Skip to content

Skip to table of contents

কিশোৰ-কিশোৰীসকল, যিহোৱাৰ প্ৰশংসা কৰক!

কিশোৰ-কিশোৰীসকল, যিহোৱাৰ প্ৰশংসা কৰক!

কিশোৰ-কিশোৰীসকল, যিহোৱাৰ প্ৰশংসা কৰক!

“হে যুবা আৰু যুৱতীবিলাক, . . . তোমালোক সকলোৱে পৃথিবীত যিহোৱাৰ প্ৰশংসা কৰা।”—গীত ১৪৮:৭, ১২.

১, ২. (ক) বহুতো কিশোৰ-কিশোৰীয়ে কেনে সীমাবদ্ধতাৰ বিষয়ে ভালদৰে জানে? (খ) পিতৃ-মাতৃয়ে বান্ধি দিয়া সীমাবদ্ধতাৰ প্ৰতি কিশোৰ-কিশোৰীসকলে কিয় বিৰক্ত হোৱা উচিত নহয়?

 কি শোৰ বয়সীয়া লʼৰা-ছোৱালীবিলাকে ভালদৰে জানে যে তেওঁলোক এতিয়াও পৰিপক্ক হোৱা নাই। অকলে ৰাস্তা পাৰ হোৱা বা কোন সময়ত শুবলৈ যোৱা উচিত নতুবা মটৰ গাড়ী চলোৱাৰ যোগ্য হʼবলৈ কিমান বয়স হোৱা প্ৰয়োজন, তাৰ বিষয়ে তেওঁলোকৰ বহুতে সহজে কʼব পাৰে। আনকি তেওঁলোকৰ কিছুমান ইচ্ছা পূৰ হʼবলৈ “পৰিপক্ক হোৱালৈকে” অপেক্ষা কৰিব লাগিব, সেই বিষয়েও জানে।

সুৰক্ষাৰ সম্বন্ধে পিতৃ-মাতৃয়ে বান্ধি দিয়া সীমাবোৰ কিয় ব্যৱহাৰিক, সেই বিষয়ে তেওঁলোকে ভালদৰে জানে। তদুপৰি পিতৃ-মাতৃৰ প্ৰতি আজ্ঞাকাৰীতা হʼলে যে যিহোৱাই আনন্দিত হয়, সেই বিষয়ে আপোনালোকে নিশ্চয়ে অজ্ঞাত নহয়। (কলচীয়া ৩:২০) তেনে ধৰণৰ সীমাবদ্ধতাত জীৱন-যাপন কৰিবলগীয়া হোৱাৰ বাবে আপুনি নিৰুৎসাহী হোৱা অনুভৱ কৰিছেনে? পৰিপক্ক নোহোৱালৈকে আপুনি সকলোবোৰ বিশেষাধিকাৰৰ পৰা বঞ্চিত হৈছে বুলি ভাবিছেনে? নিশ্চয়ে নহয়। কিয়নো আজি বিশ্বব্যাপী হোৱা এক গুৰুত্বপূৰ্ণ কাৰ্য্যৰ তুলনাত আপুনি অপেক্ষা কৰা সেই সকলোবোৰৰ মূল্য নিচেই কম। এই কাৰ্য্যভাৰ বহন কৰিবলৈ আপোনালোকে অনুমতিৰ বাবে অপেক্ষা কৰিব লাগিবনে? দৰাচলতে, এই কাৰ্য্যভাৰ বহন কৰিবলৈ সৰ্ব্বোপৰিজনাই কেৱল অনুমতিয়েই নহয়, কিন্তু আমন্ত্ৰণো কৰিছে।

৩. যিহোৱাই কিশোৰ-কিশোৰীসকলক কেনে এক বিশেষাধিকাৰ লাভ কৰিবলৈ আমন্ত্ৰণ কৰিছে আৰু এই সম্বন্ধে এতিয়া কেনে প্ৰশ্নবোৰ আলোচনা কৰিম?

ইয়াত কেনে এক গুৰুত্বপূৰ্ণ কাৰ্য্যৰ বিষয়ে কোৱা হৈছে? এই লেখটোৰ মুখ্য শাস্ত্ৰ পদৰ বাক্যবোৰে কি কৈছে, সেই বিষয়ে লক্ষ্য কৰক। ইয়াত এইদৰে কৈছে: “হে যুবা আৰু যুৱতীবিলাক, . . . তোমালোক সকলোৱে পৃথিবীত যিহোৱাৰ প্ৰশংসা কৰা।” (গীত ১৪৮:৭, ১২) আন শব্দত কʼবলৈ গʼলে, যিহোৱাৰ প্ৰশংসা কৰিবলৈ পোৱাটো হৈছে আপোনালোকৰ বাবে এক বিশেষাধিকাৰ। এজন কিশোৰ বা কিশোৰী হিচাবে এই বিশেষাধিকাৰত ভাগ লʼবলৈ পাই আপুনি আনন্দিত হৈছেনে? অৱশ্যে বহুতে হৈছে। কিয় তেনেদৰে আনন্দিত অনুভৱ কৰিব পাৰি, এই বিষয়ে আঁহক আমি তিনিটা প্ৰশ্নৰ সম্বন্ধে আলোচনা কৰোঁহঁক। ইয়াৰ প্ৰথমটো হৈছে, আমি কিয় যিহোৱাৰ প্ৰশংসা কৰা উচিত? দ্বিতীয়টো, আমি কেনেকৈ কাৰ্য্যকাৰীভাৱে তেওঁৰ প্ৰশংসা কৰিব পাৰোঁ আৰু তৃতীয়টো হৈছে, কেতিয়া যিহোৱাৰ প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিব পাৰি?

