Skip to content

Skip to table of contents

পুনৰুত্থানৰ আশাই আপোনাৰ বাবে কেনে অৰ্থ ৰাখে?

পুনৰুত্থানৰ আশাই আপোনাৰ বাবে কেনে অৰ্থ ৰাখে?

পুনৰুত্থানৰ আশাই আপোনাৰ বাবে কেনে অৰ্থ ৰাখে?

“তুমি তোমাৰ হাত মেলি, সমুদায় প্ৰাণীৰে বাঞ্ছা পূৰ্ণ কৰি থাকা।”—গীত ১৪৫:১৬.

১-৩. কিছুমানে ভৱিষ্যতৰ বাবে কেনে আশা ৰাখিছে? বৰ্ণনা কৰক।

 সেইদিনা ৰাতিপূৱা ইংলেণ্ডৰ মানচেষ্টাৰ চহৰৰ এখন ঠাইত ন’ বছৰীয়া খ্ৰীষ্টফাৰ আৰু তেওঁৰ সৰু ভায়েকে খুড়া-খুড়ী আৰু তেওঁলোকৰ লʼৰা-ছোৱালীৰ সৈতে ঘৰে ঘৰে প্ৰচাৰ কাৰ্য্য কৰাৰ পিছত মনোৰম দৃশ্য উপভোগ কৰিবলৈ গৈছিল। কিন্তু ৰাস্তাত যি এক ভয়াবহ ঘটনা ঘটিল, সেই বিষয়ে আমাৰ সচেতন! নামৰ আলোচনীখনে এইদৰে ব্যাখ্যা কৰিছে: “দুপৰীয়াৰ সময়ত সাগৰৰ কাষত অৱস্থিত থকা ব্লেকপোল নামৰ ঠাইখনৰ অভিমুখে গৈ থাকোঁতে তেওঁলোকে এক মটৰ গাড়ীৰ দুৰ্ঘটনাৰ সম্মুখীন হয়। গাড়ীখনত থকা ১২ জন ব্যক্তিৰ ভিতৰত ৬ জনৰ থিতাতে মৃত্যু হয়। এজন পুলিছ কৰ্ম্মীৰ মতে, ‘সেইয়া এক হৃদয় বিদাৰক দুৰ্ঘটনা আছিল।’”

এই ঘটনা হোৱাৰ আগ নিশা খ্ৰীষ্টফাৰ আৰু তেওঁৰ পৰিয়ালে পুস্তক অধ্যয়নত উপস্থিত আছিল, যʼত তেওঁলোকে মৃত্যু সম্বন্ধে থকা বিষয়টোৰ আলোচনা কৰিছিল। খ্ৰীষ্টফাৰৰ দেউতাকে এইদৰে কয়: “তেওঁ এজন বিবেচনাশীল লʼৰা আছিল। সেই নিশা আমি সকলোৱে একত্ৰিত হৈ আলোচনা কৰাৰ সময়ত তেওঁ পৰমদেশ আৰু পুনৰুত্থানৰ সম্বন্ধে থকা নিজৰ দৃঢ় আশাৰ বিষয়ে আমাক কৈছিল। তদুপৰি তেওঁ ইয়াকো কৈছিল যে, ‘যিহোৱাৰ সাক্ষী হোৱা সকলোতকৈ মহান আশীৰ্ব্বাদটো হৈছে, যদিও কিবা কাৰণে আমাৰ মৃত্যু হয়, তথাপিও এদিনাখন আমি পুনৰাই লʼগ পাম।’ আমি কেতিয়াও ভবা নাছিলোঁ যে তেওঁ কোৱা এই বাক্যখিনিয়ে আমাৰ স্মৃতিত এনেদৰে ছাপ বহুৱাই যাব।” a

