Skip to content

Skip to table of contents

কেৱল কৰ্ম্মৰ দ্বাৰা নহয় কিন্তু অনুগ্ৰহৰ দ্বাৰাও পৰিত্ৰাণ পোৱা

কেৱল কৰ্ম্মৰ দ্বাৰা নহয় কিন্তু অনুগ্ৰহৰ দ্বাৰাও পৰিত্ৰাণ পোৱা

কেৱল কৰ্ম্মৰ দ্বাৰা নহয় কিন্তু অনুগ্ৰহৰ দ্বাৰাও পৰিত্ৰাণ পোৱা

“অনুগ্ৰহেৰেহে বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা; . . . কোনেও যেন শ্লাঘা কৰিব নোৱাৰে, এই নিমিত্তে সেয়ে কৰ্ম্মৰ পৰাও নহয়।”—ইফিচীয়া ২:৮, ৯.

১. ব্যক্তিগতভাৱে কৃতকাৰ্য্য লাভ কৰাৰ সম্বন্ধে প্ৰকৃত খ্ৰীষ্টানসকলে আনৰ তুলনাত কেনেকৈ ভিন্ন আৰু কিয়?

 আজিৰ লোকসকলে নিজৰ সফলতাক লৈ অহঙ্কাৰ কৰে। কিন্তু এই ক্ষেত্ৰত প্ৰকৃত খ্ৰীষ্টানসকলে এক ভিন্ন মনোবৃত্তি প্ৰকাশ কৰে। তেওঁলোকে কোনো কাৰ্য্য বা উপাসনাত লাভ কৰা কৃতকাৰ্য্যতাৰ বিষয়ে আনৰ আগত নিজৰ গুণগান কৰি নুফুৰে। যদিও তেওঁলোকে যিহোৱাৰ সাক্ষীৰ সদস্য হিচাপে বহুতো কৃতকাৰ্য্যতা লাভ কৰিছে, তথাপিও ব্যক্তিগতভাৱে কেতিয়াও অহঙ্কাৰ কৰা নাই। তেওঁলোকে জানে যে যিহোৱাৰ কাৰ্য্যক সম্পন্ন কৰিবলৈ ব্যক্তিগত দক্ষতাৰ নহয়, কিন্তু উচিত মনোবৃত্তি ৰাখাতোহে সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়। আজি কোনোবাই যদি অনন্ত জীৱনৰ পথত চলিবলৈ সক্ষম হৈছে, তেন্তে তেওঁ নিজৰ কৃতকাৰ্য্যতাৰে নহয়, কিন্তু বিশ্বাস আৰু যিহোৱাৰ অনুগ্ৰহৰ দ্বাৰাহে তেনে সফলতা লাভ কৰিছে।—লূক ১৭:১০; যোহন ৩:১৬.

২, ৩. পাঁচনি পৌলে কিহক লৈ গৌৰৱ কৰিছিল আৰু কিয়?

এই সম্বন্ধে পাঁচনি পৌলে ভালকৈ জানিছিল। কিয়নো এবাৰ তেওঁ নিজৰ ‘শৰীৰত কাঁইটস্বৰূপে’ থকা দুৰ্ব্বলতাৰ পৰা মুক্তি পাবলৈ তিনিবাৰকৈ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি যি উত্তৰ পাইছিল, সেই বিষয়ে এইদৰে কৈছিল: “মোৰ যি অনুগ্ৰহ, সেয়ে তোমালৈ জুৰিব; কিয়নো দুৰ্ব্বলতাত মোৰ শক্তি সিদ্ধ হয়।” তেওঁ এনে ধৰণৰ নিৰ্দ্দেশনাক নম্ৰতাৰে স্বীকাৰ কৰি এইদৰে কৈছিল: “খ্ৰীষ্টৰ শক্তি যেন মোত বাস কৰে, তাৰ নিমিত্তে বৰং মই মহা-আনন্দেৰে মোৰ নানা দুৰ্ব্বলতাত শ্লাঘাহে কৰিম।” আমি সকলোৱে তেওঁৰ এনে মনোবৃত্তিক অনুকৰণ কৰা উচিত।—২ কৰিন্থীয়া ১২:৭-৯.

