্লেখ কৰা আছে। উদাহৰণস্বৰূপে, গীত ১১৯:১২১-১২৮ পদটো আলোচনা কৰক। ইয়াত উল্লেখ কৰা বিষয়বোৰ হয়তো আমাৰ পৰিস্থিতিৰ সৈতে খাপ খাব পাৰে। যেনে, আমাৰ মনত প্ৰতাৰিত হোৱাৰ ভয় উৎপন্ন হৈছে, তেন্তে আমি গীতমালা ৰচোঁতাজনৰ দৰে প্ৰাৰ্থনা কৰি ঈশ্বৰৰ পৰা সহায় বিচাৰিব পাৰোঁ। (১২১-১২৩ পদ) যদি কিবা গুৰুত্বপূৰ্ণ নিৰ্ণয় লʼবলগীয়া হৈছে, তেন্তে যিহোৱাৰ সাক্ষ্যবোৰ সোঁৱৰি আৰু প্ৰয়োগ কৰিবলৈ তেওঁৰ পবিত্ৰ আত্মা বিচাৰি প্ৰাৰ্থনা কৰিব পাৰোঁ। (১২৪-১২৫ পদ) আমি যদিও ‘সকলো মিছা পথ ঘিণ কৰিছোঁ’ তথাপিও যিহোৱাৰ পৰা সহায় বিচাৰিব পাৰোঁ, যাতে আমি প্ৰলোভনৰ সময়ত তেওঁৰ আজ্ঞাৰ বিপৰীতে কাৰ্য্য নকৰোঁ। (১২৬-১২৮ পদ) যদি আমি নিতৌ বাইবেল পঢ়োঁ, তেন্তে প্ৰাৰ্থনা কৰাৰ সময়ত কি কোৱা উচিত, সেই সম্পৰ্কে পঢ়া বিষয়বোৰে সহায় কৰিব।

ঈশ্বৰৰ সাক্ষ্যবোৰৰ দ্বাৰা সহায় লাভ কৰা

১৬, ১৭. (ক) আমাৰ বাবে ঈশ্বৰৰ সাক্ষ্যবোৰ কিয় আৱশ্যক আৰু সেইবোৰৰ প্ৰতি কেনে মনোবৃত্তি ৰখা উচিত? (খ) লোকসকলে আমাৰ প্ৰতি কেনে দৃষ্টি ৰাখিব পাৰে, কিন্তু আমাৰ কাৰণে সকলোতকৈ মহান বিষয় কি?

১৬ যদি আমি আমাৰ প্ৰাৰ্থনাৰ উত্তৰ আৰু ঈশ্বৰৰ আশীৰ্ব্বাদ পাবলৈ বিচাৰিছোঁ, তেন্তে তেওঁৰ সাক্ষ্যবোৰৰ অনুসাৰে চলা আৱশ্যক। (গীত ১১৯:১২৯-১৩৬) যিহেতু আমি সকলো কথা মনত ৰাখিব নোৱাৰাৰ বাবে ঈশ্বৰৰ সাক্ষ্যবোৰৰ আৱশ্যক, যাতে ইয়াৰ দ্বাৰা আমি তেওঁৰ নিৰ্দ্দেশনাবোৰ সোঁৱৰিব পাৰোঁ। অৱশ্যে আমি ঈশ্বৰৰ বাক্যই আলোকিত কৰা প্ৰত্যেকটো নতুন আধ্যাত্মিক বিষয়ৰ প্ৰতি মূল্যাঙ্কন দেখুৱাওঁ। (গীত ১১৯:১২৯, ১৩০) যদিও আনে যিহোৱাৰ ব্যৱস্থাৰ উলংঙ্ঘন কৰা দেখি ‘নদীৰ পানীৰ নিচিনাকৈ আমাৰ চকু-লো বৈছে,’ তথাপিও যিহোৱাই অনুগ্ৰহ দেখুৱাই ‘আমাত তেওঁৰ মুখ উজ্জ্বল কৰাৰ বাবে’ আমি কৃতজ্ঞ হোৱা অনুভৱ কৰিছোঁ।—গীত ১১৯:১৩৫, ১৩৬; গণনা পুস্তক ৬:২৫.

