Skip to content

Skip to table of contents

‘অপকাৰত সহনীয় হওক’

‘অপকাৰত সহনীয় হওক’

‘অপকাৰত সহনীয় হওক’

‘প্ৰভুৰ দাসে বিৰোধ কৰাব নালাগে; কিন্তু সকলোলৈকে মৃদুভাৱে . . . আৰু অপকাৰত সহনীয় হওক।’—২ তীমথিয় ২:২৪, ২৫.

১. প্ৰচাৰ কাৰ্য্যত ভাগ লোৱাৰ সময়ত আমি কেতিয়াবা নিন্দাত্মক মনোবৃত্তি ৰখা ব্যক্তিবিলাকৰ সৈতে কিয় সম্মুখীন হʼবলগীয়া হয়?

 আপোনালৈ বা আপোনাৰ কাৰ্য্যৰ প্ৰতি নিন্দাত্মক মনোবৃত্তি ৰখা সকলৰ সৈতে সম্মুখীন হোৱাৰ সময়ত আপুনি কেনে প্ৰতিক্ৰিয়া দেখুৱায়? শেষ-কালৰ সম্বন্ধে ভৱিষ্যতবাণী কৰাৰ সময়ত ব্যক্তিবিলাকৰ চৰিত্ৰৰ বিষয়ে বৰ্ণনা কৰি পাঁচনি পৌলে কৈছিল যে তেওঁলোক “নিন্দক, . . . অপবাদক, ইন্দ্ৰিয় দমন নকৰা, প্ৰচণ্ড” হʼব। (২ তীমথিয় ৩:১-৫, ১২) ইতিমধ্যে আপুনি হয়তো এনে ব্যক্তিবিলাকক প্ৰচাৰ কাৰ্য্যত বা অন্য ঠাইবোৰত লগ পাইছে।

২. নিন্দাত্মক মনোবৃত্তি ৰখা ব্যক্তিসকলৰ সম্মুখীন হʼবলৈ কোনবোৰ শাস্ত্ৰ পদে আমাক সহায় কৰিব পাৰে?

নিন্দাত্মক মনোবৃত্তি ৰখা সকলো ব্যক্তিয়ে যে আমাৰ বাৰ্ত্তাৰ প্ৰতি অনাগ্ৰহী, এনে নহয়। হয়তো জীৱনত নিৰাশতা বা দুখ-কষ্টৰ সম্মুখীন হোৱাৰ বাবে তেওঁলোকে তেনে আচৰণ কৰে। (উপদেশক ৭:৭) বহুতে আকৌ তেওঁলোকে বাস বা কাম কৰা পৰিৱেশৰ বাবে তেনে ধৰণে হৈ পৰিছে। এনে ধৰণৰ কটু-বাক্য খ্ৰীষ্টানসকলৰ বাবে যদিও গ্ৰহণীয় নহয়, তথাপিও লোকসকলে কিয় তেনেদৰে ব্যৱহাৰ কৰে, সেই বিষয়ে আমি বুজিব পাৰোঁ। আমি লোকসকলৰ কটু বাক্যৰ সম্মুখীন হোৱাত কেনে প্ৰতিক্ৰিয়া দেখুৱা উচিত? এই সম্পৰ্কে হিতোপদেশ ১৯:১১ পদত এইদৰে কৈছে: “মানুহৰ বিবেচনাই ক্ৰোধত নিজক ধীৰ কৰে, আৰু দোষ ক্ষমা কৰা নিজৰ ভূষণস্বৰূপ।” তদুপৰি ৰোমীয়া ১২:১৭, ১৮ পদে পৰামৰ্শ দি এইদৰে কৈছে: “অপকাৰৰ সলনি কাৰো অপকাৰ নকৰিবা; . . . যদি হব পাৰে, তেন্তে তোমালোকৰ সাধ্য অনুসাৰে সকলো মানুহে সৈতে মিলেৰে থাকিবা।”

৩. আমি শুনোৱা সংবাদৰ সৈতে কেনে ধৰণৰ শান্তিপ্ৰিয় হোৱা সন্মিলিত আছে?

