কোনসকলৰ পুনৰুত্থান হ’ব?
কোনসকলৰ পুনৰুত্থান হʼব?
“তোমালোকে ইয়াত বিস্ময় নামানিবা; কিয়নো যি কালত মৈদামত থকা সকলোৱে তেওঁৰ মাত শুনি, . . . পুনৰুত্থানলৈ ওলাব।”—যোহন ৫:২৮, ২৯.
১. জ্বলি থকা জোপাটোৰ পৰা মোচিয়ে কেনে উল্লেখনীয় মাত শুনিবলৈ পালে আৰু পিছলৈ কোনে সেই বাক্যবোৰ পুনৰাই উল্লেখ কৰিছিল?
আজিৰ পৰা প্ৰায় ৩,৫০০ বছৰৰ পূৰ্বে মোচিয়ে এক আচৰিত ঘটনা ঘটা দেখিছিল। তেওঁ হোৰেব পৰ্ব্বতৰ নামনিত যিথ্ৰোৰ মেৰৰ জাকটি চৰাই থকাৰ সময়ত এটা জ্বলি থকা জোপাৰ মাজৰ পৰা এজন স্বৰ্গদূতে মাত লগোৱা শুনিছিল। এই বিষয়ে যাত্ৰাপুস্তকৰ বৃতান্তই এইদৰে কৈছে, “তেওঁ চাই দেখিলে, যে, জোপাটোত জুই জ্বলিছে, তথাপি জোপাটো পোৰা নাই।” এনেতে স্বৰ্গদূতজনে তেওঁক মাত লগাই এইদৰে কৈছিল: “মই তোমাৰ ওপৰ-পিতৃবিলাকৰ ঈশ্বৰ, অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ ঈশ্বৰ।” (যাত্ৰাপুস্তক ৩:১-৬) সেই একেই ধৰণৰ বাক্য প্ৰথম শতিকাৰ সময়তো ঈশ্বৰৰ পুত্ৰ যীচুৱে পুনৰাই উল্লেখ কৰি কৈছিল।
২, ৩. (ক) অব্ৰাহাম, ইচহাক আৰু যাকোবৰ বাবে কেনে আশা আছে? (খ) এতিয়া কোনবোৰ প্ৰশ্ন উদয় হৈছে?
২ যীচুৱে পুনৰুত্থানৰ আশাৰ ওপৰত বিশ্বাস নকৰা ফৰীচীবিলাকৰ সৈতে আলোচনা কৰোঁতে সেই বাক্যবোৰক ব্যৱহাৰ কৰি এইদৰে কৈছিল: “মোচিয়ে জোপাৰ কথাত প্ৰভুক, অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, যাকোবৰ ঈশ্বৰ বুলি মতাত, মৃতবিলাকৰ যে পুনৰুত্থান হয়, ইয়াক প্ৰকাশ কৰিলে। তেওঁ মৃতবিলাকৰ ঈশ্বৰ নহয়, জীয়াবিলাকৰহে ঈশ্বৰ; কিয়নো তেওঁৰ সম্বন্ধে সকলো জীয়াই আছে।” (লূক ২০:২৭, ৩৭, ৩৮) সেই বাক্যবোৰৰ দ্বাৰা যীচুৱে এইটো কʼব বিচাৰিছিল যে বহু সময়ৰ পূৰ্বে মৃত্যু হোৱা অব্ৰাহাম, ইচহাক আৰু যাকোব আজিও যিহোৱাৰ স্মৰণত জীয়াই আছে। তেওঁলোকে ইয়োবৰ দৰে “সৈন্যবৃত্তিৰ দিন কেইটালৈ” বাট চাই আছে। (ইয়োব ১৪:১৪) তেওঁলোকক পৰমদেশত পুনৰুত্থান কৰা হʼব।
৩ মানৱ ইতিহাসত মৃত্যু হোৱা কোটি কোটি লোকৰ বিষয়ে কি কʼব পাৰি? তেওঁলোকৰো পুনৰুত্থান হʼবনে? আঁহক আমি এই প্ৰশ্নটোৰ সঠিক উত্তৰ পোৱাৰ পূৰ্বে মৃত্যুৰ পিছত লোকসকলে কʼলৈ যায়, সেই বিষয়ে প্ৰথমতে বিবেচনা কৰোঁহঁক।
মৃতবিলাক কʼত আছে?
৪. (ক) মৃত্যুৰ পিছত লোকসকল কʼলৈ যায়? (খ) চিয়োলৰ অৰ্থ কি?
