Skip to content

Skip to table of contents

যিহোৱাৰ পথবোৰৰ বিষয়ে জনা

যিহোৱাৰ পথবোৰৰ বিষয়ে জনা

যিহোৱাৰ পথবোৰৰ বিষয়ে জনা

“মই যেন তোমাক জানি . . . এই নিমিত্তে মোক তোমাৰ পথ জনোৱা।”—যাত্ৰাপুস্তক ৩৩:১৩.

১, ২. (ক) এজন ইহুদী ব্যক্তিৰ ওপৰত অত্যাচাৰ হোৱা দেখি মোচিয়ে কিয় তেনেদৰে প্ৰতিক্ৰিয়া দেখুৱালে? (খ) যিহোৱাৰ সেৱাৰ বাবে যোগ্য হʼবলৈ মোচিয়ে কি কৰা আৱশ্যক আছিল?

 মোচি ইজিপ্তত ফৰৌণৰ ৰাজ পৰিয়ালত ডাঙৰ-দীঘল হৈছিল আৰু তেওঁ ৰাজকীয় শিক্ষা লাভ কৰিছিল। তথাপিও নিজকে মিচৰৰ বাসী বুলি ভবা নাছিল, কিয়নো তেওঁ জানিছিল যে তেওঁৰ জন্ম ইহুদী পৰিয়ালত হৈছিল। সেয়েহে ৪০ বছৰৰ বয়সত তেওঁ নিজৰ ভাই-ভনীসকল আৰু নিজৰ জাতিৰ লোকসকলক অনুসন্ধান কৰিবলৈ ধৰিলে। এদিন বাটেৰে গৈ থাকোঁতে তেওঁ এজন ইব্ৰী ব্যক্তিক এজন মিচৰীয়া লোকে দুৰ্ব্যৱহাৰ কৰা দেখি সহন কৰিব নোৱাৰিলে আৰু ক্ৰোধিত হৈ সেই মিচৰীয়াজনক বধ কৰে। এইদৰে তেওঁ যিহোৱাৰ লোকসকলৰ পক্ষে থাকিবলৈ বাছনি কৰিলে। তদুপৰি তেওঁ ভাবিব ধৰে যে নিজৰ ভাইসকলক উদ্ধাৰ কৰিবলৈ ঈশ্বৰে তেওঁক ব্যৱহাৰ কৰিছে। (পাঁচনিৰ কৰ্ম্ম ৭:২১-২৫; ইব্ৰী ১১:২৪, ২৫) মোচিয়ে তেনে কৰাৰ কথা যেতিয়া ৰাজ পৰিয়ালে জানিবলৈ পায়, তেতিয়া তেওঁলোক ক্ৰোধিত হৈ বিদ্ৰোহী বুলি অভিযোগ দিয়ে আৰু তেওঁক মৃত্যুদণ্ড দিবলৈ বিচাৰে। কিন্তু মোচিয়ে নিজৰ জীৱন ৰক্ষা কৰিবলৈ মিচৰৰ পৰা পলাই যায়। (যাত্ৰাপুস্তক ২:১১-১৫) যদি মোচিয়ে ঈশ্বৰৰ হৈ কাৰ্য্য কৰাৰ বিষয়ে ভাবিছিল, তেন্তে সৰ্বপ্ৰথমে তেওঁ ঈশ্বৰৰ পথবোৰৰ বিষয়ে ভালকৈ জানিব লাগিছিল। মোচিয়ে তেনে শিক্ষনীয় মনোবৃত্তি প্ৰকাশ কৰিছিলনে?—গীত ২৫:৯.

ইজিপ্তৰ পৰা পলাই আহি মোচিয়ে ৪০ বছৰ দেশান্তৰ আৰু মেৰৰখীয়া হিচাপে জীৱন-যাপন কৰিবলগীয়া হৈছিল। যদিও হিব্ৰু ভাইসকলে তেওঁক গ্ৰহণ নকৰিলে, তথাপিও তেওঁ নিৰুৎসাহিত নহʼল। তাৰ পৰিৱৰ্তে ঈশ্বৰে তেওঁলৈ যি সাঁচি ৰাখিছিল সেই পৰিস্থিতিৰ অধীন হʼল। মোচিৰ কোনো খা-খবৰ নোহোৱাকৈ বহু বছৰ পাৰ হৈ গʼল আৰু এই সময়ছোৱাত তেওঁ নম্ৰতাৰে যিহোৱা ঈশ্বৰে কোৱা অনুসাৰে সকলোবোৰ কৰিলে। এই বিষয়ে তেওঁ আত্মগৌৰৱ কৰি নহয়, কিন্তু পবিত্ৰ আত্মাৰে প্ৰেৰিত হৈ এইদৰে লিখিছিল: “পৃথিবীত থকা মানুহবিলাকৰ মাজত মোচি সকলোতকৈ অতিশয় নম্ৰ লোক আছিল।” (গণনা পুস্তক ১২:৩) যিহোৱা ঈশ্বৰে নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ মোচিক বিশেষভাৱে ব্যৱহাৰ কৰিলে। যদি আমি নম্ৰতাৰ গুণটো বিকশিত কৰোঁ, যিহোৱাই আমাকো তেনে আশীৰ্ব্বাদ দিব।—চফনিয়া ২:৩.

এক দায়িত্বভাৰ বহন কৰা

৩, ৪. (ক) যিহোৱাই মোচিক কেনে দায়িত্বভাৰ দিছিল? (খ) মোচিক কেনে সহায় প্ৰদান কৰা হʼল?