আমি শান্তিপ্ৰিয় লোক হওঁনে নহওঁ, সেই বিষয়ে আমাৰ মনোবৃত্তিয়ে প্ৰকাশ কৰিব। উদাহৰণস্বৰূপে, আমাৰ মৌখিক অঙ্গী-ভঙ্গী আৰু কণ্ঠস্বৰৰ দ্বাৰা আমাৰ অন্তঃকৰণত কি আছে, সেই বিষয়ে প্ৰকাশ পাব। (হিতোপদেশ ১৭:২৭) যীচুৱে তেওঁৰ পাঁচনিবিলাকক প্ৰচাৰ কাৰ্য্যলৈ পঠোৱাৰ সময়ত তেওঁলোকক পৰামৰ্শ দি এইদৰে কৈছিল: “ঘৰত সোমাওঁতে, তেওঁক মঙ্গলবাদ কৰিবা। আৰু সেই ঘৰ যদি যোগ্য হয়, তেন্তে তোমালোকলৰ কুশল তাৰ ওপৰত থাকক; কিন্তু যদি যোগ্য নহয়, তেন্তে সেই কুশল তোমালোকলৈ উলটি আহক।” (মথি ১০:১২, ১৩) আমি লোকসকলৰ ঘৰে ঘৰে গৈ যি সংবাদ শুনাওঁ, সেইয়া হৈছে শুভবাৰ্ত্তাৰ সংবাদ। আমি শুনোৱা এই সংবাদক বাইবেলে “শান্তিৰ শুভবাৰ্ত্তা,” “ঈশ্বৰৰ অনুগ্ৰহৰ শুভবাৰ্ত্তা” আৰু “ৰাজ্যৰ এই শুভবাৰ্ত্তা” বুলি উল্লেখ কৰিছে। (ইফিচীয়া ৬:১৫; পাঁচনিৰ কৰ্ম্ম ২০:২৪; মথি ২৪:১৪) আমাৰ অভিপ্ৰায় আন ধৰ্ম্মৰ ব্যক্তিসকলৰ বিশ্বাসক তুচ্ছজ্ঞান কৰা বা তেওঁৰ অভিমতৰ সৈতে তৰ্ক-বিতৰ্ক কৰা নহয়। বৰঞ্চ, ঈশ্বৰৰ বাক্যত থকা শুভবাৰ্ত্তাৰ বিষয়ে জনোৱা আৱশ্যক।

৪. আপুনি কথোপকথন আৰম্ভ কৰাৰ পূৰ্বেই গৃহস্থজনে যদি “মই শুনিবলৈ আগ্ৰহী নহওঁ” বুলি কয়, তেন্তে কি কʼব পাৰে?

আমাৰ সংবাদ শুনোৱাৰ আগেয়ে গৃহস্থজনে হয়তো বাধা দি এইদৰে কʼব পাৰে যে, “মই শুনিবলৈ আগ্ৰহী নহওঁ।” এনে পৰিস্থিতিত হয়তো এনেদৰে কোৱাটো উত্তম হʼব, “মই আপোনাৰ বাবে বাইবেলত থকা এই আশাপূৰ্ণ পদটো পঢ়িবলৈ বিচাৰিছিলোঁ।” তাৰ পিছত ব্যক্তিজনে পুনৰাই তেনে প্ৰতিক্ৰিয়া নেদেখুৱাব পাৰে। আন এক উপলক্ষ্যত আপুনি হয়তো এইদৰে কʼব পাৰে: “মই আপোনাক এনে এক আহিবলগীয়া সময়ৰ বিষয়ে কʼব বিচাৰিছিলোঁ, যʼত কোনো অন্যায় নাথাকিব আৰু সকলোৱে পৰস্পৰে ইজনে সিজনক প্ৰেম কৰিব।” যদি এই বিষয়ে শুনি গৃহস্থজনে একো প্ৰতিক্ৰিয়া নেদেখুৱাই, তেন্তে এইদৰে কোৱাটো উত্তম হʼব: “হয়তো এই বিষয়ে আপোনাৰ আজৰি সময়ত আলোচনা কৰাটো উচিত হʼব।” তথাপিও যদি কোনো উচিত প্ৰতিক্ৰিয়া দেখা নাযায়, তেন্তে তেওঁ আৰু শুনাৰ “যোগ্য নহয়” বুলি কোৱাটো উচিত হʼবনে? আমি যিয়েই প্ৰতিক্ৰিয়াৰ সম্মুখীন নহওঁ কিয়, সদায়ে “সকলোলৈকে মৃদুভাৱে . . . অপকাৰত সহনীয়” হোৱা বাইবেলৰ পৰামৰ্শটো মানি চলা উচিত।—২ তীমথিয় ২:২৪.

বিপথগামী হৈ অবুজৰ দৰে কাৰ্য্য কৰা

৫, ৬. চৌলে যীচুৰ শিষ্যবিলাকৰ সৈতে কেনে ব্যৱহাৰ কৰিছিল আৰু তেওঁ কিয় তেনেদৰে কাৰ্য্য কৰিছিল?

প্ৰথম শতিকাত চৌলক মৰ্য্যদাহীন কথোপকথন আৰু উদণ্ড আচৰণ কৰা ব্যক্তি বুলি পৰিচিত আছিল। বাইবেলে তেওঁক এজন “প্ৰভুৰ শিষ্যবিলাকৰ অহিতে ভয় দেখুউৱাৰ আৰু বধ কৰাৰ কথাৰে ফোপাই” বুলি উল্লেখ কৰিছে। (পাঁচনিৰ কৰ্ম্ম ৯:১, ২) কিন্তু পিছলৈ তেওঁ স্বয়ং এইদৰে কৈছিল যে, “নুবুজি অবিশ্বাসৰ বশত সেই সকলো কৰ্ম্ম কৰিছিলোঁ।” (১ তীমথিয় ১:১৩) তেওঁৰ কিছুমান সম্বন্ধীয়া লোকে যদিও সত্যতাক স্বীকাৰ কৰিছিল, তথাপিও সত্যত অহাৰ পূৰ্বেই তেওঁ কেনে ধৰণৰ ব্যক্তি আছিল, সেই বিষয়ে এইদৰে কৈছিল: “তেওঁবিলাকলৈ অতিশয় ক্ৰুদ্ধ হৈ, আন দেশৰ নগৰলৈকে তাড়ানা কৰিছিলোঁ।” (পাঁচনিৰ কৰ্ম্ম ২৩:১৬; ২৬:১১; ৰোমীয়া ১৬:৭, ১১) নিঃসন্দেহ, চৌলে তেনে আচৰণ কৰাৰ সময়ত শিষ্যবিলাকে ৰাজহুৱাভাৱে তেওঁৰ সৈতে কোনো তৰ্ক-বিতৰ্ক কৰা নাছিল।

