Skip to content

Skip to table of contents

পুনৰুত্থান—যি শিক্ষাই আপোনাক প্ৰভাৱিত কৰে

পুনৰুত্থান—যি শিক্ষাই আপোনাক প্ৰভাৱিত কৰে

পুনৰুত্থান—যি শিক্ষাই আপোনাক প্ৰভাৱিত কৰে

“ধাৰ্ম্মিক অধাৰ্ম্মিক, এই দুবিধ লোকৰ পুনৰুত্থান হব বুলি . . . ঈশ্বৰত ময়ো সেই আশা কৰোঁ।”—পাঁচনিৰ কৰ্ম্ম ২৪:১৫.

১. মহা-সভাত কেনেকৈ পুনৰুত্থানক লৈ বাদ-বিষয় সৃষ্টি হৈছিল?

 তৃতীয় মিছনাৰী যাত্ৰাৰ সমাপ্তিত অৰ্থাৎ সা.যু. ৫৬ চনত পাঁচনি পৌলে যিৰূচালেম চহৰত উপস্থিত হয়। যিৰূচালেমত উপস্থিত হোৱাৰ লগে লগে তেওঁক ৰোমান সৈন্যই গ্ৰেপ্তাৰ কৰি সোধ-বিচাৰৰ বাবে ইহুদী মহা-সভালৈ নিয়ে। (পাঁচনিৰ কৰ্ম্ম ২২:২৯, ৩০) মহা-সভাত উপস্থিত থকা লোকসকলক লক্ষ্য কৰি তেওঁ জানিব পাৰিছিল যে তেওঁলোকৰ কিছুমান চদ্দূকী আৰু আনসকল ফৰীচী আৰু এই দুই গোটৰ মাজত এক ভিন্ন মতামত আছে। চদ্দূকীসকলে পুনৰুত্থানৰ আশাৰ ওপৰত বিশ্বাস নকৰিছিল, কিন্তু আনহাতে ফৰীচীবিলাকে হʼলে বিশ্বাস কৰিছিল। গতিকে পৌলে পুনৰুত্থানৰ বিষয়ে থকা তেওঁৰ বিশ্বাসৰ সম্পৰ্কে জনাবলৈ স্পষ্টকৈ এইদৰে কৈছিল: “হে ভাইসকল, মই ফৰীচী, আৰু ফৰীচীৰ পুতেক; মৃতবিলাকৰ পুনৰুত্থানৰ আশাৰ বিষয়ে মোৰ সোধ-বিচাৰ হৈছে।” তেওঁৰ এই কথা শুনি মহা-সভাত থকা লোকসকলে বিমূৰত পৰিছিল!—পাঁচনিৰ কৰ্ম্ম ২৩:৬-৯.

২. পৌলে কিয় দৃঢ়ভাৱে পুনৰুত্থানৰ বিষয়ে কʼব পাৰিলে?

শিষ্য হোৱা পূৰ্বেই এবাৰ দম্মেচকৰ অভিমুখে যাত্ৰা কৰাৰ সময়ত বাটত পৌলে এটা দৰ্শন দেখিছিল যʼত তেওঁ যীচুৰ মাত শুনিছিল। এই দৰ্শনে পৌলক অতিশয় প্ৰভাৱিত কৰি এইদৰে সুধিবলৈ প্ৰেৰিত কৰিলে: “হে প্ৰভু, মই কি কৰিম?” তাতে যীচুৱে তেওঁক এইদৰে কৈছিল: “তুমি উঠি, দম্মেচকত সোমোৱা; আৰু তুমি কৰিব লগীয়া যি যি নিৰূপিত আছে, সেই সকলোৰ বিষয়ে তাতে তোমাক কোৱা হব।” দম্মেচক আহি পোৱাত অননিয় নামৰ এজন খ্ৰীষ্টান শিষ্যই তেওঁৰ ওচৰলৈ আহি ব্যাখ্যা কৰি এইদৰে কৈছিল: “তুমি যেন ঈশ্বৰৰ ইচ্ছা জানা, আৰু ধাৰ্ম্মিক জনাক দেখা পোৱা, আৰু তেওঁৰ মুখৰ বাণী শুনা, এই কাৰণে আমাৰ ওপৰ-পুৰুষসকলৰ ঈশ্বৰে তোমাক মনোনীত কৰিলে।” (পাঁচনিৰ কৰ্ম্ম ২২:৬-১৬) সেয়েহে মহা-সভাৰ আগত পুনৰুত্থানৰ প্ৰতি থকা তেওঁৰ বিশ্বাসৰ বিষয়ে দৃঢ়ভাৱে কোৱাটো কোনো আচৰিত কথা নাছিল।—১ পিতৰ ৩:১৫.

সকলোৰে আগত পুনৰুত্থানৰ আশাৰ বিষয়ে ঘোষণা কৰা

৩, ৪. পাঁচনি পৌলে পুনৰুত্থানৰ আশাৰ বিষয়ে কেনেকৈ সাক্ষী দিলে আৰু আমি তেওঁৰ আৰ্হিৰ পৰা কি শিকিব পাৰোঁ?