কিয় যিহোৱাৰ প্ৰশংসা কৰা উচিত?

৪, ৫. (ক) গীত ১৪৮ অধ্যায়ৰ অনুসাৰে আমি কেনে এক উল্লেখনীয় অৱস্থাত থকা অনুভৱ কৰিছোঁ? (খ) কেনেকৈ নিৰ্জীৱ আৰু নিমাত সৃষ্টিবোৰে যিহোৱাৰ প্ৰশংসা কৰিছে?

যিহোৱা ঈশ্বৰক প্ৰশংসা কৰাৰ এটা মুখ্য কাৰণ হৈছে, তেওঁ এজন সৃষ্টিকৰ্ত্তা। এই সত্যতাৰ বিষয়ে বিতংকৈ জানিবলৈ গীত ১৪৮ অধ্যায়টোৱে সহায় কৰিছে। কল্পনা কৰক যে আপুনি, উৎসাহিত হৈ একেলগে মধুৰ গীত গাই থকা এক বৃহৎ লোকসমূহৰ কাষ চাপিবলৈ পাই কেনে অনুভৱ কৰিব? যদি আপুনি তেওঁলোকে গোৱা গীতটোৰ অৰ্থ বুজি পাই, তেন্তে উল্লাসিত নহʼবনে? তদুপৰি সেই গীতটিৰ শব্দবোৰ শিকি তেওঁলোকৰ সৈতে সুৰ মিলাই গাবলৈ নিবিচাৰিবনে? আমি সকলোৱে তেনে কৰাটো বিচাৰিম। সেই একেই অৱস্থাৰ বিষয়ে গীত ১৪৮ অধ্যায়ত উল্লেখ কৰিছে। কিন্তু এই অৱস্থাটো আপুনি কল্পনা কৰাতকৈ অধিক উত্তম আৰু স্ফূৰ্তিদায়ক। গীতমালা পুস্তকৰ সেই বিশেষ অধ্যায়ত এক বৃহৎ লোকসমূহে একত্ৰিত হৈ যিহোৱাৰ প্ৰশংসা কৰা বিষয়ে উল্লেখ কৰিছে। আপুনি এই গীতটিৰ বাক্যবোৰ পঢ়ি এক উল্লেখনীয় বিষয়ৰ সম্পৰ্কে লক্ষ্য কৰিব পাৰিব। সেই উল্লেখনীয় বিষয়টো কি?

সেই গীতটোত উল্লেখ কৰা বেছিভাগ প্ৰশংসাকাৰী হৈছে নিৰ্জীৱ আৰু নিমাত। উদাহৰণস্বৰূপে, আমি এইদৰে পঢ়িবলৈ পাওঁ, সূৰ্য্য, চন্দ্ৰ, তৰা, বতাহ আৰু পৰ্ব্বতবোৰে যিহোৱাৰ প্ৰশংসা কৰে। এই নিৰ্জীৱ সৃষ্টিবোৰে কেনেকৈ যিহোৱাৰ প্ৰশংসা কৰিব পাৰে? (৩, ৮, ৯ পদ) ইয়াৰ উপৰিও আন গছ-গছনি, সমূদ্ৰ প্ৰাণী আৰু স্থলচৰ জীৱ-জন্তুবোৰেও তেওঁৰ প্ৰশংসা কৰিছে। (৭, ৮, ৯ পদ) আপুনি কেতিয়াবা সূৰ্য্য অস্ত যোৱা, তৰাবোৰে জিলমিলাই থকা, আকাশত নিশা পূৰ্ণিমাৰ চন্দ্ৰৰ পোহৰ প্ৰসাৰিত হোৱা বা জীৱ-জন্তুবোৰৰ খেল-ধেমালি আৰু মনোৰম দৃশ্যবোৰ চাই আনন্দ উপভোগ কৰিছেনে? তদুপৰি আপুনি হয়তো সৃষ্টিয়ে গোৱা প্ৰশংসা গীতটি “শুনিবলৈ” পাইছে। এই আটাই সৃষ্টিয়ে আমাক সোঁৱৰাই দিয়ে যে, যিহোৱাৰ বাহিৰে এই বিশ্ব-ব্ৰহ্মাণ্ডত শক্তিশালী, বুদ্ধিমন্ত আৰু প্ৰেমময় সৃষ্টিকৰ্ত্তা আন কোনোৱে হʼব নোৱাৰে।—ৰোমীয়া ১:২০; প্ৰকাশিত বাক্য ৪:১১.

৬, ৭. (ক) গীত ১৪৮ অধ্যায়ত কেনে বুদ্ধিমন্ত প্ৰাণীবিলাকে যিহোৱাৰ প্ৰশংসা কৰাৰ বিষয় কৈছে? (খ) যিহোৱাৰ প্ৰশংসা কৰিবলৈ আমাক কিহে প্ৰেৰিত কৰিব পাৰে? বৰ্ণনা কৰক।

গীত ১৪৮ অধ্যায়ত বুদ্ধিমান প্ৰাণীবিলাকে কৰা প্ৰশংসাৰ বিষয়েও কৈছে। বিশেষকৈ ২ পদত যিহোৱাৰ “সকলো বাহিনী” অৰ্থাৎ স্বৰ্গদূতবিলাকে কৰা প্ৰশংসাৰ বিষয়ে উল্লেখ কৰিছে। সেই একেই অধ্যায়ৰ ১১ পদত ৰজা আৰু বিচাৰকৰ্ত্তাবিলাকক যিহোৱাৰ প্ৰশংসা কৰিবলৈ আমন্ত্ৰণ দিয়া হৈছে। যদি সেই শক্তিশালী স্বৰ্গদূতবিলাকে যিহোৱাৰ প্ৰশংসা কৰি আনন্দিত হৈছে, তেন্তে সাধাৰণ মানৱৰ ওচৰত তেনে প্ৰশংসা নকৰাৰ কোনো কাৰণ থাকিব পাৰেনে? তাৰ পিছত ১২ আৰু ১৩ পদত কিশোৰ-কিশোৰীবিলাকক যিহোৱাৰ প্ৰশংসা কৰিবলৈ আমন্ত্ৰণ দিয়া হৈছে। আপোনালোকে এই আমন্ত্ৰণ গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিবনে?