চৌলে কিয় তেনে ধৰণে আচৰণ কৰিছিল? এই বিষয়ে তেওঁ কিছু বছৰৰ পিছত তীমথিয়লৈ লিখা পত্ৰখনত কৈছিল: “নুবুজি অবিশ্বাসৰ বশত সেই সকলো কৰ্ম্ম কৰিছিলোঁ।” (১ তীমথিয় ১:১৩) তেওঁ এজন ফৰীচী আৰু “পূৰ্ব্ব-পুৰুষসকলৰ বিধানৰ শিক্ষা” লাভ কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ২২:৩) চৌলে যি দুজন ব্যক্তিৰ অধীনত থাকি শিক্ষা লাভ কৰিছিল, তাৰে এজন আছিল সম্ভৱতঃ কিছু পৰিমাণে বহল মন ৰখা বিধানৰ অধ্যাপক গমলীয়েল আৰু আনজন ধৰ্মান্ধ মহা-পুৰোহিত কায়ফা, যিজনে যীচুক শাস্তি দিয়াবলৈ দলপতি হিচাপে কাৰ্য্য কৰিছিল। (মথি ২৬:৩, ৪, ৬৩-৬৬; পাঁচনিৰ কৰ্ম্ম ৫:৩৪-৩৯) তাৰ পিছত কায়ফাই যীচুৰ শিষ্যবিলাকক বেতেৰে কোবাবলৈ আৰু যীচুৰ বিষয়ে প্ৰচাৰ কাৰ্য্য নকৰিবলৈ আদেশ দিছিল। তদুপৰি স্তিফানক সোধ-বিচাৰ কৰিবলৈ অনা ক্ৰোধিত মহাসভাটো তেওঁ পৰিচালক হিচাপে কাৰ্য্য কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ৫:২৭, ২৮, ৪০; ৭:১-৬০) স্তিফানক শিলেৰে দলিয়াই বধ কৰাৰ সময়ত চৌল তাত উপস্থিত আছিল আৰু কায়ফাৰ আদেশত তেওঁ শিষ্যবিলাকক তাড়না দি আটক কৰিবলৈ দম্মেচকৰ অভিমুখে যাত্ৰা কৰিলে। (পাঁচনিৰ কৰ্ম্ম ৮:১; ৯:১, ২) চৌলে হয়তো তেনে কাৰ্য্য কৰি ঈশ্বৰক সন্তোষ কৰা বুলি ভাবিছিল। দৰাচলতে, তেওঁ যথাৰ্থ বিশ্বাসৰ বিষয়ে নজনাৰ বাবেহে তেনেদৰে কাৰ্য্য কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ২২:৩-৫) ফলস্বৰূপে, যীচুৱে যে প্ৰকৃত মচীহ আছিল, সেই বিষয়েও বুজিবলৈ বিফল হৈছিল। কিন্তু দম্মেচকৰ অভিমুখে যাত্ৰা কৰাৰ সময়ত অলৌকিকভাৱে পুনৰুত্থিত হোৱা যীচুৰ মাত শুনাত তেওঁ জ্ঞান পালে।—পাঁচনিৰ কৰ্ম্ম ৯:৩-৬.

৭. চৌলে দম্মেচকৰ অভিমুখে যাত্ৰা কৰাৰ সময়ত যীচুৰ দৰ্শন পোৱাত কেনে ফলাফল দেখিবলৈ পোৱা গʼল?

সেই ঘটনাৰ অলপ সময়ৰ পিছত অননিয় নামৰ শিষ্যজনক চৌলৰ ওচৰত সাক্ষী দিবলৈ পঠোৱা হʼল। সেই সময়ত এই কাৰ্য্যভাৰ যদি আপোনাক দিয়া হʼলে, আপুনি আগ্ৰহী হৈ চৌলৰ ওচৰত সাক্ষী দিবলৈ গʼলহেঁতেননে? যদিও অননিয়ই শংকিত হৈছিল, তথাপিও তেওঁ মৃদুতাৰে চৌলক সাক্ষী দিলে। অলৌকিকভাৱে যীচুৰ দৰ্শন পোৱাৰ বাবে চৌলৰ বিচাৰধাৰাৰ পৰিৱৰ্তন হʼল। (পাঁচনিৰ কৰ্ম্ম ৯:১০-২২) পিছলৈ তেওঁ চৌলৰ সলনি পাঁচনি পৌল হʼল আৰু এজন উৎসাহী প্ৰচাৰক হিচাপে জনা গʼল।

কোমল চিত্ত হোৱাৰ স্বত্বেও সাহসী আছিল

৮. পাপীবিলাকৰ সৈতে আচৰণ কৰোঁতে যীচুৱে কেনেকৈ তেওঁৰ পিতৃৰ দৰে মনোবৃত্তি প্ৰকাশ কৰিছিল?