তাৰ পিছত পাঁচনি পৌলক ৰাজ্যপাল ফিলিক্সৰ ওচৰলৈ নিয়া হʼল। তাত তৰ্ত্তুল্ল নামৰ “এজন উকীলে” পাঁচনি পৌলক ৰাজদ্ৰোহী আৰু বিৰোধী পন্থীৰ নেতা বুলি অভিযোগ দিলে। তেওঁ দিয়া এই অভিযোগবোৰৰ উত্তৰ দি পাঁচনি পৌলে এইদৰে কৈছিল: “মই ইয়াকে স্বীকাৰ কৰোঁ যে, বিধানৰ সকলো কথা, আৰু ভাববাদীসকলৰ পুস্তকত যি যি লিখা আছে, সেই সকলোকে বিশ্বাস কৰি, যি পথক তেওঁবিলাকে বিধৰ্ম্ম বোলে, সেই পথৰ দৰে মই ওপৰ-পুৰুষসকলৰ ঈশ্বৰৰ আৰাধনা কৰোঁ।” তাৰ পিছত তেওঁ মুখ্য বাদ-বিষয়টোৰ প্ৰতি ধ্যান কেন্দ্ৰিত কৰি এইদৰে কʼবলৈ ধৰে: “ধাৰ্ম্মিক অধাৰ্ম্মিক, এই দুবিধ লোকৰ পুনৰুত্থান হব বুলি তেওঁবিলাকে যি আশাৰে বাট চাইছে ঈশ্বৰত ময়ো সেই আশা কৰোঁ।”—পাঁচনিৰ কৰ্ম্ম ২৩:২৩, ২৪; ২৪:১-৮, ১৪, ১৫.

ঠিক দুবছৰৰ পিছত পদাধিকাৰী লাভ কৰা পৰ্কিয় ফীষ্টে বন্দীশালত থকা পৌলক জেৰা কৰাত যোগ দিবলৈ আগ্ৰিপ্প ৰজাক আমন্ত্ৰণ কৰিলে। মহা-সভাত পৌল “যাক জীয়াই আছে বুলিছিল, এনে যীচু নামেৰে কোনো মৃত এজনৰ বিষয়ে” প্ৰচাৰ কৰাৰ বাবে দিয়া বিৰোধীবিলাকৰ অভিযোগৰ বিষয়ে ফীষ্টে বৰ্ণনা কৰিছিল। সেই সময়ত পৌলে নিজৰ সপেক্ষে যুক্তি দাঙি ধৰি এইদৰে কৈছিল: “ঈশ্বৰে যদি মৃতবিলাকক তোলে, তেন্তে আপোনালোকৰ বিচাৰত কিয় অবিশ্বাস যোগ্য বোধ নহয়?” তাৰ পিছত তেওঁ তেওঁলোকৰ আগত এইদৰে ঘোষণা কৰিলে: “ঈশ্বৰৰ পৰা উপকাৰ পাই, আজিলৈকে থিৰে আছোঁ; আৰু খ্ৰীষ্ট দুখভোগৰ পাত্ৰ হয় বা নহয়, আৰু মৃতবিলাকৰ পুনৰুত্থানত প্ৰথম হৈ, নিজ জাতি আৰু পৰজাতিবিলাকলৈ পোহৰ প্ৰকাশ কৰিব বা নকৰিব, ইয়াৰ বিষয়ে মই সৰু বৰ সকলোৰে আগত সাক্ষ্য দিওঁতে, ভাববাদীসকল আৰু মোচিয়ে যি যি ঘটিব বুলি কৈছিল, তাৰ বাহিৰে আন একো কথা কোৱা নাই।” (পাঁচনিৰ কৰ্ম্ম ২৪:২৭; ২৫:১৩-২২; ২৬:৮, ২২, ২৩) পুনৰুত্থানৰ বিষয়ে পাঁচনি পৌলে কিযে এক শক্তিশালী সাক্ষী দিলে! আমিও পৌলৰ দৰে দৃঢ় বিশ্বাসেৰে অৱশ্যেই পূৰ্ণ হʼবলগীয়া পুনৰুত্থানৰ আশাৰ বিষয়ে প্ৰচাৰ কৰা উচিত। কিন্তু লোকসকলে কেনে প্ৰতিক্ৰিয়া দেখুৱাব বুলি আমি আশা কৰা উচিত? সম্ভৱতঃ আমিও পাঁচনি পৌলৰ দৰে আশা কৰিব পাৰোঁ।

৫, ৬. (ক) পাঁচনিবিলাকে কোৱা পুনৰুত্থানৰ প্ৰতি লোকসকলে কেনে প্ৰতিক্ৰিয়া দেখুৱালে? (খ) পুনৰুত্থানৰ প্ৰতি থকা আমাৰ আশাৰ বিষয়ে কথোপকথন হওঁতে আৰু কিহৰ অধিক আৱশ্যক?

