Skip to content

Skip to table of contents

পিতৃ-মাতৃয়ে পৰিয়ালৰ আৱশ্যকতাবোৰ পূৰ্ণ কৰে

পিতৃ-মাতৃয়ে পৰিয়ালৰ আৱশ্যকতাবোৰ পূৰ্ণ কৰে

পিতৃ-মাতৃয়ে পৰিয়ালৰ আৱশ্যকতাবোৰ পূৰ্ণ কৰে

“কোনোৱে যদি আপোন লোকৰ, . . . চিন্তা নকৰে, তেন্তে তেওঁ বিশ্বাস অস্বীকাৰ কৰিলে।”—১ তীমথিয় ৫:৮.

১, ২. (ক) পৰিয়ালবোৰক সভাত একেলগে উপস্থিত থকা দেখিবলৈ পোৱাটো কিয় এক উৎসাহজনক বিষয়? (খ) সময়মতে সভাত উপস্থিত হʼবলৈ পৰিয়ালবোৰে কেনে সমস্যাবোৰৰ সম্মুখীন হয়?

 যদি আপুনি সভা আৰম্ভ হোৱাৰ পূৰ্বে ৰাজ্যগৃহৰ ভিতৰত দৃষ্টি কৰে, তেন্তে পৰিপাটিকৈ সাজ-পোচাক পৰিধান কৰা কণ কণ লʼৰা-ছোৱাবিলাকক নিজ নিজ পিতৃ-মাতৃৰ সৈতে বহি থকা দেখিবলৈ পাব। তেনে পৰিয়ালবোৰত পৰস্পৰে ইজনে সিজনৰ মাজত আৰু যিহোৱাৰ প্ৰতি থকা প্ৰেমৰ আভাস দেখিবলৈ পোৱা নাযায়নে? তেওঁলোকে সময়মতে সভাবোৰত উপস্থিত থাকিবলৈ যি প্ৰচেষ্টা আৰু ত্যাগ কৰে, সেইয়া সহজে আমাৰ চকুত নপৰিব পাৰে।

বেছিভাগ ক্ষেত্ৰত পিতৃ-মাতৃসকলে গোটেই দিনটো, বিশেষকৈ সভাৰ দিনবোৰত অধিককৈ ব্যস্ত থকা দেখিবলৈ পোৱা যায়। হয়তো পৰিয়ালৰ বাবে আহাৰ ৰন্ধা আৰু ঘৰৰ আন আন কামবোৰ কৰিবলগীয়া হয়। দৰাচলতে, লʼৰা-ছোৱালীবিলাকক পৰিষ্কাৰ ৰাখা, খোৱা-বোৱা আৰু সভাৰ বাবে সাজু কৰাটো হৈছে এক গম্ভীৰ দায়িত্ব। তদুপৰি অপ্ৰত্যাশিতভাৱে লʼৰা-ছোৱালীৰ সৈতে হোৱা কোনো সমস্যাবোৰে পিতৃ-মাতৃক বিপাঙত পেলাব পাৰে। উদাহৰণস্বৰূপে, খেলাৰ সময়ত ডাঙৰ লʼৰাটোৱে পৰিধান কৰা কাপোৰজোৰ লেতেৰা বা ফাটি যোৱা, সৰুটোৱে যʼতে ততে খোৱা বস্তু পেলাই ঘৰখন লেতেৰা বা হাই-কাজিয়া কৰা, ইত্যাদি। (হিতোপদেশ ২২:১৫) এনে ধৰণৰ অপ্ৰত্যাশিত পৰিস্থিতিৰ কেনে পৰিণাম হʼব পাৰে? আনকি অনুশাসিত পৰিয়ালতো তেনে ধৰণৰ সমস্যা দেখিবলৈ পোৱা যায়। তথাপিও তেওঁলোকে সভা আৰম্ভ হোৱাৰ পূৰ্বে উপস্থিত হʼবলৈ প্ৰচেষ্টা কৰে। তেওঁলোকৰ এনে প্ৰচেষ্টা লʼৰা-ছোৱালীয়ে সম্পূৰ্ণকৈ বুজ হৈ যিহোৱাক ব্যক্তিগতৰূপে সেৱা নকৰালৈকে চলি থাকে। গতিকে পিতৃ-মাতৃসকলৰ তেনে প্ৰচেষ্টা দেখিবলৈ পোৱাটো বাস্তৱতে এক উৎসাহজনক বিষয় নহয়নে বাৰু!

৩. যিহোৱাৰ দৃষ্টিত যে পৰিয়ালবোৰ বহুমূলীয়া, সেই বিষয়ে আমি কেনেকৈ জানিব পাৰোঁ?