পাঁচনি পৌলে যদিও প্ৰচাৰ কাৰ্য্যত কৃতকাৰ্য্যতা লাভ কৰিছিল, তথাপিও নিজকে লৈ কেতিয়াও অহঙ্কাৰ কৰা নাছিল। বৰঞ্চ, তেওঁ বিনম্ৰৰে এইদৰে কৈছিল: “প্ৰভু খ্ৰীষ্ট যীচুত ঈশ্বৰে অনন্ত কালৰ যি অভিপ্ৰায় থিৰ কৰিছিল, সেই অনুসাৰে ঈশ্বৰৰ জ্ঞান, স্বৰ্গীয় ঠাইবোৰৰ আধিপত্য আৰু ক্ষমতা প্ৰাপ্তবিলাকক যেন এতিয়া মন্ডলীৰ দ্বাৰাই জনোৱা হয়।” (ইফিচীয়া ৩:৮) কৃতকাৰ্য্যতাৰ প্ৰতি তেওঁৰ কেনে মনোবৃত্তি আছিল, সেই বিষয়ে এই বাক্যবোৰত স্পষ্টকৈ দেখিবলৈ পোৱা যায়। তদুপৰি বাইবেলে কৈছে যে, “ঈশ্বৰ অহঙ্কাৰীবিলাকৰ বিপক্ষ হয়, কিন্তু নম্ৰবিলাকক তেওঁ অনুগ্ৰহ দান কৰে।” (যাকোব ৪:৬; ১ পিতৰ ৫:৫) এতেকে আমিও তেওঁৰ দৰে মনোবৃত্তি দেখুৱাই নিজকে আনৰ তুলনাত নিম্ন বুলি ভবাটো উচিত নহʼবনে?

“প্ৰত্যেকে নিজতকৈ অন্যক উত্তম বুলি মানিবা”

৪. আমি কেতিয়াবা আনক নিজতকৈ উত্তম বুলি ভাবিবলৈ কিয় সংকোচ বোধ কৰোঁ?

পাঁচনি পৌলে খ্ৰীষ্টানসকলক পৰামৰ্শ দি এইদৰে কৈছিল: “তোমালোকে বিৰোধ বা অনৰ্থক দৰ্পেৰে একো নকৰিবা; কিন্তু নম্ৰভাবে প্ৰত্যেকে নিজতকৈ অন্যক উত্তম বুলি মানিবা।” (ফিলিপীয়া ২:৩) এই পৰামৰ্শৰ অনুসাৰে চলাতো বিশেষকৈ তেতিয়াহে প্ৰত্যাহ্বানজনক হৈ পৰে, যেতিয়া আমি কোনো দায়িত্বপূৰ্ণ পদ লাভ কৰোঁ। হয়তো কিছু পৰিমাণে এই জগতৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ মনোবৃত্তিৰ দ্বাৰা প্ৰভাৱিত বা সৰুৰে পৰা ঘৰত নাইবা স্কুলত প্ৰতিদ্বন্দ্বিতামূলক মনোভাৱৰ সৈতে ডাঙৰ-দীঘল হোৱাৰ বাবে তেনে মোনোবৃত্তিৰ সাল-সলনি কৰাটো ইমান সহজ নহʼব পাৰে। হয়তো আমাৰ মনত নিৰন্তৰে স্কুলৰ অন্য ছাত্ৰ-ছাত্ৰী বা ক্ৰীড়া প্ৰতিযোগিতাত শ্ৰেষ্ঠতা লাভ কৰি খেল বা শিক্ষা জগতত সুনাম আৰ্জন কৰিবলৈ উৎসাহি কৰা হৈছিল। দৰাচলতে কোনো কাৰ্য্যৰ বাবে প্ৰচেষ্টা কৰি প্ৰশংসা লাভ কৰাটো হৈছে এটা উপযুক্ত বিষয়। তথাপিও খ্ৰীষ্টানসকলে নিজৰ প্ৰতিভা বিচাৰি নহয়, কিন্তু ব্যক্তিগতভাৱে আৰু আনৰ লাভৰ বাবেহে তেনে মনোবৃত্তিৰে কাৰ্য্য কৰা উচিত। যিয়েই নহওক, সদায়ে আনৰ প্ৰশংসা পোৱাৰ উদ্দেশ্যৰে কাৰ্য্য কৰাটো বিপদজনক হʼব পাৰে। কেনেকৈ বিপদজনক হʼব পাৰে?

৫. যদি শীঘ্ৰেই কোনো সঠিক পদক্ষেপ লোৱা নহয়, তেন্তে প্ৰতিদ্বন্দ্বিতামূলক মনোবৃত্তিয়ে কিহলৈ পৰিচালিত কৰিব পাৰে?