পাঁচনি পৌলে দ্বিতীয় মিছনাৰী যাত্ৰাৰ সময়ত (৪৯-৫২ সা.যু.) যেতিয়া অথিনীত উপস্থিত হয় তেতিয়া কেনে ঘটনা ঘটিছিল, সেই বিষয়ে বিবেচনা কৰক। তেওঁ বহুতো দেৱী-দেৱতাৰ উপাসনা কৰা লোকসকলক যুক্তি দাঙি ধৰি কৈছিল যে ঈশ্বৰে মনোনীত কৰা এজন ব্যক্তি অৰ্থাৎ যীচু, যাৰ দ্বাৰা জগতখনৰ সোধ-বিচাৰ কৰা হʼব। তদুপৰি তেওঁ যীচুৰ দ্বাৰা কৰা ঈশ্বৰৰ প্ৰতিজ্ঞাৰ বিষয়েও বৰ্ণনা কৰিছিল। লোকসকলে তেওঁৰ কথা শুনি কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল? এই বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “কোনো কোনোৱে উপহাস কৰিলে; কিন্তু আন কোনোবিলাকে কলে, এই বিষয়ে তোমাৰ পৰা আকৌ এবাৰ শুনিম।”—পাঁচনিৰ কৰ্ম্ম ১৭:২৯-৩২.

সা.যু. ৩৩ চনৰ পেন্টাকোষ্টৰ সময়তো পিতৰ আৰু যোহনে সেই একেই পৰিস্থিতিৰ সম্মুখীন হʼবলগীয়া হৈছিল। সেই সময়তো চদ্দূকীবিলাকে তৰ্ক-বিতৰ্কত আগভাগ লʼবলৈ পিছ পৰা নাছিল। যাৰ বিষয়ে পাঁচনিৰ কৰ্ম্ম ৪:১-৪ পদত এইদৰে কৈছে: “এইদৰে তেওঁলোকে মানুহবিলাকক কথা কওঁতেই, পুৰোহিত, ধৰ্ম্মধামৰ সেনাপতি আৰু চদ্দূকীবিলাক আহি, তেওঁলোকৰ তাত উপস্থিত হল; কিয়নো তেওঁলোকে মানুহবিলাকক উপদেশ দিয়াৰ, আৰু যীচুতেই মৃতবিলাকৰ মাজৰ পৰা পুনৰুত্থান প্ৰচাৰ কৰাৰ কাৰণে, সেই সকলোৱে বিৰক্তি পালে।।” তথাপিও কিছুমানে তেওঁৰ বাৰ্ত্তাৰ প্ৰতি সঠিক মনোবৃত্তি দেখুৱালে। উদাহৰণস্বৰূপে, “প্ৰভুৰ বাক্য শুনাবিলাকৰ অনেকে বিশ্বাস কৰিলে; তাতে সেই মানুহবিলাকৰ সংখ্যা পাঁচ হাজাৰমান হল।” গতিকে আমি লোকসকলক পুনৰুত্থানৰ আশাৰ বিষয়ে কওঁতে তেওঁলোকৰ পৰা ভিন্ন প্ৰতিক্ৰিয়া আশা কৰিব পাৰোঁ। সেয়েহে এই শিক্ষাৰ প্ৰতি আমি দৃঢ় বিশ্বাস বিকশিত কৰাটো এটা গুৰুত্বপূৰ্ণ বিষয়।

বিশ্বাস আৰু পুনৰুত্থান

৭, ৮. (ক) প্ৰথম শতিকাত কৰিন্থীয়া মণ্ডলীলৈ লিখা চিঠিখনে কেনেকৈ বিশ্বাসো ব্যৰ্থ হʼব পাৰে বুলি দেখুৱাইছে? (খ) পুনৰুত্থানৰ সম্বন্ধে থকা অন্তৰ্দৃষ্টিয়ে কেনেকৈ প্ৰকৃত খ্ৰীষ্টানসকলক তথাকথিত খ্ৰীষ্টানসকলৰ পৰা পৃথকে থাকিবলৈ সহায় কৰে?

প্ৰথম শতাব্দীত খ্ৰীষ্টান হোৱা সকলোৱে যে পুনৰুত্থানৰ আশাৰ ওপৰত সহজে বিশ্বাস কৰিছিল, এনে নহয়। কৰিন্থীয়া মণ্ডলীৰ কিছুমান খ্ৰীষ্টানৰ বাবে ই এক সমস্যাৰ কাৰণ আছিল। যাৰ বিষয়ে পাঁচনি পৌলে এইদৰে লিখিছিল: “মই যি শিক্ষা পালোঁ, তাৰে এই প্ৰধান শিক্ষা তোমালোকক দিলোঁ যে, শাস্ত্ৰ অনুসাৰে খ্ৰীষ্ট আমাৰ পাপৰ নিমিত্তে মৰিল। আৰু তেওঁক মৈদাম দিয়া হল; আৰু শাস্ত্ৰ অনুসাৰে তৃতীয় দিনা তোলা হল।” আগলৈ পৌলে পুনৰুত্থান হোৱা যীচুৰ বিষয়ে এইদৰে এক সত্যতা দাঙি ধৰিছিল যে, “তাৰ পাছত পাঁচ শতকৈ অধিক ভাইবিলাককো একে সময়তে দেখা দিলে।” সেই দেখা পোৱা বেছি ভাগ লোকৰ মাজত পৌল তেতিয়াও জীৱিত আছিল। (১ কৰিন্থীয়া ১৫:৩-৮) আগলৈ পৌলে এইদৰে যুক্তি দাঙি ধৰিছিল: “খ্ৰীষ্টক যে মৃতবিলাকৰ মাজৰ পৰা তোলা হল, ইয়াক যদি ঘোষণা কৰা হয়, তেন্তে মৃতবিলাকৰ পুনৰুত্থান নাই বুলি তোমালোকৰ কোনো কোনোৱে কেনেকৈ কয়? যদি মৃতবিলাকৰ পুনৰুত্থান নাই, তেন্তে খ্ৰীষ্টকো তোলা নহল; আৰু খ্ৰীষ্টক যদি তোলা নহল, তেন্তে আমাৰ ঘোষণা বৃথা, তোমালোকৰ বিশ্বাসো বৃথা।”—১ কৰিন্থীয়া ১৫:১২-১৪.