আপোনালোকে বহন কৰা এই দায়িত্ব যদিও এক প্ৰত্যাহ্বান আৰু ক্লান্তদায়ক, তথাপিও আশ্বাস ৰাখক যে যিহোৱা ঈশ্বৰে এনে প্ৰচেষ্টাক গভীৰভাৱে মূল্যাঙ্কন কৰে। কিয়নো তেওঁ হৈছে পৰিয়াল ব্যৱস্থাৰ প্ৰতিস্থাপক। সেইকাৰণে তেওঁৰ বাক্য বাইবেলত কৈছে যে প্ৰত্যেক পৰিয়ালে “পিতৃৰ নাম” অৰ্থাৎ যিহোৱা ঈশ্বৰৰ নামৰ অস্তিত্বৰ বিষয়ে নিৰ্দ্দেশিত কৰে। (ইফিচীয়া ৩:১৪, ১৫) আপোনালোকে নিজ নিজ দায়িত্ব সম্পন্ন কৰিবলৈ যি প্ৰচেষ্টা কৰে, সেইয়া সৰ্ব্বোপৰিজনাৰ নাম মহিমান্বিত কৰে। (১ কৰিন্থীয়া ১০:৩১) এনে দায়িত্ব বহন কৰিবলৈ পোৱাটো আপোনালোকৰ বাবে এক মহান বিশেষাধিকাৰ নহয়নে? সেইবাবে যিহোৱাৰ পৰা পোৱা এই দায়িত্বৰ বিষয়ে পিতৃ-মাতৃসকলে গভীৰতাৰে বিবেচনা কৰাটো এক আৱশ্যকীয় বিষয়। এই লেখটোত আমি পৰিয়ালৰ আৱশ্যকতাসমূহৰ প্ৰতি থকা দায়িত্বৰ বিষয়ে আলোচনা কৰিম। এতিয়া আঁহক আমি ইয়াৰ তিনটাৰ বিষয়ে আলোচনা কৰোঁহঁক।

ভৌতিক আৱশ্যকতাৰ প্ৰবন্ধ কৰা

৪. পৰিয়ালত লʼৰা-ছোৱালীৰ আৱশ্যকতাসমূহক চোৱা-চিতা কৰিবলৈ যিহোৱা ঈশ্বৰে কেনে প্ৰবন্ধ কৰিছে?

এই সম্পৰ্কে পাঁচনি পৌলে এইদৰে লিখিছিল: “কোনোৱে যদি আপোন লোকৰ, বিশেষকৈ নিজৰ ঘৰৰ পৰিয়ালৰ নিমিত্তে চিন্তা নকৰে, তেন্তে তেওঁ বিশ্বাস অস্বীকাৰ কৰিলে, আৰু অবিশ্বাস কৰা লোকতকৈয়ো অধম।” (১ তীমথিয় ৫:৮) ইয়াত তেওঁ “কোনোৱে” বুলি কোৱাৰ অৰ্থ কি আছিল? দৰাচলতে, তেওঁ পৰিয়ালত মূৰস্বৰূপে থকা ব্যক্তিবিলাক অৰ্থাৎ পিতৃসকলৰ বিষয়ে দাঙি ধৰিছিল। তথাপিও ঈশ্বৰে স্ত্ৰীবিলাকক নিজ নিজ স্বামীৰ প্ৰকৃত সহায়ক হʼবলৈ এক সন্মানীয় বিশেষাধিকাৰ প্ৰদান কৰিছে। (আদিপুস্তক ২:১৮) বাইবেলৰ সময়ত স্ত্ৰীসকলে নিজ নিজ স্বামীৰ সৈতে পৰিয়ালৰ আৱশ্যকতাসমূহ পূৰ্ণ কৰাত সহায় কৰিছিল। (হিতোপদেশ ৩১:১৩, ১৪, ১৬) বৰ্তমান সময়ত একজনক পিতৃ বা মাতৃয়ে নিজৰ লʼৰা-ছোৱালীক চোৱা-চিতা কৰাটো এক সাধাৰণ বিষয় হৈ পৰিছে। a বহুতো খ্ৰীষ্টান একজনক পিতৃ বা মাতৃয়ে নিজৰ পৰিয়ালৰ আৱশ্যকতাসমূহৰ চোৱা-চিতা উত্তমৰূপে কৰিছে। যিয়েই নহওঁক, পৰিয়ালত পিতৃ-মাতৃ উভয়ে সহায় কৰা আৱশ্যক আৰু এই বিষয়ে আগভাগ লোৱাটো বিশেষকৈ পিতৃৰ দায়িত্ব।

৫, ৬. (ক) পৰিয়ালক ভৌতিকৰূপে চোৱা-চিতা কৰিবলৈ চেষ্টা কৰাসকলে কেনে ধৰণৰ প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ সম্মুখীন হৈছে? (খ) কেনে মনোবৃত্তি বজাই ৰাখি গ্ৰহণ কৰা বৃত্তিয়ে প্ৰকৃত খ্ৰীষ্টানসকলক পৰিয়ালৰ চোৱা-চিতা কৰিবলৈ সহায় কৰিব পাৰে?

প্ৰথম তীমথিয় ৫:৮ পদত পাঁচনি পৌলে কিহৰ আৱশ্যকতাসমূহৰ বিষয়ে কৈছিল? এই পদটোৰ আনুষঙ্গিক কথাৰ পৰা জানিব পৰা যায় যে তেওঁ পৰিয়ালৰ ভৌতিক আৱশ্যকতাৰ বিষয়ে দাঙি ধৰিছিল। যিহেতু দিনে দিনে আৰ্থিক অৱস্থা, নিবনুৱা সমস্যাৰ বৃদ্ধি আৰু জীৱন-যাপন কৰা পদ্ধতি পৰিৱৰ্তন হৈ অহাৰ বাবে পৰিয়ালৰ চোৱা-চিতা কৰিবলৈ এজন পিতৃয়ে বহুতো প্ৰত্যাহ্বানৰ সম্মুখীন হʼবলগীয়া হয়। তেনে প্ৰত্যাহ্বানজনক পৰিস্থিতিত নিজৰ পৰিয়ালক ভৰণ-পোষণ দিবলৈ এজন পিতৃক কিহে সহায় কৰিব পাৰে?