অষ্ট্ৰিয়াত বাস কৰা ফ্ৰান্ট্‌চ নামৰ এজন যিহোৱাৰ সাক্ষীয়ে ১৯৪০ চনত তেওঁ ৰাখা দৃঢ় বিশ্বাসৰ বাবে তেওঁক শিৰচ্ছেদ কৰিবলৈ আজ্ঞা দিয়া হয়। মৃত্যুৰ পূৰ্বে তেওঁ বাৰ্লিন যাতনা শিবিৰৰ পৰা নিজৰ মাকলৈ লিখা পত্ৰখনত এইদৰে কয়: “যদি মই সৈন্য-বাহিনীত ভৰ্ত্তি হোৱা শপত খোৱা হʼলে যিহোৱাই কেতিয়াও মোক ক্ষমা নকৰিলেহেঁতেন! তদুপৰি মোৰ বাবে পুনৰুত্থানৰ কোনো আশা নাথাকিলহেঁতেন। . . . গতিকে প্ৰিয় মা আৰু মোৰ সকলো আধ্যাত্মিক ভাই-ভনীসকল, আজি মোৰ মৃত্যুদণ্ডৰ বিষয়ে ঘোষণা কৰা হʼল আৰু আপোনালোকে মোৰ মৃত্যুৰ বিষয়ে শুনি ভয় নাখাব। অহা কালিলৈ ৰাতিপুৱা মোক মৃত্যুদণ্ড দিয়া হʼব। অতীতৰ প্ৰকৃত খ্ৰীষ্টানসকলৰ দৰে যিহোৱাই মোকো নিৰ্ভয়ে মৃত্যুৰ সম্মুখীন হʼবলৈ শক্তি দিছে। . . . যদি আপোনালোকেও মৃত্যুলৈকে বিশ্বাসী হৈ থাকে, তেন্তে আমি আকৌ পুনৰাই লগ পাব পাৰিম।” b

৪. ওপৰত উল্লেখ কৰা অভিজ্ঞতাবোৰ পঢ়ি আপুনি কেনে অনুভৱ কৰিছে আৰু এতিয়া আমি কিহৰ বিষয়ে আলোচনা কৰিম?

খ্ৰীষ্টফাৰ আৰু ফ্ৰান্ট্‌চৰ বাবে পুনৰুত্থানৰ আশা কোনা সপোন নহয়, কিন্তু এক বাস্তৱিক আশা আছিল। সঁচাকৈ, ওপৰত উল্লেখ কৰা অভিজ্ঞতাবোৰে অৱশ্যেই আমাৰ হৃদয় স্পৰ্শ কৰে! গতিকে আঁহক আমি পুনৰুত্থানৰ প্ৰতি আমাৰ আশা দৃঢ় আৰু ইয়াৰ বাবে যিহোৱাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ এই প্ৰশ্নবোৰ বিবেচনা কৰোঁহঁক, যʼত কৈছে, পুনৰুত্থান কিয় হʼব আৰু ই কেনেকৈ আমাক ব্যক্তিগতভাৱে প্ৰভাৱিত কৰা উচিত।

পাৰ্থিৱ পুনৰুত্থানৰ দৰ্শন

৫, ৬. প্ৰকাশিত বাক্য ২০:১২, ১৩ পদত লিপিবদ্ধ কৰা পাঁচনি যোহনে দেখা দৰ্শনে কিহৰ বিষয়ে প্ৰকাশ কৰিছে?

যীচুৰ হাজাৰ বছৰীয়া শাসনকালৰ সম্বন্ধে থকা দৰ্শনত পাঁচনি যোহনে পাৰ্থিৱ পুনৰুত্থান হোৱা দেখা পাইছিল। যাৰ বিষয়ে তেওঁ এইদৰে কৈছিল: “সৰু বৰ সকলো মৃতবিলাকক থিয় হৈ থকা দেখিলোঁ; . . . তেতিয়া সাগৰে নিজত থকা মৃতবিলাকক শোধাই দিলে; মৃত্যু আৰু পৰলোকেও নিজত থকা মৃতবিলাকক শোধাই দিলে।” (প্ৰকাশিত বাক্য ২০:১২, ১৩) পৰলোকত থকা “সৰু বা বৰ” সকলো মৃতবিলাক পুনৰাই জীৱিত হʼব। আনকি সাগৰত মৃত্যু হোৱাবিলাকেও পুনৰ জীৱিত হʼব। এই সকলোবোৰৰ পিছত যিহোৱাৰ এক বিশেষ উদ্দেশ্য সন্মিলিত আছে।

চয়তানক বান্ধি আৰু তাক অগাধ ঠাইলৈ পেলাই দিয়াৰ পিছত যীচুৰ হাজাৰ বছৰীয়া শাসনকাল আৰম্ভ হʼব। সেই সময়ত পুনৰুত্থিত হোৱা আৰু মহাক্লেশৰ পৰা ৰক্ষা পোৱা সকলৰ বাবে ভয় কৰাৰ কোনো কাৰণ নাথাকিব। কিয়নো যি অগাধ ঠাইলৈ চয়তানক পেলোৱা হʼব, তাত সি নিষ্ক্ৰিয় হৈ থাকিব। (প্ৰকাশিত বাক্য ২০:১-৩) আপুনি হয়তো যীচুৰ সেই হাজাৰ বছৰীয়া শাসন কালক এক দীৰ্ঘ সময় হʼব বুলি ভাবিব পাৰে। কিন্তু আচলতে চাবলৈ গʼলে সেই হাজাৰ বছৰ কাল যিহোৱাৰ বাবে মাত্ৰ “এদিনৰ নিচিনা।”—২ পিতৰ ৩:৮.