হোৰেৱ পৰ্ব্বতৰ কাষত থকা চীনয়ৰ সমতলভূমিত যিহোৱা ঈশ্বৰক প্ৰতিনিধিত্ব কৰা এজন স্বৰ্গদূতে মোচিক এইদৰে কৈছিল: “মিচৰত থকা মোৰ প্ৰজাবিলাকৰ দুখলৈ মই নিশ্চয়ে দৃষ্টি কৰিছোঁ, আৰু কাৰ্য্যাধ্যক্ষবিলাকৰ কাৰণে কৰা সিবিলাকৰ কাতৰোক্তি শুনিছো; কিয়নো সিবিলাকৰ যাতনা মই জানিছোঁ। এতেকে, মই সিবিলাকক মিচৰীয়াবিলাকৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ, আৰু সেই দেশৰ পৰা উলিয়াই, গাখীৰ মৌ-জোল বৈ থকা এখন উত্তম আৰু বহল দেশলৈ, . . . মই নামি আহিলোঁ।” (যাত্ৰাপুস্তক ৩:২, ৭, ৮) এই সম্বন্ধে মোচিক যি দায়িত্ব দিয়া হʼল, তেওঁ সেই দায়িত্বক যিহোৱাৰ নিৰ্দ্দেশনাৰ অনুসাৰে কৰিব লাগিছিল।

আগলৈ সেই স্বৰ্গদূতজনে তেওঁক এইদৰে কৈছিল: “এই হেতুকে, এতিয়া আহাঁ, মোৰ প্ৰজা ইস্ৰায়েলৰ সন্তানবিলাকক মিচৰৰ পৰা উলিয়াই আনিবলৈ, মই তোমাক ফৰৌণৰ ওচৰলৈ পঠাওঁ।” তেতিয়া মোচিয়ে সংকোচ কৰিলে। কিয়নো এই কাৰ্য্যৰ বাবে তেওঁ নিজকে উপযুক্ত বুলি ভবা নাছিল। তাতে যিহোৱাই মোচিক আশ্বাস দি এইদৰে কʼলে: “মই অৱশ্যে তোমাৰ সঙ্গী হম।” (যাত্ৰাপুস্তক ৩:১০-১২) যিহোৱাই মোচিক অলৌকিক কাৰ্য্য কৰিবলৈ শক্তি প্ৰদান কৰিলে যাতে লোকসকলে বিশ্বাস কৰে যে, বাস্তৱতে তেওঁক ঈশ্বৰে পঠিয়াইছে। প্ৰবক্তা হিচাপে মোচিৰ ককায়েক হাৰোণক তেওঁৰ সৈতে পঠালে। ইজিপ্তলৈ গৈ তেওঁলোকে কি কʼব আৰু কি কৰিব, সেই বিষয়ে যিহোৱাই তেওঁলোকক শিক্ষাদান কৰিলে। (যাত্ৰাপুস্তক ৪:১-১৭) মোচিয়ে নিষ্ঠাৰে এই দায়িত্ব সম্পন্ন কৰিব পাৰিলেনে?

৫. ইস্ৰায়েলসকলৰ কেনে মনোবৃত্তিয়ে মোচিৰ বাবে প্ৰত্যাহ্বানজনক হৈছিল?

আৰম্ভণিতে ইস্ৰায়েলৰ বৃদ্ধ ব্যক্তিসকলে মোচি আৰু হাৰোণে কোৱা কথাৰ ওপৰত বিশ্বাস কৰিছিল। (যাত্ৰাপুস্তক ৪:২৯-৩১) কিন্তু পিছলৈ “ইস্ৰায়েল-বংশীয় দাফাদাৰবিলাকে” মোচি আৰু হাৰোণৰ ওপৰত ‘ফৰৌণ আৰু তেওঁৰ পাত্ৰমন্ত্ৰীবিলাকৰ সাক্ষাতে সুগন্ধ দুৰ্গন্ধ’ কৰাৰ অভিযোগ দিব ধৰিলে। (যাত্ৰাপুস্তক ৫:১৯-২১; ৬:৯) ইজিপ্তৰ পৰা ওলাই অহাৰ সময়ত তেওঁলোকৰ পিছে পিছে খেদি অহা ফৰৌণ ৰজাৰ সৈন্যবাহিনী দেখি ভয়ভিত হʼল। কিয়নো তেওঁলোকৰ সম্মুখত বৃহৎ চূফ সাগৰ আৰু পিছফালে সম্পূৰ্ণকৈ সুজ্জিত হোৱা যুদ্ধৰ ৰথবোৰৰ সৈতে শক্তিশালী সৈন্যবাহিনীক অহা দেখি তেওঁলোকে ভয়ভীত হৈ উঠিল আৰু মোচিক দোষাৰোপ কৰিব ধৰিল। সেই সময়ত আপুনি থকা হʼলে কেনে প্ৰতিক্ৰিয়া দেখুৱালেহেঁতেন? তেনে আপদৰ পৰা ৰক্ষা পাবলৈ যদিও ইস্ৰায়েলসকলৰ ওচৰত কোনো নাও বা জাহাজ নাছিল, তথাপিও মোচিয়ে যিহোৱাৰ নিৰ্দ্দেশনাৰ অনুসাৰে তেওঁলোকক বস্তু-বাহানি বান্ধি সাজু হʼবলৈ উৎসাহিত কৰিলে। তাৰ পিছত ঈশ্বৰে চূফ সাগৰৰ পানীক দুভাগ কৰি ৰাস্তা উলিয়ালে, যাতে ইস্ৰায়েলসকলে পাৰ হৈ যাব পাৰে।—যাত্ৰাপুস্তক ১৪:১-২২.

পৰিত্ৰাণতকৈ অধিক গুৰুত্ব থকা বাদ-বিষয়টো

৬. মোচিক দায়িত্বভাৰ দিয়াৰ সময়ত যিহোৱাই কিহৰ বিষয়ে জোৰ দি কৈছিল?