৪ মৃতবিলাকৰ বিষয়ে বাইবেলে কৈছে যে তেওঁলোকে “একোকেই নাজানে।” মৃত্যুৰ পিছত কোনেও নৰকাগ্নিৰ দ্বাৰা পীড়িত নহয় বা লিম্ব অৰ্থাৎ ৰোমান কেথলীক ধৰ্ম্মৰ মূলনীতিৰ অনুসাৰে সেই ধৰ্ম্মত দীক্ষিত নোহোৱাকৈ মৃত্যু হোৱা নিষ্পাপ শিশুৱে বাস কৰা বুলি কল্পনা কৰা স্থানত অপেক্ষা কৰি নাথাকে। দৰাচলতে সকলো মৃত লোকবিলাক মাটিত মিলি যায়। সেইবাবে ঈশ্বৰৰ বাক্যই জীৱিত লোকবিলাকক এইদৰে পৰামৰ্শ দিছে: “যি যি কাৰ্য্য তোমাৰ হাতত পৰে, তাক যত্নৰে কৰিবা; কিয়নো তুমি যি ঠাইলৈ যাব লাগিছা, সেই চিয়োলত কোনো কাৰ্য্য, কি কল্পনা, কি বিদ্যা, কি জ্ঞান, একোৱেই নাই।” (উপদেশক ৯:৫, ১০; আদিপুস্তক ৩:১৯) “চিয়োল” শব্দটো বহুতৰ বাবে অপৰিচিত। কিয়নো এই শব্দটো হীব্ৰু ভাষাৰ কোনো অনিশ্চিত শব্দৰ পৰা আহিছে। বহুতো ধৰ্ম্মই মৃত্যুৰ পিছতো ব্যক্তিসকল জীৱিত থাকে বুলি শিক্ষা দিয়ে। কিন্তু ঈশ্বৰৰ বাক্যৰ অনুসাৰে, চিয়োলত থকা সকলে একোকে নাজানে। কিয়নো চিয়োলৰ অৰ্থ হৈছে মানৱজাতিৰ সাধাৰণ কবৰ।
৫, ৬. মৃত্যুৰ পিছত যাকোব কʼলৈ গʼল আৰু কাৰ সৈতে মিলি যায়?
৫ সৰ্ব্বপ্ৰথম “চিয়োল” শব্দটো আদিপুস্তক ৩৭:৩৫ পদত পঢ়িবলৈ পোৱা যায়। সেই বৃতান্তৰ অনুসাৰে, যেতিয়া কুলপিতৃ যাকোবে তেওঁৰ প্ৰিয় পুত্ৰ যোচেফৰ মৃত্যু হৈছে বুলি শুনিবলৈ পালে, তেতিয়া তেওঁ অতিশয় শোক কৰিবলৈ ধৰিলে। তেওঁ কাৰো শান্ত্বনাদায়ক বুজনি নেমানি এইদৰে কয়: “মই শোকতে চিয়োললৈ মোৰ পুত্ৰৰ ওচৰলৈ যাম।” কিয়নো তেওঁ বিশ্বাস কৰিছিল যে যাচেফৰ মৃত্যু হʼল, এতেকে যাকোবেও মৃত্যুৰ পিছত চিয়োললৈ যাব ইচ্ছা কৰিছিল। যেতিয়া তেওঁৰ ন জন পুত্ৰই আকালৰ পৰা ৰক্ষা পাবলৈ কনিষ্ঠ পুত্ৰ বিন্যামীনক মিচৰলৈ লৈ যাবলৈ বিচাৰিছিল, তেতিয়া তেওঁ প্ৰতিৰোধ কৰি এইদৰে কৈছিল: “মোৰ পুত্ৰক তহঁতৰ লগত মই যাবলৈ নিদিম; কিয়নো তাৰ ককায়েক মৰিল; এতিয়া অকল সিহে অৱশিষ্ট আছে; তহঁতে যোৱা বাটত তাৰ যদি কিবা আপদ ঘটে, তেতিয়া শোকতে এই পকা চুলিয়ে সৈতে মোক চিয়োললৈ পঠাবিহঁক।” (আদিপুস্তক ৪২:৩৬, ৩৮) এই দুটা উদ্ধৃতিয়ে মৃত্যুৰ পিছত মানুহ জীয়াই থকা নহয়, কিন্তু চিয়োলত নিষ্ক্ৰিয় অৱস্থাত থকাহে বুজাইছে।
৬ আগলৈ আদিপুস্তকৰ বৃতান্তই কৈছে যে মিচৰ দেশত যোচেফে খাদ্য মন্ত্ৰী হিচাপে কাৰ্য্য কৰিছিল। এই বিষয়ে যেতিয়া যাকোবে শুনিবলৈ পালে, তেতিয়া তেওঁ উল্লাসেৰে পুত্ৰ যোচেফক লগ কৰাৰ উদ্দেশ্যৰে মিচৰলৈ যাত্ৰা কৰে। তাত তেওঁ ১৪৭ বছৰ বয়স, অৰ্থাৎ মৃত্যুলৈকে থাকিল। যাকোবৰ ইচ্ছাৰ অনুসাৰে তেওঁৰ অস্থিবোৰ কনান দেশৰ মক্পেলাৰ গুহাত মৈদাম দিয়া হয়। (আদিপুস্তক ৪৭:২৮; ৪৯:২৯-৩১; ৫০:১২, ১৩) এইদৰে যাকোবে তেওঁৰ পিতৃ ইচহাক আৰু আদিপিতৃ অব্ৰাহামৰ সৈতে মিলি যায়।
‘ওপৰ-পিতৃসকলৰ ওচৰলৈ নিয়া হʼল’
৭, ৮. (ক) মৃত্যুৰ পিছত অব্ৰাহাম কʼলৈ গল? বৰ্ণনা কৰক। (খ) কিহে দেখুৱাইছে যে আনসকলেও চিয়োলত প্ৰৱেশ কৰিলে?