১৭ এতেকে যদি আমি সদায়ে তেওঁৰ ধাৰ্ম্মিক সাক্ষ্যবোৰৰ অনুসাৰে চলোঁ, তেন্তে নিশ্চিত হʼব পাৰিম যে তেওঁৰ অনুগ্ৰহ আমাৰ ওপৰত থাকিব। (গীত ১১৯:১৩৭-১৪৪) আমি যিহোৱাৰ সেৱক হোৱাৰ বাবে স্বীকাৰ কৰোঁ যে আমাক ধাৰ্ম্মিক সাক্ষ্যবোৰৰ বিষয়ে সোঁৱৰা আৰু পালন কৰিবলৈ আজ্ঞা দিয়াৰ তেওঁৰ সম্পূৰ্ণ অধিকাৰ আছে। (গীত ১১৯:১৩৮) তথাপিও গীতমালা ৰচোঁতাজনে ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰা স্বত্বেও নিজকে কিয় “ক্ষুদ্ৰ আৰু তুচ্ছনীয়” বুলি উল্লেখ কৰিছিল? সম্ভৱতঃ তেওঁৰ শত্ৰুবিলাকে তেওঁক তেনে দৰে ভাবিছিল। সেইদৰে আমি যদি ধাৰ্ম্মিকতাৰ প্ৰতি দৃঢ় সঙ্কল্প বজাই ৰাখোঁ, তেন্তে লোকসকলে আমাকো তুচ্ছ বুলি জ্ঞান কৰিব পাৰে। কিন্তু লোকসকলে আমাৰ বিষয়ে যিয়েই নাভাবক কিয়, আমি যিহোৱাৰ সাক্ষ্যবোৰৰ অনুসাৰে চলি আশীৰ্ব্বাদ লাভ কৰাটো হৈছে আমাৰ বাবে এক বিশেষাধিকাৰ।

সুৰক্ষিত আৰু শান্তিময়

১৮, ১৯. ঈশ্বৰৰ সাক্ষ্যবোৰ পালন কৰি কেনে উত্তম ফলাফল লাভ কৰিব পাৰি?

১৮ ঈশ্বৰৰ সাক্ষ্যবোৰে আমাক তেওঁৰ নিকটৱৰ্ত্তী কৰি ৰাখে। (গীত ১১৯:১৪৫-১৫২) কিয়নো আমি জানো যে তেওঁৰ সাক্ষ্যবোৰ মনোযোগেৰে পালন কৰাৰ বাবে তেওঁ আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিব। আমি হয়তো “ৰাতি নৌ পুৱাওঁতেই” সহায় বিচাৰি নিৱেদন কৰোঁ। সেয়া হৈছে প্ৰাৰ্থনা কৰাৰ এক উত্তম সময়! (গীত ১১৯:১৪৫-১৪৭) তদুপৰি আমি যীচুৰ দৰে কু-আচৰণৰ পৰা আঁতৰি থাকি তেওঁৰ বাক্যক সত্যৰূপে গ্ৰহণ কৰাৰ বাবে যিহোৱাৰ কাষ চপো। (গীত ১১৯:১৫০, ১৫১; যোহন ১৭:১৭) যিহোৱাৰ সৈতে বজাই ৰাখা সম্বন্ধই আমাক এই সমস্যাপূৰ্ণ জগতত জীৱন-যাপন আৰু হৰমাগিদোনৰ যুদ্ধত ৰক্ষা পাবলৈ সহায় কৰিব।—প্ৰকাশিত বাক্য ৭:৯, ১৪; ১৬:১৩-১৬)