৭. যীচুৰ হাজাৰ বছৰীয়া শাসনকালৰ সময়ত হোৱা সোধ-বিচাৰ কিহৰ ওপৰত আধাৰিত কৰা হʼব?

সেই দৰ্শনৰ অনুসাৰে যীচুৰ হাজাৰ বছৰীয়া শাসনকাল সোধ-বিচাৰৰো সময় হʼব। এই বিষয়ে পাঁচনি যোহনে এইদৰে কৈছিল: “সৰু বৰ সকলো মৃতবিলাকক থিয় হৈ থকা দেখিলোঁ; পাছে কেইখনমান পুস্তক মেলা হল; আৰু জীৱন-পুস্তক নামেৰে আন এখন পুস্তকো মেলা হল; আৰু সেই পুস্তকবোৰত লিখামতে, মৃতবিলাকৰ নিজ নিজ কৰ্ম্ম-অনুসাৰে সোধ-বিচাৰ কৰা হল। . . . তাতে সকলোৰে নিজ নিজ কৰ্ম্ম-অনুসাৰে সোধ-বিচাৰ কৰা হল।” (প্ৰকাশিত বাক্য ২০:১২, ১৩) মনকৰিবলগীয়া যে এই সোধ-বিচাৰ মৃত্যুৰ পূৰ্বে এজন ব্যক্তি কেনে ধৰণৰ বা তেওঁ কি কাৰ্য্য কৰিছিল, তাৰ ওপৰত আধাৰিত নহয়। (ৰোমীয়া ৬:৭) বৰঞ্চ, ভৱিষ্যতে যি “কেইখনমান পুস্তক” মেলা হʼব, তাৰ ওপৰত আধাৰিত। অৰ্থাৎ এজন ব্যক্তিৰ নাম “জীৱন-পুস্তকত” লিখা হʼবনে নহয়, সেই বিষয়ে পুস্তকবোৰৰ অনুসাৰে তেওঁ কৰা কাৰ্য্যৰ ওপৰত নিৰ্ভৰ কৰিব।

“জীৱনৰ পুনৰুত্থান” বা “সোধ-বিচাৰৰ পুনৰুত্থান”

৮. পুনৰুত্থিত হোৱা সকলে কেনে দুই ধৰণৰ ফলাফল লাভ কৰিব?

যোহনে দেখা দৰ্শনত যীচুৰ ওচৰত “মৃত্যুৰো পৰলোকৰো চাবিবোৰ” আছে বুলি বৰ্ণনা কৰিছে। (প্ৰকাশিত বাক্য ১:১৮) তদুপৰি তেওঁক “জীৱনৰ অধিকাৰী” হিচাপে কাৰ্য্য, “জীয়া আৰু মৰা” লোকবিলাকৰ ওপৰত বিচাৰ কৰিবলৈ ক্ষমতা দিয়া হৈছে। (পাঁচনিৰ কৰ্ম্ম ৩:১৫; ২ তীমথিয় ৪:১) তেওঁ কেনেকৈ মৃতবিলাকৰ ওপৰত সোধ-বিচাৰ কৰিব? তেওঁলোকক পুনৰাই জীৱিত কৰাৰ দ্বাৰা তেনে সোধ-বিচাৰ কৰা হʼব। কিয়নো যীচু স্বয়ং এই পৃথিৱীত থকা সময়ছোৱাত তেওঁৰ শ্ৰোতাসকলক এইদৰে কৈছিল: “তোমালোকে ইয়াত বিস্ময় নামানিবা; কিয়নো যি কালত মৈদামত থকা সকলোৱে তেওঁৰ মাত শুনি, সৎকৰ্ম্ম কৰাবিলাক জীৱনৰ পুনৰুত্থানলৈ, আৰু কুকৰ্ম্ম কৰাবিলাক সোধ-বিচাৰৰ পুনৰুত্থানলৈ ওলাব, সেই কাল আহিছে।” (যোহন ৫:২৮-৩০) গতিকে অতীতৰ বিশ্বাসী পুৰুষ আৰু স্ত্ৰীসকলৰ বাবে কেনে আশা আছে?

৯. (ক) পুনৰুত্থিত হোৱা লোকসকলে কিহৰ বিষয়ে শিক্ষা গ্ৰহণ কৰিব? (খ) ভৱিষ্যতে কেনে ধৰণে এক বিস্তাৰিত শৈক্ষিক কাৰ্য্য পৰিচালিত কৰা হʼব?