৭ অব্ৰাহামৰ সৈতে নিয়ম স্থাপিত কৰি বংশ বৃদ্ধিৰ সম্বন্ধে কৰা প্ৰতিজ্ঞাৰ সময়ত তেওঁৰ ভৱিষ্যতৰ বিষয়ে যিহোৱাই তেওঁক আগতীয়াকৈ জনাইছিল। যিহোৱাই তেওঁক এইদৰে কৈছিল: “তুমি শান্তিৰে তোমাৰ ওপৰ-পিতৃসকলৰ ওচৰলৈ যাবা; অতি বৃদ্ধ অৱস্থাত তোমাক মৈদাম দিয়া হব।” (আদিপুস্তক ১৫:১৫) ঠিক যিহোৱাই কোৱাৰ অনুসাৰে সেই সকলোবোৰ ঘটিল। এই বিষয়ে আদিপুস্তক ২৫:৮ পদত এইদৰে কৈছে: “অব্ৰাহামে অতি বৃদ্ধ হৈ সম্পূৰ্ণ আয়ুস পাই, উত্তম বৃদ্ধ অৱস্থাত প্ৰাণত্যাগ কৰিলত, তেওঁৰ ওপৰ-পিতৃবিলাকৰ লগলৈ তেওঁক নিয়া হল।” এই ওপৰ-পিতৃবিলাক কোন আছিল? আদিপুস্তক ১১:১০-২৬ পদত নোহৰ পুত্ৰ চেমৰ সময়ৰে পৰা থকা পূৰ্ব-পুৰুষসকলৰ নাম তালিকাভুক্ত কৰা হৈছে। গতিকে অব্ৰাহামৰ মৃত্যুত তেওঁক চিয়োলত নিদ্ৰিত অৱস্থাত থকা ওপৰ-পিতৃসকলৰ ওচৰলৈ নিয়া হʼল।
৮ ‘ওপৰ-পিতৃসকলৰ ওচৰলৈ নিয়া হʼল’ বুলি উল্লেখ কৰা উক্তিটো সঘনাই হিব্ৰু শাস্ত্ৰীয় পদবোৰত পঢ়িবলৈ পোৱা যায়। গতিকে অব্ৰাহামৰ পুত্ৰ ইশ্মায়েল, মোচি আৰু তেওঁৰ ভাতৃ হাৰোণৰ মৃত্যুৰ পিছত চিয়োললৈ গʼল আৰু পুনৰুত্থানৰ বাবে বাট চাই আছে বুলি কোৱাটো নিশ্চয়ে যুক্তিসঙ্গত হʼব। (আদিপুস্তক ২৫:১৭; গণনা পুস্তক ২০:২৩-২৯) যদিও কোনেও নাজানে যে মোচিক কʼলৈ নিয়া হʼল, তথাপিও তেওঁ যে চিয়োললৈ গʼল, সেই বিষয়ে নিশ্চিতভাৱে কʼব পাৰি। (গণনা পুস্তক ২৭:১৩; দ্বিতীয় বিবৰণ ৩৪:৫, ৬) ঠিক সেইদৰে মোচিৰ পিছত নেতৃত্বভাৰ গ্ৰহণ কৰা যিহোচূৱা আৰু সেই সময়ৰ আটাই লোকসকলেও চিয়োললৈ গʼল।—বিচাৰকৰ্ত্তাবিলাক ২:৮-১০.