এতিয়া আন এটা দৃষ্টান্তৰ বিষয়ে বিবেচনা কৰক। যদি আপোনাৰ এজন ঘনিষ্ঠ বন্ধু সুদক্ষ খেলুৱৈ, চিত্ৰকাৰ বা সংগীতকাৰ, তেন্তে এই বিষয়ে আপুনি নিজ পৰিয়ালৰ সদস্য অথবা আন বন্ধু-বান্ধৱক নোকোৱাকৈ থাকিবনে? আপুনি নিশ্চয়ে তেওঁৰ বিষয়ে সকলোকে কʼব। সেই একেই মনোবৃত্তি আপুনি যিহোৱাৰ কাৰ্য্যৰ বিষয়ে শিকিবলৈ পাই প্ৰকাশ নকৰিবনে? উদাহৰণস্বৰূপে, গীত ১৯:১, ২ পদত তৰাসমষ্টিৰে ভৰি থকা আকাশ-মণ্ডলে যিহোৱাৰ “জ্ঞান প্ৰচাৰ” কৰিছে বুলি কৈছে। তেনেহʼলে আমি যেতিয়া যিহোৱা ঈশ্বৰে কৰা আচৰিত কাৰ্য্যবোৰৰ বিষয়ে ভাবোঁ, তেতিয়া অৱশ্যেই সকলোৰে আগত সেইবোৰৰ বিষয়ে প্ৰচাৰ কৰিবলৈ আগ্ৰহী হʼম।

৮, ৯. কেনে কাৰণসমূহৰ বাবে যিহোৱাই আমি তেওঁৰ প্ৰশংসা কৰাটো বিচাৰে?

যিহোৱাৰ প্ৰশংসা কৰাৰ আন এটা উল্লেখনীয় কাৰণ হৈছে, তেওঁ স্বয়ং আমি তেনে কৰাটো বিচাৰে। তেওঁ কিয় তেনেদৰে বিচাৰে? এইটো এইবাবে নে যে তেওঁ সকলো মানৱৰ পৰা প্ৰশংসা পোৱা আৱশ্যক? অৱশ্যেই নহয়। যিহেতু মানৱে সময়ে সময়ে আনৰ পৰা প্ৰশংসা পোৱাটো বিচাৰে। কিন্তু যিহোৱাই তেনে নিবিচাৰে, কিয়নো তেওঁৰ বিচাৰধাৰা আমাতকৈ বহুগুণে উচ্চ। (যিচয়া ৫৫:৮) তেওঁ নিজ বা নিজৰ গুণবোৰৰ প্ৰতি কোনো অনিশ্চয়তা নাই। (যিচয়া ৪৫:৫) তথাপিও আমি তেওঁৰ প্ৰশংসা কৰাটো বিচাৰে আৰু তাক দেখি তেওঁ আনন্দিত হয়। কিয় তেওঁ তেনেদৰে প্ৰশংসা কৰাটো বিচাৰে? এই সম্পৰ্কে জড়িত থকা দুটা কাৰণৰ বিষয়ে বিবেচনা কৰক। প্ৰথমতো কাৰণ হৈছে, তেওঁ জানে যে আমি তেওঁক প্ৰশংসা কৰা আৱশ্যক। সেয়েহে আমাক আধ্যাত্মিক আৱশ্যকতাৰ সৈতে তেওঁৰ উপাসনা কৰাৰ উদ্দেশ্যৰে সৃষ্টি কৰিলে। (মথি ৫:৩) যিদৰে পিতৃ-মাতৃয়ে পুষ্টিকৰ আহাৰ খোৱা দেখি সন্তুষ্ট হয়, সেইদৰে যিহোৱাই আপোনালোকৰ আধ্যাত্মিক আৱশ্যকতাবোৰ পূৰণ হোৱা দেখি আনন্দিত হয়।—যোহন ৪:৩৪.

দ্বিতীয়টো, যিহোৱাই জানে যে আমি তেওঁক প্ৰশংসা কৰাৰ বিষয়ে আনে বুজি পোৱা আৱশ্যক। এই বিষয়ে পাঁচনি পৌলে তীমথিক এইদৰে কৈছিল: “নিজৰ বিষয়ে আৰু শিক্ষাৰ বিষয়ে সাৱধান হোৱা আৰু এইবোৰত থাকা; কিয়নো ইয়াকে কৰিলে, তুমি নিজৰ আৰু শুনাবিলাকৰো পৰিত্ৰাণ কৰাবা।” (১ তীমথিয় ৪:১৬) আপুনি যেতিয়া আনক যিহোৱাৰ প্ৰশংসা কৰিবলৈ শিকাই, তেতিয়া তেওঁলোকেও তেওঁৰ বিষয়ে জ্ঞান পাবলৈ সক্ষম হয়। তদুপৰি এনে জ্ঞানে তেওঁলোকক চিৰস্থায়ী পৰিত্ৰাণলৈ পৰিচালিত কৰিব পাৰে।—যোহন ১৭:৩.