অতীতৰ বিশ্বাসী পুৰুষ-স্ত্ৰীসকলে পুনৰুত্থিত হৈ তেওঁলোকৰ আশা বাস্তৱিকতাত পৰিণত হোৱা দেখিবলৈ পাব। তেওঁলোকে আদিপুস্তক ৩:১৫ পদত উল্লেখ কৰা স্ত্ৰীৰ বংশৰ বিষয়ে জানিবলৈ পাই কিমান যে আনন্দিত হʼব! তদুপৰি সেই প্ৰতিজ্ঞাত মচীহ যীচুৱে যিদৰে মৃত্যুলৈকে বিশ্বাসী হৈ থাকি নিজকে মুক্তিপণ বলিদানস্বৰূপে প্ৰস্তুত কৰিলে, সেই বিষয়ে জানি তেওঁলোকে কিমান যে উল্লাসিত হʼব! (মথি ২০:২৮) তেনে মুক্তিপণ বলিদান যিহোৱাৰ প্ৰেম আৰু দয়াৰ এক অভিব্যক্তি বুলি পুনৰুত্থিত হোৱা লোকসকলক জনাবলৈ পাই আনসকলে নিজকে ধন্য বুলি গণ্য কৰিব। নিঃসন্দেহ, পৃথিৱীৰ সম্বন্ধে থকা যিহোৱাৰ উদ্দেশ্যক নিজ চকুৰে পূৰ্ণ হোৱা দেখি সেই পুনৰুত্থিতসকলে আনন্দেৰে তেওঁৰ প্ৰশংসা কৰিব। তেওঁলোকৰ বাবে যিহোৱা আৰু তেওঁৰ পুত্ৰৰ সৈতে কাষ চাপি অহাৰ বহুতো সুযোগ মুকলি হʼব। পুনৰুত্থিত হোৱা কোটি কোটি লোকক মুক্তিপণ বলিদানৰ সম্বন্ধে জ্ঞান বিতৰণ কৰি সকলোৱে হৰ্ষিত হʼব।

১০, ১১. (ক) হাজাৰ বছৰীয়া শাসনকালৰ সময়ছোৱাত পৃথিৱীত থকা লোকসকলৰ বাবে কেনে সুযোগ মুকলি হʼব? (খ) ইয়াৰ দ্বাৰা আমি কেনেকৈ প্ৰভাৱিত হোৱা উচিত?

১০ পুনৰুত্থিত হোৱা অব্ৰাহামে তেওঁৰ জীৱনকালত অপেক্ষা কৰা ঈশ্বৰৰ “সেই নগৰখনৰ” অধীন হৈ অতি আনন্দিত হʼব। (ইব্ৰী ১১:১০) আনহাতে ঈশ্বৰৰ প্ৰতি নিষ্ঠা বজাই ৰাখিবলৈ বিশ্বাসী খ্ৰীষ্টানসকলে ইয়োবৰ আৰ্হিক অনুকৰণ কৰিছিল বুলি ইয়োবে শুনিবলৈ পাই কিমান যে ধন্য হʼব! ভৱিষ্যতবক্তা দানিয়েলে তেওঁ লিখা ভৱিষ্যতবাণীসমূহৰ পূৰ্ণতাৰ বিষয়ে জানিবলৈ কিমান যে আগ্ৰহী হʼব!

১১ পুনৰুত্থিত বা মহাক্লেশৰ পৰা ৰক্ষা পোৱা সকলোৱে পৃথিৱী আৰু ইয়াৰ নিবাসীসকলৰ প্ৰতি থকা যিহোৱাৰ উদ্দেশ্যৰ বিষয়ে বহুতো জ্ঞান লাভ কৰিব। নিশ্চয়ে চিৰকাললৈকে জীয়াই থকা আৰু যিহোৱাৰ প্ৰশংসা কৰিবলৈ পোৱা বিষয়টোৱে বৃহৎভাৱে হোৱা সেই শৈক্ষিক কাৰ্য্যক্ৰমক অধিক আগ্ৰহী কৰি তুলিব। কিন্তু এই সকলোবোৰ আনন্দ আমি তেতিয়াহে উপভোগ কৰিব পাৰিম, যেতিয়া পুস্তকবোৰত লিখামতে কাৰ্য্য কৰি চিৰকাল জীৱন-নিৰ্বাহ কৰিবলৈ সক্ষম হʼম। আমি শিক্ষা লাভ কৰাৰ অনুসাৰে চলিবলৈ চেষ্টা কৰিমনে? চয়তানে কৰা চূড়ান্ত আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ যি জ্ঞান প্ৰদান কৰা হʼব, তাৰ বিষয়ে আমি মনোযোগেৰে বিবেচনা কৰিমনে?