৯. (ক) বাইবেলে কেনেকৈ দেখুৱাইছে যে হীব্ৰু “চিয়োল” শব্দ আৰু গ্ৰীক “পৰলোক” শব্দটোৱে একেই স্থানক নিৰ্দ্দেশিত কৰিছে? (খ) চিয়োল আৰু পৰলোকত থকা সকলৰ বাবে কেনে আশা আছে?
৯ বহু শতাব্দীৰ পিছত ইস্ৰায়েলৰ ১২ গোত্ৰৰ ওপৰত ৰজা নিযুক্ত হোৱা দায়ূদৰ সৈতেও তেনে হৈছিল। মৃত্যুৰ পিছত তেৱোঁ “ওপৰ-পিতৃবিলাকৰ লগত নিদ্ৰিত” হʼল। (১ ৰাজাৱলি ২:১০) মৃত্যুৰ পিছত তেওঁ যে চিয়োললৈ গʼল, সেই বিষয়ে কেনেকৈ কʼব পাৰি? উল্লেখ্য যে, সা.যু. ৩৩ চনৰ পেন্টাকোষ্টৰ সময়ত পাঁচনি পিতৰে মৃত্যুৰ পিছত থকা দায়ূদৰ স্থিতিৰ বিষয়ে উল্লেখ কৰি গীত ১৬:১০ পদটোক উদ্ধৃত কৰি এইদৰে কৈছিল: “তুমি মোৰ প্ৰাণ চিয়োলত পৰিত্যাগ নকৰিবা।” দায়ূদৰ মৃত্যুৰ পিছত থকা স্থিতিৰ বিষয়ে উল্লেখ কৰাৰ পিছত তেওঁ সেই বাক্যবোৰ যীচুত প্ৰয়োগ কৰিছিল আৰু বৰ্ণনা কৰি কৈছিল যে দায়ূদে “ভাবী-ঘটনালৈ চাই খ্ৰীষ্টৰেই পুনৰুত্থানৰ বিষয়ে কলে যে, তেওঁক পৰলোকত ত্যাগ কৰা নহল, আৰু তেওঁৰ শৰীৰো ক্ষয় নাপালে। সেই যীচুকে ঈশ্বৰে পুনৰায় তুলিলে; তাৰ সাক্ষী আমি সকলো আছোঁ।” (পাঁচনিৰ কৰ্ম্ম ২:২৯-৩২) পিতৰে ব্যৱহাৰ কৰা গ্ৰীক শব্দ “পৰলোক” হীব্ৰু ভাষাৰ “চিয়োল” শব্দটোৰ সৈতে মিল খায়। গতিকে পৰলোকত থকা লোকসকলৰ স্থিতিয়ো “চিয়োলত” থকাৰ নিচিনা। তেওঁলোক নিদ্ৰিত অৱস্থাত আৰু পুনৰুত্থানলৈ বাট চাই আছে।
চিয়োলত অধাৰ্ম্মিক লোকবিলাকো আছেনে?
১০, ১১. অধাৰ্ম্মিকসকলে তেওঁলোকৰ মৃত্যুত চিয়োল বা পৰলোকলৈ যায় বুলি আমি কিয় কʼব পাৰোঁ?
১০ মিচৰৰ দাসত্বৰ পৰা ওলাই আহি অৰণ্যত থকা সময়ছোৱাত ইস্ৰায়েলসকলৰ মাজত বিদ্ৰোহ মনোবৃত্তি দেখা গৈছিল। তাতে মোচিয়ে লোকসকলক দলপতি কোৰহ, দাথন আৰু অবীৰামৰ পৰা পৃথকে থাকিবলৈ কʼলে যাতে তেওঁলোকৰ সৈতে আনবিলাকেও যেন মৃত্যুৰ সহভাগী নহয়। তেওঁলোকে ভয়ানকভাৱে মৃত্যু বৰণ কৰিবলগীয়া আছিল। সেই বিষয়ে মোচিয়ে এইদৰে বৰ্ণনা কৰি কৈছিল: “আন মানুহবিলাক যি মৰণেৰে মৰে, এই মানুহবিলাকো যদি তেনে মৰণেৰে মৰে, বা মানুহবিলাকলৈ যেনে আপদ ঘটে, এই মানুহবিলাকলৈকো যদি তেনে আপদ ঘটে, তেন্তে যিহোৱাই মোক পঠোৱা নাই; কিন্তু যিহোৱাই যদি নতুন কাৰ্য্য কৰে, আৰু যদি পৃথিবীয়ে নিজ মুখ মেলি ইহঁতক, আৰু ইহঁতৰ সকলোকে গ্ৰাস কৰে, আৰু ইহঁত জীয়াই জীয়াই চিয়োললৈ নামি যায়, তেন্তে ইহঁতে যে যিহোৱাক হেয়জ্ঞান কৰিলে, তাক তোমালোকে জানিবলৈ পাবা।” (গণনা পুস্তক ১৬:২৯, ৩০) যিয়েই নহওঁক, কোৰহ আৰু ২৫০ জন লেবী বংশৰ লোকক পৃথিৱীয়ে মুখ মেলি গ্ৰাস কৰিলে বা অগ্নিৰ দ্বাৰা ভষ্ম হʼল, তেওঁলোক সকলোৱে চিয়োললৈ বা পৰলোকলৈ নামি গʼল।—গণনা পুস্তক ২৬:১০.