ভৰণ-পোষণ দিওঁতাজনে সদায়ে মনত ৰাখা উচিত যে তেওঁ বহন কৰা এই দায়িত্ব যিহোৱা ঈশ্বৰে প্ৰদান কৰা নিযুক্তি। পাঁচনি পৌলে লিখা প্ৰেৰিত বাক্যবোৰৰ অনুসাৰে যি ব্যক্তিয়ে এই আজ্ঞাক ইচ্ছাকৃতভাৱে উলঙ্ঘন কৰে তেওঁ নিজৰ “বিশ্বাস অস্বীকাৰ কৰিলে” বুলি কোৱা হৈছে। এজন প্ৰকৃত খ্ৰীষ্টান পিতৃয়ে কোনোপধ্যেই এই আজ্ঞা উলঙ্ঘন কৰি ঈশ্বৰক অসন্তুষ্ট কৰাটো নিবিচাৰিব। কিন্তু দুখৰ বিষয় এই যে আজি জগতত বহুতো লোকে পৰিয়ালৰ প্ৰতি “স্নেহহীন” হৈ পৰিছে। (২ তীমথিয় ৩:১, ৩) আনকি অধিক সংখ্যক পিতৃয়ে নিজৰ দায়িত্বৰ প্ৰতি অৱহেলা কৰি পৰিয়ালৰ চোৱা-চিতা কৰিবলৈ ত্যাগ দিছে। কিন্তু প্ৰকৃত খ্ৰীষ্টান পিতৃসকলে তেওঁলোকৰ দায়িত্বৰ প্ৰতি তেনে মনোবৃত্তি বিকশিত কৰাৰ পৰা আঁতৰি থাকে। তেওঁলোকে আনবিলাক ব্যক্তিৰ বিপৰীতে বাইবেলৰ নিয়ম ভঙ্গ নকৰা সকলো ধৰণৰ উচ্চ বা নিম্ন বৃত্তি গ্ৰহণ কৰি পৰিয়ালৰ চোৱা-চিতা কৰিবলৈ প্ৰচেষ্টা কৰিছে।

৭. পিতৃসকলৰ বাবে কিয় যীচুৰ আৰ্হিক অনুকৰণ কৰাটো ব্যৱহাৰিক?

পৰিয়ালৰ মূৰস্বৰূপে থকা ব্যক্তিসকলে যীচুৰ আৰ্হিক অনুকৰণ কৰিও লাভৱান হʼব পাৰে। লক্ষ্য কৰক যে বাইবেলে যীচুক আমাৰ “অনন্তকালস্থায়ী পিতৃ” হিচাপে সম্বোধিত কৰিছে। (যিচয়া ৯:৬, ৭) ‘প্ৰথম আদমৰ’ সলনি “শেষৰ আদম” অৰ্থাৎ যীচুত বিশ্বাস কৰা সকলৰ বাবে তেওঁ পিতৃস্বৰূপ হৈছে। (১ কৰিন্থীয়া ১৫:৪৫) তেওঁ আদমৰ দৰে স্বাৰ্থপৰ নহয় কিন্তু এজন আদৰ্শনীয় পিতৃস্বৰূপে প্ৰমাণিত হৈছে। এই সম্পৰ্কে আমি বাইবেলত এইদৰে পঢ়িবলৈ পাওঁ: “তেওঁ আমাৰ কাৰণে নিজৰ প্ৰাণ দিয়াতেই, আমি প্ৰেমৰ তত্ত্ব জানিবলৈ পালোঁ।” (১ যোহন ৩:১৬) সঁচাকৈ তেওঁ আনৰ হিতৰ বাবে নিজৰ জীৱন বলিদানৰূপে দিবলৈ পিছনুহুঁহকিলে। আনকি তেওঁ নিজতকৈ অধিক আনৰ দৈনিক আৱশ্যকতাসমূহক প্ৰথম স্থান দিছিল। গতিকে পিতৃসকল, আপোনালোকে তেওঁৰ এনে আত্মবলিদান মনোবৃত্তিক অনুকৰণ কৰা অতি আৱশ্যক।

৮, ৯. (ক) চৰাইবোৰে নিস্বাৰ্থৰে নিজৰ পোৱালীবোৰৰ চোৱা-চিতা কৰাৰ সম্বন্ধে পিতৃসকলে কি শিকিব পাৰে? (খ) বহুতো খ্ৰীষ্টান পিতৃয়ে কেনেকৈ আত্মত্যাগ মনোবৃত্তি প্ৰকাশ কৰিছে?