১২. ভৱিষ্যতে হʼবলগীয়া শৈক্ষিক কাৰ্য্য আৰু পৃথিৱীখন পৰমদেশলৈ পৰিণত কৰাত সকলোকে ভাগ লʼবলৈ কিহে উৎসাহিত কৰিব?

১২ এইটো মনত ৰাখা উচিত যে যীচুৰ মুক্তিপণ বলিদানৰ অনুসাৰে চলি বহুতো আশীৰ্ব্বাদ লাভ কৰিব পাৰি। পুনৰুত্থিত হোৱা সকল পুনৰাই ৰোগগ্ৰস্ত বা কোনো ধৰণৰ শাৰীৰিক অক্ষমতাৰ দ্বাৰা পীড়িত নহʼব। (যিচয়া ৩৩:২৪) যিহেতু এক উত্তম স্বাস্থ্য পোৱাৰ বাবে সকলোৱে উৎসাহেৰে পুনৰুত্থিত সকলক শিক্ষা প্ৰদান কৰিব। তদুপৰি তেওঁলোকে এই পৃথিৱীখনক পৰমদেশলৈ পৰিণত কৰাৰ সম্বন্ধে থকা ঈশ্বৰৰ ইচ্ছাক পূৰ কৰিবলৈ আনন্দেৰে সহযোগ কৰিব।

১৩, ১৪. চূড়ান্ত পৰীক্ষাত কি উদ্দেশ্যৰে চয়তানক মুকলি কৰা হʼব আৰু আমি ব্যক্তিগতভাৱে কেনে ফলাফল পোৱাৰ সম্ভাৱনা আছে?

১৩ যেতিয়া মানৱজাতিক শেষ পৰীক্ষা লোৱাৰ উদ্দেশ্যে চয়তানক মুক্তি কৰা হʼব, তেতিয়া সি সকলোকে বিপথে নিবলৈ প্ৰাণপনে চেষ্টা কৰিব। ইয়াৰ কেনে পৰিণাম হʼব, সেই বিষয়ে প্ৰকাশিত বাক্য ২০:৭-৯ পদত কৈছে যে, ‘জাতিবিলাক’ চয়তানৰ দ্বাৰা পৰিচালিত হৈ ঈশ্বৰৰ বিৰুদ্ধে যুঁজ কৰিবলৈ ওলাই আহিব। কিন্তু ‘স্বৰ্গৰ পৰা জুই আহি তেওঁলোকক গ্ৰাহ কৰিব।’ তেনে বিদ্ৰোহত ভাগ লোৱা পুনৰুত্থিত ব্যক্তিসকলৰ বাবে সেইয়া হʼব সোধ-বিচাৰৰ সময়। কিন্তু ইয়াৰ বিপৰীতে পুনৰুত্থিত হোৱা আনুগত্য ব্যক্তিসকলে অনন্তকাল জীৱনৰ অংশীদাৰ হʼব। নিঃসন্দেহ, তেওঁলোকৰ বাবে “জীৱনৰ পুনৰুত্থানৰ” দুৱাৰ মুকলি হʼব।—যোহন ৫:২৯.

১৪ বৰ্তমান আমি কেনেকৈ পুনৰুত্থানৰ আশাৰ দ্বাৰা শান্ত্বনা লাভ কৰিব পাৰোঁ? ভৱিষ্যতে থকা লাভসমূহ পাবলৈ আমি কি কৰা উচিত?

বৰ্তমান শিকিবলগীয়া শিক্ষাসমূহ

১৫. পুনৰুত্থানৰ আশাই কেনেকৈ আপোনাক সহায় কৰিব পাৰে?

১৫ অলপতে আপুনি নিজৰ প্ৰিয়জনক মৃত্যুত হেৰুৱাই হয়তো অত্যন্ত মনোকষ্টৰ সম্মুখীন হৈছে। কিন্তু এই আশা নথকা লোকৰ তুলনাত আপোনাৰ ওচৰত পুনৰুত্থানৰ জ্ঞান থকাৰ বাবে আপুনি এক প্ৰকাৰৰ আন্তৰিক শান্তি আৰু মানসিক মনোবল দৃঢ় হোৱাত সহায় লাভ কৰিছে। এই সম্পৰ্কে পাঁচনি পৌলে থিচলনীকীয়াৰ খ্ৰীষ্টানসকলক শান্ত্বনা দি এইদৰে কৈছিল: “প্ৰত্যাশাহীন অন্য লোকৰ নিচিনা তোমালোক যেন শোকাকুল নোহোৱা, এই কাৰণে নিদ্ৰিত লোকৰ বিষয়ে তোমালোকে নজনাকৈ থকা আমাৰ ইচ্ছা নাই।” (১ থিচলনীকীয়া ৪:১৩) আপুনি স্বয়ং পৰমদেশত থাকি পুনৰুত্থানৰ আশা পূৰ্ণ হোৱাৰ বিষয়ে দেখিবলৈ পোৱাটো কল্পনা কৰিব পাৰিছেনে? তেন্তে আপুনি নিশ্চয়ে আপোনজনাক পুনৰাই দেখিবলৈ পোৱা বিষয়টোৰ ওপৰত এতিয়া ধ্যান কৰি শান্ত্বনা লাভ কৰিব পাৰে।

