Skip to content

Skip to table of contents

পৰিশ্ৰমৰ প্ৰতি আপাতদৃষ্টি

পৰিশ্ৰমৰ প্ৰতি আপাতদৃষ্টি

পৰিশ্ৰমৰ প্ৰতি আপাতদৃষ্টি

“কেৱল কাম আৰু কাম! এতিয়াও কৰিবলৈ বহুতো উত্তম কাৰ্য্য আছে বুলি জনাটো বাস্তৱতে এক অতি আনন্দৰ বিষয়।”—কাথেৰীন্‌ মেনচ্‌ফিল্ড, লেখিকা (১৮৮৮-১৯২৩).

 আপুনিও পৰিশ্ৰম কৰাৰ প্ৰতি ওপৰত উল্লেখ কৰাৰ দৰে আদৰ্শপূৰ্ণ ধাৰণা ৰাখেনে? পৰিশ্ৰমৰ প্ৰতি আপুনি ব্যক্তিগতভাৱে কেনে দৃষ্টি ৰাখে? আপুনি ভাবেনে যে পৰিশ্ৰম কৰা সময়খিনি হৈছে সোমবাৰৰ পৰা লৈ শনিবাৰ বা দেওবাৰৰ মাজত সহন কৰিবলগীয়া এক কষ্টকৰ সময়? অথবা পৰিশ্ৰম কৰাটো আপোনাৰ বাবে এক বিৰক্তিকৰ হৈ পৰিছেনে?

বেছিভাগ লোকে অধিক সময় বিশ্বস্তভাৱে পৰিশ্ৰম কৰাত অতিবাহিত কৰে। পৰিশ্ৰমে নিৰ্ণয় কৰে যে আমি কʼত বাস আৰু কেনে প্ৰকাৰৰ জীৱন-শৈলী গ্ৰহণ কৰোঁ। ডেকা বয়সৰ পৰা লৈ অৱসৰ গ্ৰহণ কৰালৈকে বেছিভাগৰ বাবে পৰিশ্ৰম কৰাটো হৈছে একক বৃত্তি, যি তেওঁলোকৰ জীৱনৰ অধিক সময়ৰ ওপৰত কৰ্তৃত্ব কৰে। কিছুমানে কঠিন পৰিশ্ৰম কৰি অধিক আনন্দ পায়। আন কিছুমানে উপাৰ্জ্জন বা সন্মানৰ বাবে পৰিশ্ৰম কৰে। তদুপৰি এনে এছাম লোক আছে, যিসকলে পৰিশ্ৰম কৰাটো সময়ত কোনো কাৰ্য্য বা সময় নষ্ট কৰা বুলি লক্ষ্য কৰে।

ইয়াৰ উপৰিও এনে লোক আছে, যিসকলে পৰিশ্ৰম কৰিবলৈ জীৱিত আৰু আন কিছুমানে জীয়াই থাকিবলৈ পৰিশ্ৰম কৰে; অন্য এছাম লোকে পৰিশ্ৰম কৰি মৃত্যু হয়। উদাহৰণস্বৰূপে, অলপতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এটা ৰিপোৰ্টে কৈছে যে, “যুদ্ধ বা দ্ৰাগ্‌ছ সেৱন নতুবা সুৰাপান কৰি মৃত্যু হোৱা” লোকতকৈ পৰিশ্ৰম কৰি মৃত্যু হোৱা লোকসকলৰ সংখ্যা অধিক। এই বিষয়ে মন্তব্য দি লণ্ডনত প্ৰকাশ পোৱা দ্য গাৰ্ডিয়েন নামৰ বাতৰিকাকতখনে এইদৰে ৰিপোৰ্ট দিয়ে: “প্ৰত্যেক বছৰে ২০ লাখতকৈ অধিক লোকে চাকৰি সম্বন্ধীয় দুৰ্ঘটনা বা অসুখত মৃত্যুবৰণ কৰিবলগীয়া হয়। . . . ধূলি-মাকতি, ৰাসায়নিক পদাৰ্থ, ধ্বনি আৰু বিকিৰণৰ বাবে কেন্সাৰ, হৃদয় ৰোগ আৰু হৃদস্পন্দন আদি ৰোগ হয়।” বৰ্তমান সময়ৰ কৰ্ম্ম অৱস্থা হৈছে শিশু শ্ৰম আৰু বলপূৰ্বক কাৰ্য্য কৰোৱা, এই দুটাৰ উপৰিও আন আন জঘন্য বাস্তৱকিতা দেখিবলৈ পোৱা যায়।

তদুপৰি মনোবিজ্ঞানী ষ্টিৱেন বাৰগ্লাচে ইয়াক “বিপৰ্য্যায়গ্ৰস্তভাৱে লেবেজান কৰা” বুলি আখ্যা দিছে। তেওঁ বৰ্ণনা কৰি কৈছে যে এজন পৰিশ্ৰমী ব্যক্তিয়ে নিজৰ কৰ্ম্মজীৱনৰ চূড়ান্ত সময়ত উপস্থিত হৈ “নিজকে চাকৰি বা বৃত্তিৰ পথৰ ফান্দত পৰা যেন অনুভৱ কৰি চিৰস্থায়ী ভীতি, মৰ্মপীড়া, বিষণ্ণতা বা মানসিক অৱসাদতা ভোগা যেন ভাবে যাৰ পৰা কোনো মানসিক আনন্দ লাভ কৰিব নোৱাৰি।”