বিপথে যোৱা ঈশ্বৰৰ লোকসকলক কোৱা যীচুৰ বাক্যবোৰৰ পৰা পিতৃসকলে শিকিব পাৰে, যাৰ বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “কুকুৰাই যেনেকৈ নিজৰ পোৱালিবোৰক ডেউকাৰ তলত চপাই লয়, তেনেকৈ ময়ো তোমাৰ সন্তান বিলাকক কিমানবাৰ চপাবলৈ ইচ্ছা কৰিলোঁ।” (মথি ২৩:৩৭) এই দৃষ্টান্তটোত যীচুৱে নিজৰ পোৱালীবোৰক পাখীৰ তলত নিৰাপত্তা প্ৰদান কৰা এজনী কুকুৰাৰ বিষয়ে দাঙি ধৰিছিল। তদুপৰি চৰাইবোৰে কেনেকৈ নিজৰ পোৱালীবোৰৰ দৈনিক আৱশ্যকতাবোৰৰ চোৱা-চিতা কৰে, সেইয়া বাস্তৱতে এক মনকৰিবলগীয়া বিষয়। সিহঁতে চিঞৰি থকা ভুকাতুৰ পোৱালীবোৰৰ আৱশ্যকতাসমূহ পূৰণ কৰিবলৈ ক্লান্ত হোৱাৰ স্বত্ত্বেও বাৰে বাৰে উৰি গৈ খাদ্য কঢ়িয়াই অনা দেখিবলৈ পোৱা যায়। তেনে ধৰণৰ অন্য বহুতো প্ৰাণীয়ে নিজৰ পোৱালীবোৰৰ চোৱা-চিতা কৰাত “অতিশয় জ্ঞানৱন্ত” হোৱা দেখিবলৈ পোৱা যায়।—হিতোপদেশ ৩০:২৪.

সেইদৰে বিশ্বজুৰি থকা প্ৰকৃত খ্ৰীষ্টান পিতৃসকলে নিজৰ পৰিয়ালৰ চোৱা-চিতা কৰিবলৈ অধিক ত্যাগ কৰিবলগীয়া হয়।। আপোনালোকে হয়তো লʼৰা-ছোৱালীক নিৰাপত্তা দিবলৈ বিপদৰ সম্মুখীন হʼবলৈও পিছহুঁহকা নাই। তদুপৰি আপোনালোকে নিজৰ বাবেও বহুতো ত্যাগ কৰিবলগীয়া হয়। আনকি আপোনালোকৰ কিছুমানে ৰাতিপূৱা সোনকালে উঠি চাকৰিলৈ গৈ অধিক পৰিশ্ৰম কৰিবলগীয়া হৈছে, যাতে পৰিয়ালৰ বাবে পুষ্টিকৰ খাদ্যৰ যোগান ধৰিব পাৰে। ইয়াৰ উপৰিও তেওঁলোকৰ কাপোৰ-কানি, আৰামদায়ক ঘৰ-দুৱাৰ আৰু শিক্ষা আদিৰ বাবে চোৱা-চিতা কৰিবলগীয়া হৈছে। তেনে ধৰণৰ আত্মবলিদান আপোনালোকে হয়তো দিন, মাহ আৰু বছৰ ধৰি কৰি আহিছে। আপোনালোকৰ তেনে ত্যাগ আৰু ধৈৰ্য্য দেখি যিহোৱাই অৱশ্যেই আনন্দিত হয়! (ইব্ৰী ১৩:১৬) তথাপিও আপোনালোকে নিজৰ চোৱা-চিতা কৰাৰ সম্বন্ধে থকা আন আৱশ্যকীয় বিষয়বোৰ যেন পাহৰি নাযায়।

আধ্যাত্মিক আৱশ্যকতাৰ প্ৰবন্ধ কৰা

১০, ১১. মানুহৰ বাবে সকলোতকৈ আৱশ্যকীয় বিষয়টো কি আৰু খ্ৰীষ্টান পিতৃসকলে নিজৰ লʼৰা-ছোৱালীৰ আধ্যাত্মিক আৱশ্যকতাসমূহ পূৰণ কৰিবলৈ কি কৰিব পাৰে?

১০ ভৌতিক আৱশ্যকতাতকৈ আধ্যাত্মিক বিষয়ে চোৱা-চিতা কৰাটো অধিক গুৰুত্বপূৰ্ণ বিষয়। এই সম্বন্ধে যীচুৱে এইদৰে কৈছিল: “মানুহ কেৱল পিঠাৰেই নিজীব, কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্যেৰেহে জীব, এই বুলি লিখা আছে।” (মথি ৪:৪; ৫:৩) আধ্যাত্মিক আৱশ্যকতাৰ বিষয়ে চোৱা-চিতা কৰিবলৈ আপোনালোকে কি কৰিব পাৰে?

১১ এই সম্বন্ধে হয়তো দ্বিতীয় বিবৰণ ৬:৫-৭ পদটো সঘনাই উদ্ধৃত কৰা হয়। অনুগ্ৰহ কৰি আপুনি সেই পদবোৰ পঢ়ি চাওক। লক্ষ্য কৰক যে তাত পিতৃসকলক নিজৰ আধ্যাত্মিকতা, যিহোৱাৰ প্ৰতি প্ৰেম বিকশিত আৰু তেওঁৰ বাক্যবোৰক হৃদয়ত লিখি ৰাখিবলৈ কোৱা হৈছে। বাস্তৱতে আপোনালোকে যিহোৱাৰ পথ, সিদ্ধান্ত আৰু বিধিবোৰক ভালকৈ বুজিবলৈ আৰু সেইবোৰক প্ৰেম কৰিবলৈ তেওঁৰ বাক্যক নিতৌ পঢ়া আৰু মনোযোগ দিয়া উচিত। ফলস্বৰূপে, আপোনালোকৰ হৃদয় তেওঁৰ বাক্যৰ সত্যতাৰে উপচি পৰিব যি আপোনালোকক যিহোৱাৰ প্ৰতি প্ৰেম আৰু আদৰ প্ৰকাশ কৰি আনন্দিত হʼবলৈ প্ৰেৰিত কৰিব। তদুপৰি আপোনালোকে নিজৰ লʼৰা-ছোৱালীক প্ৰচুৰমাত্ৰাত আধ্যাত্মিক জ্ঞান বিতৰণ কৰিবলৈ সক্ষম হʼব।—লূক ৬:৪৫.