১৬. পুনৰুত্থান হোৱা দেখিবলৈ পাই আপুনি কেনে অনুভৱ কৰিব?

১৬ বৰ্তমান হয়তো আপুনি কোনো শাৰীৰিক অসুস্থতাত ভুগিবলগীয়া হৈছে। তথাপিও নিৰুৎসাহিত হৈ পাহৰি নাযাব যে পৰমদেশত আপোনাৰ পুনৰুত্থান হোৱা আৰু এক উত্তম স্বাস্থ্য পোৱাৰ আশা আছে। আপুনি নিশ্চয়ে পুনৰুত্থিত হৈ আপোনালৈ বাট চাই থকা লোকসকলৰ আনন্দ দেখি যিহোৱাৰ প্ৰেমপূৰ্বক-দয়াৰ বাবে প্ৰশংসা কৰিবলৈ আগবাঢ়ি আহিব।

১৭, ১৮. আমি কেনে দুটা গুৰুত্বপূৰ্ণ শিক্ষাৰ বিষয়ে মনত ৰাখা উচিত?

১৭ এতিয়া আপুনি এই দুটা শিক্ষামূলক বিষয়ে বিবেচনা কৰক। প্ৰথমটো হৈছে, সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ সেৱা কৰা। আমি যীচুক অনুকৰণ কৰি যি আত্মবলিদান মনোভাৱৰ প্ৰমাণ দিছোঁ, সেইয়া হৈছে যিহোৱা আৰু চুবুৰীয়াৰ প্ৰতি থকা প্ৰেমৰ আভাস। যদি অত্যন্ত বিৰোধিতাৰ বাবে আমাৰ জীৱনত বিশৃঙ্খলতাৰ সৃষ্টি হৈছে, তেন্তে বিশ্বাসত স্থিৰে থকাৰ প্ৰমাণ দিয়ক। হয়তো ইয়াৰ বাবে আমি মৃত্যুকো সাৱটি লʼবলগীয়া হʼব পাৰে, তথাপিও পুনৰুত্থানৰ আশাই আমাক যিহোৱা আৰু তেওঁৰ ৰাজ্যৰ প্ৰতি নিষ্ঠা বজাই ৰাখিবলৈ সহায় কৰিব। নিঃসন্দেহ, ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ আৰু শিষ্য বনোৱা কাৰ্য্যৰ প্ৰতি থকা আমাৰ আগ্ৰহকতাই যিহোৱাই প্ৰদান কৰিবলগীয়া আশীৰ্ব্বাদসমূহৰ বিষয়ে সোঁৱৰাই থাকিব।

১৮ দ্বিতীয় কাৰণটো হৈছে, আমাৰ অসিদ্ধতাৰ বাবে প্ৰলোভনবোৰৰ সম্মুখীন হোৱা। পুনৰুত্থানৰ আশাৰ সম্বন্ধে জ্ঞান আৰু যিহোৱাৰ দয়াৰ প্ৰতি থকা আমাৰ মূল্যাঙ্কনে দৃঢ় বিশ্বাস বজাই ৰাখিবলৈ সহায় কৰে। এই বিষয়ে পাঁচনি যোহনে সতৰ্ক কৰি এইদৰে কৈছিল: “তোমালোকে জগতক, বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিবা। কোনোৱে যদি জগতক প্ৰেম কৰে, তেন্তে পিতৃৰ প্ৰেম তেওঁৰ অন্তৰত নাই। কিয়নো জগতত যি সকলো আছে, অৰ্থাৎ মাংসৰ অভিলাষ, চকুৰ অভিলাষ, জীৱন কালৰ গৰ্ব্ব, এইবোৰ পিতৃৰ পৰা উৎপন্ন নহয়, জগতৰ পৰাহে হয়। জগত, আৰু তাৰ অভিলাষ গুচি যাব লাগিছে; কিন্তু যি জনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, তেওঁ চিৰকাললৈকে থাকে।” (১ যোহন ২:১৫-১৭) “প্ৰকৃত জীৱনৰ” তুলনাত এই জগতে প্ৰদান কৰা ভৌতিক বস্তুৰ কোনো মূল্য নাই। (১ তীমথিয় ৬:১৭-১৯) তদুপৰি এনে দৃঢ় বিশ্বাসে আমাক অনৈতিক কাৰ্য্যৰ দ্বাৰা প্ৰলোভিত হোৱাৰ পৰা ৰক্ষা কৰিব। আমি বুজিব পাৰিছোঁ যে যদি আমি হৰমাগিদোন অহাৰ পূৰ্বে সত্যতাক গ্ৰহণ নকৰি মৃত্যুক সাৱটি লʼবলগীয়া হয়, তেন্তে পুনৰুত্থানৰ আশা কৰাটো ব্যৰ্থ।