কঠিন পৰিশ্ৰম বনাম কৰ্ম্মপ্ৰাণ

বহুতে এনে এখন জগতত দীৰ্ঘসময় ধৰি শ্ৰম কৰে, গতিকে কঠিন পৰিশ্ৰম আৰু কৰ্ম্মপ্ৰাণৰ মাজত থকা পৃথকতাক সহজে চিনিব পাৰি। এজন কৰ্ম্মপ্ৰাণ ব্যক্তিয়ে এই বিপদপূৰ্ণ আৰু অনিশ্চয়তা জগতত থাকিও কৰ্ম্মস্থানক স্বৰ্গ যেন দৃষ্টি কৰে; কিন্তু এজন পৰিশ্ৰমী ব্যক্তিয়ে শ্ৰম কৰাটো আৱশ্যক আৰু কেতিয়াবা কৰ্তব্য পালন কৰিবলৈ কৰা প্ৰয়োজন বুলি দৃষ্টি কৰে। কৰ্ম্মপ্ৰাণ ব্যক্তিয়ে জীৱনৰ আনবোৰ ক্ষেত্ৰতকৈ কৰ্ম্মক অধিক গুৰুত্ব দিয়ে; ইয়াৰ বিপৰীতে এজন পৰিশ্ৰমী ব্যক্তিয়ে জানে যে কেতিয়া কাম কৰিবলৈ বন্ধ আৰু মানসিকৰূপে তাৰ পৰা আঁতৰি আহি তেওঁলোকৰ বিবাহ বাৰ্ষিক উৎযাপন কৰা আৱশ্যক। কিন্তু কৰ্ম্মপ্ৰাণ ব্যক্তিয়ে অত্যধিকভাৱে কামত জড়িত থকাৰ বাবে আৱেগীক সন্তুষ্টি লাভ কৰি কৃত্ৰিমভাৱে সজীৱতা অনুভৱ কৰে; এজন পৰিশ্ৰমী ব্যক্তিয়ে তেনে অনুভৱ নকৰে।

বৰ্তমানৰ সমাজে অত্যধিক কাম কৰাটো বাঞ্চনীয় বা আকৰ্ষণীয় কৰি কৰ্ম্মপ্ৰাণ আৰু পৰিশ্ৰম কৰাৰ মাজত থকা সীমাক প্ৰায়ে চিনিব নোৱাৰা কৰি তুলিছে। মডেম, চেলফোন আৰু পেজাৰে ঘৰ আৰু কৰ্ম্মস্থলৰ মাজত থকা সীমাক অস্পষ্ট কৰি তুলে। যেতিয়া যি কোনো স্থান কৰ্ম্মস্থল আৰু যি কোনো সময়ত কৰ্ম্মসময় হৈ পৰে, তেতিয়া কিছুমান লোকে মৃত্যু পৰ্য্যন্ত কাম কৰে।

এনে অস্বাস্থ্যকৰ মনোবৃত্তিৰ সম্পৰ্কে কিছুমান লোকে কেনে দৃষ্টি ৰাখে? সমাজনীতিবিদসকলে চিনিব পাৰিছে যে অত্যধিক কাম আৰু মানসিক চাপৰ বাবে লোকসকলে কৰ্ম্মস্থলত আধ্যাত্মিক বিষয়বোৰ সন্মিলিত কৰি ধৰ্ম্মক বৃত্তি জীৱনত জড়িত কৰিছে। এই সম্পৰ্কে চান ফ্ৰান্সিচ্‌ক’ এগ্‌যেমিনাৰ ৰিপোৰ্টে এইদৰে কয় যে, “কৰ্ম্মবৃত্তিৰ সৈতে আধ্যাত্মিক বিষয়বোৰক সন্মিলিত কৰাটো কেতিয়াবা এক ৰাজহুৱা ঘটনা হৈ পৰে।”

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চিলিকন ভেলী অৰ্থাৎ উচ্চ প্ৰযুক্তিবিদ্যাৰ কেন্দ্ৰৰ সম্পৰ্কে এখন ৰিপোৰ্টে এইদৰে বৰ্ণনা কৰে: “চাকৰি হেৰুৱা আৰু সফলতা নোপোৱাৰ বাবে কৰ্ম্মচাৰীসকলৰ সংখ্যা হ্ৰাস হৈছে। ইয়াৰ ফলস্বৰূপে কৰ্ম্মস্থলবোৰ যান-বাহন ৰখোৱা স্থান হৈ পৰিছে। সন্ধ্যাৰ সময়ত এই যান-বাহন ৰখোৱা স্থানবোৰ বাইবেল অধ্যয়নৰ স্থান হৈ পৰে।” যিয়েই নহওঁক কিয়, বিশ্বজুৰি লোকসকলে পাইছে যে বাইবেলে লোকসকলৰ কৰ্ম্মজীৱনক যথাৰ্থ মনোবৃত্তিৰে প্ৰভাৱিত কৰিছে আৰু যাৰ ফলস্বৰূপে কেনেকৈ জীৱন-যাপন কৰা আৱশ্যক, সেই বিষয়ে অধিক ভাৰসাম্যতা বজাই ৰাখিব পাৰিছে।

পৰিশ্ৰমৰ প্ৰতি ভাৰসাম্যতা বজাই ৰাখিবলৈ বাইবেলে কেনেকৈ সহায় কৰিব পাৰে? বৰ্তমান সময়ৰ কৰ্ম্মস্থলবোৰত সম্মুখীন হোৱা সমস্যাবোৰত সফলতা পাবলৈ এনে কোনো শাস্ত্ৰীয় সিদ্ধান্ত আছেনে? পৰৱৰ্তী লেখত এই প্ৰশ্নটোৰ উত্তৰ দিয়া হৈছে। (w05 6/15)