যদি এই বিষয়ে শীঘ্ৰেই কোনো পদক্ষেপ লোৱা নহয়, তেন্তে এজন ব্যক্তিৰ মনত প্ৰতিদ্বন্দ্বিতাপূৰ্ণ বা অহঙ্কাৰ ভাৱনা উৎপন্ন হʼব পাৰে। তেওঁ হয়তো আনৰ দক্ষতা আৰু বিশেষাধিকাৰৰ প্ৰতি চকু-চৰহা হৈ পৰিব। এই বিষয়ে হিতোপদেশ ২৮:২২ পদত এইদৰে কৈছে: “চকু-চৰহা লোকে অতি আগ্ৰহেৰে ধনলৈ চেষ্টা কৰে; কিন্তু তালৈ যে দৰিদ্ৰতা ঘটিব, তাক সি নাজানে।” এজনে হয়তো অহঙ্কাৰী হৈ এনে দায়িত্ববোৰ লাভ কৰিবলৈ আকাংক্ষা কৰিব পাৰে, যাৰ বাবে তেওঁ যোগ্য নহয়।। তেওঁ নিজৰ কাৰ্য্যপ্ৰণালীবোৰক ন্যায়সঙ্গত বুলি প্ৰমাণ কৰিবলৈ ঈষৎ আপত্তি বা আনৰ প্ৰতি সমালোচনামূলক মনোবৃত্তি ৰাখিব পাৰে। এনে ধৰণৰ মনোবৃত্তিৰ পৰা খ্ৰীষ্টানসকলে অৱশ্যেই আঁতৰি থকা উচিত। (যাকোব ৩:১৪-১৬) কিয়নো এনে কৰাৰ দ্বাৰা এজন ব্যক্তিয়ে স্বাৰ্থপৰ মনোবৃত্তি বিকশিত কৰাৰ সম্ভাৱনা থাকে।

৬. প্ৰতিদ্বন্দ্বিতামূলক মনোবৃত্তিৰ বিষয়ে বাইবেলে কেনে সতৰ্কতা প্ৰদান কৰিছে?

এই হেতুকে বাইবেলে খ্ৰীষ্টানসকলক এইদৰে আগ্ৰহ কৰিছে: “আমি ইজনে সিজনৰ খং তুলি, আৰু ইজনে সিজনক অসুয়া কৰি, অনৰ্থক দৰ্প নকৰোঁহঁক।” (গালাতীয়া ৫:২৬) তেনে ধৰণৰ মনোবৃত্তি বিকশিত কৰা এজন সঙ্গী খ্ৰীষ্টানৰ বিষয়ে পাঁচনি যোহনে এইদৰে কৈছিল: “মই মণ্ডলীলৈ কিবাকিবি লিখিছিলোঁ; কিন্তু তেওঁবিলাকৰ মাজত প্ৰাধান্যৰ অভিলাষী দিয়ত্ৰিফিয়ে মোৰ ক্ষমাত স্বীকাৰ নকৰে। এই কাৰণে মই গলে, তেওঁ কৰা তেওঁৰ সকলো কৰ্ম্ম সোঁৱৰাম; তেওঁ নানা দুৰ্ব্বাক্যেৰে আমাৰ গ্লানি কৰে।” এজন প্ৰকৃত খ্ৰীষ্টান ব্যক্তিৰ বাবে তেনে পৰস্থিতিত পৰাটো কিমান যে দুখৰ বিষয় হʼব!—৩ যোহন ৯, ১০.

৭. বৰ্তমান কৰ্ম্মস্থলত দেখিবলৈ পোৱা প্ৰতিদ্বন্দ্বিতামূলক মনোবৃত্তিৰ পৰা আঁতৰি থাকিবলৈ এজন খ্ৰীষ্টানে কি কৰিব পাৰে?