উৎসাহী ৰাজ্যৰ প্ৰচাৰক যীচু যদিও কোমল চিত্তৰ ব্যক্তি আছিল, তথাপিও তেওঁ সাহসী হৈ লোকসকলৰ সৈতে কথোপকথন কৰিছিল। (মথি ১১:২৯) তেওঁ যিহোৱাৰ দৰে মনোবৃত্তি ৰাখি দুষ্ট লোকবিলাকক বেয়া পথৰ পৰা মন পালটন কৰিবলৈ আগ্ৰহ কৰিছিল। (যিচয়া ৫৫:৬, ৭) পাপীবিলাকৰ সৈতে আচৰণ কৰাৰ সময়ত যীচুৱে তেওঁলোকত থকা সদ্‌গুণবোৰ লক্ষ্য কৰি তেওঁলোকক উৎসাহিত কৰিছিল। (লূক ৭:৩৭-৫০; ১৯:২-১০) তেওঁলোকক সমালোচক দৃষ্টিভঙ্গীৰে চোৱাৰ পৰিৱৰ্তে তেওঁ নিজৰ পিতৃৰ দৰে অনুগ্ৰহ, ধৈৰ্য্য আৰু চিৰসহিষ্ণুতাৰে আচৰণ কৰিছিল যাতে তেওঁলোকে মনপালটন কৰিব পাৰে। (ৰোমীয়া ২:৪) তদুপৰি যিহোৱাৰ ইচ্ছা এই যে, সকলোৱে মনপালটন কৰি যেন পৰিত্ৰাণ পায়।—১ তীমথিয় ২:৩, ৪.

৯. যীচুত পূৰ্ণ হোৱা যিচয়া ৪২:১-৪ পদটোৰ পৰা আমি কি শিকিব পাৰোঁ?

যীচুৰ প্ৰতি থকা ঈশ্বৰৰ দৃষ্টিভঙ্গীৰ সম্পৰ্কে মথিয়ে এই ভৱিষ্যদ্বাণীমূলক বাক্যবোৰ উদ্ধৃত কৰি কৈছিল: “যিচয়া ভাববাদীৰ দ্বাৰাই যি বচন কোৱা হৈছিল, বোলে, চোৱা, মোৰ যি সেৱকক মই মনোনীত কৰিলোঁ, মোৰ যি প্ৰিয় জনাত মোৰ মন পৰম সন্তুষ্ট হৈছে, তেওঁৰ ওপৰত মোৰ আত্মা থম; তাতে তেওঁ পৰজাতিবিলাকক ন্যায়বিচাৰৰ সম্বাদ দিব। তেওঁ দ্বন্দ্ব হাই নকৰিব, আটাহ নাপাৰিব; আলিবাটত কোনেও তেওঁৰ মাত নুশুনিব। তেওঁ ন্যায়-বিচাৰ জয়ীৰূপে প্ৰচলিত নকৰেমানে, থেঁতেলা নল নাভাঙিব, ধোৱাই থকা শলিতাও নুনুমাব; আৰু তেওঁৰ নামত পৰজাতিবিলাকে ভাৰসা কৰিব।” (মথি ১২:১৭-২১; যিচয়া ৪২:১-৪) সেই ভৱিষ্যদ্বাণীমূলক বাক্যবোৰৰ অনুসাৰে যীচুৱে কোনো হাই-কাজিয়াত ভাগ লোৱা নাছিল। আনকি বিৰক্তিজনক পৰিস্থিতিতো সত্যতাৰ বিষয়ে সাক্ষী দিয়া তেওঁৰ পদ্ধতিক দেখি নম্ৰ মনৰ লোকসকল আকৰ্ষিত হৈছিল।—যোহন ৭:৩২, ৪০, ৪৫, ৪৬.

১০, ১১. (ক) ফৰীচীবিলাকে যীচুৰ প্ৰমুখ বিৰোধী হোৱাৰ স্বত্বেও তেওঁলোকৰ কিছুমানক কিয় সাক্ষী দিছিল? (খ) যীচুৱে বিৰোধ কৰা সকলক কোনো কোনো সময়ত কেনে উত্তৰ দিছিল, কিন্তু তেওঁলোকৰ সৈতে কেনে আচৰণ কৰা নাছিল?