১১ চিমিয়ীৰ মৃত্যু দায়ূদৰ পুত্ৰ চলোমনৰ দ্বাৰা হৈছিল। কিয়নো তেওঁ এবাৰ দায়ূদক অতিশয়ৰূপে শাও দিছিল আৰু সেইবাবে দায়ূদে চলোমনক এইদৰে আদেশ দি কৈছিল: “তুমি এতিয়া তেওঁক নিৰ্দ্দোষী যেন নাভাবিবা, কাৰণ তুমি জ্ঞানৱান পুৰুষ; আৰু তেওঁলৈ কি কৰা উচিত, তাক তুমি জানি, তেওঁৰ পকা চুলি তেজেৰে সৈতে চিয়োললৈ নমাই দিবা।” চলোমনে বনায়াৰ দ্বাৰা তেওঁক বধ কৰি দায়ূদে কৰা আজ্ঞাৰ অনুসাৰে কাৰ্য্য কৰিলে। (১ ৰাজাৱলি ২:৮, ৯, ৪৪-৪৬) বনায়াৰ দ্বাৰা বধ হোৱা আন এজন ব্যক্তি হৈছে ইস্ৰায়েলৰ প্ৰাক্তন সেনাপতি যোৱাব। তেৱোঁ পকা চুলিৰে সৈতে “শান্তিৰে চিয়োললৈ” যাব নোৱাৰিলে। (১ ৰাজাৱলি ২:৫, ৬, ২৮-৩৪) এই দুয়োটা উদাহৰণে দায়ূদে গোৱা এই গীতটিৰ সত্যতাৰ প্ৰমাণ দিছে, যাৰ বিষয়ে এইদৰে উল্লেখ কৰিছে: “দুষ্টবোৰ চিয়োললৈ উলটি যাব; ঈশ্বৰক পাহৰা সকলো জাতি তালৈ যাব।”—গীত ৯:১৭.
১২. অহীথোফল কোন আছিল আৰু মৃত্যুৰ পিছত তেওঁ কʼলৈ গʼল?
১২ দায়ূদৰ পৰামৰ্শ দিওঁতা অহীথোফলৰ বিষয়ে বিবেচনা কৰক। তেওঁ আগবঢ়োৱা পৰামৰ্শবোৰক ঈশ্বৰৰ পৰা অহা যেন জ্ঞান কৰা হৈছিল। (২ চমূৱেল ১৬:২৩) কিন্তু পিছলৈ তেওঁ দায়ূদৰ পুত্ৰ অব্চালোমৰ সৈতে লগ হৈ দায়ূদৰ বিৰুদ্ধে থিয় হৈছিল। সেইবাবে দায়ূদে নিজৰ এটি গীতত তেওঁৰ বিষয়ে এইদৰে কৈছিল: “কোনো শত্ৰুৱে যে মোক নিন্দা কৰিছে, এনে নহয়; কৰা হলে, মই তাক সহিলোহেঁতেন; মোক ঘিণাওঁতাই যে মোৰ বিৰুদ্ধে গৰ্ব্ব কৰিছে, এনে নহয়; কৰা হলে, মই তাৰ পৰা নিজকে লুকুৱালোহেঁতেন।” আগলৈ তেওঁ এইদৰে কৈছিল: “মৃত্যুৱে সিহঁতক অকস্মাৎ আক্ৰমণ কৰক, সিহঁত জীয়াই জীয়াই চিয়োললৈ নামি যাওক; কিয়নো সিহঁতৰ বাসস্থানত আৰু সিহঁতৰ অন্তৰত দুষ্টতা আছে।” (গীত ৫৫:১২-১৫) মত্যুত অহীথোফল আৰু তেওঁৰ সঙ্গীসকল চিয়োললৈ নামি গʼল।
গেহেন্নাত কোনসকল আছে?