অৱশ্যে, এজন খ্ৰীষ্টানে প্ৰতিদ্বন্দ্বিতামূলক কাৰ্য্যৰ পৰা সম্পূৰ্ণকৈ আঁতৰি থকাটো সহজ নহয়। উদাহৰণস্বৰূপে, আৰ্থিক ক্ষেত্ৰত আন ব্যক্তি বা ব্যৱসায়ত উৎপন্ন কৰা একেই বস্তু নতুবা আগবঢ়োৱা সেৱাক লৈ প্ৰতিদ্বন্দ্বিতা হʼব পাৰে।। তথাপিও এজন খ্ৰীষ্টান ব্যক্তিয়ে আনৰ প্ৰতি সুবিবেচক, প্ৰেম আৰু শ্ৰদ্ধাপূৰ্ণ মনোবৃত্তি ৰাখি ব্যৱসায় কৰিব বিচাৰিব। তেওঁ কোনো বে-আইনী বা অশাস্ত্ৰীয় কাৰ্য্য বিকশিত কৰি প্ৰতিদ্বন্দ্বিতামূলক ব্যক্তি হিচাপে জনাজাত হʼবলৈ নিবিচাৰিব। তেওঁ যদিও জনাজাত হৈছে, তথাপিও তেওঁৰ জীৱনৰ বাবে সেইয়া সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় হোৱা উচিত নহয়। যদি সেই কথাষাৰ জাগতিক ক্ষেত্ৰত প্ৰযোজ্য হয়, তেনেহʼলে উপাসনাৰ সম্বন্ধে অধিক প্ৰযোজ্য নহʼবনে বাৰু!

“আনৰ সৈতে নিজকে তুলনা নকৰিব”

৮, ৯. (ক) খ্ৰীষ্টান প্ৰাচীনসকলৰ মাজত কিয় প্ৰতিদ্বন্দ্বিতামূলক মনোবৃত্তি থকা উচিত নহয়? (খ) প্ৰথম পিতৰ ৪:১০ পদটো কিয় সকলো খ্ৰীষ্টানৰ বাবে প্ৰযোজ্য?

উপাসনাৰ সম্বন্ধে খ্ৰীষ্টানসকলে কেনে মনোবৃত্তি ৰাখা উচিত, সেই বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “প্ৰতিজনে নিজৰ কৰ্ম্মৰ পৰীক্ষা কৰক; তেহে তেওঁ, অন্যৰ কথাত নহয়, নিজৰ কথাতহে শ্লাঘাৰ কাৰণ পাব। [ আৰু আনৰ সৈতে নিজকে তুলনা নকৰিব, NW]” (গালাতীয়া ৬:৪) মণ্ডলীৰ প্ৰাচীনসকলে ভালদৰে জানে যে তেওঁলোকে পৰস্পৰে ইজনে সিজনৰ সৈতে প্ৰতিদ্বন্দ্বিতাৰে নহয়, কিন্তু এক শৰীৰ হৈ কাৰ্য্য কৰা উচিত। তেওঁলোকৰ প্ৰত্যেকজনে মণ্ডলীৰ হিতৰ বাবে কাৰ্য্য কৰি আনন্দিত হয়। তেনে কৰাৰ দ্বাৰা তেওঁলোকে প্ৰতিদ্বন্দ্বিতামূলক মনোবৃত্তিৰ পৰা আঁতৰি থাকে আৰু মণ্ডলীত ঐক্যতা বজাই ৰাখিবলৈ এক উত্তম আৰ্হি প্ৰস্তুত কৰে।

হয়তো কিছুমান প্ৰাচীন অধিক বয়সস্থ, অভিজ্ঞতা বা স্বাভাৱিক দক্ষতা নতুবা আনতকৈ বেছি অন্তৰ্দৃষ্টি থাকিব পাৰে। সেই অনুসাৰে যিহোৱাৰ সংগঠনত তেওঁলোকৰ দায়ীত্বও ভিন্ন হয়। তেওঁলোকে পৰস্পৰে ইজনে সিজনক তুলনা কৰাৰ পৰিৱৰ্তে বাইবেলৰ এই পৰামৰ্শটো মানি চলে: “প্ৰতিজনে যেনেকৈ অনুগ্ৰহৰ বৰ পালে, তেনেকৈ তাৰে, ঈশ্বৰৰ বহুবিধ অনুগ্ৰহৰূপ ধনৰ উত্তম ভঁৰালীৰ দৰে, তোমালোকে পৰস্পৰে সেৱা-শুশ্ৰূষা কৰা।” (১ পিতৰ ৪:১০) দৰাচলতে বাইবেলৰ এই পৰামৰ্শটো সকলো যিহোৱাৰ উপাসকৰ বাবে প্ৰযোজ্য হয়। কিয়নো আমি সকলোৱে কিছু পৰিমাণে যথাৰ্থ জ্ঞানৰ উপহাৰ আৰু পৰিচৰ্য্যা কাৰ্য্যত ভাগ লোৱা বিশেষাধিকাৰ লাভ কৰিছোঁ।

১০. একমাত্ৰ কি কৰাৰ দ্বাৰা আমাৰ সেৱা কাৰ্য্য গ্ৰহণযোগ্য হʼব?