১২. লʼৰা-ছোৱালীক যত্নেৰে বাইবেলৰ সত্যতা শিকাবলৈ পিতৃসকলে কেনেকৈ যীচুক অনুকৰণ কৰিব পাৰে?

১২ আধ্যাত্মিকভাৱে স্থিৰ থকা পিতৃসকলে নিজৰ লʼৰা-ছোৱালীক “যত্নেৰে” ঈশ্বৰৰ বাক্যক শিকাবলৈ দ্বিতীয় বিবৰণ ৬:৭ পদৰ পৰামৰ্শটো সকলো সুযোগতে পালন কৰিব বিচাৰিব। তেওঁলোকক “যত্নেৰে” শিকোৱাৰ অৰ্থ হৈছে সঘনাই ঈশ্বৰৰ বাক্যৰ বিষয়ে কোৱা আৰু শিক্ষা প্ৰদান কৰা। যিহোৱাই ভালদৰে জানে যে আমি সকলোৱে, বিশেষকৈ লʼৰা-ছোৱালীক বাৰম্বাৰ শিক্ষা দিয়া প্ৰয়োজন। সেইবাবে যীচুৱেও বাৰম্বাৰ প্ৰচাৰ কাৰ্য্য কৰিছিল। উদাহৰণস্বৰূপে, শিষ্যবিলাকক নম্ৰতাৰ সম্বন্ধে শিক্ষা দিয়াৰ সময়ত তেওঁ এটা সিদ্ধান্তক বিভিন্ন ধৰণে দাঙি ধৰিছিল। ইয়াক তেওঁ যুক্তি, দৃষ্টান্ত আৰু প্ৰদৰ্শনৰ দ্বাৰা প্ৰকাশ কৰি দেখুৱালে। (মথি ১৮:১-৪; ২০:২৫-২৭; যোহন ১৩:১২-১৫) উল্লেখ্য যে, তেওঁ কেতিয়াও ধৈৰ্য্যহীন হৈ পৰা নাছিল। ঠিক সেইদৰে পিতৃসকলেও ধৈৰ্য্যৰে নিজৰ লʼৰা-ছোৱালীক বাইবেলৰ মূল বিষয়বোৰ আৰু তেওঁলোকৰ মনত ঈশ্বৰৰ সিদ্ধান্তবোৰৰ প্ৰভাৱ নপৰালৈকে শিকোৱা আৱশ্যক।

১৩, ১৪. পিতৃসকলে কেনে উপলক্ষ্যবোৰত নিজৰ লʼৰা-ছোৱালীক যত্নেৰে বাইবেল সত্যতাৰ বিষয়ে শিক্ষা প্ৰদান আৰু ইয়াৰ বাবে তেওঁলোকে কেনে প্ৰকাশনবোৰ ব্যৱহাৰ কৰিব পাৰে?

১৩ পৰিয়াল অধ্যয়নৰ সময়ছোৱা হৈছে লʼৰা-ছোৱালীক প্ৰশিক্ষণ দিয়াৰ উত্তম সময়। নিতৌ উৎসাহ আৰু আনন্দেৰে পৰিচালিত কৰা বাইবেল অধ্যয়ন হৈছে পৰিয়ালৰ আধ্যাত্মিকতা বজাই ৰখা এক প্ৰমুখ কাৰণ। গোটেই বিশ্বত থকা খ্ৰীষ্টান পৰিয়ালসমূহে পৰিস্থিতিৰ অনুসাৰে যিহোৱাৰ সংগঠনৰ দ্বাৰা প্ৰকাশ কৰা প্ৰকাশনবোৰ পৰিয়াল অধ্যয়নত ব্যৱহাৰ কৰি আনন্দিত হয়। যিদৰে যুৱক-যুৱতীসকলে সোধা প্ৰশ্নৰ ব্যৱহাৰিক উত্তৰ নামৰ কিতাপখনে এক উত্তম ফলাফল কঢ়িয়াই আনিছে, সেইদৰে মহান শিক্ষকজনৰ পৰা শিক্ষা লাভ কৰা কিতাপখনেও ব্যৱহাৰিকৰূপে প্ৰমাণিত হৈছে। b তথাপিও যত্নেৰে শিকাব পৰা একমাত্ৰ সুযোগ যে কেৱল পৰিয়াল অধ্যয়নতহে পোৱা যায়, এনে নহয়।