দৰাচলতে যদি পুনৰুত্থানৰ আশা মিছা বুলি কোৱা হয়, তেন্তে প্ৰকৃত খ্ৰীষ্টানসকলে ৰাখা বিশ্বাস অৰ্থহীন হৈ পৰিব। তদুপৰি এই শিক্ষাই প্ৰকৃত খ্ৰীষ্টানসকলক তথাকথিত খ্ৰীষ্টানসকলৰ পৰা পৃথকে থাকিবলৈ এক দৃঢ় কাৰণ প্ৰদান কৰে। (আদিপুস্তক ৩:৪; যিহিষ্কেল ১৮:৪) সেইবাবে পাঁচনি পৌলে পুনৰুত্থান শিক্ষাক প্ৰকৃত খ্ৰীষ্টান ধৰ্ম্মৰ “আদিকথা” হিচাপে অন্তৰ্ভুক্ত কৰিছিল। এতেকে আঁহক আমি “সিদ্ধিৰ অৰ্থে আগ বাঢ়ি যাবলৈ” দৃঢ়সঙ্কল্প আৰু “ঈশ্বৰে অনুমতি দিলে, আমি তাকেই কৰিম” বুলি পদক্ষেপ লওঁহঁক।—ইব্ৰী ৬:১-৩.

পুনৰুত্থানৰ আশা

৯, ১০. বাইবেলত উল্লেখ কৰা পুনৰুত্থান শব্দটোৰ অৰ্থ কি?

পুনৰুত্থানৰ প্ৰতি থকা বিশ্বাসক দৃঢ় কৰি তুলিবলৈ হʼলে, আঁহক আমি এই প্ৰশ্নবোৰক বিবেচনা কৰি চাওঁহঁক: বাইবেলত পুনৰুত্থান বুলি উল্লেখ কৰাৰ অৰ্থ কি? পুনৰুত্থানৰ এই শিক্ষাই কেনেকৈ যিহোৱাৰ প্ৰেমৰ গুৰুত্ব বৃদ্ধি কৰে? এই প্ৰশ্নবোৰৰ উত্তৰে আমাক যিহোৱাৰ কাষ চাপিবলৈ আৰু আনক পুনৰুত্থানৰ বিষয়ে শিকাবলৈ সহায় কৰিব।—২ তীমথিয় ২:২; যাকোব ৪:৮.

১০ “পুনৰুত্থান” শব্দটো মূল গ্ৰীক ভাষাৰ পৰা অনুবাদিত, যাৰ বাস্তৱিক অৰ্থ হৈছে “পুনৰাই থিয় হৈ উঠা।” এই উক্তিটোৰ আচল অৰ্থ কি? বাইবেলৰ অনুসাৰে এই উক্তিটোৰ অৰ্থ হৈছে পুনৰুত্থানৰ আশা, যʼত এজন মৃত ব্যক্তিয়ে অৱশ্যেই পুনৰাই জী উঠিব। আগলৈ বাইবেলে বৰ্ণনা কৰিছে যে ব্যক্তিজনৰ পুনৰুত্থান আত্মিক নে পাৰ্থিৱ দেহ, তাৰ নিৰ্ণয় তেওঁৰ স্বৰ্গীয় বা পাৰ্থিৱ আশা থকাৰ ওপৰত নিৰ্ভৰ কৰে। এই পুনৰুত্থানৰ আশাৰ জড়িয়তে যিহোৱাই নিজৰ প্ৰেম, বুদ্ধি আৰু শক্তি প্ৰকাশ কৰা দেখি আমি অৱশ্যেই আশ্চৰ্য্য অনুভৱ কৰোঁ।

১১. অভিষিক্ত ব্যক্তিসকলৰ বাবে কেনে পুনৰুত্থানৰ আশা আছে?