১০ যদি আমি নিজকে নিম্ন বুলি ভাবি নিষ্ঠা আৰু প্ৰেমেৰে সেৱা কৰিছোঁ, তেন্তে ই যিহোৱাৰ বাবে গ্ৰহণযোগ্য হʼব। গতিকে উপাসনাৰ সম্বন্ধে থকা আমাৰ কাৰ্য্যপ্ৰণালীত ভাৰসাম্যতা থকাটো এক গুৰুত্বপূৰ্ণ বিষয়। আমাৰ কোনো এজনেও ইজনে সিজনৰ মনৰ কথা জানিব নোৱাৰোঁ, কিন্তু “মন পৰীক্ষা” কৰোঁতা যিহোৱা ঈশ্বৰে সকলো জানে। (হিতোপদেশ ২৪:১২; ১ চমূৱেল ১৬:৭) সেইবাবে আমি মাজে সময়ে নিজকে এইদৰে সোধা উচিত: ‘মই কি উদ্দেশ্যৰে যিহোৱাৰ সেৱা কাৰ্য্যত ভাগ লৈছোঁ?’—গীত ২৪:৩, ৪; মথি ৫:৮.

সেৱা কাৰ্য্যৰ প্ৰতি উচিত মনোবৃত্তি ৰাখা

১১. সেৱা কাৰ্য্যৰ সম্বন্ধে থকা কেনে প্ৰশ্নবোৰ সোধাটো যুক্তিসঙ্গত বিষয় হʼব পাৰে?

১১ সেৱা কাৰ্য্যত যিহোৱাৰ অনুমোদন পাবলৈ আমি কিমান পৰ্য্যন্ত আমাৰ বিশ্বাসৰ কাৰ্য্যৰ প্ৰতি বিবেচক হোৱা উচিত? উচিত মনোবৃত্তি ৰাখি আমি কৰা পৰিচৰ্য্যা কাৰ্য্য কিমান পৰিমাণে আৰু কেনেকৈ কৰিছোঁ, সেই বিষয়ে হিচাপ ৰাখা আৱশ্যকনে? এইবোৰ হৈছে যুক্তিসঙ্গত প্ৰশ্ন, কিয়নো আমি কৰা যিহোৱাৰ সেৱা কাৰ্য্যৰ পৰিমাণক আমাৰ কাৰ্য্যতকৈ অধিক গুৰুত্ব বা খ্ৰীষ্টান পৰিচৰ্য্যাৰ উত্তম ৰিপোৰ্টবোৰ আমাৰ বাবে মুখ্য বিষয় বুলি নাভাবিম।

১২, ১৩. (ক) আমাৰ প্ৰচাৰ কাৰ্য্যৰ সম্বন্ধে ৰেকৰ্ড ৰখাৰ কাৰণবোৰ কি? (খ) বিশ্বব্যাপী হোৱা প্ৰচাৰ কাৰ্য্যৰ ৰিপোৰ্টৰ বিষয়ে জনিবলৈ পোৱাটো যে আনন্দৰ বিষয়, তাৰ কিছুমান কাৰণ কি?