মোচিক দায়িত্বভাৰ দিয়াৰ সময়ত যিহোৱাই নিজৰ পবিত্ৰ নামৰ গুৰুত্বতাৰ বিষয়ে জোৰ দি কৈছিল। ঈশ্বৰৰ নাম আৰু তেওঁক প্ৰতিনিধিত্ব কৰা ব্যক্তিজনৰ প্ৰতি শ্ৰদ্ধা দেখুৱাটো এক গুৰুত্বপূৰ্ণ বিষয় আছিল। মোচিয়ে ঈশ্বৰৰ নামটোৰ গুৰুত্বতাৰ বিষয়ে সোধাত যিহোৱাই তেওঁক এইদৰে কৈছিল: “মই যি আছোঁ, সেয়েই আছোঁ।” মোচিয়ে ইস্ৰায়েলৰ সন্তানবিলাকৰ আগত উপস্থিত হৈ এইদৰে কৈছিল: “তোমালোকৰ ওপৰ-পিতৃবিলাকৰ ঈশ্বৰে, অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ ঈশ্বৰ যিহোৱাই মোক তোমালোকৰ ওচৰলৈ পঠালে।” আগলৈ যিহোৱাই এইদৰে কৈছিল: “এয়ে মোৰ চিৰকালৰ নাম, আৰু ইয়াৰ দ্বাৰাই পুৰুষানুক্ৰমে সেই সোঁৱৰণীয় হম।” (যাত্ৰাপুস্তক ৩:১৩-১৫) আজিও পৃথিৱীত থকা সত্য উপাসকসকলে ঈশ্বৰক যিহোৱাৰ নামেৰে জানে।—যিচয়া ১২:৪, ৫; ৪৩:১০-১২.

৭. অহঙ্কাৰী ফৰৌণ ৰজাৰ ওচৰত গৈ সংবাদ শুনাবলৈ যিহোৱাই মোচিক কি কৰিবলৈ কৈছিল?

মিচৰৰ ফৰৌণ ৰজাৰ আগত উপস্থিত হৈ মোচি আৰু হাৰোণে যিহোৱাৰ নামেৰে তেওঁলোকৰ বাৰ্ত্তা দিছিল। কিন্তু অহঙ্কাৰী ফৰৌণ ৰজাই প্ৰত্যাখ্যান কৰি এইদৰে কৈছিল: “যিহোৱা নো কোন, যে, মই তেওঁৰ কথা শুনি ইস্ৰায়েলক এৰি দিম? মই যিহোৱাক নেজানো, আৰু ইস্ৰায়েলকো এৰি নিদিওঁ।” (যাত্ৰাপুস্তক ৫:১, ২) তথাপিও যিহোৱাই তেনে নিষ্ঠুৰ আৰু কপটময় ৰজাৰ ওচৰত বাৰে বাৰে ইস্ৰায়েলক মুক্তি দিবলৈ মোচিৰ দ্বাৰা সংবাদ দিছিল। (যাত্ৰাপুস্তক ৭:১৪-১৬, ২০-২৩; ৮:১, ২, ২০) মোচিয়ে তেওঁ দিয়া সংবাদত ফৰৌণ ৰজাই বিৰক্ত হোৱা লক্ষ্য কৰিছিল। তেনে ৰজাৰ ওচৰত বাৰে বাৰে গৈ কোনো উত্তম ফলাফল পোৱা গʼলহেঁতেননে? আনহাতে ইস্ৰায়েলসকলে মুক্তি পাবলৈ অতি আগ্ৰহেৰে অপেক্ষা কৰিছিল। কিন্তু ফৰৌণ ৰজাই বাৰে বাৰে মোচিৰ অনুৰোধক অগ্ৰাহ্য কৰিছিল। তেনে পৰিস্থিতিত আপুনি থকা হʼলে কি কৰিলেহেঁতেন?

৮. ফৰৌণ ৰজাৰ সৈতে কৰা যিহোৱাৰ আচৰণৰ বাবে কেনে সুযোগ মুকলি হʼল আৰু সেই ঘটনাবোৰে আমাক কেনেকৈ প্ৰভাৱিত কৰে?

পুনৰাই মোচিয়ে ফৰৌণ ৰজাৰ ওচৰলৈ গৈ এইদৰে আন এক সংবাদ দিছিল: “ইব্ৰীয়াবিলাকৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে, মোৰ সেৱা কৰিবৰ অৰ্থে মোৰ প্ৰজাবিলাকক এৰি দিয়া।” তদুপৰি ঈশ্বৰে এইদৰেও কৈছিল: “মই হাত মেলি, তোমাক আৰু তোমাৰ প্ৰজাবিলাকক মহামাৰীৰে প্ৰহাৰ কৰা হলে, তুমি পৃথিবীৰ পৰা উচ্ছন্ন হলাহেঁতেন; কিন্তু তোমাক যেন মোৰ শক্তি দেখুৱাম, আৰু গোটেই পৃথিবীত মোৰ নামো যেন খ্যাতিমন্ত হব, এই নিমিত্তেহে পতিত নোহোৱাকৈ মই তোমাক ৰাখিলোঁ।” (যাত্ৰাপুস্তক ৯:১৩-১৬) যিহোৱাই ফৰৌণ ৰজাৰ ওপৰত আহিবলগীয়া বিপত্তিৰ বিষয়ে আগজাননী দি ঈশ্বৰৰ বিৰুদ্ধে থিয় হোৱা সকলোৰে বাবে এক শিক্ষা প্ৰদান কৰিলে। এই কথাষাৰ “জগতৰ অধিপতি” বুলি যীচুৱে কোৱা চয়তানৰ বাবেও প্ৰযোজ্য হয়। (যোহন ১৪:৩০; ৰোমীয়া ৯:১৭-২৪) বহু সময়ৰ পূৰ্বেই কোৱা অনুসাৰে গোটেই পৃথিৱীত যিহোৱাৰ নাম ঘোষণা হʼবলগীয়া আছিল। যিহোৱাই চিৰসহিষ্ণুতা হোৱাৰ বাবে ইস্ৰায়েলসকলে ৰক্ষা আৰু তেওঁলোকৰ সৈতে অন্যজাতিৰ লোকসমূহেও তেওঁৰ উপাসনা কৰিবলৈ সুযোগ পালে। (যাত্ৰাপুস্তক ৯:২০, ২১; ১২:৩৭, ৩৮) তেতিয়াৰে পৰা আজিলৈকে যিহোৱাৰ নাম ঘোষণা হোৱাৰ বাবে লাখ লাখ লোকে সত্য উপাসনাত ভাগ লʼবলৈ সুযোগ পাইছে।