১০. আমি যিহোৱাক প্ৰশংসা কৰিবলৈ কিয় আগবাঢ়ি অহা উচিত?

১০ তদুপৰি যিহোৱা ঈশ্বৰক প্ৰশংসা কৰাৰ আন এটা কাৰণ আছে। এতিয়া ওপৰত উল্লেখ কৰা সেই বিশেষ বন্ধুজনৰ দৃষ্টান্তৰ বিষয়ে পুনৰাই স্মৰণ কৰক। যদি আনে তেওঁৰ বিষয়ে কোনো মিছা অভিযোগ দিয়া বা নিন্দা কৰাৰ বিষয়ে শুনিবলৈ পাই, তেন্তে আপুনি আগতকৈ অধিক তেওঁৰ প্ৰশংসা কৰিবলৈ দৃঢ়সঙ্কল্প নলʼবনে? ঠিক সেইদৰে, আজি জগতত যিহোৱা ঈশ্বৰৰ বিষয়ে মিছা অভিযোগ দিয়া হৈছে। (যোহন ৮:৪৪; প্ৰকাশিত বাক্য ১২:৯) কিন্তু তেওঁক প্ৰেম কৰাসকলে আনক সত্যতাৰ বিষয়ে জনাবলৈ আৰু মিছা অভিযোগবোৰ প্ৰত্যাখ্যান কৰিবলৈ সকলো প্ৰকাৰৰ চেষ্টা কৰে। তেনেহʼলে যিহোৱাৰ প্ৰতি থকা প্ৰেম আৰু কৃতজ্ঞতা প্ৰকাশ, ইয়াৰ উপৰিও তেওঁৰ প্ৰধান শত্ৰু চয়তানৰ পৰিৱৰ্তে আপুনি যে তেওঁক নিজৰ শাসক বুলি স্বীকাৰ কৰিছে, সেই বিষয়ে নিজেও সকলো প্ৰকাৰৰ চেষ্টা নকৰিবনে? আপুনি যিহোৱা ঈশ্বৰক প্ৰশংসা কৰাৰ দ্বাৰা সেই সকলো কৰিব পাৰে। এতিয়া দ্বিতীয় প্ৰশ্নটো হৈছে, আপুনি তেওঁক কেনেকৈ প্ৰশংসা কৰিব পাৰে।

কিছুমান কিশোৰ-কিশোৰীয়ে কেনেকৈ যিহোৱাৰ প্ৰশংসা কৰিছিল

১১. কিশোৰ-কিশোৰীসকলে কাৰ্য্যকাৰীতাৰে কৰা যিহোৱাৰ প্ৰশংসাৰ বিষয়ে বাইবেলৰ কেনে বৃতান্তসমূহৰ দ্বাৰা জানিব পাৰি?

১১ বাইবেলে দেখুৱাইছে যে কিশোৰ-কিশোৰীসকলে যিহোৱাৰ প্ৰশংসা কৰাত সদায়ে কাৰ্য্যকাৰী। উদাহৰণস্বৰূপে, অৰামীয়াসকলৰ হাতত বন্দী হোৱা ইস্ৰায়েলৰ সেই সৰু ছোৱালীজনীৰ বিষয়ে বিবেচনা কৰক। তাই নিৰ্ভয়ে যিহোৱাৰ ভাববাদী এলিছাৰ বিষয়ে সেনাধ্যক্ষজনৰ পত্নীৰ আগত প্ৰচাৰ কৰিলে। তাই কোৱা বাক্যৰ অনুসাৰে কাৰ্য্য কৰি সেনাধ্যক্ষজনে অলৌকিকভাৱে সুস্থ হয় আৰু এইদৰে এক শক্তিশালী সাক্ষী দিয়া হʼল। (২ ৰাজাৱলি ৫:১-১৭) আনকি যীচুৱেও বাল্যকালৰ সময়ছোৱাত নিৰ্ভয়ে সাক্ষী দিছিল। তেওঁ ১২ বছৰ বয়সত কেনেকৈ ধৰ্ম্মধামৰ ধৰ্ম্মগুৰুসকলৰ সৈতে যুক্তি দেখুৱাই কথোপকথন কৰিছিল আৰু সেয়া দেখি তেওঁলোকে কেনেকৈ অবাক মানিলে, সেই বিষয়ে যিহোৱাই লিপিবদ্ধ কৰাই ৰাখিলে।—লূক ২:৪৬-৪৯.

১২, ১৩. (ক) মৃত্যুৰ কিছু দিনৰ পূৰ্বে যীচুৱে মন্দিৰলৈ গৈ কি কৰিলে আৰু তাক দেখি লোকসকলে কেনেদৰে প্ৰভাৱিত হৈছিল? (খ) শিশুবিলাকে প্ৰশংসা কৰা দেখি যীচুৱে কেনে অনুভৱ কৰিলে?