১৯. আমি কেনে এক মহান বিশেষাধিকাৰৰ প্ৰতি সদায়ে মনত ৰাখা উচিত?

১৯ সকলোতকৈ গুৰুত্বপূৰ্ণ এই যে বৰ্তমান আৰু চিৰকাললৈকে আমাৰ ওচৰত থকা মহান বিশেষাধিকাৰ, অৰ্থাৎ যিহোৱাৰ মন আনন্দিত কৰাৰ বিষয়ে আমি সদায়ে মনত ৰাখা উচিত। (হিতোপদেশ ২৭:১১) এই দুষ্ট ৰীতি-ব্যৱস্থাৰ অন্ত নোহোৱালৈকে মৃত্যু পৰ্য্যন্ত বিশ্বাসী হৈ থকাটোৱে আমি যে যিহোৱাৰ সপক্ষে আছোঁ, সেই বিষয়ে প্ৰমাণ দিয়ে। গতিকে মহাক্লেশত ৰক্ষা পোৱা বা পুনৰুত্থিত হৈ এই পৰমদেশত জীয়াই থাকিবলৈ পোৱাটো আমাৰ বাবে কিযে এক আনন্দৰ বিষয় হʼব!

আমাৰ ইচ্ছা পূৰ্ণ হোৱা

২০, ২১. পুনৰুত্থানৰ সম্বন্ধে থকা প্ৰশ্নবোৰৰ সঠিক উত্তৰ নোপোৱাৰ স্বত্ত্বেও কিহে আমাক বিশ্বাসী হৈ থাকিবলৈ সহায় কৰিব? বৰ্ণনা কৰক।

২০ পুনৰুত্থানৰ সম্বন্ধে আলোচনা কৰাৰ সময়ত আমি এনে কিছুমান প্ৰশ্নৰ সম্মুখীন হৈছোঁ, যিবোৰৰ উত্তৰ পাবলৈ বাকী থাকিল। যেনে, যিহোৱাই বিবাহিত সঙ্গীৰ মৃত্যু হোৱা সকলৰ বাবে কি কৰিব? (লূক ২০:৩৪, ৩৫) মৃত্যু হোৱা স্থানৰ পৰা লোকবিলাকৰ পুনৰুত্থান হʼবনে? মৃতবিলাকৰ পুনৰুত্থান তেওঁবিলাকৰ পৰিয়ালে থকা ঘৰখনৰ আশে-পাশে হʼবনে? পুনৰুত্থানৰ সম্বন্ধে থকা আন বহুতো প্ৰশ্নৰ উত্তৰ এতিয়াও পাবলৈ বাকী আছে। যিয়েই নহওঁক, আমি যিৰিমিয়াই কোৱা এই কথাবোৰ মনত ৰাখা উচিত: “যিহোৱালৈ আপেক্ষা কৰোঁতাবিলাকলৈ, তেওঁক বিচাৰোঁতা প্ৰাণলৈ তেওঁ মঙ্গলময়। যিহোৱাৰ পৰিত্ৰাণলৈ আশা কৰি মনে মনে বাট চাই থকা ভাল।” (বিলাপ ৩:২৫, ২৬) আমাৰ মনত উদয় হোৱা সকলোবোৰ প্ৰশ্নৰ উত্তৰ যিহোৱাই নিজৰ উপযুক্ত সময়ত দিব। এই বিষয়ে আমি কেনেকৈ নিশ্চিত হʼব পাৰোঁ?