১২ যিহোৱাৰ ইচ্ছা পালন কৰিবলৈ সংগঠিত নামৰ কিতাপখনে কি কৈছে, সেই বিষয়ে লক্ষ্য কৰক। ইয়াত এইদৰে কোৱা হৈছে: “প্ৰথম শতিকাৰ যীচুৰ শিষ্যবিলাকে প্ৰচাৰ কাৰ্য্য বৃদ্ধি হোৱাৰ ৰিপোৰ্টবোৰ শুনিবলৈ পাই আগ্ৰহী হৈছিল। (মাৰ্ক ৬:৩০) বাইবেলৰ পাঁচনিৰ কৰ্ম্ম নামৰ কিতাপখনে কৈছে যে পেন্টাকোষ্টৰ সময়ত ১২০ জনে পবিত্ৰ আত্মা লাভ কৰিছিল। কিন্তু অতি সোনকালে তেওঁলোকৰ সংখ্যা বৃদ্ধি হৈ ৩০০০ জন আৰু পিছলৈ ৫০০০ জন হʼল। . . . (পাঁচনিৰ কৰ্ম্ম ১:১৫; ২:৫-১১, ৪১, ৪৭; ৪:৪; ৬:৭) এনে ধৰণৰ উৎসাহজনক ৰিপোৰ্ট শুনি শিষ্যবিলাকে কিমান যে আনন্দিত হৈছিল!” সেইবাবে যিহোৱাৰ সাক্ষীসকলেও বিশ্বব্যাপী হোৱা যীচুৰ এই বাক্যবোৰৰ সম্বন্ধে সঠিক ৰেকৰ্ডবোৰ ৰাখিবলৈ চেষ্টা কৰে, যʼত এইদৰে কোৱা হৈছে: “সকলো জাতিলৈ সাক্ষ্য হবলৈ, ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হব; তেতিয়াহে শেষ হব।” (মথি ২৪:১৪) তেনে ধৰণৰ ৰিপোৰ্টবোৰে বিশ্বব্যাপী হোৱা প্ৰচাৰ কাৰ্য্যৰ এক যথাৰ্থতা প্ৰমাণ দাঙি ধৰিছে। তদুপৰি কেনে ধৰণৰ প্ৰকাশনসমূহ, কিমান পৰিমাণে আৱশ্যক আৰু প্ৰচাৰ কাৰ্য্যৰ বৃদ্ধিৰ বাবে কি কৰিব পাৰি, সেই বিষয়ে তেওঁলোকে স্পষ্ট সংবাদ উল্লেখ কৰিছে।

১৩ গতিকে এনে ধৰণৰ ৰিপোৰ্টে আমাক ঈশ্বৰ ৰাজ্যৰ বাৰ্ত্তা প্ৰচাৰ কৰাৰ আজ্ঞাক কাৰ্য্যকাৰীভাৱে পালন কৰিবলৈ প্ৰেৰিত কৰে। তদুপৰি পৃথিৱীৰ আন ঠাইবোৰত থকা আমাৰ ভাই-ভনীসকলে কৰা কাৰ্য্যৰ বিষয়ে শুনি আমি উৎসাহিত নহওঁনে? বিশ্বব্যাপী বৃদ্ধিৰ সম্বন্ধে থকা বাৰ্ত্তাই আমাক আনন্দিত, অধিক উৎসাহেৰে প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ প্ৰেৰিত আৰু ঈশ্বৰৰ অনুমোদন থকা আশ্বাস দিয়ে। এই বিশ্বব্যাপী হোৱা কাৰ্য্যৰ সৈতে জড়িত থকা আমাৰ ব্যক্তিগত ৰিপোৰ্টৰ বিষয়ে জানিবলৈ পোৱাটো কিমান যে আনন্দৰ বিষয়! যদিও তেনে বিশ্বব্যাপী ৰিপোৰ্টৰ তুলনাত আমাৰ যোগদান নিচেই কম, তথাপিও ই যিহোৱাৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয়। (মাৰ্ক ১২:৪২, ৪৩) মনত ৰাখক যে আপোনাৰ ব্যক্তিগত যোগদানৰ অবিহনে এই বিশ্বব্যাপী ৰিপোৰ্ট পূৰ্ণ হʼব নোৱাৰে।

১৪. শিক্ষা দিয়া আৰু প্ৰচাৰ কাৰ্য্যৰ উপৰিও আমাৰ উপাসনাৰ সৈতে আৰু কি সন্মিলিত আছে?

১৪ অৱশ্যে, সেই বিশ্বব্যাপী ৰেকৰ্ডত যিহোৱাৰ সমৰ্পিত সেৱকসকলে কৰা ব্যক্তিগত যোগদান দেখিবলৈ পোৱা নাযায়। উদাহৰণস্বৰূপে, তেওঁলোকৰ নিয়মিত বাইবেল অধ্যয়ন, মণ্ডলীৰ দায়িত্বসমূহ, আৱশ্যকতাৰ সময়ত সঙ্গী উপাসকসকলক কৰা সাহায্য, বিশ্বব্যাপী প্ৰচাৰ কাৰ্য্যৰ বাবে দিয়া দান-বৰঙনি, সভাত উপস্থিত আৰু ভাগ লোৱা ইত্যাদি। তথাপিও ব্যক্তিগত প্ৰচাৰ কাৰ্য্যৰ ৰিপোৰ্টে আমাৰ উৎসাহ বজাই ৰাখি অমনোযোগিতাপূৰ্ণ মনোবৃত্তিৰ পৰা আঁতৰি থাকিবলৈ সহায় কৰে। গতিকে আমাৰ বাবে সঠিক ৰেকৰ্ড বজাই ৰাখাটো এক আৱশ্যকীয় বিষয়। কিন্তু মনত ৰাখক যে ই কোনো আধ্যাত্মিক অনুমতিপত্ৰ নহয় যি অনন্ত জীৱন লাভ কৰাত নিশ্চয়তা প্ৰদান কৰে।