অবুজ লোকসকলৰ সৈতে কৰা আচৰণ

৯. মোচিৰ নিজা লোকসকলে কেনেকৈ যিহোৱা ঈশ্বৰক অনাদৰ কৰিলে?

যিহেতু ঈশ্বৰৰ নামৰ সৈতে ইস্ৰায়েলসকলে সুপৰিচিত হোৱাৰ বাবে মোচিয়ে তেওঁলোকৰ সৈতে কথোপকথন কৰাত এই নামটো ব্যৱহাৰ কৰিছিল। কিন্তু তেওঁলোকে সদায়ে ঈশ্বৰৰ নাম আৰু ইয়াৰ প্ৰতিনিধিত্ব কৰা ব্যক্তিজনৰ সমাদৰ কৰিছিল, এনে নহয়। উদাহৰণস্বৰূপে, মিচৰৰ পৰা আচৰিতভাৱে মুক্তি পোৱাৰ পিছত যেতিয়া খোৱা পানীৰ অভাৱ হয়, তেতিয়া তেওঁলোকে কেনে প্ৰতিক্ৰিয়া দেখুৱালে? তেওঁলোকে মোচিৰ বিৰুদ্ধে ঈষৎ আপত্তি কৰিব ধৰিলে। তদুপৰি খাদ্য-সামগ্ৰীৰ সম্পৰ্কেও অসন্তুষ্ট প্ৰকাশ কৰিলে। তেতিয়া মোচিয়ে তেওঁলোকক সতৰ্ক কৰি কৈছিল যে তেওঁলোকে আচলতে তেওঁৰ আৰু হাৰোণৰ নহয়, কিন্তু যিহোৱাৰ বিৰুদ্ধেহে আপত্তি জনাইছে। (যাত্ৰাপুস্তক ১৫:২২-২৪; ১৬:২-১২) চীনয় পৰ্ব্বতত অলৌকিক শক্তি ব্যৱহাৰ কৰি যিহোৱাই নিজৰ বিধি-ব্যৱস্থা লিপিবদ্ধ কৰা দুখন শিলৰ ফলি ইস্ৰায়েলসকলক প্ৰদান কৰিলে। লোকসকলে সেইবোৰ দেখি আৰু তাৰ অনুসাৰে চলিবলৈ যদিও প্ৰতিশ্ৰুতি দিছিল, তথাপিও তেওঁলোকে অতি সোনকালেই সেইবোৰ পাহৰি গৈ সোণেৰে নিৰ্মাণ কৰা দামুৰিৰ উপাসনাত লিপ্ত হৈছিল আৰু তাক “যিহোৱাৰ উদ্দেশে উৎসৱ” পালন কৰা বুলি কৈছিল।—যাত্ৰাপুস্তক ৩২:১-৯.

১০. যাত্ৰাপুস্তক ৩৩:১৩ পদত উল্লেখ কৰা মোচিৰ অনুৰোধটো বৰ্তমান সময়ৰ খ্ৰীষ্টান অধ্যক্ষসকলে কিয় বিশেষভাৱে বিবেচনা কৰা উচিত?

১০ যিহোৱাই স্বয়ং ঠৰডিঙীয়া বুলি কোৱা লোকসকলৰ সৈতে মোচিয়ে কেনেকৈ আচৰণ কৰিছিল? এই সম্পৰ্কে মোচিয়ে যিহোৱালৈ কৰা এই অনুৰোধৰ দ্বাৰা জানিবলৈ পোৱা যায়, যʼত এইদৰে কৈছিল: “মই যদি তোমাৰ দৃষ্টিত অনুগ্ৰহ পালোঁ, তেন্তে, বিনয় কৰিছোঁ, মই যেন তোমাক জানি তোমাৰ দৃষ্টিত অনুগ্ৰহ পাওঁ, এই নিমিত্তে মোক তোমাৰ পথ জনোৱা; আৰু এই জাতি যে তোমাৰেই প্ৰজা, ইয়াকো বিবেচনা কৰা।” (যাত্ৰাপুস্তক ৩৩:১৩) সেইদৰে বৰ্তমান সময়ৰ খ্ৰীষ্টান অধ্যক্ষসকলে মণ্ডলীৰ নম্ৰ মনৰ লোকসকলৰ সৈতে আচৰণ কৰোঁতে এইদৰে প্ৰাৰ্থনা কৰা উচিত: “হে যিহোৱা, তোমাৰ পথবোৰ মোক জনোৱা; তোমাৰ বাটবোৰ মোক শিকোৱা।” (গীত ২৫:৪) কিয়নো তেতিয়াহে যিহোৱাৰ পথে অধ্যক্ষসকলক কোনো সমস্যাৰ সমাধান কৰাত ঈশ্বৰৰ বাক্যৰ অনুসাৰে পদক্ষেপ লʼবলৈ আৰু তেওঁৰ গুণ প্ৰকাশ কৰাত সহায় কৰিব।

যিহোৱাই নিজৰ লোকসকলৰ পৰা কি বিচাৰে

১১. যিহোৱাই মোচিক কেনে নিৰ্দ্দেশনা প্ৰদান কৰিলে আৰু তাৰ প্ৰতি আমি কিয় আগ্ৰহী হোৱা উচিত?