১১ যীচু আৰু তেওঁৰ অভিষিক্ত বৰ্গৰ লোকসকলে পুনৰুত্থান হোৱাৰ অৰ্থ আছিল স্বৰ্গীয় জীৱনৰ বাবে আত্মিক দেহ প্ৰাপ্ত কৰা। (১ কৰিন্থীয়া ১৫:৩৫-৩৮, ৪২-৫৩) তেওঁলোকে একত্ৰিত হৈ মচীহ ৰাজ্যত শাসক হিচাপে কাৰ্য্য আৰু এই পৃথিৱীখনক পৰমদেশলৈ পৰিণত কৰিব। তেওঁলোকে মহা-পুৰোহিত যীচুৰ অধীনত এক ৰাজকীয় পুৰোহিত বৰ্গ হিচাপে ধাৰ্ম্মিকতাৰে বাস কৰা পৃথিৱীখনৰ লোকসকলক মুক্তিপণ বলিদানৰ আধাৰিত থকা লাভসমূহ প্ৰাপ্ত কৰিবলৈ সহায় কৰিব। (ইব্ৰী ৭:২৫, ২৬; ৯:২৪; ১ পিতৰ ২:৯; প্ৰকাশিত বাক্য ২২:১, ২) একেই সময়ত পৃথিৱীত বাকী থকা অভিষিক্ত ব্যক্তিসকলে নিজ নিজ দায়িত্ব সম্পন্ন কৰিবলৈ প্ৰচেষ্টা কৰিছে আৰু মৃত্যুৰ পিছত তেওঁলোকে স্বৰ্গত আত্মিক দেহ হিচাপে কাৰ্য্য কৰা “ফল” অৰ্থাৎ পুৰস্কাৰ লাভ কৰিব। (২ কৰিন্থীয়া ৫:১-৩, ৬-৮, ১০; ১ কৰিন্থীয়া ১৫:৫১, ৫২; প্ৰকাশিত বাক্য ১৪:১৩) আনকি পাঁচনি পৌলেও তেওঁলোকৰ তেনে স্বৰ্গীয় আশাৰ সম্বন্ধে এইদৰে কৈছিল: “তেওঁৰ মৃত্যুৰ সাদৃশ্যেৰে আমি যদি সংযুক্ত হলোঁ, তেন্তে উত্থানৰ সাদৃশ্যেৰেও হম।” (ৰোমীয়া ৬:৫) কিন্তু পাৰ্থিৱ আশা থকাবিলাকৰ পুনৰুত্থানৰ বিষয়ে কি কʼব পাৰি? পুনৰুত্থানৰ আশাই কেনেকৈ তেওঁলোকক যিহোৱাৰ কাষ চাপিবলৈ সহায় কৰিব পাৰে? এই সম্পৰ্কে আমি অব্ৰাহামে ৰাখা আৰ্হিৰ পৰা শিকিব পাৰোঁ।

পুনৰুত্থান আৰু যিহোৱাৰ সৈতে বন্ধুত্ব

১২, ১৩. পুনৰুত্থানৰ সম্বন্ধে বিশ্বাস কৰাৰ বাবে অব্ৰাহামৰ ওচৰত কেনে শক্তিশালী কাৰণ আছিল?

১২ বাইবেলত অব্ৰাহাম এজন দৃঢ় বিশ্বাসী আৰু “ঈশ্বৰৰ মিতিৰ” বুলি বৰ্ণনা কৰা হৈছে। (যাকোব ২:২৩) আনকি পাঁচনি পৌলে ইব্ৰী ১১ অধ্যায়ত বিশ্বাসী পুৰুষ আৰু স্ত্ৰীসকলৰ নাম তালিকাভুক্ত কৰাৰ সময়ত তেওঁৰ নাম তিনিবাৰকৈ উল্লেখ কৰিছে। (ইব্ৰী ১১:৮, ৯, ১৭) তেওঁ তৃতীয়বাৰ উল্লেখ কৰা সময়ত অব্ৰাহামে কেনেকৈ নিজৰ একমাত্ৰ পুত্ৰ ইচহাকক বলিদান কৰিবলৈ প্ৰস্তুত হৈছিল, সেই সম্বন্ধে জোৰ দি কৈছে। ইচহাকক যদিও বলিদান কৰিবলৈ আগবঢ়াইছিল, তথাপিও অব্ৰাহামৰ দৃঢ় বিশ্বাস আছিল যে যিহোৱা ঈশ্বৰে তেওঁৰ পুতেকক “মৃতবিলাকৰ মাজৰ পৰা” তুলি তেওঁৰ দ্বাৰা এক জাতি উৎপন্ন কৰা প্ৰতিজ্ঞাক পূৰ্ণ কৰাৰ শক্তি আছে।

১৩ যিহোৱাই অব্ৰাহামৰ তেনে দৃঢ় বিশ্বাস দেখি তেওঁৰ পুতেকক বলিদান কৰিবলৈ মানা কৰি ইচহাকৰ সলনি এটা মেৰৰ পোৱালি বলিদান কৰিবলৈ আজ্ঞা দিলে। যিয়েই নহওঁক, ইচহাকৰ এই অনুভৱ পুনৰুত্থানৰ এক দৃষ্টান্তস্বৰূপ আছিল, যাৰ বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “তাৰ পৰা দৃষ্টান্তস্বৰূপে তেওঁক [ইচহাকক] পুনৰায় পালেও।” (ইব্ৰী ১১:১৯) তদুপৰি পুনৰুত্থানৰ প্ৰতি অব্ৰাহামৰ বিশ্বাস আগৰে পৰা আছিল বুলি কʼব পাৰি। উদাহৰণস্বৰূপে, যিহোৱাই বৃদ্ধ অৱস্থাত অব্ৰাহাম আৰু চাৰাৰ প্ৰজনন শক্তিক পুনৰাই সজীৱ কৰা নাছিলনে, যাৰ ফলস্বৰূপে তেওঁলোকে ইচহাক জন্ম দিব পাৰিলে?—আদিপুস্তক ১৮:১০-১৪; ২১:১-৩; ৰোমীয়া ৪:১৯-২১.