১০ পৰিচৰ্য্যা কাৰ্য্যৰ সময়ত যীচুৱে বহুতো ফৰীচী ব্যক্তিৰ সৈতে কথোপকথন হʼবলগীয়া হৈছিল। তেওঁলোকৰ কিছুমানে যদিও তেওঁৰ সৈতে দোষ বিচৰা উদ্দেশ্যৰে তৰ্ক-বিতৰ্ক কৰিছিল, তথাপিও তেওঁ সকলোকে বেয়া দৃষ্টিৰে চোৱা নাছিল। কিছু পৰিমাণে ঠেক মন ৰখা চিমোন নামৰ এজন ফৰীচীয়ে হয়তো তেওঁক অভিযোগ দিয়াৰ উদ্দেশ্যৰে ভোজন কৰিবলৈ নিমন্ত্ৰণ দিছিল। যীচুৱে তেওঁৰ নিমন্ত্ৰণ গ্ৰহণ কৰি তাত উপস্থিত থকা আনবিলাককো সাক্ষী দিছিল। (লূক ৭:৩৬-৫০) আন এক উপলক্ষ্যত, ৰাতিৰ সময়ছোৱাত নীকদীম নামৰ এজন উচ্চ পদস্ত ফৰীচী ব্যক্তিয়ে তেওঁক সাক্ষ্যাৎ কৰিবলৈ আহে। তেওঁ এন্ধাৰত সাক্ষাৎ কৰিবলৈ অহা দেখি যীচুৱে নিন্দা কৰা নাছিল। বৰঞ্চ, তেওঁ নীকদীমৰ সৈতে পৰিত্ৰাণৰ সম্বন্ধে প্ৰবন্ধ কৰা ঈশ্বৰৰ প্ৰেমৰ বিষয়ে সাক্ষী দিছিল। ইয়াৰ উপৰিও ঈশ্বৰৰ প্ৰতি আজ্ঞাকাৰীতা হোৱাৰ গুৰুত্বতাকো দাঙি ধৰিলে। (যোহন ৩:১-২১) পিছলৈ ফৰীচীবিলাকে যীচুক নিন্দা কৰাৰ সময়ত নীকদীমে তেওঁৰ সপক্ষে থিয় দিছিল।—যোহন ৭:৪৬-৫১.

১১ আনহাতে, যীচুৱে তেওঁৰ বিৰোধীসকলৰ কপটময় আচৰণৰ বিষয়ে আওকাণ কৰা নাছিল। তেওঁ তেওঁলোকৰ অনৰ্থক তৰ্ক-বিতৰ্কৰ উচিত প্ৰত্যুত্তৰ দিছিল। উপযুক্ত সময়ত তেওঁ চমুকৈ আৰু দৃঢ়তাৰে শাস্ত্ৰীয় মূলনীতি, দৃষ্টান্ত বা শাস্ত্ৰীয় পদবোৰ উদ্ধৃত কৰিছিল। (মথি ১২:৩৮-৪২; ১৫:১-৯; ১৬:১-৪) আন সময়ত তেওঁ পৰিস্থিতিৰ নিৰীক্ষণ কৰাৰ পিছতহে উত্তৰ দিয়া উচিত নে অনুচিত, তাৰ বিষয়ে বিবেচনা কৰিছিল।—মাৰ্ক ১৫:২-৫; লূক ২২:৬৭-৭০.

১২. অশুচি আত্মাবোৰৰ অধীনত থকা ব্যক্তিবিলাকৰ ডাবি-ধমকি শুনাৰ স্বত্বেও তেনে লোকবিলাকৰ সৈতে যীচুৱে কেনে আচৰণ কৰিছিল?

১২ কেতিয়াবা অশুচি আত্মাবোৰৰ অধীনত থকা ব্যক্তিবিলাকে যদিও যীচুক ডাবি-ধমকি দিছিল, তেনে লোকবিলাকৰ সৈতে তেওঁ মৃদুতাৰে তেওঁবিলাকৰ মুক্তিৰ বাবে ঈশ্বৰে প্ৰদান কৰা শক্তিৰ ব্যৱহাৰ কৰিছিল। (মাৰ্ক ১:২৩-২৮; ৫:২-৮, ১৫) ঠিক সেইদৰে লোকবিলাকে যেতিয়া প্ৰচাৰ কাৰ্য্য কৰাৰ সময়ত আমাৰ ওপৰত ক্ৰোধিত বা চিঞৰ-বাখৰ কৰে, তেতিয়া আমি তেওঁলোকৰ সৈতে মৃদুতাৰে আৰু কৌশলতাৰে আচৰণ কৰা উচিত।—কলচীয়া ৪:৬.

পৰিয়ালত মৃদুতা গুণটো প্ৰকাশ কৰা

১৩. পৰিয়ালৰ কোনো এজন সদস্যই যিহোৱাৰ সাক্ষীসকলৰ সৈতে সত্যতা শিকাৰ সময়ত আন সদস্যবিলাকে কিয় তেওঁৰ বিৰোধ কৰিব পাৰে?

১৩ বিশেষকৈ যীচুৰ শিষ্যবিলাকে নিজ নিজ পৰিয়ালত মৃদুতা গুণটো প্ৰকাশ কৰা অতি আৱশ্যক। সত্যতাৰ প্ৰতি গভীৰ শ্ৰদ্ধা থকা এজন ব্যক্তিয়ে নিজৰ পৰিয়ালৰ সদস্যবিলাকেও সত্যৰ প্ৰতি তেনে মনোবৃত্তি ৰখাটো বিচাৰিব। কিন্তু যীচুৰ অনুসাৰে, কেতিয়াবা পৰিয়ালৰ সদস্যসকলে উচিত মনোবৃত্তি নেদেখুৱাবও পাৰে। (মথি ১০:৩২-৩৭; যোহন ১৫:২০, ২১) হয়তো তেনে অনুচিত মনোবৃত্তিৰ পিছত বহুতো কাৰণ জড়িত থাকিব পাৰে। উদাহৰণস্বৰূপে, বাইবেলৰ পৰা লাভ কৰা শিক্ষাৰ দ্বাৰা আমি সত্যবাদী, দায়িত্বৱান আৰু আনক সন্মান কৰিবলৈ শিকোঁ। তদুপৰি শাস্ত্ৰ পদবোৰে আমাক যিকোনো পৰিস্থিতিত আমাৰ সৃষ্টিকৰ্ত্তাজনাৰ প্ৰতি নিষ্ঠা বজাই ৰাখিবলৈও শিক্ষা দিয়ে। (উপদেশক ১২:১, ১৩; পাঁচনিৰ কৰ্ম্ম ৫:২৯) ইয়াৰ বাবে হয়তো পৰিয়ালৰ সদস্যবিলাকে যিহোৱাৰ প্ৰতি থকা আমাৰ বিশ্বস্ততাক দেখি অসন্তোষ হʼব পাৰে। গতিকে এনে সময়ত আমি মৃদুতাৰ সম্বন্ধে যীচুৱে ৰাখা আৰ্হিক অনুকৰণ কৰাটো আৱশ্যক নহয়নে বাৰু!—১ পিতৰ ২:২১-২৩; ৩:১, ২.