১১ যিহোৱাই নিজৰ লোকসকলৰ পৰা কি বিচাৰে, সেই বিষয়ে তেওঁ চীনয় পৰ্ব্বতত কথিতভাৱে বৰ্ণনা কৰিছিল। পিছলৈ তেওঁ সেইবোৰ দুখন শিলৰ ফলিত লিপিবদ্ধ কৰি দহ আজ্ঞাৰূপে মোচিক দিছিল। কিন্তু পৰ্ব্বতৰ পৰা নামি অহাত যেতিয়া ইস্ৰায়েলসকলক সোণৰ দামুৰিৰ উপাসনা কৰা দেখিলে, তেতিয়া মোচিয়ে ক্ৰোধিত হৈ হাতত থকা সেই ফলি দুখন দলিয়াই ভাঙি পেলালে। পুনৰাই যিহোৱাই মোচিয়ে শিল কাটি উলিওৱা দুখন ফলিত সেই একেই দহ আজ্ঞা খোদিত কৰিলে। (যাত্ৰাপুস্তক ৩২:১৯; ৩৪:১) এতিয়া মোচিয়ে দহ আজ্ঞাৰ অনুসাৰে কাৰ্য্য কৰিব লাগিছিল। যিদৰে যিহোৱাই তেওঁৰ সৈতে আচৰণ কৰিছিল তেনেদৰে মোচিয়েও ইস্ৰায়েলসকলৰ সৈতে কৰিব লাগিছিল। বৰ্তমান সময়ত যদিও খ্ৰীষ্টান অধ্যক্ষসকল মোচিৰ ব্যৱস্থাৰ অধীন নহয়, তথাপিও তাৰ মূল সিদ্ধান্তবোৰ আজিও সিমানেই প্ৰযোজ্য হয়। দৰাচলতে যিহোৱা ঈশ্বৰৰ সকলো উপাসকে তাৰ অনুসাৰে চলা উচিত। (ৰোমীয়া ৬:১৪; ১৩:৮-১০) আঁহক এতিয়া আমি তাৰে কিছুমান ব্যৱস্থাৰ বিষয়ে বিবেচনা কৰোঁহঁক।

১২. উপাসনাৰ সম্বন্ধে যিহোৱাই বিচৰা অনন্য ভক্তিয়ে ইস্ৰায়েলসকলক কেনেকৈ প্ৰভাৱিত কৰিছিল?

১২ যিহোৱালৈ অনন্য ভক্তি আগবঢ়াওক। তাত উপস্থিত থকা সকলো ইস্ৰায়েল ব্যক্তিয়ে উপাসনাৰ সম্বন্ধে যিহোৱাই দিয়া আৱশ্যকতাবোৰক মনোযোগেৰে শুনিছিল। (যাত্ৰাপুস্তক ২০:২-৫) আনকি যিহোৱাই যে একমাত্ৰ সত্য ঈশ্বৰ, সেই বিষয়েও তেওঁলোকে বহুতো প্ৰমাণ দেখিবলৈ পাইছিল। (দ্বিতীয় বিবৰণ ৪:৩৩-৩৫) যিহোৱাই ইস্ৰায়েলসকলক স্পষ্টকৈ কৈছিল যে, তেওঁলোকৰ মাজত কোনো প্ৰকাৰৰ মূৰ্ত্তিপূজা বা মায়াকৰ্ম্মৰ কাৰ্য্যক তেওঁ সহন নকৰিব। (দ্বিতীয় বিবৰণ ৬:৫, ৬) গতিকে তেওঁলোকে কেৱল কৰ্তব্য হিচাপে নহয়, কিন্তু সকলো মন, সকলো প্ৰাণ আৰু সকলো শক্তিৰে যিহোৱাক প্ৰেম কৰিব লাগিছিল। (দ্বিতীয় বিবৰণ ৬:৫, ৬) ইয়াৰ অৰ্থ আছিল তেওঁলোকৰ আচাৰ-ব্যৱহাৰ, কথাবতৰা আৰু জীৱনৰ প্ৰত্যেকটো ক্ষেত্ৰতে তাৰ প্ৰমাণ দিয়া। (লেবীয়া পুস্তক ২০:২৭; ২৪:১৫, ১৬; ২৬:১) আনকি যীচুৱেও স্পষ্টকৈ কৈছিল যে যিহোৱাই অনন্য ভক্তি বিচৰা ঈশ্বৰ।—মাৰ্ক ১২:২৮-৩০; লূক ৪:৮.