১৪ আন বহুতো উপলক্ষ্যত আপোনালোকে নিজৰ লʼৰা-ছোৱালীক আধ্যাত্মিক বিষয়ে যে শিক্ষা প্ৰদান কৰিব পাৰে, সেই বিষয়ে দ্বিতীয় বিবৰণ ৬:৭ পদত উল্লেখ কৰিছে। হয়তো একেলগে যাত্ৰা, কাম কৰা বা জিৰণি লোৱাৰ সময়ত তেনে শিক্ষা দিব পাৰি। কিন্তু সদায়ে মনত ৰাখা উচিত যে তেনে উপলক্ষ্যবোৰ নিৰন্তৰে “ভাষণ” দি থকা উদ্দেশ্যৰে হʼব নালাগে। তাৰ পৰিৱৰ্তে উৎসাহ আৰু আধ্যাত্মিকভাৱে গঢ়ি তুলা উদ্দেশ্যৰে পৰিয়ালত কথোপকথন হোৱা উচিত। উদাহৰণস্বৰূপে, এই বিষয়ে সচেতন! আলোচনীখনত বিভিন্ন প্ৰকাৰৰ লেখবোৰ ছপোৱা হৈছে। কথোপকথনৰ সময়ত হয়তো তেনে লেখবোৰত থকা প্ৰাণীজগত, প্ৰাকৃতিক সৌন্দৰ্য্যতা, মানৱ জীৱনৰ ভিন্ন সংস্কৃতি আৰু শিক্ষা-দীক্ষাৰ বিষয়ে আলোচনা কৰাটো উত্তম হʼব। তেনে ধৰণৰ কথোপকথনে হয়তো লʼৰা-ছোৱালীবিলাকক বিশ্বাসী আৰু বুদ্ধিমান দাসে প্ৰবন্ধ কৰা প্ৰকাশনবোৰ অধিক আগ্ৰহেৰে পঢ়িবলৈ প্ৰেৰিত কৰিব।—মথি ২৪:৪৫-৪৭.

১৫. পৰিচৰ্য্যা কাৰ্য্যত ভাগ লৈ উৎসাহ আৰু আত্ম-সন্তুষ্টিৰ অভিজ্ঞতা লাভ কৰিবলৈ পিতৃসকলে লʼৰা-ছোৱালীবিলাকক কেনেকৈ সহায় কৰিব পাৰে?

১৫ লʼৰা-ছোৱালীবিলাকৰ সৈতে হোৱা তেনে উৎসাহজনক কথোপকথনৰ দ্বাৰা অন্য এক আধ্যাত্মিক আৱশ্যকতা পূৰণ কৰিব পাৰি। তেওঁলোকে আনৰ সৈতে কাৰ্য্যকাৰীভাৱে নিজৰ বিশ্বাসৰ বিষয়ে কেনেকৈ কʼব পাৰে, সেই সম্পৰ্কে শিকোৱা উচিত। তেওঁলোকৰ সৈতে প্ৰহৰীবুৰুজ বা সচেতন! আলোচনীৰ পৰা কোনো আগ্ৰহী বিষয়ে কথোপকথন হোৱাৰ সময়ত পৰিচৰ্য্যা কাৰ্য্যৰ সৈতে জড়িত থকা সম্বন্ধে দাঙি ধৰিব পাৰে। হয়তো আপুনি এইদৰে সুধিব পাৰে: “যিহোৱাৰ বিষয়ে অধিক সংখ্যক লোকে জ্ঞান পোৱাটো উত্তম বুলি নাভাবানে? এই বিষয়ে কোনোবাই আগ্ৰহী হʼব বুলি তুমি কেনেকৈ জানিব পাৰা?” তেনে ধৰণৰ আলোচনাই লʼৰা-ছোৱালীবিলাকক নিজৰ বিশ্বাসৰ বিষয়ে আনক জনাবলৈ আগ্ৰহী কৰি তুলিব পাৰে। আনকি পৰিচৰ্য্যা কাৰ্য্যত আপুনি কেৱল কথাৰেই নহয়, কিন্তু কাৰ্য্যৰ দ্বাৰাও যে উত্তম আৰ্হি ৰাখে সেই বিষয়ে লʼৰা-ছোৱালীয়ে একেলগে প্ৰচাৰ কাৰ্য্যত ভাগ লৈ নিজেই উপলব্ধি কৰিব পাৰে। তদুপৰি উৎসাহী হৈ প্ৰচাৰ কাৰ্য্যত ভাগ লৈ এক প্ৰকাৰৰ আত্ম-সন্তুষ্টি পোৱা যায়, সেই বিষয়ে জানিব পাৰিব।—পাঁচনিৰ কৰ্ম্ম ২০:৩৫.

১৬. পিতৃয়ে কৰা প্ৰাৰ্থনাৰ পৰা লʼৰা-ছোৱালীবিলাকে কি শিকিব পাৰে?

১৬ প্ৰাৰ্থনা কৰাৰ দ্বাৰাও পিতৃসকলে তেওঁলোকৰ আধ্যাত্মিক আৱশ্যকতাবোৰ পূৰণ কৰিব পাৰে। প্ৰাৰ্থনাৰ সম্বন্ধে যীচুৱে শিষ্যবিলাকক বহুতো শিক্ষা দিছিল আৰু বিভিন্ন উপলক্ষ্যত তেওঁলোকৰ সৈতে একেলগে প্ৰাৰ্থনা কৰিছিল। (লূক ১১:১-১৩) কল্পনা কৰক যে তেওঁলোকে ঈশ্বৰৰ পুত্ৰৰ সৈতে প্ৰাৰ্থনাত ভাগ লʼবলৈ পাই কিমান যে লাভৱান হৈছিল! সেইদৰে লʼৰা-ছোৱালীবিলাকে আপোনাৰ সৈতে প্ৰাৰ্থনাত ভাগ লৈ ভালেখিনি শিকিব পাৰিব। উদাহৰণস্বৰূপে, যিহোৱাৰ ইচ্ছা এই যে আমি যেন সম্পূৰ্ণ মনেৰে প্ৰাৰ্থনা কৰোঁ আৰু সকলো সমস্যাৰ বিষয়ে তেওঁক জনাওঁ। দৰাচলতে, আপুনি কৰা প্ৰাৰ্থনাৰ দ্বাৰা লʼৰা-ছোৱালীবিলাকে এই সত্যতাৰ বিষয়ে শিকিব পাৰিব: সত্যতা শিকাৰ দ্বাৰা তেওঁলোকে স্বৰ্গত থকা পিতৃৰ সৈতে এক নিবিঢ় সম্পৰ্ক গঢ়ি তুলিব পাৰিব।—১ পিতৰ ৫:৭.