১৪. (ক) ইব্ৰী ১১:৯, ১০ পদৰ অনুসাৰে অব্ৰাহামে কিহৰ বাবে অপেক্ষা কৰিছিল? (খ) পৰমদেশত ঈশ্বৰৰ ৰাজ্যৰ দ্বাৰা আহিবলগীয়া আশীৰ্ব্বাদসমূহৰ পৰা লাভৱান হʼবলৈ অব্ৰাহামলৈ কি ঘটিব লাগিব? (গ) আমি ঈশ্বৰৰ ৰাজ্যৰ আশীৰ্ব্বাদসমূহৰ পৰা কেনেকৈ লাভৱান হʼব পাৰিম?

১৪ অব্ৰাহামৰ বিষয়ে বৰ্ণনা কৰি পাঁচনি পৌলে কৈছিল যে তেওঁ প্ৰবাসী হৈ তম্বুত বাস কৰিছিল আৰু “যি নগৰৰ স্থাপন আৰু নিৰ্ম্মাণকৰ্ত্তা ঈশ্বৰ, ভিত্তিমূল থকা সেই নগৰলৈ তেওঁ অপেক্ষা কৰিছিল।” (ইব্ৰী ১১:৯, ১০) এই নগৰ পৃথিৱীত থকা ঈশ্বৰৰ মন্দিৰ যিৰূচালেম নগৰখনৰ দৰে নাছিল। বৰঞ্চ, ই এখন লাক্ষণিক নগৰ ঈশ্বৰৰ স্বৰ্গীয় ৰাজ্য আছিল। এই ৰাজ্য যীচু আৰু তেওঁৰ ১,৪৪,০০০ জন সহশাসকৰ দ্বাৰা গঠিত। তদুপৰি ১,৪৪,০০০ জনে সেই ‘পবিত্ৰ নগৰ নতুন যিৰূচালেমত’ যীচুৰ “বিভূষিতা কন্যা” হিচাপে মহিমান্বিত হোৱাৰ বিষয়ে কোৱা হৈছে। (প্ৰকাশিত বাক্য ২১:২) যীচুক ১৯১৪ চনত ৰজা অভিষেক কৰা হয় আৰু তেতিয়াৰে পৰা তেওঁ শত্ৰুবিলাকৰ মাজত শাসন কৰি আহিছে। (গীত ১১০:১, ২; প্ৰকাশিত বাক্য ১১:১৫) আনহাতে, এই ৰাজ্যৰ যোগেদি অহা আশীৰ্ব্বাদসমূহৰ পৰা লাভৱান হʼবলৈ “ঈশ্বৰৰ মিতিৰ” অৰ্থাৎ বন্ধু, অব্ৰাহামে পুনৰাই জী উঠিব। ঠিক সেইদৰে আমিও সেই আশীৰ্ব্বাদসমূহ লাভ কৰিবলৈ হʼলে হৰমাগিদোনত ৰক্ষা পোৱা বা পুনৰুত্থান হোৱা সকলৰ মাজৰ এজনা হোৱা উচিত। (প্ৰকাশিত বাক্য ৭:৯, ১৪) বৰ্তমান আমাৰ ওচৰত পুনৰুত্থানৰ আশাৰ ওপৰত বিশ্বাস কৰাৰ কেনে আধাৰ আছে?

ঈশ্বৰৰ প্ৰেম—পুনৰুত্থানৰ আশাৰ এক আধাৰ

১৫, ১৬. (ক) বাইবেলত উল্লেখ কৰা প্ৰথম ভৱিষ্যতবাণীটোৱে কেনেকৈ পুনৰুত্থানৰ আশা প্ৰদান কৰে? (খ) পুনৰুত্থানৰ প্ৰতি থকা বিশ্বাসে আমাক কেনেকৈ যিহোৱাৰ কাষ চাপিবলৈ সহায় কৰে?