১৩. ইস্ৰায়েলসকলে কিয় যিহোৱাৰ আজ্ঞাকাৰী হোৱাৰ প্ৰতিশ্ৰুতি দিছিল আৰু কিহে আমাকো তেনে হʼবলৈ প্ৰেৰিত কৰা উচিত? (উপদেশক ১২:১৩)

১৩ যিহোৱাৰ আজ্ঞাবোৰ দৃঢ়ভাৱে পালন কৰা। যিহোৱাৰ সৈতে ব্যৱস্থাবদ্ধ হোৱাৰ সময়ত আজ্ঞাকাৰীতা হোৱাৰ যি প্ৰতিশ্ৰুতি দিছিল, সেই বিষয়ে ইস্ৰায়েলসকলক স্মৰণ কৰাই দিয়া আৱশ্যক আছিল। যদিও তেওঁলোকৰ ওচৰত ব্যক্তিগত স্বতন্ত্ৰতা আছিল, তথাপিও তেওঁলোকে কিছুমান বিষয়ৰ সম্বন্ধে থকা যিহোৱাৰ আজ্ঞাবোৰক দৃঢ়ভাৱে পালন কৰিব লাগিছিল। তেনে কৰাৰ দ্বাৰা তেওঁলোকে যিহোৱাৰ প্ৰতি প্ৰেম দেখুৱা আৰু নিজৰ সৈতে তেওঁলোকৰ সন্তানবিলাকেও লাভৱান হʼব পাৰিলেহেঁতেন।—যাত্ৰাপুস্তক ১৯:৫-৮; দ্বিতীয় বিবৰণ ৫:২৭-৩৩; ১১:২২, ২৩.

১৪. ঈশ্বৰে কেনেকৈ ইস্ৰায়েলসকলক আধ্যাত্মিক আৱশ্যকতাসমূহক প্ৰথম স্থান দিবলৈ আগ্ৰহ কৰিছিল?

১৪ আধ্যাত্মিক বিষয়বোৰক প্ৰথম স্থান দিয়া। আধ্যাত্মিক বিষয়বোৰৰ প্ৰতি মনোযোগ দিয়াৰ সময়ত ইস্ৰায়েলসকলক তেওঁলোকৰ ভৌতিক আৱশ্যকতাবোৰৰ বাবে অত্যধিক সময় আৰু শক্তি অতিবাহিত কৰিবলৈ অনুমতি দিয়া নাছিল। ইয়াৰ অৰ্থ এইটো যে ইস্ৰায়েলসকলে অনাৱশ্যকীয় বিষয়বোৰক নিজৰ জীৱনত অধিক গুৰুত্ব দিব নালাগিছিল। তাৰ পৰিৱৰ্তে তেওঁলোকে উপাসনাৰ সম্বন্ধে ঈশ্বৰে সপ্তাহত আছুতীয়াকৈ কৰা ব্যৱস্থাত একান্তভাৱে সময় অতিবাহিত কৰিব লাগিছিল। (যাত্ৰাপুস্তক ৩৫:১-৩; গণনা পুস্তক ১৫:৩২-৩৬) প্ৰত্যেক বছৰে আয়োজিত কৰা পবিত্ৰ সভাবোৰত উপস্থিত হʼবলৈ তেওঁলোকে আছুতীয়াকৈ সময় উলিয়াব লাগিছিল। (লেবীয়া পুস্তক ২৩:৪-৪৪) ইয়ে তেওঁলোকক যিহোৱাৰ মহান কৰ্ম্ম, তেওঁৰ পথবোৰ সোঁৱৰিবলৈ আৰু তেওঁৰ মঙ্গলময় গুণৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ সুযোগ আগবঢ়াইছিল। তেওঁলোকে ঈশ্বৰৰ প্ৰতি নিষ্ঠাৱান হৈ ঈশ্বৰীয় ভয় আৰু প্ৰেম বিকশিত কৰি তেওঁৰ পথবোৰৰ অনুসাৰে চলিবলৈ পাৰিলেহেঁতেন। (দ্বিতীয় বিবৰণ ১০:১২, ১৩) বৰ্তমান যিহোৱাৰ উপাসকসকলেও সেই নিৰ্দ্দেশনাবোৰত সন্মিলিত থকা সিদ্ধান্তসমূহৰ দ্বাৰা লাভৱান হʼব পাৰে।—ইব্ৰী ১০:২৪, ২৫.

যিহোৱাৰ গুণবোৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা

১৫. (ক) যিহোৱাৰ গুণবোৰৰ প্ৰতি কৃতজ্ঞ হোৱাটো মোচিৰ কাৰণে কিয় লাভজনক আছিল? (খ) যিহোৱাৰ প্ৰত্যেকটো গুণৰ সম্বন্ধে থকা কোনবোৰ প্ৰশ্নই আমাক গভীৰভাৱে ভাবিবলৈ প্ৰেৰিত কৰিব পাৰে?

১৫ যিহোৱাৰ গুণবোৰৰ প্ৰতি কৃতজ্ঞতা থকাৰ বাবে মোচিয়ে লোকসকলৰ সৈতে নম্ৰতাৰে আচৰণ কৰিব পাৰিলে। মোচিৰ আগেদি গমন কৰি যিহোৱাই কৰা ঘোষণাৰ বিষয়ে যাত্ৰাপুস্তক ৩৪:৫-৭ পদত এইদৰে ব্যাখ্যা কৰিছে: “যিহোৱা, যিহোৱাই কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ, দয়া আৰু সত্যতাত মহান; হাজাৰ হাজাৰ পুৰুষলৈকে দয়া কৰোঁতা; অপৰাধ, আজ্ঞালঙ্ঘন, আৰু পাপ ক্ষমা কৰোঁতা; তথাপি তেওঁ নিশ্চয়ে দোষীক নিৰ্দ্দোষী নকৰে; তৃতীয় চতুৰ্থ পুৰুষলৈকে পুতেক আৰু নাতিয়েকহঁতৰ ওপৰত পিতৃবিলাকৰ অপৰাধৰ প্ৰতিফল দিওঁতা।” এতিয়া সেই বাক্যবোৰৰ বিষয়ে মনোযোগেৰে বিবেচনা কৰক আৰু নিজকে এইদৰে সোধক: ইয়াত উল্লেখ কৰা প্ৰত্যেকটো গুণৰ বৈশিষ্ট্য কি? যিহোৱাই সেই গুণবোৰ কেনেকৈ প্ৰকাশ কৰিলে? খ্ৰীষ্টান অধ্যক্ষসকলে সেইবোৰক কেনেকৈ অনুকৰণ কৰিব পাৰে? আমাৰ প্ৰত্যেকজনক এই বিশেষ গুণটোৱে কেনেকৈ প্ৰভাৱিত কৰা উচিত? এতিয়া আঁহক আমি ইয়াৰে কিছুমান উদাহৰণৰ বিষয়ে বিবেচনা কৰোঁহঁক।

১৬. যিহোৱাৰ দয়াৰ প্ৰতি আমি নিজৰ মূল্যাঙ্কন কেনেকৈ বিকশিত কৰিব পাৰোঁ আৰু তেনে কৰাটো কিয় এক গুৰুত্বপূৰ্ণ বিষয়?