১৯ ঈশ্বৰৰ বাক্যৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধাৰ বাবে আমি প্ৰকৃত নিৰাপত্তা লাভ কৰিছোঁ। (গীত ১১৯:১৫৩-১৬০) কিয়নো আমি দুষ্টবোৰৰ নিচিনা ‘যিহোৱাৰ সাক্ষ্যবোৰৰ পৰা আঁতৰি যোৱা নাই।” আমি তেওঁৰ ব্যৱস্থাক প্ৰেম কৰাৰ বাবে সুৰক্ষিত অনুভৱ কৰিছোঁ। (গীত ১১৯:১৫৭-১৫৯) তদুপৰি তেওঁৰ সাক্ষ্যবোৰে আমাৰ স্মৰণ শক্তিকো সক্ৰিয় কৰি ৰাখে যাতে আমি কোনো বিশেষ ধৰণৰ পৰিস্থিতিত উচিতমতে পদক্ষেপ লওঁ। আনহাতে, ঈশ্বৰৰ ব্যৱস্থাবোৰ হৈছে নিৰ্দ্দেশনামূলক আৰু তেওঁ আমাক পৰিচালনা কৰাৰ অধিকাৰ আছে। আমি জানো যে ‘তেওঁৰ বাক্যৰ সমষ্টি সত্য’ আৰু নিজ খোজ স্থিৰ কৰাত আমাৰ শক্তি নাই। সেইবাবে আমি আনন্দেৰে ঈশ্বৰীয় নিৰ্দ্দেশনাৰ অনুসাৰে চলোঁ।—গীত ১১৯:১৬০; যিৰিমিয়া ১০:২৩.

২০. আমাৰ ওচৰত কিয় “পৰম-শান্তি” আছে?

২০ যিহোৱাৰ ব্যৱস্থাৰ প্ৰতি থকা আমাৰ প্ৰেমে পৰম-শান্তি কঢ়িয়াই আনে। (গীত ১১৯:১৬১-১৬৮) আনকি আমি সম্মুখীন হোৱা উৎপীড়নেও আমাৰ পৰা “ঈশ্বৰৰ শান্তি” কাঢ়ি নিব নোৱাৰে। (ফিলিপীয়া ৪:৬, ৭) গতিকে ঈশ্বৰৰ শাসন-প্ৰণালীবোৰৰ নিমিত্তে আমি “দিনে সাত বাৰকৈ” অৰ্থাৎ বাৰম্বাৰ তেওঁৰ প্ৰশংসা কৰাটো উচিত হʼব। (গীত ১১৯:১৬১-১৬৪) এই সম্পৰ্কে গীতমালা ৰচোঁতাজনে এইদৰে গাইছিল: “যিবিলাকে তোমাৰ ব্যৱস্থাক প্ৰেম কৰে, তেওঁবিলাকৰ পৰম-শান্তি হয়; তেওঁবিলাক উজুটি খোৱাৰ কোনো কাৰণ নাই।” (গীত ১১৯:১৬৫) আমি যদি ব্যক্তিগতভাৱে যিহোৱাৰ ব্যৱস্থাক প্ৰেম কৰোঁ আৰু তাৰ অনুসাৰে চলোঁ, তেন্তে কোনো এজনৰ কাৰ্য্য বা কোনো বিষয়ত আধ্যাত্মিকভাৱে উজুটি নাখাম।

২১. কেনে শাস্ত্ৰীয় উদাহৰণসমূহে দেখুৱাইছে যে মণ্ডলীত দেখা দিয়া সমস্যাবোৰৰ বাবে আমি যেন উজুটি খোৱা উচিত নহয়?

২১ বাইবেলত এনে বহুতো ব্যক্তিৰ বিষয়ে উল্লেখ কৰা হৈছে, যিসকলে আধ্যাত্মিকতাত উজুটি খাই স্থায়ীভাৱে পৰি নাথাকিল। উদাহৰণস্বৰূপে, দিয়ত্ৰিফিৰ কুআচৰণৰ দ্বাৰা উজুটি খাইছিল যদিও গায় নামৰ ব্যক্তিজনে ‘সত্যত চলি থাকিল।’ (৩ যোহন ১-৩, ৯,  ১০) ইবদিয়া আৰু চুন্তুখী নামৰ দুগৰাকী স্ত্ৰীৰ মাজত মনোমালিন্যতা থকাৰ বাবে পাঁচনি পৌলে তেওঁবিলাকক “প্ৰভুত একে মন হবলৈ” উৎসাহিত কৰিছিল। পিছলৈ তেওঁলোকে হয়তো নিজৰ মাজত থকা মনোমালিন্যতা আঁতৰ কৰি নিষ্ঠাৰে যিহোৱাৰ সেৱা কৰিছিল। (ফিলিপীয়া ৪:২, ৩) গতিকে মণ্ডলীত দেখা দিয়া কোনো সমস্যাৰ বাবে আমি উজুটি খোৱা উচিত নহয়। এতেকে আঁহক আমি আমাৰ ‘সকলো পথৰ’ বিষয়ে যিহোৱাই জানে বুলি মনত ৰাখি, তেওঁৰ ব্যৱস্থাবোৰ পালন কৰিবলৈ মনোযোগ দিওঁহঁক। (গীত ১১৯:১৬৮; হিতোপদেশ ১৫:৩) যদি আমি তেনে মনোবৃত্তি বজাই ৰাখোঁ, তেন্তে আমাৰ “পৰম-শান্তি” কোনেও স্থায়ীভাৱে কাঢ়ি নিব নোৱাৰিব।