আৱেগীক আৱশ্যকতা পূৰণ কৰা

১৭, ১৮. (ক) সন্তানসকলৰ প্ৰতি দেখুৱা প্ৰেমৰ গুৰুত্বতাৰ বিষয়ে বাইবেলে কেনেকৈ দাঙি ধৰিছে? (খ) সন্তানসকলৰ প্ৰতি প্ৰেম দেখুৱাৰ সম্বন্ধে পিতৃসকলে যিহোৱাৰ আৰ্হিক কেনেকৈ অনুকৰণ কৰা উচিত?

১৭ লʼৰা-ছোৱালীবিলাকৰ আৱেগীক আৱশ্যকতা পূৰণ কৰাতো এক গুৰুত্বপূৰ্ণ বিষয়। আনকি এই সম্বন্ধে থকা গুৰুত্বতাৰ বিষয়ে ঈশ্বৰৰ বাক্যই দাঙি ধৰিছে। উদাহৰণস্বৰূপে, যুৱতী স্ত্ৰীবিলাকক “সন্তান-প্ৰিয়া” হʼবলৈ কোৱা হৈছে। তেনেদৰে কৰাৰ সময়ত এগৰাকী যুৱতী মাতৃয়ে “সুবিবেচক” হৈ কাৰ্য্য কৰা উচিত। (তীত ২:৪) অৱশ্যে, সন্তানৰ প্ৰতি প্ৰেম দেখুৱাটো হৈছে এক অত্যাৱশ্যকীয় বিষয়। কিয়নো এনে কৰাৰ দ্বাৰা লʼৰা বা ছোৱালীজনীয়ে প্ৰেম কৰিবলৈ শিকে আৰু ইয়ে তেওঁলোকৰ বাবে চিৰস্থায়ী লাভসমূহ কঢ়িয়াই আনে। কিন্তু ইয়াৰ বিপৰীতে কৰা কাৰ্য্যই লʼৰা-ছোৱালীক প্ৰেমৰ প্ৰতি অনুভূতিহীন কৰি তুলে আৰু আমাৰ অসিদ্ধতাৰ স্বত্বেও প্ৰেম দেখুৱা যিহোৱাক অনুকৰণ কৰাৰ পৰা অঁতৰাই নিয়ে।—গীত ১০৩:৮-১৪.

১৮ যিহোৱা ঈশ্বৰে স্বয়ং পৃথিৱীত থকা তেওঁৰ লোকসকলক প্ৰেম দেখুৱালৈ আগভাগ লয়। কিয়নো ১ যোহন ৪:১৯ পদত কৈছে যে, “তেৱেঁই প্ৰথমে আমাক প্ৰেম কৰিলে।” সেয়েহে পিতৃসকল, আপোনালোকে নিজৰ লʼৰা-ছোৱালীৰ সৈতে এক নিবিড় সম্পৰ্ক গঢ়ি তুলিবলৈ যিহোৱাৰ অনুকৰণ কৰা উচিত। কিয়নো বাইবেলে পৰামৰ্শ দিছে যে, পিতৃবিলাকে যেন লʼৰা-ছোৱালীক বিৰক্ত কৰি “নিৰাশ” কৰাৰ পৰা আঁতৰি থাকে। (কলচীয়া ৩:২১) কিছুমান বিষয়ে লʼৰা-ছোৱালীক, পিতৃ-মাতৃয়ে তেওঁলোকৰ প্ৰতি চিন্তা বা প্ৰেম নকৰা বুলি ভবাতকৈ অধিক বিৰক্তিজনক কৰি তুলিব পাৰে। যিসকল পিতৃয়ে নিজৰ অনুভূতি প্ৰকাশ কৰিবলৈ কুন্ঠাবোধ কৰে, তেওঁলোকে অৱশ্যেই যিহোৱা ঈশ্বৰৰ আৰ্হিক অনুকৰণ কৰা উচিত। যিহোৱাই স্বয়ং নিজ পুত্ৰ যীচুৰ প্ৰতি থকা প্ৰেম আৰু অনুমোদন প্ৰকাশ কৰিবলৈ স্বৰ্গৰ পৰা মাত লগাইছিল। (মথি ৩:১৭; ১৭:৫) ইয়াৰ দ্বাৰা যীচুৰ মনোবল বাস্তৱতে দৃঢ় হোৱা নাছিলনে বাৰু! সেই একেইদৰে পিতৃসকলে প্ৰকৃত প্ৰেম প্ৰকাশ আৰু প্ৰশংসা কৰিলে লʼৰা-ছোৱালীয়েও আৱেগীকভাৱে দৃঢ় হʼব।

১৯. অনুযোগ দিয়াটো কিয় এক গুৰুত্বপূৰ্ণ বিষয় আৰু এই সম্বন্ধে খ্ৰীষ্টান পিতৃ-মাতৃসকলে কেনে ভাৰসাম্যতা বজাই ৰাখা আৱশ্যক?