১৬ যিহোৱা হৈছে “কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ।” যদি আপোনাৰ ওচৰত ইনচাইট্‌ অন দ্য স্ক্ৰিপশ্বাৰ নামৰ কিতাপখন আছে, তেন্তে তাত “দয়া” বুলি উল্লেখ কৰা শিৰোনামাটো কিয় পঢ়ি নাচায়? নতুবা সেই বিষয়টো ৱাচ্‌টাৱাৰ পাব্লিকেশ্বন ইনডেক্সত বা ৱাচ্‌টাৱাৰ লাইব্ৰেৰী (চিডি-ৰʼম) অন্বেষণ কৰিব পাৰে। a তদুপৰি এই গুণটোৰ সম্বন্ধে থকা শাস্ত্ৰ পদবোৰ চাবলৈ নিৰ্ঘন্টখন ব্যৱহাৰ কৰিব পাৰে। এনে কৰাৰ দ্বাৰা আপুনি জানিব পাৰিব যে কেতিয়াবা অপৰাধীক দিয়া শাস্তিৰ ভাৰ কমাবলৈ যিহোৱাই দেখুৱা দয়াৰ সৈতে সহানুভূতি হোৱাটো সন্মিলিত আছে। যাৰ বাবে তেওঁ নিজৰ লোকসকলৰ পক্ষে কাৰ্য্য কৰিবলৈ প্ৰেৰিত হয়। এই বিষয়ে প্ৰতিজ্ঞাত দেশৰ অভিমুখে যাত্ৰা কৰাৰ সময়ত যিহোৱাই ইস্ৰায়েলসকলক আধ্যাত্মিক আৰু ভৌতিকভাৱে লোৱা তত্বাৱধানৰ পৰা জানিব পাৰি। (দ্বিতীয় বিবৰণ ১:৩০-৩৩; ৮:৪) তেওঁলোকে বাৰে বাৰে বিপথে যোৱাৰ স্বত্বেও যিহোৱাই ক্ষমা কৰিছিল। তেওঁলোকৰ সৈতে কেতিয়াও কঠোৰতাৰে ব্যৱহাৰ কৰা নাছিল। গতিকে বৰ্তমান সময়ৰ তেওঁৰ উপাসকসকলে পৰস্পৰে ইজনে সিজনৰ প্ৰতি সমবেদনাশীল হোৱা আৱশ্যক নহয়নে বাৰু!—মথি ৯:১৩; ১৮:২১-৩৫.

১৭. যিহোৱাৰ কৃপা গুণটোক বুজি পোৱাৰ দ্বাৰা কেনেকৈ সত্য উপাসনাক বৃদ্ধি কৰাত সহায় কৰিব পাৰে?

১৭ আনকি যিহোৱাক কৃপালু ঈশ্বৰ বুলিও কোৱা হয়। আপুনি কৃপালু গুণটোৰ বিষয়ে কেনেকৈ বৰ্ণনা কৰিব? এই বিষয়ে শাস্ত্ৰ পদবোৰে কি কৈছে, তাক বিবেচনা কৰক। বাইবেলে দেখুৱাইছে যে তেওঁ কৃপা দেখুৱাৰ সৈতে দৰিদ্ৰ ব্যক্তিবিলাকৰ প্ৰতি বিবেচনাশীল হোৱাও সন্মিলিত আছে। (যাত্ৰাপুস্তক ২২:২৬, ২৭) সাধাৰণতে যিকোনো দেশত থকা বিদেশী লোকসকলে দুখ-কষ্টৰে জীৱন-যাপন কৰিবলগীয়া হয়। গতিকে এনে লোকসকলক অপক্ষপাতী হৈ দয়া দেখুৱাৰ সম্বন্ধে যিহোৱা ঈশ্বৰে ইস্ৰায়েলসকলক মিচৰত প্ৰবাসী হৈ থকাৰ বিষয়ে সোঁৱৰাই দিছিল। (দ্বিতীয় বিবৰণ ২৪:১৭-২২) বৰ্তমান সময়ত আমাৰ বিষয়ে কি কʼব পাৰি? আমি পৰস্পৰে ইজনে সিজনৰ সৈতে কৃপাৰে কৰা আচৰণে আমাক একত্ৰিত কৰি ৰাখিবলৈ আৰু আন ব্যক্তিসকলক যিহোৱাৰ উপাসনাৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সহায় কৰে।—পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫; প্ৰকাশিত বাক্য ৭:৯, ১০.

১৮. অন্যজাতিৰ সৈতে আচৰণ কৰাৰ সময়ত যিহোৱাই ইস্ৰায়েলসকলক কিহৰ পৰা আঁতৰি থাকিবলৈ কৈছিল?