২২. (ক) আমি যদি ঈশ্বৰৰ আজ্ঞাৰ অনুসাৰে চলোঁ তেন্তে কেনে বিশেষাধিকাৰ লাভ কৰিম? (খ) খ্ৰীষ্টান মণ্ডলীৰ পৰা আঁতৰি যোৱা কিছুমান ব্যক্তিৰ প্ৰতি আমি কেনে মনোবৃত্তি ৰাখা উচিত?

২২ যদি আমি সদায়ে যিহোৱাৰ আজ্ঞাৰ অনুসাৰে চলোঁ, তেন্তে তেওঁৰ প্ৰশংসা কৰিবলৈ পাই আনন্দিত হʼম। (গীত ১১৯:১৬৯-১৭৬) আমি কেৱল ঈশ্বৰৰ বিধিবোৰ পালন কৰি আধ্যাত্মিকভাৱে সুৰক্ষা অনুভৱ কৰিম এনে নহয়, কিন্তু আমাৰ ‘ওঁঠে নিৰন্তৰে তেওঁৰ প্ৰশংসা’ কৰিব। (গীত ১১৯:১৬৯-১৭১, ১৭৪) আমাৰ বাবে এই শেষকালত তেনে ধৰণৰ বিশেষাধিকাৰ পোৱাটো বাস্তৱতে এক প্ৰশংসনীয় বিষয়। গীতমালা ৰচোঁতাজনে নিজৰ জীৱনকালত নিৰন্তৰে যিহোৱাৰ প্ৰশংসা কৰিব বিচাৰিছিল যদিও, কোনো কাৰণে তেওঁ “হেৰোৱা মেৰৰ দৰে ভ্ৰান্ত” হোৱা অনুভৱ কৰিছিল। (গীত ১১৯:১৭৫, ১৭৬) আজিও খ্ৰীষ্টান মণ্ডলীৰ পৰা আঁতৰি যোৱা কিছুমান লোকে যিহোৱাক প্ৰেম কৰে আৰু তেওঁৰ প্ৰশংসা কৰিব বিচাৰে। গতিকে আঁহক আমি তেনে ব্যক্তিসকলক পুনৰাই আধ্যাত্মিকভাৱে সুৰক্ষা পাই যিহোৱাৰ লোকবিলাকৰ সৈতে আনন্দেৰে সেৱা কৰিবলৈ সকলো ধৰণে সহায় আগবঢ়াওঁহঁক।—ইব্ৰী ১৩:১৫; ১ পিতৰ ৫:৬, ৭.

আমাৰ পথৰ বাবে চিৰস্থায়ী দীপ্তি

২৩, ২৪. গীত ১১৯ অধ্যায়ৰ পৰা আপুনি কেনেদৰে লাভৱান হৈছে?