১২ পিছলৈ যীচুৱে বয়সস্থ হৈ সৰু লʼৰা-ছোৱালীবিলাকক যিহোৱাৰ প্ৰশংসা কৰিবলৈ প্ৰেৰিত কৰিছিল। উদাহৰণস্বৰূপে, যীচুৰ মৃত্যুৰ কিছু দিনৰ পূৰ্বেই যিৰূচালেম মন্দিৰত তেওঁক উপস্থিত থকা দেখা গʼল। তাত তেওঁ যি “আচৰিত কৰ্ম্মবোৰ” কৰিছিল, সেই বিষয়ে বাইবেলত পঢ়িবলৈ পোৱা যায়। তেওঁ যিৰূচালেম মন্দিৰত প্ৰৱেশ কৰি সেই পবিত্ৰ স্থানক ডকাইতৰ গুহালৈ পৰিণত কৰা ব্যক্তিসকলক খেদি পঠিয়ালে। তদুপৰি তেওঁ অন্ধ আৰু খোৰাবিলাক সুস্থ কৰিলে। তাত থকা সকলোৱে, বিশেষকৈ ধৰ্ম্মগুৰুসকলে তেনে কাৰ্য্যবোৰ দেখি যিহোৱা আৰু তেওঁৰ পুত্ৰ অৰ্থাৎ মচীহৰ প্ৰশংসা কৰিব লাগিছিল। কিন্তু দুখৰ বিষয় এই যে তেওঁলোকে তেনে কৰাত বিফল হʼল। লোকসকলে যীচুক যদিও ঈশ্বৰৰ পুত্ৰ বুলি মানিছিল, কিন্তু ধৰ্ম্মগুৰুসকলৰ ভয়ত তেওঁক মচীহ বুলি স্বীকাৰ নকৰিলে। কিন্তু তাত থকা এক সমূহে নিৰ্ভয়ে যিহোৱাৰ প্ৰশংসা কৰিছিল। আপুনি জানেনে যে সেই সমূহত থকা সকল কেনে ধৰণৰ ব্যক্তি আছিল? এই সন্দৰ্ভে বাইবেলে এইদৰে কৈছে: “প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলে তেওঁ কৰা আচৰিত কৰ্ম্মবোৰ, আৰু জয়! জয়! দায়ূদৰ সন্তান, এই বুলি ধৰ্ম্মধামত ৰিঙিওৱা লʼৰাবিলাকক দেখি, কুপিত হৈ, তেওঁক সুধিলে, ইহঁতে কি কৈছে শুনিছা নে?”—মথি ২১:১৫, ১৬; যোহন ১২:৪২.

১৩ সেই পুৰোহিতসমূহে ভাবিছিল যে যীচুৱে লʼৰাবিলাকক মনে মনে থাকিবলৈ আদেশ দিব। তাৰ পৰিৱৰ্তে তেওঁ যি উত্তৰ দিলে, সেই বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “হয়, তুমি শিশু আৰু কেঁচুৱাবিলাকৰ মুখৰ পৰাও স্তুতি সম্পূৰ্ণ কৰিলা, এই বচন তোমালোকে কেতিয়াও পঢ়া নাই নে?” নিঃসন্দেহ, শিশুবোৰে কৰা এনে প্ৰশংসাৰ বাবে যিহোৱা আৰু যীচু উভয়ে আনন্দিত হৈছিল। দৰাচলতে, যি কাৰ্য্য বয়সস্থসকলে কৰিব লাগিছিল, সেইয়া শিশুবিলাকে কৰিলে। তেওঁলোকৰ তেনে মনোবৃত্তিত এই সকলোবোৰ স্পষ্টকৈ দেখিবলৈ পোৱা গʼল। তেওঁলোকে যীচুৱে কৰা আচৰিত কৰ্ম্মবোৰক দেখি সাহস আৰু বিশ্বাসেৰে সাক্ষী দি ঈশ্বৰ আৰু লোকসকলৰ প্ৰতি দেখুৱা প্ৰকৃত প্ৰেমৰ বিষয়ে প্ৰকাশ কৰিছিল। তদুপৰি তেওঁলোকে যীচুৱে নিজকে “দায়ূদৰ সন্তান” অৰ্থাৎ প্ৰতিজ্ঞাত মচীহ বুলি কোৱাও শুনিছিল। এই সকলোবোৰে তেওঁলোকৰ মনত গভীৰভাৱে প্ৰভাৱ পেলাইছিল। যাৰ বাবে তেওঁলোকে ভৱিষ্যতবাণীৰ পূৰ্ণতা কৰাৰ বিশেষাধিকাৰ লাভ কৰিলে।—গীত ৮:২.

১৪. কিশোৰ-কিশোৰীসকলৰ ওচৰত থকা উপহাৰে যিহোৱাৰ প্ৰশংসা কৰিবলৈ কেনেকৈ সহায় কৰিব পাৰে?

১৪ এই উদাহৰণবোৰৰ পৰা আমি কি শিকিব পাৰোঁ? আমি এই উদাহৰণবোৰৰ দ্বাৰা কিশোৰ-কিশোৰীসকলে যে কাৰ্য্যকাৰীতাৰে যিহোৱাৰ প্ৰশংসা কৰিব পাৰে, সেই বিষয়ে শিকিবলৈ পাওঁ। আনৰ তুলনাত তেওঁলোকে সত্যতাৰ বিষয়ে বুজি নিজৰ বিশ্বাসৰ বিষয়ে কʼবলৈ অধিক আগ্ৰহী আছিল। আনকি তেওঁলোকৰ ওচৰত এনে এক উপহাৰ আছিল, যাৰ বিষয়ে হিতোপদেশ ২০:২৯ পদে এইদৰে কৈছে: “যুবা লোকবিলাকৰ বলেই তেওঁবিলাকৰ শোভা।” প্ৰকৃততে কিশোৰ-কিশোৰীসকল, আপোনালোকৰ ওচৰত উৎসাহ আৰু সামৰ্থ আছে, যাৰ দ্বাৰা যিহোৱাৰ প্ৰশংসা কৰিব পাৰে। তেনেহʼলে আপোনালোকে এই বহুমূলীয়া উপহাৰক কি ধৰণে ব্যৱহাৰ কৰিব?

আপোনালোকে কেনেকৈ যিহোৱাৰ প্ৰশংসা কৰিব পাৰে?