১৩. ঈষ্কৰিয়োতীয়া যিহূদাক কিয় “বিনাশৰ পুত্ৰ” বুলি কোৱা হয়?
১৩ এতিয়া দায়ূদৰ পৰিস্থিতি মহান দায়ূদ যীচুৰ সৈতে তুলনা কৰক। তেওঁৰ ১২ জন শিষ্যৰ এজন, অৰ্থাৎ ঈষ্কৰিয়োতীয়া যিহূদাই অহীথোফলৰ দৰে মনোবৃত্তি দেখুৱালে। তেওঁ দেখুৱা এই মনোবৃত্তি অহীথোফলৰ মনোবৃত্তিতকৈ অধিক গম্ভীৰ আছিল। কিয়নো তেওঁ ঈশ্বৰৰ একমাত্ৰ পুত্ৰৰ বিৰুদ্ধে কাৰ্য্য কৰিলে। সেই বিষয়ে যীচুৱে এই পৃথিৱীত কৰা সেৱাকাৰ্য্যৰ সমাপ্তিত শিষ্যবিলাকক যি কৈছিল, তাৰ পৰা জানিব পৰা যায়। তেওঁ এইদৰে কৈছিল: “মই তেওঁবিলাকৰ লগত থকা কালত, তুমি যি নাম মোক দিলা, তোমাৰ সেই নামত মই তেওঁবিলাকক ৰাখিলোঁ; আৰু তেওঁবিলাকক পহৰা দিলোঁ; তাতে তেওঁবিলাকৰ এজনো বিনষ্ট নহল, শাস্ত্ৰীয় বচন সিদ্ধ হবলৈ, অকল বিনাশৰ পুত্ৰহে বিনষ্ট হল।” (যোহন ১৭:১২) যীচুৱে ঈষ্কৰিয়োতীয়া যিহূদাক “বিনাশৰ পুত্ৰ” বুলি উল্লেখ কৰি ইয়াকে কʼব বিচাৰিছিল যে তেওঁৰ বাবে পুনৰুত্থানৰ কোনো আশা নাই। ইয়াৰ অৰ্থ হৈছে তেওঁ যিহোৱাৰ স্মৰণত জীয়াই নাথাকিল। তেওঁ চিয়োললৈ নহয়, কিন্তু গেহেন্নালৈহে গʼল। গেহেন্না কি?
১৪. গেহেন্নাৰ অৰ্থ কি?
১৪ যীচুৱে তেওঁৰ সময়ত থকা ধৰ্ম্মগুৰুসকলক তেওঁলোকৰ শিষ্যবিলাকক “নিজতকৈয়ো দুগুণ [গেহেন্নালৈ, NW]” ঠেলাৰ বাবে নিন্দা কৰিছিল। (মথি ২৩:১৫) সেই সময়ত লোকসকলে হিন্নোমৰ উপত্যকা, অৰ্থাৎ গেহেন্নাত কবৰ দিবলৈ যোগ্য নোহোৱা অপৰাধীবিলাকৰ মৃত শৰীৰ বা আৱৰ্জনা জ্বলোৱাৰ বিষয়ে ভালদৰে জানিছিল। আনকি যীচুৱেও তেওঁৰ পৰ্ব্বতীয় উপদেশত সেই স্থানৰ বিষয়ে উল্লেখ কৰিছিল। (মথি ৫:২৯, ৩০) গতিকে তেওঁৰ শ্ৰোতাসকলৰ বাবে গেহেন্নাৰ লাক্ষণিক অৰ্থ কি, সেই বিষয়ে বুজিবলৈ অসুবিধা হোৱা নাছিল। আচলতে গেহেন্নাই এজন ব্যক্তিৰ পুনৰুত্থানৰ কোনো আশা নথকাকৈ সম্পূৰ্ণকৈ ধ্বংস হোৱাক বুজাইছে। ঈষ্কৰিয়োতীয়া যিহূদাৰ উপৰি আনসকলেও গেহেন্নালৈ গʼলনে?
১৫, ১৬. কোনসকল গেহেন্নালৈ গʼল আৰু তেওঁলোকে তালৈ যোৱা কাৰণ কি?