“সৎকৰ্ম্মত উদ্যোগী” হোৱা

১৫. যদিও আমি কৰা কাৰ্য্যই আমাৰ উদ্ধাৰ কৰিব নোৱাৰে, তথাপিও ই কিয় এক অনাৱশ্যকীয় বিষয় নহয়?

১৫ আমি কৰা কাৰ্য্যই যদিও আমাৰ উদ্ধাৰ কৰিব নোৱাৰে, তথাপিও ই এক অনাৱশ্যকীয় বিষয় নহয়। এইকাৰণে প্ৰকৃত খ্ৰীষ্টানসকলক “সৎকৰ্ম্মত উদ্যোগী নিজ অধিকাৰস্বৰূপ এটি লোকসমূহ” হিচাপে জনা যায় আৰু সেয়েহে “প্ৰেমত আৰু সৎকৰ্ম্মত উত্তেজিত হবলৈ” কোৱা হৈছে। (তীত ২:১৪; ইব্ৰী ১০:২৪) এই বিষয়ে যাকোব নামৰ বাইবেলৰ লিখকজনে এইদৰে কৈছিল: “যেনেকৈ আত্মা-বিহীন শৰীৰ মৰা, তেনেকৈ কৰ্ম্ম-বিহীন বিশ্বাসো মৰা।”—যাকোব ২:২৬.

১৬. আমি কৰা কাৰ্য্যতকৈ অধিক গুৰুত্বপূৰ্ণ বিষয়বোৰ কি, কিন্তু আমি কিহৰ বিষয়ে সতৰ্ক হোৱা উচিত?

১৬ যিদৰে সৎকৰ্ম্ম কৰা এক আৱশ্যকীয় বিষয় হʼব পাৰে, সেইদৰে ইয়াৰ প্ৰতি এক উচিত মনোবৃত্তি ৰাখাটো তাতকৈও অধিক গুৰুত্বপূৰ্ণ। এইহেতুকে আমি মাজে সময়ে নিজৰ মনোবৃত্তিৰ বিষয়ে নিৰীক্ষণ কৰাটো উচিত হʼব। আমি যদিও আনৰ মনৰ বিষয়ে নাজানো, তথাপিও ইজনে সিজনৰ প্ৰতি সমালোচক মনোবৃত্তি ৰাখা উচিত নহয়। কিয়নো বাইবেলে এইদৰে কৈছে: “তুমি যে লোকৰ চাকৰৰ সোধ-বিচাৰ কৰা, তুমি নো কোন? সি নিজ প্ৰভুৰ আগত হয় থিৰে থাকে, নাইবা পৰে।” (ৰোমীয়া ১৪:৪) গতিকে সৰ্ব্বশক্তিমান ঈশ্বৰ যিহোৱা আৰু তেওঁৰ নিযুক্ত বিচাৰকৰ্তা যীচুৱে কেৱল আমাৰ কাৰ্য্যক দেখি নহয়, কিন্তু আমাৰ মনোবৃত্তি, প্ৰেম, ভক্তি আৰু পৰিস্থিতিৰ ওপৰত আধাৰিত কৰি সোধ-বিচাৰ কৰিব। একমাত্ৰ যিহোৱা আৰু যীচু খ্ৰীষ্টইহে আমাক সঠিক বিচাৰ কৰিব পাৰে যে আমি খ্ৰীষ্টান হোৱাৰ বাবে এই পৰামৰ্শৰ অনুসাৰে চলিছোঁনে নাই, যʼত এইদৰে কৈছে: “তুমি নিজকে পৰীক্ষাসিদ্ধ লোক, লাজৰ যোগ্য নোহোৱা কৰ্ম্মকাৰী, আৰু সত্যৰ বাক্য ঠিকৰূপে বিভাগ কৰাত নিপুণ লোক কৰি, ঈশ্বৰৰ আগত উপস্থিত কৰিবলৈ যত্ন কৰা।”—২ তীমথিয় ২:১৫; ২ পিতৰ ১:১০; ৩:১৪.