১৪-১৬. আৰম্ভণিতে সত্য শিকাৰ বাবে পৰিয়ালৰ সদস্যসকলক বিৰোধ কৰা সকলৰ মনোবৃত্তি কিহৰ বাবে সলনি হয়?

১৪ বৰ্তমান যিহোৱাক উপাসনা কৰা বহুতো বিবাহিত সঙ্গী বা পৰিয়ালৰ সদস্যসকলে এটা সময়ত সত্য শিকাৰ বাবে পৰিয়ালৰ আন সদস্যসকলৰ পৰা বিৰোধিতাৰ সম্মুখীন হʼবলগীয়া হৈছিল। হয়তো তেওঁলোকৰ মনত যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে ভুল মনোবৃত্তি আৰু পৰিয়ালত কোনো বেয়া প্ৰভাৱ পৰিব পাৰে বুলি ভাবি চিন্তিত হৈছিল। কিন্তু পিছলৈ কিহৰ বাবে তেওঁলোকৰ এনে মনোবৃত্তি সলনি হʼল? বহুতে সত্য শিকা ব্যক্তিবিলাকৰ উত্তম আৰ্হি দেখি প্ৰভাৱিত হৈছিল। কিয়নো সত্যত অহা ব্যক্তিসকলে নিয়মিত সভাত উপস্থিত, প্ৰচাৰ কাৰ্য্যত ভাগ লোৱা, পৰিয়ালৰ প্ৰতি থকা নিজৰ দায়িত্ব পালন কৰা আৰু বিৰোধিতাৰ সময়ত মৃদুতা বজাই ৰাখা বাইবেলৰ পৰামৰ্শ মানি চলাটো লক্ষ্য কৰিব পাৰিছিল।—১ পিতৰ ২:১২.

১৫ বিৰোধ কৰা ব্যক্তিজনে হয়তো নিজৰ পক্ষপাত বা অহঙ্কাৰী মনোবৃত্তিৰ বাবে সত্যতাৰ বিষয়ে একোকে শুনিব নিবিচাৰিব পাৰে। এই কথাষাৰৰ সত্যতা সংযুক্ত ৰাষ্ট্ৰত থকা এজন দেশপ্ৰেমী ব্যক্তিৰ উদাহৰণৰ পৰা জানিব পাৰি। এবাৰ তেওঁৰ পত্নী অধিৱেশনত উপস্থিত থকাৰ সময়ত তেওঁ নিজৰ কাপোৰ-কানি লৈ ঘৰৰ পৰা গুচি গৈছিল। আন এক উপলক্ষ্যত, তেওঁ আত্মহত্যা কৰাৰ ভাবুকি দি বন্দুকটো লৈ ঘৰৰ পৰা ওলাই গৈছিল। তেওঁ পত্নীগৰাকীয়ে পালন কৰা ধৰ্ম্মৰ অযুক্তিকৰ আচাৰ-ব্যৱহাৰ বুলি অভিযোগ দিছিল। তথাপিও তেওঁৰ পত্নীগৰাকীয়ে বাইবেলৰ পৰামৰ্শৰ অনুসাৰে চলিবলৈ এৰি নিদিলে। ইয়াৰ ফলস্বৰূপে, প্ৰায় বিশ বছৰৰ পিছত ভনীগৰাকীৰ স্বামীও এজন যিহোৱাৰ সাক্ষীৰ সদস্য হৈ পৰে। আলবেনিয়াত এগৰাকী মাতৃয়ে তাইৰ জীয়েকে যিহোৱাৰ সাক্ষীসকলৰ সৈতে সত্য শিকি বাপ্তিষ্মা লোৱাত অতি ক্ৰোধিত হয়। মাতৃগৰাকীয়ে প্ৰায় ১২ বাৰ তাইৰ জীয়েকৰ বাইবেলখন নষ্ট কৰি পেলাইছিল। কিন্তু এবাৰ জীয়েকে টেবুলত ৰখা নতুন বাইবেলখন হাত তুলি লৈ বাইবেলখনৰ পৃষ্ঠাবোৰ লুটিয়াই থাকোঁতে হঠাতে তাইৰ চকু মথি ১০:৩৬ পদটোত পৰে। পদটোত লিখা বাক্যবোৰ পঢ়ি তাই উপলব্ধি কৰিব ধৰে যে সেই বাক্যশাৰী তাইত প্ৰযোজ্য হৈছে। তথাপিও জীয়েকৰ হিতৰ বিষয়ে চিন্তা কৰি মাতৃগৰাকীয়ে তাইৰ সৈতে ইটালীত হʼবলগীয়া অধিৱেশনৰ বাবে জাহাজেৰে ৰাওনা হয়। অধিৱেশনত উপস্থিত হৈ মাতৃগৰাকীয়ে লোকবিলাকৰ প্ৰেম, আন্তৰিক অভিনন্দন জনোৱা আৰু তেওঁলোকৰ মৃদ্যু হাঁহি দেখি অতিশয় প্ৰভাৱিত হয়। ইয়াৰ অলপ সময়ৰ পিছত ভনীগৰাকীৰ মাকেও বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে। আজি সেই মাতৃগৰাকীয়ে তেনে বিৰোধ কৰা সকলক সত্যতাৰ বিষয়ে জানিবলৈ সহায় কৰিছে।