১৫ এই পৃথিৱীত প্ৰথম মানৱ দম্পতী আদম আৰু হৱাক পৰিপূৰ্ণতাৰে সৃষ্টি কৰা হৈছিল। কিন্তু ইচ্ছাকৃতভাৱে তেওঁলোকে পাপৰ ফান্দত পৰি চয়তানৰ ফলীয়া হৈ মৃত্যুৰ পথ বাছি লʼলে। তেওঁলোকৰ বাবে যীচুৰ মুক্তিপণ বলিদানৰ পৰা লাভৱান হোৱাৰ কোনো আশা বাকী নাথাকিল। বৰঞ্চ, তেওঁলোক গেহেন্নালৈ গʼল।
১৬ আদমৰ জ্যেষ্ঠ পুত্ৰ কয়িনে নিজৰ ভাতৃ হেবলক হত্যা কৰাৰ পিছত পলাতকভাৱে জীৱন-যাপন কৰিবলগীয়া হৈছিল। পাঁচনি যোহনে কয়িনে “পাপ-আত্মাৰ পৰা হৈ” কাৰ্য্য কৰা বুলি উল্লেখ কৰিছে। (১ যোহন ৩:১২) গতিকে এইটো কোৱা যুক্তিসঙ্গত হʼব যে তেৱোঁ মৃত্যুৰ পিছত নিজৰ পিতৃ-মাতৃৰ দৰে গেহেন্নালৈ গʼল। (মথি ২৩:৩৩, ৩৫) ইয়াৰ বিপৰীতে, হেবল কিযে এক ধাৰ্ম্মিক ব্যক্তি আছিল! যাৰ বিষয়ে পাঁচনি পৌলে এইদৰে কৈছে: “বিশ্বাসৰ গুণে, হেবলে ঈশ্বৰৰ উদ্দেশে কয়িনতকৈ উত্তম বলিদান উৎসৰ্গ কৰিলে; আৰু তাৰ দ্বাৰায়েই, তেওঁ যে ধাৰ্ম্মিক, ইয়াৰ সাক্ষ্য পালে; অৰ্থাৎ ঈশ্বৰে তেওঁৰ উপহাৰৰ বিষয়ে সাক্ষ্য দিছিল; আৰু তাৰ দ্বাৰাই, তেওঁ মৃত হৈয়ো, এতিয়ালৈকে কথা কৈ আছে।” (ইব্ৰী ১১:৪) নিঃসন্দেহ, হেবল চিয়োললৈ গʼল আৰু পুনৰুত্থানৰ বাবে বাট চাই আছে।
“প্ৰথম” আৰু “শ্ৰেষ্ঠ” পুনৰুত্থান
১৭. (ক) ‘শেষ কালত’ কোনসকলে চিয়োললৈ যাব? (খ) চিয়োলত থকা সকলৰ বাবে কেনে আশা আছে আৰু গেহেন্নাত থকা সকললৈ কি ঘটিব?
১৭ বহুতে এই ‘শেষ কালত’ মৃত্যু হোৱা সকলৰ অৱস্থাৰ বিষয়ে শুনি বা জানি আচৰিত হʼব পাৰে। (দানিয়েল ৮:১৯) বাইবেলৰ প্ৰকাশিত বাক্যৰ ৬ অধ্যায়ত এই শেষ কালত ঘোঁৰাৰ ওপৰত বহা চাৰি প্ৰকাৰৰ ব্যক্তিৰ বিষয়ে বৰ্ণনা কৰিছে। উল্লেখ্য যে, বৃতান্তত বৰ্ণনা কৰা শেষৰ ঘোঁৰাটোৰ ওপৰত উঠা জনাক মৃত্যু বুলি কৈছে আৰু পৰলোক তাৰ লগত পাছে পাছে চলি আহিছে। এইদৰে এই শেষৰ ঘোঁৰাটোৰ ওপৰত বহা জনে কৰা কাৰ্য্যৰ অন্তত অকালতে মৃত্যু হোৱা লোকসকলে ঈশ্বৰৰ ৰাজ্যৰ অধিনত পৰমদেশত পুনৰুত্থান হোৱালৈ অপেক্ষা কৰি আছে। (প্ৰকাশিত বাক্য ৬:৮) তেন্তে চিয়োল (পৰলোক) আৰু গেহেন্নাত থকা সকলৰ বাবে কোনো আশা আছেনে? চিয়োলত থকা সকল পুনৰাই জী উঠিব আৰু গেহেন্নাত থকাসকলে সম্পূৰ্ণ ধ্বংস অৰ্থাৎ অস্তিত্বহীন হʼব।
১৮. “প্ৰথম পুনৰুত্থানে” কেনে আশা প্ৰদান কৰিছে?