১৫. কাৰ্য্যকাৰীতাৰে যিহোৱাৰ প্ৰশংসা কৰিবলৈ কেনে ধৰণৰ অভিপ্ৰায় থকা উচিত?

১৫ কাৰ্য্যকাৰীতাৰে যিহোৱাৰ প্ৰশংসা কৰা অভিপ্ৰায় হৃদয়ৰ পৰা উৎপন্ন হয়। যদি আপোনালোকে আনে কোৱাৰ বাবে কৰিছে, তেন্তে কেতিয়াও কাৰ্য্যকাৰীভাৱে যিহোৱাৰ প্ৰশংসা কৰিব নোৱাৰে। যীচুৱে দিয়া সকলোতকৈ মহান এই আজ্ঞাটো সদায়ে মনত ৰাখক, যাৰ বিষয়ে তেওঁ এইদৰে কৈছিল: “তুমি সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা।” (মথি ২২:৩৭) ব্যক্তিগত অধ্যয়নৰ দ্বাৰা আপোনালোকে যিহোৱাৰ বিষয়ে জানিবলৈ সক্ষম হৈছেনে? ব্যক্তিগত অধ্যয়ন কৰিবলৈ আপোনালোকক যিহোৱাৰ প্ৰতি থকা প্ৰেমে প্ৰেৰিত কৰিব। এতেকে প্ৰেম প্ৰকাশ কৰাৰ স্বাভাৱিক পদ্ধতিটো হৈছে, তেওঁৰ প্ৰশংসা কৰা। যদি এই বিষয়ে আপোনালোকৰ অভিপ্ৰায় সঠিক আৰু দৃঢ়, তেন্তে আপোনালোকে স্বইচ্ছাৰে তেওঁৰ প্ৰশংসা কৰিবলৈ আগবাঢ়ি আহিব।

১৬, ১৭. যিহোৱাৰ প্ৰশংসা কৰা সম্বন্ধে উত্তম আচাৰ-ব্যৱহাৰে কেনে ভূমিকা আদায় কৰে? বৰ্ণনা কৰক।

১৬ প্ৰথমতে আপোনালোকে কি কʼব বুলি নহয়, কিন্তু কেনে ধৰণে কাৰ্য্য কৰিব, সেই বিষয়ে বিবেচনা কৰক। যদি এলিছা ভাববাদীৰ সময়ত থকা ইস্ৰায়েলৰ সেই কণমানি ছোৱালীজনীয়ে ক্ৰোধিত হৈ অসভ্যতাৰে আচৰণ কৰা হʼলে, সেই অৰামীয়াৰ সেনাপতিজনে তাই কোৱা কথাষাৰ প্ৰতি মনোযোগ দিলেহেঁতেননে? সম্ভৱতঃ তেওঁ মনোযোগেৰে নুশুনিলেহেঁতেন। সেইদৰে লোকসকলে আপোনালোকৰ উত্তম আচাৰ-ব্যৱহাৰক লক্ষ্য কৰিহে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তাৰ প্ৰতি মনোযোগ দি শুনিব। (ৰোমীয়া ২:২১) এতিয়া তাৰে এটা উদাহৰণৰ বিষয়ে বিবেচনা কৰক।

১৭ পৰ্টুগালত থকা এজনী ১১ বছৰীয়া ছোৱালীয়ে তাইৰ বাইবেল আধাৰিত বিবেকৰ অনুসাৰে নথকা উদ্‌যাপনবোৰ পালন নকৰাৰ বাবে অনেক হেঁচাৰ সম্মুখীন হʼবলগীয়া হয়। তাই সন্মানপূৰ্বে নিজৰ শিক্ষয়ত্ৰী গৰাকীক পালন নকৰাৰ বিষয়ে কোৱাৰ স্বত্বেও শিক্ষয়ত্ৰী গৰাকীয়ে তাইক ঠাট্টা কৰিবলৈ বন্ধ নকৰে। শিক্ষয়ত্ৰী গৰাকীয়ে সদায়ে তাইক আনৰ আগত লজ্জিত কৰিবলৈ ধৰে। তথাপিও তাই কেতিয়াও শিক্ষয়ত্ৰী গৰাকীক হেয়জ্ঞান কৰা নাছিল। পিছলৈ এই কিশোৰী ভনীগৰাকীয়ে স্কুলৰ শিক্ষা শেষ কৰাৰ পিছত নিয়মিত অগ্ৰগামী সেৱক হিচাপে কাৰ্য্য কৰিবলৈ লয়। এবাৰ জিলা অধিৱেশনত বাপ্তিষ্মা লোৱা ভাই-ভনীসকলক চাই থাকোঁতে হঠাতে তাইৰ ধ্যান এগৰাকী মহিলাৰ ওপৰত পৰে। সেয়া আছিল তাইৰ স্কুলৰ পূৰ্বৰ শিক্ষয়ত্ৰী! দুয়ো গৰাকীয়ে ইজনীয়ে সিজনীক সাবটি ধৰে আৰু আনন্দত চকুলো ওলাই আহে। সেই শিক্ষয়ত্ৰী গৰাকীয়ে সদায়ে ভনীজনীয়ে বিদ্যাৰ্থী অৱস্থাত ৰাখা উত্তম আচৰণৰ বিষয়ে পাহৰি যোৱা নাছিল। এবাৰ সাক্ষীসকলে শিক্ষয়ত্ৰী গৰাকীৰ ঘৰত প্ৰচাৰ কৰিবলৈ অহাত তাই ভনীগৰাকীয়ে ৰাখা উত্তম আচৰণৰ বিষয়ে দাঙি ধৰিছিল। পৰিণামস্বৰূপে, বাইবেল অধ্যয়ন আৰম্ভ হয় আৰু ক্ৰমান্বয়ে তাই সত্যতাক গ্ৰহণ কৰে। বাস্তৱতে আপুনি ৰাখা উত্তম আচাৰ-ব্যৱহাৰে যিহোৱাৰ প্ৰশংসা কৰাত এক মূখ্য ভূমিকা আদায় কৰিব পাৰে!