১৯ অৱশ্যে প্ৰেম কৰাটো কেৱল কথাৰে নহয়, কিন্তু কাৰ্য্যৰ দ্বাৰাও প্ৰকাশ কৰা উচিত। প্ৰধানকৈ পৰিয়ালৰ ভৌতিক আৰু আধ্যাত্মিক আৱশ্যকতাসমূহক পূৰণ কৰি কাৰ্য্যৰ দ্বাৰা প্ৰেম প্ৰকাশ কৰিব পাৰি। কিন্তু সেই কাৰ্য্য প্ৰেমেৰে প্ৰেৰিত হৈ কৰিছে বুলি লʼৰা-ছোৱালীয়ে স্পষ্টকৈ বুজি পোৱা উচিত। তদুপৰি অনুযোগ দিয়াটো হৈছে প্ৰেমৰ এক মুখ্য ভাগ। কিয়নো বাইবেলত কৈছে যে, ‘যিহোৱাই যাক প্ৰেম কৰে তেওঁক অনুযোগ দিয়ে।’ (ইব্ৰী ১২:৬) ইয়াৰ বিপৰীতে অনুযোগ নিদিয়াটোৱে দেখুৱাই যে তেওঁলোকে নিজৰ লʼৰা-ছোৱালীক প্ৰেম নকৰে। (হিতোপদেশ ১৩:২৪) এই সম্বন্ধে যিহোৱাই সদায়ে ভাৰসাম্যতা বজাই ৰাখি ‘সুবিচাৰেৰে অনুযোগ দিয়ে।’ (যিৰিমিয়া ৪৬:২৮) কিন্তু তেনে ধৰণৰ ভাৰসাম্যতা বজাই ৰাখাটো পিতৃ-মাতৃসকলৰ বাবে ইমান সহজ নহয়। তথাপিও তেনে ভাৰসাম্যতা বজাই ৰাখিবলৈ কৰা প্ৰচেষ্টাই সদায়ে উত্তম পৰিণাম কঢ়িয়াই আনে। প্ৰেম আৰু দৃঢ়তাৰে দিয়া অনুযোগে লʼৰা বা ছোৱালীজনীক আনন্দ আৰু সন্তুষ্টিৰে জীৱন-যাপন কৰিবলৈ সহায় কৰে। (হিতোপদেশ ২২:৬) লʼৰা-ছোৱালীক তেনে ভাৰসাম্যতাৰে অনুযোগ দিয়াটো প্ৰত্যেকজন পিতৃ বা মাতৃয়ে নিবিচাৰেনে?

২০. “জীৱনক মনোনীত” কৰিবলৈ পিতৃ-মাতৃসকলে কেনেকৈ নিজৰ লʼৰা-ছোৱালীক উত্তম সুযোগ প্ৰদান কৰিব পাৰে?

২০ আপোনালোকে যেতিয়া লʼৰা-ছোৱালীৰ ভৌতিক, আধ্যাত্মিক আৰু আৱেগীক আৱশ্যকতাসমূহৰ সম্বন্ধে দিয়া যিহোৱাৰ দায়িত্ববোৰ পালন কৰে, তেতিয়া উত্তম ফলাফল লাভ কৰিব। কিয়নো এনে কৰাৰ দ্বাৰা আপোনালোকে নিজৰ লʼৰা-ছোৱালীক “জীয়াই থাকিবলৈ জীৱনক” বাছনি কৰাত এক উত্তম সুযোগ প্ৰদান কৰে। (দ্বিতীয় বিবৰণ ৩০:২০) যিসকল লʼৰা-ছোৱালীয়ে যিহোৱাৰ সেৱা কৰিবলৈ নিৰ্ণয় লয় আৰু সেই পথত চলি থাকে, তেওঁলোকে নিজৰ পিতৃ-মাতৃৰ বাবে অধিক আনন্দ কঢ়িয়াই আনে। (গীত ১২৭:৩-৫) তেনে ধৰণৰ আনন্দ এদিনীয়া বা খন্তেকীয়া নহয় কিন্তু চিৰকলীয়া! তেনেহʼলে কিশোৰ বয়সীয়া লʼৰা-ছোৱালীয়ে এতিয়া কেনেকৈ যিহোৱাৰ মহিমা কৰিব পাৰে? এই প্ৰশ্নটোৰ উত্তৰ পৰৱৰ্তী লেখত আলোচনা কৰা হʼব। (w05 6/15)

[ফুটনোটবোৰ]

a এই লেখটোত পৰিয়ালৰ ভৰণ-পোষণ কৰাটো যে প্ৰধানকৈ পুৰুষসকলৰ দায়িত্ব, সেই বিষয়ে আলোচনা কৰা হʼব। তদুপৰি এই সিদ্ধান্তটো পৰিয়ালক চোৱা-চিতা কৰা খ্ৰীষ্টান স্ত্ৰীসকলৰ বাবেও একেইদৰে প্ৰযোজ্য হয়।

b যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত।

আপুনি কেনেকৈ উত্তৰ দিব?

পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীৰ

• ভৌতিক আৱশ্যকতাক চোৱা-চিতা কৰিবলৈ কি কৰিব পাৰে?

• আধ্যাত্মিক আৱশ্যকতাক চোৱা-চিতা কৰিবলৈ কি কৰিব পাৰে?

• আৱেগীক আৱশ্যকতাক চোৱা-চিতা কৰিবলৈ কি কৰিব পাৰে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১০ পৃষ্ঠাৰ ছবি]

বহুতো চৰায়ে পোৱালীবোৰৰ বাবে আহাৰ যোগান ধৰিবলৈ অধিক পৰিশ্ৰম কৰে