১৭. আমি যেতিয়া যিহোৱাক সৰ্বোচ্চ দিবলৈ প্ৰচেষ্টা কৰোঁ, তেতিয়া যাকোব ৩:১৭ পদটো কিয় মনত ৰাখা উচিত?

১৭ যিহোৱাই সদায়ে আমাৰ নিজ সামৰ্থৰ অনুসাৰে তেওঁৰ সেৱা কৰাটো অপেক্ষা কৰে। যাকোব ৩:১৭ পদৰ অনুসাৰে ‘ওপৰৰ পৰা অহা জ্ঞানৰ’ সৈতে “ক্ষান্তস্বভাৱী” হোৱাও উল্লেখ কৰিছে। এই ক্ষেত্ৰত আমি যিহোৱাক অনুকৰণ কৰাটো এক সুবিবেচক কাৰ্য্য নহʼবনে? গতিকে আমি ব্যক্তিগত বা আনৰ পৰা অযুক্তিযুক্তভাৱে অপেক্ষা কৰাটো উচিত নহয়।

১৮. আমি প্ৰচাৰ কাৰ্য্য আৰু যিহোৱাৰ অনুগ্ৰহৰ প্ৰতি ভাৰসাম্য বজাই ৰাখি কিহৰ বাবে অপেক্ষা কৰিব পাৰোঁ?

১৮ যদি আমি প্ৰচাৰ কাৰ্য্য আৰু যিহোৱাৰ অনুগ্ৰহৰ প্ৰতি ভাৰসাম্য দৃষ্টি বজাই ৰাখোঁ, তেন্তে প্ৰকৃত খ্ৰীষ্টান হোৱাৰ আনন্দ বজাই ৰাখিব পাৰিম। (যিচয়া ৬৫:১৩, ১৪) ব্যক্তিগতভাৱে আমাৰ যোগদান যিমানে নহওঁক কিয়, তথাপিও যিহোৱাই নিজৰ লোকসকলক দিয়া আশীৰ্ব্বাদৰ দ্বাৰা আমি আনন্দিত হʼব পাৰিম। আমি যাতে প্ৰচাৰ কাৰ্য্য যত্নেৰে কৰোঁ, তাৰ বাবে নিতৌ ‘সকলো বিষয়তে যাচ্‌না, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে ঈশ্বৰৰ আগত জনোৱা’ উচিত। নিঃসন্দেহ, তেতিয়াহে “সকলো বুদ্ধিতকৈ উত্তম যি ঈশ্বৰৰ শান্তি, সেয়ে যীচু খ্ৰীষ্টত তোমালোকৰ হৃদয় আৰু মতিক পহৰা দিব।” (ফিলিপীয়া ৪:৪-৭) আমি কেৱল নিজৰ কৰ্ম্মৰে নহয় কিন্তু যিহোৱাৰ অনুগ্ৰহৰ দ্বাৰা উদ্ধাৰ পাব পাৰোঁ বুলি জানিবলৈ পাই উৎসাহী আৰু আত্ম-সন্তুষ্টি হোৱা অনুভৱ কৰিম।!(w05 6/1)

আপুনি বৰ্ণনা কৰিব পাৰিবনে?

• খ্ৰীষ্টানসকলে কিয় ব্যক্তিগতভাৱে পোৱা কৃতকাৰ্য্যতাক লৈ অহঙ্কাৰ নকৰে?

• তেওঁলোকে কিয় প্ৰতিদ্বন্দ্বিতামূলক মনোবৃত্তিৰ পৰা আঁতৰি থাকে?

• তেওঁলোকে কিয় প্ৰচাৰ কাৰ্য্যৰ ৰিপোৰ্ট দিয়ে?

• কিয় তেওঁলোকে সঙ্গী উপাসকবিলাকৰ বিষয়ে সোধ-বিচাৰ নকৰে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৭ পৃষ্ঠাৰ ছবি]

“মোৰ যি অনুগ্ৰহ, সেয়ে তোমালৈ জুৰিব”

[৩১ পৃষ্ঠাৰ ছবিসমূহ]

আপোনাৰ অবিহনে বিশ্বব্যাপী ৰিপোৰ্ট পূৰ্ণ হʼব নোৱাৰে