১৮. যদি এজন কিশোৰ বা কিশোৰীয়ে আনক বাইবেল আৰু যিহোৱাৰ বিষয়ে কʼবলৈ সংকোচ বোধ কৰিছে, তেন্তে তেওঁ বা তাই কি কৰিব পাৰে?

১৮ আপুনি কেতিয়াবা নিজৰ বিশ্বাসৰ বিষয়ে স্কুলৰ সহপাঠীসকলক জনাবলৈ পাই সংকোচ বোধ কৰেনে? যদি কৰিছে, তেন্তে মনত ৰাখক যে সেইয়া কেৱল আপোনাৰেই সমস্যা নহয়। তথাপিও আপুনি এনে এক পৰিৱেশ সৃষ্টি কৰিব পাৰে যি সহপাঠীসকলক আপোনাৰ বিশ্বাসৰ বিষয়ে জানিবলৈ আগ্ৰহী কৰি তুলিব। উদাহৰণস্বৰূপে, যদি বাইবেল আধাৰিত সাহিত্যসমূহ স্কুললৈ নিয়াতো কোনো আপত্তিজনক নহয়, তেন্তে জিৰণিৰ সময়ছোৱাত সেইবোৰ নপঢ়ে কিয়? হয়তো সেইবোৰ পঢ়া দেখি সহপাঠীসকলে জানিবলৈ আগ্ৰহী হʼব পাৰে। তাৰ পিছত আপুনি পঢ়ি থকা আলোচনীখনৰ পৰা কোনো এটা আগ্ৰহী বিষয় দাঙি ধৰি তেওঁলোকক কʼব বা তেওঁলোকে সোধা প্ৰশ্নৰ উত্তৰ দিব পাৰে। তদুপৰি ই আপোনাৰ বাবে কথোপকথনৰ সুযোগ মুকলি কৰিব পাৰে। চিন্তা-বিদাৰক প্ৰশ্নবোৰ সুধিবলৈ আৰু তেওঁলোকৰ বিশ্বাসৰ বিষয়ে জানিবলৈ সদায়ে সজাগ থাকক। তেওঁলোকে কোৱা কথাবোৰ মনোযোগেৰে শুনক আৰু আপুনি বাইবেলৰ পৰা যি শিকিছে, সেই বিষয়ে তেওঁলোকক জনাওক। এই আলোচনীখনৰ ৯ পৃষ্ঠাত উল্লেখ কৰা অভিজ্ঞতাবোৰে দেখুৱাইছে যে কেনেকৈ কিশোৰ-কিশোৰীসকলে স্কুলত যিহোৱাৰ প্ৰশংসা কৰিবলৈ সক্ষম হৈছে। এনে কৰাৰ দ্বাৰা তেওঁলোকে আন্তৰিক আনন্দ লাভ কৰাৰ উপৰিও আনক যিহোৱাৰ বিষয়ে জানিবলৈ সহায় কৰিছে।

১৯. কিশোৰ-কিশোৰীসকলে ঘৰে-ঘৰে কৰা প্ৰচাৰ কাৰ্য্যৰ সম্বন্ধে কাৰ্য্যকাৰী হʼবলৈ কি কৰিব পাৰে?

১৯ ঘৰে-ঘৰে কৰা প্ৰচাৰ কাৰ্য্য হৈছে যিহোৱাৰ প্ৰশংসা কৰাৰ এক প্ৰভাৱকাৰী পদ্ধতি। যদি আপুনি এতিয়ালৈকে এই কাৰ্য্যত ভাগ লোৱা নাই, তেন্তে শীঘ্ৰেই কোনো পদক্ষেপ নলয় কিয়? যদি আপুনি ইতিমধ্যেই ভাগ লৈছে, তেন্তে অতিৰিক্ত লক্ষ্যসমূহ ৰাখিবলৈ প্ৰচেষ্টা কৰিছেনে? উদাহৰণস্বৰূপে, ঘৰে-ঘৰে কৰা প্ৰচাৰ কাৰ্য্যত একেই ধৰণে প্ৰস্তুতিকৰণক ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে কোনো নতুন প্ৰস্তুতিকৰণ তৈয়াৰ কৰিবলৈ পিতৃ-মাতৃ বা অন্য অভিজ্ঞতা থকা ভাই-ভনীসকলক সোধক। কেনেকৈ কাৰ্য্যকাৰীতাৰে বাইবেলখন ব্যৱহাৰ, পুনৰ সাক্ষাৎ আৰু বাইবেল অধ্যয়ন পৰিচালিত কৰিব পাৰে, সেই বিষয়ে শিকিবলৈ চেষ্টা কৰক। (১ তীমথিয় ৪:১৫) আপুনি যিমানেই যিহোৱাৰ প্ৰশংসা কৰিবলৈ এনে সুযোগবোৰ গ্ৰহণ কৰিব, সিমানেই কাৰ্য্যকাৰীভাৱে প্ৰচাৰ কাৰ্য্যত ভাগ লৈ আনন্দিত হʼব।

আপুনি কেতিয়া যিহোৱাৰ প্ৰশংসা কৰিবলৈ আৰম্ভ কৰা উচিত?

২০. যিহোৱাৰ প্ৰশংসা কৰা সম্বন্ধে কিশোৰ-কিশোৰীসকলে নিজকে অযোগ্য বুলি ভবাটো কিয় উচিত নহয়?