১৬ এবাৰ ৰাজ্যগৃহৰ কাষত উপস্থিত হোৱাৰ সময়ত হাতত কটাৰী লৈ অহা এজন স্বামীয়ে নিজৰ পত্নীক আগভেটি ধৰি বেয়াকৈ গালি-শপনি দিবলৈ ধৰে। তাই মৃদুতাৰে উত্তৰ দি এইদৰে কয়: “অনুগ্ৰহ কৰি আপুনি স্বয়ং ৰাজ্যগৃহলৈ আহি তাত কি কৰা হয়, সেই বিষয়ে লক্ষ্য কৰক।” পত্নীয়ে কোৱা অনুসাৰে ৰাজ্যগৃহত উপস্থিত হয় আৰু সত্য শিকি পিছলৈ এজন প্ৰকৃত খ্ৰীষ্টান প্ৰাচীন হৈ পৰে।

১৭. যদি খ্ৰীষ্টান পৰিয়ালত অস্থিৰ পৰিস্থিতিয়ে দেখা দিয়ে, তেন্তে কেনে শাস্ত্ৰীয় পৰামৰ্শটো পালন কৰা উত্তম হʼব?

১৭ যদিও আপোনাৰ পৰিয়ালৰ সকলো সদস্য সত্যত আছে, তথাপিও অসিদ্ধতা হোৱাৰ বাবে কেতিয়াবা এক অস্থিৰ পৰিস্থিতি আৰু অপ্ৰীতিকৰ বাক্যবোৰ শুনিবলৈ পোৱা যায়। উল্লেখ্য যে, ইফিচ নগৰত থকা খ্ৰীষ্টানসকলকো এইদৰে পৰামৰ্শ দিয়া হৈছিল: “সকলো কটু-বাক্য, খং, ক্ৰোধ, দ্বন্দ, নিন্দা এই সকলো, আটাই হিংসাই সৈতে তোমালোকৰ পৰা দূৰ হওক।” (ইফিচীয়া ৪:৩১) সম্ভৱতঃ তেওঁলোকৰ অসিদ্ধতা আৰু পুৰণি অভ্যাসবোৰৰ অনুসাৰে চলাৰ বাবে তেনে এক পৰিৱেশ সৃষ্টি হৈছিল। তেওঁলোকে কেনেকৈ নিজৰ মনোবৃত্তি সলনি কৰিব পাৰিলেহেঁতেন? তেওঁলোকে “নিজ নিজ মনৰ আত্মাত নতুন” হোৱাৰ দ্বাৰা তেনে পৰিৱৰ্তন কৰিব পাৰিলেহেঁতেন। (ইফিচীয়া ৪:২৩) তেওঁলোকে ঈশ্বৰৰ বাক্য অধ্যয়ন, তাত পোৱা পৰামৰ্শবোৰ নিজৰ জীৱনত প্ৰয়োগ, সেই বিষয়ে ধ্যান, আধ্যাত্মিক ভাই-ভনীসকলৰ সৈতে সঙ্গতি আৰু নম্ৰতাপূৰ্বক প্ৰাৰ্থনা কৰি নিজৰ জীৱনত ঈশ্বৰৰ আত্মাৰ ফল সম্পূৰ্ণকৈ কাৰ্য্যকাৰী হʼব লাগছিল। তেওঁলোকে ‘পৰস্পৰে হিতকাৰী আৰু কোমল চিত্তৰ লোক হৈ, ঈশ্বৰে যেনেকৈ খ্ৰীষ্টত ক্ষমা কৰিলে, তেনেকৈ ইজনে সিজনক পৰস্পৰে ক্ষমা কৰিবলৈ’ শিকিব লাগিছিল। (ইফিচীয়া ৪:৩২) আনে যিয়েই নকৰক কিয়, আমি মৃদু, দয়া, ক্ষমা আৰু সহানুভূতিৰে আচৰণ কৰা উচিত। ইয়াৰ উপৰিও আমি “অপকাৰৰ সলনি কাৰো অপকাৰ” কৰাৰ পৰা আঁতৰি থকা আৱশ্যক। (ৰোমীয়া ১২:১৭, ১৮) ঈশ্বৰৰ আৰ্হিক অনুকৰণ কৰি দেখুৱা এনে ধৰণৰ প্ৰকৃত প্ৰেমক সদায়ে কৰিবলগীয়া উচিত কৰ্ম্ম বুলি কোৱা হয়।।—১ যোহন ৪:৮.