২৩ গীত ১১৯ অধ্যায়টোৱে বিভিন্ন প্ৰকাৰে আমাৰ বাবে লাভ কঢ়িয়াই আনিব পাৰে। উদাহৰণস্বৰূপে, এই অধ্যায়টোৱে আমাক যিহোৱাত ভাৰসা ৰাখিবলৈ বহুতো প্ৰকাৰে সহায় কৰিব পাৰে। কিয়নো “যিহোৱাৰ ব্যৱস্থাৰ অনুসাৰে” চলি কেনেকৈ প্ৰকৃত সুখ পোৱা যায়, সেই বিষয়ে এই অধ্যায়টোত উল্লেখ কৰা হৈছে। (গীত ১১৯:১) গীতমালা ৰচোঁতাজনে আমাক ‘ঈশ্বৰৰ বাক্যৰ সমষ্টি সত্যৰ’ বিষয়ে সোঁৱৰিবলৈ সহায় কৰিছে। (গীত ১১৯:১৬০) ইয়ে আমাক ঈশ্বৰৰ বাক্যৰ প্ৰতি মূল্যাঙ্কন বৃদ্ধি কৰিবলৈও সহায় আগবঢ়াইছে। গীত ১১৯ অধ্যায়টো ধ্যান কৰাৰ দ্বাৰা আমি আন শাস্ত্ৰীয় পদবোৰো সযত্নেৰে অধ্যয়ন কৰিবলৈ প্ৰেৰিত হোৱা উচিত। সেয়েহে গীতমালা ৰচোঁতাজনে বাৰম্বাৰভাৱে যিহোৱাক এইদৰে কৈছিল: “তোমাৰ বিধিবোৰ মোক শিকোৱা।” (গীত ১১৯:১২, ৬৮, ১৩৫) তদুপৰি তেওঁ এইদৰে অনুৰোধ কৰি কৈছিল: “মোক উত্তম বিচাৰ আৰু জ্ঞান শিক্ষা দিয়া; কিয়নো মই তোমাৰ আজ্ঞাবোৰত বিশ্বাস কৰিলোঁ।” (গীত ১১৯:৬৬) সেইদৰে আমিও প্ৰাৰ্থনা কৰা উচিত।

২৪ ঈশ্বৰীয় শিক্ষাই আমাক যিহোৱাৰ সৈতে এক নিবিড় সম্পৰ্ক গঢ়ি তুলিবলৈ সহায় কৰে। গীতমালা ৰচোঁতাজনে বাৰে বাৰে নিজকে ঈশ্বৰৰ সেৱক বুলি সম্বোধিত কৰিছে। আনকি তেওঁ এই হৃদয়স্পৰ্ষী বাক্যবোৰৰ দ্বাৰা সম্বোধিত কৰি যিহোৱাক এইদৰে কৈছে: “মই তোমাৰেই।” (গীত ১১৯:১৭, ৬৫, ৯৪, ১২২, ১২৫; ৰোমীয়া ১৪:৮) এজন যিহোৱাৰ সাক্ষীৰ সদস্য হোৱাৰ বাবে যিহোৱাৰ সেৱা আৰু তেওঁৰ প্ৰশংসা কৰিবলৈ পোৱাটো কিযে এক বিশেষাধিকাৰ! (গীত ১১৯:৭) আপুনি এজন ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰক হৈ যিহোৱাৰ সেৱা কৰিছেনে? যদি কৰিছে, তেন্তে আপুনি নিশ্চিত হওক যে, যিহোৱা ঈশ্বৰে সদায়ে এই বিশেষাধিকাৰক বজাই ৰাখিবলৈ আপোনাক আশীৰ্ব্বাদ কৰিব। তদুপৰি যদি আপুনি তেওঁৰ বাক্যত সম্পূৰ্ণকৈ ভাৰসা ৰাখে, তেন্তে আপোনাৰ পথো উজ্জ্বলময় হʼব। (w05 4/15)

আপুনি কেনেকৈ উত্তৰ দিব?

• আমি কিয় ঈশ্বৰৰ বাক্যৰ প্ৰতি হাবিয়াহ দেখুৱা উচিত?

• আমি কেনেকৈ ঈশ্বৰৰ বাক্যৰ দ্বাৰা প্ৰতিপালিত হৈছোঁ?

• যিহোৱাৰ সাক্ষ্যবোৰৰ দ্বাৰা আমি কেনে ধৰণে সহায় লাভ কৰিছোঁ?

• যিহোৱাৰ লোকসকল কিয় সুৰক্ষিত আৰু শান্তিময়?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৮ পৃষ্ঠাৰ ছবি]

যদি আমি যিহোৱাৰ সাক্ষ্যবোৰ প্ৰেম কৰোঁ, তেন্তে তেওঁ আমাক কেতিয়াও “ভাঁজৰ” দৰে দৃষ্টি নকৰিব

[২৯ পৃষ্ঠাৰ ছবিসমূহ]

যদি আমি নিতৌ বাইবেল পঢ়োঁ, তেন্তে প্ৰাৰ্থনা কৰাৰ সময়ত আমি শিকা বিষয়বোৰ আপোনা-আপুনিকৈ মনলৈ আহিব