১৫ স্বৰ্গীয় পিতৃৰ সৈতে থকা নিবিড় সম্পৰ্ক, অব্ৰাহামৰ দৰে দৃঢ় বিশ্বাস আৰু ঈশ্বৰৰ প্ৰতি থকা আজ্ঞাকাৰীতাই আমাক যিহোৱাৰ দৃষ্টিত ধাৰ্ম্মিক আৰু তেওঁৰ বন্ধু হʼবলৈ সহায় কৰে। তদুপৰি ইয়ে আমাৰ বাবে ঈশ্বৰৰ ৰাজ্যৰ আশীৰ্ব্বাদসমূহ কঢ়িয়াই আনে। দৰাচলতে, আদিপুস্তক ৩:১৫ পদত উল্লেখ কৰা বাইবেলৰ সৰ্ব্বপ্ৰথম ভৱিষ্যতবাণীটোৱে পুনৰুত্থানৰ আশা আৰু ঈশ্বৰৰ সৈতে বন্ধুত্ব গঢ়ি তুলাৰ আধাৰ প্ৰদান কৰিছে। সেই পদত কেৱল চয়তানৰ মূৰ গুড়ি কৰিব বুলিয়েই যে কৈছে, এনে নহয়, কিন্তু নাৰীৰ বংশৰ গোৰোৱা গুড়ি কৰাৰ বিষয়েও উল্লেখ কৰিছে। এডাল কাঠৰ স্তম্ভত যীচুৱে কৰা মৃত্যুবৰণ লাক্ষণিকভাৱে তেওঁৰ গোৰোৱা গুড়ি কৰাক বুজাইছিল। তৃতীয়দিনা তেওঁৰ পুনৰুত্থান হোৱাৰ অৰ্থ আছিল সেই গোৰোৱাৰ আঘাত আৰোগ্য হৈ “মৃত্যুৰ পৰাক্ৰম থকাটোক, অৰ্থাৎ চয়তানৰ” বিৰুদ্ধে কাৰ্য্যকাৰী পদক্ষেপ লʼবলৈ সম্ভৱ হোৱা।—ইব্ৰী ২:১৪.

১৬ পাঁচনি পৌলে সোঁৱৰাই দি এইদৰে কৈছে, “ঈশ্বৰে আমালৈ তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে; কাৰণ ইতিপূৰ্ব্বেই যেতিয়া আমি পাপী আছিলোঁ, তেতিয়া খ্ৰীষ্টে আমাৰ কাৰণে আপোন প্ৰাণ দিলে।” (ৰোমীয়া ৫:৮) যিহোৱাৰ এই অনুগ্ৰহৰ প্ৰতি থকা আমাৰ মূল্যাঙ্কনে তেওঁৰ আৰু যীচুৰ কাষ চাপিবলৈ সহায় কৰিব।—২ কৰিন্থীয়া ৫:১৪, ১৫.

১৭. (ক) ইয়োবে কেনে ধৰণৰ আশা প্ৰকাশ কৰিছিল? (খ) ইয়োব ১৪:১৫ পদত যিহোৱা ঈশ্বৰৰ বিষয়ে কি প্ৰকাশ কৰিছে আৰু ইয়াৰ বিষয়ে আপুনি কেনে অনুভৱ কৰে?

১৭ প্ৰাচীন সময়ত থকা ইয়োব নামৰ বিশ্বাসী পুৰুষজনেও পুনৰুত্থানৰ ওপৰত বিশ্বাস কৰিছিল। তেওঁ চয়তানৰ দ্বাৰা অহা বহুতো বিপৰ্য্যায়ৰ সম্মুখীন হʼবলগীয়া হৈছিল। তথাপিও ইয়োবে তেওঁৰ তথাকথিত বন্ধুসকলৰ বিপৰীতে পুনৰুত্থানৰ ওপৰত বিশ্বাস ৰাখি এইদৰে সুধিছিল: “মানুহ মৰিলে পুনৰায় জীব নে?” এই প্ৰশ্নটোৰ উত্তৰ দি স্বয়ং ইয়োবে এইদৰে কৈছিল: “যদি জীয়ে, তেন্তে মোক বদলি নকৰেমানে, মই তোমাৰ সৈন্যবৃত্তিৰ দিন কেইটা বাট চাই থাকিম।” তেওঁ যিহোৱাক সম্বোন্ধিত কৰি এইদৰে কৈছিল: “তুমি মাতিবা, আৰু মই উত্তৰ দিম।” ইয়াৰ উপৰিও প্ৰেমময় সৃষ্টিকৰ্তাজনৰ অনুভূতিৰ বিষয়ে জানিবলৈ পাই তেওঁ কৈছিল: “তুমি তোমাৰ হাতে কৰা কৰ্ম্মলৈ হাবিয়াহ কৰিবা।” (ইয়োব ১৪:১৪, ১৫) দৰাচলতে, যিহোৱাই সেই সময়ৰ বাবে অপেক্ষা কৰিছে যেতিয়া তেওঁৰ সকলো বিশ্বাসী উপাসক পুনৰাই জী উঠিব। অসিদ্ধ হোৱাৰ স্বত্বেও যিহোৱাই আমাৰ প্ৰতি দেখুৱা অনুগ্ৰহৰ বিষয়ে যেতিয়া আমি গভীৰভাৱে চিন্তা কৰোঁ, তেতিয়া আমি আৰু অধিক তেওঁৰ নিকটৱৰ্তী নহমনে বাৰু!—ৰোমীয়া ৫:২১; যাকোব ৪:৮.