সকলো খ্ৰীষ্টানৰ বাবে পৰামৰ্শ

১৮. দ্বিতীয় তীমথিয় ২:২৪ পদৰ পৰামৰ্শটো কিয় ইফিচ মণ্ডলীৰ সেই প্ৰাচীনজনৰ বাবে প্ৰযোজ্য আছিল আৰু ইয়াৰ দ্বাৰা সকলো খ্ৰীষ্টানে কেনেকৈ লাভৱান হʼব পাৰে?

১৮ “অপকাৰত সহনীয়” হোৱা বুলি দিয়া পৰামৰ্শটো সকলো খ্ৰীষ্টানৰ বাবে প্ৰযোজ্য হয়। (২ তীমথিয় ২:২৪) কিন্তু সৰ্বপ্ৰথমে এই পৰামৰ্শটো ইফিচ মণ্ডলীত প্ৰাচীন হিচাপে কাৰ্য্য কৰা তীমথিয়ক দিয়া হৈছিল। সেই মণ্ডলীখনৰ কিছুমানে নিজৰ দৃষ্টিভঙ্গীৰ বিষয়ে প্ৰতিষ্ঠিত আৰু অনুচিত শিক্ষাবোৰ প্ৰচাৰ কৰিবলৈ উঠি পৰি লাগিছিল। যিহেতু তেওঁলোকে মোচিৰ ব্যৱস্থাৰ মূলকথা বুজি নোপোৱাৰ বাবে বিশ্বাস, প্ৰেম আৰু সৰল অন্তঃকৰণ বিকশিত কৰাত বিফল হৈছিল। যীচুৰ শিক্ষা আৰু ঈশ্বৰীয় ভক্তিৰ গুৰুত্বতাক বুজিবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে তেওঁলোকত থকা অহঙ্কাৰী মনোবৃত্তিৰ বাবে তেওঁলোকৰ মাজত বাদ-বিবাদ সৃষ্টি হৈছিল। এনে বাদ-বিবাদ সমাধান কৰিবলৈ তীমথিয়ে দৃঢ়তাৰে পদক্ষেপ লৈ আধ্যাত্মিক ভাইসকলৰ সৈতে মৃদুতাৰে আচৰণ কৰিব লাগিছিল। কিয়নো বৰ্তমান সময়ৰ প্ৰাচীনসকলৰ দৰে তিমথিয়ই ভালদৰে জানিছিল যে মণ্ডলীৰ লোকসকল হৈছে ঈশ্বৰৰ সম্পত্তি। সেয়েহে তেওঁক প্ৰেম আৰু ঐক্যতা বজাই ৰখাৰ উদ্দেশ্যৰে পদক্ষেপ লʼব লাগিছিল।—ইফিচীয়া ৪:১-৩; ১ তীমথিয় ১:৩-১১; ৫:১, ২; ৬:৩-৫.

১৯. আমি সকলোৱে কিয় “নম্ৰতা বিচাৰা” আৱশ্যক?

১৯ ঈশ্বৰে তেওঁৰ লোকসকলক “নম্ৰতা বিচাৰা” বুলি আগ্ৰহ কৰিছে। (চফনিয়া ২:৩) ইয়াত “নম্ৰতা” বুলি উল্লেখ কৰা হীব্ৰু শব্দটোৱে অপকাৰ হোৱা পৰিস্থিতিত বিৰক্ত নোহোৱাকৈ ধৈৰ্য্য ধৰা এজন ব্যক্তিৰ মনৰ অৱস্থাক বুজাইছে। এতেকে আঁহক আমি কঠিন পৰিস্থিতিবোৰত মৃদুতা বজাই ৰাখিবলৈ আৰু উচিতমতে যিহোৱাৰ প্ৰতিনিধিত্ব কৰিবলৈ প্ৰাৰ্থনাপূৰ্বক অনুৰোধ কৰোঁহঁক। (w05 5/15)

আপুনি কি শিকিলে?

• কটু-বাক্যৰ সম্মুখীন হোৱাৰ সময়ত কেনে শাস্ত্ৰ পদে আপোনাক সহায় কৰিব পাৰে?

• চৌলে কিয় অবুজৰূপে আচৰণ কৰিছিল?

• সকলো প্ৰকাৰৰ লোকৰ সৈতে উচিতমতে আচৰণ কৰিবলৈ যীচুৰ আৰ্হিয়ে আমাক কেনেকৈ সহায় কৰিব পাৰে?

• পৰিয়ালত মৃদুতাৰে আচৰণ কৰাৰ দ্বাৰা কেনে উত্তম ফলাফল দেখিবলৈ পোৱা যায়?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২০ পৃষ্ঠাৰ ছবি]

এজন খ্ৰীষ্টান ব্যক্তিয়ে নিষ্ঠাৰে বহন কৰা দায়িত্বৰ বাবে পৰিয়ালে দেখুৱা বিৰোধী মনোবৃত্তি সলনি হʼব পাৰে

[২১ পৃষ্ঠাৰ ছবি]

খ্ৰীষ্টানসকলে প্ৰেম আৰু ঐক্যতা বজাই ৰাখিবলৈ প্ৰচেষ্টা কৰে