১৮ পাঁচনি যোহনে পুনৰুত্থানৰ সম্বন্ধে এইদৰে কৈছিল: “এয়ে প্ৰথম পুনৰুত্থান। যি কোনো এই প্ৰথম উত্থানৰ ভাগী হয়, তেওঁ ধন্য আৰু পবিত্ৰ; তেওঁবিলাকৰ ওপৰত দ্বিতীয় মৃত্যুৰ কোনো ক্ষমতা নাই; কিন্তু তেওঁবিলাক ঈশ্বৰৰ আৰু খ্ৰীষ্টৰ পুৰোহিত হৈ, তেৱেঁ সৈতে এহেজাৰ বছৰ ৰাজত্ব কৰিব।” এই “প্ৰথম পুনৰুত্থানৰ” সদস্যসকল হৈছে যীচু আৰু তেওঁৰ সহশাসকসকল। কিন্তু আন লোকসকলৰ বাবে কেনে আশা আছে?—প্ৰকাশিত বাক্য ২০:৬.
১৯. কিছুমানে “শ্ৰেষ্ঠ পুনৰুত্থানৰ” পৰা কেনেকৈ লাভৱান হʼব?
১৯ প্ৰাচীন কালত বাস কৰা ঈশ্বৰৰ উপাসক এলিয়া আৰু ইলীচাৰ দিনৰ পৰাই লোকসকলক পুনৰুত্থানৰ দ্বাৰা জীৱিত কৰা হৈছিল। যাৰ বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “তিৰোতাবিলাকে নিজ নিজ মৃতবিলাকক পুনৰুত্থানৰ দ্বাৰাই পুনৰায় পালে; আৰু আনবিলাকে শ্ৰেষ্ঠ পুনৰুত্থানৰ ভাগী হবৰ কাৰণে, মুক্তি অগ্ৰাহ্য কৰি, যন্ত্ৰণা-যন্ত্ৰত প্ৰহাৰৰ দ্বাৰাই হত হল।” অৱশ্যে এই বিশ্বাসী পুৰুষ-স্ত্ৰীসকলে এনে ধৰণৰ পুনৰুত্থানলৈ বাট চাই আছে যি তেওঁলোকলৈ অল্পকলীয়া নহয়, কিন্তু চিৰকলীয়া জীৱন কঢ়িয়াই আনিব! বাস্তৱতে ই এক “শ্ৰেষ্ঠ” পুনৰুত্থান হʼব।—ইব্ৰী ১১:৩৫.
২০. পৰৱৰ্তী লেখত কিহৰ বিষয়ে আলোচনা কৰা হʼব?
২০ আমি যদি এই ৰীতি-ব্যৱস্থাৰ ধ্বংস হোৱাৰ পূৰ্বে মৃত্যুলৈকে বিশ্বাসী হৈ থাকোঁ, তেন্তে “শ্ৰেষ্ঠ পুনৰুত্থান” অৰ্থাৎ পুনৰাই জী উঠি চিৰকালৰ বাবে জীয়াই থাকিব পৰা আশা কৰিব পাৰোঁ। কিয়নো এই সম্বন্ধে যীচুৱে এইদৰে প্ৰতিজ্ঞা কৰিছিল: “তোমালোকে ইয়াত বিস্ময় নামানিবা; কিয়নো যি কালত মৈদামত থকা সকলোৱে তেওঁৰ মাত শুনি, সৎকৰ্ম্ম কৰাবিলাক জীৱনৰ পুনৰুত্থানলৈ, আৰু কুকৰ্ম্ম কৰাবিলাক সোধ-বিচাৰৰ পুনৰুত্থানলৈ ওলাব, সেই কাল আহিছে।” (যোহন ৫:২৮, ২৯) আমি পুনৰুত্থান হোৱাৰ উদ্দেশ্য কি, সেই বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰিম আৰু জানিব পাৰিম যে কেনেকৈ এনে ধৰণৰ আশাই আমাক আনুগত্য ব্যক্তি আৰু আত্মত্যাগ মনোবৃত্তি বিকশিত কৰিবলৈ সহায় আগবঢ়ায়। (w05 5/1)
আপোনাৰ মনত আছেনে?
• যিহোৱাক কিয় “জীয়াবিলাকৰ” ঈশ্বৰ বুলি কোৱা হয়?
• চিয়োলত থকা সকলৰ কেনে আশা আছে?
• গেহেন্নালৈ যোৱা সকলৰ সৈতে কি ঘটিব?
• কিছুমানে কেনেকৈ “শ্ৰেষ্ঠ পুনৰুত্থানৰ” দ্বাৰা লাভৱান হʼব?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[১৫ পৃষ্ঠাৰ ছবি]
অব্ৰাহামৰ দৰে চিয়োললৈ যোৱা সকলৰ বাবে পুনৰুত্থানৰ আশা আছে
[১৬ পৃষ্ঠাৰ ছবি]
আদম, হৱা, কয়িন আৰু ঈষ্কৰিয়োতীয়া যিহূদা কিয় গেহেন্নালৈ গʼল?