১৮ অন্যজাতিৰ প্ৰতি সমবেদনাশীল হোৱাৰ অৰ্থ যিহোৱাৰ প্ৰতি থকা প্ৰেম আৰু তেওঁৰ নৈতিক স্তৰৰ প্ৰতি আওকাণ কৰা বুজোৱা নাছিল। ইস্ৰায়েলসকলক তেওঁলোকৰ চাৰিওফালে থকা অন্যজাতিৰ মিছা ধৰ্মীয় ৰীতি-নীতি, পৰম্পৰা আৰু অনৈতিক জীৱন-শৈলীৰ পৰা আঁতৰি থাকিবলৈহে আজ্ঞা দিয়া হৈছিল। (যাত্ৰাপুস্তক ৩৪:১১-১৬; দ্বিতীয় বিবৰণ ৭:১-৪) এই কথাষাৰ আজিও আমাৰ বাবে সমানেই প্ৰযোজ্য হয়। কিয়নো যিহোৱা পবিত্ৰ হোৱা হেতুকে আমিও পবিত্ৰ হোৱা উচিত।—১ পিতৰ ১:১৫, ১৬.

১৯. বেয়া কাৰ্য্যৰ প্ৰতি থকা যিহোৱাৰ দৃষ্টিভঙ্গী জনাৰ দ্বাৰা তেওঁৰ লোকসকলে কেনেকৈ প্ৰতিৰক্ষা পাব পাৰে?

১৯ ঈশ্বৰৰ পথবোৰৰ সৈতে ভলদৰে পৰিচিত হʼবলৈ মোচিক স্পষ্টকৈ জনাইছিল যে যিহোৱাই যদিও পাপ কাৰ্য্যক ঘৃণা কৰে, তথাপিও ক্ৰোধ কৰাত ধীৰ। যিহোৱাই তেওঁৰ স্তৰৰ বিষয়ে শিকিবলৈ আৰু তাৰ অনুসাৰ চলিবলৈ লোকসকলক সময় দিয়ে। যদি এজন ব্যক্তিয়ে মনপালটন কৰে, তেন্তে যিহোৱাই তেওঁৰ পাপ ক্ষমা কৰে। কিন্তু তেওঁ এজন গভীৰ পাপ কৰা ব্যক্তিক ভুগীবলগীয়া পৰিণামৰ পৰা কেতিয়াও ৰক্ষা নকৰে। এই বিষয়ে তেওঁ মোচিৰ দ্বাৰা ইস্ৰায়েলসকলক জনাইছিল যে তেওঁলোকে কৰা বেয়া কাৰ্য্যৰ বাবে আহিবলগীয়া বংশৰ ওপৰত কেনে প্ৰভাৱ পৰিব পাৰে। গতিকে যিহোৱাৰ পথবোৰৰ প্ৰতি দেখুৱা কৃতজ্ঞতাই ঈশ্বৰৰ লোকসকলক বেয়া পৰিণামৰ সম্মুখীন হোৱা বা তেওঁৰ সহন শক্তিৰ পৰীক্ষা লোৱাৰ পৰা বিৰত ৰাখিব।

২০. সঙ্গী ভাই-ভনী আৰু প্ৰচাৰ কাৰ্য্যত লগ পোৱা ব্যক্তিসকলৰ সৈতে সদব্যৱহাৰ কৰিবলৈ আমাক কিহে সহায় কৰিব পাৰে? (গীত ৮৬:১১)

২০ আপুনি যদি যিহোৱা আৰু তেওঁৰ পথবোৰৰ বিষয়ে নিজৰ জ্ঞান বৃদ্ধি কৰিব বিচাৰিছে, তেন্তে বাইবেলত পঢ়া বিষয়বোৰত মনোযোগ দিয়ক আৰু অনুসন্ধান কৰক। যিহোৱাৰ ব্যক্তিত্বৰ সম্বন্ধে থকা আকৰ্ষণীয় বিষয়বোৰক মনোযোগেৰে নিৰীক্ষণ কৰক। আপুনি কেনেকৈ যিহোৱা ঈশ্বৰক অনুকৰণ কৰিব আৰু তেওঁৰ ইচ্ছাৰ অনুসাৰে চলিব, সেই বিষয়ে প্ৰাৰ্থনাপূৰ্বক বিবেচনা কৰক। ইয়ে আপোনাক বিপদৰ সম্মুখীন হোৱাৰ পৰা আঁতৰি থাকিবলৈ, সঙ্গী ভাই-ভনীসকলৰ সৈতে সদব্যৱহাৰ, আনক তেওঁৰ বিষয়ে জনোৱা আৰু ঈশ্বৰক প্ৰেম কৰিবলৈ সহায় কৰিব। (w05 5/15)

[ফুটনোট]

a এই সকলোবোৰ প্ৰকাশন যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশ কৰা হৈছে।

আপুনি কি শিকিলে?

• মোচিয়ে কিয় নম্ৰ হোৱা আৱশ্যক আছিল আৰু ই আমাৰ বাবে কিয় এক গুৰুত্বপূৰ্ণ বিষয়?

• বাৰে বাৰে ফৰৌণ ৰজাৰ ওচৰলৈ গৈ যিহোৱাৰ বাক্য কোৱাৰ দ্বাৰা কেনে উত্তমতা সম্পন্ন কৰা হʼল?

• মোচিক কেনে উৎকৃষ্ট গুণবোৰৰ বিষয়ে শিক্ষাদান কৰা হৈছিল আৰু ই কেনেকৈ আমাৰ বাবেও প্ৰযোজ্য?

• আমি কেনেকৈ যিহোৱাৰ গুণবোৰৰ সম্বন্ধে জ্ঞান বৃদ্ধি কৰিব পাৰোঁ?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৩ পৃষ্ঠাৰ ছবি]

মোচিয়ে নিষ্ঠাৰে ঈশ্বৰৰ বাক্য ফৰৌণ ৰজাক শুনাইছিল

[১৬ পৃষ্ঠাৰ ছবি]

ঈশ্বৰৰ গুণবোৰৰ ওপৰত ধ্যান কৰক