২০ এই তৃতীয় আৰু শেষ প্ৰশ্নটোৰ উত্তৰ একেবাৰে সহজ। এই সম্বন্ধে বাইবেলে পোনপটীয়াকৈ কি কৈছে, সেই বিষয়ে লক্ষ্য কৰক। ইয়াত এইদৰে কৈছে: “তুমি যৌৱন-কালত তোমাৰ সৃষ্টিকৰ্ত্তাক সোঁৱৰা।” (উপদেশক ১২:৭) দৰাচলতে, এতিয়াই হৈছে যিহোৱাৰ প্ৰশংসা কৰাৰ সময়। ইয়াৰ বিপৰীতে বেছিভাগে এইদৰে কয় যে, “মই এতিয়াও সৰু হৈ আছোঁ আৰু মোৰ কোনো অভিজ্ঞতা নাই। এতেকে মই ডাঙৰ নোহোৱালৈকে অপেক্ষা কৰিম।” কিন্তু আপুনি তেনেদৰে ভবাটো উচিত নহয়। কিয়নো আপোনাৰ দৰে যিৰিমিয়াও এইদৰে কৈছিল: “হায় হায় প্ৰভু যিহোৱা, চোৱা, মই কথা কব নাজানো; কিয়নো মই লৰা মানুহ।” তেতিয়া যিহোৱাই আশ্বাস দি তেওঁক সাহসী কৰি তুলিলে। (যিৰিমিয়া ১:৬, ৭) সেইদৰে আমিও নিৰ্ভয়ে যিহোৱাৰ প্ৰশংসা কৰিবলৈ আগবাঢ়ি অহা উচিত। তদুপৰি আমাক এনে কোনো সমস্যাই অনিষ্ট সাধিব নোৱাৰিব যাক যিহোৱা ঈশ্বৰে সমাধান কৰিব নোৱাৰে।—গীত ১১৮:৬.

২১, ২২. কিশোৰ-কিশোৰীসকলক কিয় নিয়ৰৰ টোপালৰ সৈতে তুলনা কৰিছে আৰু তেনেদৰে তুলনা কৰাটো কিয় এক উৎসাহজনক বিষয়?

২১ সেইবাবে আমি কিশোৰ-কিশোৰীসকলক উৎসাহিত কৰি এইদৰে কʼব বিচাৰিছোঁ: আপোনালোকে যিহোৱাৰ প্ৰশংসা কৰিবলৈ সংকোচ বোধ নকৰিব! কিয়নো এইয়ে হৈছে এক গুৰুত্বপূৰ্ণ বিশেষাধিকাৰত ভাগ লোৱাৰ উত্তম সুযোগ। আপোনালোকে এই বিশেষাধিকাৰত ভাগ লৈ যিহোৱাৰ প্ৰশংসা কৰি আন্তঃৰাষ্ট্ৰীয় পৰিয়ালৰ এজন সদস্য হৈ পৰিব। আপোনালোকক সেই পৰিয়ালৰ এজন সদস্য হোৱা দেখি যিহোৱাই অতি আনন্দিত হয়। লক্ষ্য কৰক যে যিহোৱাক সম্বোধিত কৰি লিখা গীতমালা ৰচোঁতাজনে কি কৈছিল। তেওঁ এইদৰে কৈছিল: “তোমাৰ পৰাক্ৰমৰ দিনত তোমাৰ প্ৰজাবিলাক ইচ্ছামতে দিয়া উপহাৰস্বৰূপ হব, প্ৰভাতৰূপ গৰ্ভৰ পৰা জন্মা নিয়ৰৰ নিচিনা তোমাৰ ডেকাবিলাক পবিত্ৰ বস্ত্ৰেৰে ভূষিত হৈ তোমাৰ ওচৰলৈ আহিব।”—গীত ১১০:৩.

২২ সূৰ্য্যৰ পোহৰত জিলিকি উঠা নিয়ৰৰ টোপালবোৰে এক মনোৰম দৃশ্যৰ সৃষ্টি নকৰেনে? সিহঁত দেখাত প্ৰণোদিত, উজ্জ্বল আৰু অসংখ্য। সেই একেইদৰে যিহোৱাই তেওঁৰ প্ৰশংসা কৰা কিশোৰ-কিশোৰীসকলকো দৃষ্টি কৰে। নিঃসন্দেহ, তেওঁৰ প্ৰশংসা কৰাৰ সম্বন্ধে থকা আপোনালোকৰ ইচ্ছাক দেখি যিহোৱাই অতি আনন্দিত হয়। (হিতোপদেশ ২৭:১১) তেনেহʼলে কিশোৰ-কিশোৰীসকল, আপোনালোকে যিহোৱাৰ প্ৰশংসা কৰিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা কৰা উচিত! (w05 6/15)

আপুনি কেনেকৈ উত্তৰ দিব?

• যিহোৱাৰ প্ৰশংসা কৰা কিছুমান গুৰুত্বপূৰ্ণ কাৰণ কি?

• বাইবেলৰ কেনে বৃতান্তবোৰে দেখুৱাইছে যে কিশোৰ-কিশোৰীসকলে কাৰ্য্যকাৰীতাৰে যিহোৱাৰ প্ৰশংসা কৰিব পাৰে?

• বৰ্তমান সময়ত কিশোৰ-কিশোৰীসকলে কেনেকৈ যিহোৱাৰ প্ৰশংসা কৰিব পাৰে?

• কেতিয়া কিশোৰ-কিশোৰীসকলে যিহোৱাৰ প্ৰশংসা কৰা উচিত আৰু কিয়?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]