১৮, ১৯. (ক) দানিয়েলে পুনৰাই জী উঠাৰ কেনে আশা আছে? (খ) পৰৱৰ্তী লেখত কিহৰ বিষয়ে আলোচনা কৰা হʼব?

১৮ বহু সময় ধৰি নিষ্ঠাৰে সেৱা কৰা দানিয়েল নামৰ ভৱিষ্যতবক্তাজনৰ বিষয়ে যিহোৱা ঈশ্বৰৰ এজন দূতে তেওঁক “প্ৰিয় পুৰুষ” বুলি বৰ্ণনা কৰিছিল। (দানিয়েল ১০:১৯) আনকি সা.যু.পূ. ৬১৭ চনত বন্দী অৱস্থাত থকাৰ সময়ৰে পৰা আৰু তাৰ পিছত সা.যু.পূ ৫৩৬ চনৰ পাৰস্যৰ কোৰচৰ ৰজাৰ তৃতীয় বছৰত দৰ্শন পোৱাৰ পিছৰলৈকে, অৰ্থাৎ মৃত্যু পৰ্য্যন্ত নিষ্ঠাৱান হৈ থাকিল। (দানিয়েল ১:১; ১০:১) দাৰিয়াবচৰ ৰাজত্বৰ তৃতীয় বছৰৰ কোনো মাহত দানিয়েলে বিশ্ব শক্তিবোৰ উৎপন্ন হোৱা আৰু মহা-ক্লেশত সেইবোৰৰ অন্ত হোৱা দৰ্শন দেখিছিল। যিহেতু তেওঁ স্পষ্টকৈ দৰ্শনৰ বিষয়ে বুজি নোপোৱাৰ বাবে সেই বাৰ্ত্তা শুনোৱা স্বৰ্গদূতজনক এইদৰে সুধিছিল: “হে মোৰ প্ৰভু, এইবোৰ কথাৰ শেষফল কি?” তেতিয়া স্বৰ্গদূতজনে কৈছিল যে, ‘শেষকালত কেৱল জ্ঞানী লোকবিলাকেহে বুজি পাব।’ কিন্তু দানিয়েলৰ বাবে ব্যক্তিগতভাৱে কিবা আশা আছিল নে? এই বিষয়ে স্বৰ্গদূতজনে কৈছিল: “তুমি বিশ্ৰাম পাবা, আৰু কালৰ শেষত নিজ আধিপত্যত থিয় হবা।” (দানিয়েল ১২:৮-১০, ১৩) এই বাক্যশাৰীৰ অৰ্থ হৈছে, যীচুৰ হাজাৰ বছৰৰ শাসন কালত “ধাৰ্ম্মিকসকলৰ পুনৰুত্থান” হোৱাৰ সময়ত দানিয়েলে পুনৰাই জী উঠিব।—লূক ১৪:১৪.

১৯ বৰ্তমান আমি সত্যতাক গ্ৰহণ কৰি এই জগতৰ ৰীতি-ব্যৱস্থাৰ শেষকালৰ একেবাৰে দুৱাৰডলিত আৰু যীচুৰ হাজাৰ বছৰৰ শাসনকাল আৰম্ভ হোৱাৰ সময়ত জীয়াই আছোঁ। গতিকে আমি নিজকে এইদৰে সোধাটো উচিত হʼব: ‘মই পৰমদেশত পুনৰাই জী উঠা অব্ৰাহাম, ইয়োব, দানিয়েল আৰু অন্য বিশ্বাসী পুৰুষ আৰু স্ত্ৰীসকলৰ সৈতে থাকিমনে?’ যদি আমি যিহোৱাৰ সৈতে থাকোঁ আৰু তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ, তেন্তে নিশ্চয়ে তেওঁলোকৰ সৈতে তাত বাস কৰিবলৈ পাৰিম। পুনৰুত্থান আশাৰ অতিৰিক্ত বৰ্ণনা আৰু কোনসকল পুনৰুত্থিত হʼব, এই বিষয়ে আমি পৰৱৰ্তী লেখত বিতংকৈ আলোচনা কৰিম। (w05 5/1)

আপোনাৰ মনত আছেনে?

• পুনৰুত্থানৰ আশাৰ বিষয়ে প্ৰচাৰ কৰাৰ সময়ত পাঁচনি পৌলে কেনে ধৰণৰ পৰিস্থিতিৰ সম্মুখীন হৈছিল?

• পুনৰুত্থানৰ আশাই কেনেকৈ প্ৰকৃত খ্ৰীষ্টানসকলক তথাকথিত খ্ৰীষ্টান ধৰ্ম্মৰ পৰা পৃথক কৰিলে?

• অব্ৰাহাম, ইয়োব আৰু দানিয়েলে কেনেকৈ পুনৰুত্থান আশাৰ ওপৰত দৃঢ় বিশ্বাস প্ৰকাশ কৰিলে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[৯ পৃষ্ঠাৰ ছবি]

দেশাধিপতি ফিলিক্সৰ সম্মুখত উপস্থিত থকাৰ সময়ত পাঁচনি পৌলে দৃঢ়তাৰে পুনৰুত্থানৰ আশাৰ বিষয়ে কৈছিল