২১ এই বিষয়ে আমি গীতমালা ৰচোঁতাজনে কোৱা বাক্যবোৰৰ দ্বাৰা জানিব পাৰোঁ, যʼত তেওঁ এইদৰে কৈছিল: “তুমি তোমাৰ হাত মেলি, সমুদায় প্ৰাণীৰে বাঞ্ছা পূৰ্ণ কৰি থাকা।” (গীত ১৪৫:১৬) বয়সৰ অনুসাৰে আমাৰ আৱশ্যকতাবোৰো সলনি হয়। উদাহৰণস্বৰূপে, লʼৰালিকালৰ আৰু বৰ্তমান সময়ত থকা আমাৰ ইচ্ছা সম্পূৰ্ণ বেলেগ। আমি লাভ কৰা অভিজ্ঞতা আৰু আশাই আমাৰ জীৱনৰ ওপৰত গভীৰভাৱে প্ৰভাৱ পেলায়। গতিকে এইটো নিশ্চিত যে, পৰমদেশত যিহোৱাই আমাৰ উপযুক্ত ইচ্ছাবোৰ অৱশ্যেই পূৰণ কৰিব।

২২. আমাৰ ওচৰত যিহোৱাক প্ৰশংসা কৰাৰ কেনে উত্তম কাৰণ আছে?

২২ বৰ্তমান সময়ত আমাৰ প্ৰত্যেকজনে বিশ্বাসী হৈ থকাটোৱে হৈছে এক গুৰুত্বপূৰ্ণ বিষয়। কিয়নো এই সম্পৰ্কে বাইবেলে এইদৰে কৈছে: “ভঁৰালী যেন বিশ্বাসী হয়, মানুহে এনে গুণ বিচাৰে।” (১ কৰিন্থীয়া ৪:২) আমিও ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰা ভঁৰালীস্বৰূপ। উৎসাহেৰে সকলোৰে ওচৰত গৈ প্ৰচাৰ কৰা বিষয়টোৱে আমাক জীৱনৰ পথত চলি থাকিবলৈ সহায় কৰে। কিন্তু আমি মনত ৰাখা উচিত যে, “সকলোলৈকে সময় আৰু দৈব্যক্ৰমে ঘটে।” (উপদেশক ৯:১১) গতিকে জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ দ্বাৰা বিচলিত হোৱাৰ পৰিৱৰ্তে পুনৰুত্থানৰ আশাৰ ওপৰত আপোনাৰ দৃঢ় বিশ্বাস বজাই ৰাখক। যীচুৰ হাজাৰ বছৰীয়া শাসনকাল আৰম্ভ হোৱাৰ পূৰ্বেই আপোনাৰ যদিও কিবা কাৰণত মৃত্যু হয়, তথাপিও পুনৰুত্থানৰ আশাৰ দ্বাৰা শান্ত্বনা লাভ কৰিব পাৰে। যিহোৱাৰ সময় অহাত আপুনিও ইয়োবৰ দৰে এইদৰে কʼব পাৰিব: “তুমি মাতিবা, আৰু মই উত্তৰ দিম।” এতেকে আঁহক আমি যিহোৱাৰ স্মৰণত থকা সকলোকে পুনৰুত্থিত কৰিবলৈ কৰা ব্যৱস্থাৰ বাবে তেওঁৰ প্ৰশংসা কৰোঁহঁক!—ইয়োব ১৪:১৫(w05 5/1)

[ফুটনোটবোৰ]

a এই বিষয়ে যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা জুলাই ৮, ১৯৮৮ চনৰ সচেতন! আলোচনীখনৰ ১০ পৃষ্ঠাত চাওক।

b যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশ কৰা যিহোৱাচ্‌ উইটনেচেচ্‌—প্ৰক্লেইমাৰ্চ্‌ অৱ গডচ্‌ কিংডম নামৰ কিতাপখনৰ ৬৬২ পৃষ্ঠাত চাওক।

আপোনাৰ মনত আছেনে?

• হাজাৰ বছৰীয়া শাসন কালত লোকসকলক কিহৰ ওপৰত আধাৰিত কৰি সোধ-বিচাৰ কৰা হʼব?

• কিছুমানে কিয় “জীৱনৰ পুনৰুত্থানলৈ” আৰু আনবিলাকে “সোধ-বিচাৰৰ পুনৰুত্থানৰ” বাবে থিয় হʼব?

• পুনৰুত্থানৰ আশাই বৰ্তমানে আমাক কেনেকৈ শান্ত্বনা দিব পাৰে?

• পুনৰুত্থানৰ সম্বন্ধে থকা উত্তৰ নোপোৱা প্ৰশ্নবোৰৰ সমাধান কৰিবলৈ গীত ১৪৫:১৬ পদে আমাক কেনেকৈ সহায় কৰে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]